Class 5 Assamese Chapter 6 জোনাকৰ জেউতি

Class 5 Assamese Chapter 6 জোনাকৰ জেউতি, Class 5 Assamese Chapter 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board জোনাকৰ জেউতি Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 6 জোনাকৰ জেউতি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 6 জোনাকৰ জেউতি Solutions for All Subject, You can practice these here

জোনাকৰ জেউতি

Chapter – 6

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন : ১। উত্তৰ দিয়া :

(ক) ‘জোনাকৰ জেউতি’ পাঠটোত কোনে কালৈ চিঠি লিখিছিল ? 

উত্তৰ : ‘জোনাকৰ জেউতি’ পাঠত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল।

(খ) চিঠিখনত লিখা ভাল খবৰটো কি ? 

উত্তৰ : চিঠিখনত লিখা ভাল খবৰ বা সুখবৰটো হৈছে মুকুটহঁতৰ গাঁৱত ‘জোনাক’ নামেৰে এটা পুথিভঁৰালৰ প্ৰতিষ্ঠা হোৱা। 

(গ) পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল ? 

উত্তৰ : পুথিভঁৰালটোৰ নাম ৰখা হৈছিল ‘জোনাক’ ।

(ঘ) পুথিভঁৰালীজনৰ নাম কি ?

উত্তৰ : পুথিভঁৰালীজনৰ নাম নীলকান্ত।

(ঙ) পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল ? 

উত্তৰ : গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটো উদ্বোধান কৰিছিল।

(চ) পুথিভঁৰাললৈ দহখন কিতাপ কোনে দান কৰিছিল ? 

উত্তৰ : অৱসৰ প্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল চন্দ্ৰ বৰুৱাই পুথিভঁৰাললৈ দহখন কিতাপ দান কৰিছিল।

(ছ) মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি ? 

উত্তৰ : মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম— ‘বিজ্ঞানৰ সৰু সৰু কথা-১’ আৰু ‘বিজ্ঞানৰ সৰু সৰু কথা-২’। 

(জ) প্রাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি ?

উত্তৰ : প্রাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম ‘নালন্দা’। 

প্রশ্ন : ২। পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পর্কে জনাই নিজ নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা। 

উত্তৰ : শ্রীকৃষ্ণায় বাসুদেৱায় নম:

গণেশগুৰি, গুৱাহাটী-৬

২০/১০/২০১২

মৰমৰ বৰুণ,

প্ৰথমে মোৰ মৰম গ্ৰহণ কৰিবা আৰু তোমাৰ মা-দেউতাক মোৰ শ্ৰদ্ধা জনাবা । আশা কৰো তোমালোকৰ ভাল। মোৰো বৰ্তমান ভাল। এটা ভাল খবৰ পাই তোমালৈ লিখিব ওলাইছো। সিদিনা বাতৰি কাকতত তোমালোকৰ গাঁৱত এটা পুথিভঁৰাল স্থাপন কৰাৰ বাতৰি পাই বৰ আনন্দ লাভ কৰিছো। পুথিভঁৰাল অতি প্রয়োজনীয় আৰু উপকাৰী। ইচ্ছা থাকিলেও আমি সকলো মানুহে সকলো কিতাপ কিনি পঢ়িব নোৱাৰো। পুথিভঁৰালে কিতাপ পঢ়াৰ সুবিধা দিয়ে। কিতাপ পঢ়িলে মানুহে জ্ঞান লাভ কৰিব পাৰে। তোমালোকে নিয়মীয়াকৈ পুথিভঁৰালৰপৰা কিতাপ নি পঢ়াৰ অভ্যাস কৰিবা।

মই আমাৰ গাঁৱৰ ঘৰলৈ গ’লে তোমালোকৰ গাঁৱলৈ যাম আৰু তোমালোকৰ পুথিভঁৰাল চাম। বিশেষ নিলিখো। আশাকৰো তোমাৰ পঢ়া-শুনা ভালেই চলিছে। চিঠি পালে উত্তৰ দিবা। শেষত তোমালৈ মৰম আৰু তোমাৰ মা-দেউতালৈ শ্ৰদ্ধা জনালো। ইতি

তোমাৰ বন্ধু 

অৰুণ

প্রতি

শ্ৰী বৰুণ লোচন বৰা ৷

প্ৰযত্নে/শ্ৰীযুত তৰুণ চন্দ্ৰ বৰা

গাঁও – বিজুলীবাৰী 

ডাক – মাৰৈ

জিলা-দৰং (অসম)

প্রশ্ন : ৩। ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছো।’ এই বাক্যশাৰী কোনে, কাক, কি প্রসঙ্গত কৈছে? বহলাই লিখা।

উত্তৰ : ‘জোনাকৰ জেউতি’ নামৰ পাঠত মুকুটে তাৰ বন্ধু নিয়ৰলৈ এখন চিঠি লিখিছে। গাঁৱত থকা মুকুটে সিহঁতৰ গাঁৱত ‘জোনাক’ নামেৰে এটি পুথিভঁৰাল স্থাপন কৰাৰ বাতৰি নগৰত থকা নিয়ৰক জনাইছে। পুথিভঁৰালটিয়ে গাঁৱৰ মানুহৰ জ্ঞান বৃদ্ধি কৰি মনবোৰ মুকলি কৰাৰ প্ৰসঙ্গত মুকুটে কথাষাৰ কৈছে।

প্রশ্ন : ৪। বৰ্তমান সময়ত দেশ-বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ-বিদেশৰ খা-খবৰ পোৱা সেইবোৰৰ নাম লিখা।

উত্তৰ : চিঠি-পত্ৰ, বাতৰি-আলোচনী, ৰেডিঅ, দূৰদৰ্শন আৰু মোবাইল ফোন, ইণ্টাৰনেট আদি যোগে বর্তমান সময়ত দেশ-বিদেশৰ বাতৰি পোৱা যায়। সাধাৰণতে আমি চিঠি-পত্ৰ, বাতৰি কাকত, আলোচনী কাকত, ৰেডিঅ’, দূৰদৰ্শন আৰু মোবাইল যোগে দেশ-বিদেশৰ বাতৰি পাওঁ। 

প্রশ্ন : ৫। কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল ?

উত্তৰ : অধিক পঢ়া-শুনা কৰা আৰু কিতাপ-পত্ৰ পৰিপাটিকৈ ৰখা গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল। 

প্রশ্ন : ৬। গামোচাখনত সিঁচৰতি হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা।

উদাহৰণ —

কিতাপলিখোঁতাপঢ়োঁতাভঁৰাল
পুথি
পুস্তক
গ্ৰন্থ

উত্তৰ : 

কিতাপলিখোঁতাপঢ়োঁতাভঁৰাল
পুথিগ্রন্থকাৰপাঠকগ্ৰন্থাকাৰ
পুস্তকলিখকপঢ়ুৱৈপুথিভঁৰাল
গ্ৰন্থপ্রণেতা

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন : ১। যুক্তাক্ষাৰ পঢ়ো আৰু লিখোঁ আহাঁ :

বিজ্ঞান জ্ঞ = জ + ঞ – জই ঞই  জ্ঞ

দ্রুত = দ +ৰ +উ – ‘দ’ ই ‘ৰ’ ই ‘দ্র’ তাত ‘উ’ কাৰে ‘দ্রু’ 

প্রশ্ন : ২। যুক্তাক্ষৰ গঠন কৰোঁ আহা :

উত্তৰ : জ + ঞ → ‘জ’ ই ‘ঞ’ ই = ‘জ্ঞ’ ৷

দ+ ৰ +উ→ ‘দ’ ই ‘ৰ’ই→ দ্ৰ তাত ‘উ’ কাৰে ‘দ্রু’ ।

প্রশ্ন : ৩। পঢ়োঁ আহা :

উত্তৰ : জ্ঞান     বিজ্ঞান    অজ্ঞান    আজ্ঞা

কদ্রু  দ্রুম  দ্রুপদ  দ্রুত

কিতাপ পঢ়িলে জ্ঞান বাঢ়ে।

বিজ্ঞানে আমাক অন্ধবিশ্বাসৰপৰা মুক্ত কৰে। 

দ্রুত গতিৰ ডাক-সেৱাই আমাৰ উপকাৰ সাধিছে।

শিক্ষাই অজ্ঞানতা দূৰ কৰে।

প্রশ্ন : ৪। দলত আলোচনা কৰি চমু টোকা লিখা। 

(ক) পুথিভঁৰাল

(খ) গ্রন্থমেলা

উত্তৰ : (ক) পুথিভঁৰাল : পুথিভঁৰাল ব্যক্তিগত, ৰাজহুৱা বা চৰকাৰী হ’ব পাৰে। অধ্যয়ন পিপাসু কিছুমান মানুহে কিতাপ কিনি নিজৰ ঘৰতে একোটা পুথিভঁৰাল সজাই লয়। গাঁও, নগৰত ৰাইজৰ উদ্যোগত পুথিভঁৰাল স্থাপিত হয়। আজি-কালি তেনে পুথিভঁৰালক চৰকাৰে আৰ্থিক বা কিতাপৰ সাহায্য দিয়ে। ইয়াৰ উপৰি মহকুমা, জিলা আৰু ৰাজ্যিক পৰ্যায়ত চৰকাৰে পুথিভঁৰাল স্থাপন কৰি দিয়ে। পুথিভঁৰাল ল’ৰা বুঢ়া সকলোৰে বাবেই প্ৰয়োজনীয়। সকলো মানুহে পঢ়িব খোজা সকলো কিতাপ কিনিব নোৱাৰে। পুথিভঁৰালে যিকোনো কিতাপ পঢ়াৰ সুবিধা দিয়ে। কিছুমান পুথিভঁৰালৰপৰা কিতাপ ঘৰলৈ নি পঢ়িব পাৰি। অৱশ্যে তাৰবাবে কিছুমান নিয়ম বন্ধা থাকে। আন কিছুমান পুথিভঁৰালত অধ্যয়ন কোঠা থাকে। পুথিভঁৰালতে কিতাপ পঢ়িব পাৰি।

(খ) গ্রন্থমেলা : বিবিধ বিষয়ৰ কিতাপ বা গ্ৰন্থৰ মুকলি প্রদর্শনীৰ যোগে বিক্রী কৰা ব্যৱস্থাই গ্রন্থমেলা। গ্রন্থমেলাৰপৰা কিতাপ কিনা সুবিধাজনক। একোখন দৰ্কাৰী কিতাপ বিচাৰি কেতিয়াবা বহু দোকানত চলাথ কৰি বিচাৰিও পোৱা নাযায়। কিন্তু গ্রন্থমেলাত বিপণীসমূহ ওচৰা-উচৰিকৈ সজোৱা থাকে বাবে ইখনৰ পিছত সিখন বিপণী চাই নিজৰ প্ৰয়োজনৰ কিতাপ কিনিবলৈ সুবিধা হয়। আজি কালি নগৰ-চহৰ সকলোতে গ্রন্থমেলা অনুষ্ঠিত কৰাৰ দস্তুৰ হৈছে। এনে ব্যৱস্থাই পঢ়ুৱৈসকলক যথেষ্ট উপকাৰ কৰিব আৰু উদ্যোক্তাসকলো লাভৱান হ’ব পাৰিব।

প্রশ্ন : ৫। (জোনাকৰ জেউতি) পাঠৰপৰা বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা।

উদাহৰণ — একবচন – বহুবচন।

মোৰ ― আমাৰ

উত্তৰ : 

একবচনবহুবচনএকবচনবহুবচন
তোমাৰতোমালোকৰতোমাকতোমালোকক
পুথিভঁৰালপুথিভঁৰালবোৰকিতাপকিতাপবোৰ
মইআমি মোৰআমাৰ
তেওঁকতেওঁলোককগাঁওবুঢ়াগাঁওবুঢ়াসকল
অনুষ্ঠানঅনুষ্ঠানবিলাকশিশুশিশুসকল
তুমিওতোমালোকেও

প্রশ্ন : ৬। তোমালোকক শিক্ষকে নাইবা মাৰা-দেউতাৰাই আদেশ, উপদেশ বা অনুৰোধ কৰি কোৱা পাঁচটা বাক্য লিখা।

উত্তৰ : শিক্ষক মহোদয়সকলে কোৱা বাক্য। 

(ক) তোমালোকে এই কবিতাটো মুখস্থ কৰিবা।

(খ) ৰাতুল তুমি কালি কিয় স্কুললৈ অহা নাছিলা?

(গ) অবাবত সময় নষ্ট নকৰি পঢ়া-শুনা কৰিবা।

(ঘ) তোমালোকে যেন উৰা বাতৰিক বিশ্বাস নকৰা।

(ঙ) ৰাস্তাত কিবা ৰংচঙীয়া বস্তু পৰি থকা দেখিলে হাতেৰে নুচুৱা আৰু পুলিচ বা আন মানুহক দেখুৱাবা।

প্রশ্ন : ৭। তলৰ বাক্যকেইটা প্রশ্নবোধক বাক্যলৈ নিয়া।

উত্তৰ :

বাক্যপ্রশ্নবোধক বাক্য
(ক) বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া।বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা ?
(খ) গছজোপাত লমা-লমে আম লাগিছে।গছজোপাত আম কেনেকৈ লাগিছে ?
(গ) বেবীয়ে পঢ়িবলৈ ভাল পায়।বেবীয়ে কি কৰিবলৈ ভাল পায় ?
(ঘ) ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিব।ৰিজু ঘৰলৈ কেতিয়া আহিব ? 
নাইবা
ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিবনে?

প্রশ্ন : ৮। দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

পৰিপাটি, নতুন, উপযোগী, আশা

উত্তৰ : 

শব্দবিপৰীত শব্দ
পৰিপাটিবিশৃঙ্খল, অপৰিপাটি
নতুনপুৰণি
উপযোগীঅনুপযোগী
আশানিৰাশা

প্রশ্ন : ৯। তলৰ শব্দবোৰেৰে বাক্য সাজা :

সংগ্রহ, উপযোগী, পুথি, কিতাপ, গ্রন্থমেলা 

উত্তৰ : সংগ্ৰহঃ আমি গাঁৱৰ পুথিভঁৰালৰ বাবে কিতাপ সংগ্ৰহ কৰি আছো। 

উপযোগী : এই কিতাপখন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৰ উপযোগী। 

পুথি : কীৰ্ত্তন পুথি মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱে ৰচনা কৰিছিল। 

কিতাপ : কিতাপ পঢ়া এটি ভাল অভ্যাস, পঢ়নে জ্ঞান বঢ়ায়। 

গ্রন্থমেলা : এইবাৰ আমাৰ গাঁৱতো গ্রন্থমেলা অনুষ্ঠিত হৈছিল।

গ-জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন : ১। জানো আহা :

পুথিভঁৰাল বা গ্রন্থাগাৰ : কিতাপ, আলোচনী, বিভিন্ন তথ্য-পাতি অধ্যয়নৰ বাবে ৰখা ঠাইখনেই পুথিভঁৰাল বা গ্রন্থাগাৰ। পুথিভঁৰালত সকলো কিতাপ-পত্ৰ আলোচনী আদি পৰিপাটিকৈ ৰখা হয়। কিতাপ-পত্ৰৰ আদান-প্রদানৰ বাবে পুথিভঁৰালত একোজন পুথিভঁৰালী বা গ্রন্থাগাৰিক ৰখা হয়। আজি-কালিনগৰ-চহৰ, গাঁও-ভূই সকলোতে গ্রন্থাগাৰ আছে। কোনো কোনো ঠাইত অঞ্চলৰ শুভাকাংক্ষী লোকে ন্যাসৰদ্বাৰা শিশু পুথিভঁৰাল পাতি দিয়ে। ‘বিষ্ণু-নিৰ্মলা ন্যাসে’ এটি শিশু পুথিভঁৰাল চলাই আছে। সেইদৰে ভবেন্দ্ৰ নাথ শইকীয়া ন্যাসেও ‘আৰোহণ’ত শিশু পুথিভঁৰাল এটিৰ ব্যৱস্থা কৰিছে।

নালন্দা বিশ্ববিদ্যালয় : বৰ্তমানৰ বিহাৰ প্ৰদেশৰ অন্তৰ্গত পুৰণি কালৰ নালন্দা বিশ্ববিদ্যালয় এখন প্রসিদ্ধ শিক্ষানুষ্ঠান আছিল। শিক্ষাৰ মান অতি উন্নত আছিল বাবে দেশ-বিদেশৰ ছাত্ৰসকল আহি তাত অধ্যয়ন কৰিছিল। চীনা পরিব্রাজক হিউয়েন চাঙে নালন্দা বিশ্ববিদ্যালয়ত যোগ শাস্ত্ৰ পঢ়িছিল।

নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল ভাৰতৰ ভিতৰতে ডাঙৰ পুথিভঁৰাল আছিল। ন-মহলীয়া সেই পুথিভঁৰালটিৰ নাম আছিল ‘ৰস্তোদধি’। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংক শাস্ত্ৰৰ শিক্ষাদান কৰা হৈছিল। তাত প্ৰায় দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পণ্ডিত শীলভদ্ৰ সেই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। শীলভদ্রই কোনো দৰমহা নোলোৱাকৈ শিক্ষা দান কৰিছিল। ওপৰত উল্লেখ কৰা বিষয়ৰ বাহিৰে ব্যাকৰণ তর্কশাস্ত্র, দৰ্শন আৰু বিজ্ঞানৰ শিক্ষাও নালন্দাত দিয়া হৈছিল।

প্রশ্ন : ২। গ্রন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য লিখা। 

উত্তৰ : গ্ৰন্থমেলা কিতাপ বা গ্ৰন্থৰ মুকলি প্ৰদৰ্শনী আৰু প্ৰদৰ্শনীযোগে কিতাপ বিক্ৰীৰ ব্যৱস্থা। তাত কিতাপ পঢ়াৰ ব্যৱস্থা নাথাকে। তাৰ বিপৰীতে পুথিভঁৰাল পুঢ়ুৱৈৰ বাবে কিতাপ জমা ৰখা ঠাই। তাৰপৰা কিতাপ কিনিব নোৱাৰি। বিশেষ ব্যৱস্থাযোগে কিতাপ পঢ়াৰ বাবে ঘৰলৈ নিব পাৰি। কিছুমান পুথিভঁৰালত কিতাপ পঢ়াৰ বাবে সুকীয়া কোঠাও থাকে। কিতাপ ঘৰলৈ নানি পঢ়ুৱৈসকলে পুথিভঁৰালতে কিতাপ পঢ়িব পাৰে।

প্রশ্ন : ৩। তোমালোকৰ নিজ অঞ্চলত বা বিদ্যালয়ত থকা পুথিভঁৰালৰ বিষয়ে লিখা। 

উত্তৰ : আমাৰ অঞ্চলত প্ৰতিখন গাঁৱতে সৰুকৈ হ’লেও একোটা ৰাজহুৱা পুথিভঁৰাল আছে। এই পুথিভঁৰালবোৰ ৰাইজৰ উদ্যোগতে স্থাপন কৰা হৈছে। ছাত্ৰ ছাত্ৰী আৰু গাঁৱৰ যি কোনো ইচ্ছুক মানুহে এই পুথিভঁৰালবোৰৰপৰা কিতাপ নি পঢ়িব পাৰে। পঢ়ুৱৈসকলক কিতাপ দিয়াৰ বাবে পুথিভঁৰালবোৰত একোজন অবৈতনিক ভঁৰালী থাকে। প্রতি বছৰে এই ভঁৰালীপদ সলনি কৰা হয়। 

আমাৰ বিদ্যালয়তো এটা ভাল পুথিভঁৰাল আছে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে পুথিভঁৰালৰপৰা কিতাপ ঘৰলৈ নি পঢ়িব পাৰে। এজন শিক্ষকক পুথিভঁৰালীৰ দায়িত্ব দিয়া হয়। তেখেতে প্রতি দিনে জিৰণিৰ পিছত পুথিভঁৰালৰ কিতাপ দিয়ে।

প্রশ্ন : ৪। তলত উল্লেখ কৰা সাহিত্যিকসকলৰ নামৰ পৰা শিশু সাহিত্যিকাৰ সকলৰ নাম বিচাৰি লিখা।

লক্ষ্মীনাথ বেজবৰুৱাজ্যোতিপ্ৰসাদ আগৰৱালাৰজনীকান্ত বৰদলৈ
মিত্ৰদেৱ মহন্তঅতুল চন্দ্ৰ হাজৰিকাআব্দুল মালিক
নৱকান্ত বৰুৱামহেশ্বৰ নেওগনিৰ্মল প্ৰভা বৰদলৈ
বন্দিতা ফুকনভবেন্দ্ৰ নাথ শইকীয়াগগণ চন্দ্ৰ অধিকাৰী

উত্তৰ : শিশু সাহিত্যকাৰসকল :

লক্ষ্মীনাথ বেজবৰুৱাজ্যোতিপ্ৰসাদ আগৰৱালাঅতুল চন্দ্ৰ হাজৰিকা
নৱকান্ত বৰুৱাভবেন্দ্ৰ নাথ শইকীয়াগগণ চন্দ্ৰ অধিকাৰী
নিৰ্মল প্ৰভা বৰদলৈ

ঘ-প্রকল্প

প্রশ্ন : ১। দলত আলোচনা কৰি তলৰ বিষয়সমূহ লৈ এটি টোকা প্রস্তুত কৰা। 

(ক) এখন শিশু আলোচনীৰ নাম, সম্পাদকৰ নাম, তোমাৰ ভাল লগা শিতান, আলোচনীখন তোমাৰ কিয় ভাল লাগে ?

উত্তৰ : শিশু আৰু কিশোৰৰ এখন আলোচনী হৈছে ‘মুকুতা’ – সম্পাদক সুশীল গোস্বামী। বিজ্ঞানৰ কথাৰ উপৰি আন বিষয়ৰ কথা পঢ়িব পাওঁ বাবে আলোচনীখন মোৰ ভাল লাগে।

(ক) এখন শিশু আলোচনীৰ নাম – মুকুতা

সম্পাদকৰ নাম – ভাৰপ্ৰাপ্ত স: সুশীল গোস্বামী

মোৰ ভাল লগা শিতান – বিজ্ঞানৰ শিতান।

আলোচনীখন মোৰ কিয় ভাল লাগে— বহুতো ভাল কথা, বিজ্ঞানীসকলৰ কথা জানিব পাৰি।

(খ) দুজন শিশু সাহিত্যকাৰৰ নাম—

(১) অতুল চন্দ্ৰ হাজৰিকা

(২) নৱকান্ত বৰুৱা।

লিখা পুথিৰ নাম – (১) অতুল চন্দ্ৰ হাজৰিকাৰ ‘মাণিকী মধুৰী’, ‘‘ৰুণুক জুনুক’, ‘ফেহুজালি’।

(২) নৱকান্ত বৰুৱাৰ’ এখুদ ককাইদেউ’, ‘নতুন ককাইদেউ, ‘সপোন ককা’।

(গ) তিনিখন বাতৰি কাকতৰ নাম –

(১) আমাৰ অসম 

(২) অসমীয়া প্রতিদিন

(৩) অসমীয়া খবৰ

সম্পাদকৰ নাম-

হোমেন বৰগোহাঁঞী

হাইদৰ হুছেইন 

কার্যবাহী সম্পা 

মোজাহিদুল হ’ক

শিশু চ’ৰা নাম –

শিশু শিতান নাই

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top