Class 12 Logic and Philosophy Important Chapter 5 বাস্তৱবাদ-সৰল আৰু বৈজ্ঞানিক

Class 12 Logic and Philosophy Important Chapter 5 বাস্তৱবাদ-সৰল আৰু বৈজ্ঞানিক Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy Important Solutions in Assamese and select need one. Class 12 Logic and Philosophy Important Notes Assamese Medium Download PDF. Additional Solutions For Class 12 Logic and Philosophy.

Class 12 Logic and Philosophy Important Chapter 5 বাস্তৱবাদ-সৰল আৰু বৈজ্ঞানিক

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Logic and Philosophy Additional Solutions in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Logic and Philosophy Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

IMPORTANT QUESTION AND ANSWER

১। লকৰ মতে গুণ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ লকৰ মতে গুণ দুই প্ৰকাৰৰ।

সেই প্ৰকাৰ সমূহ হ’ল―

(i) মুখ্য গুণ।

(ii) গৌণ গুণ।

২। বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞান কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞান এক পৰোক্ষ প্রক্রিয়া।

৩। বাহ্য বস্তুৱে আমাৰ মনত কি সৃষ্টি কৰে?

উত্তৰঃ বাহ্য বস্তুৱে আমাৰ মনত সংবেদন সৃষ্টি কৰে।

৪। মুখ্য গুণ কাক বোলে?

উত্তৰঃ যিবোৰ গুণ মনৰপৰা স্বতন্ত্ৰ অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, বা যিবোৰ গুণ বস্তুৰ বস্তুগত ধর্ম তাক মুখ্য গুণ বোলে।

৫। মুখ্য গুণ আৰু গৌণ গুণৰ যিকোনো এটা পার্থক্য লিখা?

উত্তৰঃ মুখ্য গুণ আৰু গৌণ গুণৰ যিকোনো এটা পার্থক্য হ’ল―

বাহ্য বস্তুই হ’ল মুখ্য গুণবোৰৰ প্ৰকৃত আশ্ৰয় বা আধাৰস্বৰূপ। আনহাতে বাহ্য বস্তু আৰু জ্ঞাতাৰ মন উভয়ে গৌণ গুণৰ আশ্রয় বা আধাৰস্বৰূপ।

৬। সৰল বাস্তৱবাদে কিহৰ দ্বাৰা গঠিত এখন জগতক বিশ্বাস কৰে?

উত্তৰঃ সৰল বাস্তৱবাদে জড় পদাৰ্থৰ দ্বাৰা গঠিত এখন জগতক বিশ্বাস কৰে।

৭। জ্ঞানৰ বিষয়বস্তু কিহৰ পৰা স্বতন্ত্র?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰপৰা স্বতন্ত্র।

৮। সৰল বাস্তৱবাদে কোনে কৰা ভুলৰ পুনৰাবৃত্তি কৰিছে?

উত্তৰঃ সৰল বাস্তৱবাদে প্রাচীন গ্রীক চফিষ্ট দার্শনিকসকলে কৰা ভুলৰ পুনৰাবৃত্তি কৰিছে।

৯। কাৰ মতে, বস্তু এটাক আমি প্রত্যক্ষভাৱে জানিব নোৱাৰো?

উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদমতে, বস্তু এটাক আমি প্রত্যক্ষভাৱে জানিব নোৱাৰো।

১০। বাহ্য বস্তুৰ জ্ঞানে কি সৃষ্টি কৰে?

উত্তৰঃ বাহ্য বস্তুৰ জ্ঞানে ধাৰণা বা প্রত্যয় সৃষ্টি কৰে।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। সৰল বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰঃ সৰল বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যবোৰ হ’ল―

(i) জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰপৰা স্বতন্ত্র। বাহ্যিক বস্তু এটা আছে নে নাই তাক জ্ঞাতাই জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে। আমি জানিলেও বা নাজানিলেও বস্তু এটা একে ধৰণেই অস্তিত্বশীল হয়।

(ii) মনৰ বাহিৰত এখন বাহ্যিক জগত আছে।

(iii) বাহ্যিক জগতৰ জ্ঞান আমি প্রত্যক্ষৰ জৰিয়তেই লাভ কৰো। প্রত্যক্ষই বাহ্যিক জগতখনক যিধৰণে দেখে, তাৰ স্বৰূপ তেনেকুৱাই হয়।

(iv) বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰদ্বাৰা জনা যায়। গুণসমূহ বস্তুৰ ধৰ্ম। বস্তুৰ বিভিন্ন গুণ, যেনে- ৰূপ, ৰস,গোন্ধ, বিস্তৃতি আদি সকলোবোৰ মনৰপৰা স্বতন্ত্র।

(v) জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ প্ৰত্যক্ষ সম্পর্ক থাকে। দুয়োৰে মাজত কোনো তৃতীয় বা মধ্যম পন্থা নাথাকে।

(vi) বাহ্য বস্তুৱে আমাৰ মনত সংবেদনৰ সৃষ্টি কৰে। সেই সংবেদন সকলোৰে কাৰণে একেধৰণৰ হয়।

(vii) সৰল বাস্তৱবাদ সত্যতাৰ অনুৰূপতাবাদ সিদ্ধান্তৰ সমর্থক। এই সিদ্ধান্ত মতে বস্তু এটাক যিধৰণে প্রত্যক্ষ কৰা যায় সেয়াই বস্তুটোৰ সত্যতা। গতিকে প্রত্যক্ষই বস্তু এটাৰ জ্ঞান আৰু তাৰ গুণসমূহৰ জ্ঞান একেলগে যোগান ধৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top