Class 4 Assamese Chapter 10 বৰদৈচিলা

Class 4 Assamese Chapter 10 বৰদৈচিলা, SEBA Chapter 10 বৰদৈচিলা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

বৰদৈচিলা

Chapter – 10

অংকুৰণ

ASSAMESE

কবি পৰিচয় :

হেমচন্দ্র গোস্বামী :- হেমচন্দ্ৰ গোস্বামীদেৱৰ গোলাঘালৰ গৌৰাং সত্ৰত ১৮৭২ চনৰ ৮ জানুৱাৰীত জন্ম হয়। তেওঁৰ দেউতাকৰ নাম ডম্বৰুধৰ গোস্বামী। গোস্বামী দেৱে ১৮৮৮ চনত নগাঁৱৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ যায় আৰু ১৮৯০ চনত প্ৰেচিডেন্সি কলেজৰ পৰা এফ. এ পাছ কৰে। কলিকতাত তেওঁ চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ লগত লগ হৈ সাহিত্য ৰচনাত মনোনিবেশ কৰে। ১৮৮৮ চনত তেওঁ বিবাহ পাশত আবদ্ধ হয়। হেমচন্দ্ৰ গোস্বামী একৃষ্ট্বা এচিষ্টেণ্ট কমিচনাৰৰ পদ পায়।

হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়াত প্ৰথম চনেট ৰচোতা। হেমচন্দ্ৰ এওঁৰ যত্নতে ছপা হৈছিল। অসমৰ বুৰঞ্জী, পুৰাতত্ত্ব সম্পদ সংৰক্ষণ আৰু সংগ্ৰহ সম্পাদনাৰ ক্ষেত্ৰত তেওঁ পথ প্ৰদৰ্শক আছিল। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থ সমূহৰ ভিতৰত – ফুলৰ চাকি, প্রিয়তমাৰ চিঠি, অসমীয়া সাহিত্যৰ চানেকী উল্লেখযোগ্য। হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অন্যান্য অৱদানৰ ভিতৰত ‘হেমকোষ’ কীৰ্তিস্তম্ভ। এওঁৰ ১৯২৮ চনত গুৱাহাটীত মৃত্যু হয়।

☆ শব্দ অর্থ লিখা।

হিল-দল ভাঙিবাধা-বিঘিনি আওকাণ কৰি প্রবল বেগে, বাটৰ প্ৰতিবন্ধক নামানি।
ঢাপলিবৰ বেগাই মৰা লৰ, চেঁকুৰ।
বা-মৰলিঅতি কোৱেৰে ঘূৰি ঘূৰি ওপৰলৈ উঠা বতাহ, ঘূর্ণ বায়ু।
আউল-বাউলবিশৃংখল, সানমিহলি।
লৰবেগাই কৰা গতি, শীঘ্ৰে গতি, ঢাপলি।
মেলাইমুকলি হৈ থকা, মেলি থকা।
পাটি (পাটী)পাটী দৈ গছৰ ছালৰ মিহিকাঠীৰে বোৱা মিহি ঢাৰি।
দোৱা ভাজাদুৱাৰ ভজা।
কাবৌকাকৃতি, মিনতি।
পঁজাসৰু ঘৰ, খেৰ, বাহ, ইকৰাৰে সজাঘৰ।
কাকৈচুলিৰ জঁট ভঙা এবিধ দীঘল দীঘল কাঁইট বা দাঁত থকা ফণি।
ঢাৰি-পাটীশয্যা, বিছনা।
বৰদৈচিলাবহাগ বিহুৰ সময়ত হোৱা প্ৰবল ধুমুহা-বতাহ।

ক-পাঠভিত্তিক

☆ পদ্যটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়োঁ আহা –

☆ পদ্যটো আবৃত্তি কৰা।

উত্তৰঃ (ছাত্র-ছাত্রী নিজে আবৃত্তি কৰা।) 

☆ উত্তৰ দিয়া –

1. ‘বৰদৈচিলা’ পদ্যটো কোনে ৰচনা কৰিছে ?

উত্তৰঃ বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছে। 

2. চ’তৰ বিহুত হিল দল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে ?

উত্তৰঃ চ’তৰ বিহুত বৰদৈচিলাই হিল-দল ভাঙি মাকৰ ঘৰলৈ ঢাপলি মেলিছে। 

3. বৰদৈচিলাৰ লগৰীয়া কোন ?

উত্তৰঃ বৰদৈচিলাৰ লগৰীয়া হ’ল বা-মাৰলি।

4. মাকে বৰদৈচিলাক কি দিব ?

উত্তৰঃ মাকে বৰদৈচিলাক মাধৈ ফুল (মাধৱী লতা) দিব। 

5. পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ? 

উত্তৰঃ কবিয়ে বৰদৈচিলাক লাহে ধীৰে যাবলৈ কৈছে যাতে পূঁজা ঘৰ কেইটা ভালে ভালে ৰয়।

6. বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয় ?

উত্তৰঃ বৰদৈচিলা আহিলে আমাৰ ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি পেলায়। মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি হয়। চৰাই-চিৰিকটি আদি মৃত্যু মুখত পৰে। আলি বাটত গছ গছনি পৰিলে অহা যোৱাৰো অসুবিধা হয়।

7. বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে ? 

উত্তৰঃ বৰদৈচিলাক কবিয়ে বহিবলৈ বুলি চোতালত বৰপীৰা পৰিপাটি কৰি ল’ব পাৰে। বৰদৈচিলাই যাওঁতে বৰ কষ্ট হয় বাবে কবিয়ে শুবলৈ শীতল পাটি পাৰি দিছে। খোৱাৰ বাবে কবিয়ে জহা ধানৰ দোৱা ভজা চিৰা দিছে। 

☆ বৰদৈচিলা মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা।

মাকে ―–―――――–――――

বাপেকে ―–―――――–――――

ককায়েকে ―–―――――–――――

ভায়েকে ―–―――――–――――

উত্তৰঃ 

মাকেমাধৈ ফুল দিব।
বাপেকেখাৰু দিব।
ককায়েকেকাপোৰ-কানি দিব।
ভায়েকেকেৰু দিব।

☆ কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা।

কেৰু শীতল কাঁকৈ বৰপীৰা বৰদৈচিলা

(ক) চুলি আঁচুৰিবলৈ –――――ব্যৱহাৰ কৰা হয়।

(খ) ব’হাগ বিহুৰ আগে-পাছে –――――আহে।

(গ) –――――এবিধ কাণত পিন্ধা অলংকাৰ।

(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক –――――বোলে।

(ঙ) জহকালি –――――পাটীত শুলে গা-মন জুৰ পৰে।

উত্তৰঃ (ক) চুলি আঁচুৰিবলৈ কাকৈ ব্যৱহাৰ কৰা হয়।

(খ) ব’হাগ বিছৰ আগে-পাছে বৰদৈচিলা আহে।

(গ) কেৰু এবিধ কাণত পিন্ধা অলংকাৰ।

(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বৰপীৰা বোলে।

(ঙ) জহকালি শীতল পাটীত শুলে গা-মন জুৰ পৰে।

☆ মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি। কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে ? 

উত্তৰঃ কবিয়ে বৰদৈচিলাক কাঁকৈ আৰু ফণিৰে মূৰ আচুৰি যাবলৈ কৈছে।

☆ পদ্যটোৰ মূল কথাখিনি কোৱা আৰু নিজৰ বহীত লিখা।

উত্তৰঃ অসমত মৌচুমী বতাহ বলাৰ লগে লগে বৰষুণ আহে। এই সময়ত অসমীয়া চ’ত মাহ পৰে। এই চ’ৰ বিহুত বৰদৈচিলাই মাকৰ ঘৰলৈ যায়। মাকৰ ঘৰলৈ যোৱাৰ বাবে মন উত্ৰাবল হৈ পৰে। সেয়েহে বৰদৈচিলাই লগত বা মাৰলীক লৈ আউলি-বাউলি জনী হৈ চুলিবোৰ মেলি দৌৰি যোৱা দেখি কবিয়ে তেনেকৈ যাবলৈ মানা কৰিছে। তেওঁক লাহে-ধীৰে যাবলৈ অনুৰোধ কৰিছে। কাৰণ ঘৰ-দুৱাৰ গছ-গছনি ভাঙি থৈ যায় ফলত মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি হয়। সেইবাবে কবিয়ে বৰদৈচিলাক চোতালত বৰপীৰা দিছে বহিবলৈ, কাকৈ, ফণি দিছে মূৰৰ চুলিবোৰ পৰিপাটি কৰিবলৈ। বহু দিনৰ মূৰত বৰদৈচিলাজনী মাকৰ ঘৰলৈ আহিছে, সেইবাবে সকলোৰে মনত আনন্দ লাগিছে। তেওঁলোকে বৰদৈচিলাজনীক বিভিন্ন বস্তু উপহাৰ দিছে। মাকে দিছে মাধৈ ফুল, দেউতাকে হাতৰ খাৰু দিছে, বায়েকে দিছে নতুন কাপোৰ আৰু ভায়েকে দিছে কাণৰ কেৰু। অকল সেয়াই নহয় খাবলৈ বুলি জহাধানৰ দোৱা ভজা চিৰা দিয়ে। শুবলৈ বুলি শীতল পাটিও দিছে। কবি হেমচন্দ্ৰ গোস্বামী দেৱে বৰদৈচিলাক অনুৰোধ কৰিছে যাত কবিৰ পঁজা কেইটা ভাঙি চিঙি চুৰমাৰ নকৰি ভালে ভালে থৈ যায়।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

☆ তলত উল্লেখ কৰা শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পদ্যটোৰ পৰা বিচাৰি লিখোঁ আহা।

উদাহৰণ – গঢ়ি ………………ভাঙি

(ক) বেগাই

(খ) উষ্ণ

(গ) উঠিবলৈ

(ঘ) ইয়াতে

উত্তৰঃ

(ক) বেগাইলাহে ধীৰে
(খ) উষ্ণশীতল
(গ) উঠিবলৈবহিবলৈ
(ঘ) ইয়াতেতাতে

☆ তলৰ শব্দবোৰৰ একোটাকৈ বাক্য সাজা।

বৰদৈচিলা ……………………

হিল-দল ভাঙি ……………………

ঢাপলি মেলা ………………………

শীতল পাটি (পাটী) ………………………

মূৰৰ চুলি মেলাই ………………………

উত্তৰঃ বৰদৈচিলা :- বৰদৈচিলাই খনিনহঁতৰ ঘৰ-দুৱাৰবোৰ ভাঙি থৈ গৈছে। 

হিল দল ভাঙি :- দেউতাকৰ মৃত্যুৰ বাতৰি পাই ছোৱালীজনীয়ে হিল দল ভাঙি ঘৰ পালেহি। 

ঢাপলি মেলা :- দুদিনৰ ছুটী পাই প্ৰতুলে ঘৰলৈ ঢাপলি মেলিছে।

শীতল পাটি (পাটী) :- বেমাৰী মানুহটোক এখন শীতল পাটি পাৰি দিবলৈ কোৱা সত্ত্বেও নিদিলে।

মূৰৰ চুলি মেলাই :- বোৱাৰী হলা যেতিয়া, মূৰৰ চুলি মেলাই নাৰাখিবা। 

☆ তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা ৷

বাপেকস্ত্রীলিংগ
ককায়েকবায়েকে
ভায়েক
পেহাক
শহুৰেক

উত্তৰঃ

পুংলিংগস্ত্রীলিংগ
বাপেকমাক
ককায়েকবায়েকে
ভায়েকভনীয়েকে
পেহাকপেহীয়েকে
শহুৰেকশাহুৱেকে

গ-জ্ঞান সম্প্ৰসাৰণ

☆ বৰদৈচিলাক বাপেকে খাৰু আৰু ভায়েকে কেক দিছে। ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা-গাঁঠৰি আছে লিখা।

উত্তৰঃ গলপতা, হাৰ, আঙুঠি, বাজু, কংকন, পায়েল, জোনবিৰি, ঢোল মাদলি, ব্ৰেচলেট।

☆ ধুমুহা আহিলে তুমি কি কি সাবধানতা ল’ব লাগে শিক্ষক বা অভিভাৱক সুধি জানি লোৱা। 

উত্তৰঃ ধুমুহা আহিলে কেতিয়াও ঘৰৰ বাহিৰ হ’ব নালাগে। ঘৰৰ ওচৰত যদি গছ-গছনি থাকে তেনেহ’লে বিচনাৰ তলত বা মেজৰ তলত সোমাব লাগে। হাই উৰুমি কৰিব নালাগে। দৰ্জা, খিৰিকি বন্ধ কৰিব লাগে যাতে বতাহ সোমার নোৱাৰে। ঘৰত থকা ইলেকট্রিক বালবৰ চুইচ বা তেনেকুৱা ইলেকট্রনিক সা নৰাঞ্জামবোৰ অফ কৰিব লাগে।

☆ তোমালোকৰ অঞ্চলত কি কি লোক-উৎসব পালন কৰা হয় লিখা। 

উত্তৰঃ আমাৰ অঞ্চলটো নলবাৰী জিলাৰ পশ্চিম প্রান্তত অৱস্থিত। গাওঁখন সৰু কিন্তু জনবসতি ঘন। গাওঁখনৰ নাম দাদী। এই গাওঁখনত বিভিন্ন লোক উৎসব পালন কৰা হয়। বিহু, মহো হো, ভঠেলি, জন্মাষ্টমী আদি। ইয়াৰ পিছত পঞ্চামত, নৱজাতকৰ গণনি বা নামাকৰণ, অন্নপ্রাসন, চূড়াকরণ, ছোৱালী হ’লে এইবোৰৰ উপৰিও নোৱাই তোলনি বিয়া আদি উৎসব পালন নকৰা হয়।

☆ পদ্যটোত থকা যুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা। 

উত্তৰঃ গছ-গছনি, ঘৰ-দুৱাৰ, হিল দল, বা-মাৰলি, কাকৈ-ফণি, কাপোৰ-কানি, দোৱা-ভজা।

☆ তলত কেইটামান সাঁথৰ দিয়া হৈছে। সেইবোৰৰ উত্তৰ কাষত ছবিৰে সানমিহলিকৈ দিয়া আছে। আঁচ টানি সঠিক উত্তৰটো মিলোৱা।

(ক) মাত আছে মানুহ নাই 

ঘৰ আছে দুৱাৰ নাই

উত্তৰঃ ৰেডিঅ’। 

(খ) ঢাপে ঢাপে গ’লোঁ

চাপলিকা পালোঁ 

কুটি-বাছি থৈ

ছমাহলৈ খালোঁ―

উত্তৰঃ বাঁহ গছ।

(গ) চাৰিটাকৈ ভৰি মোৰ 

হাত হ’লে দুখন 

আনক মই কোলাত লওঁ

যিমানেই হওক ওজন—

উত্তৰঃ চকী।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ বৰদৈচিলাই যাওঁতে কি কি উৰুৱাই নিয়ে ? 

উত্তৰঃ মাকৰ ঘৰলৈ যাওঁতে বৰদৈচিলাই ঘৰ-দুৱাৰ, গছ-গছনি দিহ-দল ভাঙি ছিঙি উৰুৱাই লৈ গৈছে।

২৷ বৰদৈচিলাই কেনেকৈ যাব পাৰে বুলি কবিয়ে কৈছে ? 

উত্তৰঃ বৰদৈচিলাই খৰ-খেদাকৈ নাযায় লাহে ধীৰে যাব পাৰে বুলি কবিয়ে কৈছে।

৩৷ কবিয়ে বৰদৈচিলাক কি কি দিছিল ? 

উত্তৰঃ কবিয়ে বৰদৈচিলাক বহিবলৈ চোতালত বৰপীৰা পাৰি দিছিল আৰু তাৰ ওপৰত কাকৈ-ফণি দিছিল।

৪৷ বৰদৈচিলাক বায়েক আৰু ভায়েকে কি দিব খুজিছিল ?

উত্তৰঃ বৰদৈচিলাক বায়েকে কাপোৰ কানি দিব, ভায়েকে কেৰু দিব খুজিছিল ৷

৫৷ বৰদৈচিলা কবিতাটিৰ লেখক কোন ?

উত্তৰঃ লেখক পণ্ডিত হেমচন্দ্ৰ গোস্বামী। 

৬৷ প্ৰথম অসমীয়া চনেট লিখক কোন ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

৭৷ প্ৰথম অসমীয়া চনেট কবিতাটিৰ নাম কি ?

উত্তৰঃ প্ৰিয়তমাৰ চিঠি। 

৮৷ খালী ঠাই পূৰ কৰা :

(ক) হিল-দল ভাঙি

মেলিছে ––––––

লগত নিছে ––––––

যত বা ––––––

উত্তৰঃ হিল-দল ভাঙি

মেলিছে ঢাপলি,

লগত নিছে লগৰীয়া 

যত বা মাৰলি

(খ) আউল বাউল ––––––

–––––– কিয় লৰ ?

লাহে ধীৰে গ’লেও ––––––

পাবা ––––––ঘৰ।

উত্তৰঃ আউল বাউল চুলি মেলি

মাৰিছা কিয় লৰ ? 

লাহে ধীৰে গ’লেও দেখোন

পাবা মাৰাৰ ঘৰ

(গ) শুবলৈ দিব ––––––

–––––– দিব পীৰা,

––––দিব –––ধানৰ

––––ভজা ––––৷

উত্তৰঃ শুবলৈ দিব শীতল পাটি 

বহিবলৈ দিব পীৰা, 

খাবলৈ দিব জহা ধানৰ 

দোৱা ভজা চিৰা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top