⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 5 Assamese Chapter 5 ডক্টৰ বাণীকান্ত কাকতি

Class 5 Assamese Chapter 5 ডক্টৰ বাণীকান্ত কাকতি, Class 5 Assamese Chapter 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ডক্টৰ বাণীকান্ত কাকতি Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 5 ডক্টৰ বাণীকান্ত কাকতি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 5 ডক্টৰ বাণীকান্ত কাকতি Solutions for All Subject, You can practice these here.

ডক্টৰ বাণীকান্ত কাকতি

Chapter – 5

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

১। উত্তৰ দিয়া: 

(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? 

উত্তৰ: নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে।

(খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? 

উত্তৰ: বাণীকান্ত ককতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। 

(গ) নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে?

উত্তৰ: নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে। 

(ঘ) তেখেতে কি চিকিৎসা কৰিছিল? 

উত্তৰ: ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিওপেথিক চিকিৎসা কৰিছিল।

(ঙ) বাণীকান্ত কাকতিয়ে ডক্তৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থ খনৰ নাম কি?

উত্তৰ: বাণীকান্ত কাকতিয়ে ডক্টৰেট উপাধি লাভ কৰা গ্ৰন্থ খনৰ নাম হ’ল ‘ আছামিজ, ইটচ্ ফৰ্মেচন এণ্ড ডেভলপমেণ্ট‌’ ( অসমীয়া ভাষাৰ গঠন আৰু বিকাশ)।

(২) ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা। 

উত্তৰ: ডক্টৰ বাণীকান্ত কাকতিৰ জন্ম ১৮৯৪ চনৰ ১৫ নৱেম্বৰত, বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত হৈছিল। “যি মূলা বাঢ়ে তাৰ দুপাততে চিন” এই কথাষাৰ ডক্টৰ বাণীকান্ত কাকতিৰ জীৱনত প্ৰতিফলিত হৈছিল। এইজনা সাহিত্যিকে ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. লাভ কৰি নিজৰ নামৰ আগত ডক্টৰ উপাধি লগাবলৈ সক্ষম হয়। তেখেতে ডক্টৰেট ডিগ্ৰি লাভ কৰা কথাটো ৰৌজাল – বৌজাল হৈ প্ৰচাৰিত হৈছিল আকৌ কিছুমান মানুহে ঈৰ্ষাতে তেওঁক নতুন ডাক্তৰ ওলাইছে বুলি উপলোঙা কৰিছিল। প্ৰকৃততে তেওঁ আছিল ভাষা – বিজ্ঞানৰহে ডক্তৰেট ডিগ্ৰীধাৰী। সৰুৰে পৰা দৃঢ়মনা কাকতি দেৱেও হাৰ নামানি হোমিওপেথিক চিকিৎসাৰ অধ্যয়ন কৰিব ললে আৰু বিধিমতে বিধানো দিলে। তেখেতৰ মনৰ দৃঢ়তা দেখি কৌতুক কৰা সকলেও তবধ মানিলে আৰু ওলোটা তেওঁৰ প্রতি শ্ৰদ্ধা ভাৱ জাগিব ধৰিলে।

তেখেতৰ উৰেতো জীৱন জ্ঞানঅৰ্জনত  আত্মনিয়োগ কৰিছিল ইয়াৰ ফলত কেইবাখনো মহৎ গ্ৰন্থ নিগৰি উলাইছিল। সেইবিলাকৰ ভিতৰত গৱেষণা গ্ৰন্থখন বিশেষভাৱে উল্লেখযোগ্য। ইয়াতে অসমীয়া ভাষাৰ উৎপত্তি,শব্দ ভাণ্ডাৰ আৰু বিশেষত্ব ৰ বিষয়ে বিশ্লেষণ আছে। এনেদৰে ভাষা চৰ্চা কৰাৰ বাবে তেওঁক এগৰাকী অগ্ৰণী ভাষা বিজ্ঞানী বুলি কোৱা হয়। এইজনা সাহিত্যিকৰ ১৯৫২ চনৰ ১৫ নৱেম্বৰত দেহাৱসান ঘটে।

(৩) ডক্তৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল চমুকৈ লিখা।

উত্তৰ: ডক্টৰ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ সময়ত এই উপাধি লাভ কৰা লোকৰ সংখ্যা আঙুলিৰ আগত লিখিব পৰা আছিল। তেওঁ আছিল ভাষা – বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰীধাৰী। তেখেতৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা বাতৰিটো সকলোতে প্ৰচাৰ হৈছিল। বহুলোকে এইকথাত গৌৰৱবোধ কৰিছিল যদিও এচাম লোকে খবৰটো পাই বৰ সুখী হোৱা নাছিল। 

কৌতুকপ্ৰিয় এচামলোকে ডক্তৰেট উপাধিটোক “নতুন ডাক্তৰ” আহিছে বুলি কৈ উপলুঙা কৰিছিল। আনকি ঈৰ্ষা পৰাময় মানুহ কিছুমানে বেমাৰ দেখাব অহা মানুহ কেইজমানক কাকতি দেৱৰ ওচৰলৈ পঠিয়াই দিছিল। কিন্তু তেঁও হাৰ নামানি হোমিওপেথিক পুথি অলপ আনি অধ্যায়ন কৰিব লয় আৰু বিধি মতে বিধানো দিয়ে। তেখেতৰ মনৰ দৃঢ়তা দেখি কৌতুক কৰা সকলেও তবোধ মানিলে আৰু কাকতি দেৱৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা ভাৱ জাগি উঠিব ধৰিলে। 

(৪) অভিধান বা শব্দ সম্ভাৰ চাই অর্থ লিখা।

উত্তৰ: ঈৰ্ষা – পৰাণয় —  আনৰ ভাল দেখিব নোৱাৰা।

আয়ত্ত — আহৰণ।

সাধনা — একাগ্ৰতা বা কোনো কাম কৰিবলৈ যত্ন কৰা।

থত্ মত্ — অবাক বা বিমূঢ় হোৱা।

পৰিস্থিতি — অৱস্থা বা পৰিৱেশ।

নিষ্ঠা — একাগ্ৰতা বা শ্ৰদ্ধা।

একান্ত — একেৰাহে বা মনোযোগ দি।

সুখ্যাতি — ভালগুন পোৱা বা যশস্যা।

আত্ম – নিয়োগ — যিকোনো কাৰ্যৰ বাবে নিজে আগবাঢ়ি যোৱা। 

প্ৰবল — ডাঙৰ বা শক্তিশালী।

চৰ্চা — আলোচনা।

গতি – গোত্ৰ — গতিবিধি বা স্বভাৱ চৰিত্ৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top