Class 4 Assamese Chapter 14 গছে যদি খোজ কাঢ়ে

Class 4 Assamese Chapter 14 গছে যদি খোজ কাঢ়ে, SEBA Chapter 14 গছে যদি খোজ কাঢ়ে Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

গছে যদি খোজ কাঢ়ে

Join Telegram channel

Chapter – 14

ক- পাঠভিত্তিক ক্রিয়া

১। পদ্যটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়ো আহা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী শিক্ষকৰ সহায়ত পঢ়া।

২। পদ্যটো আবৃত্তি কৰোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী আবৃত্তি কৰা।

উত্তৰ দিয়া।

(ক) (১) পদ্যটোত আমাৰ দৰে গছেও কি কি কৰাৰ কথা কল্পনা কৰা হৈছে?

উত্তৰঃ পদ্যটোত আমাৰ দৰে গছেও কথা কোৱা, খোজ কঢ়া,ফল আনি ঘৰে ঘৰে দিয়া আৰু আমাৰ লগত যোৱাৰ কথা কল্পনা কৰা হৈছে।

(২) গছে যদি খোজ কাঢ়ে তোমাৰ কেনে লাগিব?

উত্তৰঃ গছে যদি খোজ কাঢ়ে আমাৰ বৰ মজা লাগিব।

(৩) আমাৰ মৰম-চেনেহবোৰ গছে কিহত বান্ধি নিব?

উত্তৰঃ আমাৰ মৰম-চেনেহবোৰ গছে পাতত বান্ধি নিব।

(৪) হাবি এৰি গছ কাৰ লগত যাব বুলি ভবা হৈছে?

উত্তৰঃ হাবি এৰি গছে মানুহৰ লগত যাব বুলি ভবা হৈছে।

(৫) আমাৰ লগৰীয়া কোন হ’ব বুলি কোৱা হৈছে?

উত্তৰঃ গছবোৰ আমাৰ লগৰীয়া হ’ব বুলি কোৱা হৈছে।

(খ) (১) সৰু-ডাঙৰ গছবোৰ শাৰী পাতি গ’লে কি হ’ব?

উত্তৰঃ সৰু-ডাঙৰ গছবোৰ শাৰী পাতি গ’লে ৰাস্তাৰ দুয়ো কাষৰ পৰাই লৰা বুঢ়াই লাগি চাব।

(২) হাবি এৰি গছ গুচি গ’লে কাৰ কি অসুবিধা হ’ব?

উত্তৰঃ হাবি এৰি গছবোৰে যদি গুচি যায় তেনেহলে চাইকেল, ৰিক্সা, গাড়ীবোৰৰ অসুবিধা হ’ব। কাৰণ গছবোৰে গাড়ীবোৰক বাট এৰি নিদিব।

(৩) গছ তোমাৰ ঘৰলৈ আহিলে তুমি কি কৰিবা?

উত্তৰঃ গছ আমাৰ ঘৰলৈ আহিলে বৰ মজা হ’ব। মই সিহঁতক বহিবলৈ দিন। ঘৰৰ ভিতৰত যিহেতু সোমাব নোৱাৰে গতিকে চোতালতে ওখকৈ চকী বনাই আনি বহিবলৈ দিম।

৩। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।

শব্দঅর্থ
মজা
বিলাই
ৰ লাগি
লগৰীয়া

উত্তৰঃ 

শব্দঅর্থ
মজাআনন্দ, সুখ, সোৱাদ, তললৈ যা।
বিলাইবিলে, দুর্দশা, দুৰবস্থা।
ৰ লাগিএকেথৰে, তথা লগা, একান্ত মনে চাই থকা।
লগৰীয়াবন্ধু, সঙ্গ, একেলগে থকা।

৪। পদ্যটো গদ্য ৰূপত কোৱা আৰু লিখা।

উত্তৰঃ কবিতাটোত কবিয়ে কল্পনা কৰিব কৈছে যে গছে যদি আমাৰ দৰে কথা কব পাৰে। গছে যদি আমাৰ দৰে খোজ কাৰে কেনে মজা হব।গছে যদি ঘৰে ঘৰে ফল আনি দিয়ে তেতিয়া গছে মানুহৰ মৰম চেনেহ বোৰ পাতত বান্ধি নিব। এনেদৰে গছবোৰ হাবি এৰি যদি মানুহৰ লগত যায় চাইকেল, ৰিক্সা, গাড়ীবোৰ বিলাই বিপদী নোহোৱা হব।

সৰু ডাঙৰ গছে যেতিয়া শাৰী পাতি যাব তেতিয়া মানুহ বোৰে সেই দৃশ্য দেখি ৰ লাগি চাব।তেতিয়া বহুত মজা লাগিব। তেতিয়া গছবোৰো আমাৰ লগৰীয়া হব।

৫। তলৰ খালী ঠাইবোৰত পদ্যটোৰ পৰা শব্দ বহুৱাই সম্পূৰ্ণ কৰা।

(ক) গছে যদি _______________________।

পাৰে কথা _________________________।

গছে যদি খোজ কাঢ়ে __________________।

_________________________________।

(খ) সৰু-ডাঙৰ ______________________।

শাৰী _____________________________।

_________________________  ল’ৰা-বুঢ়াই ৰ লাগি চাব।

(গ) _____________________যে ভাই।

কেনে মজা হ’ব, 

গছবোৰো ___________________।

লগৰীয়া হ’ব।

উত্তৰঃ (ক) গছে যদি আমাৰ দৰে

পাৰে কথা ক’ব,

গছে যদি খোজ কাঢ়ে

কেনে মজা হ’ব। 

(খ) সৰু-ডাঙৰ গছ মিলি

শাৰী পাতি যাব, 

দুয়ো কাষে ল’ৰা-বুঢ়াই

ৰ লাগি চাব।

(গ) কেনে মজা হ’ব যে ভাই

কেনে মজা হ’ব, 

গছবোৰো আমাৰ দেখোন

লগৰীয়া হ’ব।

৬। পদ্যটোত থকা যুক্তাক্ষৰ দুটা ভাঙি দেখুৱাই দুটাকৈ শব্দ লিখা।

                     ক্স,                  ন্ধ

উত্তৰঃ ক্স  =  ক + স  কই সই  ক্স – ৰিক্সা।

ন্ধ  =  ন + ধ  নই ধই  ন্ধ – বান্ধি।

৭। যুক্তাক্ষৰ গঠন কৰা।

উত্তৰঃ 

৮। পদ্যটোৰ পৰা বিচাৰি উলিয়াই লিখা।

(ক) বিশেষ্য পদবোৰ যেনে গছ, ঘৰ ______________।
(খ) বিশেষণ পদবোৰ যেনে সৰু, ডাঙৰ ____________।
(গ) ক্রিয়া পদবোৰ যেনে কাঢ়ে, ক’ব____________।

উত্তৰঃ 

(ক) বিশেষ্য পদবোৰ যেনে গছ, ঘৰ,ফল, পাত, হাবি, চাইকেল, ৰিক্সা, গাড়ী, ল’ৰা-বুঢ়া।
(খ) বিশেষণ পদবোৰ যেনে সৰু, ডাঙৰ,মজা, মৰম-চেনেহ, বিলাই, শাৰী পাতি, ৰ লাগি।
(গ) ক্রিয়া পদবোৰ যেনে কাঢ়ে, ক’ব,আনে, নিয়ে যায়, যাব, হ’ব।

৯। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য লিখা।

মজা      মৰম-চেনেহ       বিলাই         লগৰীয়া

উত্তৰঃ ১। মজা – আজি বিয়াত বহুত মজা কৰিলোঁ।

২। মৰম-চেনেহ – মা মোক বহুত মৰম-চেনেহ কৰে।

৩। বিলাই –  লৰাজন বহুত দুখত বিলাই হৈ আছে।

৪। লগৰীয়া – স্কুলত মোৰ বহুত লগৰীয়া আছে।

১০। দিলত আলোচনা কৰি লিখা।

(ক) গছে আমাক কি কি দিয়ে?

উত্তৰঃ গছে আমাক ফল-মূল, কাঠ, খৰি, বতাহ, অক্সিজেন, ছাঁ,আদি দিয়ে।

(খ) গছৰ পৰা আমি কি কি কৰিব পাৰোঁ?

উত্তৰঃ গছৰ পৰা আমি চকী, মেজ, বিচনা,খৰাহী, পাচি,খোলা,দৰ্জা আদি তৈয়াৰ কৰিব পাৰো।

(গ) গছ নাথাকিলে আমাৰ কি হ’ব?

উত্তৰঃ গছ নাথাকিলে আমাৰ গছৰ পৰা পোৱা লাগতিয়াল বস্তুবোৰ আমি নাপাওঁ। পৃথিৱীখন সেউজীয়া নহয়, বালিময় হৈ পৰিব। খেতি বাতি কৰিব পৰা নাযায়। মুঠতে গছ নাথাকিলে মানব সভ্যতা ধ্বংস হ’ব।

(ঘ) গছ নাথাকিলে পশু-পক্ষীৰ কি হ’ব?

উত্তৰঃ গছ নাথাকিলে পশু-পক্ষী নাইকিয়া হব কাৰণ পশু-পক্ষীৰ বসবাস হল গছৰ ওপৰত। পশু-পক্ষীয়ে খাদ্য খাৱ নোৱাৰিব ফলত পশু-পক্ষীৰ মৃত্যু হব।

১১। সাঁথৰ ভাঙা।

(ক) গছৰ ওপৰত গুটি

গুটিৰ ওপৰত গছ

কোৱাচোন বাৰু মই

কি গছৰ সঁচ?

উত্তৰঃ মাটি কঁঠাল। (আনাৰস)।

১২। গছৰ পৰা আমি কি কি পাওঁ?

উত্তৰঃ গছৰ পৰা আমি ফল, কাঠ, খৰি, শাক-পাচলি, ছাঁ, ঔষধ,বতাহ, অক্সিজেন আদি পাওঁ।

১৩। ভাবি গুণি কোৱা।

(ক) “আমাৰ পৰা মৰম-চেনেহ 

পাতত বান্ধি নিয়ে।” 

– যি বিলাক গছৰ পাত নাই সেইবিলাকে কিহত বান্ধি নিব?

উত্তৰঃ পাত নথকা গছত কাঁইট থাকে। (যেনে-সাগৰ ফেনা) গতিকে কাঁইটত বান্ধি নিব।

(খ) “সৰু-ডাঙৰ গছ মিলি 

শাৰী পাতি যাব, 

দুয়ো কাষে ল’ৰা-বুঢ়াই 

ৰ লাগি চাব।” 

-ফল-ফুল নলগা কাঁইটীয়া গছ যদি তেনেকৈ আহে তেনেহ’লে কি হ’ব?

উত্তৰঃ ফল-ফুল নলগা কাঁইটীয়া গছ যদি তেনেকৈ আহে মানুহ বা জীৱ – জন্তু আঘাত পাব। জীৱ-জন্তু বা মানুহ গছক দেখিলে পলাব।

(গ) “হাবি এৰি গছ যদি 

আমাৰ লগত যায়,”

– আশ্রয় বিচাৰি অৰণ্যৰ হিংস্র জন্তুবোৰ আহি যদি আমাৰ বাসস্থান পায়হি, কি হ’ব?

উত্তৰঃ মানুহ আৰু জন্তুৰ সহাৱস্থান হ’লে পৃথিৱীখন স্বৰ্গত পৰিণত হ’ব। সকলোৱে এক মন আৰু এক প্রাণ লৈ একেলগে বসবাস কৰিব।

জানো আহা-

বন্যপ্রাণী সংৰক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা নিৰ্দিষ্টভাৱে ৰখা অৰণ্যকে অভয়াৰণ্য বোলে। এনে অভয়াৰণ্যত বিলুপ্তিৰ পথলৈ যোৱা বন্যপ্রাণীবোৰ চৰকাৰীভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। আনহাতে অৰণ্য হ’ল যিকোনো ডাঠ হাবি।

১৪। দলত আলোচনা কৰি কোৱা।

(ক) গছে শিপাৰ সহায়ত সাধাৰণতে মাটিৰ পৰা খাদ্য সংগ্ৰহ কৰে। খোজ কাঢ়ি ঘূৰি ফুৰিলে সিহঁতে ক’ৰ পৰা কি খাদ্য খাব?

উত্তৰঃ খোজ কাঢ়ি ঘূৰি ফুৰিলে গছে আমি খোৱা খাদ্য বোৰ খোৱাম কাৰণ গছে নিজে নিজৰ খাদ্য বনাব নোৱাৰে।

(খ) খোজ কঢ়া গছে যদি কথাও পাতিব পাৰিলেহেঁতেন তেনেহ’লে তুমি সিহঁতৰ লগত কি কি কথা পাতিলাহেঁতেন?

উত্তৰঃ গছে কথা পাতিলে আমি গছক সুধিলো হেতেন যে গছে খাদ্য কেনেকৈ খায়। আমি আমাৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰা বস্তুবোৰ গছৰ পৰা লওঁ যেনে কাঠ, ফল-মূল,শাক-পাচলি আদিৰ বাবে কেনেধৰণৰ কষ্ট পায় নে। গছৰ টোপনি কেতিয়া মাৰে ।গছে থিয় হৈ থাকিলে কষ্ট হয়নে। গছে ধুমুহা বতাহৰ পৰা কেনেকে নিজক ৰক্ষা কৰে এইবোৰ কথা সুধিলোঁ হেতেন।

(গ) তুমিও যদি পানীৰ ওপৰেদি আৰু শূন্যত (বায়ুত) খোজ কাঢ়িব পাৰিলাহেঁতেন তেনেহ’লে তোমাৰ কি কি সুবিধা হ’লহেঁতেন?

উত্তৰঃ জাহাজৰ দৰকাৰ নোহোৱা হল হেতেন আমি এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি যাব পাৰিলোঁ হেতেন। মাছ ধৰিবলৈ সহজ হল হেতেন। সাগৰৰ থকা মণি মুকুতাবোৰ লৈ আহিলোঁ হেতেন। পানীত পৰাৰ ভয় নাথাকিলে হেতেন। যেতিয়া বানপানী হৈ তেতিয়া আমাৰ বহুত অসুবিধাৰ পৰা বাছিলোঁ হেতেন। পেট্ৰলৰ ব্যৱহাৰ নহল হেতেন।

(গ) গছে খোজ কাঢ়ি ঘূৰি ফুৰিলে কাৰ কি সুবিধা আৰু অসুবিধা হ’ব?

উত্তৰঃ গছে খোজ কাঢ়ি ঘূৰি ফুৰিলে মানুহৰ সুবিধা আৰু অসুবিধা হ’ব। সুবিধা গছে খোজ কাঢ়িব পাৰিলে  মানুহৰ গছৰ পৰা পোৱা শাক-পাচলি,ফল-মূল আৰু বিভিন্ন ধৰণৰ লাগতিয়াল বস্তু গছে নিজে আহি আমাক দি গলে হেতেন। আমি দেখি নোপোৱা গছ-গছনি, ফল-মূল দেখি পালোঁ হেতেন। আমাৰ বতাহৰ প্ৰয়োজন হলে গছে দিলে হেতেন।

অসুবিধা গছে খোজ কাঢ়ি ঘূৰি ফুৰিলে গাড়ী, চাইকেল, ৰিক্সা যাব নোৱাৰিব ৰাস্তা – ঘাট বন্ধ হব ফলত আমি খোজ কাঢ়ি যাব লাগিব। গছে খোজ কাঢ়িলে ঘৰ বাৰী সাজিবলৈ নোৱাৰিলো হেতেন। এইদৰে মানুহৰ অসুবিধা হব।

(ঙ) অৰণ্য আৰু অভয়াৰণ্যৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ অৰণ্য আৰু অভয়াৰণ্যৰ মাজত পাৰ্থক্য:

অৰণ্য – অৰণ্যত বিভিন্ন ধৰণৰ খাদ্য শৃংখল দেখিবলৈ পোৱা যায়। সকলোবোৰ খাদ্য শৃংখলৰ সম্পৰ্ক আছে। যদি এটা খাদ্য শৃংখল ব্যাহত হয় তেনেহ’লে আন খাদ্য শৃংখলৰ ওপৰত প্ৰভাৱ পৰিব। অৰণ্যৰ সকলোবোৰ অংশই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ৷ যদি আমি অৰণ্যৰ পৰা এটা উপাদান, ধৰাহওক গছ আঁতৰাই পেলাওঁ তেন্তে আন উপাদানবোৰৰ ওপৰত প্ৰভাৱ পৰিব। সেইবাবেই অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো অতি প্রয়োজনীয়।

অভয়াৰণ্য – জৈৱ-বৈচিত্ৰ্যাৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। অভয়াৰণ্য মানুহৰ ঘন বসতিপূর্ণ অঞ্চলৰ পৰা বহু আঁতৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। ইয়াত বন্যপ্ৰাণীয়ে বিপদমুক্তভাৱে বিচৰণ কৰিব পাৰে। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্ৰাণীবোৰ বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। ওৰাং, সোণাই ৰূপাই, পবিতৰা, গৰমপানী আৰু লাওখোৱা আদি অসমৰ উল্লেখযোগ্য অভয়াৰণ্য।

(১৫) এথোক কলৰ সৈতে এজোপা কলগছৰ ছবি বহীত আঁকা।

উত্তৰঃ 

(১৬) তুমি দেখা তিনিবিধ গছৰ আকৃতি-প্রকৃতি, ডাল-পাত আৰু ফল-মূলৰ বিষয়ে তলৰ তালিকাত লিখা।

গছৰ নামআকৃতি/প্রকৃতিডাল-পাতফল-মূল

উত্তৰঃ 

গছৰ নামআকৃতি/প্রকৃতিডাল-পাতফল-মূল
তুলসীগছটো সৰু হয়সৰু সৰুনাই
আমগছটো ডাঙৰ হয়বহুত বেছি আছেআছে
কলগছটো দীঘল হয়ডাল- পাত দীঘল হয়আছে

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top