Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা and select needs one.

Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা Solutions for All Subject, You can practice these here…

প্রশ্নোত্তৰ (৪ নম্বৰৰ )

প্রশ্ন ১. এখন গণতান্ত্রিক দেশত মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে ‘ বৃত্তিগত দক্ষতা’ৰ গুৰুত্ব কি ?

উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগৰ মতে আমাৰ দ্বিতীয় প্রয়ােজনীয় দিশটো হৈছে ছাত্র ছাত্রীসকলৰ বৃত্তিয় দক্ষতা বৃদ্ধি কৰা কাৰণ ছাত্র – ছাত্রীয়ে হাতৰ কাম , উৎপাদনমূলক কাম কৰিব নাজানে , ফলত আনৰ পৰিশ্ৰমৰ ওপৰত শিক্ষিত শ্রেণীৰ মানুহে ৰঘুমলাৰ দৰে খাবলৈ লৈছে । কায়িক শ্ৰমৰ প্রতি গুৰুত্ব কমি গৈছে । গতিকে ছাত্র ছাত্রীক কায়িক শ্ৰমৰ প্রতি শ্রদ্ধাভাৱ জগাই ভােলা , স্ব – ক্রিয়াৰ প্রতি সচেতন কৰি তােলা কর্ম তৎপৰতা বৃদ্ধি কৰা , শিল্প – উদ্যোগৰ বাবে প্রয়ােজনীয় কৌশল আয়ত্বকৰণৰ ব্যৱস্থা সূচল কৰা ইত্যাদি দিশৰ প্রতি গুৰুত্ব প্রদান কৰিব লাগিব । কোনাে এটা বৃত্তি সকলাে ছাত্র – ছাত্রীকে বাধ্যতামূলক ভাৱে শিকালে তাৰ পৰা তেওঁলােকৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হব । জীৱিকা উপার্জনৰ বাট বিচাৰি পাব , আগলৈ কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব , দেশৰ সম্পদ বৃদ্ধি হ’ব । তেতিয়াহে মাধ্যমিক শিক্ষাই শিক্ষার্থীসকলক স্বাৱলম্বী কৰি তােলাৰ লগতে জাতীয় অর্থ ভঁৰাল টনকিয়াল হ’ব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হ’ব ।

প্রশ্ন ২. উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পর্ক স্থাপন কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি কি ?

উত্তৰঃ উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পর্ক স্থাপন কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শ সমূহ হ’ল –

( ক ) বিদ্যালয়ৰ শিক্ষক বিজ্ঞানভিত্তিক হ’ব লাগিব । ক্রমান্বয়ে এই শিক্ষা উচ্চ শিক্ষাৰ পাঠ্যক্রমতাে অন্তর্ভুক্ত কৰা হ’ব । 

( খ ) কর্ম অভিজ্ঞতা সকলাে শিক্ষা স্তৰতে বাধ্যতামূলক হ’ব । 

( গ ) শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগিব , বিশেষকৈ মাধ্যমিক শিক্ষাক ব্যাপক ৰূপত বৃত্তিমুখী কৰি গঢ়ি তুলিব  লাগিব ।

( ঘ ) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতীকৰণৰ লগতে কৃষি উৎপাদন , প্রযুক্তিবিদ্যা আৰু উদ্যোগীকৰণ আদিৰ উন্নতীকৰণৰ প্রচেষ্টা ল’ব লাগিব । 

প্রশ্ন ৩. অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়ােগৰ প্ৰভাৱ কেনেকুৱা ? 

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়ােগৰ যথেষ্ট প্রভাব বিদ্যমান । বহুত সময়ত এই আয়ােগৰ মাধ্যমিক শিক্ষা সংস্কাৰৰ পৰামর্শসমূহ আজিও প্রাসংগিক হৈ আছে । বিশেষকৈ আয়ােগে আগবঢ়োৱা শিক্ষাৰ লক্ষ্য , ইয়াৰ সংগঠন , পাঠ্যক্রম অথবা পৰীক্ষা তথা মূল্যায়ন ব্যৱস্থাৰ ওপৰত আগবঢ়োৱা পৰামর্শসমূহ অতি মূল্যবান । শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত আয়ােগে আগবঢ়োৱা পৰামর্শসমূহে অসমৰ শিক্ষাবিদসকলক নতুনকৈ শৈক্ষিক মানচিত্র অংকনত সহায় কৰিছে । বিশেষকৈ গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন , বৃত্তীয় যােগ্যতাৰ বিকাশ , ব্যক্তিত্বৰ বিকাশ সাধন অথবা নেতৃত্বৰ শিক্ষা এই আটাইকেইটা পৰামৰ্শই অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূর্ণ । 

আয়ােগে ইয়াৰ চতুর্থ অধ্যায়ত মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ বিভিন্ন দিশ সামৰি পৰামর্শ আগবঢ়াইছিল । সেই – অনুসৰি পিছৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ কাম হাতত লােৱা হয় । অৱশ্যে বিভিন্ন কাৰণবশতঃ বর্তমানেও অসমৰ সকলাে বিদ্যালয়কে উচ্চতম মাধ্যমিকলৈ ৰূপান্তৰিত কৰা হােৱা নাই । আয়ােগে ছাত্র – ছাত্রীৰ সর্বাত্মক বিকাশৰ স্বাৰ্থত বহুমুখী বিদ্যালয় স্থাপনৰ পোষকতা কৰিছিল । আয়ােগৰ পৰামর্শ অনুসৰি অসমত কেবাখনাে বহুমুখী বিদ্যালয় স্থাপন হৈছিল যদিও অসমত এই বিদ্যালয় সমূহে সর্বাত্মক জনপ্রিয় হৈ উঠিবলৈ অপাৰগ হ’ল । কাৰণ আয়ােগৰ সেই পৰামর্শসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ যিধৰণৰ বিদ্যালয়ৰ বৈষয়িক অৱস্থা , উন্নত মানৰ পাঠ্যক্রম প্রৱর্তনৰ প্রয়ােজন সেয়া সম্ভৱ হৈ নুঠিল । আনহাতে নতুন বিষয় দিয়া হ’ল যদিও উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ , পাঠ্যপুথিৰ অভাৱ । পৰীক্ষাগাৰ , প্রয়ােগশালা আদিৰ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষাৰ পৰামর্শসমূহে যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল । পৰীক্ষা আৰু মূল্যায়ন সম্পর্কতাে এই আয়ােগে ভালেমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে । অসমত বিদ্যালয়সমূহত আভ্যন্তৰীণ পৰীক্ষাৰ লগতে বস্তুনিষ্ট পৰীক্ষাৰ ওপৰতাে অগ্রাধিকাৰ দিবলৈ আৰম্ভ কৰিলে আয়ােগৰ পৰামর্শ অনুযায়ী । 

অৱশ্যে আয়ােগে প্রচলিত পাঠ্যক্ৰমৰ যিবােৰ দোষ – ত্রুটি আঙুলিয়াই দিছিল দুর্ভাগ্যবশতঃ আজিও তাৰ সৰহ সংখ্যক বিদ্যমান । 

প্রশ্ন ৪. অসমৰ মাধ্যমিক শিক্ষা আইন ১৯৬১ ৰ চাৰিটা বিধান লিখা ।

উত্তৰঃ অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ ৰ চাৰিটা বিধান হ’ল– 

( ক ) এই আইন সমগ্ৰ অসমতে প্রযােজ্য হ’ব । 

( খ ) ইতিমধ্যে থকা মাধ্যমিক স্কুলসমূহ মাধ্যমিক শিক্ষা বৰ্ডৰ অধীনলৈ আহিব । 

( গ ) মাধ্যমিক শিক্ষা ব’র্ডে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ , প্রশাসন আৰু উন্নতীকৰণৰ সকলাে ব্যৱস্থা গ্ৰহণ কৰিব । 

( ঘ ) শিক্ষা বিভাগৰ সঞ্চালক গৰাকীয়েই মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সভাপতি হ’ব আৰু বিভিন্ন বিভাগৰ বিশেজ্ঞসকলৰ ব’ৰ্ডৰ সদস্য হিচাপে থাকিব ।

( ঙ ) কিন্তু ব’ৰ্ডৰ সচিব গৰাকীক চৰকাৰে নিযুক্তি দিব আৰু তেৱে ব’ৰ্ডৰ সদস্য হ’ব । 

প্রশ্ন ৫. অসমৰ মাধ্যমিক শিক্ষাৰ প্রশাসনিক সমস্যাসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ মাধ্যমিক শিক্ষাৰ শৈক্ষিক দিশটোৰ প্রতি অসমত আগতে গুৱাহাটী বিশ্ববিদ্যালয়ে দায়িত্ব বহন কৰিছিল । এই দায়িত্ব ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা বার্ড গঠন হােৱাৰ পিচত ব’র্ডে বহন কৰিছে । কিন্তু মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ শৈক্ষিক দিশটোত বৰ্তমানলৈকে কোনাে বিশেষ উন্নতি পৰিলক্ষিত হােৱা নাই । 

মাধ্যমিক স্কুললৈ চৰকাৰৰ সাহায্য দানৰ নীতি ৰাজনৈতিক হেঁচাইহে থিৰাং কৰে , স্কুলখনৰ আভ্যন্তৰীণ অৱস্থাই নহয় । স্কুলৰ আভ্যন্তৰীণ পৰিচালনাৰ ক্ষেত্ৰতাে নানা ৰকমৰ বিজুতিয়ে দেখা দিছে । 

পৰিদৰ্শন ব্যৱস্থাৰাে অকণাে উন্নতি হােৱা নাই বুলিবই পাৰি । আজি-কালি বহু বছৰৰ পিচতাে একোখন স্কুল পৰিদৰ্শন কৰা নহয় , হলেও পৰিদর্শন পালমৰা বিধৰ । 

Sl. No.Contents
Chapter 1অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা
Chapter 2অনানুষ্ঠানিক শিক্ষা
Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ
Chapter 4শিক্ষন
Chapter 5( ক ) স্মৃতি আৰু বিস্মৃতি
Chapter 5( খ ) মনােযােগ আৰু আগ্রহ
Chapter 6মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

প্রশ্ন ৬. চমুটোকা লিখা ( পৰাপক্ষত প্ৰতিটোৰ বাবে আঠটাকৈ বাক্য ) 

( ক ) উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।

( খ ) ১০ + ২ + ৩ পদ্ধতি । 

( গ ) মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ । 

( ঘ ) কোঠাৰী আয়ােগ আৰু অসমৰ মাধ্যমিক শিক্ষা ।

উত্তৰঃ ( ক ) উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ :-  কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ । মাধ্যমিক পর্যায়ৰ ( +২ ) পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰ পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ ( +২ ) পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন , পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে । স্কুলৰ বাহিৰেও কলেজ সমূহত উচ্চতৰ মাধ্যমিক শ্রেণী দুটা সংলগ্ন হৈ আছে যদিও ইয়াৰ সকলাে দায়িত্বভাৰ সংসদৰ হাতত । তাৰােপৰি + ২’শ্রেণী দুটাৰ স্বীকৃতিৰে ‘ জুনিয়ৰ কলেজ’গঠন কৰাৰো চিন্তা অসম চৰকাৰে কৰি আছিল । যাৰ ফলস্বৰূপে বৰ্ত্তমান এই কলেজসমূহ অব্যাহত আছে । 

( খ ) ১০ + ২ + ৩ পদ্ধতি :- ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ বিভিন্ন পর্যায়সমূহক স্তৰ অনুযায়ী ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে বিভিন্ন ভাগত ভাগ কৰিছে । প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ আৰু প্রাথমিক পর্যায় ৭-৮ বছৰলৈ । ইয়াক দুটা উপ পর্যন্ত স্বৰূপে ভাগ কৰি নিম্ন প্রাথমিক ৪-৫ বছৰব আৰু উচ্চ প্রাথমিক ৩ বছৰৰ কৰিব লাগে । নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে । 

উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰ হ’ব লাগে । 

উচ্চ শিক্ষা প্রথম ডিগ্রীৰ অধ্যয়ন সূচী ৩ বছৰ অর্থাৎ ৩ বছৰৰ প্রথম স্নাতক ডিগ্রী । বিদ্যালয় স্তৰৰ বাবে আয়ােগে অনুমােদন জনােৱা সময়সূচীকে ১০+ ২ + ৩ বুলি জনা যায় । 

( গ ) মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ :- বহু ছাত্র – ছাত্রীয়ে সফলতাৰে মাধ্যমিক পর্যায় শেষ কৰাৰ পাছত একো একোটা উপযুক্ত বৃত্তি লাভ কৰিবলৈ আৰু নিজ বৃত্তিত এক সন্তোষজনক কার্যদক্ষতা আহৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰে । কিন্তু আন বহু ছাত্রই উচ্চ শিক্ষা অনুধাবন কৰিবলৈ ইচ্ছা কৰে । এনেবিলাক ছাত্র – ছাত্রীৰ কাৰণে ততােধিক বছৰৰ পলিটেকনিক বা কাৰিকৰী অনুষ্ঠানৰ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব । কোঠাৰী আয়ােগে স্কুলীয়া শিক্ষাৰ দুটা পর্যায়ত বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰাৰ পৰামর্শ দিছে । বৃত্তিমূলক শিক্ষা হৈছে বিজ্ঞান আৰু প্রযুক্তি কৌশল প্রয়ােগ কৰি , কম শাৰীৰিক পৰিশ্ৰমত অধিক আৰু উন্নত উৎপাদন বা কার্যসম্পাদন কৰাই আধুনিকীকৰণ । ইয়াৰে নিমিত্তে বিজ্ঞানৰ ব্যৱহাৰিক জ্ঞান আৰু প্রযুক্তি কৌশল প্রয়ােগ শিক্ষা প্রয়ােজন । 

ফলপ্রসু বিজ্ঞান শিক্ষা আৰু কৰ্ম অভিজ্ঞতা আঁচনিৰ মাধ্যমত ছাত্র – ছাত্রীক বৃত্তিমূলক শিক্ষাৰ নিমিত্তে প্রস্তুত কৰিব পৰা হয় । শিক্ষার্থীয়ে ব্যক্তিগতভাৱে বৃত্তি নির্বাচন কৰোতে নিজৰ শক্তি , সামর্থ্য , ৰাপ , ৰুচি , আদিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লােৱা আৱশ্যক । বিস্তৃতভাৱে বৃত্তিমূলক শিক্ষা প্রৱৰ্তন কৰিব পাৰিলেহে , শিক্ষিত নিবনুৱা সমস্যা আৰু শিক্ষাৰ অপচয় ৰোধ কৰিব পৰা হ’ব । 

( ঘ ) কোঠাৰী আয়ােগ আৰু অসমৰ মাধ্যমিক শিক্ষা :- ১৯৬৬ চনৰ কোঠাৰী আয়ােগৰ প্রতিবেদন অনুসৰি ১৯৭৩ চনৰ পৰা অসমত মাধ্যমিক শিক্ষা বর্ডে ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ প্রৱর্তন কৰে আৰু দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্রমে ইয়াৰ লগে লগে যুগুত কৰে । এই পাঠ্যক্রম ১৯৭৩ চনৰ পৰা ৬৩ খন স্কুলত চলে । 

এই কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ ( +২ ) পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰ পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ ( +২ ) পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে । 

১৯৬৬ চনত অসম মাধ্যমিক শিক্ষা ব’র্ড গঠন কৰা হয় আৰু তেতিয়াৰ পৰা অসমৰ সকলাে মাধ্যমিক স্কুল ইয়াৰ নিয়ন্ত্রণলৈ অনা হয় । কোঠাৰী আয়ােগৰ প্রতিবেদনৰ ফলস্বৰূপে অসম চৰকাৰে পর্যায়ক্রমে উচ্চ মাধ্যমিক স্কুলসমূহক উচ্চতৰ মাধ্যমিক স্কুললৈ পৰিবর্তন কৰাৰ ব্যৱস্থা গ্রহণ কৰে আৰু + ২ ‘ শ্রেণী দুটাৰ স্বীকৃতিৰে “ জুনিয়ৰ কলেজ ” গঠনৰ চিন্তা অসম চৰকাৰে আৰম্ভ কৰে ।

প্রশ্ন ৭. অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্রম কৰাৰ বাবে চাৰিটা উপায় পৰামর্শ দিয়া । 

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্রম কৰাৰ বাবে ৪ টা উপায়ৰ পৰামর্শ হ’ল–

( ক ) বৃত্তিমূলক মাধ্যমিক শিক্ষাৰ প্রৱর্তনঃ চাকৰি পােৱাত সহায় কৰাই যে মাধ্যমিক শিক্ষাৰ উদ্দেশ্য নহয় , সেইটো সচর্চা । কিন্তু এই শিক্ষাই ব্যক্তিক জীৱিকা উপার্জনৰ উপায় দিব লাগিব । উচ্চ শিক্ষাৰ কাৰণে মাধ্যমিক শিক্ষাই ব্যক্তিক প্রস্তুত কৰি তুলিব লাগিব । আৰু যিবিলাকে উচ্চ শিক্ষাৰ বাবে ইচ্ছুক বা উপযােগী নহয় , তেনে শিক্ষার্থীৰ বাবে বৃত্তিমূলক শিক্ষা অপৰিহাৰ্য ।

( খ ) বহুমুখী পাঠ্যক্রম :- মাধ্যমিক শিক্ষা ঘাইকৈ বৃত্তিমুখী আৰু স্বয়ং সম্পূর্ণ হ’ব লাগিব । বিভিন্ন ব্যক্তিৰ চাহিদা বা ৰুচি অভিৰুচি পূৰণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পাঠ্যক্রম থাকিব লাগে যাতে শিক্ষার্থীয়ে ইচ্ছানুযায়ী বিষয়বােৰ বাছনি কবি ল’ব পাৰে । 

( গ ) শিক্ষক নিযুক্তি :- শিক্ষকৰ চাকৰি আকর্ষণীয় কৰিব লাগে আৰু অৰ্হতা সম্পন্ন ব্যক্তিকহে শিক্ষকতা কামৰ বাবে নিযুক্তি দিব লাগে । 

( ঘ ) নেতৃত্ব শিক্ষা :- নেতৃত্ব শিক্ষা তথা উপযুক্ত নাগৰিকৰ শিক্ষাৰ কাৰণে প্রয়ােজনীয় সা – সুবিধা আগবঢ়াব লাগে । 

প্রশ্ন ৮. কোঠাৰী আয়ােগৰ নিযুক্তি সম্পৰ্কত আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত দেশৰ শিক্ষা ব্যবস্থাৰ উন্নতি সাধনৰ বাবে  চৰকাৰৰ নির্দেশ মর্মে কেইবাখনাে সমিতি গঠন কৰা হৈছিল । তাৰ ভিতৰত ১৯৫৮ চনৰ  বিশ্ববিদ্যালয় শিক্ষা আয়ােগ আৰু তাৰ পিছত ১৯৫২-৫৩ চনৰ মুদালিয়াৰ আয়ােগ অথবা মাধ্যমিক শিক্ষা আয়ােগ । ইয়াৰ পাছতে পুনৰ দেশৰ আর্থ – সামাজিক উন্নতিৰ বাবে পুনৰ প্রচলিত শিক্ষা ব্যবস্থা পর্যালােচনা কৰি গণতান্ত্রিক দেশ এখনৰ প্রয়ােজন পূৰাব পৰাকৈ এক নতুন জাতীয় শিক্ষা ব্যবস্থা গঠনৰ বাবে দেশৰ বিভিন্ন শিক্ষাবিদসকলে পৰামৰ্শ আগবঢ়াইছিল । অবশেষত এই পৰামর্শ অনুযায়ী শিক্ষাৰ সকলাে স্তৰ আৰু দিশতে সাধাৰণ সূত্র আৰু নীতি নিৰ্ধাৰণ কৰি সৰ্বভাবতীয় ভিত্তিত একেজাতীয় শিক্ষা ব্যৱস্থা গঠনৰ বাবে ১৯৬৪ চনত চৰকাৰে  সেইসময়ৰ বিশ্ববিদ্যালয়ৰ শিক্ষা আয়ােগৰ সভাপতি ড° ডি এছ কোঠাৰীক সভাপতিৰূপে লৈ ভাৰতীয় শিক্ষা আয়ােগ গঠন কৰিছিল । এই আয়ােগত দেশ – বিদেশৰ আন ১৬ গৰাকী সদস্যর্ক অন্তর্ভুক্ত কৰা হৈছিল । এই প্রতিবেদনখন আয়ােগৰ সভাপতি ড° ডি এছ কোঠাৰীৰ নামেৰে অর্থাৎ কোঠাৰী আয়ােগ ” বুলিও কোৱা হয় । 

প্রশ্ন ৯. মুদালিয়াৰ আয়ােগ নিযুক্তিৰ প্ৰয়ােজনীয়তা সৃষ্টিকাৰী পৰিস্থিতি ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতবর্ষ ব্রিট্রিছ শাসনৰ পৰা মুক্ত হােৱাৰ পাছত সামাজিক বা ৰাজনৈতিক প্রেক্ষাপটৰ দ্রুত পৰিবর্তন ঘটাৰ বাবে দেশৰ আর্থ – সামাজিক দিশৰ সৰল পৰিৱৰ্তন সাধন বাবে প্রয়ােজন আহি পৰিল । আৰু সেয়ে দেশৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাবলগীয়া হল । এই উদ্দেশ্য আগত ৰাখি ১৯৪৮ চনত কেন্দ্রীয় শিক্ষা বাের্ডে ( CABE ) ভাৰত চৰকাৰক এক নির্দেশযােগে মাধ্যমিক শিক্ষাৰ পুংখানুপুঙ্খ বিচাৰ কৰি শিক্ষা বিস্তাৰৰ বাবে কার্যপন্থা গ্রহণ কৰিবলৈ এখনি মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল । আৰু বৰ্ডৰ এই পৰামৰ্শ মানি লৈ চৰকাৰে ১৯৫২ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তেতিয়াৰ মাদ্রাজ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° লক্ষ্মণস্বামী মুদালিয়াৰক সভাপতি নিয়ােগ কৰি এখনি আয়ােগ গঠন কৰিলে । আৰু এই আয়ােগখনেই হ’ল মাধ্যমিক শিক্ষা আয়ােগ -১৯৫২ চন’ অথবা আয়ােগৰ সভাপতিৰ নামেৰে এই আয়ােগক ‘ মুদালিয়াৰ আয়ােগ ’ বুলিও নামাকৰণ কৰা হয় । 

প্রশ্ন ১০. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰস্তাৱসমূহ আলােচনা কৰা ।

উত্তৰঃ মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ প্ৰস্তাৱসমূহ হ’ল– 

( ক ) ৰাষ্ট্ৰীয় শিক্ষানীতিত এক সু – শৃংখলাবদ্ধ আৰু পদ্ধতিগত ভাৱে শিক্ষা পুনৰ গঠন আঁচনিত বৃত্তিমূলক শিক্ষাৰ কাৰ্যসূচীৰ পাতনি মেলা হ’ব । ইয়াৰ জৰিয়তে শিক্ষার্থীয়ে নিজৰ জীৱিকাৰ পথ বিচাৰি পাব লগতে কোনাে উদ্দেশ্য নথকাকৈ উচ্চ শিক্ষা ল’বলৈ যােৱা শিক্ষার্থীসকলে এক বিকল্প পথৰ সন্ধান পাব । 

( খ ) বৃত্তিমূলক শিক্ষাক এক নির্দিষ্টশাখা হিচাপে ধৰি ইয়াৰ দ্বাৰা শিক্ষার্থীক নিজৰ জীৱিকাৰ লক্ষ্যত উপনীত কৰিব পৰা যাব । এই বিষয়টো মাধ্যমিক স্তৰৰ শেষত প্ৰৱৰ্তন কৰা হব যদিও অষ্টম শ্রেণীৰ পৰাই ইয়াক আৰম্ভ কৰিব পৰা যাব । ইয়াক অধিক ফলপ্রসূ কৰি তােলাৰ বাবে ঔদ্যোগিক প্রশিক্ষণ কেন্দ্ৰবােৰত অধিক সা – সুবিধা প্রধান কৰা হ’ব । 

( গ ) স্বাস্থ্যজড়িত বৃত্তিমুখী বিষয়সমূহৰ জৰিয়তে স্বাস্থ্য পৰিকল্পনাৰ আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা অন্তর্ভুক্ত কৰি প্ৰয়ােজনীয় মানৱসম্পদ গঢ়ি তােলা আৰু তেওঁলােকৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ’ব । 

( ঘ ) বৃত্তিমূলক শিক্ষাৰ স্নাতকসকলৰ বাবে সাধাৰণ প্রযুক্তিবিদ্যা আৰু ব্যৱসায়িক শিক্ষাৰ ক্ষেত্ৰত সুবিধা প্রদান কৰা হ’ব । 

( ঙ ) ন শিকাৰু , প্রাথমিক শিক্ষা সম্পূর্ণ কৰা , অকালতে বিদ্যালয় এৰা , নিবনুৱা , আংশিকভাবে চাকৰি কৰা আৰু মহিলাসকলৰ প্রতি অনানুষ্ঠানিক বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা থাকিব ।

See Next Page

17 thoughts on “Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top