Class 4 Assamese Chapter 4 লঘোন

Class 4 Assamese Chapter 4 লঘোন, SEBA Chapter 4 লঘোন Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অংকুৰণ Question Answer can be of great value to excel in the examination.

লঘোন

Join Telegram channel

Chapter – 4

ক- পাঠভিত্তিক ক্রিয়া

১। পদ্যটি শুদ্ধ আৰু স্পষ্টকৈ আবৃত্তি কৰা।

উত্তৰঃ ছাত্র- ছাত্ৰী নিজে সুন্দৰকৈ আবৃত্তি কৰিবা।

২। উত্তৰ দিয়া।

(ক) ‘লঘোন’ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি?

উত্তৰঃ ‘লঘোন’ পদ্যটো ৰচনা কৰা কবিজনৰ নাম-নৱকান্ত বৰুৱা।

(খ) ‘লঘোন’ শব্দৰ অৰ্থ কি?

উত্তৰঃ লঘোন’ শব্দৰ অৰ্থ হ’ল – উপবাস বা অনাহাৰ।

(গ) পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি মনলৈ আছে ?

উত্তৰঃ পালোৱান বুলিলে বহুত শকত মানুহক বুজায় । যিয়ে গাত চৰ্বি ভৰত খোজ কাঢ়িবলৈ কষ্ট হয়। বৰ বলবান ব্যক্তি। পালোৱান মানুহৰ খাদ্য সাধাৰণ মানুহতকৈ বহু বেছি হয়।

৩। লঘোন’ পদ্যটিৰ ভিত্তিত ক-অংশৰ কথাখিনিৰ লগত খ- অংশৰ কথাখিনি মিলাই লিখা।

ক-অংশখ-অংশ
১৷ আছে যদি আধা সেৰজাহাজী কলকে আন
২৷ দৈ মোক নেলাগেইতাৰো দুচকল দে
৩৷ নাই যদি মালভোগচিৰা দিবা ভাল চাই
৪৷ পাপৰ আছিল বোলেগাখীৰৰ সৰ পালে
৫৷ ৰৌ মাছ ভজা আছেআঙঠাত সেকচোন

উত্তৰঃ  

ক-অংশ        খ-অংশ
১৷ আছে যদি আধা সেৰচিৰা দিবা ভাল চাই
২৷ দৈ মোক নেলাগেইগাখীৰৰ সৰ পালে
৩৷ নাই যদি মালভোগজাহাজী কলকে আন
৪৷ পাপৰ আছিল বোলেআঙঠাত সেকচোন
৫৷ ৰৌ মাছ ভজা আছেতাৰো দুচকল দে

৪। ‘লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্যটোৰ কথাখিনিৰ লগত মিলিছেনে? যদি মিলা নাই, কিয় মিলা নাই লিখা।

উত্তৰঃ লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্যটোৰ কথাখিনিৰ লগত মিলা নাই। কিয়নো ‘লঘোন’ মানে হ’ল খাদ্য নোখোৱাকৈ উপাবাসে থকা। কবিতাটোত যিমানবোৰ খাদ্য বস্তুৰ তালিকা দিছে সেইবোৰ বস্তু খালে তাক লঘোনে থকা নুবুজায়। গতিকে পদ্যটোৰ লগত লঘোন থকা নুবুজায়।

৫। তলত উল্লেখ কৰা বস্তুকেইবিধৰ বিষয়ে দলত আলোচনা কৰি চমু টোকা লিখা।

(ক) মালভোগ কল।

উত্তৰঃ কলৰ ভিতৰত মালভোগ উত্তম। কিছুমান মানুহে কলক ঔষধ হিচাপে ব্যৱহাৰ কৰে। যিকোনো কল বৰ পুষ্টিকৰ খাদ্য। মালভোগ কল বৰ উপকাৰী। 

কল কেচাকে আমি চব্‌জি বনাই খাও। আকৌ পকিলে কলৰ সোৱাদ মিঠা ফলক যি কোনো দেৱ কাৰ্যত ব্যৱহাৰ কৰা হয়। 

(খ) গাখীৰৰ সৰ।

উত্তৰঃ গাখীৰৰ সৰ হ’ল গাখীৰৰ ওপৰৰ চায়নি। গাখীৰ উতলালে ঠাণ্ডা হোৱাৰ পাছত যি ডাঠ তৰপ পৰে সেইটোৱে হ’ল গাখীৰৰ সৰ। গাখীৰৰ সৰৰ পৰা ঘি,দৈ বনোৱা হয়।গাখীৰৰ ওপৰৰ তৰপটো বৰ সোৱাদ যুক্ত হয়।

(গ) আচাৰ।

উত্তৰঃ আমি ফলৰ বা সৱজি পৰা আচাৰ তৈয়াৰ কৰিব পাৰো। আচাৰত তেল, নিমখ আৰু বিভিন্ন মা-মছলা দিয়া হয় বাবে জুতি লগা যায়। ভাত বা ৰুটিৰ লগত আচাৰ খাব পাৰোঁ।আচাৰ বহুত সোৱাদ হয়। 

(ঘ) পাপৰ।

উত্তৰঃ পাপৰ এবিধ ৰুচিকৰ খাদ্য। ইয়াক তেলত ভাজি বা জুইত সেকি খোৱা হয়। ভজা পাপৰ মুকলি অৱস্থাত ৰাখিলে ই সেমেকি যায়, তেতিয়া ইয়াৰ উপযুক্ত সোৱাদ পোৱা নাযায়। এইবিধ খাদ্য বেমাৰী মানুহৰ কাৰণে বৰ ভাল। পাপৰৰ ব্যৱহাৰ বিভিন্ন ধৰণে কৰিব পাৰি। আজিকালি বিয়া ভোজ আদিত এই পাপৰৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়।

৬। উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নঞর্থক ৰূপ লিখা।

উদাহৰণ-

ন + চায় = নাচায় বা নেচায়।

ন + কাটে = _____বা _____।

ন + পালে = _____বা______।

ন + খালে = _____বা______।

উত্তৰঃ ন + চায় = নাচায় বা নেচায়।

ন + কাটে = নাকাটে বা নেকাটে।

ন + পালে = নাপালে বা নেপালে।

ন + খালে = নাখালে বা নেখালে।

জানো আহা-

‘লঘোন’ নামৰ পদ্যটিত আহ, আন, অহা আদি স্বৰবৰ্ণেৰে আৰম্ভ হোৱা ক্রিয়া পদ আছে। এনে ধৰণৰ স্বৰবৰ্ণেৰে আৰম্ভ হোৱা ক্রিয়াত নঞর্থক ন যোগ দিলে ন-ৰ ‘অ’ স্বৰটো লোপ পায়। যেনে- ন(অ) আহ নাহ। 
(অ), ন(অ)+ আন নান (অ)। ইয়াত ‘ন’-ব ‘অ’ স্বৰটো লোপ পাইছে।

৭। তলত দিয়া স্বৰবৰ্ণেৰে আৰম্ভ হোৱা ক্ৰিয়াবোৰৰ নঞর্থক ৰূপ লিখোঁ আহা।

ন + এৰে = ________।

ন + অহা =________।

ন + উঠে =________।

ন + আছিল=________।

ন + আহিবা =________।

ন + ওলায় =_________।

উত্তৰঃ ন + এৰে = নেৰে।

ন + অহা  = নাহা।

ন + উঠে  = নুঠে।

ন + আছিল = নাছিল।

ন + আহিবা = নাহিবা।

ন + ওলায় = নোলায়।

৮। এটা শব্দত প্রকাশ কৰা।

(ক) ভোকত আতুৰ হোৱা লোক __________।

(খ) নিয়ম মতে খৰচ কৰা লোক ________।

(গ) বেছিকৈ ভাত খোৱা মানুহ_________।

(ঘ) ৰন্ধা বঢ়া কৰা তিৰোতা _________।

উত্তৰঃ (ক) ভোকত আতুৰ হোৱা লোক – ভোকাতুৰ।

(খ) নিয়ম মতে খৰচ কৰা লোক ― মিতব্যয়ী।

(গ) বেছিকৈ ভাত খোৱা মানুহ ―ভতুৱা।

(ঘ) ৰন্ধা বঢ়া কৰা তিৰোতা ― ৰান্ধনী।

৯। কোৱা আৰু লিখা।

(ক) কি কি কল তুমি খোৱা আৰু কিয় খোৱা?

উত্তৰঃ জাহাজী কল, চেনী – চম্পা কল,আঠিয়া কল, মালভোগ কল আদি কল খাওঁ।যিকোনো পকা কল খাই বৰ ভাল লাগে। কল শৰীৰৰ বাবে বহুত উপকাৰী।

(খ) কলগছ আমাৰ কি কি কামত লাগে?

উত্তৰঃ কলগছ আমি পূজা, বিয়া-সভাত ব্যৱহাৰ কৰোঁ। কলগছ সকলোৰে বাবে বৰ উপকাৰী। কলগছৰ পাত সবাহ, বিবাহ, ভোজ আদিত ৰভা হিচাপে ব্যৱহাৰ কৰিছিল। আগলতী কলপাত ধর্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। কলগছ ফালি চিৰি ৰ’দত শুকাই পুৰি কলাখাৰ তৈয়াৰ কৰা হয়। ইয়াৰ পৰা আপ্পা খাব পাৰি আৰু কাপোৰ ধোৱা হয়। 

(গ) তোমাৰ কি কি ফল খাই ভাল লাগে?

উত্তৰঃ মোৰ আম, আপেল, আঙুৰ, কঁঠাল, কল আদি ফল খাই ভাল লাগে।

(ছাত্ৰ-ছাত্ৰী নিজৰ নিজৰ ভাল লগা ফলৰ বিষয়ে লিখিবা।)

১০। তলৰ শব্দবোৰেৰে অৰ্থৰ পাৰ্থক্য প্রকাশ পোৱাকৈ বাক্য ৰচনা কৰা।

উদাহৰণ-

(ক) সৰ্‌ (ওপৰৰ পৰা পৰ, খহ)-গছৰ পকা ফলবোৰ সৰি তলত পৰিছে।

(খ) সৰ- (গাখীৰৰ ওপৰত পৰা চামনি)-পগোৱা গাখীৰৰ ওপৰত ডাঠকৈ সৰ পৰিছে।

(গ) কল- (সুখাদ্য ফল বিশেষ)___________________।

(ঘ) কল- (যন্ত্র)_____________________________।

(ঙ) চিৰা- (ফুট কঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল)_______________________________।

(চ) চিৰা- (ছেই, মাহজাতীয় উদ্ভিদৰ বীজযুক্ত দীঘলীয়া বীজাৱৰণ)_____________________________।

(ছ) দৈ- (দৈ গাখীৰ)__________________________।

(জ) দৈ- (বাঁহৰ চেপেটা আৰু মিহি কাঠি)____________।

(ঝ) আলু- (এবিধ পাচলি)______________________।

(ঞ) আলু- (দাঁতৰ গুৰি)________________________।

(ট) কোণ- (চুক)____________________________।

(ঠ) কোন- (প্রশ্নবোধক শব্দ)____________________।

উত্তৰঃ (ক) কল- (সুখাদ্য ফল বিশেষ)- জাহাজী কল আমি খাব লাগে।

(খ) কল- (যন্ত্র)- ৰহিম সিহঁতৰ কলখন বেয়া হৈ আছে।

(গ) চিৰা- (ফুট কঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল)-  গাখীৰৰ লগত চিৰা খাবলৈ বৰ ভাল লাগে।

(ঘ) চিৰা- (ছেই, মাহজাতীয় উদ্ভিদৰ বীজযুক্ত দীঘলীয়া বীজাৱৰণ)- খুৰীয়েকৰ  চিৰাবোৰ ফালি ওলাই পৰিছে।

(ঙ) দৈ- (দৈ গাখীৰ)- গৰম দিনত দৈ খালে ভাল।

(চ) দৈ- (বাঁহৰ চেপেটা আৰু মিহি কাঠি)- আমাৰ ঘৰত বাঁহৰ দৈ ৰে জেওৰা দিছে।

(ছ) আলু- (এবিধ পাচলি)- আলু আমাৰ সকলো সৱজিত দিয়ে।

(জ) আলু- (দাঁতৰ গুৰি)- মণিকাৰ দাঁতৰ আলু বহুত ফুলিছে।

(ঝ) কোণ- (চুক)- ৰাহুলে নিজৰ ৰুমটো চুকে কোনে চফা কৰিছে।

(ঞ) কোন- (প্রশ্নবোধক শব্দ)- তুমি কত যাবা ?

(১১) পদ্যটোত আলু ভাজে, মাছ ভাজে বুলি পঢ়িছা। তেনেদৰে আৰু কি কি ভাজে, ৰান্ধে, পগায় আৰু পোৰে দলত আলোচনা চনা কৰি তাৰ এখন তালিকা কৰা। 

উত্তৰঃ

ভাজেৰান্ধেপগায়পোৰে
১। কণী।১। দালি।১। গাখীৰ।১। আলু।
২। পটল।২। মাছ।২। লুথৰি।২। বিলাহী।
৩। বেঙেনা৩। মাংস।৩। গুড়।৩। মাছ।
৪। আলু৪। চয়াবিন।৪। পায়স।৪। মাংস।

(১২) আলু ভজা খাবলৈ মজা। আলু ভাজি খোৱাৰ উপৰি আৰু কি কি ধৰণে খাই পাইছা?

উত্তৰঃ (১) আলু পুৰি খাব পাৰি।

(২) আলু বাজি খাব পাৰি।

(৩) আলু চব্‌জি বনাই খাব পাৰি।

(৪) আলু মাংসত দি খাব পাৰি।

(৫) আলু বইল কৰি পিটিকি বনাই খাব পাৰি।

(১৩) মালভোগ কল আৰু জাহাজী কলৰ বাহিৰে আৰু কি কি কলৰ নাম জানা লিখা।

উত্তৰঃ ১। চেনিচম্পা।

২। মনোহৰ।

৩। আঠিয়া।

৪। কেচেলপা।

৫। পূৰা (কাচকল)।

(১৪) ‘পইতা ভাতে পোৰা মাছে’ বুলি ক’লে জিভাৰ পানী পৰে। পোৰা মাছৰ বাহিৰে আৰু কি কি আঙঠাত পুৰি বা সেকি খাব পাৰি?

উত্তৰঃ পাপৰ, বিলাহী,বেঙেনা,আলু আদি আঙঠাত পুৰি বা সেকি খাব পাৰি।

(১৫) অসমীয়া মানুহে চিৰা, সান্দহ, মুড়ি, আখৈ, কোমল চাউল, বৰা চাউলৰ জলপান খায়। চাহৰ লগত নানাবিধ পিঠা-পনা খায়। এতিয়া বজাৰত জিভাত জুতি লগা নানাবিধ খোৱা বস্তু ওলাইছে। তুমি পিছে জলপান হিচাপে কি কি খোৱা?

উত্তৰঃ ১। ফুচকা। 

২। চিকেন ৰোল। 

৩। ড’চা। 

৪। তন্দুৰী চিকেন। 

৫। পাও ভাজি। 

৬। মেগী। 

৭। লুচি ভাজি। 

৮। এগ ৰোল। 

৯। আলু-পৰঠা। 

১০। চাওমিন। 

১১। চিংৰা। 

১২। পৰঠা। 

১৩। মম।

১৪। চাও চাও ইত্যাদি। (ছাত্রী-ছাত্রী নিজৰ পছন্দ অনুযায়ী লিখিবা।)

(১৬) তলত দুবিধ খাদ্যবস্তুৰ ছবি আছে আৰু তাৰ চাৰিওফালে কেইবিধমান প্রাণীৰ নাম দিয়া হৈছে। সেইবোৰৰ ভিতৰত কোনে কোনবিধ খায় দলত আলোচনা কৰি ‘মাছ খোৱা’, ‘কল খোৱা’ ‘দুয়োবিধ খোৱা’ আৰু ‘এবিধো নোখোৱা’ প্ৰাণীৰ নামৰ তালিকা কৰা।

উত্তৰঃ মাছ খোৱা – বগলী, মেকুৰী, মাছৰোকা।

কল খোৱা – বান্দৰ, হাতী, মানুহ।

আৰু এবিধো নোখোৱা প্ৰাণী  – পাৰ।

জানো আহা-

ডাকৰ বচন
ডাকৰ বচনবোৰ লোক সংস্কৃতিৰ ভিতৰৱা। ডাক নামৰ পুৰুষ এজনে এই বচনবোৰ ৰচনা কৰিছিল। এই বচনবোৰ যুগ যুগ ধৰি মানুহৰ মুখে মুখে প্রচলিত হৈ আহিছে। ডাকৰ বচনবোৰ মানুহৰ সামাজিক আৰু ব্যাৱহাৰিক জীৱনত পালন কৰিব পৰা কিছুমান পৰামৰ্শ মূলক উক্তি, য’ত ত বাজনীতি, সমাজনীতি, ধর্মনীতি, অর্থনীতি, কৃষিনীতি, বন্ধন প্রক্রিয়া, যাত্ৰাৰ ফল, ৰোগৰ বিৱৰণ আদিৰ উল্লেখ আছে।
উদাহৰণ- তিনিশ ষাঠি জোপা ঝবা কলমাহেকে-পষেকে চিকুণাবা তল। পাত পচলা লাভত পাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা।
তিনিশ ষাঠি জোপা কলগছ ৰুই তাৰ তলখন মাহেকে-পষেকে চিকুণাব লাগে যাতে বন জাবৰ গজি উঠি কলগছৰ তলখন অনুৰ্বৰ কৰিব নোৱাবে। কলখেতিয়কে সেই কলগছৰ পাত বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে। কলৰ পুলি পচলা হিচাপে খাব পাৰে। তদুপৰি তিনিশ যাঠি জোপা কলগছৰ কল বেচি তেওঁ ঘৰতে বহি ধন ঘটিব পাৰে। ধন বিচাৰি তেওঁ লঙ্কালৈ বা দূৰলৈ যাব নালাগে।

(১৭) বহলাই লিখা।

অল্প অর্জন, বিস্তৰ ভোজন।

সেই পুৰুষৰ দৰিদ্ৰৰ লক্ষণ।

উত্তৰঃ কিছুমান মানুহে অলপ উপাৰ্জন কৰে আৰু বেছি খাই সেই মানুহৰ দৰিদ্ৰ লক্ষণ। মানুহে যিমান উপাৰ্জন কৰে তাতকে কম খৰচ কৰিব লাগে।বেছিকৈ খৰচ কৰা মানুহৰ উন্নতি নহয়। সদায় আনৰ ওচৰত ধৰুৱা হৈ থাকে। এটা সময়ত ধাৰ ঋণ কৰি সেই ধাৰ ঋণতে মৃত্যুক আকোৱালী লব লগীয়া হয়। কাৰণ উপাৰ্জন কমকৈ কৰি বেছিকৈ ভোগ কাৰ্যত খৰচ কৰিলে কেতিয়াও উন্নতি নহয়।দৰিদ্ৰ জীৱন বৰ দুখকৰ। দৰিদ্ৰ লোকক অৱজ্ঞাৰ চকুৰে চায়। সমাজতো আগস্থান নাপায়। ইয়াৰ বিপৰীতে থাকে ধনী লোক। ধনীলোকক সকলোৱে মান সম্মান কৰে। গতিকে মানুহে চিন্তা কৰিব লাগে যে তেওঁ যিমান আর্জে সেই অনুপাতেহে খৰচ কৰিব লাগে।

(১৮) তোমাৰ পৰিয়ালৰ বা আন জ্যেষ্ঠজনক সুধি তিনিটা ডাকৰ বচন সংগ্ৰহ কৰা আৰু সেই তিনিটাৰ ভাব বহলাই লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

(১৯) তলৰ সাঁথৰটো ভাঙা আৰু তেনেধৰণৰ সাঁথৰ সংগ্ৰহ কৰি লিখা।

পাখি আছে মোৰ

নোৱাৰোঁ উৰিব,

আখি আছে মোৰ 

নোৱাৰোঁ মুদিব।

ভৰি নহ’লেও

ফুৰিছোঁ ঘূৰি, 

জীৱন কটাও

পানীত সাঁতুৰি।

যদি তুমি মোক চিনি পোৱা 

তেনেহ’লে মোৰ নামটো কোৱা।

উত্তৰঃ মাছ

(২০) ছবি আঁকোঁ আহা

উত্তৰঃ ছাত্র- ছাত্ৰী নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top