Class 4 Assamese Chapter 1 মোৰ দেশ ভাল, SEBA Chapter 1 মোৰ দেশ ভাল Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অংকুৰণ Question Answer can be of great value to excel in the examination.
মোৰ দেশ ভাল
Chapter – 1
অংকুৰণ
ASSAMESE
☆ পদ্যটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী শুদ্ধ উচ্চাৰণেৰে আবৃত্তি কৰাঁ।)
☆ পদ্যটিৰ কথাখিনি নিজৰ কথাৰে কোৱা।
উত্তৰঃ কবিৰ মতে নিজৰ দেশখন আনৰ দেশতকৈ বহুত বেছি ভাল, সেইবাৱে তেওঁ চিৰদিন চিৰকাল আই মাতৃৰ চৰণত সেৱা কৰিব। এই দেশৰ মাটি যিবোৰ নেকি সোণৰ চপৰা সদৃশ, যি এই দেশৰ পানী যিয়ে নেকি নিজৰ মানুহৰ তৃষ্ণা দূৰ কৰিব পাৰে তেনেকুৱা দেশ আন ক’তো বিছাৰি পোৱা নাযায়। অসমৰ হাবি বননিত উৎপাদন হোৱা চাহ গছ বিভিন্ন প্ৰকাৰৰ গছ আদি বিক্ৰী কৰি ধন সংগ্ৰহ কৰিব পাৰি এনে এখন দেশ পৃথিৱীৰ আন ক’তো নাই। অসমতে অর্থাৎ কবিৰ জন্মভূমিত এৰি, মুগা, পাট পোৱা যায়। যাৰ সহায়ত ছাঁতে শুকোৱা, মুঠিতে লুকোৱা বস্তু তৈয়াৰ কৰিব পাৰি। যি হাবিত চৰাই চিৰিকটিৰ কাকলি শুনা যায়, যাৰ মাত শুনিলে মন প্রাণ আনন্দৰে ভৰি পৰে। বাৰ মাহে ফুলা ফুলবোৰে আমাৰ মন আহ্লাদিত কৰে। ফল মূলোক পৰিপূৰ্ণ ঠাই পৃথিৱীৰ আন ক’তো নাই। এনে এখন সোণালী মৰম আদৰেৰে মিলিজুলি থাকিব পাৰে, তেনে এখন দেশ আন এখন দেশতকৈ বহুত বেছি ভাল বুলি কবিয়ে উল্লেখ কৰিছে।
উত্তৰ দিয়া –
(ক) কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি ?
উত্তৰঃ অসম ৰাজ্য।
(খ) ক’ত আছে এনে ঠাই সৰগ-ফুলনি
ক’ত আছে এনে আই সোণৰ-গোসাঁনী।
— পদ্যছোৱাত ‘ঠাই’ আৰু ‘আই’ক কাৰ লগত তুলনা কৰিছে ?
উত্তৰঃ কবিয়ে ‘ঠাই’ আৰু ‘আই’ক নিজৰ দেশক আইন দেশৰ লগত তুলনা কৰিছে।
পদ্যটিত কবিয়ে কি কি শব্দ প্ৰয়োগ কৰি নিজৰ দেশৰ গুণ বর্ণনা কৰিছে লিখা।
উত্তৰঃ পদ্যটিত কবিয়ে বর্ণনা কৰি প্ৰয়োগ কৰা শব্দ কেইটা হ’ল – সোণৰ চপৰা মাটি, পানী সুধাৰ নিজৰা, ধন থকা হাবি-বননি, বাৰ মাহে ফুলা ফুল অমাতৰ মাত্ৰ চৰাই চিৰিকতি, স্বৰ্গৰ নিচিনা ফুলনি বাগিছা আদি।
☆ নামৰ তালিকা কৰা ।
(ক) ‘ক’ত আছে এনে ফুল ফুলে বাৰমাহ’
বাৰমাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা।
ফুলৰ তালিকা | |
• | • |
• | • |
• | • |
• | • |
উত্তৰঃ
ফুলৰ তালিকা | |
গোলাপ | কামিনী কাঞ্চন |
জবা | অপৰাজিতা |
মালতী | কাঠণ্ডা |
খৰিকাজাই | চম্পা |
(খ) ‘ক’ত আছে এনে ধান এই ধৰণীত’
কেইবিধমান ধানৰ নাম লিখা।
ধানৰ তালিকা | |
・ | ・ |
・ | ・ |
・ | ・ |
・ | ・ |
উত্তৰঃ
ধানৰ তালিকা | |
আইজন | কলদানি |
জহাধান | বৰধানা |
মইনাগিৰি | ৰণজিৎ ধান |
বৰাধান | পাঞ্জাৱ জহা |
☆ তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা।
উদাহৰণ – ‘সকলো দেশত কৰি মোৰ দেশ ভাল’
ওপৰৰ পদ্যশাৰী গদ্যত লিখিলে এনে হ’ব – মোৰ দেশ সকলো দেশতকৈ ভাল।
(ক) ক’ত আছে এনে মাটি সোণৰ চপৰা
ক’ত আছে এনে পানী সুধাৰ নিজৰা।
উত্তৰঃ ক’ত আছে সোণৰ চপৰা থকা মাটি, ক’ত আছে তৃষ্ণা দূৰ কৰিব পৰা নিজৰাৰ পানী।
(খ) ডাই-ভনী মিলি য’ত থাকো চিৰকাল
সকলো দেশত কৰি মোৰ দেশ ভাল।
উত্তৰঃ কবিৰ দেশখন বৰ ভাল, সেইবাবে তেওঁৰ দেশৰ মানুহে ভাই-ভনীৰ নিচিনা প্রত্যেকেই চিৰকাল মিলিজুলি থাকে সেইবাবে কবিৰ দেশখন সকলো দেশতকৈ কবিৰ দেশখন ভাল।
☆ পদ্যটি গদ্য ৰূপত লিখা।
উত্তৰঃ (উত্তৰটি দ্বিতীয় প্ৰশ্নৰ উত্তৰটিৰ সৈতে একে।)
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
জানো আহা
মোৰ দেশ সকলোতকৈ ভাল। ইয়াৰ অৰ্থ, কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে। এনেদৰে বহুতৰ লগত দোষ-গুণৰ তুলনা কৰিবলৈ বাক্যত সকলোতকৈ, সবাতোকৈ বা আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰা হয়।
☆ সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূর্ণ কৰা।
(ক) ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা ………. দীঘল আৰু ব্ৰহ্মপুত্ৰ ……….বহল৷
(খ) মাজুলী পৃথিৱীৰ ভিতৰত ……… ডাঙৰ নদী-দ্বীপ।
(গ) কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় ……….আপুৰুগীয়া।
(ঘ) আনৰ বস্তুৰ প্ৰতি লোভ ……….বেয়া গুণ।
উত্তৰঃ ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা সকলোতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল।
(খ) মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী-দ্বীপ।
(গ) কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় সকলোতকৈ আপুৰুগীয়া।
(ঘ) আনৰ বস্তুৰ প্ৰতি লোভ আটাইতকৈ বেয়া গুণ।
জানো আহা
তুলনা সাধাৰণতে দুটা বা তাতকৈ অধিকৰ মাজত হয়। তেনেক্ষেত্ৰত দোষ-গুণ কম-বেছি বুজাবৰ বাবে সাধাৰণতে ‘তকৈ’ যোগ দি তুলনা কৰা হয়।
যেনে – ৰীতা ভনিতাতকৈ ধুনীয়া। তুলা লোতকৈ পাতল। নাই মোমাইতকৈ কণা মোমাই ভাল।
☆ আঁচটনা ঠাইত ‘-তকৈ’ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া।
অসমৰ আটাই ……… দীঘল নদ ব্রহ্মপুত্র।
মাজুলী আটাই ………ডাঙৰ নদী-দ্বীপ।
মাউন্ট এভাৰেষ্ট সকলো ………ওখ শৃংগ
উত্তৰঃ অসমৰ আটাইতকৈ দীঘল নদ ব্রহ্মপুত্র।
মাজুলী আটাইতকৈ ডাঙৰ নদী-দ্বীপ।
মাউন্ট এভাৰেষ্ট সকলোতকৈ ওখ শৃংগ।
☆ শব্দৰ খেল খেলোঁ আহা
মনত ৰাখিবা – ঙ, ঞ, ণ, ৱ, য় আৰু ৎ,ং, ঃ, ঁ– এই কেইটা আখৰেৰে আৰম্ভ হোৱা শব্দ অসমীয়া ভাষাত নাই। চন্দ্ৰ (ঁ) অকলে নবহে। ই সদায় স্বৰধ্বনিৰ লগত যুক্ত হৈ থাকে। গতিকে খেলোঁতে শব্দৰ শেষত যদি উক্ত আখৰকেইটা আহে, তেনেহ’লে খেলখন আকৌ আৰম্ভ কৰি খেলিবা।

উত্তৰঃ

☆ তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা।
- অভিজিৎ ক্ষীণ, ৰাজেশ শকত।
- আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ।
- জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু৷
উত্তৰঃ
- অভিজিত্তকৈ ৰাজেশ শকত।
- আমলখিজোপাতকৈ বেঙেনাজোপা চাপৰ ।
- আমাৰ বাৰীৰ পুখুৰীটোতকৈ জয়সাগৰ পুখুৰীটো ডাঙৰ ।
শব্দ গঠন কৰা।


☆ তলৰ বাক্যাংশৰ লগত খাপখোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা ৷
- চিৰ দিন নমস্কাৰ কৰিবলগীয়া
- মাহ খেতিয়ে জুৰি থকা ঠাই।
- চিৰদিন মনত ৰাখিবলগীয়া।
- বাঁহ গছেৰে ভৰি থকা ঠাই
উত্তৰঃ
- চিৰ দিন নমস্কাৰ কৰিবলগীয়া ― চিৰনমস্য
- মাহ খেতিয়ে জুৰি থকা ঠাই ― মাহনি
- চিৰদিন মনত ৰাখিবলগীয়া ― চিৰস্মৰণীয়
- বাঁহ গছেৰে ভৰি থকা ঠাই ― বাহঁনি।
☆ বাক্য ৰচনা কৰা।
অমাতৰ মাত ____
উলাহ ____
চিৰকাল ____
উত্তৰঃ অমাৰ মাত :- ছোৱালীজনীৰ অমাতৰ মাতে শত্ৰুৰো মন মুহিব পাৰিছে।
উলাহ :- নাতিয়েকৰ বিয়া পতা বাবে বুঢ়ীমাকৰ মন উলাহেৰে ভৰি পৰিছে।
চিৰকাল :- গুৰুসকল আমাৰ চিৰদিন চিৰকাল নমস্য।
গ-জ্ঞান সম্প্রসাৰণ
☆ কাৰণবোৰ লিখা।
(ক) তুমি তোমাৰ ওপজা ঠাইখনক ভাল পোৱানে ? যদি পোৱা কি ?
উত্তৰঃ মই মোৰ ওপজা ঠাইখনক বৰ ভাল পাওঁ। কাৰণ এই ঠাইখনত থাকিয়ে মই ডাঙৰ দীঘল হৈছো। এই ঠাইৰ বায়ু পানী সেৱন কৰিছো। ইয়াত হোৱা খাদ্য খাই জীয়াই আছো। ইয়াতেই মই আই পিতাৰ পৰা মাত কথা শুনিছো, কব পৰা হৈছো। লগ সমনীয়াৰ লগত থাকি শৈশৱৰ দিনবোৰ পাৰ কৰিছো। সেইবাবে মোৰ ওপজা ঠাইখন বৰ ভাল পাওঁ।
(ছাত্রী-ছাত্রী নিজৰ নিজৰ ঠাইখনৰ মন্তব্য লিখিবা।)
(খ) তুমি কি কি কাম কৰিলে মাৰাই মনত সুখ আৰু দুখ পায় ?
উত্তৰঃ মই সদায় লিখা পঢ়া কৰি থাকিলে, ডাঙৰক সন্মান জনালে, ৰাতিপুৱা সোনকালে বিছনাৰ পৰা উঠিলে, ভাইটিৰ লগত বা ভণ্টিৰ লগত মিলিজুলি থাকিলে, -মা কৰবালৈ যাব ওলালে মই যদি হাঁহি মুখে বিদায় দিও, খাবৰ সময়ত যি দিয়ে তাকে খালে মায়ে মনত বৰ সুখ পায়। ইয়াৰ বিপৰীতে যদি মই সদায় মিছা কথা কওঁ, সমনীয়াৰ লগত নতুবা ভাইটী ভণ্টিৰ লগত কাজিয়া কৰোঁ, লিখা পঢ়া নকৰি ঘূৰি ফুৰো, খোৱাৰ সময়তো কন্দা কটা কৰোঁ, ইটো নাখাও, সিটো লাগিবই এনে ধৰণৰ কাম কৰো, তেতিয়া মায়ে মনত বৰ দুখ পায়।
(গ) আনে তোমাৰ কোনবোৰ কথা ক’লে তুমি লাজ পোৱা আৰু কোনবোৰ কথা ক’লে তোমাৰ বুকুখন গর্বত ফুলি উঠে ?
উত্তৰঃ মই ৰাতিপুৱা দেৰিকৈ উঠো, গা মূৰ নোধোৱাকৈ স্কুললৈ যাওঁ, দেউতাৰ জেপৰ পৰা লুকাই চুৰকৈ পইচা নিও, ডাঙৰৰ মুখে মুখে তর্ক কৰো, মিছা কওঁ এনে ধৰণৰ বেয়া কামৰ বৰ্ণনা দিলে তেনেবোৰ কথাই মোক বৰ লাজ দিয়ে।
যদি মোক কোনোবাই কয়– ই পঢ়া-শুনাত বৰ ভাল, মা-দেউতাকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰো বাধ্য ছাত্র, কেতিয়াও মিছা কথা নকয়, ইয়াক বিশ্বাস কৰিব পাৰি, ই আনৰ উপকাৰ কৰি ভাল পায় এনে ধৰণৰ কথা ক’লৈ মোৰ বুকুখন গর্বত ফুলি উঠে।
☆ তলৰ বাৰ্যশাৰী দুবাৰ লিখা।
দেশতকৈ মোমাই ডাঙৰ নহয়।
ভাৰতৰ মানচিত্র এখন চাই পদ্যটিৰ আধাৰত চাৰিসীমা লিখা।
উত্তৰঃ উত্তৰে ― হিমালয়
দক্ষিণে ― ভাৰত মহাসাগৰ, বংগ উপসাগৰ
পুৱে – চীন, নেপাল, ভুটান
পশ্চিমে – আৰব সাগৰ।
ঘ-প্রকল্প
☆ তুমি জনা বা শুনা প্রাকৃতিক সম্পদ এখন তালিকা প্রস্তুত কৰা আৰু সেই সম্পদৰ উপকাৰিতাৰ বিষয়ে তিনিটাকৈ বাক্য লিখা।
উত্তৰঃ
সম্পদ নাম | উপকাৰিতা |
১। বাঁহ | ১। বাঁহেৰে কাগজ তৈয়াৰ কৰা হয়।২। বাঁহেৰে জেওৰা দিয়া হয়।৩। বাঁহেৰে খৰাহি, চালনী আদি তৈয়াৰ কৰা হয়। |
২। গছ | ১। গছৰ পৰা ফল-মূল পোৱা যায়।২। গছে আমাক ছাঁ দিয়ে।৩। গছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। |
৩। পুখুৰী/নদী | ১। মাছ- কাছ পোৱা যায়।২। খোৱা পানী ব্যৱহাৰ কৰিব পাৰি।৩। নদীৰ পানী শস্যত যোগান ধৰিব পাৰি। |
৪। শিল | ১। ঘৰ বন্ধা কামত ব্যৱহাৰ কৰা হয়।২। পানী ফিল্টাৰ কৰিবলৈও শিল লাগে।৩। ৰাস্তাঘাটত বোকা নহবৰ বাবে শিল দিয়া হয়। |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
I am setisfy…..