Class 4 Assamese Chapter 11 ব্রহ্মপুত্ৰ, SEBA Chapter 11 ব্রহ্মপুত্ৰ Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.
ব্রহ্মপুত্ৰ
Chapter – 11
অংকুৰণ
ASSAMESE
লিখকৰ পৰিচয় :
ড° ভূপেন হাজৰিকা :- ড° ভূপেন হাজৰিকাদেৱৰ জন্ম ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত। জন্মস্থান শদিয়া। তেখেতৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্রিয়া হাজৰিকা। তেখেত আছিল আজন্ম শিল্পী। মাত্র পাঁচ বছৰ বয়সত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ সভাত প্ৰথম গীত পৰিৱেশন কৰে। তেখেতে ১৯৩৯ চনত ইন্দ্ৰমালতী’ ছবিত অভিনয় আৰু গীত পৰিৱেশন কৰে। তেখেতে তেজপুৰ চৰকাৰী বয়জ হাইস্কুলক পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। কটন কলিজৰ পৰা ইণ্টাৰ মিডিয়েট পাছ কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা (উচ্চ শিক্ষাৰ) বি.এ আৰু এম.এ পাছ কৰে। ৰাজনীতি বিজ্ঞানত এম.এ পাছ কৰি ১৯৪৬ চনত বি. বৰুৱা কলেজত প্ৰৱক্তা হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে। কলম্বিয়া বিশ্ববিদ্যালয়ত গবেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰে। ইয়াৰ মাজতে প্রিয়ম্বদা পেটেলৰ সৈতে নিউইয়র্ক চহৰত বিবাহ সম্পন্ন কৰে।
তেখেতে বহুতো পুৰস্কাৰ আৰু সন্মান লাভ কৰিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ বঁটা, সংগীত নাটক একাডেমীৰ বটা, ভাৰত চৰকাৰৰ পদ্মভূষণ, অসম চৰকাৰৰ ‘অসম ৰত্ন’ উপাধি লাভ কৰে। ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতি আৰু দাদা চাহেব ফাল্কে বঁটা লাভ কৰে। তেখেতে পৰিচালন কৰা বোলছবিতো ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছিল।
এইজনা বহুমুখী প্রতিভা সম্পন্ন ব্যক্তিয়ে ২০১২ চনৰ ৫ নৱেম্বৰত নশ্বৰ দেহ ত্যাগ কৰে।
☆ শব্দ অর্থ লিখা।
শব্দ | অর্থ |
নদীমাতৃক | নৈৰ পানীৰ দ্বাৰা উৰ্বৰ বা সাৰুৱা হোৱা (দেশ) |
আখ্যান | কাহিনী, উপাখ্যান, সাধু কথা |
লুইত | ব্ৰহ্মপুত্ৰ |
বিশাল | বৃহৎ, ডাঙৰ, বহল |
ধাৰাসাৰ | ছেদ-ভেদ নথকা, নেৰানেপেৰা, একেৰাহে |
ও ফন্দি | ফুলি, উখহি |
কাষৰীয়া | কাষৰ, ওচৰৰ |
বুৰাই | ডুবাই |
সুব্যৱস্থা | ভাল সুবিধা |
প্ৰচুৰ | বহুত, ভালেমান, যথেষ্ট |
প্রকৃতিতে | জীৱন যাত্রা সম্পাদন। জীৱন ধাৰণৰ উপায় |
মাহাত্ম্য | মহিমা, দৈৱশক্তি, মহাত্মা |
প্রকাশি | ব্যক্ত, বিদিত, প্ৰকাশ কৰিব পৰা |
সমন্বয় | মিলন, সংগতি |
ক-পাঠভিত্তিক
☆ পাঠটো পঢ়া আৰু উত্তৰ দিয়া।
(ক) অসমৰ প্ৰধান নদীখনৰ নাম কি ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ।
(খ) এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি ?
উত্তৰঃ পুৰণি আখ্যান মতে ব্রহ্মপুত্র নদীক নদ বুলি কোৱা হয়। কাৰণ ব্ৰহ্মপুত্র ব্ৰহ্মাৰ পুত্ৰ। ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে এই নদীক নদ বুলি কোৱা হয়।
(গ) ব্রহ্মপুত্র নদীখন ক’ৰ পৰা ওলাইছে ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীখন হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে।
(ঘ) অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন কি নামেৰে জানো ?
উত্তৰঃ লুইত, মহাবাহু ব্ৰহ্মপুত্ৰ, বুঢ়া লুইত।
(ঙ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি ?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম মাজুলী।
(চ) ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে কি কি পোৱা যায় ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিশু আদি পোৱা যায়।
(ছ) ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া ওফন্দি উঠে ?
উত্তৰঃ বাৰিষা কালত হোৱা ধাৰসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ভাগ ওফন্দি উঠে।
☆ উত্তৰ লিখা –
(ক) ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰৰ নাম লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰ হ’ল –সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভোগদৈ, ধনশিৰি, ভৰালী, মানাহ, পাগলাদিয়া, আই নদী আদিয়ে প্রধান।
(খ) ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম লিখা।
উত্তৰঃ (১) গুৱাহাটী।
(২) ডিব্ৰুগড়।
(৩) ধুবুৰী।
(৪) তেজপুৰ।
(গ) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা।
উত্তৰঃ (১) শৰাইঘাট দলং।
(২) কলীয়া-ভোমোৰা দলং।
(৩) নৰ-নাৰায়ণ সেতু।
☆ ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা, সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে লিখা।
উত্তৰঃ পুৰণি কালৰ পৰাই সভ্যতা গঢ়ি উঠিছে নদীক কেন্দ্ৰ কৰি। কাৰণ নদীৰ পাৰত বসবাস কৰিলে কিছুমান বিশেষ সুবিধা লাভ কৰে। খাদ্য বা আহাৰ, পানী আদি নদীত সহজে পোৱা যায়। যাতায়ত ব্যবস্থাও নদীয়েদি সহজে কৰিব পৰা যায়। নদীৰ পানীয়ে দুয়োপাৰত পলস পেলাই সাৰুৱা কৰি তোলে। তেনে মাটিত শস্যও ভাল হয়। ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে ভিন্ন ভিন্ সংস্কৃতিয়ে গঢ় লৈ উঠিছে। যদিও ভিন্ন ভিন্ন সংস্কৃতিক গ্ৰহণ কৰি সময়ে সময়ে কিন্তু একতাৰ এনাজৰীৰে বান্ধি পেলাইছে।
☆ শব্দ-সম্ভাৰ আৰু অভিধান চাই অর্থ লিখা।
ধাৰাসাৰ | পৰিবহণ | নদীমাতৃক | সভ্যতা |
সংস্কৃতি | জীৱিকা | অন্যতম | উফন্দি |
উত্তৰঃ
ধাৰাসাৰ | ছেদ-ভেদ নথকা, নেৰানেপেৰা, একেৰাহে |
পৰিবহণ | কঢ়িওৱা |
নদীমাতৃক | নৈৰ পানীৰ দ্বাৰা উৰ্বৰা বা সাৰুৱা হোৱা (দেশ) |
সভ্যতা | সভ্য লোকৰ আচৰণ |
সংস্কৃতি | বিশেষ জনগোষ্ঠীৰ বিশ্বাস, ৰীতি-নীতি, উৎসৱ অনুষ্ঠান, শিল্প-কলা আদিৰ বৌদ্ধিক উৎকর্ষ সাধনৰ সামগ্ৰিক ৰূপেই সংস্কৃতি |
জীৱিকা | জীৱন ধাৰণৰ উপায় |
অন্যতম | বহুতৰ ভিতৰত বিশেষ এজন বা এটা |
ওফন্দি | উখহি, ফুলি |
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
☆ যুক্তাক্ষৰবোৰেৰে একোটাকৈ শব্দ গঠন কৰা।

উত্তৰঃ
ন্ঢ → সন্ঢালনি
ষ্প → পুষ্প
ষ্প্র → দুষ্প্রাপ্য
ষ্ক্রি → নিষ্ক্রিয়
ন্ত্র → মন্ত্র
ত্ম → আত্মা
☆ যুক্তাক্ষৰ ভাঙি লিখা।

উত্তৰঃ

☆ দফাটো পঢ়া আৰু তাত থকা নাম বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা।
ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে। ই বিভিন্ন ঠাইৰ মাজেৰে বৈ আহোঁতে বিভিন্ন নাম লৈছে। অসমত ইয়াক লুইত নামেৰেও জনা যায়।
উত্তৰঃ ব্ৰহ্মপুত্ৰ,হিমালয়,পর্বত,মানস,অসম,সৰোবৰ,লুইত
গ-জ্ঞান সম্প্ৰসাৰণ
☆ নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যৱসায়, জীৱিকাৰ নাম লিখা।
উত্তৰঃ
ব্যৱসায় | জীৱিকা |
১৷ মাছমৰীয়া | নদীৰ বুকতি জাল, পল’, জুলুকি আচুৰা আদিৰে মাছমৰীয়া সকলে মাছ ধৰে। |
২৷ পাৰঘাট | নাওঁ বা জাহাজেৰে মানুহ এটা পাৰৰ পৰা আনটো পাৰ চপাই দিয়ে। |
৩৷ মছলদাৰ | নদীৰ পাৰ বা পানীৰ তলৰ পৰা শিল বালি আদি সংগ্ৰহ কৰি বিক্ৰী কৰে। |
৪৷ পানী ভাৰী | নদীৰ পৰা পানী আনি সেইবোৰ বিক্ৰী কৰে। |
☆ মাজুলীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ মাজুলী এটা পৃথিৱী বিখ্যাত নদী দ্বীপ। এই নদী দ্বীপটো ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত। যোৰহাট জিলাত এই দ্বীপটো অসমীয়া সংস্কৃতিৰ কেন্দ্ৰস্থল। অসমৰ বিখ্যাত চাৰি সত্ৰৰ মিলনভূমি, মাজুলী হৰিনামৰ বৰ ভেটি। বিভিন্ন সত্ৰ, থান, নামঘৰেৰে পৰিপূর্ণ মাজুলীৰ জনসাধাৰণে শংকৰী কৃষ্টি সংস্কৃতি জীয়াই ৰাখি ইয়াৰ পৰিৱেশ জীপাল কৰি ৰাখিছে। মাজুলী হ’ল সত্ৰীয়া পৰম্পৰাৰ কেন্দ্ৰস্থল। মাজুলী বিভিন্ন জনগোষ্ঠীৰ সমন্বয়থলী। এনে এখন কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰ্যৱসিত হ’ব বুলি অসমবাসী আশাবাদী।
☆ গৰুৰ বিষয়ে তলৰ বাক্যকেইটা ৰচনাৰ ক্ৰমত সজাই লিখা।
গৰুৰ নেজ এডাল। গাই গৰুৱ দিয়ে। গৰু বিভিন্ন বৰণৰ আছে। গৰুৰ প্ৰধান আহাৰ ঘাঁহ। প্রবাদ আছে, ‘যাৰ নাই গৰু সি সবাতোকৈ সৰু।’ গোবৰ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। গৰৰ কাণ দুখন, চকু দুটা। বলধ গৰুৱে হাল বায় আৰু মৰণা মাৰে। গৰু উপকাৰী জন্তু। ই শান্ত প্রকৃতিৰ। গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু।
উত্তৰঃ গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু। ই শান্ত প্ৰকৃতিৰ। গৰৰ কাণ দুখন, চকু দুটা। গৰুৰ নেজ এডাল। গৰুৰ প্ৰধান আহাৰ ঘাঁহ। গৰু বিভিন্ন বৰণৰ আছে। গাই গৰুৱে গাখীৰ দিয়ে। বলধ গৰুরে হাল বায় আৰু মৰণা মাৰে। গোবৰ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। গৰু উপকাৰী জন্তু। প্রবাদ আছে, “যাৰ নাই গৰু সি সবাতোকৈ সৰু।”
☆ নদীৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখা।
উপকাৰিতা | অপকাৰিতা |
১ | ১ |
২ | ২ |
৩ | ৩ |
৪ | ৪ |
৫ | ৫ |
উত্তৰঃ
উপকাৰিতা | অপকাৰিতা |
১।নদীত মাছ কাছসহজে পোৱা আছে | ১। নদীৰ মথাউৰি ভাঙি বানপানীৰ সৃষ্টি হয়। |
২। নদীৰে পৰিবহণ ব্যৱস্থা সহজ হয়। | ২। নদীৰ পানীয়ে কেতিয়াবা বালিচৰ পেলায়। |
৩। নদীৰ পাৰত থাকিলে সহজে বেপাৰ পাৰি। ফলত ধুনীয়া ধুনীয়া নগৰ চহৰ গঢ়ি উঠে। | ৩। নদীৰ পাৰৰ খেতি পথাৰ পানীয়ে ডুবাই নষ্ট কৰে। |
৪। নদীৰ পাৰৰ মাটি সাৰুৱা তাত শস্য ভাল হয়। | ৪। নদীৰ পানীয়ে বাট পথ ডুবাই পেলোৱাৰ ফলত যোগাযোগ ব্যবস্থা বিছিন্ন কৰে। |
৫। খেতি পথাৰত পানী যোগান ব্যৱস্থা সহজ হয়। | ৫। নদীৰ পানীৰ সোঁতে কেতিয়াবা গৰু, মানুহ বা অন্য জীৱজন্তু উটুৱাই লৈ যায়। |
☆ নাৱৰীয়া, আৰক্ষী, ডুবাৰু, অগ্নিনির্বাপক বাহিনী, ডাক্তৰ— এই সকল লোক তলত উল্লেখ কৰা কি কি কামৰ লগত জড়িত লিখা।
(ক) কোনোবা পানীত ডুবিলে উদ্ধাৰ কৰে …………………………
(খ) জুই লাগিলে নুমুওৱাত সহায় কৰে …………………………
(গ) নদী ইপাৰ-সিপাৰ কৰোৱায় …………………………
(ঙ) আইন শৃঙ্খলা ৰক্ষা কৰে …………………………
ৰোগীক চিকিৎসা কৰে …………………………
উত্তৰঃ (ক) কোনোবা পানীত ডুবিলে উদ্ধাৰ কৰে – ডুবাৰু
(খ) জুই লাগিলে নুমুওৱাত সহায় কৰে ― অগ্নি নির্বাপক বাহিনী।
(গ) নদী ইপাৰ-সিপাৰ কৰোৱায় – নাৱৰীয়া
(ঘ) আইন শৃঙ্খলা ৰক্ষা কৰে ― আৰক্ষীয়ে।
(ঙ) ৰোগীক চিকিৎসা কৰে – চিকিৎসকে।
ঘ-প্রকল্প
☆ অসমৰ মানচিত্ৰ খন সংগ্ৰহ কৰা আৰু তাত থকা ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে কি কি চহৰ নগৰ গঢ়ি উঠিছে চাই চাই লিখা।
উত্তৰঃ (ক) উত্তৰ পাৰৰ চহৰ-নগৰ –
১। ধুবুৰী।
২। বঙাইগাওঁ।
৩। বৰপেটা।
৪। তেজপুৰ।
৫। লক্ষীমপুৰ।
৬। ধেমাজী।
(খ) দক্ষিণ পাৰৰ নগৰ-চহৰ –
১। গোৱালপাৰা।
২। গুৱাহাটী।
৩। মৰিগাঁও।
৪। কলিয়াবৰ।
৫। গোলাঘাট।
৬। যোৰহাট।
৭। শিৱসাগৰ।
৮। ডিব্ৰুগড়।
☆ ছবিখন পর্যবেক্ষণ কৰি কাহিনী সজাই কোৱা।
উত্তৰঃ মৰমৰ ঘৰখন
দহ-পোন্ধৰ দিন ধৰি একেৰাহে ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত চাৰিওফালে পানীৰে পৰিপূৰ্ণ হৈ পৰিছে। ৰংমনহতৰ ঘৰৰ চোতাল পানীয়ে বুবাই পেলাইছে। নিশালৈ যদি বৰষুণ দিয়ে তেনেহলে ৰংমনহঁতো আশ্রয় শিবিবলৈ যাব লাগিব। ইতিমধ্যে গাঁৱৰ প্ৰায় আধা ভাগ মানুহ বৰশিলা প্রাথমিক বিদ্যালয়, আটলান্টা ক্লার ঘৰত আশ্ৰয় লৈছে। ৰংমন হঁতৰ গাৱঁৰ কিছু দূৰৈত বুঢ়া দিয়া নদীটো। সেই নদীৰ পানীয়ে ভেটা ভাঙি আহি ওচৰৰে গাঁৱবোৰ বুৰাই পেলাইছে। গাওঁবুঢ়া আৰু কৃষ্ণ গুলে গাওঁখন ঘুৰি পকি চাই ফুৰিছে। মানুহবোৰক যিবিলাক মানুহৰ ঘৰত পানী সোমাইছে তেওঁলোকক যাৱতীয়া বস্তুসমূহ লগত লৈ যাবলৈ নিৰ্দেশ দিছে।
ৰংমনে তাৰ সুকাঠীৰে সজোৱা নাওঁখন লৈ পথাৰলৈ গৈছিল। পথাৰ বুলিবলৈ একো নাই চাৰিওফালে কেৱল পানী। নাওঁখনৰ কুন্ধিত তাৰ সাচতীয়া ধনেৰে কিনা ৫০০ টকীয়া আচৰাজাল খন লৈ গৈছিল। এই কেইদিন সিহঁতে শুদা ভাত খাব লগা হোৱা নাই। জালখনৰে ডাঙৰ, সৰু বহুতো মাছ ধৰিছে। ঘৈণীয়েকে তাক মাছ ধৰাতো নিষেধ কৰিছে। কাৰণ মাছ ভাজিবলৈ হ’লে বহুতো তেলৰ প্ৰয়োজন। যিখিনি তেল আছিল এই কেইদিনতে শেষ হ’ল। জালখন লোৱাৰ উদ্দেশ্য হ’ল ডাঙৰ মাছ পালে তাকে ঘৰলৈ লৈ আহিব।
ৰংমনে নাওঁ বাই বহু দুৰলৈ গৈ আছিল। সন্ধিয়া হোৱাত সি উভতি আহি দেখে যে তাৰ গাওঁখন সম্পূৰ্ণ ৰূপে পানীয়ে বুৰাই পেলাইছে। তাৰ ঘৰটো তেতিয়া পানীৰ সম্পূৰ্ণ তলত। গোহালী ঘৰটো হাউলী পৰি ওচৰৰ মানুহ-দুনুহ কোনো নাই। সি ভাবিলে এইখিনি সময়ৰ ভিতৰত নিশ্চয় তাৰ পৰিয়ালটোৱে আশ্রয় শিবিৰতে আছে। কিন্তু সি তালৈ আহি সকলোতে বিচাৰিলে। তাত তাৰ পৰিয়ালৰ এজনো সদস্যকে নেদেখিলে। তাৰ বুকুখন কঁপি উঠিল। ইয়াক তাক সুধিলে, প্রত্যেকে নেজানে বুলিয়ে ক’লে। সি চকুৰে ধুৱলি কুঁৱলী দেখিলে। পুনৰ সি নাওঁখন লৈ তাৰ পৰিয়ালটোক বিচাৰি পানীৰ মাজলৈ ওলাই গ’ল। য’ত আছিল তাৰ মৰমৰ ঘৰখন।
অতিৰিক্ত প্রশ্নোত্তৰ
১৷ ব্ৰহ্মপুত্ৰ নদী ক’ৰ পৰা ক’লৈ বৈ গৈছে ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী অসমৰ পুৱে শদিয়াৰ পৰা পশ্চিমে ধুবুৰী জিলালৈকে গৈছে।
২৷ ব্ৰহ্মপুত্ৰৰ পিতৃ কোন ?
উত্তৰঃ ব্রহ্মা।
৩৷ মানস সৰোবৰ ক’ত অৱস্থিত ?
উত্তৰঃ হিমালয় পর্বতত।
৪৷ ব্ৰহ্মপুত্ৰত বাৰ মাহে পানী থকাৰ কাৰণ কি ?
উত্তৰঃ হিমালয় চিতুষাৰ অঞ্চলৰ পৰা ওলোৱা বাবব্ৰহ্মপুত্ৰবাৰ্মাহে পানী থাকে।
৫ I ভল্গা নদী ক’ত অৱস্থিত ?
উত্তৰঃ ভল্গা নদী ৰাছিয়াত অৱস্থিত।
৬ I ব্ৰহ্মপুত্ৰৰ দৰে বাৰমাহে পানী থকা ৰাচিয়াৰ এটা নদীৰ নাম লিখা।
উত্তৰঃ ভল্গা নদী।
৭৷ মহাবাহু ব্রহ্মপুত্র
মহামিলনৰ অৰ্থ
ক’ত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ
—গীতটোৰ গীতিকাৰ জনৰ নাম লিখা।
উত্তৰঃ ড° ভূপেন হাজৰিকা।
৮৷ ড° ভূপেন হাজৰিকাই ৰচনা কৰা গীতসমূহক কি সংগীত বোলে ?
উত্তৰঃ ভূপেন্দ্ৰ সংগীত বোলে।
৯৷ অসমৰ প্ৰাণ স্বৰূপ জীৱনী শক্তি নদীটোৰ নাম কি ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ।
১০। নদী-দ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত ?
উত্তৰঃ গোলাঘাট জিলাত অৱস্থিত।
১১। ‘ব্ৰহ্মপুত্ৰ’ নামৰ পাঠটিৰ লিখক কোন ?
উত্তৰঃ ড° ভূপেন হাজৰিকা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.