Class 4 Assamese Chapter 9 অসমৰ কাঁহ শিল্প, SEBA Chapter 9 অসমৰ কাঁহ শিল্প Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.
বীৰাংগনা মূলাগাভৰু
Chapter – 9
অংকুৰণ
ASSAMESE
☆ শব্দ অর্থ লিখা।
ফৰিংফুটা জোনাক | বৰ উজ্জ্বল জোনাক। |
জিলিকি | দীপ্তিমান, তিৰবিৰা। |
সুবাস | গোন্ধ। |
চৌদিশে | চাৰিওফালে। |
আমোল-মোল | মলমলীয়া গোন্ধ যুক্ত, সুবাসিত। |
ধ্বনি | শব্দ। |
নানা-তৰহৰ | নানান ধৰণৰ। |
একেথৰে | একেদৰে, ছেদ-ভেদ নোহোৱাকৈ, লৰচৰ নোহোৱাকৈ। |
মসৃণ | মিহি, কোমল, নিমজ। |
হয়ভৰ | সমর্থনকৰা, সহযোগ কৰা। |
কথোপকথন | কথা-বতৰা, দুজন বা তাতকৈ বেছি লোকৰমাজত হোৱা কথা বার্তা। |
দহো আঙুলি | দহটা আঙুলি। |
ক্ষণস্থায়ী | ক্ষন্তেকীয়া, অতি কম সময়। |
কৌতুহলী | জানিবলৈ ইচ্ছা কৰা, আগ্রহ। |
তীক্ষ্ণ | চোকা, ধাৰা যুক্ত। |
আপুৰুগীয়া | দুর্বল, আটকীয়া। |
উলাহ | উল্লাস, আনন্দ। |
ক-পাঠভিত্তিক
☆ পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া।
☆ কোৱা আৰু লিখা।
1. অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল ?
উত্তৰঃ অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল।
2. অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক’ত ?
উত্তৰঃ অম্লানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত।
3. সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত ?
উত্তৰঃ সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত।
4. পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাহীবিধক কি কাঁহী বুলি কয় ?
উত্তৰঃ বান-কাহী।
5. হাতী-খুজীয়া বাটি কি ?
উত্তৰঃ জলপান খোৱা বাটিটোকে হাতী খুজীয়া বাটি বুলি কোৱা হয়। এনে বাটি আকৃতিত বৰ ডাঙৰ।
6. কি কি ধাতু মিহলাই কাহ তৈয়াৰ কৰা হয় ?
উত্তৰঃ তাম আৰু ৰাং ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়।
7. কাঁহেৰে গঢ়া কেইবিধমান বাচন-বৰ্তনৰ নাম লিখা।
উত্তৰঃ কাহী, বাটি, লোটা, বান-বাটি, ঘটি, গিলাচ, বটা, বৰকাহ, ভোৰতাল আদি কাঁহেৰে গঢ়া বাচন বৰ্তন।
8. কঁহাৰশাল মানে কি ?
উত্তৰঃ যিটো ঘৰত বা যি ঠাইত কাহীৰ সাজ অর্থাৎ বাচন বৰ্তন তৈয়াৰ কৰা হয় সেই ঘৰটোকে কঁহাৰশাল বোলে।
9. কঁহাৰশালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লিখা।
উত্তৰঃ কঁহাৰ শালত ব্যৱহাৰ হোৱা কেইবিধমান সঁজুলিৰ নাম হ’ল –
(১) নিয়াৰি।
(২) হাতুৰী।
(৩) চেপেনা।
(৪) কুন্দা।
(৫) মহী।
(৬) ভাতী।
☆ বর্ণনা কৰা।
1. শৰৎকালৰ সন্ধিয়াৰ পৰিৱেশ
উত্তৰঃ শৰৎ কাল বা ঋতু আৰম্ভ হয় ভাদ আৰু আহিন মাহত। এই সময় ছোৱাত গ্ৰীষ্মৰ উৎকট গৰম নাইকীয়া হয়। বাৰিষা কালৰ দৰে বৰষুণেও বাট-পথ আদি নষ্ট নকৰে। মুঠতে এই সময় খিনিত বেমাৰ আজাৰেও মানুহক বেছি জুৰুলা নকৰে। শৰৎ কালত সন্ধিয়াৰ আকাশ নিৰ্মল হৈ থাকে। শেৱালি ফুলৰ সুবাস চাৰিওফালে বিয়পি পৰে। শংকৰ দেৱেও শৰৎ ঋতুকে শ্রেষ্ঠতা দান কৰিছে তেখেতৰ ৰাস লীলাত। এই ঋতুতে পূজা পাৰ্বনবোৰ অনুষ্ঠিত হয়। মুঠতে শৰৎ কালৰ সন্ধিয়াৰ পৰিৱেশে সকলো মানুহৰে মনত এক অজান শিহৰণে জাগতিক কৰে।
2. বটা আৰু বান-কাঁহীৰ ব্যৱহাৰ
উত্তৰঃ বটাত এগছি পান-তামোলৰে জেষ্ঠ্যজনক মান ধৰা হয়। বটাত গুৱাপান কাটি থোৱা হয়। মানীজনক এই বটাৰে সন্মান জনোৱা হয়। অসমীয়া সমাজৰ প্ৰতিঘৰ মানুহৰে অতি কমেও এখন হ’লেও বটা আছে।
বান কাঁহী দেখাত প্ৰায় বঁটাৰ নিচিনাই। এই কাহীত ভাত খোৱা হয়। পুৰণি কালত অসমীয়া মানুহে তথা ঘৰৰ জ্যেষ্ঠ্যজনেহে এই বানকাহীত ভাত খাইছিল। আজিকালি কাঁহৰ দাম বেছি হোৱা বাবে ইয়াৰ ব্যৱহাৰ প্ৰায় নোহোৱাই হৈছে।
☆ ভাব বহলাই লিখা।
1. ‘হাতৰ নিব, কাণৰ নিব, দহো আঙুলি কোনে নিব ?
উত্তৰঃ ওপৰত উল্লেখিত ফকৰা যোজনাটিয়ে কৰ্মী মানুহৰ কথাকে উল্লেখ কৰিছে। ধন-সোণ ক্ষন্তেকীয়া বস্তু কিন্তু বিদ্যা-বুদ্ধি হাতৰ বিদ্যা চিৰস্থায়ী। ধন সোণ চোৰে চুৰ কৰি নিব পাৰে, কিন্তু হাতৰ বিদ্যা কোনেও চুৰ কৰি নিব নোৱাৰে। সেইদৰে ধন-সোণ, টকা-পইচা, আদি একেবাৰে ক্ষণস্থায়ী। অর্থাৎ এইবোৰ সদায় নাথাকে। আনে নিব পাৰে, হেৰাই যাব পাৰে। কিন্তু মানুহৰ হাতৰ বিদ্যা সদায় মানুহৰ লগতে থাকে। ইয়াক আনে নিবও নোৱাৰে, নষ্টও কৰিব নোৱাৰে।
সোণ ৰূপৰ অলংকাৰে মানুহক ৰূপৱৰ্তী কৰি তুলিব পাৰে কিন্তু কর্মী লোকৰ কামৰ কাৰণে যিটো ৰূপ লাভ কৰে তাৰ সৌন্দর্য সোণ-রূপ অলংকাৰতকৈ বহুত বেছি মূল্যবান। সোণ ৰূপৰ অলংকাৰৰ সৌন্দৰ্য ক্ষন্তেকীয়া। কিন্তু বিদ্যা বুদ্ধি বা কর্মী লোকৰ কামৰ সৌন্দৰ্য চিৰস্থায়ী।
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
1. তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা।


উত্তৰঃ

☆ বাঁওফালৰ কথাখিনিৰ অৰ্থ সোঁফালে দিয়া আছে। বিছাৰি উলিয়াই কাঁড় চিনেৰে মিলোৱা।
কাঁহৰ বাচন গঢ়া স্থান | ঢেঁকী-শাল |
লোৰ সঁজুলি গঢ়া স্থান | জুইশাল (জুহাল) |
কাপোৰ বোৱা যতন | কঁহাৰশাল |
ঢেঁকী ৰখা ঘৰ | তেলী শাল |
সদায় জুই ধৰা ঠাই | তাঁতশাল |
সৰিয়হ পেৰা যতন | কমাশাল |
উত্তৰঃ
কাঁহৰ বাচন গঢ়া স্থান | কঁহাৰশাল |
লোৰ সঁজুলি গঢ়া স্থান | কমাৰশাল |
কাপোৰ বোৱা যতন | তাঁত-শাল |
ঢেঁকী ৰখা ঘৰ | ঢেঁকী-শাল |
সদায় জুই ধৰা ঠাই | জুইশাল (জুহাল) |
সৰিয়হ পেৰা যতন | তেলী-শাল |
☆ বাক্য ৰচনা কৰা।
খা-খবৰ,খা-খবৰ কৰ,খা-খবৰ ল,খা-খবৰ ৰাখ,হাত-মুখ,হাত-মুখ ধো,টকা-পইচা,ধন-সোণ
উত্তৰঃ খা-খবৰ :- মোৰ খা-খবৰ ভাল।
খা-খবৰ কৰ :- তালৈ যাবি যেতিয়া ল’ৰাজনৰ খা-খবৰ কৰচোন।
খা-খবৰ ল :- বহুদিন ছোৱালীজনীৰ খা-খবৰ লোৱা নাই।
খা-খবৰ ৰাখ :- ওচৰতে আছে যেতিয়া মাজে সময়ে খা-খবৰ ৰাখিবি।
হাত-মুখ :- হাত-মুখ ধুই চাহ জলপান খাই যাবি।
হাত-মুখ ধো :- খোৱা হ’ল যদি হাত-মুখ ধো আকৌ।
টকা-পইচা :- হাতত থকা টকা-পইচা কেইটা অসুখতে শেষ হ’ল।
ধন-সোণ :- ধন-সোণ দিব নালাগে বিপদৰ সময়ত মাত এষাৰ দিলেই যথেষ্ট।
☆ কাষৰ বাকচৰ পৰা ক্রিয়া পদ আনি তলৰ বাক্যকেইটা পূৰ কৰা।
থাকে | আছে |
যায় | নহয় |
নাচে | খাওঁ |
মই ভাত …………………
ৰীণা সদায় স্কুললৈ ……………………
আমটো মিঠা ……………………
মইনাই ভালকৈ ……………………
ৰহিমৰ দাদাক ডিব্ৰুগড়ত ……………………
আমাৰ এখন খেলপথাৰ ……………………
উত্তৰঃ মই ভাত খাওঁ
ৰীণা সদায় স্কুললৈ যায়
আমটো মিঠা নহয়
মইনাই ভালকৈ নাচে
ৰহিমৰ দাদাক ডিব্ৰুগড়ত থাকে
আমাৰ এখন খেলপথাৰ আছে
☆ তলৰ বাক্যকেইটাৰ ক্ৰিয়া পদত আঁচ টানা।
- অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ আহিছে।
- ফৰিংফুটা জোনাকত আধাফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে।
- অম্লান আৰু অনন্যা পেহাকৰ লগত আগ চোতালত বহিল।
- এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ মাতিলে।
- অম্লানহঁতক পেহাকে কঁহাৰশাললৈ লৈ গ’ল।
উত্তৰঃ অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ আহিছে।
ফৰিংফুটা জোনাকত আধাফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে।
অম্লান আৰু অনন্যা পেহাকৰ লগত আগ চোতালত বহিল।
এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ মাতিলে।
অম্লানহঁতক পেহাকে কঁহাৰশাললৈ লৈ গ’ল।
গ-জ্ঞান সম্প্ৰসাৰণ
☆ কাঁহ শিল্প অসমৰ এবিধ লেখত ল’বলগীয়া কুটীৰ-শিল্প। অসমৰ আন কেইটামান কুটীৰ-শিল্পৰ নাম লিখা।
উত্তৰঃ (১) বয়ন শিল্প।
(২) মৃৎ শিল্প।
(৩) হাতীদাঁতৰ শিল্প।
(৪) বাহ-বেতৰ শিল্প।
(৫) পিতলৰ শিল্প
☆ তোমালোকৰ ঘৰত কাহৰ বাহিৰে আন কি কি ধাতুৰে তৈয়াৰ কৰা বাচন-বৰ্তন আছে? সেইবোৰৰ তালিকা কৰা।
উত্তৰঃ
ধাতু | বাচন বৰ্তন |
১৷ পিতল | শৰাই, জাপি, চাকি, টৌ, থালি৷ |
২৷ চিলভাৰ | চৰিয়া, কাঁহী বাতি, কেৰাহী, গামলা, হান্দী৷ |
৩৷ ষ্টিল | কাহী, বাতি, চৰিয়া, মগ, চচপেন, গিলাচ৷ |
☆ ছবিৰ সৈতে মিলাই নাম লিখা।
বঁটা, লোটা, বান-কাঁহী, বান-বাটি, গিলাচ, কলহ
উত্তৰঃ


Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.