Class 4 Assamese Chapter 13 জন্ম-দিনৰ আয়োজন

Class 4 Assamese Chapter 13 জন্ম-দিনৰ আয়োজন, SEBA Chapter 13 জন্ম-দিনৰ আয়োজন Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

জন্ম-দিনৰ আয়োজন

Join Telegram channel

Chapter – 13

ক- পাঠভিত্তিক ক্রিয়া

১। নাটিকাখন ভালদৰে পঢ়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী শিক্ষকৰ সহায়ত লৈ কৰা।

২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল?

উত্তৰঃ সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছিল।

(খ) সীমান্তৰ জন্ম-দিনটো কি বাৰত হ’ব?

উত্তৰঃ সীমান্তৰ জন্ম-দিনটো সোমবাৰে হ’ব।

(গ) মাকে সীমান্তৰ জন্ম-দিনত কি কৰিম বুলি ভাবিছে?

উত্তৰঃ মাকে সীমান্তৰ জন্ম-দিনত নামঘৰত শৰাই এখন দিব বুলি ভাবিছে।

(ঘ) সীমান্তই জন্ম-দিনত কাক কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে?

উত্তৰঃ সীমান্তই জন্ম-দিনত ৰুনজুন, মিতা, ভুলী, চিৰঞ্জীৱ, মকবুল হতক মাতিম বুলি ভাবিছিল।

(ঙ) স্কুলৰ বাইদেৱে জন্ম-দিনত সীমান্তক কি কৰিবলৈ কৈছে?

উত্তৰঃ স্কুলৰ বাইদেৱে জন্ম দিনত সীমান্তক গছ পুলি ৰুবলৈ কৈছে।

৩। ‘জন্ম-দিনৰ আয়োজন’ নাটিকাখনিত কাৰ কাৰ মাজত কথোপকথন হৈছে? নাটিকাখনিৰ কথা-বতৰাখিনি নিজৰ কথাৰে গদ্য ৰূপত কোৱা আৰু লিখা।

উত্তৰঃ জন্ম দিনৰ আয়োজন’ নাটিকাখনিত সীমান্ত আৰু তেওঁৰ মাকৰ মাজত কথোপকথন হৈছে।

সীমান্তৰ মাকে পাকঘৰত বহি পাচলি কাটি থাকোতেই সীমন্তৰ পঢ়া টেবুলখন পৰিপাটিকৈ থোৱাৰ কথা কৈছে। মাকে মাকৰ লগত সীমন্তক কামত সহায় কৰি দিয়াৰ কথা কৈছে। ডলাখনত থকা চাউলখিনি টিনটোত ভৰাই থোৱাৰ কথা কৈছে। সীমান্তই টিনটোত চাউল ভৰাই থকা সময়ত মাকক অহা সোমবাৰে তাৰ জন্ম দিনৰ কথা মনত পেলাই দিছে। মাকে সীমান্তৰ কথা শুনি জন্ম দিনটোত নামঘৰত শৰাই এখন দিব বুলি কৈছে।তেতিয়া সীমান্তই কৈছিল যে অকল শৰাই দিলেই নহব সেইবাৰ তেওঁ (সীমান্তই) তেওঁৰ বন্ধু বান্ধৱী সকলোকো মাতিব। গতিকে তেওঁলোকক খুৱাবলৈ মাকক জলপান যোগাৰ কৰা কথা কৈছিল।

মাকে সীমান্তক সুধিছিল যে কাক কাক নিমন্ত্ৰণ কৰিবা। সীমান্তই তেতিয়া কৈছিল যে ৰুণজুন, মিতা, ভুলী, চিৰঞ্জীৱ,মকবুল মাকে আকৌ ৰতন আৰু মিনাৰ কথা মনত কৰি দিছে। সীমান্তই আকৌ মাকক কৈছিল যে তেওঁৰ জন্মদিনত স্কুলৰ বাইদেৱেকে এটি গছপুলি ৰোৱাৰ কথা কৈছে। গতিকে তেওঁ পদূলি মূৰত এটি নাহৰ পুলি ৰুব। তেতিয়া মাকে সীমান্তক কৈছিল অকল পুলি ৰুলে নহব তাৰ প্ৰতিপালন কৰিব লাগিব। ইয়াৰ লগত মাকে তেওঁক ছবি অঁকা, মহৎ লোকৰ বাণী বা নীতি বচনো সংগ্রহ কৰি সেইবোৰ সুন্দৰকৈ বেৰত আৰি থোৱাৰ কথা কৈছে।

শব্দৰ অৰ্থবোৰ জানি লোৱা।

পাকঘৰৰান্ধনি-ঘৰ, ভাত ৰন্ধা ঘৰ
ডলাবাঁহৰ কাঠীৰে সজা এবিধ চেপেটা ঘূৰণীয়া পাত্ৰ
প্রতিপালপালন কৰ
দায়িত্বপালন কৰিবলগীয়া কৰ্তব্য
প্রশ্নসোধা কার্য, জিজ্ঞাসা

যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা-

প্রশ্ন           শ্ন       =        শ+ন     শই      নই    শ্ন

শিৰশ্ছেদ  শ্ছ      =        শ+ছ     শই      ছই  শ্ছ

সীমান্ত      ন্ত       =        ন+ত      নই      তই   ন্ত

বন্ধু           ন্ধু        =       ন + ধ + উ  নই  ধই   ন্ধ  তাত উ-কাৰে ন্ধু

যুক্তাক্ষৰ গঠন কৰোঁ আহা-

শ + ন   শই   নই       শ্ন

শ + ছ    শই    ছই

ন + ত    নই     তই     ন্ত

ন  +  ধ  +  উ    নই    ধই    ন্ধ     তাত   উ-কাৰে ন্ধু

(গ) পড়ো আহা-

প্রশ্ন            প্রশ্নোত্তৰ          প্রশ্নকাকত

উচ্ছেদ        বিচ্ছেদ            শিৰশ্ছেদ

বন্ধু              বান্ধবী             বসুন্ধৰা

শান্ত             সীমান্ত            অন্তৰীক্ষ

শিক্ষকে ছাত্র-ছাত্রীক প্রশ্ন সোধে।

ছাত্ৰ-ছাত্ৰীয়ে সেই প্রশ্নৰ উত্তৰ দিয়ে।

প্রশ্নোত্তৰ শুদ্ধ হ’লে, প্রশ্নকর্তাই সন্তোষ পায়।

জানো আহা-

মাক – ৰতন আৰু মীনাক তুমি পাহৰিলা নেকি?
মাক – তুমি পদ্য লিখিবা নাইবা ছবি আঁকিবা। মহৎ লোকৰ বাণী বা নীতি-বচনো সংগ্রহ কৰিব পাৰা।
মাক – এৰা ,পিছে কাক কাক মাতিম বুলি ভাবিছা?
সীমান্ত – আ’ মা, আচল কথাটো কওঁ ৰ’বা।
প্রথম বাক্যটোত আৰু শব্দটোৱে (১) ৰতনক তুমি পাহৰিলা নেকি? (২) মীনাক
তুমি পাহৰিলা নেকি?- এই বাক্য দুটা লগ লগাই এটা কৰিছে। নেকি শব্দটোৱে প্রশ্ন কৰা বুজাইছে।
দ্বিতীয় বাক্যটোত থকা নাইবা আৰু তৃতীয় বাক্যটোত থকা বা শব্দ দুটাই যথাক্রমে পদ্য লিখা আৰু ছবি আঁকা, ‘মহৎ লোকৰ বাণী’ আৰু ‘নীতি-বচন ‘ক পৃথক কৰা বুজাইছে।
চতুর্থ বাক্যৰ এৰা শব্দটোৱে সমিধান বা সন্মতি প্রকাশ কৰিছে।
সীমান্তই কোৱা বাক্যটোৰ অ’ শব্দটোৰে সম্বোধন কৰা বুজাইছে।
এনেদৰে সংযোগ কৰা, পৃথক কৰা, প্রশ্ন কৰা, সমিধান দিয়া, সম্বোধন কৰা আদি ভাব প্রকাশ কৰা পদক অব্যয় পদ বুলি কোৱা হয়। অব্যয় পদৰ ৰূপ সলনি নহয় অর্থাৎ সদায় একে থাকে আৰু ইহঁতৰ লগত বিভক্তি যোগ নহয়। যেনে-
• আৰু, কাৰণে, তেন্তে, কিন্তু, কিয়নো, এতেকে
• নে নেকি, জানো
বা নাইবা, নতুবা, অথবা
হে হেৰা, হেৰি, ঐ, অ’, ও
• এৰা, বাৰু, হয়, ভাল আদি

৪। তলৰ বাকচৰ ভিতৰত থকা স্ত্রীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুংলিংগ বুজোৱা শব্দৰ কাষত লিখা।

ভন্টি, বান্ধৱী, শিক্ষয়িত্রী, মা, বাই।

উদাহৰণ- মামা – মামী।

দেউতা_________।

বন্ধু __________।

শিক্ষক __________।

ভাইটি___________।

ভিনিহি___________।

উত্তৰঃ ১। দেউতা – মা।

২। বন্ধু  – বান্ধৱী।

৩। শিক্ষক – শিক্ষয়িত্রী।

৪। ভাইটি  –  ভণ্টি।

৫।  ভিনিহি –  বাই।

৫। বাক্য ৰচনা কৰা।

জন্ম-দিন    উপহাৰ      নামঘৰ    জলপান   পৰিপাটি

উত্তৰঃ ১। জন্ম-দিন – সীমান্তৰ জন্ম-দিনটো সোমবাৰে হয়।

২। উপহাৰ – আমাক কোনোৱা উপহাৰ দিলে আমি ভাল পাওঁ।

৩। নামঘৰ – নামঘৰ আজি পূজা আছে।

৪। জলপান – ৰাম মুখ হাত ধুই জলপান খাই লহ।

৫। পৰিপাটি – মায়ে ঘৰখন পৰিপাটি কৈ থৈছে ।

৬। তলৰ বাকচত থকা বৰ্ণ, কাৰ (স্বৰ) চিন বা স্বৰচিহ্ন আৰু যুক্তাক্ষৰবোৰ ভালদৰে পঢ়ি চোৱা। দলত বহি সেইবোৰ মিলাই অর্থপূর্ণ শব্দ লিখা।

কপৌ     বান্দৰ     ______     _______।

_______     _______     _______       ________।

উত্তৰঃ কপৌ  বান্দৰ  মৃত  গৌতম  বন্ধু  হস্তা  দুৰন্ত

দন্ত  জাকৈ  আকৃতি  ভেন্দি  গীত  বিন্ধা আন্ধাৰ।

৭। এটা শব্দত প্রকাশ কৰা।

১। জন্ম হোৱা দিনটো ______________।

২। বন্ধু-বান্ধৱৰ সৈতে ______________।

৩। নাম গোৱা ঘৰ _________________।

উত্তৰঃ ১। জন্ম হোৱা দিনটো – জন্ম-দিন।

২। বন্ধু-বান্ধৱৰ সৈতে ― সা-বান্ধৱে।

৩। নাম গোৱা ঘৰ ― নামঘৰ।

৮। ইংৰাজী ভাষাৰ অনেক শব্দ আমাৰ ভাষাত সোমাইছে। তেনেকুৱা কেইটিমানা শব্দ এই পাঠটোত ব্যৱহাৰ হৈছে। সেইবোৰৰ অসমীয়া প্রতিশব্দ লিখা।

ইংৰাজী শব্দ
টেবুল
স্কুল
ৰুম

উত্তৰঃ 

ইংৰাজী শব্দঅসমীয়া প্রতিশব্দ
টেবুলমেজ
স্কুলবিদ্যালয়
ৰুমকোঠা

(খ) আজি-কালি আকৌ কিছুমান শব্দ অসমীয়াত ক’লে বহুতে নুবুজে, ইংৰাজীত ক’লেহে বুজি পায়। তেনেকুৱা অসমীয়া শব্দৰ গ্ৰুপটোৰ কাষতে ইংৰাজী শব্দৰ কূপ এটা দিয়া হৈছে। তাৰ পৰা বিচাৰি উলিয়াই মিলাই লিখা।

অসমীয়া শব্দইংৰাজী শব্দ
জপনা, অট্টালিকা, পিয়লা, চিৰিয়াখানা, কৰমৰ্দন, দূৰদৰ্শন, বোলছবি, কার্যৱাহী-অভিযন্তা, উপপ্রতি সমাহর্তা, পৰিকলন যন্ত্রহেণ্ডচেক, কাপ, চিনেমা, গেট, বিল্ডিং, জু, টি ভি, একজিকিউটিভ ,ইঞ্জিনিয়াৰ, এছ ডি চি, কম্পিউটাৰ

যেনে- বিদ্যালয় –   স্কুল

উত্তৰঃ 

অসমীয়া শব্দইংৰাজী শব্দ
জপনাগেট
অট্টালিকাবিল্ডিং
পিয়লাকাপ
চিৰিয়াখানাজু
কৰমৰ্দন,হেণ্ডচেক
দূৰদৰ্শন,টি ভি,
বোলছবিচিনেমা
কার্যৱাহী-অভিযন্তাএকজিকিউটিভ
উপপ্রতিইঞ্জিনিয়াৰ,
সমাহর্তা,এছ ডি চি,
পৰিকলন যন্ত্রকম্পিউটাৰ
কিছুমান ইংৰাজী ভাষাৰ পৰা অহা শব্দৰ আকৌ অসমীয়া প্রতিশব্দ পাবলৈ টান। যেনে- বল, বেট, ট্রে, স্কেল, মাৰ্বল, গেৰেজ, ব্লাউজ, কোট, বেলুন, ক্রিকেট, বিস্কুট আদি।

জানো আহা-

টি ভি মানে টেলিভিছন- টেলি মানে দূৰ, ভিছন মানে দর্শন। অসমীয়া দূৰদৰ্শন শব্দটো টেলিভিছনৰ আক্ষৰিক অনুবাদ। এনে প্রক্রিয়াক অনুবাদ-ধাৰ বোলে। বাতৰি কাকত, ৰূপালী জয়ন্তী, শক্তিশালী পদক্ষেপ, দূৰভাষ, ভ্ৰাম্যভাষ, ভ্রাম্যমাণ আদি আমাৰ ভাষাৰ এনে শব্দ।

৯। পৰিপাটিকৈ থোৱাটো এটা ভাল গুণ। সীমান্তই নিজৰ বস্তুবোৰ পৰিপাটিকৈ থয়। তুমি তোমাৰ বস্তুবোৰ পৰিপাৰ্টিকৈ থোৱানে? বস্তু পৰিপাৰ্টিকৈ থ’লে আমাৰ কি কি সুবিধা হয়?

উত্তৰঃ মই মোৰ বস্তুবোৰ পৰিপাৰ্টিকৈ থওঁ।

বস্তুবোৰ পৰিপাৰ্টিকৈ থলে আমি বস্তুবোৰ বিচাৰিবলগীয়া নহয় অতি সোনকালে পাওঁ। সময় নষ্ট নহয়।দেখিবলৈ ধুনীয়া হয়। নিজৰ পৰিপাটিকৈ নিজৰ বস্তুবোৰ থলে নিজৰ পছন্দৰ যিকোনো বস্তু নিজে অতি সোনকালে বিচাৰি পিন্ধি যাব পাৰি এনেকৈ আমাৰ সুবিধা হয়।

১০। নিজৰ জন্ম-দিনৰ লগতে শ্ৰেণীৰ সকলোৰে জন্ম-দিনৰ তাৰিখবোৰৰ তালিকা কৰা। জন্ম-দিনৰ দিনা তেওঁলোকক শুভেচ্ছা জনোৱাৰ উপৰি আৰু কি কি কৰিবা?

উত্তৰঃ 

নামজন্মদিনৰ তাৰিখ
১। ৰিনা ডেকা।১৯/০২/২০০২
২। নিকিতা দেউৰী।১০/০৬/২০০০
৩। কঁপিল বৰগোহাঁই।০৮/০৩/২০০৩
৪। প্ৰিয়া দে।১৮/০৩/২০০১
৫। ৰিম্পী দেৱনাথ।১৭/০৬/২০০২

১১। এটা গছপুলি ৰুই কেনেকৈ যত্ন ল’বা দলত আলোচনা কৰা আৰু গছপুলিটোৰ শ্রীবৃদ্ধি পর্যবেক্ষণ কৰি টোকাবহীত লিখি থ’বা। 

উত্তৰঃ গছপুলি ৰুৱাৰ পিছত গছ পুলিটো ভাল কে চোৱা চিতা কৰিব লাগে নহলে গছ পুলিটো মৰি যাব। পুলিটো ৰুৱাৰ পিছত গোবৰসাৰ আৰু পানী দিব লাগে। পুলিটো যাতে গৰু বা ছাগলী নাখায় তাৰ বাবে জেওৰা দিব লাগে। পুলিটোত যাতে পোক নধৰে তাৰ বাবে ঔষধ চিটিয়াই দিব লাগিব এনেদৰে যত্ন ললে পুলিটো বৃদ্ধি হব।

১২। ক অংশৰ সামগ্ৰীসমূহ খ অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখা।

ক অংশখ অংশ
মুঢ়াপাচলি আদি থোৱাৰ বাবে।
চালনীমাছ ভৰাবলৈ।
খালৈধান, মাহ আদি থোৱাৰ বাবে।
ডুলিবহাৰ বাবে।
চেপাচালিবৰ বাবে।
খৰাহিমাছ ধৰিবলৈ।

উত্তৰঃ

ক অংশখ অংশ
মুঢ়াবহাৰ বাবে।
চালনীচালিবৰ বাবে।
খালৈমাছ ভৰাবলৈ।
ডুলিধান, মাহ আদি থোৱাৰ বাবে।
চেপামাছ ধৰিবলৈ।
খৰাহিপাচলি আদি থোৱাৰ বাবে।

১৩। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম-দিনটো বিদ্যালয়ত কেনেকৈ পালন কৰা লিখা।

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰৰ জন্ম হয় ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁৰ এই জন্মদিনটোত ভাৰতে শিশু দিৱস হিচাপে পালন কৰে। ১৪ নৱেম্বৰ তাৰিখে প্ৰতি বছৰে আমাৰ বিদ্যালয়ত এখন সভা আয়োজন কৰা হয় সেই সভাত নাচ-গান,খোৱা-বোৱা,নিজ নিজ জাতিৰ সাজ-পাৰ পিন্ধি আহি শিক্ষক-শিকক্ষীয়ত্ৰী গামোচা দি সন্মান কৰা আদি কৰা হয়। যোগিতাত যি সকল প্রতিযোগীয়ে স্থানঅধিকাৰ কৰে সেই ব্যক্তি সকলক জবাহৰলাল নেহৰু বঁটা প্ৰদান কৰে।

১৪। বন্ধু-বান্ধবীক জন্ম-দিনৰ শুভেচ্ছা জনাবলৈ এখন শুভেচ্ছা-পত্ৰ প্ৰস্তুত কৰা।

উত্তৰঃ শুভেচ্ছা-পত্ৰ

তাৰিখ- ২১/০৮/২০২৪

শুভেচ্ছা-পত্ৰখন বহুত বহুত মৰমেৰে পঠালোঁ।

অহাকালি তোমাৰ জন্মদিন (২২/০৮/২০২৪)

শুভ জন্মদিন! তুমি কুশলে থাকা। তোমাৰ সকলো সপোন দিঠকত পৰিণত হওঁক। আজি তোমাৰ জন্মদিনৰ দিনাই ইশ্বৰৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো।

ইতি

তোমাৰ 

শ্ৰী ৰাহুল দত্ত।

ধেমাজি।

১৫। দহগৰাকী মহান ব্যক্তিৰ জন্ম-তাৰিখৰ তালিকা কৰা।

উত্তৰঃ 

মহান ব্যক্তি নাম জন্ম-তাৰিখ
নৱকান্ত বৰুৱা১৯২৬ চনৰ ২৯ ডিচেম্বৰ।
হেমচন্দ্ৰ বৰুৱা১৮৩৫ চনৰ ১০ ডিচেম্বৰ।
নিৰ্মলপ্ৰভা বৰদলৈ১৯৩৩ চনৰ ২০ জুন।
ৰজনীকান্ত বৰদলৈ১৮৬৭ চনৰ ২৪ নৱেম্বৰ।
অমূল্য বৰুৱা১৯২২ চনৰ ৩০ জুন।
হোমেন বৰগোহাঞি১৯৩২ চনৰ ৭ ডিচেম্বৰ।
বীৰেন্দ্ৰ নাথ দত্ত ১৯৩৫ চনৰ ৪ নৱেম্বৰ।
হেমচন্দ্র গোস্বামী১৮৭২ চনৰ ৮ জানুৱাৰী।
আনন্দৰাম বৰুৱা১৮৫০ চনৰ ২১ মে।
হেম বৰুৱা১৯১৫ চনৰ ২২ এপ্ৰিল।

১৬। শ্ৰেণীৰ সকলো ছাত্র-ছাত্রী জড়িত হৈ ‘জন্ম-দিনৰ আয়োজন’ নাটিকাখন অভিনয় কৰা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top