🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 5 Assamese Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল

Class 5 Assamese Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল, Class 5 Assamese Chapter 9 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল Solutions for All Subject, You can practice these here.

ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল

Chapter – 9

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

১। উত্তৰ দিয়া:

(ক) ভতুৱা আৰু খকুঁৱাৰ মাজত কিয় খৰিয়াল লাগিছিল?

উত্তৰ: গাওঁবুঢ়া খুৰাৰ চকীত খকুঁৱা বহাৰ কাৰণে খৰিয়াল লাগিছিল।

(খ) ভতুৱাই কোৱা কথাখিনি শুনি খকুঁৱাই কি কৈছিল? 

উত্তৰ: ভতুৱাৰ কথা শুনি তাক খকুঁৱাই নিলাজ, লোকৰ চোৱাপাত চেলেকা বুলি কৈছিল।

(গ) “লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ – ঠেকেচা খাওঁতে যাৰ জনম্ গল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰবি আজি তোক মই এসেকা দিসে এৰিম।”- এই কথাষাৰ কোনে কাক কৈছিল?

উত্তৰ: উক্ত কথাষাৰ ভতুৱাই খকুঁৱাক কৈছিল।

(ঘ) “জানে জেঠাই বৰফৰ দেশতো বোলে কুকুৰ আছে।” – এই কথাষাৰ কোনে  কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?

উত্তৰ: উক্ত কথাষাৰ অকুমনীয়ে জেঠায়েকক কৈছিল। বৰফৰ দেশত কুকুৰে শ্লেজ গাড়ী টানে।

২। বহলাই লিখা:

(ক) কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে? 

উত্তৰ: কুকুৰ আৰু মেকুৰীৰ স্বভাৱ আৰু আকৃতিৰ মাজত থকা মিল সমূহ হল –

  • দুয়োটা ঘৰচীয়া প্ৰাণী।
  • দুয়োটাৰে শৰীৰত মিহি মিহি নোম আছে।
  • দুয়ো চিকাৰী প্ৰাণী।
  • দুয়োৰে ঘ্ৰাণ শক্তি তীক্ষ্ণ।
  • দুয়োৰে ঠেঙত জোঙা নখ থাকে।

কুকুৰ আৰু মেকুৰীৰ মাজত থকা স্বভাৱ আৰু আকৃতিৰ অমিল সমূহ হল –

  • মেকুৰীৰ আকৃতি সৰু কিন্তু কুকুৰৰ আকৃতি ডাঙৰ।
  • মেকুৰীয়ে পানীলৈ ভয় কৰে খাই কিন্তু কুকুৰে নকৰে ।
  • মেকুৰীৰ মুখখন থোপোকা আৰু ঘূৰণীয়া কিন্তু কুকুৰৰ মুখখন জোঙা আৰু দীঘলীয়া।
  • দুয়োৰে খাবলৈ বহা ভংগী আৰু ধৰণ বেলেগ বেলেগ হয়।

(খ) কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে?

উত্তৰ: কুকুৰ হৈছে প্ৰভুভক্ত। কুকুৰে ঘৰৰ পহৰা কৰি গৃহস্থক সহায় কৰে ইয়াৰ ওপৰি যিহেতু কুকুৰৰ ঘ্ৰাণ শক্তি বহুত ভাল কিবা বস্তু হেৰালে বা চুৰ হলে বিচাৰি উলিওৱাত সহায় কৰে। মেকুৰীয়ে নিগনি, এন্দুৰৰ চিকাৰ কৰি গৃহস্থক সহায় কৰে।

(গ) অকুমণি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াইলৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা।

উত্তৰ: কুকুৰ হৈছে এবিধ ঘৰচীয়া প্ৰাণী আৰু ই অতি বিশ্বাসী আৰু প্রভুভক্ত। কুকুৰৰ দাত আৰু নখ অতি চোকা। কুকুৰৰ ঘ্ৰাণ শক্তি অতি তীক্ষ্ণ। কুকুৰে গৃহস্থৰ ঘৰত পহৰা দিয়াৰ উপৰিও আজিকালি পুলিচে চুৰ ডকাইত ধৰিবলেও কুকুৰৰ সহায় লয়। 

কুকুৰৰ দৰে মেকুৰীয়ো এবিধ ঘৰচীয়া প্ৰাণী। মেকুৰীৰ মুখখন থোপোকা আৰু ঘূৰণীয়া । মেকুৰীয়ে কোমল উমলগা ঠাইত শুই ভাল পায়। মেকুৰীয়ে নিগনি এন্দুৰৰ চিকাৰ কৰি গৃহস্থক সহায় কৰে। 

৩। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানিলৈ বহীত লিখা।

উত্তৰ 

শব্দ   অৰ্থ 
উদৰ পেট 
চুৱাপাত পেলনীয়া বা খাই বাকী থাকি যোৱা খাদ্য পেলোৱা পাত
চৰু খাদ্য ৰন্ধা পাত্ৰ
এসেকা শাস্তি দিয়া 
বিষম বেয়া , উগ্ৰ
উভয়ে দুয়োফালে
আকৃতি আকাৰ 
থোপোকা   ঘূৰণীয়া , ছুটী আকাৰৰ 
তীক্ষ্ণ চোকা 
চোকা ধাৰ থকা
উম অলপ গৰম বা তপত 
গৃহস্থ ঘৰৰ গৰাকী 
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 5 Assamese Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top