Class 12 History Important Chapter 16 ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.
Class 12 History Important Chapter 16 ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.
ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা
Chapter: 16
| গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। ১৮৫৭ চনৰ বিদ্ৰোহক কিয় ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রাম বুলি কোৱা হয়?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রাম বুলি কোৱা হয় কাৰণ এই বিদ্ৰোহে ভাৰতবাসীৰ স্বাধীনতাকামী মনোভাৱ প্ৰকাশ কৰিছিল।
২। ‘Divide et impera’ নীতিটোৰ অৰ্থ কি?
উত্তৰঃ ‘Divide et impera’ নীতিটোৰ অৰ্থ হ’ল- বিভাজন আৰু শাসন।
৩। কিমান চনত মর্লে-মিন্টু সংস্কাৰ প্ৰৱৰ্তন কৰা হয়?
উত্তৰঃ ১৯০৯ চনত মর্লে-মিন্টু সংস্কাৰ প্ৰৱৰ্তন কৰা হয়।
৪। ১৯১৯ চনৰ মন্টেগো-চেমচফৰ্ড আইনে কেইজন সদস্যৰ বিধান সভা গঠন কৰিছিল?
উত্তৰঃ ১৯১৯ চনৰ মন্টেগো-চেমচফৰ্ড আইনে ১৪৫ জন সদস্যৰ বিধান সভা গঠন কৰিছিল
৫। কিমান চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল?
উত্তৰঃ ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল।
৬। কেবিনেট মিছনৰ তিনিগৰাকী সদস্য নাম কি কি?
উত্তৰঃ কেবিনেট মিছনৰ তিনিগৰাকী সদস্য নাম হ’ল- ক্ৰিপছ, পেথিক লৰেন্স আৰু আলেকজেণ্ডাৰ।
৭। কেবিনেট মিছনে কেইখন গোট (Group) গঠনৰ প্ৰস্তাৱ দিছিল?
উত্তৰঃ কেবিনেট মিছনে তিনিখন গোট (Group) গঠনৰ প্ৰস্তাৱ দিছিল।
৮। অন্তৰ্বতী চৰকাৰত লীগৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ অন্তৰ্বতী চৰকাৰত লীগৰ নেতৃত্ব মহম্মদ আলী জিন্নাই দিছিল।
৯। ভাৰতত ইংলেণ্ডৰ শেষ ভাইচৰয় কোন আছিল?
উত্তৰঃ ভাৰতত ইংলেণ্ডৰ শেষ ভাইচৰয় লর্ড মাউন্টবেটেন আছিল।
১০। ভাৰতৰ সংবিধান ৰচনাৰ বাবে প্ৰথমবাৰ কাৰ দ্বাৰা দাবী উত্থাপন কৰা হৈছিল?
উত্তৰঃ ভাৰতৰ সংবিধান ৰচনাৰ বাবে প্ৰথমবাৰ ১৯২২ চনত মহাত্মা গান্ধীৰ দ্বাৰা দাবী উত্থাপন কৰা হৈছিল।
১১। মতিলাল নেহৰু সমিতিয়ে সংবিধানৰ দাবী কেতিয়া উত্থাপন কৰিছিল?
উত্তৰঃ মতিলাল নেহৰু সমিতিয়ে সংবিধানৰ দাবী ১৯২৮ চনত উত্থাপন কৰিছিল।
১২। সংবিধান সভা গঠন কৰাৰ প্ৰস্তাৱ কোনে দিছিল?
উত্তৰঃ সংবিধান সভা গঠন কৰাৰ প্ৰস্তাৱ কেবিনেট মিছনে দিছিল।
১৩। সংবিধান সভাৰ মুঠ কেইজন সদস্য আছিল?
উত্তৰঃ সংবিধান সভাৰ মুঠ ৩৮৯ জন সদস্য আছিল।
১৪। সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল?
উত্তৰঃ সংবিধান খচৰা সমিতিৰ সভাপতি ড° ভীমৰাও আম্বেদকাৰ আছিল।
১৫। সংবিধান খচৰা সমিতিৰ উপদেষ্টা হিচাপে কাম কৰা বিষয়া নাম কি কি?
উত্তৰঃ সংবিধান খচৰা সমিতিৰ উপদেষ্টা হিচাপে কাম কৰা বিষয়া নাম হ’ল – বি. এন. ৰাও আৰু এচ. এন. মুখাৰ্জী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


