Class 5 Assamese Chapter 1 অসম আমাৰ ৰূপহী – ড° ভূপেন হাজৰিকা, Class 5 Assamese Chapter 1 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board অসম আমাৰ ৰূপহী Class 5 Assamese Question Answer can be of great value to excel in the examination.
অসম আমাৰ ৰূপহী – ড° ভূপেন হাজৰিকা
Chapter – 1
অংকুৰণ
পাঠভিত্তিক ক্রিয়া কলাপ
১। গীতটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা।
উত্তৰ : ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
২। গীতটি একক আৰু দলীয়ভাৱে (সমবেত সঙ্গীত হিচাপে) গোৱা।
উত্তৰ : ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন : ২। উত্তৰ দিয়া :
(ক) ড° ভূপেন হাজৰিকাই ‘আই’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ : ‘অসম আমাৰ ৰূপহী’ গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাদেৱে জন্মভূমি অসম দেশক ‘আই’ বুলি সম্বোধন কৰিছে।
(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?
উত্তৰ : কবি-গীতিকাৰ ড° ভূপেন হাজৰিকাদেৱে মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। অসমীয়া মানুহে ধানক ‘লখিমী’ বুলি মানে। পকা ধান চপাবৰ সময় হ’লে চাকি-বন্তি জ্বলাই দোন বা তেনে পাত্ৰত কেইটামান ধানৰ সীহ লৈ, পাত্ৰটো মুৰত লৈ ঘৰলৈ আনে। ইয়াকে লখিমী আদৰা বোলা হয়। এনে লখিমী আদৰা কাম সচৰাচৰ পুহ মাহতহে কৰা দেখা যায়।
(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় ?
উত্তৰ : শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়।
(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে ?
উত্তৰ : সাতৰঙী ৰামধেনুৱে সৌন্দর্য সৃষ্টি কৰাৰ দৰে অসমৰ জাতি-জনজাতিৰ বেলেগ বেলেগ ভাষাই পাহাৰ-ভৈয়ামৰ মানুহৰ মিলনৰ সেতু গঢ়ে।
(ঙ) ড° ভূপেন হাজৰিকাই ক’ত মৃত্যু বৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ?
উত্তৰ : সূর্য উঠা, ৰসাল মাটিৰ দেশ, জন্মভূমি অসমত ড° ভূপেন হাজৰিকাই মৃত্যু বৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।
(চ) এই গীতটিত (অসম আমাৰ ৰূপহী) গীতিকাৰ ড° ভূপেন হাজৰিকাই সূর্য উঠা দেশ’ মানে কোনখন দেশক বুজাইছে ?
উত্তৰ : ভাৰত গণৰাজ্যৰ পূব সীমাত থকা অসম সমন্বিতে ৰাজ্যসমূহক ‘অসম আমাৰ ৰূপহী’ এই গীতটিত ড° ভূপেন হাজৰিকাই সূর্য উঠা দেশ বুলিছে। ভাৰতৰ ভিতৰত উত্তৰ-পূবৰ এই ৰাজ্যসমূহতে উদীয়মান সূৰ্যৰ পোহৰ প্ৰথমে পৰে। সেই বাবেই এই ৰাজ্যসমূহ ‘সূর্যউঠা দেশ”।
(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আনক’তো কি নোপোৱাৰ কথা কৈছে ?
উত্তৰ : গীতিকাৰ ড° ভূপেন হাজৰিকাদেৱে ‘অসম আমাৰ ৰূপহী’ গীতটিত গোটেই জীৱন বিচাৰিলেও অসম দেশৰ দৰে ৰসাল মাটি ক’তো নোপোৱাৰ কথা কৈছে।
প্রশ্ন : ৩। ড° ভূপেন হাজৰিকাই অসমৰ পৰিবেশ কেনেকুৱা বুলি কৈছে ?
উত্তৰ : ‘অসম আমাৰ ৰূপহী’ গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই অসমৰ পৰিবেশ চিৰ বিনন্দীয়া সেউজ বৰণীয়া বুলি কৈছে।
প্রশ্ন : ৪। দলত আলোচনা কৰি বহলাই লিখা।
(ক) ৰামধেনু কি আৰু ই কেনেকৈ পাহাৰ-ভৈয়াম একে কৰে?
উত্তৰ : সাতোটা ৰং লগলাগি সূৰ্যৰ বগা পোহৰ হৈছে। কেতিয়াবা বদ আৰু বৰষুণ একে সময়তে হোৱা আমি দেখো। সেই সময়ত সূৰ্যৰ পোহৰ বৰষুণ জ্বা পানীৰ কণিকাবোৰৰ মাজেৰে পাৰ হৈ আহোতে সাতোটাৰত বিচ্ছুৰিত হৈ আকাশত সাতবর্তী ৰামধেনুৰ সৃষ্টি কৰে। ৰামধেনু দেখিবলৈ ধুনীয়া। ৰামধেনু পাহাৰ ভৈয়াম সকলোতে সমানে বিয়পি পৰে। ইয়াকে গীতিকাৰে পাহাৰ-ভৈয়াম একে কৰা বুলি কৈছে। ৰামধেনুৰ সাতোটা ৰঙে পাহাৰ-ভৈয়াম একে কৰাৰ দৰে অসমৰ পাহাৰ-ভৈয়ামৰ জাতি জনজাতিসকলৰ বিভিন্ন ভাষাই সকলো জাতি-উপজাতিৰ মাজত সম্প্রীতি বা মৰম–চেনেহৰ ভাৱ ৰামধেনুৰ দৰে মনোমোহা বা আকর্ষণীয় কৰি তুলিছে।
(খ) লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে ?
উত্তৰ : লৌহিত্য মানে লুইত বা ব্রহ্মপুত্র। ব্রহ্মপুত্ৰ অসমৰ ঘাই নদী। ব্রহ্মপুত্র এখন বহল নদী। গতিকে নদীৰ দুয়োপাৰৰ মাজত দূৰত্ব অধিক বা বহল। এই বহল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ পৰ্বত-ভৈয়াম অঞ্চলত অসমৰ বিভিন্ন জাতি-জনজাতিয়ে ভাষাৰ ভিন্নতা থাকিলেও মৰম-প্ৰীতিৰে যুগ যুগ ধৰি বাস কৰিছে। পৰ্বত-ভৈয়ামৰ এই সম্প্রীতি যেন ব্ৰহ্মপুত্ৰই সৃষ্টি কৰিছে। সেইবাবেই গীতিকাৰ জনাই ব্ৰহ্মপুত্ৰৰ বহল পাৰক প্ৰণিপাত বা সেৱা জনাইছে।
প্রশ্ন : ৫। গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা।
উত্তৰ : কবি-গীতিকাৰ ড° ভূপেন হাজৰিকাদেৱে ‘অসম আমাৰ ৰূপহী’ গীতটিত অসম দেশৰ গুণৰ বৰ্ণনা কৰিছে। অসম এখন ধুনীয়া দেশ আৰু এই দেশৰ গুণো অশেষ। উত্তৰ-পূব দিশত থকা অৰুণাচল, মণিপুৰ, নগালেণ্ড, মেঘালয়, মিজোৰাম, কাছাৰ আৰু অসম দেশতে ভাৰতৰ ভিতৰত প্ৰথমে সূর্য উদয় হয় বাবে গীতিকাৰ দেৱে এই ৰাজ্যসমূহক সূর্য উদয় হোৱা দেশ বুলিছে। অসম দেশৰদৰে সাৰুৱা মাটি গোটেই জীৱন বিচাৰিও গীতিকাৰজনে পোৱা নাই। অসম দেশৰ সেউজীয়া পৰিবেশ অতি মনোমোহা। জাতীয় উৎসৱ বহাগ বিহুৰ বতৰত অসমৰ জীয়ৰী-বোৱাৰী, পুৰুষ মহিলা, ল’ৰা-ছোৱালী সকলোৱে আনন্দত ঘূৰি ঘূৰি নচা পৰিবেশটোক গীতিকাৰ জনাই ‘অসমী আই মহুৰা হৈ ঘূৰা’ বুলি প্ৰকাশ কৰিছে। সোণালী পকাধান চপোৱাৰ বতৰত অসমীয়া মানুহে লখিমী ধানক চাকি-বন্তি জ্বলাই আদৰি আনে। অনুষ্টুপীয়া এই উৎসৱক ‘ধানৰ আগ অনা’ বুলি কোৱা হয়। শৰত কালত নিৰ্মল আকাশ ভৰি ওলোৱা তৰাই অসমী আইৰ চুলি সজায় বুলি কল্পনা কৰিছে। ৰামধেনুৰ সাতোটা ৰঙে সৌন্দর্য সৃষ্টি কৰাৰ দৰে অসম দেশৰ পৰ্বত-ভৈয়ামৰ জাতি-জনজাতিসকলৰ বহুভাষাই দেশৰ মানুহৰ মৰম-প্রীতি বঢ়াইছে। লুইতৰ দুয়োপাৰে এই মৰম-প্ৰীতিৰ বান্ধোনৰ বাবে গীতিকাৰজনাই লুইতক প্ৰণাম জনাইছে আৰু ইয়াতে জন্ম লৈছে যেতিয়া ইয়াতেই মৃত্যু হোৱাৰ আশা কৰিছে।
প্রশ্নঃ ৬। উত্তৰ দিয়া :
(ক) গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে। ‘ৰ’ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে ?
উত্তৰ : ড° ভূপেন হাজৰিকাৰ ‘অসম আমাৰ ৰূপহী’ গীতটোত ‘ৰ’ আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে।
(খ) গীতটিত ‘আ’ কাৰ চিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো স্বৰচিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই ?
উত্তৰ : ‘অসম আমাৰ ৰূপহী’ গীতটিত ঋ > ( ͔ ) – ৰি কাৰ এবাৰো ব্যৱহাৰ হোৱা নাই।
(গ) অসম আমাৰ ৰূপহী’ গীতটিত থকা ‘ৰ’ আৰু ‘ৰে’-ৰে শেষ হোৱা শব্দবোৰ লিখা।

উত্তৰ : শব্দবোৰ লিখাৰ বাবে ওপৰত খালী ঠাইত বহুৱা আখৰবোৰৰ তলত আঁচ টানি দিয়া হৈছে। আখৰৰ প্ৰয়োজন নোহোৱা ঠাইত (দেচ) দিয়া হৈছে।
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন : ১। গীতটিৰ পৰা (অসম আমাৰ ৰূপহী) স্বৰচিহ্ন (-কাৰ) যোগ হৈ ৰূপৰ পৰিবৰ্ত্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰচিহ্ন (-কাৰ) যোগ হৈছে ভাঙি দেখুৱা।
যেনে :- ৰূপহী →ৰূ→ ৰ = ঊ-কাৰ।
উত্তৰ : গীতটিত স্বৰচিহ্ন (-কাৰ) যোগ হৈ ৰূপৰ পৰিবৰ্ত্তন ঘটা আখৰবোৰ হৈছে
ক্রমে—
‘গুণৰো’ শব্দত থকা ‘গু’ আৰু মহুৰা শব্দৰ ‘হু’ ৷তলত এই দুটা আখৰত যোগ হোৱা স্বৰচিহ্ন (-কাৰ) বোৰ ভাঙি দেখুৱা হ’ল।
গুণৰো ⟶ গু ⟶ গূ ⟶ গ + উ – কাৰ।
মহূৰা ⟶ হু ⟶ হূ ⟶ হ + উ – কাৰ।
প্রশ্ন : ২। গীতটিত (অসম আমাৰ ৰূপহী) থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুণ্ডা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা।
যেনে :- বিনন্দীয়া ন্দ ন+দ; আনন্দ, সুন্দৰ ৷
উত্তৰ : গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ হৈছে ‘বিনন্দীয়া’ আৰু ‘জন্ম’। বিনন্দীয়া শব্দৰ যুক্তাক্ষৰ ‘ন্দ’উদাহৰণত ভাঙি দিয়া হৈছে। ‘জন্ম’ শব্দৰ ‘ন্ম’তলত ভাঙি দেখুৱা হ’ল।
জন্ম → ন্ম → ন + ম সম্মান, সম্মতি।
প্রশ্ন : ৩। উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা।
(ক) উদাহৰণ – ৰূপ – ৰূপহী, কাহ– কাঁহী
উত্তৰ : কপাহ – কপাহী, চেনেহ – চেনেহী, বাঁহ – বাঁহী
(খ) উদাহৰণ ― ৰস ― ৰসাল, নোম ― নোমাল।
উত্তৰ : জীপ – জীপাল, তেজ ― তেজাল, কোব – কোবাল।
(গ) উদাহৰণ ― সোণ ― সোণালী, ৰং ― ৰঙালী।
উত্তৰ : ৰূপ — ৰূপালী, জোন ―জোনালী, ভোগ –ভোগালী
(ঘ) উদাহৰণ – বিনন্দ — বিনন্দীয়া, চহৰ – চহৰীয়া।
উত্তৰ : দুখ – দুখীয়া, নিয়ম – নিয়মীয়া, নগৰ ― নগৰীয়া।
প্রশ্ন : ৪। দলগতভাবে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ (সমার্থক বা প্রতিশব্দ বা একার্থক শব্দ) লিখা।
উদাহৰণ :- সূৰ্য – বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি, দিনকৰ, সবিতা।
উত্তৰ : পদুম –শতপত্র, পদ্ম, পঙ্কজ, কমল, সৰোজিনী, নলিনী।
ঘৰ ― গৃহ, আলয়, নিলয়, পজাঁ, কুটীৰ।
আকাশ ― নভ, নভোমণ্ডল, শূন্য।
বায়ু ― বতাহ, সমীৰ, পৱন, মৰুৎ
পৃথিৱী ― ধৰা, ধৰিত্ৰী, বসুমতী, অৱণী, মহী, মৰত, মৰ্ত্য, বসুন্ধৰা, ধৰাতল ৷
প্ৰশ্ন : ৫৷ তলৰ শব্দবোৰৰ বিপৰীত অর্থ প্রকাশক শব্দবোৰ (অসম আমাৰ ৰূপহী) গীতটিত আছে। তাৰপৰা বিচাৰি উলিয়াই লিখা।যেনে :- আৰম্ভণি ― শেষ
উত্তৰ :
দিয়া শব্দ | গীতত থকা বিপৰীত শব্দ |
ঠেক | বহল৷ |
বিচ্ছেদ | মিলন৷ |
অনাদৰ | আদৰ৷ |
নিৰস | ৰসাল৷ |
জীওঁ | মৰো৷ |
কুৰূপা | ৰূপহী৷ |
পশ্চিম | পূৰ্ব, পূব৷ |
প্ৰশ্ন : ৬৷ তলৰ বাক্যৰ অংশ দুটা আঁচ টানি মিলোৱা৷
যি চিত্ৰ আঁকে | সোণালী। |
যি ৰাসেৰে পৰিপূৰ্ণ | চিত্ৰকৰ। |
যি সোণৰ নিচিনা বৰণৰ | গীতিকাৰ। |
যি গীত লিখে | ৰসাল। |
উত্তৰ :
যি চিত্ৰ আঁকে | চিত্ৰকৰ। |
যি ৰাসেৰে পৰিপূৰ্ণ | ৰসাল। |
যি সোণৰ নিচিনা বৰণৰ | সোণালী। |
যি গীত লিখে | গীতিকাৰ। |
প্ৰশ্ন :৭৷ তলত দিয়া শব্দবোৰ খটুৱাই বাক্য ৰচনা কৰা।
অলেখ, আদৰ, পৰিবেশ, হমাবেশ, বিনন্দীয়া।
উত্তৰ : অলেখ ― সন্ধিয়া আকাশত অলেখ তৰা ওলায়।
আদৰ ― সকলো মাক-মাক দেউতাকে ল’ৰা ছোৱালীক আদৰ কৰে।
পৰিবেশ ― অসম দেশৰ পৰিবেশ মনোমোহা।
হমাবেশ ― অসম দেশৰ দৰে মধুৰ ৰূপৰ হমাবেশৰ দেশ পাবলৈ টান।
বিনন্দীয়া ― সেউজীয়া প্ৰকৃতিৰ পৰিবেশে অসমক বিনন্দীয়া কৰিছে।
প্রশ্ন : ১। ‘অসম আমাৰ ৰূপহী’ত থকা আখৰকেইটাৰ সহায়ত নতুন শব্দ গঠন কৰা। (যিটো আখৰৰ লগত যিটো কাৰ (স্বৰচিহ্ন) যুক্ত হৈ আছে তেনেকৈয়ে থাকিব আৰু এটা শব্দত কোনো আখৰ এবাৰতকৈ বেছি ব্যৱহাৰ হ’ব নোৱাৰিব।)
যেনে :- ৰূপ অৰূপ মা মাহী মহী
পৰ পৰম পৰমা
মৰ অমৰ সমৰ
উত্তৰ : অসম সম হমজুৱা সমতুল্য।
আমাৰ মাৰ আমাৰ সমাৰ
ৰূপহী ৰূপবান ৰূপৱতী ৰূপম
প্রশ্ন : ২। ‘জন্ম ললোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ’ বুলি ড° ভূপেন হাজৰিকাই কামনা কৰাৰ দৰে কবি নলিনী বালা দেৱীয়েও তেওঁৰ ‘জনমভূমি’ নামৰ কবিতাটোত নিজৰ জনমভূমিত মৰাৰ কথা লিখিছে। সেই কবিতাটো সংগ্ৰহ কৰি পঢ়ি চোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন : ৩। ‘চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিবেশ’ অসমৰ চিৰ সেউজ পৰিবেশ এতিয়া আছেনে? যদি নাই তেনেহ’লে কেনেকৈই বিনষ্ট হ’ল? বর্তমান কি কৰিলে আমি আমাৰ পৰিবেশ সেউজীয়া কৰি ৰাখিব পাৰিম? সেই বিষয়ে আলোচনা চত্ৰ পাতি যুক্তি সহকাৰে নিজৰ মত ব্যক্ত কৰা।
উত্তৰঃ অসমৰ চিৰ সেউজ পৰিবেশ আজি অক্ষত অৱস্থাত নাই। চোৰাং ব্যৱসায়ী আৰু স্বাৰ্থপৰ মানুহে সেউজীয়া গছ-গছনি ধ্বংস কৰি (সেউজ পৰিবেশ বহু পৰিমাণে ধ্বংস কৰি পেলাইছে। সেউজ পৰিবেশ আজি বিনষ্ট হৈছে। আমাৰ দেশৰ সেউজীয়া পৰিবেশ ৰাখিব খুজিলে আমি সেউজীয়া গছ গছনি ধ্বংস কৰিব নালাগিব। কিবা প্রয়োজনত এজোপা গছ কাটিব লাগিলে দুজোপা গছ ৰোপন কৰিব লাগিব।
প্ৰকৃতিৰ সেউজীয়া পৰিবেশে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে, বায়ু প্ৰদূষণমুক্ত কৰি ৰাখে। প্ৰদূষণ মুক্ত বায়ু আৰু পৰিবেশে মানুহৰ ৰোগ-ব্যাধিৰ আশঙ্কা কমায়। সেয়ে আমি সকলোৱে প্ৰকৃতিক সদায় সেউজীয়া কৰি ৰাখিবৰ বাবে বৃক্ষ ৰোপণ কৰিব লাগে। জনসাধাৰণৰ মাজত গছৰ উপকাৰিতাৰ কথা প্ৰচাৰ কৰি বৃক্ষ ৰোপণৰ প্ৰতি সকলোকে সজাগ আৰু আগ্ৰহী কৰিব লাগে।
ঘ-প্ৰকল্প
প্ৰশ্নঃ১। আমাৰ ৰূপহী’ এটি দেশপ্রেমমূলক গীত। ভূপেন হাজৰিকাই ৰচনা কৰা অন্য দুটি দেশপ্রেমমূলক গীত সংগ্ৰহ কৰি গোৱা। যেনে- ‘মহাবহু ব্ৰহ্মপুত্ৰ……’
উত্তৰঃ ড° ভূপেন হাজৰিকাই ৰচনা কৰা আন দুটা দেশপ্রেমমূলক গীত হল
‘কত জোৱানৰ মৃত্যু হ’ল’ আৰু ‘অগ্নি যুগৰ ফিৰিঙতি মই’।
প্রশ্ন ২। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত থলুৱা নৃত্যৰ ছবি সংগ্ৰহ কৰা। এতিয়া ছবিবোৰ এলবামত লগাই নৃত্যৰ নাম, কোন জনগোষ্ঠীৰ মাজত এই নৃত্য প্রচলিত আৰু কোন উৎসৱৰ লগত জড়িত সেই বিষয়ে লিখি থোৱা।
উত্তৰঃ নিজে যত্ন কৰিবা আৰু প্ৰয়োজনবোধে শিক্ষক মহোদয়ৰ সহায় লবা। জানি থোৱাঃ ড° ভূপেন হাজৰিকাৰ জীৱন পঞ্জী পাঠ্যপুথিত চাই লোৱা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.