Class 5 Assamese Chapter 2 পখী আৰু মানুহ, Class 5 Assamese Chapter 2 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board পখী আৰু মানুহ Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.
Class 5 Assamese Chapter 2 পখী আৰু মানুহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 2 পখী আৰু মানুহ Solutions for All Subject, You can practice these here
পখী আৰু মানুহ
Chapter – 2
অংকুৰণ
পাঠভিত্তিক ক্রিয়া কলাপ
প্রশ্ন : ১। সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা।
উত্তৰ : ৰজা সৰ্বৰ্ধনু চিকাৰ প্ৰিয় আৰু মাংস প্রিয় আছিল। তৃপ্তিৰে ভাত খাবৰ বাবে সদায় ৰজা সৰ্বৰ্ধনুৱে চৰাই বধ কৰিছিল। এদিন মধুকৰ নামৰ যুৱক এজনে চৰাই বধ কৰাৰ বাবে ৰজাক ৰিস্কাৰ কৰি কৈছিল যে মানুহৰ অতি উপকাৰী চৰাইবোৰ মৰা তেওঁৰ উচিত হোৱা নাছিল। কাৰণ শালিকাজাতীয় চৰাইবোৰে পথাৰৰ শস্য নষ্ট কৰিব পৰা কীট-পতংগবোৰ খাই খেতি ৰক্ষা কৰে। গতিকে খেতিয়কৰ পৰম বন্ধু চৰাইবোৰ প্ৰজাৰ মংগলৰ বাবেই ৰজাই বধ কৰিব নালাগে।
যুৱক মধুকৰৰ কথাত ৰজাৰ ইমান খং উঠিছিল যে তেওঁ কোনোমতেহে মধুকৰক নমৰাকৈ থাকিব পাৰিছিল। ৰজাই চৰাই মাৰিব নেৰাত প্ৰাণৰ ভয়ত চৰাইবোৰ আন ঠাইলৈ গুচি যোৱাত সৰ্বধনু ৰজাৰ ৰাজ্যত চৰাইৰ সঁচ নোহোৱা হ’ল।
মনৰ বেজাৰত মধুকৰো অইন এখন ৰাজ্যলৈ গৈছিল আৰু মধুকৰৰ আচৰণত সেই ৰাজ্যৰ ৰজা সন্তুষ্ট হৈ তেওঁৰ একমাত্ৰ ছোৱালী মাধৱীক মধুকৰলৈ বিয়া দি মধুকৰক সেই ৰাজ্যৰ ৰজা পাতিছিল।
ইফালে সৰ্বধনুৰ ৰাজ্যত কীট-পতংগই শস্য খাই শেষ কৰাত দেশত দুৰ্ভিক্ষই দেখা দিলে। ৰজা-প্ৰজা সকলোৰে ভিক্ষা কৰিব লগা অৱস্থা হ’ল।
ৰজা সৰ্বৰ্ধনুৱে ভিক্ষা খুজি গৈ থাকোতে এদিন মধুকৰৰ ৰাজ্যত উপস্থিত হ’ল। মধুকৰে ৰজা সৰ্বৰ্ধনুক চিনি পাই আদৰ-সাদৰকৈ নি ৰাজ আতিথ্য দিলে আৰু নিজৰ পৰিচয় দি ক’লে যে ৰজাক পখীবধ নকৰিবলৈ কোৱা মধুকৰেই তেওঁ। মধুকৰৰ কথা নুশুনা বাবেই ৰজা সৰ্বৰ্ধনুৰ সেই দুৰৱস্থা হৈছিল। ভবিষ্যতলৈ চৰাই বধ নকৰিবলৈ কৈ ৰজা মধুকৰে ৰজা সৰ্বৰ্ধনুক এজাক চৰাই দিছিল। চৰাই জাকক নিজৰ সন্তানৰ দৰে লালন-পালন কৰাৰ পৰামৰ্শ দিছিল। ৰজা সৰ্বৰ্ধনুৱে সেইমতে চৰাইজাক আনি নিজৰ ৰাজ্যত মেলি দিছিল।
প্রশ্নঃ ২। উত্তৰ দিয়া :
(ক) সৰ্বর্ধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল?
উত্তৰ : সৰ্বৰ্ধনু চৰাই চিকাৰ কৰি চৰাইৰ মঙহেৰে সদায় তৃপ্তিৰে ভোজন কৰিব বিচৰা প্ৰকৃতিৰ ৰজা আছিল।
(খ) সৰ্বৰ্ধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল?
উত্তৰ : চৰাইৰ মঙহ সর্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল।
প্রশ্ন : (গ) সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে ?
উত্তৰ : সাধুটোত চৰাইক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে।
প্রশ্ন : (ঘ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰ : মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম আছিল মাধবী।
প্রশ্ন : (ঙ) মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল ?
উত্তৰ : ৰাইজৰ বা প্ৰজাৰ মংগলৰ বাবে খেতিয়কৰ পৰম বন্ধু চৰাই চিকাৰ নকৰিবলৈ মধুকৰে ৰজাক উপদেশ দিছিল।
প্রশ্ন : ৩। কোনে, কাক, কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা।
(ক) ‘আচলতে’ চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে ৰাইজৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক।’
উত্তৰ : ওপৰৰ এই কথাষাৰ যুৱক মধুকৰে কৈছিল। কথাষাৰ বজা সৰ্বধনুক ‘কৈছিল। যেতিয়া ৰজা সৰ্বৰ্ধনুৱে সদায় চৰাই চিকাৰ কৰিছিল তেতিয়া মধুকৰে এই কথা কৈছিল। খেতিয়কৰ পৰম বন্ধু চৰাই চিকাৰ কৰি বধ কৰা অন্যায়ৰ বাবে কৈছিল।
ৰজা সৰ্বৰ্ধনুৱে তৃপ্তিৰে ভোজন কৰিবৰ বাবে নিতৌ চৰাই চিকাৰ কৰিছিল মধুকৰ নামৰ যুৱক এজনে এদিন ৰজাক কৈছিল যে মানুহৰ অতি উপকাৰী চৰাইবোৰ হত্যা কৰাটো ৰজাৰ উচিত হোৱা নাছিল। ৰজাই চৰাই চিকাৰ কৰাটো এৰি পেলাওক। কিন্তু ৰজাই সেই কথা মানি লোৱা নাছিল। ফলত প্ৰাণৰ ভয়ত চৰাইবোৰ অন্য ৰাজ্যলৈ গুচি গৈছিল। চৰাই নথকাৰ বাবে পোক-পতংগই শস্য খাই পেলাইছিল আৰু এসময়ত ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছিল। প্ৰজাৰ উপৰি ৰজা সৰ্বৰ্ধনুৱেও ভিক্ষা কৰিব লগা হৈছিল।
প্রশ্ন : (খ) ‘এই চৰাইজাক আপুনি লৈ যাওঁক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব।
উত্তৰ : ওপৰৰ এই কথাষাৰ ৰজা মধুকৰে কৈছিল। ৰজা সর্বধনুক কথাষাৰ কৈছিল। ৰাজ্যত দুৰ্ভিক্ষ হোৱাত প্ৰজাৰ লগতে ৰজাইও ভিক্ষা কৰিব লগা অৱস্থা হোৱাত কথাষৰে কৈছিল। চৰাই মানুহৰ উপকাৰী বুলি ৰজাক পতিয়ন নিয়াবৰ বাবে কৈছিল।
ৰজা সর্বধনুক চৰাই চিকাৰ নকৰিবলৈ কোৱাৰ পিচত যুৱক মধুকৰে ৰাজ্য এবি অইন এখন ৰাজ্যলৈ গৈছিল। সেই ৰাজ্যৰ ৰজা মধুকৰৰ আচৰণত সন্তুষ্ট হৈ তেওঁৰ একমাত্র জীয়েক মাধৱীক মধুকৰলৈ বিয়া দি মধুকৰক সেই ৰাজ্যৰ ৰজা পাতিছিল। দুৰ্ভক্ষ পীড়িত ৰজা সৰ্বধনুক সা-সম্মান জনাইছিল। তাৰপাছত মধুকৰে নিজৰ পৰিচয় দি সৰ্বধনুৰ ৰাজ্যৰ মংগলৰ বাবে নিজ ৰাজ্যৰপৰা এজাক চৰাই ৰজা সর্বধনুক দিছিল। সেই চৰাই জাকক নিজৰ সন্তানৰ দৰে লালন-পালন কৰিবলৈ কৈছিল।
প্রশ্ন : ৪। কাৰণ দৰ্শাই লিখা :
প্রশ্ন : (ক) সর্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ’ল?
উত্তৰ : ৰজা সৰ্বৰ্ধনুৱে নিতৌ চিকাৰ কৰি চৰাইবোৰ বধ কৰিবলৈ ধৰাত প্ৰাণৰ ভয়ত চৰাইবোৰ ৰাজ্য এৰি গুচি গৈছিল। পথাৰৰ শস্য আৰু গছ-গছনিৰ অনিষ্টকাৰী কীট-পতংগ খাই শস্য আৰু খেতিয়কৰ উপকাৰ কৰা চৰাইবোৰ নথকাত অনিষ্টকাৰী কীট-পতংগৰ সংখ্যা বাঢ়ি গৈছিল। সিহঁতে শস্য আৰু গছ-গছনিৰ পাতবোৰ খাই পেলাইছিল। ফলত শস্যৰ খেতি নোহোৱা হৈছিল। আনহাতে ৰাজ্যত বৰষুণ নোহোৱা হৈছিল। কাৰণ পাতভৰা গছ-গছনি থাকিলে সেই ঠাইত সহজে বৰষুণ হয় আৰু গছ গছনি নাথাকিলে বৰষুণ নহয়। সর্বধনুৰ ৰাজ্যত গছ-গছনি নোহোৱা হৈছিল বাবে বৰষুণো নোহোৱা হৈছিল।
প্রশ্ন : (খ) কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বৰ্ধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে ?
উত্তৰ : চৰাই নথকাত সৰ্বৰ্ধনুৰ ৰাজ্যত কীট-পতংগৰ সংখ্যা অতিকৈ বৃদ্ধি পাইছিল। সিহঁতে শস্য আৰু গছ-গছনিৰ পাতবোৰ খাই পেলাইছিল। ফলত শস্য আৰু গছ-গছনি ৰাজ্যত নোহোৱা হৈছিল। শস্য নোহোৱাৰ বাবে ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছিল। ৰজা প্ৰজাসকলোৱে ভিক্ষা মাগিবলগা অৱস্থা হৈছিল। আনহাতে সেউজীয়া গছ-গছনিৰ অভাৱ হোৱাত ৰাজ্যত বৰষুণ নোহোৱা হৈছিল। কীট-পতংগৰ বৃদ্ধিয়ে সৰ্বৰ্ধনুৰ ৰাজ্যত এনে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছিল।
প্রশ্ন : (গ) মধুকৰে সৰ্বৰ্ধনুক কেনেদৰে সহায় কৰিছিল ?
উত্তৰ : ৰজা মধুকৰে কীট-পতংগ নাশ কৰি ৰাজ্যত পুনৰ শস্য বৃদ্ধি হ’বৰ বাবে ৰজা সৰ্বৰ্ধনুক নিজৰ ৰাজ্যৰপৰা এজাক চৰাই দিছিল। চৰাই জাকক নিজ সন্তানৰ দৰে পালন কৰিবলৈ মধুকৰে সৰ্বৰ্ধনুক কৈছিল। কাৰণ চৰাই মানুহৰ উপকাৰী বন্ধু। চৰাইক অনিষ্ট কৰাটো অনুচিত। সৰ্বৰ্ধনুৰে চৰাইজাক আনি নিজ ৰাজ্যত মেলি দিছিল। ৰাজ্যৰ ভবিষ্যত মংগল কামনা কৰি এইদৰে মধুকৰে সৰ্বধনুক সহায় কৰিছিল।
প্রশ্ন : ৫। ৰজা সৰ্বৰ্ধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ ? তাৰ পাছত তেওঁৰ কি হৈছিল ? বুজাই লিখা।
উত্তৰ : ৰাজ্যত দুর্ভিক্ষ হোৱাত ৰজা-প্ৰজা সকলোৱে ভিক্ষা খুজিব লগাত পৰিছিল। এদিন ভিক্ষা খুজি খুজি গৈ ৰজা সৰ্বধনু ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। ৰজা মধুকৰে ৰজা সৰ্বৰ্ধনুক চিনি পাই কাৰেঙলৈ নি ৰাজ আতিথ্য যাচিছিল। তাৰ পাছত মধুকৰে নিজৰ পৰিচয় দি সৰ্বৰ্ধনুক কৈছিল যে চৰাই বধ নকৰিবলৈ কোৱা যুৱক জনেই ৰজা মধুকৰ হৈছিল। নিজৰ পৰিচয় দিয়াৰ পাছত ৰজা সৰ্বৰ্ধনুৰ ৰাজ্যৰ মংগলৰ বাবে ৰজা মধুকৰে সৰ্বধনু ৰজাক এজাক চৰাই দি কৈছিল— চৰাই মানুহৰ পৰম বন্ধু । চৰাই অনিষ্ট কৰিব নালাগে। ৰজাই সেই চৰাইজাকক নিজৰ সন্তানৰ দৰে পালন কৰিব। তেতিয়া ৰাজ্যৰ মংগল হ’ব।
প্রশ্ন : ৬। তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা।
(ক) সৰ্বৰ্ধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল।
(খ) ৰজা সৰ্বৰ্ধনুৱে মধুকৰ নামৰ যুৱকজনক খংকৰা নাছিল।
(গ) কীট-পতংগবোৰে খেতি-বাতি ৰক্ষা কৰে।
(ঘ) ৰজা মধুকৰে সৰ্বৰ্ধনু ৰজাক চিনি নাপালে।
উত্তৰ : (ক) সৰ্বৰ্ধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল।
(খ) ৰজা সৰ্বৰ্ধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰি কোনোমতেহে নমৰাকৈ আছিল।
(গ) কীট-পটংগবোৰে খেতি-বাতি নষ্ট কৰে।
(ঘ) ৰজা মধুকৰে সৰ্বৰ্ধনু ৰজাক চিনি পালে (পাইছিল)।
খ– ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন : ১। যুক্তাক্ষৰ ভাঙি পটো আৰু লিখোঁ আহা।
ন্ব ক্ক ব্জ গ্ব
উত্তৰ : ন্ব―ন+ব ‘ন’ ই ‘ব’ ই ন্ব →অন্বেষণ, অন্বেষা, সমন্বয়।
ব্জ – ব+জ→ ‘ব’ ই ‘জ’ ই ব্জ→ অব্জ, কব্জা, কুব্জ।
গ্ব – গ + ব→ ‘গ’ ই ‘ব’ ই গ্ব→ দিগ্বিজয়, দিগ্বিদিগ।
ক্ব – ক + ব→’ক’ ই ‘ব’ ই ক্ক→ পক্ক, পক্কান ৷
প্রশ্ন : ২। যুক্তাক্ষৰ গঠন কৰোঁ আহা।
উত্তৰ : ন+ ব→ ‘ন’ ই ‘ব’ ই ন্ব
ব + জ→ ‘ব’ ই ‘জ’ ই ব্জ
গ + ব→ ‘গ’ ই ‘ব’ ই গ্ব
ক + ব→ ‘ক’ ই ‘ব’ ই ক্ব
প্রশ্ন : ৩। পঢ়োঁ আহা :
দুৱাৰত কব্জা লগোৱা হয়। কুব্জ মানে কুঁজা। পদুম ফুলৰ আন এটা নাম অব্জ। সমন্বয় শব্দই একগোট হোৱা বুজায়। একলব্য ধনুর্বিদ্যাত পৰিপক্ক আছিল। সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল।
প্রশ্ন : ৪। বিপৰীত লিংগ বুজোৱা শব্দ লিখা :
উদাহৰণ― ৰজা― ৰাণী।
উত্তৰ : পুলিংগ………….স্ত্রীলিংগ
ল’ৰা…………ছোৱালী
বন্ধু…………বান্ধবী
যুৱক…………যুৱতী
দৰা……….কইনা
(উত্তৰৰ বাবে লিখা বিপৰীত লিংগ বুজোৱা শব্দবোৰৰ তলত আচটানি দিয়া হৈছে।)
প্রশ্ন : ৫। শব্দবোৰ ভাঙি দেখুৱা :
উদাহৰণ : পদ
মধুকৰে……….. মধুকৰ +এ
উত্তৰ : যুৱকে……….. যুৱক + এ
মানুহে …………. মানুহ……….+ এ
চৰাইজাকক….. চৰাইজাক + ক
ৰজাক……….ৰজাক………+ ক
কাঁড়েৰে……… কাঁড়……….+ ৰে (এৰে)
দেশলৈ…………. দেশ……….+ লৈ
প্রশ্ন : ৬। পাঠৰপৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা।
উত্তৰ :
বিশেষ্য পদ | বিশেষণ পদ | সর্বনাম পদ |
পখী | সজ | তেওঁ |
মানুহ | অতি | এই |
সর্বধনু | উপকাৰী | আপুনি |
চৰাই | নষ্ট | সেই |
মধুকৰ | পৰম | মই |
ভোজন | বৰ | ইহঁত |
শালিকা | নিধন | |
শইচ | দূৰ | |
খেতিয়ক | আদৰ-সাদৰ | |
মাধৱী | মুকলি | |
আচৰণ | ||
বৰষুণ | ||
দুর্ভিক্ষ | ||
সন্তান | ||
উপহাৰ | ||
প্রশ্ন : ৭। জানো আহা :
উত্তৰ : পাঠ্যপুথি চাই লোৱা।
প্রশ্ন : ৮। বিপৰীত অৰ্থবোধক (অৰ্থ বুজোৱা) শব্দ লিখা।
উত্তৰ :
শব্দ | বিপৰীত অর্থবোধক শব্দ |
প্রিয় | অপ্রিয় |
ভয় | নির্ভয় |
বন্ধু | শত্রু |
সুফল | কু-ফল |
অনুচিত | উচিত |
পুৰস্কাৰ | তিৰস্কাৰ |
অপকাৰী | উপকাৰী |
অমংগল | মংগল |
অনুপস্থিত | উপস্থিত |
প্রশ্ন : ৯। বাক্য ৰচনা কৰা :
আদৰ-সাদৰ, লালন-পালন, খেতি-বাতি, চৰাই-চিৰিকতি, গছ-গছনি, কীট-পতংগ
উত্তৰ : আদৰ-সাদৰ : ৰজা মধুকৰে ৰজা সৰ্বৰ্ধনুক ৰাজ অতিথি স্বৰূপে আদৰ-সাদৰ কৰিছিল।
লালন-পালন : ৰজা মধুকৰে ৰজা সৰ্বৰ্ধনুক এজাক চৰাই দি সিহঁতক নিজ সন্তানৰ দৰে লালন-পালন কৰিবলৈ কৈছিল।
খেতি-বাতি : কীট-পতংগৰ কাৰণে ৰাজ্যত খেতি-বাতি নোহোৱা হৈছিল।
চৰাই-চিৰিকতি : চৰাই-চিৰিকতিবোৰে শস্য নষ্টকাৰী কীট-পতংগবোৰ খাই শস্যৰ আৰু খেতিয়কৰ পৰম উপকাৰ কৰে।
গছ-গছনি : সেউজীয়া গছ-গছনি থকা ঠাইত বৰষুণ হয়।
কীট-পতংগ : সৰ্বৰ্ধনু ৰজাৰ ৰাজ্যত চৰাই নোহোৱা হোৱাত কীট পতংগৰ সংখ্যা বাঢ়ি গৈছিল।
গ- জ্ঞান সম্প্ৰসাৰণ
প্রশ্ন : ১। চৰায়ে আমাৰ কি কি উপকাৰ সাধন কৰে দলত আলোচনা কৰি লিখা।
উত্তৰ : চৰায়ে আমাৰ বহুতো উপকাৰ কৰে। শস্য নষ্ট কৰা কীট-পতংগবোৰ খাই শস্য আৰু খেতিয়ক উভয়কে চৰায়ে পৰোক্ষভাবে উপকাৰ কৰে। গছ-গছনিবোৰকো চৰায়ে কীট-পতংগৰ অত্যাচাৰৰপৰা ৰক্ষা কৰে। গছ-গছনি থাকিলে সেই ঠাইত বৰষুণ হয়। বৰষুণে খেতি-বাতি হোৱাত সহায় কৰে। খেতি-বাতি হলে মানুহৰ উপকাৰ হয়। শগুণৰ দৰে মাংসভোজী চৰায়ে মৰাশবোৰ খাই পৰিবেশ প্ৰদুষণমুক্ত কৰি ৰাখে। এইদৰে চৰাইবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ অশেষ উপকার সাধন কৰে। সেইবাবে চৰাইক মানুহৰ আচল বন্ধু বোলা হয়। এটা উপকাৰী আৰু বন্ধুভাৱৰ চৰাইক অনিষ্ট কৰা উচিত নহয়।
প্রশ্ন : ২। পশু-পক্ষী, গছ-গছনিৰ সৈতে মানুহৰ নিবিড় সম্পর্ক কথা দলত আলোচনা কৰি লিখা।
উত্তৰ : পশু-পক্ষী আৰু গছ-গছনি নাথাকিলে পৃথিৱীত মানুহো থাকিব নোৱাৰিব। পশু-পক্ষী আৰু গছ-গছনিয়ে মানুহক বহুতো সহায় কৰে। চৰাই বিলাকে কৃষিৰ অনিষ্টকাৰী কীট-পতংগবোৰ খোৱাৰ ফলত খেতিয়কে কৃষিৰ ভাল ফল পায়। গতিকে পৰোক্ষভাৱে চৰায়ে মানুহক সহায় কৰে। মাংস ভোজী চৰাই আৰু পশুবোৰে মৰা জন্তুবোৰ খাই পৰিবেশ প্ৰদূষণমুক্ত কৰি ৰাখে। পশু-পক্ষীয়ে মৰা জন্তুবোৰ নোখোৱা হ’লে বায়ুমণ্ডলৰ পৰিবেশ দূষিত হ’লহেঁতেন আৰু মানুহৰ অনেক বেমাৰ আজাৰ হ’লহেঁতেন।
গছ-গছনিয়ে প্রকৃতিক সেউজীয়া আভৰণেৰে সুন্দৰ কৰি ৰখাৰ উপৰিও বায়ু নিৰ্মল কৰে । গছ-গছনি থকা ঠাইত বৰষুণ হয়। মানুহৰ বাবে বৰষুণ বৰ প্ৰয়োজনীয়। বৰষুণে খেতিয়ক সকলক পানীৰ যোগান ধৰে। খেতি পথাৰত বৰষুণৰ পানীয়ে খেতিয়কক সহায় কৰে। অৱশ্যে অতিপাত বৰষুণে বাণপানীৰ সৃষ্টি কৰি খেতিয়কৰ খেতি-বাতি নষ্টও কৰে।
ঘৰ-দুৱাৰ আৰু প্ৰয়োজনীয় আচবাব তৈয়াৰ কৰিবৰ বাবে মানুহক কাঠ লাগে। গছ-গছনিয়ে মানুহক কাঠৰ যোগান ধৰে। কিন্তু প্রয়োজনত গছ কাটিব লগা হ’লে পুনৰ গছৰ পুলি ৰোপনো কৰিব লাগে। আমি সকলোৱে এইবোৰ কাৰণতে পশু পক্ষী আৰু গছ-গছনিক আদৰ কৰিব লাগে।
প্রশ্ন : ৩। তর্ক প্রতিযোগিতা পাতো আহা। ‘এটি সুষ্ঠ-সবল পৰিবেশৰ বাবে গছ-গছনি, চৰাই-চিৰিকটি আৰু বিভিন্ন প্ৰাণীৰ আৱশ্যকতা আছে।’
উত্তৰ : তৰ্ক প্রতিযোগিতার উত্থাপিত বিষয়টোৰ সপক্ষে আৰু বিপক্ষে তলত কেতবোৰ যুক্তি দিয়া হৈছে।
সপক্ষে যুক্তিসমূহ :
(১) গছক মানুহৰ পুৰণি বন্ধু বুলি কোৱা হয়। আদিম যুগৰেপৰা মানুহে গল ওপৰত নিৰ্ভৰ কৰি আহিছে। আদিম মানুহে গছৰ ফলমূল খায়েই জীয়াই আছিল। আধুনিক মানুহকো গছে ফলমূল দি আছে।
(২) আদিম মানুহে গছৰ খোৰোঙত আশ্রয় লৈ আছিল। গছ-গছনি জ্বলাই জুই। সংৰক্ষণ কৰিছিল।
(৩) আধুনিক মানুহে ঘৰ-দুৱাৰ, আচবাব, সার্কো দলং আদি গছৰ কাঠেৰে সজাব লৈছিল।
(৪) চৰাই-চিৰিকটিবোৰে কৃষিৰ অনিষ্টকাৰী পোক-পৰুৱাবোৰ খাই কৃষি আৰু কৃষকৰ উপকাৰ সাধন কৰে। পোক-বৰুৱাৰ আক্ৰমণৰপৰা গছ-গছনি ৰক্ষা কৰে।
(৫) মাংস ভোজী চৰাই আৰু জন্তুবোৰে মৰা শ বোৰ খাই পৰিবেশ প্ৰদূষণমুক্ত কৰি ৰাখে।
বিপক্ষে যুক্তিসমূহ :
(১) গছ-বনে হাবি-জঙ্ঘলৰ সৃষ্টি কৰি হিংস্ৰ জীৱ-জন্তুক আশ্রয় দি মানুহৰ বাবে ভয়লগা পৰিবেশৰ সৃষ্টি কৰে।
(২) হাবি-জঙঘলৰ গছ কটা বা বিক্ৰী কৰাৰ বাবে সমাজত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
(৩) চৰাই-চিৰিকটিবোৰে খেতি-পথাৰত সোমাই খেতি-বাতি নষ্ট কৰে। কিছুমান চৰায়ে শস্যৰ গুটি বা ফলবোৰ খাই পেলায়। ধানৰ দৰে মূল্যবান খেতি ভাটৌ চৰায়ে খাই শেষ কৰে।
(৪) চৰায়ে মাটি উৰ্ধ্বৰা কৰা কেঁচু-কুমটি আদি খাই মাটি অনুবৰা কৰি পেলায়।
(৫) চৰাইবিলাকে মানুহে খেতি কৰা ভালেমান ফল-মূল খাই লোকচান কৰে।
প্রশ্ন : ৪। জানো আহা :
উত্তৰ : পাঠ্যপুথিত চাই লোৱা।
ঘ-প্রকল্প
প্রশ্ন : ১। চৰাইৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্রস্তুত কৰা।
উত্তৰ : নিজে যত্ন কৰিবা।
প্রশ্ন: ২। পৰিবেশ বিনষ্ট নোহোৱাকৈ ৰাখিবলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা তিনিটা শ্লোগান লিখি শ্রেণী কোঠা আৰু বিদ্যালয়ৰ সমুখত সকলোৱে পঢ়িব পৰাকৈ আঁৰি থোৱা ৷
উত্তৰ : তলত উল্লেখ কৰা শ্লোগান কেইটা নিৰ্দেশত আঁৰিব পাৰি।
(ক) পখী বধ কৰা অনুচিত।
(খ) বৃক্ষ ৰোপণ কৰি পৰিবেশ প্ৰদূষণমুক্ত কৰক।
(গ) পখী মানুহৰ উপকাৰী বন্ধু।
প্রশ্ন : ৩। তোমালোকে দেখা আৰু জনা, মানুহৰ বসতিৰ আশে-পাশে থকা, চৰাই-চিৰিকটিৰ নামৰ এখন তালিকা কৰা আৰু সিহঁতৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : মানুহে বসতি কৰা ঠাইৰ আশে পাশে আমি দেখিব পোৱা চৰাইবোৰৰ ভিতৰত শালিকা, কপৌ, ভাটৌ, কাউৰী, বগলী আদিয়েই প্রধান। তলত সিহঁতৰবিষয়ে চমুকৈ লিখা হ’ল।
শালিকা : শালিকা চৰাই পোহনীয়া চৰাইৰ দৰে মানুহৰ ঘৰে চোতালে ঘূৰি ফুৰে। সৰু কীট-পতংগ, শস্যৰ গুটি আদি বিচাৰি খায়। শালিকা চৰায়ে সহজে পোহ মানে। সেইবাবে বহুতে শালিকা চৰাই পোহে।
কপৌ : কপৌ চৰাইবোৰো পোহনীয়া চৰাইৰ দৰে মানুহৰ ঘৰে চোতালে ঘুৰি ফুৰে। ইহঁতে জোপোহা গছত বাঁহ বান্ধে। কপৌ অতি শান্ত চৰাই।
ভাটো : গছত বা গছৰ খোৰোঙত বাঁহ সাজি থাকে। ফল-মূল বিচাৰি ঘূৰি ফুৰে। ভাটৌ চৰায়ো পুহিব পাৰি। শিকালে সহজ শব্দ দুই চাৰিটা ভাটোৱে অনুকৰণ কৰিব পৰা হয়। ভাটৌ চৰাইৰ ৰং সেউজীয়া আৰু ঠোট ৰঙা-হালধীয়া। ভাটৌ দেখিবলৈ ধুনীয়া।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.