Class 4 Assamese Chapter 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল

Class 4 Assamese Chapter 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল, SEBA Chapter 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অংকুৰণ Question Answer can be of great value to excel in the examination.

মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল

Join Telegram channel

Chapter – 2

ক- পাঠভিত্তিক ক্রিয়া

উত্তৰ দিয়া।

১। কামলাং নৈখন কোন প্রদেশত আছে?

উত্তৰঃ কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে।

২। কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি?

উত্তৰঃ কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম হ’ল- কোৱান্ ছা।

৩। কোৱাছাই কামলাঙৰ পানীত কি পাতি থৈছিল?

উত্তৰঃ কোৱানছাই কামলাঙৰ পানীত এখন দলঙা পাতি থৈছিল।

৪। ডাঙৰ মাছটো কোৱানছাই ক’ত জীয়াই থৈছিল?

উত্তৰঃ ডাঙৰ মাছটো কোৱানছাই লাউৰ খোলা এটাত জীয়াই থৈছিল।

৫। কোৱান্‌ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল?

উত্তৰঃ কোৱানছাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে।

৬। তাঁত-শালখন মেলি খট্‌খটাই কোনে কাপোৰ বৈছিল?

উত্তৰঃ কোৱান্‌ছাই জীয়াই থোৱা ডাঙৰ মাছটোৱে নিজ ৰূপ এৰি এজনী দিপ্‌লিপ্ ছোৱালী হৈ তাঁত শালখন খট্‌খটায়া কাপোৰ বৈছিল।

(৭) সাধুটো নিজৰ কথাৰে কোৱা।

উত্তৰঃ অৰুণাচল প্ৰদেশৰ কামলাং নৈখনত কোৱানছা নামৰ ডেকা জনে মাছ মাৰিবলৈ যায়। তেওঁ বৰ পৰিশ্ৰমী ডেকা। তেওঁ কৰা কামবোৰৰ ভিতৰত মাছ মৰা কামটো বৰ বেছি ভাল পাইছিল। এদিন তেওঁ কামলাঙৰ পানীত এখন দলভা পাতি থোৱাত তাত দুটা অচিনাকী মাছ উঠিছিল। তাৰে এটা সৰু আনটো ডাঙৰ। সৰু মাছটো খাই ডাঙৰ মাছটো তেওঁ এটা লাওঁখোলাৰ ভিতৰত জীয়াই থৈছিল।

এদিনাখন গধূলি কামৰ পৰা উভতি আহি কোৱানছাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। কাপোৰৰ দমটো দেখি সি বিস্ময় মাগিছিল। কেইবাদিনো ধৰি কোৱান্‌ছাই তাৰ ঘৰটো বিভিন্ন বং কাপোৰেৰে ভৰি থকা দেখা পায়হি। এদিন তেওঁ লুকাই থাকি সেই ৰহস্য ভেদ কৰিলে। মাছটোৱে নিজৰ ৰূপ এৰি এজনী দিপলিপ ছোৱালী হৈ তাতশাল মেলি খটখটাই কাপোৰ বলৈ ধৰিছিল। কোৱানছাই সাউৎকৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰিছিল ভয়তে ছোৱালীজনীয়ে কৈছিল যে তাই হাম্ৰ ফৈদৰ জীয়াৰী হামব্রুমাই। ঘৰ কামলাঙত। আদি মানৱী নিমণকেই তেওঁক শিপিনী হ’বলৈ কোৱা বাবে তেওঁ কাপোৰ বইছে। ফুলৰ নমুনাৰ ক্ষেত্ৰত কলে যে পানীৰ বুৰবুৰণি, পানীৰ ঢৌ,পাহাৰৰ গছ-গছনিৰ সৌন্দৰ্যত মোহিত হৈ সেইবোৰৰ চানেকি কাপোৰত তুলিছিল। পানীত দেখা ৰঙা, নীলা আৰু বগা এই তিনি ৰঙৰ সাপ দেখি তাৰো বঙীণ চানেকিবে বুটা তুলিলে। আকাশৰ মনোমোহা ৰং, ডাৱৰৰ লুকা-ভাকু আৰু মাছৰ বাকলিৰ চিক্‌মিকনিৰ ছবিৰেও কাপোৰত বুটা বাচিলে। হামব্রুমাইৰ কথা শুনি কোৱানছা মোহিত হ’ল আৰু তাইক বিয়া কৰালে।

এদিন তেওঁলোকে কাপোৰবোৰ ৰ’দত শুকুৱাবলৈ দিছিল। হঠাতে অহা ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুক-কোণে সিচৰিত কৰি দিলে। যিবোৰ ঠাইত কাপোৰবোৰ পৰিল সেই ঠাইৰ মানুহবোৰে তেতিয়াৰে পৰা কাপোৰ বব জনা হ’ল। হামব্রুমায়ে কথাটো গম পাই কৈছিল যে পৃথিৱীৰ উপকাৰ হ’ল। আদি মানৱী নিম্‌কেৰ মনোবাঞ্ছাও পূৰ্ণ হ’ল।

(৮) কোনে কাক কৈছিল লিখা।

(ক) ‘তই কোন? ক’ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক’ত পালি? 

উত্তৰঃ’ কোৱান্‌ছাই হামব্রুমাইক কৈছিল।

(খ) ‘পৃথিৱীৰ উপকাৰ হ’ল। আদি মানৱী নিক্কেৰ মনোবাঞ্ছাও পূর্ণ হ’ল।’

উত্তৰঃ হামব্রুমায়ে কোৱান্‌ছাক কৈছিল।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

জানো আহা-

‘পেটত গাঁথি, টেকেলিও কাতি’ এইটো এটা প্রবচন। প্রবচনটোত বহু-ভাব লুকাই আছে। মানুহৰ পেটত খুদকণ এটিও নপৰিলে ভোকৰ জ্বালা অধিকতৰ হয় আৰু তেতিয়া ভোক নিবাৰণৰ বাবে পেটত গাঁথি মাৰিবলগীয়া অৱস্থা হয়। আনহাতে, চাউল আদি নথকা টেকেলিও কাতি হৈ পৰি থাকে। পেটত গাঁথি, টেকেলিও কাতি এই প্রবচনটোৰ দ্বাৰা কোৱান্‌দা নামৰ ডেকা এজনৰ আৰ্থিক দুৰৱস্থাৰ কথাকেই প্রকাশ পাইছে।

আমাৰ ভাষাত থকা এনেকুৱা কিছুমান খণ্ড বাক্য, ফকৰা-যোজনা, প্রবচন, নীতি- বচন আদিত একো একোটা গূঢ়ার্থ বা ভাব নিহিত হৈ থাকে। এই ভাব বা অর্থক সহজ-সৰলভাবে বুজাই লিখাকে ভাব বহলাই লিখা বা ভাব সম্প্রসাৰণ বোলে।

(৯) তলৰ প্রবচনফাকিৰ ভাব বহলাই লিখা।

(ক) ‘ৰাইজে নখ জোকাৰিলে নৈ বয়।’

উত্তৰঃ একতাৰ বল বুজাবলৈ এই প্ৰবচনটো ব্যৱহাৰ কৰা হৈছে।আমি অকলে নোৱাৰা কামটো যদি ৰাইজে সকলোৱে মিলি কৰোঁ তেতিয়া সফল হম। নৈ এখন বোঁৱাবলৈ হ’লে তাৰ উৎস স্থলত বহুতো পানী থকাটো প্রয়োজন। যদি পানী বেছি নাথাকে তেন্তে নৈ বৈ যাব নোৱাৰে। সেইদৰে এজন মানুহে পানীৰে নৈ বোৱাতো সম্ভৱ নহয়। কিন্তু ৰাইজ যদি একে লগ লাগে আৰু ৰাজহুৱা কাম কাজবোৰ ৰাইজৰ সামান্য শ্রম বা ধনৰ বিনিময়ত সহজে যিকোনো কঠিন কাম সহজে কৰিবলৈ সক্ষম হয়। গতিকে এক গোট হৈ কাম কৰিলে সেই কাম সহজে কৰিব পৰা যায়। সেয়েহে আমি সকলোৱে একতাবদ্ধ হৈ কাম কৰিব লাগে।

(১০) বাক্য ৰচনা কৰা।

(১) ঘাত-মাউৰা _______________________।

(২) চুকে-কোণে ________________________।

(৩) গছ-গছনি __________________________।

(৪) লুকা-ভাকু __________________________।

উত্তৰঃ (১) ঘাত-মাউৰা – ৰাহুল এজন ঘাত-মাউৰা লৰা হয়।

(২) চুকে-কোণে – ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুকে-কোণে সিঁচৰতি কৰে।

(৩) গছ-গছনি – গছ- গছনি আমি ৰুৱ লাগে।

(৪) লুকা-ভাকু – সৰুতে আমি লুকা- ভাকু খেল-খেলি ছিলো।

(১১) পাঠটোৰ পৰা যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ পাঠটোৰ পৰা যুক্তাক্ষৰ থকা শব্দবোৰ হল প্রদেশ, বিস্ময়, হামব্রু, আৰম্ভ, সৌন্দর্য, যুগ্ম, পৃথিৱী, মনোবাঞ্ছা, পূর্ণ।

(১২) তলত দিয়া বাক্যকেইটা পড়া আৰু সেই বাক্যবোৰক প্রশ্নবোধক বাক্যলৈ নিয়া।

(ক) মই হামব্রু ফৈদৰ জীয়াৰী।

উত্তৰঃ ফৈদৰ জীয়াৰী কোন?

(খ) মোৰ ঘৰ কামলাঙত।

উত্তৰঃ তোমাৰ ঘৰ কত?

(গ) মই বজাৰৰ পৰা আহিছোঁ।

উত্তৰঃ তুমি কত গৈছিলা?

(ঘ) মই সাধু শুনি ভাল পাওঁ।

উত্তৰঃ তুমি কি কৰি ভাল পোৱা?

(ঙ) কোৱান্‌ছাই মাছ মাৰি ভাল পায়।

উত্তৰঃ কোৱান্‌ছাই কি কৰি ভাল পায়?

যুক্তাক্ষৰ ভাঙি পড়ো আৰু লিখোঁ আহা।

যুগ্ম গ্ম = গ+ম গই মই গ্ম-অযুগ্ম, বাগ্মিতা

যুক্তাক্ষৰ গঠন কৰোঁ আহা

গ+ম = গই মই গ্ম

পঢ়োঁ আহা:

যুগ্মঅযুগ্মযুগ্মৰাশি
হিব্রুহামব্রুডিব্রুগড়

যুগ্ম মানে যোৰ।

গণিতত যুগ্ম আৰু অযুগ্ম সংখ্যা আছে।

যুগ্মৰাশিক সমানে দুভাগ কৰিব পাৰি,কিন্তু অযুগ্মক নোৱাৰি।

জানো আহা।

নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱান্‌ছা কামলৈ যা । ঘূৰি আহি প্রতিদিনে তেওঁ বাৰেবৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়হি। এদিন ৰহস্য ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল। কোৱান্‌ছাই দেখিবলৈ পালে যে মাছটোৱে লাহেকৈ লাউৰ খোলাটোৰ পৰা ওলাই আহি দীপ্-লিপ ছোৱালী এজনী হ’ল। তাই তাঁত-শাল মেলি খঙ্খটাই কাপোৰ ববলৈ ধৰিলে। কোৱান্‌দাই সাউৎকৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে- “তই কোন? ক’ৰপৰা আহিছ? কেনেকৈ কাপোৰ বলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক’ত পালি?”
ওপৰৰ বাক্যবোৰত পোৱা কেইটিমান শব্দ তলৰ তালিকাত ভাঙি দেখুওৱা হৈছে চোৱা।
বাক্যত ব্যবহাৰ হোৱা ৰূপ                 শব্দৰ মূল ৰূপ                    লগ লাগিছে                    মাছটোক                                                 মাছ                                   টো-ক     কামলৈ                  কাম                               লৈ (অলৈ)
কাপোৰেৰেকামলৈঘৰটোৰওচৰতেকোৱান্‌ছাইমাছটোৱেলাউৰখোলাটোৰ পৰাতাইৰহাততক’ৰ পৰাকাপোৰকামঘৰওচৰকোৱান্‌ছামাছলাউখোলাতাইহাতক’ৰৰে (এৰে)লৈ (অলৈ)টো-ৰঅত-এইটো-এ (ৱে)ৰটো-ৰ পৰাৰতপৰা

বাক্যত ব্যৱহাৰ হওঁতে শব্দৰ লগত লগলগা এই ৰূপবোৰৰ কিছুমান শব্দবিভক্তি (ই,এ, ক, বে, লৈ, পৰা, ৰ, ত) আৰু পৰসৰ্গ। উদাহৰণত থকা ‘টো’ নির্দিষ্টতাবাচক প্রত্যয়। শব্দ বিভক্তিবোৰ শব্দৰ লগত পোনে পোনে লগ লাগে, যেনে- ঘৰৰ। কিন্তু নির্দিষ্টতাবাচক প্রত্যয় লগ লাগিলে প্রত্যয়টো শব্দত আৰু বিভক্তি সেই প্রত্যয়টোৰ পাছত লগ লাগে, যেনে- ঘৰ-টো-ৰ ঘৰটোৰ।

পাঠটোত থকা ই, এ (এ, বে, য়ে), ক, বে (এবে), লৈ (অলৈ), ব, ত বিভক্তি যোগ হোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

(১৩) তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি আনি লিখা।

(১) বুঢ়া — 

(২) নিৰানন্দ —

(৩) শেষ — 

(৩) খালী — 

(৪) জপাই — 

উত্তৰঃ বুঢ়া — ডেকা।

নিৰানন্দ —আনন্দ।

শেষ — আৰম্ভ।

খালী — ভৰ্তি (ভৰি থকা)

জপাই — মেলি।

(১৪) কোৱানহাই কামলাং নদীত দলঙাৰে মাছ ধৰিছিল। তোমালোকে দলঙা দেখিছানে? দলঙাৰ বাহিৰেও আন কি কি সঁজুলিৰে মাছ ধৰিব পাৰি? 

উত্তৰঃ আমি দলঙা দেখিছো।দলঙাৰ বাহিৰেও আমি জাল, চেপা, জাকৈ, চহৰা,পল আদিৰে মাছ ধৰিব পাৰি।

(১৫) হামব্রুমাই তাঁত-শাল মেলি খটখটাই কাপোৰ বৈছিল। তাঁতশালৰ বাহিৰেও আন কি কি শালত কাপোৰ বব পাৰি? তোমালোকৰ ঘৰত বা অঞ্চলত বা দূৰদৰ্শনৰ অনুষ্ঠানত কেনেকুৱা সঁজুলিৰে তাঁত বোৱা দেখিছা? 

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

(১৬) তুমি জনা সাধু এটা কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

(১৭) অৰুণাচল অসমৰ এখন চুবুৰীয়া ৰাজ্য। অসমৰ চৌপাশে থকা আন চুবুৰীয়া ৰাজ্যবোৰ কি কি মেপত চাই নাম লিখা।

উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যসমূহ হ’ল ― অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰ।

(১৮) কামলাং নদী অৰুণাচলৰ মাজেৰে বৈ আহিছে। অৰুণাচলৰ মাজেৰে অসমলৈ বৈ অহা নদীবিলাকৰ নাম লিখা। (আবশ্যকবোধে ভূচিত্রাবলী ব্যৱহাৰ কৰিবা)

উত্তৰঃ অৰুণাচলৰ মাজেৰে অসমলৈ বৈ অহা নদীবিলাকৰ নাম হল লোহিত, চিয়াং, সোৱণশিৰি, কামেং আৰু টিৰাপ নদী।

(১৯) কোৱানাই দলঙাৰে ধৰা মাছ দুটা বৰ ৰংচঙীয়া আৰু ধুনীয়া আছিল। একুৰিয়ামত এনে ধৰণৰ মাছ পোহে বা ৰাখে। এনে ধৰণৰ মাছ পালে তোমালোকেও খোলা মুখৰ বটল বা বৈয়ামত জীয়াই ৰাখি সিহঁতৰ কার্যাবলী চাবা।

মাছ কি কি প্রণালীৰে খাব পাবি?

উত্তৰঃ মাছ বিভিন্ন প্রণালীৰে খাব পাৰি যেনে:

(১) মাছ ভাজি।

(২) মাছ ৰান্ধি।

(৩) জুইত পুৰি খাব পাৰি।

(৪) ৰ’দত শুকাই।

(৫) পাতত মেৰিয়াই।

(২০) সাধাৰণতে পাতে, মাৰে, বায় আদি শব্দবোৰ আমি মাছ ধৰা সঁজুলিৰ লগত ব্যৱহাৰ কৰোঁ। এই শব্দবোৰ অন্য শব্দৰ লগতো ব্যৱহাৰ হয়। যেনে-

(ক) জাল পাতে  (খ) জাল মাৰে    (গ) জাকৈ বায়
চেপা পাতে।পল মাৰে।জুলুকি বায়।
দৈ পাতে।বঠা মাৰে।ঢোল বায়।
থাপনা পাতে।দলি মাৰে।হাল বায়।
____পাতে।____মাৰে।____বায়।
___পাতে।____মাৰে।___বায়।

উত্তৰঃ

(ক) জাল পাতে  (খ) জাল মাৰে    (গ) জাকৈ বায়
চেপা পাতে।পল মাৰে।জুলুকি বায়।
দৈ পাতে।বঠা মাৰে।ঢোল বায়।
থাপনা পাতে।দলি মাৰে।হাল বায়।
দোকান পাতে।মাছ মাৰে।সাপ বায়।
সভা পাতে। মৰণা মাৰে।বেণু বায়।

এই সাধুটোত এটা মাছে হামব্রুমাই নামৰ এজনী দীপ্-লিপ ছোৱালীৰ ৰূপ লৈছিল। ঠিক তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ পুথিত থকা ‘ঔ-কুঁৱৰী’ নামৰ সাধুটোত ঔৰ পৰা এজনী দীপ্-ল্লিপ ছোৱালী ওলোৱাৰ কথা আছে। এনে ধৰণৰ জীৱ-জন্তু, ভেকুলী, সাপ, ফল-মূল আদিৰ পৰা কোঁৱৰ-কুঁৱৰী ওলোৱা বা ৰূপ লোৱা সাধু সংগ্রহ কৰি কোৱা। 

ঘ- প্রকল্প

(২১) অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সাজ-পোছাকৰ নাম সংগ্রহ কৰি লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

(২২) বিভিন্ন পৰিস্থিতি অনুসৰি কোনে কি পোছাক পৰিধান কৰিছে ছবি চাই কোৱা আৰু লিখা।

উত্তৰঃ (১) উকিল। 

(২) খেলুৱৈ। 

(৩) মাছ বিক্ৰী কৰা তিৰোতা। 

(৪) জাকৈ মৰা তিৰোতা। 

(৫) পুলিচ। 

(৬) বিহু নচা পেপা বজোৱা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top