🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Assamese Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

Class 4 Assamese Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, SEBA Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অংকুৰণ Question Answer can be of great value to excel in the examination.

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

Chapter – 3

ক- পাঠভিত্তিক ক্রিয়া

(১) পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) ‘বিলতে হালিছে ধুনীয়া পদুমী’…গীতটি কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘বিলতে হালিছে ধুনীয়া পদুমী’ গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিছিল।

(খ) বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও লৈছিল।

(গ) বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশিনীৰ নৃত্য দেখি অনুপ্রাণিত হৈছিল?

উত্তৰঃ ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটিয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্রাণিত হৈছিল।

(ঘ) কি কি বাদ্য-যন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসম্মত চৰ্চা কৰিছিল?

উত্তৰঃ অসমৰ বিভিন্ন বাদ্য-যন্ত্র যেনে- ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল।

(ঙ) বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন কি কি?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন হল শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু ‘বাঁহী’ আলোচনীৰ বেটু-পাতৰ বাবে অঁকা সাতখলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 

(চ) বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন হয়?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো ‘বিষ্ণুৰাভা’ ‘দিৱস’ হিচাপে পালন হয়।

(ছ) তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? 

উত্তৰঃ তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম হ’ল- বাণ থিয়েটাৰ।

(২) শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰৰ পৰা বিচাৰি লিখা।

শব্দঅর্থ
সংস্কৃতি
প্রতিভাসম্পন্ন
অনুপ্রাণিত
সুনিপুণ

উত্তৰঃ

শব্দঅর্থ
সংস্কৃতিপৰম্পৰা
প্রতিভাসম্পন্নপ্ৰখৰ বুদ্ধিসম্পন্ন
অনুপ্রাণিতউৎসাহিত
সুনিপুণপার্গত
শব্দঅর্থ
সুদক্ষ
ৰচক
তীক্ষ্ণ
ভূয়সী

উত্তৰঃ

শব্দঅর্থ
সুদক্ষঅভিজ্ঞতা সম্পন্ন
ৰচকৰচিত
তীক্ষ্ণ
ভূয়সীঅতিশয়

লিখা-

(৩) কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা ৩টা নৃত্যৰ নাম?

উত্তৰঃ কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা ৩টা নৃত্যৰ নাম শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি নৃত্য আৰু কালীয় দমন নৃত্য।

(৪) কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচার্যজনৰ নাম কি?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য দার্শনিক পণ্ডিত সর্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈছিল।

(৫) বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম?

উত্তৰঃ সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালাচাঁদ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল।

(৬) যুক্তাক্ষৰ ভাঙি পড়ো আৰু লিখোঁ আহা।

উত্তৰঃ 

(৭) যুক্তাক্ষৰ গঠন কৰোঁ আহা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

(৮) পঢ়োঁ আহা।

কৃষ্ণ      উষ্ণ       উষ্ণতা     পাণ্ডু     পাণ্ডৱ   পণ্ডিত   কল্পনা

সংকল্প  কল্পতৰু  নমস্কাৰ    পুৰস্কাৰ   বিশ্ব       ঈশ্বৰ    মহেশ্বৰ

ঝান্সীৰ ৰাণী অশ্ব চালনাত পাকৈত আছিল। 

বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ পূজাৰী আছিল। 

আনন্দৰাম বৰুৱা এজন তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তি আছিল।

শিল্পীক সকলোৱে সন্মান কৰে।

(৯) শব্দ গঠন কৰোঁ আহা

উত্তৰঃ 

(১০) পাঠৰ পৰা বিচাৰি উলিয়াই লিখা।

(ক) মানুহৰ নাম, যেনে- – বিষুপ্রসাদ ৰাভা,________।

(খ) ঠাইৰ নাম, যেনে- বংগ,_____________।

(গ) অনুষ্ঠানৰ নাম, যেনে বাণ থিয়েটাৰ,_________।

(ঘ) ভাষাৰ নাম, যেনে- অসমীয়া,_____________।

(ঙ) বাদ্য-যন্ত্ৰৰ নাম, যেনে ঢোল,______________।

(চ) কর্ম বা বৃত্তিৰ নাম, যেনে গীতিকাৰ,__________।

উত্তৰঃ (ক) মানুহৰ নাম, যেনে- বিষুপ্রসাদ ৰাভা,-আনা পাভ্ লোভা, শ্রীমন্ত শংকৰদেৱ, ড°সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(খ) ঠাইৰ নাম, যেনে- বংগ,-ৰাছিয়া, কলিকতা,ভাৰত বৰ্ষ, কাশী, অসম, তেজপুৰ।

(গ) অনুষ্ঠানৰ নাম, যেনে বাণ থিয়েটাৰ,-কলিকতাৰ শান্তি নিকেতন।

(ঘ) ভাষাৰ নাম, যেনে- অসমীয়া,-গাৰো, নগা, মণিপুৰ, খাচী, মিজো, মিচিং, উর্দু, ভুটীয়া, নেপালী, বড়ো, বাংলা, কাৰ্বি, সংস্কৃত আদিয়েই প্রধান।

(ঙ) বাদ্য-যন্ত্ৰৰ নাম, যেনে ঢোল,-হামনিয়াম, তবলা, এচৰাজ, অৰ্গেন, বেহেলা, চেতাৰ আদি।

(চ) কর্ম বা বৃত্তিৰ নাম, যেনে গীতিকাৰ- নৃত্যশিল্পী, বাদ্য শিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, সুৰকাৰ আদি।

(১১) এনেধৰণৰ মানুহ, ঠাই, অনুষ্ঠান, ভাষা, গুণ, বৃত্তি, দিন, বাৰ, মাহ, জীব-জন্তু, উদ্ভিদ, বয়-বস্তু আদিৰ নাম বুজোৱা পদবোৰক বিশেষ্য পদ বুলি কোৱা হয়।

এতিয়া তোমালোকে এই পাঠটোৰ উপৰি আন পাঠত থকা বিশেষ্য পদবোৰ বাছি উলিওৱা।

উত্তৰঃ মাটি, সোণ, পানী, নিজৰা, ধৰণী, হাবি, পলু, পখী, ফুল, সৰগ, ভাৰতবৰ্ষ, হিমালয়, সাগৰ, পখিলা, পলু, অৰণ্য, কামলাং, দলং, মাছ, ৰমেন, মুকুট, শেৱালি, ডিব্ৰুগড় ইত্যাদি।

(১২) তলৰ বাক্যবোৰত থকা বিশেষ্য পদৰ তলত আঁচ টানি দেখুওৱা।

(ক) মুকুট ডিব্রুগড়লৈ যাব।

(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্রিয় পাত্র।

(গ) ৰমেন বৰ চঞ্চল।

(ঘ) গাইগৰুৱে গাখীৰ দিয়ে।

(ঙ) শৰৎ কালত শেৱালি ফুলে।

উত্তৰঃ (ক) মুকুট ডিব্রুগড়লৈ যাব।

(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্রিয় পাত্র।

(গ) ৰমেন বৰ চঞ্চল।

(ঘ) গাইগৰুৱে গাখীৰ দিয়ে।

(ঙ) শৰৎ কালত শেৱালি ফুলে।

(১৩) বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে কলা-সংস্কৃতিৰ সাধনা কৰা কেইগৰাকীমান ব্যক্তিৰ নাম লিখা।

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে কলা-সংস্কৃতিৰ সাধনা কৰা কেইগৰাকীমান ব্যক্তিৰ নাম- 

(১) ড° ভবেন্দ্ৰ নাথ শইকীয়া।

(২) ড° ভূপেন হাজৰিকা।

(৩) পুলক গগৈ

(৪) নিৰ্মলপ্ৰভা বৰদলৈ।

(৫) ড° ভবেন্দ্ৰ নাথ শইকীয়া।

(৬) জ্যোতি প্ৰসাদ আগৰৱালা।

জানো আহা-

গীতিকবি পার্বতিপ্রসাদ বৰুৱা (১৯০৪-১৯৬৪ চন)- অসমীয়া সাহিত্য- সংস্কৃতিক যিসকল লোকে অমূল্য অবদানেৰে চহকী কৰি থৈ গৈছে সেইসকলৰ ভিতৰত পার্বতিপ্রসাদ বৰুৱাও এজন। তেখেতৰ জন্ম হৈছিল শিৱসাগৰত। তেখেতে স্কুলীয়া শিক্ষা শিৱসাগৰতে সমাপ্ত কৰে। তাৰ পাছত কটন কলেজৰ পৰা আই. এছ, চি. পৰীক্ষা পাছ কৰি কলিকতাৰ স্কটিছচার্চ কলেজৰ পৰা বি. এ. পাছ কৰে। তেখেত বহু প্রতিভাসম্পন্ন ব্যক্তি আছিল। তেখেতে বহুতো গীত আৰু কবিতাৰ পুথি ৰচনা কৰি থৈ গৈছে। সেইবিলাকৰ ভিতৰত ‘লখিমী’, ‘সোণৰ সোলেঙ’, ‘গুণগুণনি’, ‘ভঙা টোকাৰীৰ সুৰ’, ‘লুইতী’, ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল’ আদি উল্লেখযোগ্য।
তেখেতে ৰচনা কৰা গীতসমূহত অসমৰ থলুৱা লোকগীত, বনগীত, আইনাম, ধাইনাম, টোকাৰী গীত, বিয়ানাম আৰু বিহুগীতৰ সুৰ দি অসমীয়া সংগীতলৈ এক নতুন ধাৰা বোৱাইছিল। তেখেতৰ বহুতো দেশপ্রেমমূলক গীত আছে। সেইবোৰ হ’ল- ‘নোবোলো তোক সোণৰ অসম’, ‘জয় জয় অসম মাতৃৰ জয়’ আৰু ‘পূজোঁ আহা আই মাতৃৰ চৰণ কমল, উঠক বাজি জয়ধ্বনি পৰম মংগল’ আদি। 

(১৪) পাৰ্বতিপ্ৰসাদ বৰুৱাৰ এই গীতটো লগে ভাগে গাওঁ আহা-

লুইতৰ চাপৰিত   ক’ৰে নাৱৰীয়া

বালিত ভাতে ৰান্ধি খায়;

সাউদৰ ডিঙৰা  বগা পালে তৰা

উজনি দেশলৈ যায়।

হেৰ নাৱৰীয়া   মেলি দে ডিঙৰা

তৰি দে শুকুলা পাল,

পশ্চিমৰ দিশৰে পছোৱা আহিছে 

বতাহ বলিছে ভাল।

পালতে লাগিব পশ্চিমৰ পছোৱা

তুল-বুল কৰিব নাও,

ঢউৰ চেৱে চেৱে  নামে লগাই দিবি

হালিব-জালিব গাৱ।

(১৫) শব্দ গঠন কৰোঁ আহা-

উত্তৰঃ নাটক  —  নাট্যকাৰ

সুৰ — সুৰকাৰ

প্রবন্ধ  —  প্ৰবন্ধকাৰ

নিবন্ধ — নিবন্ধকাৰ

(১৬) কাক কি নামেৰে জনা যায় আঁচ টানি মিলোৱা

(ক) পাৰ্বতী প্ৰসাদ বৰুৱা(ক) নটসূর্য
(খ) বিষ্ণু প্ৰসাদ ৰাভা(খ) লুইত কোঁৱৰ
(গ) জ্যোতিপ্ৰাসদ আগৰৱালা(গ) গীতি কবি
(ঘ) ফণী শৰ্মা(ঘ) কলাগুৰু
(ঙ) ৰুদ্ৰ বৰুৱা(ঙ) ৰূপকোঁৱৰ

উত্তৰঃ

(ক) পাৰ্বতী প্ৰসাদ বৰুৱা(গ) গীতি কবি 
(খ) বিষ্ণু প্ৰসাদ ৰাভা(ঘ) কলাগুৰু 
(গ) জ্যোতিপ্ৰাসদ আগৰৱালা(ঙ) ৰূপকোঁৱৰ
(ঘ) ফণী শৰ্মা(ক) নটসূর্য
(ঙ) ৰুদ্ৰ বৰুৱা(খ) লুইত কোঁৱৰ

(১৭) জানো আহা-

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীত- বৰগীত।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বচনা কৰা গীত- বিষ্ণু ৰাভা সংগীত। 
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা গীত- জ্যোতি সংগীত।
কবিগুৰু ববীন্দ্রনাথ ঠাকুৰে ৰচনা কৰা গীত- ৰবীন্দ্ৰ সংগীত।

(১৮) কোনে ৰচনা কৰিছিল?

(ক) বৰগীত_________________________।

(খ) বিষ্ণু ৰাভা সংগীত___________________।

(গ) জ্যোতি সংগীত_____________________।

(ঘ) ৰবীন্দ্র সংগীত______________________।

উত্তৰঃ (ক) বৰগীত-শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ।

(খ) বিষ্ণু ৰাভা সংগীত – বিষ্ণু প্ৰসাদ ৰাভা।

(গ) জ্যোতি সংগীত – জ্যোতি প্ৰসাদ আগৰৱালা।

(ঘ) ৰবীন্দ্র সংগীত – ৰবীন্দ্ৰ নাথ ঠাকুৰ।

(১৯) শিক্ষক বা স্থানীয় সমল ব্যক্তিৰ পৰা শিকি শ্ৰেণীকোঠাত বা বিদ্যালয়ত পতা অনুষ্ঠানত তলৰ কবিতা আৰু নৃত্য-গীতসমূহ পৰিৱেশন কৰা-

(ক) বিষ্ণু ৰাভা সংগীত।

(খ) বিষ্ণুপ্রসাদ ৰাভাই ৰচনা কৰা কবিতাৰ আবৃত্তি।

(গ) বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীতৰ নৃত্য-ৰূপ।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

(২০) তলৰ ছবিকেইখন চাই আঁকা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

(২১) তোমালোকৰ নিজ নিজ এলেকাত ব্যৱহাৰ কৰা বাদ্য-যন্ত্ৰৰ ছবি সংগ্ৰহ কৰি এখন বাদ্য-যন্ত্ৰৰ তালিকা প্রস্তুত কৰা। প্রতিটো বাদ্য-যন্ত্ৰৰ তলত নাম লিখিবা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 4 Assamese Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top