Class 5 Assamese Chapter 10 তিনিটা মাছৰ কাহিনী

Class 5 Assamese Chapter 10 তিনিটা মাছৰ কাহিনী, Class 5 Assamese Chapter 10 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board তিনিটা মাছৰ কাহিনী Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 5 Assamese Chapter 10 তিনিটা মাছৰ কাহিনী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 10 তিনিটা মাছৰ কাহিনী Solutions for All Subject, You can practice these here

তিনিটা মাছৰ কাহিনী

Chapter – 10

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন : ১। পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) ‘তিনিটা মাছৰ কাহিনী’ত থকা মাছ কেইটাৰ নাম কি কি ?

উত্তৰ : ‘তিনিটা মাছৰ কাহিনী’ত থকা মাছকেইটাৰ নাম অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদ্‌ভৱিষ্য।

(খ) অনাগতবিধাতা কিয় শংকিত হৈছিল ? 

উত্তৰ : মাছমৰীয়া বিলাকে পিছদিনা সেই বিলত মাছ মাৰিব বুলি আলোচনা কৰা শুনি অনাগতবিধাতা শংকিত হৈছিল।

(গ) অনাগতবিধাতাৰ কথা কোনে সমর্থন কৰিছিল ?

উত্তৰ : অনাগতবিধাতাৰ কথা প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল। 

(ঘ) কোনে বিপদৰ কথা নাভাবি আঁকোৰ-গোঁজ হৈ থাকি মৃত্যুক সাৱটি ললে ?

উত্তৰ : যদ্‌ভৱিষ্যই বিপদৰ কথা নাভাবি আঁকোৰ-গোঁজ হৈ থাকি মৃত্যুক সাৱটি ললে।

(ঙ) মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত/বিলত মাছ মাৰিলে ? 

উত্তৰ : মাছমৰীয়া কেইজনে জালেৰে বিলত (পুখুৰীত) মাছ মাৰিলে ।

প্রশ্ন : ২। কোৱা আৰু লিখা।

তলৰ কথাকেইষাৰ কোনে, কি উদ্দেশ্যেৰে কাক কৈছিল ? 

(ক) ‘আপুনি সঁচা কথাকেই কৈছে। ময়ো এই বিল এৰি ওচৰত থকা আন খাল বিললৈ যোৱাটো উচিত বুলি ভাবো।

উত্তৰ : মাছমৰীয়াহঁতে সেই বিলত পিচদিনা ৰাতিপুৱা মাছ মাৰিব বুলি অনাগতবিধাতাই শুনি সকলো মাছক মাতি কথাটো জনাইছিল। বিপদ অহাৰ আগেয়ে ৰাতিটোৰ ভিতৰতে আনবিললৈ যোৱা উচিত বুলিও কৈছিল। এই কথা সমর্থন কৰি প্রত্যুৎপন্নমতিয়ে উদ্ধৃত কথাষাৰ অনাগতবিধাতাক কৈছিল। বিলখন এৰি অইন নিৰাপদ বিললৈ যোৱাৰ উদ্দেশ্যেৰে কথাষাৰ কৈছিল।

(খ) ‘মই মুখৰ কথাতেই পিতৃ-পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবো।’

উত্তৰ : মাছমৰীয়াহঁতে পিছদিনা ৰাতিপুৱা বিলখনত মাছ মাৰিব বুলি আলোচনা কৰা অনাগতবিধাতাই শুনি সকলো মাছকে সেই ভয়ৰ বতৰাটো দি ৰাতিৰ ভিতৰতে অইন কোনো বিললৈ পলাই যোৱাৰ কথা কৈছিল। প্রত্যুৎপন্নমতিয়েও সেই কথা সমর্থন কৰিছিল। কিন্তু যদ্ভৱিষ্যই সেইখন বিলতে থকাৰ উদ্দেশ্যে অনাগতবিধাতাহঁতক এইষাৰ কথা কৈছিল।

(গ) ‘কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি নিঃশেষ কৰিব।’ 

উত্তৰ : মাছমৰীয়াসকলে পিছদিনা ৰাতিপুৱা বিলখনত মাছ মাৰিব বুলি আলোচনা কৰাৰ কথা শুনি অনাগতবিধাতাই সকলো মাছক কথাটো জনোৱাৰ উদ্দেশ্যে উদ্ধৃত কথাষাৰ কৈছে।

প্রশ্ন : ৩। সাধুটো (তিনিটা মাছৰ কাহিনী) নিজৰ কথাৰে কোৱা আৰু লিখা।

উত্তৰ : ওপৰত দিয়া সাৰাংশ পঢ়া। 

প্রশ্নঃ ৪। সাধুটোত মাছ তিনিটাই কোৱা কথাখিনি সহজ কথাৰে লিখা।

উত্তৰ : বিলখনত পিছদিনা ৰাতিপুৱা মাছ মাৰিব বুলি মাছমৰীয়াসকলেই আলোচনা কৰা শুনি অনাগতবিধাতাই সকলো মাছক মাতি আগন্তুক বিপদৰ কথা কৈছিল আৰু ৰাতিৰ ভিতৰতে অইন বিললৈ গুচি যোৱাৰ মত প্ৰকাশ কৰিছিল। কাৰণ দুর্বলসকলে সদায় বলীৰপৰা আঁতৰত সুৰক্ষিত ঠাইত আশ্রয় ল’ব লাগে। 

অনাগতবিধাতাৰ কথা সমর্থন কৰি প্ৰত্যুৎপন্নমতিও আন বিললৈ যোৱাৰ মত প্ৰকাশ কৰিছিল আৰু কৈছিল জীয়াই থকাৰ উপায়ু থকাজনে পিতৃ-পিতামহৰ দিনৰ কুঁৱা বুলি খাৰুৱা পানী খোৱাৰ প্ৰয়োজন নাই।

অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতিৰ কথাৰ উত্তৰত যদভৱিষ্যই কৈছিল যে আয়ুস শেষ হোৱাজন নিৰাপদ ঠাইলৈ গ’লেও মৃত্যু হ’ব। আয়ুস থকাজন বনত বিসর্জন দি থৈ আহিলেও জীয়াই থাকিব। আনহাতে আয়ুস শেষ হোৱাজন ঘৰত সুৰক্ষিত ঠাইত থাকিলেও মৃত্যু মুখত পৰিব। কাৰণ যিজন সুৰক্ষিত নহয় তেওঁক দেব বা ভগৱানে ৰক্ষা কৰে আৰু সুৰক্ষিত জনকো দেৱই ধ্বংস বা বিনাশ কৰে। সেইবাবেই মুখৰ কথা শুনিয়েই তেওঁ পিতৃ-পিতামহৰ দিনৰ বিলখন এৰি ক’লৈকো নাযায়। আনসকলে যি ভাল দেখে কৰক।

প্রশ্ন : ৪। শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ বা অভিধানৰপৰা চাই লিখা।

অনাগতবিধাতা,ঘোদালি,বজ্রসদৃশ,প্রত্যুৎপন্নমতি,নি:শেষ,আঁকোৰ-গোঁজ যদভবিষ্য, বিনাশ, উচ্চস্বৰে, এখন্তেক, সুৰক্ষিত, হাতসাৱটি

উত্তৰ : 

শব্দঅর্থ
অনাগতবিধাতাঅনুপস্থিত বা আহি নোপোৱা ভাগ্য বা ভগৱান।
প্রত্যুৎপন্নমতিউপস্থিত বুদ্ধিসম্পন্ন।
যদভৱিষ্যভাগ্যত যি আছে।
এখন্তেকঅলপ সময়।
ঘোদালিপানী তল-ওপৰকৈ লৰাই।
নি:শেষতেনেই শেষ কৰি পেলোৱা।
বিনাশমৃত্যু ঘটা, ধ্বংস হোৱা।
সুৰক্ষিতনিৰাপদ ঠাইত ৰখা।
বজ্রসদৃশবজ্ৰৰ দৰে, অতি কঠোৰ।
আঁকোৰ-গোঁজনেৰোপানী হৈ লাগি থকা, এৰি দিব নোখোজা।
উচ্চস্বৰেডাঙৰ মাতেৰে, ডাঙৰকৈ।
হাতসাৱটিএকো নকৰাকৈ থাকি।

প্রশ্ন : ৫। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(ক) মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক কি ক’লৈ ? 

উত্তৰ : মাছমৰীয়াহঁতৰ বজ্ৰসদৃশ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক মাতি আনি ক’লে যে মাছমৰীয়াহঁতে পিছদিনা ৰাতিপুৱা সেই বিলত মাছ মাৰি মাছবোৰ শেষ কৰি পেলাব। সিহঁতৰ বিপদ চমু চাপিছে। গতিকে সিহঁত এখস্তেকো তাত থকা উচিত নহ’ব। ৰাতিৰ ভিতৰতে সিহঁত আন বিললৈ যাব লাগিব। দুর্বলসকল সদায় বলীৰপৰা আঁতৰত নাইবা সুৰক্ষিত ঠাইত থাকিব লাগে।

(খ) অনাগতবিধাতাই কোৱা কথাটো প্রত্যুৎপন্নমতিয়ে কিয় সমর্থন কৰিলে ? 

উত্তৰ : জীয়াই থকাৰ উপায় থাকিলে কোনো বস্তুব মোহত বিনাশ হোৱাৰ কাৰণ নাই। পিতৃ-পিতামহৰ কুঁৱা বুলি কাপুৰুষসকলেহে খাৰুৱা পানী খাই থাকে। এই যুক্তিৰে প্রত্যুৎপন্নমতিয়ে অনাগতবিধাতাৰ কথা সমৰ্থন কৰি আন বিললৈ যোৱাৰ সিদ্ধান্ত কৰিছিল।

(গ) যদভবিষ্যই কিয় মৃত্যুক সাৱটি ল’ব লগা হ’ল ? 

উত্তৰ : আয়ুস শেষ হ’লে আন ঠাইলৈ গ’লেও মৃত্যু ঘটিব। কাৰণ আয়ুস থকাজন  বনত বিসর্জন দি থৈ আহিলেও জীয়াই থাকে আৰু আয়ুস শেষ হোৱাজন ঘৰত সুৰক্ষিত হৈ থাকিলেও মৃত্যু ঘটে। যিজন সুৰক্ষিত নহয় সেইজনক ভগৱানে বক্ষা কৰে আৰু ৩জনকো ভগৱানে বিনাশ কৰে। গতিকে যদ্‌ভৱিষ্যই বিল এৰি যোৱাৰ কোনো যুক্তি নাই বুলি আঁকোৰ-গোঁজ হৈ থকাৰ বাবেই মৃত্যুক সাৱটি লব লগাত পৰিছিল।

(ঘ) আঁকোৰ-গোঁজ মনোভাৱে মানুহক কেনেদৰে বিপদত পেলায় ? 

উত্তৰ : সমাজৰ সৰহ সংখ্যকে যিটো ভুল বা অহিতকৰ বুলি ভাবে তাক আঁকোৰ গোঁজ হৈ ব্যক্তিগতভাৱে এজনে ভাল বুলি যুক্তি দেখুৱালে তাৰ ফল ভাল নহ’ব পাৰে। বুধিয়কজনে অধিকৰ মত সমর্থন কৰে। অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতি সমন্বিতে বিলখনৰ সকলো মাছে আগন্তুক বিপদৰপৰা সাৰিব বাবে আন বিললৈ যোৱাৰ সিদ্ধান্ত কৰাত যৰ্ভৱিষ্যই আঁকোৰগোঁজ হৈ যুক্তি দেখুৱাই বিলতে থাকিল। আন মাছবোৰ অন্য বিললৈ গুচি গ’ল। ফলত অনাগতবিধাতা, প্রত্যুৎপন্নমতি সমন্বিতে আন মাছবোৰে মৃত্যুৰ হাত সাৰিলে আৰু যদভৱিষ্য মৃত্যুৰ মুখত পৰিল। আঁকোৰ গোঁজ মনোভাৱ ললে এইদৰে মানুহৰো বিপদ হ’ব পাৰে।

প্রশ্ন : ৬। তলৰ আধৰুৱা বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ পাঠটো পঢ়া আৰু খালী অংশটো পূৰ কৰি লিখা। (উত্তৰৰ বাবে পূৰ কৰা অংশৰ তলত আঁচ টনা হৈছে।)

উত্তৰ : (ক) এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগতবিধাতা, প্রত্যুৎপন্নমতি আৰু যদভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছে বহুদিন ধৰি একেলগে বাস কৰি আছিল। এদিন অনাগতবিধাতাই বিলত সাঁতুৰি-নাদুৰি থাকোতে সেই ফালেবে গৈ থকা মাছমৰীয়াকেইজনমানে কথা পতা শুনিলে— ‘এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ মাছ আছে। গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব।

(খ) যদ্ভৱিষ্যৰ এনেকুৱা আঁকোৰগোঁজ মনোভাব দেখি তেওঁক এৰি অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গেৰে সৈতে আন বিল গুচি গ’ল। পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে। তেওঁলো জালেৰে মাছ মাৰি গোটেই বিলখন ঘোদালি পেলালে আৰু যদভৱিষ্যৰ লগতে থকা অন্যান্য মাছবোৰকো জালেৰে ধৰি ঘৰলৈ লৈ গ’ল।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন : ১। যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহাঁ–

ন্ন, ক্ক, শ্চ, ঘ্ৰ, ন্ধ, ন্দ, ন্ম, স্থ

অন্ন →ন্ন→ ন+ন → ‘ন’ই ‘ন’ই ‘ন্ন’ : প্ৰসন্ন, প্রত্যুৎপন্নমতি।

মক্কা → ক্ক → ক + ক → ‘ক’ই ‘ক’ই ‘ক্ক’: মক্কা, বৃক্ক।

নিশ্চয় → শ্চ → শ +চ → ‘শ’ই ‘চ’ই ‘শ্চ’: নিশ্চিত, পশ্চিম।

ব্যাঘ্ৰ → ঘ্ৰ → ঘ +ৰ → ‘ঘ’ই ‘ৰ’ই ‘ঘ্ৰ’: ঘ্রাণ, শীঘ্ৰে।

সন্ধান → ন্ধ → ন+ধ → ‘ন’ই ‘ধ’ই ‘ন্ধ’ : ৰন্ধন, বন্ধন, ৰান্ধনী।

সুন্দৰ →ন্দ → ন+দ → ‘ন’ই ‘দই ‘ন্দ’ : বান্দৰ, মন্দিৰ, নন্দন, বন্দনা।

জন্ম → ন্ম → ন+ ম→ ‘ন’ই ‘মই ‘ন্ম’ : সন্মান, উন্মনা, উন্মাদনা ৷

সুস্থ → স্থ→ স+থ→ ‘স’ই ‘থ’ই ‘স্থ’ : স্থল, স্থিৰ, অসুস্থ, আস্থান, অৱস্থা। 

মনকৰিবলগীয়া : ক, খ, ত, থ, প. ফ আৰু ম এইকেইটা আখৰৰ লগতহে ‘স’ যোগ হয়। 

যেনে— বয়স্ক, স্খলন, অস্ত, স্থান, স্পন্দন, স্ফটিক, ভস্ম, অকস্মাৎ ইত্যাদি।

প্রশ্ন : ২। যুক্তাক্ষৰ গঠন কৰি পঢ়ো আহা

ক্ক→ক +ক →’ক’ই ‘ক’ই >’ক্ক’ 

ন্ন→ন+ন → ‘ন’ই ‘ন’ই > ‘ন্ন’

শ্চ →শ+ চ →’শ’ই ‘চ’ই > শ্চ

ঘ্ৰ→ ঘ+ৰ →’ঘ’ই ‘ৰ’ই > ‘ঘ্ৰ’

ন্ধ→ ন+ধ → ‘ন’ই ‘দ’ই > ‘ন্ধ’

ন্দ→ ন+দ → ‘ন’ই ‘ধ’ই > ‘ন্দ’

ন্ম→ ন+ম → ‘ন’ই ‘ম’ই > ‘ন্ম’

স্থ→ স+থ → ‘স’ই ‘থ’ই > ‘স্থ’

প্রশ্ন : ৩। তলৰ বাক্যবোৰ পঢ়া।

(ক) বানপানীয়ে মানুহৰ জীৱন বিপন্ন (বিপদগ্রস্ত) কৰে। 

(খ) ড° ভূপেন হাজৰিকা এজন বিশ্ববিশ্ৰুত (পৃথিৱীৰ সকলোৱে জনা) লোক (গায়ক) আছিল।

(গ) চন্দন (এবিধ সুগন্ধি এবিধ মূল্যবান গছ।

(ঘ) প্ৰৱন্ধ (ৰচনা) লিখা ব্যক্তিক প্ৰৱন্ধকাৰ বুলি কোৱা হয়।

(ঙ) ভক্ত প্রহ্লাদৰ ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস (প্রত্যয়, পতিয়ন) আছিল। 

(চ) জ্ঞানীয়ে জগতৰ অজ্ঞান আন্ধাৰ (পোহবহীন) দূৰ কৰে।

(ছ) দেশ মাতৃৰ প্ৰতি সন্মান (সম্ভ্রম, মান, আদৰ) জনোৱা উচিত। 

প্রশ্ন : ৪। উদাহৰণত দেখুৱাৰ দৰে ‘অ’ লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ সাজা।

উদাহৰণ— সুৰক্ষিত – অসুৰক্ষিত। 

উত্তৰ : সংলগ্ন অসংলগ্ন।

ঘটন – অঘটন।

বুজন – অবুজন।

বাট – অবাট।

চেতন – অচেতন।

সময় – অসময়।

কৃত্রিম – অকৃত্রিম।

প্রশ্ন : ৫। বাক্য ৰচনা কৰা—

হাত বাউলি দি : বন্ধুজনক সি দূৰৰপৰাই হাত বাউলি দি মাতিছিল। 

সাঁতুৰি-নাদুৰি : সিহঁত দুয়ো এইখন নদীতে সাঁতুৰি-নাদুৰি ডাঙৰ-দীঘল হৈছিল।

আঁকোৰ-গোঁজ : সমাধান কৰিব নোৱাৰা বিষয়ত আঁকোৰ-গোঁজ নোহোৱাই ভাল।

ঘোদালি : মাছমৰীয়াহঁতে বিলৰ পানী ঘোদালি পেলাইছিল।

ঘৰা-ঘৰি : জালেৰে সকলো মাছ ধৰি জালোৱাহঁত ঘৰা ঘৰি গৈছিল।

অতি শীঘ্ৰে : বিপদ কালত অতি শীঘ্ৰে সিদ্ধান্ত লোৱা উচিত। 

এখন্তেক : বিপদৰ আশংকা থকা ঠাইত এখন্তেকো থকা উচিত নহয়।

গ-জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন : ১। দলত আলোচনা কৰি কি হ’ব কোৱা আৰু লিখা।

(ক) মাছবোৰ যদি নোহোৱা হৈ যায় ?

উত্তৰ : মাছবোৰ নোহোৱা হ’লে মৎস্যভোজী প্রাণীবোৰৰ অসুবিধা হ’ব। কেৱল মাছ খাই জীয়াই থকা কিছুমান চৰাই জীয়াই নাথাকিব। মাছ খোৱা মানুহবিলাকৰো কিছু অসুবিধা হ’ব।

• বিলৰ পানী যদি শুকাই যায় ?

উত্তৰ : বিলৰ পানী শুকাই গ’লে মাছ আৰু পানীত থকা প্ৰাণীবোৰৰ মৃত্যু ঘটিব।

• মাছ যদি উভৈনদী হয় ?

উত্তৰ : মাছ উভৈনদী হ’লে মৎস্যভোজী প্ৰাণীৰ সুবিধা হ’ব। সিহঁতে অনায়াসে আহাৰৰ বাবে মাছ ধৰিব পাৰিব। মাছখোৱা মানুহবিলাকেও হেঁপাহ পলুৱাই মাছ খাব পাৰিব। ব্যৱসায়ীসকলে অইন ঠাইলৈ মাছ পঠিয়াব পাৰিব। বহুতে মাছ শুকাই সংৰক্ষণ কৰিব পাৰিব।

(খ) তলৰ সমস্যাবোৰ তুমি কেনেকৈ সমাধান কৰিবা ? 

• বিদ্যালয়লৈ গৈ থাকোতে উজুটি খাই পৰি তেজ ওলালে?

উত্তৰ : ওচৰত যদি ফাৰ্মাচী থাকে তেনেহ’লে তাৰপৰা প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিম। যদিহে ফার্মাচী নাথাকে তেনেহ’লে ৰুমালেৰে ভালকৈ বান্ধি ফাৰ্মাচীলৈ যোৱাৰ যত্ন কৰিম। যখম যদি বেছি নহয় তেনেহ’লে ফাৰ্মাচী বা ডাক্তৰখানালৈ নোযোৱাকৈ বন দৰব প্ৰয়োগ কৰাৰ যত্ন কৰিম। নাজীফুলৰ পাত, জাৰ্মানী লতাৰ পাত আদিৰ ৰস দিলে তেজ বন্ধ হয়।

• সমুখত সাপ বা কুকুৰ দেখা পালে ?

উত্তৰ : খেদি আহিছে নে স্বাভাবিক ভাবে আছে লক্ষ্য কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। খেদি নাহিলে দুৰৰপৰা গতি-বিধি লক্ষ্য কৰি সিহঁতে ৰাস্তা এৰি যোৱালৈ চার লাগিব। খেদি আহিলে প্ৰতিৰোধৰ কিবা উপায় থাকিলে গ্রহণ কৰিব লাগিব নাইবা আঁতৰি যাব লাগিব।

• শ্ৰেণী কোঠাত দুজন ল’ৰাৰ মাজত কাজিয়া লাগিলে ?

উত্তৰ : কোনো জনৰে পক্ষ নোলোৱাকৈ মধ্যস্থতা কৰি বুজোৱাৰ যত্ন কৰিব লাগিব। দুয়োজন যেন বন্ধু আৰু সেই বন্ধুত্ব সমগ্ৰ জীৱিত কালৰ বাবে প্ৰয়োজনীয় সেই কথা বুজাই দিব লাগিব। এতিয়া কাজিয়া কৰিলে ভবিষ্যতে নিজৰ ঠাই এৰি গৈ দুয়ো ওচৰা-উচৰিকৈ থাকি চাকৰি-বাকৰি কৰিব লগা হ’লে ওবেজীৱন এক অস্বস্তি অশাস্তিত ভুগিব লাগিব। গতিকে কাজিয়া নকৰাই ভাল।

প্রশ্ন : ২। ‘মাছ’ শব্দত থকা আখৰ দুটাৰে আৰু কিমান নতুন শব্দ গঠন কৰিব পাৰা, দলত আলোচনা কৰা আৰু তলৰ তালিকাত লিখা।

Class 5 Assamese Question 2

প্রশ্ন : ৩। তোমালোকে (তিনিটা মাছৰ কাহিনী) পাঠটোত পোৱা তৎক্ষণাৎ ‘প্রত্যুৎপন্নমতি’ শব্দ দুটাত ব্যৱহাৰ হোৱা ‘ৎ’ টো দেখিছা।’ৎ’ থকা বিভিন্ন শব্দ লিখা।

উত্তৰ : হঠাৎ, বিদ্যুৎ, হৃৎপিণ্ড, অর্থাৎ, ভর্ৎসনা, বাৎসল্য, উৎপল, উৎপত্তি।

প্রশ্ন : ৪। মাছৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। 

উত্তৰ : খাল, পুখুৰী, নৈ, বিল আৰু সাগৰৰ পানীত মাছ থাকে। নৈ-বিলত থকা মাছতকৈ সাগৰত থকা মাছ কিছুমান অতি বৃহৎ আকাৰৰ হয়। সৰু সৰু মাছবোৰ বহুতো চৰাইৰ আহাৰ। বগলী, মাছ বোকা আদি চৰায়ে মাছ খাই জীয়াই থাকে। জন্তুৰ ভিতৰত হায়েনাই মাছ খায়। সিহঁতে তৰাং পানীত নামি পানীৰ তলৰপৰা মুখেৰে কামুৰি মাছ লৈ আহে।

মাছ বহুতো মানুহৰ প্রিয় খাদ্য। অসমৰ মানুহে মাছ খায়। বৌ, বৰালি, ভকুৱা, শ’ল, শাল, মাগুৰ, শিঙি, কাৱৈ, শিঙৰা, নিছলা, ভাঙোন, পুথি, খলিহনা, দৰিকণা, চেং, গৰৈ আদি অসমৰ খাল-বিলত পোৱা মাছ।

প্রশ্ন : ৫। ছবিখন চাই কোনে কি কৰিছে কোৱা।

Class 5 Assamese Question 5

উত্তৰ : নিজে যত্ন কৰা।

প্রশ্ন : ৬। তলৰ বাক্যবোৰৰ ভাব বুজাই লিখা।

(ক) সাৱধানৰ মৰণ নাই। 

(খ) বাছি খাবা, জাগি শুবা। (চাই খাবা জাগি শুবা।) 

উত্তৰ : সাৱধানৰ মৰণ নাইঃ আমি দৈনন্দিন জীৱনত বিভিন্ন কাম-কাজত ব্যস্ত থাকিব লগা হয়। কামবোৰৰ কোনোটো সহজ কোনোটো কঠিন হ’ব পাৰে।

সকলো কামকে কৰাৰ সময়ত ‘আনকি’ ৰাস্তাই-ঘাটে যাতায়াত কৰাৰ সময়ত আমি সাবধান হৈ থকা উচিত। অন্যমনস্ক হৈ কোনো কাম কৰাৰ পৰিণাম ভয়ানক হ’ব পাৰে। সাবধান নোহোৱাৰ ফলত মানুহৰ জীৱনত বহুতো অঘটন ঘটে আৰু কেতিয়াবা দুৰ্ভাগ্যজনকভাৱে কোনোজনৰ মৃত্যু পর্যন্ত ঘটিব পাৰে। সেইবাবে সকলো সময়তে সাবধান হৈ থাকিব লাগে। অসুবিধা বা বিপদত নপৰিবৰ বাবে সদায় কোনো কাম কৰাৰ সময়ত সাৱধান হ’লে বিপদৰপৰা ৰক্ষা পৰিব পাৰি। সেই কথা বুজাবৰ বাবেই ‘সাবধানৰ মৰণ নাই’ কথাষাৰ ব্যৱহাৰ কৰা হয়। 

(খ) বাছি খাবা, জাগি শুবা। (চাই খাবা, জাগি শুবা।)

উত্তৰ : খোৱা বস্তু সদায় ভালকৈ চাব লাগে। খাদ্যৰ লগত কোনো বেয়া বস্তু মিহলি হৈ থাকি শৰীৰৰ অনিষ্ট ঘটাব পাৰে। চাঁই-চিতি খোৱাকে বাছি খোৱা বুলি কোৱা হৈছে। পৰিশ্ৰমৰ অন্তত জিৰণি লবৰ বাবে ৰাতি আমি শোওঁ বা টোপনি যাওঁ। টোপনিতো সাৱধান থকা কথাকে জাগি অর্থাৎ সাৰে থাকি শোৱাৰ কথা কোৱা হৈছে। অর্থাৎ আমি শোৱাৰ সময়তো যথাসম্ভৱ কাণ সজাগ ৰাখি শুব লাগে। নিশ্চিন্ত হৈ শুই পৰিব নালাগে। কাণ সজাগ ৰাখি শুলে বিপদ-বিঘিনিৰপৰা ৰক্ষা পৰিব পাৰি।

ঘ-প্রকল্প

প্রশ্ন : ১। অসমত মাছৰ নামেৰে বহুতো ঠাইৰ নাম আছে। প্ৰতিটো দলে নিজাববীয়াকৈ মাছৰ নামেৰে থকা ঠাইৰ নামৰ তালিকা প্রস্তুত কৰা।

উদাহৰণ—কাৱৈমাৰী (জিলা-বৰপেটা)

মাছৰ নামেৰে ঠাইৰ নামজিলাৰ নামকি কাৰণে বিখ্যাত
শিঙিমাৰীকামৰূপশাক-পাচলিৰ বাবে।
শ’লমাৰাকামৰূপ
পুথিমাৰীকামৰূপ
গৰৈমাৰীদৰং
শালমাৰীকামৰূপ (ৰঙিয়া)
বৰালিমাৰী

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising