Class 12 Logic and Philosophy Important Chapter 3 প্রকল্প

Class 12 Logic and Philosophy Important Chapter 3 প্রকল্প Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy Important Solutions in Assamese and select need one. Class 12 Logic and Philosophy Important Notes Assamese Medium Download PDF. Additional Solutions For Class 12 Logic and Philosophy.

Class 12 Logic and Philosophy Important Chapter 3 প্রকল্প

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Logic and Philosophy Additional Solutions in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Logic and Philosophy Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 3

IMPORTANT QUESTION AND ANSWER

১। প্ৰকল্পৰ স্তৰ কেইটা আৰু কি কি?

উত্তৰঃ প্ৰকল্পৰ স্তৰ চাৰিটা আৰু সেইকেইটা হ’ল―

(i) প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ।

(ii) প্রকল্প গঠন।

(iii) সিদ্ধান্ত নিঃসৰণ।

(iv) বাস্তৱ ঘটনাৰ লগত মিল আছে নে নাই লক্ষ্য কৰা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কর্তাসম্পর্কীয় প্রকল্প কাক বোলে?

উত্তৰঃ কোনো এটা ঘটনা কিভাৱে বা কি নিয়মত ঘটিল সেয়া জনা হৈছে। কিন্তু কোনে ঘটালে অৰ্থাৎ ঘটনাটোৰ কৰ্তা কোন আমি নাজানো। তেতিয়া ঘটনাটোৰ কৰ্তা সম্পৰ্কে আমাৰ মনত যি ধাৰণাৰ উদয় হয় তাক কর্তাসম্পর্কীয় প্রকল্প বোলে।

৩। প্ৰজল্প কেই প্ৰকাৰৰ?

উত্তৰঃ প্ৰজল্প তিনি প্ৰকাৰৰ।

৪। বিজ্ঞানী টলেমিয়ে কি ধাৰণা কৰিছিল?

উত্তৰঃ বিজ্ঞানী টলেমিয়ে ধাৰণা কৰিছিল যে পৃথিৱীয়ে সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীক কেন্দ্ৰ কৰি সকলো গ্রহ-নক্ষত্ৰই পৃথিৱীক প্রদক্ষিণ কৰে। আৰু এই প্রকল্পই দিছে পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প।

৫। পাৰিপাৰ্শ্বিক সংস্থিতি কি?

উত্তৰঃ পাৰিপাৰ্শ্বিক সংস্থিতি হৈছে পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাবেশ।

৬। প্ৰকল্পৰ উদ্দেশ্য কি?

উত্তৰঃ প্ৰকল্পৰ উদ্দেশ্য হ’ল কোনো ঘটনাক বিজ্ঞানসন্মতভাৱে ব্যাখ্যা কৰা।

৭। কিমান চনত লেভিয়াৰে গঠন কৰা প্ৰকল্পৰ ফলত নেপচুন গ্ৰহ আৱিষ্কৃত হৈছিল?

উত্তৰঃ ১৮৪৬ চনত লেভিয়াৰে গঠন কৰা প্ৰকল্পৰ ফলত নেপচুন গ্ৰহ আৱিষ্কৃত হৈছিল?

৮। ওৱেলটন আৰু কাফেৰ মতে কৰ্তা আৰু পাৰিপাৰ্শ্বিক একেলগে লগ লগাই কি বুলিব পাৰি?

উত্তৰঃ ওৱেলটন আৰু কাফেৰ মতে কৰ্তা আৰু পাৰিপাৰ্শ্বিক একেলগে লগ লগাই কাৰণ বুলিব পাৰি।

৯। প্ৰকল্পৰ চতুৰ্থ স্তৰৰ নাম কি?

উত্তৰঃ প্ৰকল্পৰ চতুৰ্থ স্তৰৰ নাম হ’ল- প্ৰমাণীকৰণ।

১০। সৰল প্রকল্প বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ প্রকল্পই অতি সৰলভাৱে ঘটনাটোৰ ব্যাখ্যা দিয়ে আৰু অনর্থক জটিলতা বা অস্পষ্ট ধাৰণাৰ ব্যৱহাৰ নকৰে, সেইবোৰক সৰল প্রকল্প বুলি কোৱা হয়।

১১। টলেমি আৰু কপাৰনিকাচৰ প্ৰকল্পৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ টলেমি আৰু কপাৰনিকাচৰ প্ৰকল্পৰ মূল উদ্দেশ্য হ’ল– সৌৰজগতৰ গ্রহ আৰু নক্ষত্ৰৰ গতি ব্যাখ্যা কৰা।

১২। পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত কাক বোলে?

উত্তৰঃ চৰম দৃষ্টান্ত নিৰীক্ষণ আৰু পৰীক্ষণ- এই উভয় প্ৰক্ৰিয়াৰেই নিৰ্ণয় কৰিব পৰা যায়। নিৰীক্ষণৰ জৰিয়তে নিৰ্ণয় হ’লে তাক ‘নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত’ আৰু পৰীক্ষণৰদ্বাৰা নির্ণীত হ’লে তাক ‘পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত’ বোলা হয়।

১৩। কাৰ্যকৰী প্ৰকল্প বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া অধিক নিৰ্ভৰযোগ্য আৰু সন্তোষজনক প্রকল্পৰ অভাৱত কেৱল অনুসন্ধান কার্য চলাবলৈ কোনো সাময়িক প্রকল্প গঠন কৰা হয়, তাক কাৰ্যকৰী প্ৰকল্প বোলে।

১৪। ষ্টেবিঙৰ মতে কাৰ্যকৰী প্রকল্প কাক বোলে?

উত্তৰঃ ষ্টেবিঙৰ মতে, যিবোৰ প্রকল্প কেৱল অনুসন্ধান কাৰ্য চলাবলৈ গঠন কৰা হয়, সেইবোৰক কাৰ্যকৰী প্রকল্প বোলে।

১৫। নিউটনৰ মাধ্যাকর্ষণ শক্তি সিদ্ধান্ত কিহৰ উদাহৰণ?

উত্তৰঃ ই হৈছে ব্যাখ্যামূলক প্ৰকল্পৰ এটা উদাহৰণ, য’ত মাধ্যাকর্ষণ শক্তি অপৰ্যৱেক্ষিতভাৱে ব্যাখ্যা কৰা হৈছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top