Class 12 Business Chapter 3 ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ

Class 12 Business Chapter 3 ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 3 ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ and select needs one.

Class 12 Business Chapter 3 ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 3 ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ Solutions for All Subject, You can practice these here…

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ১/৫ ) 

৩০। ব্যৱসায়ৰ পৰিবেশৰ বিভিন্ন উপাদানসমূহ বহলাই আলােচনা কৰা । 

উত্তৰঃ ব্যৱসায়ৰ পৰিবেশৰ বিভিন্ন উপাদানসমূহ হ’ল–কিয়নাে পুঁজিবাদ , সমাজবাদ আৰু মিশ্রিত অর্থনীতি — এই তিনিবিধ মতবাদৰ ভিতৰত যিকোনাে এটা মতবাদৰ ভিত্তিত চৰকাৰ গঠন হয় । চৰকাৰৰ ক্ষমতা , দেশৰ উদ্যোগখণ্ডৰ প্ৰতি চৰকাৰৰ মনােভাৱ , আইন প্রণয়ন , ৰাজনৈতিক দলৰ বিচাৰ ধাৰা ইত্যাদি বিলাক হৈছে ৰাজনৈতিক পৰিবেশ । আইনৰ পৰিবেশ বুলিলে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ দ্বাৰা প্রণয়ন কৰা আইনক বুজায় । চৰকাৰৰ দ্বাৰা প্রণয়ন কৰা বিভিন্ন আইন ব্যৱসায় প্রতিষ্ঠান অনুসৰণ কৰিব লাগে কাৰণ চৰকাৰে ঘােষণা কৰা অর্থনৈতিক নীতি , উদ্যোগিক নীতি আদিৰ ব্যৱস্থাৱলী অনুসৰিহে ব্যবসায়িক কাৰ্য্য সংগঠিত হ’ব পাৰে । 

ব্যৱসায়ৰ পৰিবেশত সামাজিক আৰু প্ৰযুক্তিক কাৰকসকলেও নানা ধৰণে প্ৰভাৱ পেলায় । সামাজিক পৰিবেশৰ প্রধান উপাদানসমূহ হ’ল গ্রাহকৰ পৰম্পৰা , আচাৰ – ব্যৱহাৰ , বিশ্বাস , জীৱন – নির্বাহৰ প্রণালী ইত্যাদি । গ্রাহকক সন্তুষ্টি দিব পৰাটোৱেই সফল ব্যৱসায়ৰ প্রধান মাপকাঠি । সেইবাবে ব্যৱসায়ে গ্রাহকৰ চাহিদা অনুসৰি দ্ৰৱ্যৰ যােগান ধৰিব লাগে । প্রযুক্তিবিদ্যাৰ পৰিবেশ বা উপাদানৰ ভিতৰত নতুন দ্রব্য, উৎপাদনৰ বাবে নতুন কৌশল , নতুন যন্ত্রপাতি আৰু আহিলাৰ ব্যৱহাৰ ইত্যাদিবিলাক অন্তর্ভুক্ত কৰা হয় । প্রযুক্তিবিদ্যাৰ নিত্য নতুন উদ্ভাৱনে ব্যৱসায় পৰিবেশত কম ঠাইতে কম সংখ্যক কর্মচাৰী আৰু কম সময়ৰ ভিতৰতে উচ্চমানৰ দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ উৎপাদন সম্ভৱপৰ হৈছে ।

৩১ । ভাৰত চৰকাৰে ১৯৯১ চনত ঘটোৱা অর্থনৈতিক পৰিৱৰ্তনৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ পৰিবেশৰ অন্যান্য ক্ষেত্ৰৰ পৰিৱৰ্তনৰ দৰে ব্যৱসায় পৰিবেশৰ পৰিৱৰ্তন আৰু গতিশীল হয় । অর্থনৈতিক উদাৰীকৰণৰ ফলত দেশত দ্রুত পৰিৱৰ্তন প্রতিফলিত হৈছে । এই পৰিৱৰ্তনৰ দিশসমূহ হৈছে –

( i ) উদ্যোগীক নীতিৰ পৰিবৰ্তন :- এই পৰিৱর্তনৰ দিশসমূহ হৈছে –

( ক ) বর্তমান কালত অতি নগণ্য সংখ্যক উদ্যোগৰ বাবেহে অনুজ্ঞাপত্ৰৰ আৱশ্যক হােৱা । 

( খ ) বৈদেশিক বিনিময় নিয়ন্ত্রণ আইন শিথিল হােৱা ।

( গ ) একচেটীয়া আৰু অন্তৰায় মূলক বেহা – বেপাৰ আইনৰ নিয়ন্ত্রণ নােহােৱা কৰা । 

( ঘ ) ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পােৱা । 

( ঙ ) প্রত্যক্ষ বৈদেশিক বিনিয়ােগত শিথিলকৰণ কৰা । 

( চ ) মূলধন বজাৰত অধিক স্বাধীনতা লাভ হােৱা । 

( ii ) আন্তৰাষ্ট্ৰীয় বেহা – বেপাৰত পৰিবর্তন :- এনে পৰিৱৰ্তনৰ দিশসমূহ হ’ল — 

( ক ) অর্থনীতিৰ গােলকীকৰণ বা বিশ্বায়নে ঘটোৱা পৰিৱর্তন । 

( খ ) আমদানি শুল্কৰ ধাৰাবাহিক হ্রাস পােবা । 

( গ ) সাধাৰণ শ্রেণী বা তালিকাৰ অধীনত অধিক আমদানি দ্রব্যৰ অন্তর্ভূক্তি ঘটোৱা আৰু উৎপাদিত দ্রব্যৰ ৰপ্তানিৰ ওপৰত গুৰুত্ব প্রদান কৰা । 

( iii ) গাঁথনিক সংযােজন বা পৰিৱর্তন :- এনে পৰিৱৰ্তনসমূহ হ’ল – 

( ক ) ৰাজ সাহায্য হ্রাসমান কৰা । 

( খ ) দৰ নিয়ন্ত্রণ পদ্ধতিৰ ক্রমাগত শিথিলতা । 

( গ ) ৰাজহুৱা খণ্ডত নির্বিনিয়ােগ । 

( ঘ ) ব্যৱসায় খণ্ডত বহিঃগমনৰ অৱলম্বন । আৰু 

( ঙ ) চামিল কৰণ আৰু অধিগ্রহণত সৰলতা অৱলম্বন ইত্যাদি । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৩২। ভাৰতত গােলকীকৰণৰ বাধা বিলাক কি কি ? 

উত্তৰঃ ভাৰতত গােলকীকৰণৰ বাধা বিলাক হ’ল–

( ক ) বিদেশৰ কোম্পানীবিলাকৰ লগত ভাৰতৰ কোম্পানীবিলাকে প্রতিযােগীতাত নামিব পৰা নাই । ফলত ক্ষুদ্র উদ্যোগবােৰ বন্ধ হ’ব ধৰিছে । 

( খ ) অত্যাধুনিক প্রযুক্তিৰ ফলত নিয়ােগৰ পৰিমাণ হ্রাস হৈছে । 

( গ ) ভাৰতবৰ্ষৰ হস্ততাত আৰু ক্ষুদ্র বস্ত্র শিল্প উদ্যোগবােৰ বেছিকৈ ক্ষতিগ্রস্ত হৈছে । 

উদাৰীকৰণঃ ( ক ) নতুন উদ্যোগ স্থাপন কৰাত সুবিধা হৈছে । 

( খ ) ভাৰতত বৈদেশিক বিনিয়ােগৰ পৰিমাণ বৃদ্ধি হৈছে । 

( গ ) উদ্যোগ সমূহে নিজৰ দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ মূল্য নির্ধাৰণত স্বাধীনতা পাইছে । 

৩৩। চৰকাৰৰ নীতি সাল–সলনিয়ে ব্যৱসায় আৰু উদ্যোগৰ ওপৰত কেনে প্ৰভাৱ পেলায় আলোচনা কৰা । 

উত্তৰঃ উদাৰীকৰণ , ব্যক্তিগতকৰণ আৰু গােলকীকৰণৰ চৰকাৰী নীতিয়ে ব্যৱসায় আৰু উদ্যোগিক প্ৰতিষ্ঠানৰ কার্যকলাপত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে । এই প্ৰভাৱসমূহ তলত ব্যাখ্যা কৰা হ’ল— 

( ক ) বৰ্দ্ধিত প্রতিযােগিতা :– ঔদ্যোগিক অনুমতি ব্যৱস্থাৰ শিথিলকৰণ আৰু বহুজাতিক প্রতিষ্ঠানৰ প্ৰৱেশৰ ফলস্বৰূপে ভাৰতীয় ব্যৱসায় প্রতিষ্ঠান প্রতিযােগিতা বৃদ্ধি পাইছে । বিশেষভাবে বেংক , বীমা , বিমান ইত্যাদি সেৱা খণ্ডত যথেষ্ট প্রভাৱ পেলাইছে । 

( খ ) বেছি চাহিদাযুক্ত গ্রাহক :- বর্তমানৰ গ্ৰাহকসকল সুবিদিত ( well informed ) হােৱা 

হেতুকে তেওঁলােকে বেছি দ্রব্য বা সেৱা বিচাৰে । বজাৰত বৰ্দ্ধিত প্রতিযােগিতাই গ্রাহকক উন্নতমানৰ দ্ৰব্য বা সেৱা বৃহৎ সংখ্যকৰ মাজৰ পৰা বাছনি কৰি ক্ৰয় কৰাত সুবিধা দিয়ে । 

( গ ) প্রযুক্তিগত পৰিবেশৰ দ্রুত পৰিবর্তন :- নতুন প্রযুক্তিবিদ্যাই যন্ত্রপাতি , প্রক্রিয়া , দ্রব্য আৰু সেৱাৰ উন্নয়ন সম্ভৱ কৰি তুলিছে । দ্রুতভাবে পৰিবর্তন হােৱা প্রযুক্তিবিদ্যাৰ পৰিবেশে ক্ষুদ্র প্রতিষ্ঠানৰ বাবে কঠিন প্রত্যাহ্বানৰ সৃষ্টি কৰিছে । 

( ঘ ) পৰিবৰ্তনৰ আৱশ্যকতা :- ১৯৯১ চনৰ আগলৈকে ব্যৱসায় প্রতিষ্ঠানবােৰ এটা স্থিৰ নীতি আৰু ব্যৱস্থাৰে চলিব পাৰিছিল । ১৯৯১ চনৰ পিছত বজাৰৰ শক্তিবােৰ হুলস্থূলীয় হ’ল যাৰ ফলস্বৰূপে প্রতিষ্ঠানসমূহে অবিৰতভাবে কার্যকলাপবােৰত সংস্কাৰ বা পৰিবর্তন সাধিবলগীয়া হয় । 

( ঙ ) মানব সম্পদ উন্নয়নৰ প্রয়ােজনীয়তা :- বিগত বহুদিন ধৰি ভাৰতীয় প্রতিষ্ঠানসমূহে অপর্যাপ্ত প্রশিক্ষণ প্রাপ্ত শ্রমিক কর্মচাৰীৰ পৰা ভূগি আছিল । নতুন বজাৰ পৰিবেশত বেছি যােগ্য আৰু উচ্চ সমর্পিত মানুহৰ প্রয়ােজন । গতিকে মানৱ সম্পদ উন্নয়ন প্রয়ােজন । 

( চ ) বজাৰ কেন্দ্রিকতা :- পূর্বতে ব্যৱসায় প্রতিষ্ঠানবােৰে উৎপাদনকেন্দ্রিক বজাৰকৰণ কার্য চলাই নিছিল । পৰিবৰ্তিত পৰিস্থিতিত বজাৰ কেন্দ্রিকতালৈ ৰূপান্তৰ ঘটে আৰু যথাসম্ভৱ বজাৰ অধ্যয়ন আৰু বিশ্লেষণ কৰি সেই অনুসাৰে দ্রব্য উৎপাদন কৰা হয় । 

৩৪। ব্যৱসায়ৰ বাহ্যিক পৰিবেশ সদায় পৰিৱৰ্তনশীল ’ – এই বাক্যশাৰী উদাহৰণেৰে সৈতে আলােচনা কৰা । 

উত্তৰঃ ব্যৱসায় সংগঠন হৈছে অর্থনৈতিক কার্যৰ সংগঠন । ইয়াৰ সাংগঠনিক কৃতিত্ব বিত্তীয় পদ্ধতিৰে মূল্যায়ণ কৰা হয় । অর্থনৈতিক পৰিৱেশে সংগঠনৰ ব্যৱসায়িক কাম – কাজৰ আকাৰ নিৰূপণ কৰা বহুতাে উপাদান অন্তর্ভূক্ত কৰে । অর্থনৈতিক পৰিবেশৰ উপাদানবােৰ তলত ব্যাখ্যা কৰা হ’ল । 

( ক ) অর্থনৈতিক পদ্ধতি :- অর্থনৈতিক পদ্ধতিয়ে পুঁজিবাদী , সমাজবাদী আৰু মিশ্রিত এই তিনিওটা পদ্ধতিৰ দেশৰ ব্যৱসায়ৰ বিভিন্ন প্ৰকাৰৰ নিয়ন্ত্রণ ব্যৱস্থাক বুজায় । ব্যৱসায় সংগঠনৰ সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত এখন দেশৰ অর্থনৈতিক পদ্ধতিয়ে নিৰূপণ অর্থনৈতিক পৰিবেশ সম্পর্কে ব্যৱসায়ীৰ জ্ঞানৰ আৱশ্যকতা আনে । 

( খ ) ৰাষ্ট্ৰীয় আয় আৰু ইয়াৰ বিতৰণ :- দেশৰ বার্ষিক অর্থনৈতিক কাম – কাজৰ মুদ্রাগত মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় । এই আয়ৰ বিতৰণ অঞ্চল বা ৰাজ্যভেদে আৰু একোটা অঞ্চলৰে ব্যক্তি ভেদে সমান নােহােৱাৰ ফলত অর্থনৈতিক কাম কাজ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ সম্প্রসাৰিত হয় । 

( গ ) মুদ্রানীতি :- মুদ্রানীতিয়ে দেশত মুদ্রা যােগানৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ জৰিয়তে অর্থনৈতিক বিকাশ নিয়ন্ত্রণ কৰে । 

( ঘ ) ৰাজকোষ নীতি :- ৰাজকোষ নীতি হৈছে দেশৰ কৰ গাথনি আৰু চৰকাৰী ব্যৱস্থাৰ লগত জড়িত নীতি । ইয়াৰ অধীনত ৰাষ্ট্ৰই সম্ভাব্য সর্বোচ্চ সম্পদ সংগ্রহ কৰা , দ্রুত উন্নয়ন অর্থে সম্পদৰ প্ৰকাম্য আবন্টন কৰা , আয় বিতৰণৰ সমতা স্থাপন কৰা , দৰৰ সুস্থিৰতা ৰক্ষা কৰাৰ উদ্দেশ্য নিৰ্দ্ধাৰণ কৰে । 

( ঙ ) প্রাকৃতিক সম্পদ :- ভূমি , খনিজ , ইন্ধন আদি প্রাকৃতিক সম্পদৰ পর্যাপ্ততা সেইবােৰৰ অৱস্থিতিৰ জ্ঞান ব্যৱসায় সংগঠনৰ পৰিকল্পনা যুগুত কৰাৰ বাবে গুৰুত্বপূর্ণ । ব্যৱসায়ৰ স্থান নিৰূপণ , প্রাকৃতিক সম্পদৰ ভড়াল , বিতৰণ আদিয়ে ব্যৱসায় পৰিবেশ গঢ়ি তােলাত সহায় কৰে । 

( চ ) কেঁচাসামগ্ৰীৰ যােগান :- ব্যৱসায় সংগঠনৰ বাবে ধাৰাবাহিক ভাবে কেঁচা সামগ্ৰীৰ যােগান লাভ কৰা অপৰিহাৰ্য । ইয়াৰােপৰি কেঁচা সামগ্ৰীৰ দৰ , গুণ , পৰিৱহন ব্যয় , নিয়মীয়া যােগান ইত্যাদিৰ প্ৰতি ব্যৱসায় পৰিবেশৰ বিবেচনাত গুৰুত্ব দিয়া হয় । 

( ছ ) বিত্তীয় সা – সুবিধা :- ব্যৱসায় প্রতিষ্ঠানৰ আৰম্ভন আৰু সম্প্রসাৰিত কাম – কাজৰ বাবে আৱশ্যকীয় বিত্ত যােগানত পৰিবেশৰ সহাৰি লাভ কৰা অপৰিহাৰ্য্য । 

ব্যৱসায় সংগঠনৰ কাম – কাজ ৰাজনৈতিক আৰু বিধিগত পৰিবেশৰ দ্বাৰাও প্ৰভাৱিত হয় । ৰাজনৈতিক বিধিগত পৰিৱেশে ব্যৱসায় কাৰ্যৰ দুটা দিশত নির্ণয়ক ভূমিকা পালন কৰে । 

প্রথমতে ব্যৱসায় প্ৰৱৰ্তন আৰু দ্বিতীয়তে ব্যৱসায় প্রৱর্তনৰ পৰা বিৰত ৰখা । ব্যৱসায় পৰিবেশৰ ৰাজনৈতিক আৰু বিধিগত পৰিবেশ বিশ্লেষণৰ উপাদানৰবােৰ হৈছে – 

( i ) চৰকাৰী প্রশাসনিক ৰূপ আৰু গঠনৰ পৰিৱর্তন , অসামৰিক যুদ্ধ , জৰীকালীন অৱস্থা আদিৰে ৰাজনৈতিক স্থিৰতা । 

( ii ) বিভিন্ন ৰাজনৈতিক সংগঠন আৰু যিবিলাকৰ আদর্শ , আমােলাতান্ত্রিক , হেমাহি , ৰঙাফিটাৰ মেৰপেচ আদিৰে ৰাজনৈতিক পৰিবেশ । 

( iii ) উদ্যোগিক উন্নয়নত প্ৰতি ৰক্ষানীতিৰ প্ৰভাৱ ।

( iv ) ব্যৱসায় সম্পর্কীয় বিভিন্ন বিধিগত ব্যৱস্থাৰ প্ৰভাৱ ইত্যাদি ? 

ৰাজনৈতিক আৰু বিধিগত দিশেৰে ব্যৱসায় পৰিবেশ বিশ্লেষণ কৰাৰ ক্ষেত্ৰত বিবেচনা কৰিব লগা দিশসমূহ হৈছে–

( ক ) ব্যৱসায় প্রতিষ্ঠা কৰােতে প্রচলিত পদ্ধতিত আনুষ্ঠানিকতা পালনৰ তথ্য লাভ কৰা । 

( খ ) ৰাজনৈতিক পদ্ধতিয়ে ব্যৱসায়ক কিদৰে প্ৰভাৱিত কৰে তাক মূল্যায়ণ কৰা । 

( গ ) ব্যৱসায় খণ্ডৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগী প্ৰেৰণাদায়ক নে বাধাকাৰক তাক অনুসন্ধান কৰা । 

( ঘ ) ব্যৱসায় খণ্ডৰ প্রতি চৰকাৰে আগবঢ়োৱা সা – সুবিধা জনা । 

( ঙ ) কোনাে বিশেষ খণ্ড বা সংৰক্ষিত খণ্ডত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ লাভৰ আৱশ্যকতা অনুসন্ধান কৰা । 

( চ ) দেশৰ বৈদেশিক বাণিজ্যৰ নীতি অনুসৰি কি কি প্রযুক্তি , মূলধনজাত সামগ্ৰী আৰু কেচাসামগ্রী আমদানিৰ ওপৰত বাধা নিষেধ আৰােপ কৰা হয় তাৰ তালিকা জনা । 

( ছ ) কি কি দ্রব্য আৰু সেৱাৰ ৰপ্তানিত বাধা নিষেধ আৰােপ কৰা হয় আৰু ৰপ্তানি ব্যৱসায়ত কি কি দায়িত্ব পালনৰ আৱশ্যক হয় তাক জনা । 

( জ ) ব্যৱসায়ীৰ দ্ৰব্যৰ দৰে নিৰূপণ আৰু আৰু পণ্য বিতৰণ প্রাণালীৰ বাধা নিষেধ পৰীক্ষা কৰা ইত্যাদি । 

ব্যৱসায় সংগঠনৰ বাবে ইয়াৰ পৰিবেশলৈ সামাজিক সাংস্কৃতিক উপাদানৰ বৰঙণি অথবা সামাজিক সাংস্কৃতিক পৰিবেশৰ লগত ব্যৱসায় পৰিবেশৰ সম্পৰ্কৰ জ্ঞানৰ অতি আৱশ্যক । সামাজিক সাংস্কৃতিক পৰিবেশৰ উপাদানবােৰ ব্যাপক হয় । 

ব্যৱসায়ৰ সামাজিক সাংস্কৃতিক উপাদানে অন্তর্ভূক্ত কৰা দিশবােৰ হৈছে— 

( ক ) ব্যৱসায় খণ্ডৰ পৰা সামাজিক আশা আকাংখা । 

( খ ) ব্যৱসায় সংগঠন আৰু সেইবােৰৰ পৰিচালনাৰ প্রতি সমাজৰ মনােভংগী । 

( গ ) ব্যৱসায় সংগঠনৰ কাম – কাজৰ সাফল্যৰ প্রতি সামাজিক ভংগী । 

( ঘ ) ব্যৱসায়ৰ কর্তৃত্ব , দাত্ত্ব আৰু সাংগঠনিক স্থিতিৰ প্রতি দৃষ্টিভংগী । 

( ঙ ) ৰীতি – নীতি আৰু পৰম্পৰাৰ প্রতি দৃষ্টিভংগী । 

( চ ) শ্ৰমিকৰ গতিশীলতা । আৰু 

( ছ ) শিক্ষাৰ স্তৰ । 

সামাজিক সাংস্কৃতিক পৰিবেশৰ উপাদান বিশ্লেষণ কৰোতে ব্যৱসায় সংগঠনৰ বিবেচ্য দিশবােৰ হৈছে–

( ক ) ব্যৱসায় সংগঠনৰ কাম–কাজ , ভূমিকাৰ প্ৰতি সামগ্রিক সামাজিক দৃষ্টিভংগী পৰীক্ষা কৰা ।

( খ ) নির্দিষ্ট ক্ষেত্র বিশেষত ব্যৱসায়ৰ পৰা সামাজিক আশা বিচাৰ কৰা । 

( গ ) সামাজিক , সাংস্কৃতিক আৰু ধর্মীয় দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ উৎপাদিত দ্রব্য গ্রহণ যােগ্যতা বিচাৰ কৰা ।

( ঘ ) সামাজিক জীৱনশৈলীৰ ধৰণ সেইবােৰ পুৰণ কৰাত ব্যৱসায়ৰ দ্ৰব্যৰ উপযােগিতা পৰ্যবেক্ষণ কৰা । 

( ঙ ) ব্যৱসায় সংগঠনৰ কাম – কাজৰ পৰিৱর্তনৰ প্রতি সামাজিক সমর্থনৰ স্তৰ মূল্যায়ন কৰা । 

( চ ) ব্যৱসায়ীৰ দ্ৰব্যৰ প্রতি সামাজিক গুৰুত্বৰ স্তৰ পৰ্যবেক্ষণ কৰা । 

( ছ ) সামাজিক আৰু ধর্মীয় প্রয়ােজনীয়তা পূৰণ কৰাত নির্দিষ্ট দ্রব্যৰ সমাদৰ পৰীক্ষা কৰা । 

( জ ) সমাজৰ ভােগ স্পৃহা আৰু সঞ্চয় স্পৃহা মূল্যাংকণ কৰা । 

৩৫। “ উদাৰীকৰণ আৰু গােলকীকৰণে ভাৰতীয় ব্যবসায় ক্ষেত্ৰত বহুতাে সুযােগৰ লগতে প্রত্যাহ্বানৰ সৃষ্টি কৰিছে ’ — বাক্যশাৰী আলােচনা কৰা ৷ 

উত্তৰঃ গােলকীকৰণ :- গােলকীকৰণে বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত থকা সকলােবিলাক বাধা বা প্রতিবন্ধকতাসমূহ আঁতৰ কৰে ।

( খ ) গ্রাহকসকলে বিদেশৰ বিভিন্ন ধৰণৰ দ্ৰব্য আৰু সেৱা সামগ্রী উপভােগ কৰিব পাৰে । 

( গ ) তথ্য প্রযুক্তিৰ উন্নতি ঘটে । 

উদাৰীকৰণঃ ( ক ) নতুন উদ্যোগ স্থাপন কৰাত সুবিধা হৈছে । 

( খ ) ভাৰতত বৈদেশিক বিনিয়ােগৰ পৰিমাণ বৃদ্ধি হৈছে । 

( গ ) উদ্যোগ সমূহে নিজৰ দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ মূল্য নির্ধাৰণত স্বাধীনতা পাইছে । 

উদাৰীকৰণৰ ঋণাত্মক বা প্রত্যাহ্বানবােৰ তলত উল্লেখকৰাহ’ল – 

( ক ) চৰকাৰী বাধাবােৰ দূৰ হােৱা কাৰণে উদ্যোগসমূহে নিজৰ উৎপাদিত দ্রব্য সামগ্রী নিজৰ ইচ্ছা অনুযায়ী লােৱাৰ ফলত দেশত মুদ্রাস্ফীতিৰ সৃষ্টি হৈছে । 

( খ ) উদাৰীকৰণৰ ফলত আমাৰ দেশৰ ক্ষুদ্র উদ্যোগবােৰে লােকচানৰ সন্মুখীন হ’বলগীয়া বিদেশৰ সামগ্ৰী আৰু যন্ত্রপাতিৰ ওপৰত বেছি নিৰ্ভৰ কৰিবলগীয়া হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top