Class 4 Assamese Grammar | ব্যাকৰণ

Class 4 Assamese Grammar | ব্যাকৰণ, SEBA ব্যাকৰণ Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

ব্যাকৰণ

অংকুৰণ

ASSAMESE

১৷ ভাষা কাক বোলে ? 

উত্তৰঃ যি বোৰ কথা কৈ মানুহে মনৰ ভাব এজনে আন এজনৰ আগত শুদ্ধকৈ প্ৰকাশ কৰিব পাৰে তাকে ভাষা বোলে। যেনে: অসমীয়া ভাষা, ইংৰাজী ভাষা, হিন্দী ভাষা আদি।

২৷ বর্ণ কাক বোলে ?

উত্তৰঃ যিবোৰ চিনেৰে ভাষা লিখা হয়, সেই চিনবোৰক বর্ণ বা আখৰ বোলে।

৩৷ বৰ্ণ কেইবিধ আৰু কি কি ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অসমীয়া ভাষাৰ বৰ্ণ দুইবিধ – 

১। স্বৰ বৰ্ণ।আৰু 

২। ব্যঞ্জন বর্ণ

১। স্বৰ বৰ্ণ :- স্বৰ বৰ্ণ ১১ টা – অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ। 

২। ব্যঞ্জণ বর্ণ :- ৪১ টা – ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, র, ল, ব, শ, ষ, স, হ, ক্ষ, ড়, ঢ়, য, ৎ,  ং ঃ ঁ 

৪৷ স্বৰ বৰ্ণ কাক বোলে আৰু কেইটা ?

উত্তৰঃ যিবোৰ বৰ্ণ অন্য কোনো বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি সেইবোৰ বৰ্ণক স্বৰ বৰ্ণ বোলে। স্বৰবৰ্ণ – ১১ টা। 

৫৷ ব্যঞ্জণবর্ণ কাক বোলে ?

উত্তৰঃ যিবোৰ বৰ্ণ উচ্চাৰণ কৰিবলৈ স্বৰবৰ্ণৰ সহায় ল’ব লাগে, তাক ব্যঞ্জণ বর্ণ বোলে।

৬৷ ব্যাকৰণ কাক বোলে ? 

উত্তৰঃ যি পুথি অধ্যয়ন কৰিলে ভাষা শুদ্ধকৈ ক’ব, লিখিব আৰু পঢ়িব পাৰি তাকে ব্যাকরণ বোলে। যেনেঃ অসমীয়া ভাষাৰ ব্যাকৰণ।

৭৷ ব্যাকৰণ পঢ়িলে কি লাভ হয় ?

উত্তৰঃ ব্যাকৰণ পঢ়িলে যিকোনো ভাষা শুদ্ধকৈ ক’ব, লিখিব আৰু পঢ়িব পাৰি।

৮৷ শব্দ কাক বোলে? 

উত্তৰঃ এটা বা তাতোকৈ অধিক বর্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। যেনে: ঔ, কিতাপ, কাগজ আদি।

৯৷ বাক্য কাক কয় লিখা।

উত্তৰঃ দুই বা ততোধিক শব্দ লগ লাগি সম্পূর্ণ অর্থ প্রকাশ বা মনৰ ভাব প্ৰকাশ কৰাকে বাক্য বোলে। যেনেঃ আমি কিতাপ পঢ়োঁ। 

১০। উদ্দেশ্য আৰু বিধেয় কাক বোলে ?

উত্তৰঃ বাক্যৰ যি ভাগে কোনো কাৰ্য কৰা বুজায় তাক উদ্দেশ্য বুলি কোৱা হয়। আনহাতে বাক্যৰ যি ভাগে কাম শেষ কৰা বা হোৱা বুজায় তাকে বিধেয় বুলি কোৱা হয়। যেনে : মই কিতাপ পঢ়িছোঁ। ইয়াৰ মই উদ্দেশ্য; কিতাপ পঢ়িছোঁ, বিধেয়। 

উদ্দেশ্যক আমি কৰ্ত্তা বুলিও কওঁ। আনহাতে বিধেয় অংশৰ ভাগ দুটা : কৰ্ম আৰু ক্ৰিয়া। বাক্যত কৰ্ত্তাই যাৰ ওপৰত কোনো কাম কৰে তাকে কর্ম বোলে। আৰু কৰ্ত্তাই যি কৰে; তাকে ক্রিয়া বোলে। 

১১। তলৰ বাক্য কেইটাৰ পৰা উদ্দেশ্য আৰু বিধেয় বাছি উলিওৱা। 

চিকাৰীয়ে বাঘটো মাৰিলে। 

ৰহিম আজি স্কুললৈ নাযায়।

ৰাম অযোধ্যাৰ ৰজা আছিল।

ছাত্ৰসকলে খেলিছে।

উত্তৰঃ

উদ্দেশ্যবিধেয়
চিকাৰীয়েবাঘটো মাৰিলে।
ৰহিমআজি স্কুললৈ নাযায়।
ৰামঅযোধ্যাৰ ৰজা আছিল।
ছাত্ৰসকলেখেলিছে।

১২৷ এটা শব্দত প্ৰকাশ কৰা।

যি মাটিৰ উৎপাদিকা শক্তি নাইঅনুবৰ্বৰা।
যাক দেখা নাযায়অদৃশ্য।
যি কথাৰ অৰ্থ নাইনিৰৰ্থক।
যি গধূলি হ’লে নেদেখেকুকুৰীকণা।
যাৰ ৰোগ নাইনিৰোগী।
ধান থোৱা ঘৰভঁৰাল।
গৰু বন্ধা ঘৰগোহালি।
স্বামীৰ সৰু ভাইদেৱৰ।
বৰষুণ নোহোৱা বতৰখৰাং।
যি ল’ৰা-ছোৱালীৰ মাক-বাপেক মৰিছেঘাট-মাউৰা।
নোহোৱা বস্তু উদ্ভাৱন কৰাআৱিষ্কাৰ।
যি ৰাতি ফুৰেনিশাচৰ।
মাকৰ ভনীয়েকমাহী।
আঞ্জা খাবলৈ অনা কলপূলিপচলা।
য’ত বস্তু বেচা-কিনা কৰা হয়বজাৰ, হাট।
নিজৰ ওপজা ঠাইজন্মভূমি।
পবিত্ৰ কামত মৃত্যুবৰণ কৰা লোকশহীদ।
মুখ চোকা তিৰোতামোখৰা।
ডাক ঘৰৰ চিঠি বিলিকৰা মানুহডাকোৱাল।
বল আছে যাৰবলী।
যাৰ দয়া নাইনির্দয়।
চাৰিটা বাট লগ লগা ঠাইচাৰি আলি।
দেউতাক বা পিতাকৰ ভনীয়েকপেহী।
আশ্ৰয় নাই যাৰনিৰাশ্রয়।
মৰণ নাই যাবঅমৰ।
মাটি ফুটি ওলায় যিউদ্ভিদ।
যি মানুহে বিদেশত থাকেপ্রবাসী।
বিহুৰ আগদিনাউৰুকা।
যি পাচত জন্মিছেঅনুজ৷
যি কণীৰ পৰা জন্মেঅণ্ডজ৷
যাৰ সীমা নাইঅসীম।
ধান ৰোৱা তিৰোতাৰোৱনী।
গোটেই জীৱন জুৰিআজীৱন।
জলত চৰে যিজলচৰ।
আনৰ তলতীয়া নোহোৱাস্বাধীন।

১৩৷ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা৷

উত্তৰঃ

১৪৷ পদ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বোলে।

পদ পাঁচ প্ৰকাৰৰ―

১। বিশেষ্য পদ

২। বিশেষণ পদ 

৩। সর্বনাম পদ

৪। ক্রিয়া পদ

৫। অব্যয় পদ

১৫। বিশেষ্য পদ কাক বোলে ?

উত্তৰঃ যি পদে কোনো ব্যক্তি, বস্তু, ঠাই, জাতি আদিৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে। যেনে: ৰাম, ভাত, কিতাপ, আদি। 

১৬। বিশেষণ পদ কাক বোলে ? 

উত্তৰঃ যি পদে আন পদৰ দোষ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায় তাকে বিশেষণ পদ বোলে। যেনে : ধনী, বেয়া, ভাল।

১৭। সর্বনাম পদ কাক বোলে ?

উত্তৰঃ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সর্বনাম পদ বোলে। যেনে : মই, আমি, তুমি।

১৮। ক্রিয়া পদ কাক বোলে ?

উত্তৰঃ যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ক্রিয়া পদ বোলে। যেনে : খাওঁ, খাইছে।

১৯। অব্যয় পদ কাক বোলে ?

উত্তৰঃ যিবোৰ পদৰ বাক্যত ব্যৱহাৰ হ’লেও ইহঁতৰ ৰূপৰ কোনো পৰিবৰ্ত্তন নহয় তাক অব্যয় পদ বোলে। যেনে : আৰু, কিন্তু, অথবা। 

২০৷ কাল কাক বোলে ? ই কেইবিধ? প্রত্যেকবিধৰ একোটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃ ক্ৰিয়াৰ সময়কে কাল বোলে।কাল তিনিবিধ– 

১৷ বৰ্ত্তমান কাল। ৰমেনে খেলিছে।

২৷ ভূত বা অতীত কাল। গোপীনাথ বৰদলৈ অসমৰ প্ৰধানমন্ত্ৰী আছিল। 

৩৷ ভবিষ্যৎ কাল। সিঁহত স্কুললৈ যাব।

২১৷ ‘পঢ়া’ ক্ৰিয়া পদৰ তিনিওটা কালত একোটাকৈ ব্যক্য সাজা।

উত্তৰঃ বৰ্ত্তমান কাল – মই পঢ়িছোঁ।

ভূত বা অতীত কাল – সি পঢ়িছিল।

ভৱিষ্যত কাল – মই পঢ়িম।

২২৷ “মই কিতাপ পঢ়ো” – বৰ্তমান কালৰ এই বাক্যটো অতীত বা ভৱিষ্যত কালত লিখা।

উত্তৰঃ ভূত বা অতীত কাল – মই কিতাপ পঢ়িছিলো। 

ভৱিষ্যৎ কাল – মই কিতাপ পঢ়িম।

২৩। তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা। 

চাফা লাগে পঢ়াশালি হ’ব।

খাবলৈ কল পকা সোৱাদ। 

সদায় পঢ়ে লৰাই ভাল।

বিজ্ঞানৰ মানুহে গৈছে চন্দ্ৰলৈ বলত।

কৰোঁ প্ৰাৰ্থনা আমি সদায়। 

গুৰুক শিক্ষা কৰিব লাগে ভক্তি।

কৰিছিল ধৰ্ম বৈষ্ণৱ শঙ্কৰদেৱে প্ৰচাৰ । 

আহিল ল’ৰা উভতি ৰজাৰ।

মই আপোন খেতিয়কৰ অতিকে।

ইচলাম লোকক মুছলমান ধর্মী বোলে।

উত্তৰঃ 

পঢ়াশালি চাফা হ’ব লাগে। 

পকা কল খাবলৈ সোৱাদ।

ভাল লৰাই সদায় পঢ়ে।

বিজ্ঞানৰ বলত মানুহে চন্দ্ৰলৈ গৈছে।

আমি সদায় প্রার্থনা কৰোঁ।

শিক্ষা গুৰুক ভক্তি কৰিব লাগে।

শঙ্কৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। 

ৰজাৰ ল’ৰা উভতি আহিল।

খেতিয়কৰ মই অতিকে আপোন।

ইচলাম লোকক মুছলমান ধর্মী বোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top