Class 4 Assamese Letter Writing | চিঠি আৰু দৰ্খাস্ত

Class 4 Assamese Letter Writing | চিঠি আৰু দৰ্খাস্ত, SEBA চিঠি আৰু দৰ্খাস্ত Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

চিঠি আৰু দৰ্খাস্ত

অংকুৰণ

ASSAMESE

অতিৰত থকা বন্ধু-বান্ধব বা আত্মীয় জনলৈ সকলো খা-খবৰ, নিজৰ মনৰ ভাব আদি কাগজত লিখি পঠোৱাকে চিঠি বোলে। চিঠি ডাক যোগে পঠোৱা হয়। চিঠি হাতে-হাতেও পঠোৱা হয়। ডাকযোগে পঠোৱা চিঠিত টিকট মাৰি পঠোৱা হয়। পোষ্ট-কার্ড, লেফেফা বা খাম আৰু ইন্‌লেও লেটাৰত চিঠি লিখা হয়। চিঠিত লিখা ভাষা, বানান আদি শুদ্ধ হোৱা উচিত।

চিঠিৰ প্ৰধান ভাগ দুটা – 

১। গৰ্ভ ভাগ।আৰু 

২। শিৰোনামা বা ঠিকনা। 

চিঠিৰ যি ভাগত লিখকে নিজৰ মনৰ ভাব প্রকাশ কৰি লিখে সেই অংশক গর্ভ বোলা হয়। যালৈ চিঠি দিয়া যায় তেওঁৰ নাম থকা ঠাই আদি লিখা ভাগক শিৰোনামা বোলা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

চিঠিৰ আৰ্হি

পুতেকে দেউতাকলৈ লিখা চিঠি

শ্রীহৰি

বাইহাটা চাৰিআলি (সুতাৰকুস্থি) 

দিনাংক ………..

পৰম পূজনীয় দেউতা,

প্রথমে মোৰ সেৱা গ্ৰহণ কৰিব। বর্তমান ভগৱানৰ কৃপাত আমাৰ ঘৰৰ সকলোৰে ভাল। আশাকৰো পৰমেশ্বৰৰ কৃপাত আপোনাৰো ভাল। আপুনি মনি অর্ডাবযোগে পঠোৱা টকা পালো।

আমাৰ বছৰেকীয়া পৰীক্ষালৈ আৰু মাত্র ১০ দিন আছে। মই ভালদৰে পঢ়া-শুনা কৰি আছো। বছেৰেকীয়া পৰীক্ষাৰ ৫ দিন পিছতেই আমাৰ বৃত্তি পৰীক্ষা আৰম্ভ হ’ব। বৃত্তি পৰীক্ষালৈ আমাৰ বিদ্যালয়ৰ পৰা মাত্র ৬ জন ছাত্ৰ-ছাত্ৰীৰ নাম পঠাইছে। আপুনি পাৰিলে অহা সপ্তাহত ঘৰলৈ আহি যাব। বেছি নিলিখো। চিঠিৰ উত্তৰ সোনকালে দিব। শেষত পুনৰ সেৱা জনালো। ইতি

আপোনাৰ সেৱক

শ্রীজিন্টু ডেকা

জীয়েকে মাকলৈ লিখা চিঠি

শ্ৰীদুৰ্গা

গুৱাহাটী

দিনাংক………..

পৰম পূজনীয়া মা,

প্রথমে মোৰ সেৱা গ্ৰহণ কৰিব। বর্তমান মোৰ ভাল। আশাকৰো ঈশ্বৰৰ কৃপাত ঘৰৰ সকলোৰে মঙ্গল।

আমাৰ ছমহীয়া পৰীক্ষালৈ এসপ্তাহ আছে। মই পৰীক্ষালৈ ভালদৰে পঢ়া শুনা কৰি আছো। পৰীক্ষাৰ পিছতেই আমাৰ গৰমৰ বন্ধ হ’ব। পূজনীয় দেউতাক মোৰ সেৱা জনালো। মৰমৰ ভাইটিলৈ মোৰ মৰম পঠালো। আপুনিও শেষত মোৰ সেৱা ল’ব। ইতি-

আপোনাৰ সেৱিকা

চয়নিকা কলিতা

বন্ধুলৈ লিখা চিঠি

শ্রীহৰি

ঢেকিয়াজুলি

দিনাংক……….

প্রিয় বন্ধু,

প্ৰথমে মোৰ আন্তৰিক মৰমবোৰ ল’বা। তোমাৰ চিঠিখন যোৱা সপ্তাহত পাই মই বৰ আনন্দিত হ’লো। তুমি শ্ৰেণীত প্রথম হোৱাৰ বাবে মই বৰ সুখী হৈছো। লগতে তোমালৈ অভিনন্দন পঠালো।

এইবাৰ আমাৰ ইয়াত এই মাহৰ ২০ তাৰিখৰ পৰা ২৩ তাৰিখলৈ ‘বিজ্ঞান প্রদর্শনী’ হ’ব। গতিকে তুমি এই প্রদর্শনী চাবলৈ আমাৰ ঘৰলৈ আহিবা। আমি দুয়ো এই বিজ্ঞান প্রদর্শনী চাম।

ভগৱানৰ কৃপাত আমাৰ ঘৰৰ সকলোৰে ভাল। আশাকৰো তোমালোকৰ সকলোৰে মঙ্গল। বিশেষ নিলিখো। তোমাৰ মা-দেউতালৈ মোৰ সেৱা জনালো। লগতে মৰমৰ ভাইটিলে মোৰ মৰম দিলো। বিশেষ নাই। পুনৰ মৰম লবা। ইতি-

তোমাৰ মৰমৰ বন্ধু

শ্ৰীজয়ন্ত কুমাৰ ডেকা 

নেতাজী বুনিয়াদী বিদ্যালয়

ঢেকিয়াজুলি।

দৰ্খাস্ত লিখাৰ আৰ্হি

(১) বিদ্যালয়ত উপস্থিত থাকিব নোৱৰাৰ বাবে প্রধান শিক্ষক / শিক্ষয়িত্ৰীলৈ ছুটীৰ বাবে আবেদন।

মাননীয় / মাননীয়া,

পিপলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক / শিক্ষয়িত্রী / মহোদয় | মহাদয়াৰ সমীপেষু ।

তাৰিখ– ২–৭–২০০৭

বিষয় :- বিদ্যালয়ত উপস্থিত থাকিব নোৱৰাৰ বাবে আবেদন।

মহাশয় / মহাশয়া, 

সন্মানপূর্বক নিবেদন এই যে, মই আপোনাৰ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত পঢ়ো। যোৱা ইং––––তাৰিখৰ পৰা –––তাৰিখলৈ মোৰ (জ্বৰ হোৱা কাৰণে, আন ঠাইলৈ যাব লগা হোৱা বাবে, খুৰাৰ বিয়াৰ বাবে ইত্যাদি) বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই । গতিকে মহোদয়ে মোক উক্ত দিনকেইটাৰ ছুটী মঞ্জুৰ কৰি দিয়ে যেন। এয়ে মহোদয়ৰ ওচৰত প্ৰাৰ্থনা। 

ইতি-

আপোনাৰ একান্ত বাধ্য ছাত্র 

শ্রীনৰেন্দ্ৰ কুমাৰ ডেকা 

চতুর্থ শ্রেণী 

শাখা– ক 

ৰোল নং– ২

অভিভাৱকৰ চহী

তাৰিখ …………………

বিদ্যালয়ৰ পৰা সোনকালে যোৱাৰ অনুমতি বিচাৰি প্ৰধান শিক্ষক / শিক্ষয়িত্ৰীলৈ আবেদন।

মাননীয়/মাননীয়া,

পিপলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক / শিক্ষয়িত্রী মহোদয় / মহোদয়াৰ সমীপেষু ।

মাননীয় / মাননীয়া শ্রেণী শিক্ষক / শিক্ষয়িত্রী মহোদয় / মহোদয়াৰ জৰিয়তে। 

মহাশয়/ মহাশয়া,

সম্মানপূর্বক বিনীত নিবেদন এই যে আজি হঠাতে মই, পেটৰ বিষ (জ্বৰ, বিশেষ কাম) অনুভৱ কৰিছোঁ। গতিকে মই তৃতীয় ঘণ্টাৰ পাছত ঘৰলৈ যাবলৈ বিচাৰিছো। মহোদয়ে মোক যাবলৈ অনুমতি দি বাধিত কৰে যেনে।

এয়ে মোৰ সৰল মিনতি। ইতি-

আপোনাৰ একান্ত বাধ্য ছাত্র

শ্ৰী ধৃতিৰাজ কাশ্যপ

শ্রেণী–

ৰোল নং–

তাৰিখ

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top