Class 12 Logic and Philosophy Important Chapter 2 আগমনৰ ভিত্তি

Class 12 Logic and Philosophy Important Chapter 2 আগমনৰ ভিত্তি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy Important Solutions in Assamese and select need one. Class 12 Logic and Philosophy Important Notes Assamese Medium Download PDF. Additional Solutions For Class 12 Logic and Philosophy.

Class 12 Logic and Philosophy Important Chapter 2 আগমনৰ ভিত্তি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Logic and Philosophy Additional Solutions in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Logic and Philosophy Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION AND ANSWER

১। নিৰীক্ষণৰ সাধাৰণ চৰ্ত কেইটা আৰু কি কি?

উত্তৰঃ নিৰীক্ষণৰ সাধাৰণ চৰ্ত তিনিটা।

এই চৰ্ত সমূহ হ’ল-

(i) বৌদ্ধিক চর্ত।

(ii) শাৰীৰিক বা দৈহিক চর্ত

(iii) নৈতিক চর্ত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বস্তুগত ভিত্তি কাক বোলে?

উত্তৰঃ যি প্রক্রিয়াৰ দ্বাৰা আগমনে উপাত্ত হিচাপে বাস্তৱ দৃষ্টান্ত সংগ্রহ কৰে  আৰু ইয়াৰ বস্তুগত সত্যতা নিৰূপণ কৰে সেই প্রক্রিয়াক আগমনৰ বস্তুগত ভিত্তি বােলা হয়।

৩। আকাৰগত কাৰণ কাক বোলে?

উত্তৰঃ কোনো কার্য উৎপন্ন কৰোতে উপাদান বা দ্ৰব্যৰ ওপৰত যি নতুন ৰূপ দিয়া হয় তাকে আকাৰগত কাৰণ বোলে।

৪। কার্য সংমিশ্রণ কাক বোলে? উদাহৰণ লিখা।

উত্তৰঃ সংযোজিত কাৰণৰদ্বাৰা উৎপাদিত বিভিন্ন কাৰ্যৰ মিশ্রণক কার্য সংমিশ্রণ বোলে। উদাহৰণস্বৰূপে, এখন ফুটবল মেচত জয়ী হ’বলৈ হ’লে এজনৰ নহয়, বহুত কেইজন খেলুৱৈৰ প্ৰচেষ্টাৰ দৰকাৰ।

৫। কাৰ্য-কাৰণ বিধি কাক বোলে?

উত্তৰঃ প্রত্যেকটো ঘটনাৰ অন্তৰালত আৰু এটা কাৰণ নিহিত হৈ থাকে। কাৰণ অবিহনে কোনো কার্য সংঘটিত হ’ব নোৱাৰে। ইয়াকে কাৰ্য-কাৰণ বিধি বুলি কোৱা হয়।

৬। দুঃ সাদৃশ্যানুমান বা দুষ্ট সাদৃশ্যানুমান কাক বোলে?

উত্তৰঃ যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য মাত্র, সেই সাদৃশ্যানুমানক দুঃসাদৃশ্যানুমান বা দুষ্ট সাদৃশ্যানুমান বোলে।

৭। সাদৃশ্যানুমানৰ ভিত্তি কি?

উত্তৰঃ সাদৃশ্যানুমানৰ ভিত্তি হ’ল দুটা বস্তুৰ মাজত থকা গুণৰ সাদৃশ্যজ্ঞান।

৮। শুদ্ধ সামান্য বচন পাবলৈ হ’লে আগমনত কেই ধৰণৰ ভিত্তিৰ প্ৰয়োজন?

উত্তৰঃ শুদ্ধ সামান্য বচন পাবলৈ হ’লে আগমনত দুই ধৰণৰ ভিত্তিৰ প্ৰয়োজন।

৯। অপসৰণৰ সূত্ৰ কি?

উত্তৰঃ মিল, বেইন আদি তর্কশাস্ত্রবিদসকলে দৃষ্ট দৃষ্টান্তবোৰৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰি সামান্য বচন প্রতিষ্ঠা কৰিবলৈ যিবোৰ সূত্ৰৰ উদ্ভাৱন কৰিছিল সেই সূত্ৰবোৰকে অপসৰণৰ সূত্ৰ বুলি কোৱা হয়।

১০। পর্যৱেক্ষণ কাক বোলে?

উত্তৰঃ যি প্রত্যক্ষত আমাৰ মনটো সম্পূর্ণভাৱে উদ্দেশ্য সম্বন্ধে সচেতন থাকে তেনে প্রত্যক্ষক পর্যৱেক্ষণ বোলে।

দীঘলীয়া প্রশ্ন উত্তৰ:

১। আগমন পদ্ধতিত ‘সকলো মানুহ মৰণশীল’ —এই ধৰণৰ সার্বিক বচন কেনেকৈ প্ৰতিষ্ঠা কৰা হয়? 

উত্তৰঃ আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্তৰ সহায়ত এটা সার্বিক সিদ্ধান্তত উপনীত হোৱা যায়। উদাহৰণস্বৰূপে, ‘সকলো মানুহ হয় মৰণশীল’ এই সার্বিক বচনটো প্ৰতিষ্ঠা কৰিবলৈ হ’লে পৰ্যৱেক্ষণৰ সহায়ত কিছুমান মানুহৰ মৃত্যু প্রত্যক্ষ কৰা হয়। কিন্তু এজন ব্যক্তিৰ পক্ষে অতীত, বর্তমান আৰু ভৱিষ্যত কালৰ সকলো মানুহৰ মৃত্যু পৰ্যৱেক্ষণ কৰা অসম্ভৱ। যিহেতু তেওঁ নিজে নিজৰ মৃত্যু পৰ্যৱেক্ষণ কৰিব নোৱাৰে, সেয়েহে তেওঁৰ মৃত্যু অবিহনে ‘সকলো’ শব্দটোৱে পূৰ্ণতা লাভ কৰিব নোৱাৰে। দেখা গ’ল পর্যৱেক্ষণে সেই সমস্যাটোৰ সমাধান কৰিব নোৱাৰে। প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিয়েহে সেই সমস্যাৰ সমাধান কৰিব পাৰে। এই দুই বিধিৰ সহায়তহে কেইজনমান মানুহৰ মৃত্যু দেখি সকলো মানুহৰ মৃত্যু নিশ্চিত কৰিব পৰা যায়। ‘সকলো মানুহ হয় মৰণশীল’ -এনে যথার্থ সার্বিক বচন প্রতিষ্ঠিত হয়।

যিহেতু প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ সহায়তহে এটা যথার্থ সার্বিক বচনৰ আকাৰগত সত্যতা প্রতিষ্ঠা কৰিব পৰা যায়, সেয়েহে এই দুই বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top