Class 12 Logic and Philosophy Important Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Class 12 Logic and Philosophy Important Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy Important Solutions in Assamese and select need one. Class 12 Logic and Philosophy Important Notes Assamese Medium Download PDF. Additional Solutions For Class 12 Logic and Philosophy.

Class 12 Logic and Philosophy Important Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Logic and Philosophy Additional Solutions in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Logic and Philosophy Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION AND ANSWER

১। শ্রেষ্ঠ পদ্ধতি কাক বোলে?

উত্তৰঃ ব্যতিৰেকী প্ৰণালী পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল কাৰণে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। সেয়েহে ইয়াক অন্বেষণীয় পদ্ধতিবোৰৰ ভিতৰত শ্রেষ্ঠ পদ্ধতি বোলা হয়।

২। বৈজ্ঞানিক অনুসন্ধানৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ বৈজ্ঞানিক অনুসন্ধানৰ মুখ্য উদ্দেশ্য হ’ল― এটা সামান্য সত্য প্রতিষ্ঠা কৰা।

৩। মিলৰ মতে আগমন পদ্ধতি কেই প্ৰকাৰ আৰু কি কি?

উত্তৰঃ মিলৰ মতে আগমন পদ্ধতি পাঁচ প্ৰকাৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

এই প্ৰকাৰসমূহ হ’ল―

(i) অন্বয়ী পদ্ধতি।

(ii) ব্যতিৰেকী পদ্ধতি।

(iii) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি।

(iv) সহ-পৰিৱৰ্তন পদ্ধতি।

(v) পৰিশেষ পদ্ধতি।

৪। আগমন অনুমানৰ আদৰ্শ প্ৰকাৰ কি?

উত্তৰঃ আগমন অনুমানৰ আদৰ্শ প্ৰকাৰ হ’ল বৈজ্ঞানিক আগমন।

৫। সমান্তৰালভাৱে তর্কবিজ্ঞানত প্রয়োগ হোৱা তিনিটা মূল পদ্ধতি পোৱা যায় সেই পদ্ধতিবোৰৰ নাম কি?

উত্তৰঃ সমান্তৰালভাৱে তর্কবিজ্ঞানত প্রয়োগ হোৱা তিনিটা মূল পদ্ধতি পোৱা যায়।

সেই পদ্ধতিবোৰৰ নাম হ’ল―

(i) নিগমনাত্মক পদ্ধতি।

(ii) আগমনাত্মক পদ্ধতি।

(iii) পূর্ণ পদ্ধতি।

৬। নিৰীক্ষণ কি?

উত্তৰঃ নিৰীক্ষণ হ’ল প্রাকৃতিক পৰিৱেশত সুনিয়ন্ত্ৰিত আৰু উদ্দেশ্য প্রণোদিত প্রত্যক্ষ।

৭। ‘ব্যতিৰেক’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘ব্যতিৰেক’ শব্দৰ অৰ্থ হ’ল ‘অমিল’ বা ‘পার্থক্য’।

৮। যিবোৰ অঞ্চলত এনোফেলিছ মহ আছে তাত কি ৰোগ হয়?

উত্তৰঃ যিবোৰ অঞ্চলত এনোফেলিছ মহ আছে তাত মেলেৰিয়া ৰোগ হয়।

৯। কি নামৰ তর্কবিজ্ঞানী এজনে প্ৰথমবাৰৰ কাৰণে তর্কবিজ্ঞানত কোনো পদ্ধতি প্ৰয়োগৰ পোষকতা কৰিছিল?

উত্তৰঃ পিটাৰ ৰামুচ নামৰ তর্কবিজ্ঞানী এজনে প্ৰথমবাৰৰ কাৰণে তর্কবিজ্ঞানত কোনো পদ্ধতি প্ৰয়োগৰ পোষকতা কৰিছিল।

১০। এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰিবলৈ হ’লে কি প্ৰতিষ্ঠা কৰিবলগীয়া হয়?

উত্তৰঃ এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰিবলৈ হ’লে কার্য-কাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰিবলগীয়া হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। সহ-পৰিৱৰ্তন প্ৰণালীৰ অসুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ সহ-পৰিৱৰ্তন প্ৰণালীৰ অসুবিধাসমূহ হ’ল―

(i) অভিজ্ঞতাৰ বাহিৰত সহ-পৰিৱৰ্তন প্ৰণালী প্ৰয়োগ কৰিব নোৱাৰি। কাৰণ দুটা ঘটনাৰ সহ-পৰিৱৰ্তন লক্ষ্য কৰাটো অভিজ্ঞতাৰ বিষয়বস্তু। গতিকে সহ-পৰিৱৰ্তন প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি সীমিত।

(ii) সহ-পৰিৱৰ্তন প্রণালী পৰিমাণগত পৰিৱৰ্তনৰ ক্ষেত্ৰতহে প্রযোজ্য। ই গুণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কিছুমান ঘটনাৰ ক্ষেত্ৰত পৰিমাণগত তাৰতম্য নহয়। গুণগত পৰিৱৰ্তনেহে ঘটনা এটাৰ আকাৰ নিৰ্ধাৰণ কৰে। তেনে ক্ষেত্ৰত এই প্রণালী প্ৰয়োগ কৰিব নোৱাৰি।

(iii) সহ-পৰিৱৰ্তন প্ৰণালীত পৰিৱৰ্তন নির্ধাৰণৰো এটা সীমা আছে। সেই সীমাৰ বাহিৰত ই কাম কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, শীত বাঢ়িলে পানী সংকোচন হৈ গৈ থাকে। কিন্তু ০° চেন্টিগ্রেডত পানী বৰফ হৈ যায়। গতিকে ০০ চেন্টিগ্রেডৰ তললৈ পানীৰ শীত বঢ়াই গৈ থাকিলেও ই আৰু বেছি সংকোচন নহয়। গতিকে পৰিমাণগত হ্রাস-বৃদ্ধি ইয়াত এটা নির্দিষ্ট সীমাৰ ভিতৰতহে কাৰ্যকৰী হয়।

(iv) সহ-পৰিৱৰ্তন প্ৰণালীত অন্বয়ী আৰু ব্যতিৰেকী প্ৰণালীৰ সম্ভাব্য দোষসমূহ ঘটাৰ সম্ভাৱনা থাকে। সহ-পৰিৱৰ্তন প্ৰণালী নিৰীক্ষণ নিৰ্ভৰ হ’লে কাৰ্য-কাৰণৰ সম্বন্ধ সুনিশ্চিত কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, বিজুলী তীব্র হ’লে মেঘৰ গৰ্জনো তীব্র হয়। কিন্তু বিজুলী মেঘৰ গৰ্জনৰ কাৰণ নহয়, দুটুকুৰা মেঘৰ সংঘৰ্ষহে কাৰণ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top