Class 4 Assamese Chapter 12 আজৰি পৰৰ কাম

Class 4 Assamese Chapter 12 আজৰি পৰৰ কাম, SEBA Chapter 12 আজৰি পৰৰ কাম Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

আজৰি পৰৰ কাম

Chapter – 12

অংকুৰণ

ASSAMESE

ক-পাঠভিত্তিক

☆ উত্তৰ দিয়া –

১৷ কোনে কি কৰিছে ছবি চাই কোৱা।

উত্তৰঃ (ক) ল’ৰা-ছোৱালী হালে ফুলনি বাগিছাত পানী দিছে। ফুলৰ পুলিবোৰৰ গুৰিবোৰো খুচৰি দিছে। 

(খ) মাকে কাপোৰ ধুইছে আৰু ছোৱালীজনীয়ে কুঁৱাৰ পৰা পানী তুলিছে।

(গ) মাকে কাপোৰবোৰ ধুই অতাই দিছে আৰু জীয়েকে কাপোৰবোৰ ৰ’দত মেলি দিছে।

(ঘ) জিৰণিৰ সময়ত পৰিয়ালৰ সদস্য সকলে কেৰম খেলিছে।

(ঙ) ল’ৰা-ছোৱালীহালক পঢ়িবলৈ দিছে। ছোৱালীজনীয়ে তেওঁৰ পাঠ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িছে। মাকে পঢ়িব নাজানে গতিকে ল’ৰাজনে কি পঢ়িছে তাকে অতি মনোযোগেৰে চাইছে।

২৷ তোমালোকে মাৰা-দেউতাৰাক কি কি কামত সহায় কৰা ?

উত্তৰঃ (ক) বাইদেউৱে মাক ৰন্ধা-বঢ়া কামত সহায় কৰি দিয়ে। মাই যেতিয়া তাঁত শালত বহি কাপোৰ বয় তেতিয়া বাইদেৱে যঁতৰ মহুৰা বটে। কেতিয়াবা ঘৰ-চোতাল সাৰি-মুচি পৰিষ্কাৰ কৰে।

(খ) দেউতাক ময়ো সাধ্য অনুসৰি সহায় কৰো। দেউতা যেতিয়া পথাৰলৈ যায় তেতিয়া মই দেউতাৰ বাবে চাহ-জলপান লৈ যাওঁ। কেতিয়াবা গাই-গৰু, দামুৰি আদিও এৰাল দিও। খেতি পথাৰতো সময়ে সময়ে সহায় কৰো। মাজে সময়ে বজাৰ সমাৰো কৰো। ওচৰতে থকা দোকানৰ পৰা দুই এপদ বস্তু কিনি আনো। 

৩৷ তোমালোকে আজৰি পৰত কি কিকাম কৰা? সেইকামবোৰৰ বিষয়ে কোৱা।

উত্তৰঃ ১। আজৰিপৰত সমনীয়া সকলৰ লগতক্ৰিকেট, ক্ৰেম, ফুটবল আদি খেলো।

২। মাজে সময়ে আলহী-অতিথিৰ ঘৰলৈ মা-দেউতাৰ লগত যাওঁ। 

৩। প্ৰতি ৰবিবাৰে বাগিছাত কাম কৰোঁ। ফুলৰ যত্ন লওঁ, পুলিবোৰৰ গুৰিবোৰ খুচৰি দিওঁ।

৪৷ যিকোনো এবিধ ফুল সংগ্রহ কৰি, সেই ফুলৰ ৰং কি আৰু পাহিৰ সংখ্যা কিমান ইত্যাদি চাই তিনিটা বাক্য লিখা।

উত্তৰঃ ফুল – গোলাপ

ফুলৰ ৰং – গোলাপ/ৰঙা/বগা। 

পাহিৰ সংখ্যা – ১২/১৫ টা

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

☆ বাক্যবোৰ সজাই লিখা।

(ক) ভাল খেলি কেৰম পাওঁ মই।
(খ) ভিতৰত কৰি কাম আছে মায়ে।
(গ) ধুইছে ৰীমাই কাপোৰ পাৰত কুঁৱাৰ।

উত্তৰঃ 

(ক) ভাল খেলি কেৰম পাওঁ মই।মই কেৰম খেলি ভাল পাওঁ।
(খ) ভিতৰত কৰি কাম আছে মায়ে।মায়ে ভিতৰত কাম কৰি আছে।
(গ) ধুইছে ৰীমাই কাপোৰ পাৰত কুঁৱাৰ।কুঁৱাৰ পাৰত ৰীমাই কাপোৰ ধুইছে।

☆ তলৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা

প্ৰ   ন্দ  ন্ধ   স্তু

উত্তৰঃ

প্ৰ  =  প  +  ৰ
ন্দ  =  ন  +  দ
ন্ধ  =  ন  +  ধ
স্তু  =  স  +  ত  +  উ

☆ তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা।

প্রশংসা,চোতাল,কাঁহী,চিকুণাই,তিৰ্ বিৰ্

উত্তৰঃ প্রশংসা :- গুণীজনক সকলোৱে প্ৰশংসা কৰে।

চোতাল :- আইতাই চোতালত ধান মেলি দিছে।

কাঁহী :- দেউতাই এখন কাঁহী কিনিছে।

চিকুণাই :- শাকনিৰ মাজত থকা বন-জাবৰ বোৰ চিকুণাই দিবা। 

তিৰ্ বিৰ্ :- আকাশত তৰাবোৰে তিৱিাইছে।

গ-জ্ঞান সম্প্ৰসাৰণ

☆ উত্তৰ দিয়া –

(ক) ১। চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল ? 

উত্তৰঃ চন্দন আৰু প্ৰীতম গৰমৰ বন্ধত গাঁৱৰ ঘৰলৈ গৈছিল। 

২৷ গাঁৱত তেওঁলোকৰ কোন আছিল ?

উত্তৰঃ গাঁৱত তেওঁলোকৰ ককাক আছিল। 

৩৷ তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল ?

উত্তৰঃ তেওঁলোকে গাঁৱৰ ঘৰলৈ গাড়ীৰে গৈছিল। 

৪৷ ককাকে ৰাতিপুৱা কি কৰে ?

উত্তৰঃ ককাকে ৰাতিপুৱা বৰ সোনকালে শুই উঠি পুৱাৰ মুকলি বতাহ লয়। 

(খ) ১। চন্দন আৰু প্ৰীতমে ককাকৰ পৰা কি কি শিকিলে ?

উত্তৰঃ গাৱঁলৈ গৈ চন্দন আৰু প্ৰীতমে ককাকৰ পৰা বহুতো ভাল কথা শিকিলে। তেওঁলোকে দোক মোকালিতে বিছনা এৰা, পুৱাৰ মুকলি বতাহ লোৱা, আজৰি সময়ত শাকনিবাৰী, ফুলনি বাৰীত কাম কৰাৰ অভ্যাস কৰা। তদুপৰি ককাকে সিহঁতক সময়ত সৎ ব্যৱহাৰ কৰাৰ কথাও শিকালে। সন্ধিয়া সময়ত হাত ভৰি ধুই প্রার্থনা কৰাৰ অভ্যাস কৰালে। এইবোৰৰ উপৰি নিজৰ কামো যে নিজে কৰিব লাগে সেইটোও ককাকে সিহঁতক শিকালে।

২৷ তেওঁলোকে ঘৰলৈ আহি কি কৰাৰ কথা ভাবিলে ? 

উত্তৰঃ তেওঁলোকে ঘৰলৈ আহি ঘৰৰ আগফাল চিকুশাই ফুলনি পাতিলে। নিজৰ কাম নিজে কৰাৰ অভ্যাস কৰিলে। আজৰি সময়ত মাক বা দেউতাকক সহায় কৰে। 

৩৷ সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে ?

উত্তৰঃ সন্ধিয়া হাত-ভৰি ধুই ঘৰত প্ৰাৰ্থনা কৰে। 

৪৷ নিজৰ কাম নিজে কৰাটো তেওঁলোকে কাৰ পৰা শিকিলে?

উত্তৰঃ নিজৰ কাম নিজে কৰাটো তেওঁলোকে ককাকৰ পৰা শিকিলে ৷

(গ) মিতিৰ-কুটুমৰ ঘৰলৈ গৈ তুমি লাভ কৰা অভিজ্ঞতা আৰু স্বভাৱৰ পৰিবৰ্তনৰ বিষয়ে কোৱা।

উত্তৰঃ বন্ধৰ দিনত মই প্ৰায়ে মোমাই দেউহঁতৰ ঘৰলৈ বা পেহীদেউৰ ঘৰলৈ যাওঁ। এইবাৰ পিচে পৰীক্ষাৰ পিছত বৰদেউতাহঁতৰ ঘৰলৈ গৈছিলো। তাত গৈ দেখিলো বৰদেউতাহঁতৰ ঘৰৰ আটাইকেইজন মানুহৰ মাজত থকা সুন্দৰ মিলাপ্রীতি। দাদা বাইদেউ হঁতৰ মাজত বেছ মিলাপ্ৰতি। এটা সাধাৰণ বস্তু পালেও দাদাহতে ভগাই খায়। সিহঁতৰ মাজত হাই-কাজিয়া নালাগে। মাজে সময়ে বাইদেউরে ৰন্ধা-বঢ়া, সাজ-বাচন ধোৱা আদি কামত সহায় কৰে। কৰবালৈ যাব লগা হলে বৰদেউতা বৰমাই অনুমতি দিলেহে যায়। বাহিৰত তেওঁলোকে নাখায়, কৰবালৈ গ’লৈ বৰ্মায়ে ৰান্ধি দিয়া খাদ্য লগত লৈ যায় সেইবোৰহে খায়।

ঘৰলৈ আহি বৰদেউতাহঁতৰ সেই আনন্দ মুখৰ ঘৰখনৰ কথা ভাবি ভণ্টিৰ লগত কাজিয়া কৰা বন্ধ কৰিলো। ভণ্টিয়ে আগৰ দৰে দিগদাৰি কৰিলে তাইক নমবা হলো। আগতে যিটো বস্তু ভাল পাওঁ তাক অকলে খাইছিলো, এতিয়া ভণ্টি বা মা দেউতাৰ লগতো ভাই খোৱা হলো। মা-দেউতাৰ অনুমতি অবিহনে কলৈকো নোযোৱা হলো। সাঝ্য অনুসৰি দেউতাকো কামত সহায় কৰি দিয়া হলো। আগতে দেউতাৰ দুখ-কষ্টৰ কথা চিন্তা কৰা নাছিলো। নিজক লগা বস্তু মা-দেউতাক সুধিহে কিনো। 

☆ তোমাৰ ঘৰত/ওচৰত আখৰ চিনি নোপোৱা কোনোবা আছেনে? যদি আছে তেওঁক তুমি কেনেকৈ লেখা পঢ়া শিকাবা কোৱা আৰু লিখা। 

উত্তৰঃ আমাৰ ঘৰৰ ওচৰত আখৰ চিনি নোপোৱা মানুহ প্রায় নায়েই। অকল মৰমী আইতা আৰু কুঞ্জলতা জেঠীহে আছে। তেওঁলোক দুয়োগৰাকীকে মই মোৰ সৰু কালতে কিনা কিতাপ আৰু ফলিখন দিম। প্ৰতিটো বন্ধৰ দিনত তেওঁলোকক আমাৰ ঘৰলৈ মাত আনিম। মোৰ পঢ়া কোঠাত তেওঁলোক দুয়ো গৰাকীকে প্রথম প্রথম স্বৰবৰ্ণ আৰু ব্যঞ্জনবর্ণ শিকাম। বর্ণজ্ঞান হোৱাৰ পিছত যুক্তাক্ষৰ চিনবোৰ শিকাম। এনেদৰে আক্ষৰিক জ্ঞান শিকাৰ পাছত নেওতাৰ সংখ্যাবোৰ চিনাম। এনেদৰে তেওঁলোকক লেখা-পঢ়া শিকাম।

☆ আজৰি পৰত নিজৰ উপৰি আনৰ বাবে কি কি কৰা লিখা। 

ওচৰ চুবুৰীয়াৰ (প্রতি) বাবে।

উত্তৰঃ ওচৰ চুবুৰীয়াই যাতে আমাৰ বাবে অসুবিধা নাপাই তাৰ প্ৰতি প্ৰথমে লক্ষ্য কৰিম। ডাঙৰকৈ যাতে নহয় তাৰ বাবে ৰেডিঅ’, টি.ভি, ডেক আদি চলাম।

ঘৰত ডাঙৰকৈ হাই-উৰুমি কৰি কথা-বতৰা নাপাতো। সিহঁতৰ সুখ-দুখৰ প্ৰতি লক্ষ্য কৰি সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াম।

☆ কেও কিছু নথকা অক্ষম/বৃদ্ধ লোকৰ বাবে ?

উত্তৰঃ বৃদ্ধ লোক বা অক্ষম লোকক সহায় কৰা আমাৰ প্ৰতিজন লোকৰে প্রধান কর্তব্য। তেওঁলোকক দিনটোৰ ভিতৰত এবাৰ হলেও যত্ন লম। ঘৰত কিবা খাদ্য বস্তু নাথাকিলে সাধ্য অনুসাৰে আমি দিবলৈ চেষ্টা কৰিম। অসুখ বিসুখ হলে ডাক্তৰ মাতি আনি চিকিৎসা কৰাম। মাজে সময়ে ভাত-চাহৰ যোগান ধৰিম। ৰাস্তা-পাৰ হব লগীয়া হ’লৈ সহায় কৰিম। গাড়ীৰ ভিতৰত লগ পালে মই থিয় হৈ তেখেতক বহিবলৈ দিম। সেইদৰে গাড়ীৰ পৰা নামোতে তেখেতক সহায় কৰিম। মুঠতে তেখেতে অসুবিধা পোৱা কামখিনিত মই সুবিধা কৰি

দিবলৈ মৎপৰনাস্তি চেষ্টা কৰিম। 

☆ ৰুগীয়া লোকৰ বাবে।

উত্তৰঃ ৰুগীয়া লোকক আৰোগ্য কৰিবলৈ পালে সকলোৱে সুখী হয়। প্রথমে ৰুগীয়া বুলি ব্যক্তি জনক ঘৃণ কৰিব নালাগে। ডাক্তৰৰ পৰামৰ্শ মতে তেখেতক ঔষধ পাতি কিনি দি সহায় সহায় কৰিম। তেখেতে যিখিনি অসুবিধা পায় সেইখিনি “মই হেলা নকৰি বা বিৰক্তি অনুভৱ নকৰি সুবিধা দিবলৈ চেষ্টা কৰিম। সম্ভৱ হ’লে তেখেতে বিচৰাটো দিবলৈ হেলা নকৰো।

☆ তোমাতকৈ সৰু বোৰৰ বাবে। 

উত্তৰঃ মোতকৈ সৰু বোৰক সদায় মৰম কৰিম। তেওঁলোকে ভবা বা বেয়া বুলি কোৱা কামতো মই প্ৰথমে নকৰিবলৈ চেষ্টা কৰিম। তাৰ পিছতহৈ মই তেওঁলোকক বেয়া কাম নকৰিবলৈ উপদেশ দিম। সিহঁতৰ লগত খেলাধূলা কৰা আদি কামবোৰত সদায় ডাঙৰ আৰু সৰুৰ মাজত যিখিনি প্ৰভেদ থাকিব লাগে সেইখিনি দূৰত্ব বজাই ৰাখিহে চলিম।

ঘ-প্রকল্প

☆ প্রত্যেক সপ্তাহত পাচোঁটাকৈ নতুন শব্দৰ অৰ্থ অভিধান চাই লিখিবা।

ক্রমিক নম্বৰতাৰিখশব্দঅর্থ

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top