Class 4 Assamese Chapter 12 আজৰি পৰৰ কাম

Class 4 Assamese Chapter 12 আজৰি পৰৰ কাম, SEBA Chapter 12 আজৰি পৰৰ কাম Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

আজৰি পৰৰ কাম

Join Telegram channel

Chapter – 12

ক- পাঠভিত্তিক ক্রিয়া

(ক) উত্তৰ দিয়া।

১। কোনে কি কৰিছে ছবি চাই কোৱা।

উত্তৰঃ ১। লৰা ছোৱালী ফুল বাগিচাত পানী দিছে।

২। মাকে কাপোৰ ধুইছে আৰু ছোৱালী জনীয়ে কুঁৱাৰ পৰা মাকক কাপোৰ ধুবলৈ পানী তুলি দিছে।

৩। মাকে কাপোৰবোৰ ধুই দিছে আৰু জীয়েকে কাপোৰবোৰ ৰদত মেলি দিছে।

৪। আজৰি সময়ত পৰিয়ালৰ সদস্যসকলে কেৰেম খেলিছে।

৫। ল’ৰা-ছোৱালীহালক পঢ়িবলৈ দিছে। ছোৱালীজনীয়ে তেওঁৰ পাঠ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িছে। মাকে পঢ়িব নাজানে গতিকে ল’ৰাজনে কি পঢ়িছে তাকে অতি মনোযোগেৰে চাইছে।

২। তোমালোকে মাৰা-দেউতাৰাক কি কি কামত সহায় কৰা?

উত্তৰঃ আমি মাৰা- দেউতাকৰ লগত মাৰ লগত কাপোৰ ধুই দিওঁ, বাচন-বর্তন ধুৱাত সহায় কৰোঁ, ঘৰ গুচোৱা, ঘৰ হাৰা, চোতাল হাৰা,  ৰান্ধিলে সৱজি কটা বনোৱা আদি।

দেউতাকক গাই গৰু, ছাগলী এৰাল দিয়াত, দোকানৰ পৰা কোনো বস্তু অনাত, দোকানৰ পৰা আহিলে হাত ভৰি ধুবলৈ পানী মাৰি দিওঁ আদি।

৩। তোমালোকে আজৰি পৰত কি কি কাম কৰা? সেই কামবোৰৰ বিষয়ে কোৱা।

উত্তৰঃ ১। লগ – লগৰীয়াৰ লগত খেলিবলৈ যাওঁ।

২। কেতিয়াবা মা লগত বজাৰ যাওঁ।

৩। ঘৰৰ ঘাঁহ – বন বোৰ চফা কৰোঁ চফা কৰি ফুল গছ লগাও।

৪। কেতিয়াবা আলহী অতিথিৰ ঘৰলৈ যাওঁ ।

৪। যিকোনো এবিধ ফুল সংগ্ৰহ কৰি, সেই ফুলৰ ৰং কি আৰু পাহিৰ সংখ্যা কিমান ইত্যাদি চাই তিনিটা বাক্য লিখা।

উত্তৰঃ ফুল – চম্পা।

ফুলৰ ৰং – বগা আৰু হালধীয়া।

ফুলৰ পাহিৰ সংখ্যা – পাঁচটা।

৫। তলৰ বাক্যবোৰত শব্দবোৰ খেল-মেলিকৈ আছে। সজাই পৰাই লিখা।

(ক) ভাল খেলি কেৰম পাওঁ মই – মই কেৰম খেলি ভাল পাওঁ।

(খ) ভিতৰত কৰি কাম আছে মায়ে ___________।

(গ) ধুইছে ৰীমাই কাপোৰ পাৰত কুঁৱাৰ _________।

উত্তৰঃ

(ক) ভাল খেলি কেৰম পাওঁ মই মই কেৰম খেলি ভাল পাওঁ।
(খ) ভিতৰত কৰি কাম আছে মায়ে মায়ে ভিতৰত কাম কৰি আছে।
(গ) ধুইছে ৰীমাই কাপোৰ পাৰত কুঁৱাৰ কুঁৱাৰ পাৰত ৰীমাই কাপোৰ ধুইছে।

৬। তলৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা।

প্র        ন্দ         ন্ধ         ক্র         স্তু 

উত্তৰঃ প্র = প + ৰ।

ন্দ  =  ন + দ।

ন্ধ =  ন + ধ।    

ক্র = ক + ৰ + ম।

স্তু = স + ত + উ।

৭। তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা।

প্রশংসা   চোতাল     কাঁহী      চিকুণাই   তিৰৰ্বিৰ্‌।

উত্তৰঃ ১। প্রশংসা – পৰীক্ষা ভাল হোৱাৰ মিনাৰ সকলোৱা প্রশংসা কৰিছে।

২। চোতাল – চোতালটো বহুত পিছল হৈছে।

৩। কাঁহী – আজি মোক কাঁহৰ কাঁহীত ভাত দিব।

৪। চিকুণাই – কামবোৰ চিকুণাই কৰা।

৫। তিৰৰ্বিৰ্‌ – ৰাতি তৰাবোৰ তিৰৰ্বিৰ্‌ কৰি আছে।

৮। উত্তৰ দিয়া।

(ক) ১। চন্দন আৰু প্রীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল?

উত্তৰঃ চন্দন আৰু প্ৰীতম গৰমৰ বন্ধত গাঁৱৰ ঘৰলৈ গৈছিল।

২। গাঁৱত তেওঁলোকৰ কোন আছিল?

উত্তৰঃ গাঁৱত তেওঁলোকৰ ককাক আছিল।

৩। তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল?

উত্তৰঃ তেওঁলোকে গাঁৱৰ ঘৰলৈ গাড়ীৰে গৈছিল।

৪। ককাকে ৰাতিপুৱা কি কৰে?

উত্তৰঃ ককাকে ৰাতিপুৱা বৰ সোনকালে শুই উঠি পুৱাৰ মুকলি বতাহ লয়।

(খ) ১। চন্দন আৰু প্রীতমে ককাকৰ পৰা কি কি শিকিলে?

উত্তৰঃ গাৱঁলৈ গৈ চন্দন আৰু প্ৰীতমে ককাকৰ পৰা বহুতো ভাল কথা শিকিলে। তেওঁলোকে দোক মোকালিতে বিছনা এৰা, পুৱাৰ মুকলি বতাহ লোৱা, আজৰি সময়ত শাকনিবাৰী, ফুলনি বাৰীত কাম কৰাৰ অভ্যাস কৰা। তদুপৰি ককাকে সিহঁতক সময়ত সৎ ব্যৱহাৰ কৰাৰ কথাও শিকালে। সন্ধিয়া সময়ত হাত ভৰি ধুই প্রার্থনা কৰাৰ অভ্যাস কৰালে। এইবোৰৰ উপৰি নিজৰ কামো যে নিজে কৰিব লাগে সেইটোও ককাকে সিহঁতক শিকালে।

২। তেওঁলোকে ঘৰলৈ আহি কি কৰাৰ কথা ভাবিলে?

উত্তৰঃ তেওঁলোকে ঘৰলৈ আহি ঘৰৰ আগফাল চিকুশাই ফুলনি পাতিলে। নিজৰ কাম নিজে কৰাৰ অভ্যাস কৰিলে। আজৰি সময়ত মাক বা দেউতাকক সহায় কৰে।

৩। সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে?

উত্তৰঃ সন্ধিয়া হাত-ভৰি ধুই ঘৰত প্ৰাৰ্থনা কৰে।

৪। নিজৰ কাম নিজে কৰাটো তেওঁলোকে কাৰ পৰা শিকিলে?

উত্তৰঃ নিজৰ কাম নিজে কৰাটো তেওঁলোকে ককাকৰ পৰা শিকিলে ৷

(গ) মিতিৰ-কুটুমৰ ঘৰলৈ গৈ তুমি লাভ কৰা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰা। সেই অভিজ্ঞতাই তোমাৰ স্বভাৱৰ কি কি সাল-সলনি কৰিলে কোৱা।

উত্তৰঃ ঘৰলৈ আহি বৰদেউতাহঁতৰ সেই আনন্দ মুখৰ ঘৰখনৰ কথা ভাবি ভণ্টিৰ লগত কাজিয়া কৰা বন্ধ কৰিলো। ভণ্টিয়ে আগৰ দৰে দিগদাৰি কৰিলে তাইক নমবা হলো। আগতে যিটো বস্তু ভাল পাওঁ তাক অকলে খাইছিলো, এতিয়া ভণ্টি বা মা দেউতাৰ লগতো ভাই খোৱা হলো। মা-দেউতাৰ অনুমতি অবিহনে কলৈকো নোযোৱা হলো। সাঝ্য অনুসৰি দেউতাকো কামত সহায় কৰি দিয়া হলো। আগতে দেউতাৰ দুখ-কষ্টৰ কথা চিন্তা কৰা নাছিলো। নিজক লগা বস্তু মা-দেউতাক সুধিহে কিনো।

৯। আকস্মিক বক্তৃতাৰ খেল খেলোঁ আহা।

উত্তৰঃ ছাত্ৰ- ছাত্ৰী শিক্ষকৰ সহায় লৈ খেলা।

১০। তোমাৰ ঘৰত/ওচৰত আখৰ চিনি নোপোৱা কোনোবা আছেনে? যদি আছে তেওঁক তুমি কেনেকৈ লেখা-পঢ়া শিকাবা সেই বিষয়ে কোৱা আৰু লিখা।

উত্তৰঃ আমাৰ ঘৰৰ ওচৰত আখৰ চিনি নোপোৱা আছে মই তেওঁলোকক মোৰ সৰু কালতে পঢ়া কিতাপ দি তেওঁলোকক মই নিজে পঢ়াই দিম। মোৰ যেতিয়া স্কুল বন্ধ থাকিব তেতিয়া মই তেওঁলোকক মোৰ নিজৰ পঢ়া কোঠাত লৈ আনিম। প্ৰথমে মই তেওঁলোকক স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ শিকাম। বৰ্ণ শিকাৰ পিছত মই চিনবোৰ শিকাম আৰু সেইবোৰ শিকি শেষ হোৱাৰ পাছত মই তেওঁলোকক নেওতাৰ সংখ্যা শিকাম। এইদৰে মই তেওঁলোকক লিখা পঢ়া শিকাম।

১১। আজৰি পৰত তোমালোকে নিজৰ উপৰি আনৰ বাবে কি কি কৰা লিখা।

১। ওচৰ-চুবুৰীয়াৰ বাবে।

২। কেও কিছু নথকা অক্ষম/বৃদ্ধলোকৰ বাবে।

৩। ৰুগীয়া লোকৰ বাবে।

৪। তোমাতকৈ সৰুবোৰৰ বাবে।

উত্তৰঃ ১। ওচৰ-চুবুৰীয়াৰ বাবে।

আমাৰ বাবে যাতে ওচৰ-চুবুৰীয়াৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ ধ্যান ৰাখিম। ওচৰ-চুবুৰীয়াই কোনো বিপদত পৰিলে আমি গৈ সহায় কৰিম। ওচৰ- চুবুৰীয়াৰ লগত মিলা – প্ৰীতিৰে থাকিম। ঘৰত ডাঙৰ কৈ হাই -উৰুমি কৰি কথা বতৰা নাপাতো। বেছিকৈ শব্দ হোৱাকৈ টিভি, ৰেডিও, গান আদি নুশুনো বা নচলাও।

২। কেও কিছু নথকা অক্ষম/বৃদ্ধলোকৰ বাবে।

উত্তৰঃ অক্ষম বা বৃদ্ধলোকৰ খোৱাৰ বাবে খোৱাৰ আয়োজন কৰিম। দিনত এবাৰ হলেও তেওঁৰ যত্ন লোৱাৰ চেষ্টা কৰিম। বেমাৰ আজাৰ হলে ডক্টৰৰ ওচৰলৈ লৈ চিকিৎসা কৰিম।ৰাস্তা ঘাটতত লগ পালে একে লগে বহি চাহ পান খাই ঘৰত এৰি আহিম মুঠতে যেনেধৰনে সহায় কৰিব পাৰিম কৰি দিম।

৩। ৰুগীয়া লোকৰ বাবে।

উত্তৰঃ ৰুগীয়া লোকৰ ওচৰলৈ গৈ তেওঁৰ খবৰ লম। তেওঁলোকে খাব খোজা বা খাব পৰা বস্তু সুধি আনি দিম। ডক্টৰক সুধি তেওঁলোকৰ বাবে ঔষধ আনি দিম। তেওঁলোকে কোৱা কামবোৰ কৰিম বিৰক্তি অনুভৱ নকৰি সুবিধা দিবলৈ চেষ্টা কৰিম।

৪। তোমাতকৈ সৰুবোৰৰ বাবে।

উত্তৰঃ সৰুবোৰক মৰম চেনেহ কৰিম। সিহঁতৰ লগত খেলা-ধূলা কৰিম। সিহঁতে যাতে কোনো বেয়া কাম নকৰে বা নামাতে তাৰ বাবে সিহঁতক উপদেশ দিম।

সিহঁতৰ খাবলে চিপছ,চকলেট কিনি দিম। সপ্তাহত পাঁচোটাকৈ নতুন শব্দৰ অৰ্থ অভিধান চাই লিখিম।

১২। প্রত্যেক সপ্তাহত পাঁচোটাকৈ নতুন শব্দৰ অৰ্থ অভিধান চাই লিখিবা।

ক্রমিক নম্বৰতাৰিখশব্দঅর্থ

উত্তৰঃ 

ক্রমিক নম্বৰতাৰিখশব্দঅর্থ




১।১/০৬/২০২৪পাকঘৰ, ৰান্ধনি-ঘৰ, ভাত ৰন্ধা ঘৰ
ডলাবাঁহৰ কাঠীৰে সজা এবিধ চেপেটা ঘূৰণীয়া পাত্ৰ
প্রতিপালপালন কৰ
দায়িত্বপালন কৰিবলগীয়া কৰ্তব্য
প্রশ্নসোধা কার্য, জিজ্ঞাসা
২।৭/০৬/২০২৪বৰদৈচিলাব’হাগ বিহুৰ আগে – পাছে হোৱা ডাঙৰ ধুমুহা
ঢাপলিচেঁকুৰি যোৱা কাৰ্য
কাঁকৈচুলিৰ জট ভঙা দীঘলীয়া ফণি
ৰাজবাটৰাজ – আলি, অহা যোৱা কৰা ৰাস্তা
কেৰুকাণত পিন্ধা এবিধ অলংকাৰ
৩।১৪/০৬/২০২৪গিৰিসাইঅলপ সময়
ঘপৰাইআনন্দত
এতেপৰগীতৰ লগত মিলাই নাচৰ ভংগি ধৰি
উলাহতততালিকে, বেগেতে
কিছুপৰবেগাই, শীঘ্ৰে, গিৰিস্কৰে
৪।৩০/০৬/২০২৪ছেও ধৰিইমান সময়ে, অত পৰে
আকাৰআকৃতি, গঢ়, গঠন
সূক্ষ্মঅতি ক্ষুদ্ৰ, নিচেই সৰু
ছিদ্রবিন্ধা, ৰন্ধ্ৰ, জগৰ, দায়, দোষ
অবিৰামবিৰামহীন,নেৰা-নেপেৰা
৫।৬/০৭/২০২৪সুৰুঙাজলঙা, বিন্ধা বা ফুটা
ধৰাপৃথিৱী, ধৰণী
সংস্কৃতিপৰম্পৰা
প্রতিভাসম্পন্নপ্ৰখৰ বুদ্ধিসম্পন্ন
অনুপ্রাণিতউৎসাহিত

১৩। ছবি সংগ্ৰহ কৰি তালিকা প্রস্তুত কৰা।

১। ডাক-টিকট।

২। খেল-ধেমালি / শৰীৰ চৰ্চা।

৩। খেতি-বাতিৰ সঁজুলি।

৪। খেলৰ সঁজুলি।

উত্তৰঃ ১। ডাক-টিকট: 

ডাক টিকট হৈছে এবিধ বিশেষ প্ৰকাৰৰ মুদ্ৰিত কাগজৰ টুকুৰা, যি ডাক সেৱাৰ মাছুল পৰিশোধ কৰাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। নানা বৰণৰ এই ডাক টিকট সমূহত দেশৰ ইতিহাস ঐতিহ্য, সংস্কৃতি, বৰেণ্য ব্যক্তিত্ব ইত্যাদি বিষয় ফুটি উঠে। প্ৰায় প্ৰতিখন দেশৰ ডাক ব্যৱস্থাত ডাক টিকটৰ ব্যৱহাৰ কৰা হয়। প্ৰতি বছৰ প্ৰচুৰ পৰিমাণৰ ডাক টিকট প্ৰকাশ কৰা হয়। বিশেষ বিশেষ দিনক স্মৰণ কৰি ডাক বিভাগসমূহে ডাক টিকট প্ৰকাশ কৰি থাকে। ডাক টিকট সমূহ সাধাৰণত চাৰিকোণীয়া বা বৰ্গাকৃতিৰ হয়। কেতিয়াবা ত্ৰিকোনাকাৰ, গোলাকাৰ, তৰা আদি বিভিন্ন আকৃতিৰ ডাক টিকট পোৱা যায়। ডাক টিকট সমূহ সাধাৰণত কাগজৰ দ্বাৰা তৈয়াৰ কৰা হয়। কিন্তু কাঠৰ ফাইবাৰ, চিন্থেটিক কাপোৰ ইত্যাদিৰ ডাক টিকটো পোৱা যায়।

২। খেল-ধেমালি / শৰীৰ চৰ্চা।

উত্তৰঃ 

স্কুলৰ খেলৰ অন্যতম উল্লেখযোগ্য উপকাৰ হ’ল শাৰীৰিক ফিটনেছ। নিয়মিত শাৰীৰিক ক্ৰিয়া-কলাপে ছাত্ৰ-ছাত্ৰীৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে আৰু বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও কম কৰিব পাৰে। স্কুলৰ খেলে ছাত্ৰ-ছাত্ৰীসকলক মৌলিক চলন-ফুৰণ দক্ষতা, যেনে দৌৰা, জাম্প কৰা, নিক্ষেপ কৰা আদি বিকাশৰ সুযোগো প্ৰদান কৰে, যিয়ে তেওঁলোকৰ সামগ্ৰিক শাৰীৰিক ফিটনেছ বৃদ্ধি কৰিব পাৰে।

৩। খেতি-বাতিৰ সঁজুলি।

উত্তৰঃ 

খেতিয়কৰ আৰু খেতিৰ প্ৰধান আহিলা হৈছে নাঙল আৰু যুঁৱলি। এই নাঙল জামুক, পমা, নাইবা সোণাৰু গছৰে তৈয়াৰ কৰা হয়। পাৰিলে গছৰ কিছু বেকা অংশ পালে সাজিবলৈ সুবিধা হয়, গছৰ গা-ডোখৰৰ ৬ ফুটমান অংশ কাটি আনি তাক ছাচ, দা বা হাতোৰাহীৰে চাঁচি চাঁচি নাঙলৰ আকৃতি দিয়া হয়। নাঙলৰ হাতেৰে ধৰা অংশটোক কুটী বুলি কোৱা হয়। মাটি চহাবলৈ ব্যৱহাৰ কৰা অংশত এটুকুৰা লোৰ সংযোগ কৰা হয় যাক কোৱা হয় ফাল বুলি। ফাল খনৰ কিছু ওপৰত এটা ফুটা কৰি তাত বাঁহৰ গুৰি সহিতে ৭ ফুটমান দৈর্ঘ্যৰ এটা বাঁহৰ ইহ লগোৱা হয়। ইহৰ আগফালে কেইটামান খাজ কাটি ৰখা হয়, সেই খাজত যুঁৱলি খন ৰছীৰে বান্ধিব পাৰি।

নাঙল আৰু যুঁৱলি তৈয়াৰ হোৱাৰ পাছত বলধ গৰু দুটাৰ কান্ধত যুঁৱলিৰ দুই মূৰ লগাই বান্ধি দি হালোৱাই নাঙলৰ কুটীত ধৰি পথাৰত ঘূৰাই ঘূৰাই হাল বায়। হাল বোৱাৰো নিয়ম আছে। এপাক এপাক কৈ এটা নিদিষ্ট অংশ চহোৱা শেষ হ’লে সেই অংশক এটা আউচ বুলি কোৱা হয়। এডৰা মাটি এবাৰ চহোৱা হ’লে এচাহ মৰা হ’ল বুলি কোৱা হয়। এইদৰে এডৰা মাটি কেইবা চাহো মাৰিলেহে মাটিশৰা খেতিৰ বাবে উপযুক্ত হৈ উঠে।

৪। খেলৰ সঁজুলি।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top