Class 4 Assamese Chapter 10 বৰদৈচিলা

resppost2025

Class 4 Assamese Chapter 10 বৰদৈচিলা, SEBA Chapter 10 বৰদৈচিলা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

বৰদৈচিলা

Chapter – 10

ক- পাঠভিত্তিক ক্রিয়া

১। পদ্যটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়োঁ আহা।

উত্তৰঃ ছাত্ৰ- ছাত্ৰী নিজে কৰা।

২। পদ্যটো আবৃত্তি কৰা।

resppost2025

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।

৩। উত্তৰ দিয়া।

(ক) ‘বৰদৈচিলা’ পদ্যটো কোনে ৰচনা কৰিছে?

sqare

উত্তৰঃ বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছে।

(খ) চ’তৰ বিহুত হিল-দল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে?

উত্তৰঃ চ’তৰ বিহুত বৰদৈচিলাই হিল-দল ভাঙি মাকৰ ঘৰলৈ ঢাপলি মেলিছে।

(গ) বৰদৈচিলাৰ লগৰীয়া কোন?

sqare

উত্তৰঃ বৰদৈচিলাৰ লগৰীয়া হ’ল বা-মাৰলি।

(ঘ) মাকে বৰদৈচিলাক কি দিব?

উত্তৰঃ মাকে বৰদৈচিলাক মাধৈ ফুল (মাধৱী লতা) দিব।

sidebar2026

(ঙ) পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে?

উত্তৰঃ কবিয়ে বৰদৈচিলাক লাহে ধীৰে যাবলৈ কৈছে যাতে পূঁজা ঘৰ কেইটা ভালে ভালে ৰয়।

2026

(চ) বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয়?

উত্তৰঃ বৰদৈচিলা আহিলে আমাৰ ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি পেলায়। চৰাই-চিৰিকটি আদি মৃত্যু হয়। আলি বাটত গছ গছনি ভাঙি পৰি মানুহৰ অহা যোৱাৰো অসুবিধা হয়।

(ছ) বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে?

উত্তৰঃ বৰদৈচিলাক কবিয়ে বহিবলৈ বুলি চোতালত বৰপীৰা পৰিপাটি কৰি ল’ব পাৰে। বৰদৈচিলাই যাওঁতে বৰ কষ্ট হয় বাবে কবিয়ে শুবলৈ শীতল পাটি পাৰি দিছে। খোৱাৰ বাবে কবিয়ে জহা ধানৰ দোৱা ভজা চিৰা দিছে।

৪। শব্দৰ লগত অর্থ মিলোৰা – 

sidebar2026
বৰদৈচিলাবেগাই যোৱা কাৰ্য
ঢাপলিৰাজ – আলি, অহা যোৱা কৰা ৰাস্তা
লৰব’হাগ বিহুৰ আগে – পাছে হোৱা ডাঙৰ ধুমুহা
কাঁকৈচেঁকুৰি যোৱা কাৰ্য
ৰাজবাটচুলিৰ জট ভঙা দীঘলীয়া ফণি
কেৰুখুৰা থকা কাঠৰ আসন
পীৰাকাণত পিন্ধা এবিধ অলংকাৰ

উত্তৰঃ

বৰদৈচিলাব’হাগ বিহুৰ আগে – পাছে হোৱা ডাঙৰ ধুমুহা
ঢাপলিচেঁকুৰি যোৱা কাৰ্য
কাঁকৈচুলিৰ জট ভঙা দীঘলীয়া ফণি
ৰাজবাটৰাজ – আলি, অহা যোৱা কৰা ৰাস্তা
কেৰুকাণত পিন্ধা এবিধ অলংকাৰ
পীৰাখুৰা থকা কাঠৰ আসন
লৰবেগাই যোৱা কাৰ্য

৫। বৰদৈচিলা মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা।

মাকে _______________________________।

বাপেকে _____________________________।

ককায়েকে ___________________________।

ভায়েকে ____________________________।

উত্তৰঃ 

মাকেমাধৈ ফুল দিব।
বাপেকেখাৰু দিব।
ককায়েকেকাপোৰ – কানি দিব।
ভায়েকেকেৰু দিব।
2026

৬। কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা।

(ক) চুলি আঁচুৰিবলৈ _________ব্যৱহাৰ কৰা হয়।

(খ) ব’হাগ বিহুৰ আগে-পাছে ____________আহে।

(গ) _____________ এবিধ কাণত পিন্ধা অলংকাৰ।

(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক______ বোলে।

(ঙ) জহকালি________ পাটীত শুলে গা-মন জুব পৰে।

উত্তৰঃ (ক) চুলি আঁচুৰিবলৈ কাঁকৈ ব্যৱহাৰ কৰা হয়।

(খ) ব’হাগ বিহুৰ আগে-পাছে বৰদৈচিলা আহে।

2026

(গ) কেৰু এবিধ কাণত পিন্ধা অলংকাৰ।

(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বৰপীৰা বোলে।

(ঙ) জহকালি শীতল পাটীত শুলে গা-মন জুব পৰে।

৭। ‘মূৰৰ চুলি মেলাই’ মানে ‘মূৰ আঁচুৰি’। কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে।

উত্তৰঃ কবিয়ে বৰদৈচিলাক কাঁকৈ আৰু ফণিৰে মূৰ আচুৰি যাবলৈ কৈছে।

৮। পদ্যটোৰ মূল কথাখিনি কোৱা আৰু নিজৰ বহীত লিখা।

উত্তৰঃ চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়। মাকৰ ঘৰলৈ যোৱাৰ বাবে মন সুখত উত্ৰাবল হৈ পৰে। বৰদৈচিলাই লগত যত বা মাৰলিক লৈ আউল বাউল কৈ চুলি মেলি মাৰিছে লৰ কবিয়ে তেনেকৈ যাবলৈ মানা কৰিছে কিয়নো তাই দৌৰি যোৱাৰ বাবে ঘৰ- দুৱাৰ, গছ- গছনি ভাঙি থৈ যোৱাৰ ফলত মানুহৰ অসুবিধাৰ সৃষ্টি হয়। সেয়ে কবিয়ে বৰদৈচিলাক চোতালত বৰপীৰা পাৰি দিছে বহিবলৈ,ককৈ ফণী দিছে মূৰৰ চুলিবোৰ ফণীয়াবলৈ। বৰদৈচিলাক ঘৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু দিছে মাকে দিছে মাধৈ ফুল, দেউতাকে দিছে খাৰু, ককায়েকে দিছে কাপোৰ কানি, ভয়েৰাই দিছে কেৰু। শুবলৈ দিছে শীতল পাটি, বহিবলৈ দিছে পীৰা। খাবলৈ দিছে জহা ধানৰ দোৱা – ভজা চিৰা।

কবি হেমচন্দ্ৰ গোস্বামী দেৱে বৰদৈচিলাক অনুৰোধ কৰিছে যাতে কবিৰ পঁজা কেইটা ভাঙি চিঙি চুৰমাৰ নকৰি ভালে ভালে থৈ যায়।

৯। তলত উল্লেখ কৰা শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পদ্যটোৰ পৰা বিচাৰি লিখোঁ আহা

উদাহৰণ- গঢ়ি_______ভাঙি।

(ক) বেগাই_____________________।

(খ) উষ্ণ_______________________।

(গ) উঠিবলৈ ____________________।

(ঘ) ইয়াতে ______________________।

উত্তৰঃ (ক) বেগাই – লাহে ধীৰে।

(খ) উষ্ণ – শীতল।

(গ) উঠিবলৈ – বহিবলৈ।

(ঘ) ইয়াতে – তাতে।

১০। তলৰ শব্দবোৰেবে একোটাকৈ বাক্য সাজা।

(ক) বৰদৈচিলা______________________।

2026

(খ) হিল-দল ভাঙি____________________।

(গ) ঢাপলি মেলা _____________________।

(ঘ) শীতল-পাটি (পাটা)_________________।

(ঙ) মূৰৰ চুলি মেলাই__________________।

উত্তৰঃ (ক) বৰদৈচিলা – বৰদৈচিলাই গছ- গছনি ভাঙি ৰাস্তা-ঘাট বন্ধ হৈ আছে।

(খ) হিল-দল ভাঙি –পৰীক্ষা আমি হিল-দল ভাঙি স্কুল গৈ পাওঁ।

(গ) ঢাপলি মেলা – স্কুল বন্ধ হোৱাৰ বাবে ৰহিমে ঢাপলি মেলিছে।

(ঘ) শীতল-পাটি (পাটা) – গৰমৰ দিনত শীতল পাটি ব্যৱহাৰ কৰিব লাগে।

(ঙ) মূৰৰ চুলি মেলাই – সন্দীয়া সময়ত মূৰৰ চুলি মেলাই বাহিৰত নাযাবা।

জানো আহা-

‘মাৰাই দিব মাধৈ ফুল বাপেৰাই দিব খাৰু,ককায়েৰাই দিব কাপোৰ-কানি ভায়েৰাই দিব কেৰু।’
ওপৰৰ পদ্যফাকিত থকা ‘বাপেৰাই’, ‘ককায়েৰাই’, ‘ভায়েৰাই’ আদি পদে পুরুষ বা পুংলিংগ বুজাইছে আৰু ‘মাৰাই’ শব্দটোৱে স্ত্রী বা স্ত্রীলিংগ বুজাইছে। স্ত্রীলিংগত ওপৰৰ শব্দকেইটা মাৰাই, বায়েৰাই, ভনীয়েৰাই হ’ব। 

১১। তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা।

পুং লিংগস্ত্ৰী লিংগ
বাপেকমাক
ককায়েক
ভায়েক
পেহাক
শহুৰেক
মাকেবাপেকে
বায়েকে
ভনীয়েকে
পেহীয়েকে
শাহুৱেকে

উত্তৰঃ 

পুং লিংগস্ত্ৰী লিংগ
বাপেকমাক
ককায়েকবায়েকে
ভায়েকভনীয়েকে
পেহাকপেহীয়েকে
শহুৰেকশাহুৱেকে
মাকেবাপেক
বায়েকেককায়েক
ভনীয়েকেভায়েক
পেহীয়েকেপেহাক
শাহুৱেকেশহুৰেক

জানো আহা-

কিংবদন্তি মতে বৰদৈচিলা এগৰাকী দেৱীৰ নাম। বছৰেকত এবাৰ ব’হাগ বিহুৰ সময়ততেওঁ মাকৰ ঘৰলৈ আহে আৰু কিছুদিন পাছত নিজৰ ঘৰলৈ উভতি যায়। মাকৰ ঘৰলৈ এইদৰে অহা-যোৱা কৰোঁতে প্রবল বেগেৰে গতি কৰাৰ ফলত ধুমুহাৰ সৃষ্টি হয়।
এই কিংবদন্তিৰ আধাৰতে কবিয়ে বৰদৈচিলাক বিভিন্ন ধৰণে বর্ণনা কৰাৰ লগতে অনুৰোধো জনাইছে। কবিৰ এই অনুৰোধৰ লগত কিছুমান লোক-বিশ্বাস জড়িত হৈ আছে।
উদাহৰণ স্বৰূপে, আজিও আমাৰ গাঁও অঞ্চলত বৰদৈচিলা অহাৰ সময়ত সহজ-সৰল গাঁৱৰ মানুহে চোতালত বৰপীৰা পাৰি দি তাৰ ওপৰত আর্চি, ফণি থৈ তেওঁক মূৰ ফণিয়াই শান্ত হ’বলৈ অনুৰোধ জনায়।
বৰদৈচিলা শব্দটো বহুতে বড়ো ভাষাৰ ‘বৰ’ (বতাহ), ‘দৈ’ (পানী) আৰু ‘চিল্লা’ (গাভৰু বা গোসাঁনী) শব্দৰে গঠন হোৱা বুলি ভাবে। গতিকে শব্দটোৰ অৰ্থ হ’ব বতাহ- বৰষুণৰ গোসাঁনী।

১২। বৰদৈচিলাক বাপেকে খাৰু আৰু ভায়েকে কেৰু দিছে। ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা-গাঁঠৰি আছে লিখা। 

উত্তৰঃ অসমৰ গহনা-গাঁঠৰি নাম কেৰু,ডুগডুগি,ঢোল মাদলি, ব্ৰেচলেট,গলপতা, হাৰ, আঙুঠি, বাজু,পায়েল, জোনবিৰি।

১৩। ধুমুহা আহিলে তুমি কি কি সাৱধানতা ল’ব লাগে শিক্ষক বা অভিভাৱকক সুধি জানি লোৱা।

উত্তৰঃ ঘৰত থকা মেইন চুইচ বন্ধ কৰি থব লাগে, ঘৰৰ ওচৰত গছ-গছনি থাকিলে মুকলি ঠাইত যাব লাগে, ঘৰৰ পৰা ওলাই বাহিৰত থাকিব নালাগে, দৰ্জা, খিৰিকী বন্ধ কৰি থব লাগে।

১৪। তোমালোকৰ অঞ্চলত কি কি লোক-উৎসৱ পালন কৰা হয় লিখা।

উত্তৰঃ আমাৰ অঞ্চলত অন্নপ্রাসন, বিহু, বিয়া, পূজা, জন্মাষ্টমী, কাৰোবাৰ ঘৰত কেঁচুৱা হলে কৰে, তুলনী বিয়া।

জানো আহা-

দুটা শব্দ লগ হৈ বা যোৰ হৈ গঠন হোৱা শব্দকে যুৰীয়া শব্দ বোলে। উদাহৰণ- গছ-গছনি, ঘৰ-দুৱাৰ।
যুৰীয়া শব্দ তিনি প্রকাৰৰ-
কিছুমান যুৰীয়া শব্দত থকা দুয়োটা শব্দই প্রায় একে অর্থকে বুজায়। যেনে পর্বত – পাহাৰ, গছ-গছনি।
কিছুমান যুৰীয়া শব্দই সিহঁতৰ নিজৰ অৰ্থৰ উপৰি এটি সমূহীয়া অর্থ বুজায়। যেনে- কাপোৰ-কানি, টকা-পইচা।
কিছুমান যুৰীয়া শব্দৰ দুয়োটা শব্দই অৰ্থৰ সমাহাৰ বুজায়। যেনে- ভাল-বেয়া, সুখ-দুখ।
2026

১৫। পদ্যটোত থকা যুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ গছ-গছনি, ঘৰ-দুৱাৰ, হিল দল, বা-মাৰলি, কাকৈ-ফণি, কাপোৰ-কানি, দোৱা-ভজা।

১৬। তলত কেইটামান সাঁথৰ দিয়া হৈছে। সেইবোৰৰ উত্তৰ কাষত ছবিৰে সানমিহলিকৈ দিয়া আছে। আঁচ টানি সঠিক উত্তৰটো মিলোৱা।

(ক) মাত আছে মানুহ নাই 

ঘৰ আছে দুৱাৰ নাই-

উত্তৰঃ ৰেডিঅ।

(খ) ঢাপে ঢাপে গ’লোঁ 

ঢাপলিকা পালোঁ 

কুটি-বাছি থৈ 

ছমাহলৈ খালোঁ-

উত্তৰঃ বাঁহ গছ।

(গ) চাৰিটাকৈ ভৰি মোৰ 

হাত হ’লে দুখন 

আনক মই কোলাত লওঁ 

যিমানেই হওক ওজন- 

উত্তৰঃ চকী।

১৭। যিকোনো প্রাকৃতিক দুর্যোগৰ ছবি বাতৰি কাকত বা আলোচনীৰ পৰা সংগ্ৰহ কৰা। পুৰণি কেলেণ্ডাৰৰ খালী পৃষ্ঠাত সেইবোৰ আঠা লগোৱা। তলত প্রত্যেকটো দুৰ্যোগৰ নাম লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top