Class 12 Logic and Philosophy Important Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy Important Solutions in Assamese and select need one. Class 12 Logic and Philosophy Important Notes Assamese Medium Download PDF. Additional Solutions For Class 12 Logic and Philosophy.
Class 12 Logic and Philosophy Important Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Logic and Philosophy Additional Solutions in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Logic and Philosophy Important Question Answer Assamese Medium for All Chapters, You can practice these here.
আগমন আৰু ইয়াৰ প্ৰকাৰ
Chapter: 1
| IMPORTANT QUESTION AND ANSWER |
১। নিগমন অনুমান কাক বোলে?
উত্তৰঃ যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে।
২। তর্কবিজ্ঞানী মিলৰ মত অনুসৰি আগমন প্রধানত কেই প্ৰকাৰ আৰু কি কি?
উত্তৰঃ তর্কবিজ্ঞানী মিলৰ (Mill) মত অনুসৰি আগমন প্রধানত দুই প্ৰকাৰৰ।
এই প্ৰকাৰ সমূহ হ’ল-
(i) প্রকৃত আগমন।
(ii) তথাকথিত আগমন বা আগমনাভাস।
৩। বিশেষ বচন বুলিলে কি বুজা?
উত্তৰঃ যি বচনত বিধেয় পদক উদ্দেশ্যৰ আংশিক বাচ্যাৰ্থৰ ক্ষেত্ৰত স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিশেষ বচন বোলে।
৪। আগমন বা আগমনাভাসো প্রকাৰসমূহ লিখা?
উত্তৰঃ আগমন বা আগমনাভাসো প্রকাৰসমূহ হ’ল–
(i) পূর্ণ আগমন বা পূর্ণ গণনাভিত্তিক আগমন।
(ii) যুক্তিসাদৃশ্যানুমান বা সদৃশযুক্তিভিত্তিক অনুমান।
(iii) ঘটনাসংযোজন বা সামান্যাভিকৰণ।
৫। বৈজ্ঞানিক আগমনৰ উদাহৰণ দিয়া।
উত্তৰঃ বৈজ্ঞানিক আগমনৰ উদাহৰণ হ’ল—
ৰাম হয় মৰণশীল।
হৰি হয় মৰণশীল।
∴ সকলো হয় মৰণশীল।
৬। ফাওলাৰ মতে, অবৈজ্ঞানিক আগমনৰ মূল্য কেইটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ ফাওলাৰ মতে, অবৈজ্ঞানিক আগমনৰ মূল্য দুটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে।
৭। কাৰ মতে, অনুমেয় বিষয়ৰ লগত অনুমিতি বিষয়ৰ অসম্পূৰ্ণ সাদৃশ্যৰ ওপৰত প্রতিষ্ঠিত একপ্ৰকাৰ সম্ভাব্য স্বভাৱৰ অনুমান?
উত্তৰঃ কাৰভেথ ৰীডৰ মতে, অনুমেয় বিষয়ৰ লগত অনুমিতি বিষয়ৰ অসম্পূৰ্ণ সাদৃশ্যৰ ওপৰত প্রতিষ্ঠিত একপ্ৰকাৰ সম্ভাব্য স্বভাৱৰ অনুমান।
৮। তর্কবিজ্ঞানী মিলৰ মতে, সাদৃশ্যানুমানৰ সম্ভাৱনাৰ পৰিমাণ কেইটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে? আৰু এই বিষয়সমূহ কি কি?
উত্তৰঃ তর্কবিজ্ঞানী মিলৰ মতে, সাদৃশ্যানুমানৰ সম্ভাৱনাৰ পৰিমাণ তিনিটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে।
এই বিষয়সমূহ হ’ল—
(i) জ্ঞাত সাদৃশ্যৰ পৰিমাণ।
(ii) জ্ঞাত বৈসাদৃশ্যৰ পৰিমাণ।
(iii) অজ্ঞাত গুণাৱলীৰ পৰিমাণ।
৯। সামান্য বচন কাক বোলে?
উত্তৰঃ যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ সমগ্ৰ বাচ্যাৰ্থৰ ক্ষেত্ৰত স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক সামান্য বচন বোলে।
১০। নিগমন অনুমান আৰু আগমন অনুমানৰ এটা পাৰ্থক্য লিখা।
উত্তৰঃ নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰপৰা বিশেষ বিশেষ সত্যলৈ অহা হয়। আনহাতে, আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰপৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয়।
১১। তর্কবিজ্ঞান কি?
উত্তৰঃ তর্কবিজ্ঞান হৈছে অনুমান সম্পর্কীয় আদর্শনিষ্ঠ বিজ্ঞান।
১২। পাশ্চাত্য তর্কবিজ্ঞানত অনুমানক কেইটা ভাগত বিভক্ত কৰা হয় আৰু কি কি?
উত্তৰঃ পাশ্চাত্য তর্কবিজ্ঞানত অনুমানক দুটা ভাগত বিভক্ত কৰা হয়।
(i) নিগমন অনুমান।
(ii) আগমন অনুমান।
১৩। প্ৰকৃত আগমন বুলিলে কি বুজা?
উত্তৰঃ যি আগমনত আগমনৰ মূল লক্ষণ “আগমনাত্মক জাঁপ” থাকে অর্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক প্রকৃত আগমন বোলে।
১৪। বৈজ্ঞানিক আগমনৰ যিকোনো এটা বৈশিষ্ট্য লিখা?
উত্তৰঃ বৈজ্ঞানিক আগমনৰ যিকোনো এটা বৈশিষ্ট্য হ’ল— বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথার্থ সামান্যবচন প্রতিষ্ঠা কৰে।
১৫। অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি কি প্ৰতিষ্ঠা কৰা হয়?
উত্তৰঃ অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


