Class 12 Business Chapter 2 পৰিচালনাৰ নীতি

Class 12 Business Chapter 2 পৰিচালনাৰ নীতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 2 পৰিচালনাৰ নীতি and select needs one.

Class 12 Business Chapter 2 পৰিচালনাৰ নীতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 2 পৰিচালনাৰ নীতি Solutions for All Subject, You can practice these here…

( খ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ ) 

৩২। টেইলৰৰ নীতিবােৰ চমুকৈ আলােচনা কৰাঃ 

( ক ) সাধাৰণ নিয়মৰ পৰিৱর্তে বিজ্ঞান । 

( খ ) বিবাদৰ পৰিৱর্তে ঐক্যতান । 

উত্তৰঃ ( ক ) সাধাৰণ নিয়মৰ পৰিৱর্তে বিজ্ঞান :-  বৈজ্ঞানিক পদ্ধতিৰ মৌলিক নীতি হৈছে পৰিচালনাৰ সিদ্ধান্ত গ্রহণত সকলাে প্ৰকাৰৰ অবৈজ্ঞানিক ধাৰণা অগ্রাহ্য কৰি বৈজ্ঞানিক ধাৰণা অৱলম্বন কৰা । 

( খ ) বিবাদৰ পৰিৱর্তে মিলা – প্রীতি :- এই পৰিচালনা পদ্ধতিত মিলা – প্ৰীতিৰে কৰ্মৰত কর্মচাৰীৰ মাজত একতাৰ অনুশীলনৰ ওপৰত জোৰ দিয়ে । 

৩৩। শৃংখলা আৰু সমতা এই নীতি দুটা চমুকৈ আলােচনা কৰা । 

উত্তৰঃ কৃর্তৃত্বৰ শিকলি :- কৃর্তৃত্বৰ শিকলি হৈছে সর্বোচ্চ পদবীৰ পৰা সর্বনিম্ন পদবীলৈকে কৃর্তত্বৰ শৃংখল । কর্তৃত্বৰ শিকলিত তলতীয়া কৰ্মচাৰীয়ে জেষ্ঠ বিষয়াৰ লগত সম্পর্ক স্থাপনত বাধাৰ সন্মুখীন হ’ব নালাগে ।

সমতা :- এই নীতিৰে ফেয়লে কর্মচাৰীৰ প্ৰতি পৰিচালনাই দয়াশীলতাৰে বিচাৰ বিবেচনা কৰাক বুজায় । সমতাৰ ঠাইত স্বজনপ্রীতিয়ে ঠাই পালে কর্মচাৰীৰ উদ্যম আৰু একতা বিনষ্ট হয় , যাৰ ফলত ঔদ্যোগিক সম্পর্কও ব্যাহত হয় । সেয়ে পক্ষপাত আৰু স্বজন প্রীতিয়ে পৰিচালকক প্ৰভাৱান্বিত কৰিব নালাগে । 

৩৪। টেইলৰৰ কাৰ্য্যকাৰকৰ সূচনাৰ ওপৰত এটি চমু টোকা লিখা । 

উত্তৰঃ টেইলৰেপৰামর্শ দিয়া কার্যকাৰক সুচনাই কাৰখানা পর্যায়ত পৰিচালনাৰ বিশেষীকৰণত প্রয়ােগ ঘটোৱা হয় । তেওঁৰ মতে একক কার্যকাৰকে ভিন্ন স্তৰৰ ভিন্ন কার্য তদাৰক কৰাৰ পৰিৱর্তে সুকীয়া সুকীয়াস্তৰত সুকীয়া আৰু বিশেষজ্ঞস্বৰূপ কার্যকাৰকৰ তদাৰকে কাৰখানা পৰিচলানালৈ ফলপ্রসুতা আনে । এই উদ্দেশ্যে টেইলৰে কাৰখানাস্তৰত আঠোটা কার্যকাৰক নিয়ােগৰ পৰামর্শ দিয়ে । সেইবােৰ হৈছে— পথ তত্বাবধায়ক , শিক্ষন কার্ড তত্বাৱধায়ক , সময় আৰু ব্যয়তত্বাবধায়ক , কাৰখানা শাসন , কর্মীদলৰ দলপতি , গতি তত্বাৱধায়ক , মেৰামতি তত্বাবধায়ক আৰু পৰিদর্শক । 

৩৫। টেইলৰৰ বৈজ্ঞানিক পৰিচালনাৰ চাৰিটা নীতি চমুকৈ আলােচনা কৰা । 

উত্তৰঃ বৈজ্ঞানিক পৰিচালনাৰ নীতিসমূহ হৈছে— 

( ক ) সাধাৰণ নিয়মৰ পৰিৱর্তে বিজ্ঞান :-  বৈজ্ঞানিক পদ্ধতিৰ মৌলিক নীতি হৈছে পৰিচালনাৰ সিদ্ধান্ত গ্রহণত সকলাে প্ৰকাৰৰ অবৈজ্ঞানিক ধাৰণা অগ্রাহ্য কৰি বৈজ্ঞানিক ধাৰণা অৱলম্বন কৰা । 

( খ ) বিবাদৰ পৰিৱর্তে মিলা – প্রীতি :- এই পৰিচালনা পদ্ধতিত মিলা – প্ৰীতিৰে কৰ্মৰত কর্মচাৰীৰ মাজত একতাৰ অনুশীলনৰ ওপৰত জোৰ দিয়ে । 

( গ ) বৈজ্ঞানিক বাছনি আৰু শ্ৰমিকৰ প্রশিক্ষণ :- বৈজ্ঞানিক পৰিচালনাই সঠিক কামত সঠিক ব্যক্তিক বাছনি কৰাত জোৰ দিয়ে । বৈজ্ঞানিক পদ্ধতিত শ্রমিক বাছনি কৰা আৰু তেনে কামৰ প্ৰয়ােজনীয়তাৰ প্রতি লক্ষ্য ৰাখি প্রশিক্ষনৰ ব্যৱস্থা কৰিলে ইয়াক বাস্তবায়িত কৰিব পৰা যায় । 

( ঘ ) শ্রমিক আৰু পৰিচালনাৰে মাজত সমন্বয় সাধন :- পৰিচালনা আৰু শ্ৰমিকৰ মাজত সমন্বয় গঢ়ি উঠাতাে উচিত । ব্যৱসায় সংগঠন এটাই তেতিয়াহে ইয়াৰ অগ্রগতি লাভ কৰিব পাৰিব যেতিয়া পৰিচালনা আৰু শ্ৰমিকৰ মাজত কোনাে ধৰণৰ দ্বন্দ নাথাকে । অর্থাৎ উভয় পক্ষৰ আন্তৰিক শ্ৰদ্ধাৰে কার্য সম্পাদনত গুৰুত্ব প্রদান কৰিব লাগে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৩৬। ফেয়লৰ নীতি ‘কর্তৃত্ব আৰু দায়িত্ব’ আৰু শৃংখলাৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ ফলপ্রসু পৰিচালনাৰ অৰ্থে হেনৰি ফেয়লে আগবঢ়োৱা পৰিচালনাৰ চৈধ্যতা নীতি তলত ব্যাখ্যা কৰা হ’ল– 

( ক ) কর্ম বিভাজন :- পৰিচালনাৰ এই নীতিয়ে বিশেষীকৰণৰ ওৰত গুৰুত্ব সুচায় । উচ্চ উৎপাদন ক্ষমতা লাভ কৰিবলৈ ঔদ্যোগিক সংগঠনৰ প্ৰতিটো স্তৰৰ কাম-কাজ এনেদৰে বিভাজন হ’ব লাগে যাতে এজন ব্যক্তি বা কর্মচাৰীয়ে তেওঁৰ বিশেষ দক্ষতা বা নিপুনতাৰে বিশেষ এটা কার্য সম্পাদন কৰিব পাৰে । কর্তৃত্ব আৰু দায়িত্ব কর্তৃত্ব আৰু দায়িত্ব একেলগে গতি কৰে । উপযুক্ত কর্তৃত্ব প্রদান কৰাৰ লগতে দায়িত্ব আৰোপ কৰিলেহে উচিত কার্য সম্পাদনৰ আশা কৰিব পৰা যায় । 

( খ ) নিয়মানুবর্তিতা :- পৰিচালনা কার্যত কর্মচাৰীৰ পৰা বাধ্যতা বা কর্তব্য পৰায়নতা আদায় কৰা , তেওঁলোক প্রায়ােগিক বা ব্যৱহাৰিক শক্তি আৰু আকাংখিত আচৰণ লাভক প্রতিষ্ঠিত নীতি – নিয়মৰ প্রতি আনুগত্যৰ বহিঃপ্রকাশ লাভ কৰাতেই কৰ্মচাৰীৰ নিয়মানুবর্তিতা প্রত্যক্ষ কৰা যায় । নিয়মানুবর্তিতা আদায় কৰিবলৈ পৰিচালনাই প্রত্যেক স্তৰতে বিহিত ব্যৱস্থা কৰাৰ আৱশ্যক হয় । 

( গ ) আদেশৰ একতা :- আদেশৰ একতা নীতিৰ অধীনত কৰ্মচাৰী এজনে নির্দিষ্টকৈ এজন বিষয়াৰ ওচৰত জবাব দিহি হ’ব লাগে । আদেশৰ একতা অবিহনে সংগঠনৰ কাম – কাজত বিভিন্ন ধৰণৰ খেলিমেলিৰ ফলত অনাহক পলম হােৱাৰ সম্ভাৱনা অধিক হয় ।

( ঘ ) নির্দেশৰ একতা :- নির্দেশৰ একতাৰ নীতিয়ে সদৃশ উদ্দেশ্য সংশ্লিষ্ট কাম – কাজ এজন মুৰব্বীৰ অধীনত এটা আচনিৰ অধীনস্থাক বুজায় । নির্দেশৰ একতা অবিহনে কার্য সম্পাদনত ঐক্যতা , সমন্বিত শক্তি আৰু দলীয় প্রচেষ্টা লাভ কৰা নাযায় । 

( চ ) সমূহীয়া স্বার্থৰ ওচৰত ব্যক্তিগত স্বার্থ বশীভূতকৰণ :- পৰিচালনা কাৰ্য্যত অন্য এটা গুৰুত্বপূৰ্ণনীতি – দলীয় স্বার্থ বা উদ্দেশ্য পূৰণৰ লক্ষ্যেৰে সকলাে কর্মচাৰীৰ প্রচেষ্টা পৰিচালিত কৰা । কোনাে পৰিস্থিতিত সমূহীয়া স্বার্থৰ ওচৰত ব্যক্তিগত স্বার্থৰ প্রাধান্য প্রত্যক্ষ কৰা হ’লে পৰিচালনাই উভয়ৰ মিলকৰণ কৰিব লাগে আৰু এনে কৰােতে তলতীয়া কৰ্মচাৰীৰ সৈতে বুজা পৰা কৰা , তেওঁলােকৰ কামকাজ পৰিদৰ্শন কৰাৰ জৰিয়তে ব্যক্তিগত স্বার্থ বশীভূত কৰা উচিত । 

( ছ ) যথােচিত পাৰিশ্ৰমিক প্রদান :- হেনৰি ফেয়ালে শ্রমিকৰ পাৰিশ্রমিক প্রদানৰ ক্ষেত্ৰত যথােচিত নীতি অৱলম্বন কৰাৰ পােষকতা কৰে । কিয়নাে অসন্তুষ্ট কর্মচাৰীয়ে কার্য সম্পাদনত পূর্ণ সহযােগিতা নেদেখুৱায় । তেওঁ এনে পাৰিশ্রমিক কর্মচাৰী আৰু নিয়ােগকর্তা উভয়কে সন্তুষ্টি দিব পৰা বিধৰ হােৱা বিচাৰে । 

( জ ) কেন্দ্রীভূতকৰণ :- কেন্দ্রীভূতকৰণৰ অৰ্থ হৈছে মুষ্টিমেয় লােকৰ হাতত ক্ষমতা গােট খােৱা । ফেয়লে নির্দিষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কিমান পৰিমাণে ক্ষমতা কেন্দ্রীভূত কৰা উচিত আৰু কিমান পৰিমাণে বিকেন্দ্রীকৰণ কৰা উচিত তাক পৰিস্থিতি চাইহে নির্ণয় কৰাত গুৰুত্ব প্রদান কৰে আৰু উভয়ৰ মাজত ক্ষমতা ৰক্ষা কৰিবলৈ পৰিচালক পৰামৰ্শ আগবঢ়ায় । 

( ঝ ) কৃর্তৃত্বৰ শিকলি :- কৃর্তৃত্বৰ শিকলি হৈছে সর্বোচ্চ পদবীৰ পৰা সর্বনিম্ন পদবীলৈকে কৃর্তত্বৰ শৃংখল । কর্তৃত্বৰ শিকলিত তলতীয়া কৰ্মচাৰীয়ে জেষ্ঠ বিষয়াৰ লগত সম্পর্ক স্থাপন বাধাৰ সন্মুখীন হ’ব নালাগে ৷ 

( ঞ ) ক্ৰম :- পৰিচালনাৰ ক্ৰমৰ নীতিয়ে উপযুক্ত কামত উপযুক্ত লােকক আৰু উপযুক্ত স্থানত উপযুক্ত আহিলাপাতি যােগান ধৰাক বুজায় । অর্থাৎ ফেয়লে ব্যৱসায় প্রতিষ্ঠানৰ মানৱ সম্পদ আৰু অন্যান্য সম্পদৰ ফলপ্রসু ব্যৱহাৰ নিশ্চিত কৰিবলৈ উপযুক্ত স্থান নিৰূপণ কৰাক নীতি হিচাপে অৱলম্বন কৰে । 

( ট ) সমতা :- এই নীতিৰে ফেয়লে কৰ্মচাৰীৰ প্রতি পৰিচালনাই দয়াশীলতাৰে বিচাৰ বিবেচনা কৰাক বুজায় । সমতাৰ ঠাইত স্বজনপ্রীতিয়ে ঠাই পালে কর্মচাৰীৰ উদ্যম আৰু একতা বিনষ্ট হয় , যাৰ ফলত ঔদ্যোগিক সম্পর্কও ব্যাহত হয় । সেয়ে পক্ষপাত আৰু স্বজন প্রীতিয়ে পৰিচালকক প্ৰভাৱান্বিত কৰিব নালাগে ।

( ঠ ) কৰ্মচাৰীৰ কাৰ্যকালৰ স্থায়িত্ব :- সংগঠনৰ কৰ্মচাৰীৰ সঘন পৰিবৰ্তনে ইয়াৰ অনিষ্ট সাধন কৰে । যিকোনাে স্তৰতে সুচাৰুৰূপে কাৰ্য্য সম্পাদন কৰি পাৰদৰ্শিতা অর্জন কৰিবলৈ হলে পৰিচালনাই কৰ্মচাৰীৰ কামৰ স্থায়িত্বৰ নীতি অৱলম্বন কৰিব লাগে । 

( দ ) আগভাগ :- পৰিচালনাৰ এই নীতিৰ জৰিয়তে কোনাে পৰিকল্পনা প্রস্তুত কৰা আৰু ইয়াক কার্যকৰী কৰাৰ স্বাধীনতাক বুজায় । ফেয়লে ইয়াৰ বাবে পৰিচালকসকলক ব্যক্তিগত অহংকাৰ ত্যাগ কৰি কাৰ্য্যসম্পাদনত আগভাগ লবলৈ আহবান জনায় । 

( ধ ) ঐক্যতাৰ শক্তি :- এই নীতিৰ অন্তর্নিহিত অর্থ একতাই পৰম শক্তি । ইয়াৰ বাবে দলীয় ঐক্যতাৰে কার্য সম্পাদন আৰু দলৰ সভ্য সকলৰ মাজত উপযুক্ত যােগাযােগৰ আৱশ্যক । পৰিচালনাই ঐক্যতাৰ শক্তি উন্নয়নত গুৰুত্ব প্রদান কৰিব লাগে । 

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ১/৫ ) 

৩৭। বৈজ্ঞানিক পৰিচালনাৰ উপাদানবােৰ আলােচনা কৰা । 

উত্তৰঃ বৈজ্ঞানিক ব্যবস্থাপনাৰ কৌশলসমূহ তলত আলােচনা কৰা হ’লঃ–

( ক ) উপযুক্ত দিনতীয়া কার্য :- শ্ৰমিকৰ উপযুক্ত দিনতীয় কার্য নির্ধাৰণৰ অৰ্থে টেইলৰে বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰৰ পৰামর্শ দিয়ে । এই পদ্ধতিৰ ব্যৱহাৰত সময় অধ্যয়ন , গতি অধ্যয়ন আৰু ক্লান্তি অধ্যয়নৰ জৰিয়তে শ্রমিক একোজনৰ একোটা দিনৰ উপযুক্ত কাম নিৰূপণ কৰা হয় । 

( খ ) বৈজ্ঞানিক বাছনি আৰু প্রশিক্ষণ :- বৈজ্ঞানিক পৰিচালনাৰ শ্ৰমিক বাছনিৰ ক্ষেত্ৰত সযন্তে প্রস্তুত কৰা বাছনি পদ্ধতিৰ জৰিয়তে শ্রমিক বাছনি কৰাতাে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয় । লগতে বাছনিভূক্ত শ্ৰমিকসকলক উত্তম পদ্ধতিৰে কার্য সম্পাদন কৰােৱাৰ প্রশিক্ষণ আগবঢ়োৱাত গুৰুত্ব আৰােপ কৰা হয় । 

( গ ) কেঁচা সামগ্রী , আহিলা আৰু কর্মস্থলীৰ অৱস্থাৰ মানদণ্ড নিৰূপণ :- কেঁচা সামগ্রী , আহিলা পাতি , যন্ত্রপাতি আৰু কার্য সম্পাদনাৰ বাবে আৱশ্যক হােৱা অন্যান্য সাসুবিধাৰ মান উন্নত হােৱা অতি আৱশ্যক । ইয়াৰােপৰি টেইলৰে সদৃশ ধৰণৰ কার্য সম্পাদন কৰা সকলাে শ্ৰমিকৰ প্রতি সমানে সা – সুবিধা আগবঢ়াই কর্মস্থলীৰ অৱস্থা উন্নত কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰে । 

( ঘ ) কার্যকাৰকৰ সুচনা :- টেইলৰে পৰামর্শ দিয়া কার্যকাৰকৰ সুচনাই কাৰখানা পর্যায়ত পৰিচালনাৰ বিশেষীকৰণত প্রয়ােগ ঘটোৱা হয় । তেওঁৰ মতে একক কার্যকাৰকে ভিন্ন স্তৰৰ ভিন্ন কার্যত দাৰকৰাৰ পৰিৱর্তে সুকীয়া সুকীয়া স্তৰত সুকীয়া আৰু বিশেষজ্ঞস্বৰূপ কার্যকাৰকৰ তদাৰকে কাৰখানা পৰিচলানালৈ ফলপ্রসুতা আনে । এই উদ্দেশ্যে টেইলৰে কাৰখানা স্তৰত আঠোটা কার্যকাৰক নিয়ােগৰ পৰামর্শ দিয়ে । সেইবােৰ হৈছে–

পথ তত্বাবধায়ক , শিক্ষন কার্ড তত্বাৱধায়ক , সময় আৰু ব্যয়তত্বাবধায়ক , কাৰখানা শাসন , কর্মীদলৰ দলপতি , গতি তত্বাৱধায়ক , মেৰামতি তত্বাবধায়ক আৰু পৰিদর্শক । 

( ঙ ) ভিন্ন গােটৰ হাৰত মজুৰি প্ৰদান :- শ্রমিক কর্মপ্রেৰণা আৰু উৎসাহ জাগ্রত কৰাৰ লগতে নিৰ্ধাৰিত মানৰ উৎপন্ন উৎপাদন কৰি পূৰস্কাৰ লাভ কৰিবলৈ টেইলৰে ভিন্ন গােটৰ হাৰৰ পদ্ধতিৰে মজুৰি প্ৰদান আচনিৰ প্ৰৱৰ্জন কৰে । এই আচনিৰ জৰিয়তে বৈজ্ঞানিক ভাবে কর্ম অধ্যয়ন কৰি প্রত্যেক শ্রমিকৰ বাবে এক নির্দিষ্ট মানৰ উৎপন্নৰ আগতীয়া নিৰ্দ্ধাৰণ কৰা হয় ।

৩৮। টেইলৰৰ বৈজ্ঞানিক পৰিচালনা আৰু ফেয়লৰ পৰিচালনাৰ নীতিৰ মাজত পার্থক্য দেখুওৱা ।

৩৯। হেনৰী ফেয়লৰ পাঁচটা পৰিচালনাৰ নীতি আলােচনা কৰা । 

উত্তৰঃ ফলপ্রসু পৰিচালনাৰ অৰ্থে হেনৰি ফেয়লে আগবঢ়োৱা পৰিচালনাৰ চৈধ্যতা নীতি তলত ব্যাখ্যা কৰা হ’ল — 

( ক ) কর্ম বিভাজন :- পৰিচালনাৰ এই নীতিয়ে বিশেষীকৰণৰ ওৰত গুৰুত্ব সুচায় । উচ্চ উৎপাদন ক্ষমতা লাভ কৰিবলৈ ঔদ্যোগিক সংগঠনৰ প্ৰতিটো স্তৰৰ কামকাজ এনেদৰে বিভাজন হ’ব লাগে যাতে এজন ব্যক্তি বা কর্মচাৰীয়ে তেওঁৰ বিশেষ দক্ষতা বা নিপুনতাৰে বিশেষ এটা কার্য সম্পাদন কৰিব পাৰে । 

( খ ) কর্তৃত্ব আৰু দায়িত্ব :- কর্তৃত্ব আৰু দায়িত্ব একেলগে গতি কৰে । উপযুক্ত কর্তৃত্ব প্রদান কৰাৰ লগতে দায়িত্ব আৰােপ কৰিলেহে উচিত কার্য সম্পাদনৰ আশা কৰিব পৰা যায় । 

( গ ) নিয়মানুবর্তিতা :- পৰিচালনা কার্যত কর্মচাৰীৰ পৰা বাধ্যতা বা কর্তব্য পৰায়নতা আদায় কৰা , তেওঁলােকৰ প্রায়ােগিক বা ব্যৱহাৰিক শক্তি আৰু আকাংখিত আচৰণ লাভ কৰা প্রতিষ্ঠিত নীতি – নিয়মৰ প্রতি আনুগত্যৰ বহিঃপ্রকাশ লাভ কৰাতেই কৰ্মচাৰীৰ নিয়মানুবর্তিতা প্রত্যক্ষ কৰা যায় । নিয়মানুবর্তিতা আদায় কৰিবলৈ পৰিচালনাই প্রত্যেক স্তৰতে বিহিত ব্যৱস্থা কৰাৰ আৱশ্যক হয় । 

( ঘ ) আদেশৰ একতা :- আদেশৰ একতা নীতিৰ অধীনত কৰ্মচাৰী এজনে নির্দিষ্টকৈ এজন বিষয়াৰ ওচৰত জবাব দিহি হ’ব লাগে । আদেশৰ একতা অবিহনে সংগঠনৰ কাম – কাজত বিভিন্ন ধৰণৰ খেলিমেলিৰ ফলত অনাহক পলম হােৱাৰ সম্ভাৱনা অধিক হয় । 

( ঙ ) নির্দেশৰ একতা :- নির্দেশৰ একতাৰ নীতিয়ে সদৃশ উদ্দেশ্যৰ সংশ্লিষ্ট কামকাজ এজন মুৰব্বীৰ অধীনত এটা আচনিৰ অধীনস্থ কৰাক বুজায় । নির্দেশৰ একতা অবিহনে কার্যসম্পাদনত ঐক্যতা , সমন্বিত শক্তি আৰু দলীয় প্রচেষ্টা লাভ কৰা নাযায় । 

৪০। সাধাৰণ পৰিচালনা আৰু আধুনিক পৰিচালনাৰ মাজত পার্থক্য দেখুওৱা । 

৪১। পৰিচালনাৰ নীতিৰ পাঁচটা তাৎপৰ্য উল্লেখ কৰা । 

উত্তৰঃ ব্যৱস্থাপনাৰ নীতিসমূহৰ তাৎপর্য হ’ল– 

( ক ) ব্যবস্থাপকসকললৈ বাস্তবসম্মত অন্তদৃষ্টি প্রদান :- ব্যৱস্থাপনাৰ নীতিবােৰে পৰিচালকসকলক বাস্তৱ জগতৰ পৰিস্থিতিৰ অদৃষ্টি প্রদান কৰে । এই নীতিবােৰ মানি চলিলে ব্যৱস্থাপনাৰ স্থিতি আৰু পৰিৱেশ সম্পর্কে জ্ঞান , সামর্থ্য আৰু বুজাবুজি বৃদ্ধি হয় । অর্থাৎ ব্যৱস্থাপনাৰ নীতিসমূহে পৰিচালনীয় দক্ষতা বৃদ্ধি কৰে । 

( খ ) সম্পদৰ প্ৰকাম্য প্রয়ােগ আৰু ফলদায়ক প্রশাসন :- ব্যৱসায়ৰ সম্পদসমূহ এনেদৰে ব্যৱহাৰ হ’ব লাগে য’ত ন্যূনতম ব্যয়ত সর্বাধিক উপকাৰ পােৱা যায় । নীতিসমূহে পৰিচালকসকলক তেওঁলােকৰ সিদ্ধান্ত আৰু কৰ্মৰ কাৰণে আৰু ফলাফল সম্পর্ক আগতীয়াকৈ জানিবলৈ সমর্থন কৰে । গতিকে অভ্যাস আৰু ভূলৰ লগত সম্পটিত অপচয় আঁতৰাব পাৰি । পৰিচালনাৰ নীতিবােৰে পৰিচালনীয় ক্ষমতাৰ সীমা সীমিত কৰে যাতে তেওঁলােকৰ সিদ্ধান্তসমূহ ব্যক্তিগত পক্ষপাতিত্ব আৰু পূর্বধাৰণাৰ পৰা মুক্ত হয় । 

( গ ) বিজ্ঞানসম্মত সিদ্ধান্ত :- বাঞ্চিত উদ্দেশ্য অনুসৰি সিদ্ধান্তসমূহ তথ্যভিত্তিক , চিন্তামূলক আৰু ন্যায় সংগত হব লাগে । 

সেইবােৰ সময় সাপেক্ষে , বাস্তবসম্মত আৰু নিৰূপণ তথা মূল্যয়ন কৰিব পৰা হ’ব লাগে । ব্যৱস্থাপনাৰ নীতিবােৰ চিন্তামূলক সিদ্ধান্তগ্রহণৰ সহায়ক হয় । সেইবােৰে অন্ধবিশ্বাসৰ পৰিবর্তে যুক্তিৰ ওপৰত গুৰুত্ব প্রদান কৰে । 

( ঘ ) পৰিবর্তিত পৰিস্থিতিৰ প্ৰয়ােজনীয়তা :-  যদিও নীতিসমূহ সাধাৰণ নির্দেশাৱলীৰ প্ৰকৃতিৰ , সেইবােৰ সংশােধন কৰা হয় আৰু সেইবাবে ব্যৱস্থাপকসকলক পৰিবৰ্তিত পৰিস্থিতিৰ প্রয়ােজনীয়তা পূৰণত সহায় কৰে । 

( ঘ ) ব্যৱস্থাপনাৰ প্রশিক্ষণ , শিক্ষা আৰু গৱেষণা :- পৰিচালনাৰ নীতিসমূহ ব্যৱস্থাপনাৰ সূত্ৰৰ মূল । গতিকে এইবােৰক ব্যৱস্থাপনাৰ প্রশিক্ষণ , শিক্ষা আৰু গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হয় । পৰিচালনাৰ নীতিবােৰে পৰিচালনাৰ নতুন কৌশল বিকাশৰ দ্বাৰা ব্যৱস্থাপনাৰ প্রয়ােগত সংশােধন অনাত সহায় কৰে । 

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক :২/৬ ) 

৪২। বৈজ্ঞানিক পৰিচালনাৰ নীতিবােৰ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ বৈজ্ঞানিক পৰিচালনাৰ নীতিসমূহ হৈছে– 

( ক ) সাধাৰণ নিয়মৰ পৰিবৰ্তে বিজ্ঞান :- বৈজ্ঞানিক পদ্ধতিৰ মৌলিক নীতি হৈছে পৰিচালনাৰ সিদ্ধান্তগ্রহণত সকলাে প্ৰকাৰৰ অবৈজ্ঞানিক ধাৰণা অগ্রাহ্য কৰি বৈজ্ঞানিক ধাৰণা অৱলম্বন কৰা । 

( খ ) বিবাদৰ পৰিবৰ্তে মিলা – প্ৰীতি :- এই পৰিচালনা পদ্ধতিত মিলা – প্ৰীতিৰে কৰ্মৰত কর্মচাৰীৰ মাজত একতাৰ অনুশীলনৰ ওপৰত জোৰ দিয়ে । 

( গ ) বৈজ্ঞানিক বাছনি আৰু শ্ৰমিকৰ প্রশিক্ষণ :- বৈজ্ঞানিক পৰিচালনাই সঠিক কামত সঠিক ব্যক্তিক বাছনি কৰাত জোৰ দিয়ে । বৈজ্ঞানিক পদ্ধতিত শ্ৰমিকৰ বাছনি কৰা আৰু তেনে কামৰ প্রয়ােজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্রশিক্ষনৰ ব্যৱস্থা কৰিলে ইয়াক বাস্তবায়িত কৰিব পৰা যায় । 

( ঘ ) শ্রমিক আৰু পৰিচালনাৰে মাজত সমন্বয় সাধন :- পৰিচালনা আৰু শ্ৰমিকৰ মাজত সমন্বয় গঢ়ি উঠাতাে উচিত । ব্যৱসায় সংগঠন এটাই তেতিয়াহে ইয়াৰ অগ্রগতি লাভ কৰিব পাৰিব যেতিয়া পৰিচালনা আৰু শ্ৰমিকৰ মাজত কোনাে ধৰণৰ দ্বন্দ নাথাকে । অর্থাৎ উভয় পক্ষৰ আন্তৰিক শ্ৰদ্ধাৰে কার্য সম্পাদনত গুৰুত্ব প্রদান কৰিব লাগে । 

( ঙ ) দায়িত্বৰ সমবিতৰণ :- বৈজ্ঞানিক পৰিচালনাত শ্রমিক আৰু পৰিচালনাৰ মাজত কাম–কাজ আৰু দায়িত্বৰ উচিত বিতৰণ পােষকতা কৰে । ইয়াৰ বাবে পৰিকল্পনা আৰু কাৰ্যকৰণৰ মাজত উপযুক্ত ভিন্নতাৰে উভয়ৰ কার্য সম্পাদনৰ গতি সুচল কৰিবলৈ বিচৰা হয় ।

( চ ) সীমিত উৎপাদনৰ পৰিৱর্তে সর্বোচ্চ উৎপাদন :- বৈজ্ঞানিক পৰিচালনাৰ নীতি অনুসৰি ঔদ্যোগিক পদ্ধতিত ইচ্ছাকৃত ভাবে উৎপাদন সীমিত কৰাক এক ভয়াবহ আসোঁৱাহ হিচাপে গণ্য কৰে । তাৰ পৰিৱর্তে যথাসম্ভৱ সৰ্বোচ্চ উৎপাদনৰ পােষকতা কৰে আৰু ই শ্রমিক আৰু পৰিচালনা উভয়ৰে উন্নতিৰ উপায় হিচাপে পৰিগণিত হয় । 

৪৩। এটা সংগঠনে পৰিচালনাৰ নীতি নিয়মবােৰ মানি চলে । এইবােৰৰ কি কি ধনাত্মক ফলতলত উল্লেখ কৰা নীতিসমূহত দেখা যাব ? 

উত্তৰঃ ( a ) কতৃত্বৰ শিকলি :- কৃর্তৃত্বৰ শিকলি হৈছে সর্বোচ্চ পদবীৰ পৰা সর্বনিম্ন পদবীলৈকে কৃর্তত্বৰ শৃংখল । কর্তৃত্বৰ শিকলিত তলতীয়া কৰ্মচাৰীয়ে জেষ্ঠ বিষয়াৰ লগত সম্পর্ক স্থাপনত বাধাৰ সন্মুখীন হ’ব নালাগে । 

( b ) সমতা :- এইনীতিৰে ফেয়লে কৰ্মচাৰীৰ প্রতি পৰিচালনাই দয়াশীলতাৰে বিচাৰ বিবেচনা কাক বুজায় । সমতাৰ ঠাইত স্বজন প্রীতিয়ে ঠাই পালে কর্মচাৰীৰ উদ্যম আৰু একতা বিনষ্ট হয় , যাৰ ফলত ঔদ্যোগিক সম্পর্কও ব্যাহত হয় । সেয়ে পক্ষপাত আৰু স্বজনপ্রীতিয়ে পৰিচালকক প্ৰভাৱান্বিত কৰিব নালাগে । 

( c ) কর্ম বিভাজন :-  পৰিচালনাৰ এই নীতিয়ে বিশেষীকৰণৰ ওৰত গুৰুত্ব সুচায় । উচ্চ উৎপাদন ক্ষমতা লাভ কৰিবলৈ ঔদ্যোগিক সংগঠনৰ প্ৰতিটো স্তৰৰ কাম – কাজ এনেদৰে বিভাজন হ’ব লাগে যাতে এজন ব্যক্তি বা কর্মচাৰীয়ে তেওঁৰ বিশেষ দক্ষতা বা নিপুনতাৰে বিশেষ এটা কার্য সম্পাদন কৰিব পাৰে । 

৪৩। পৰিচালনাৰ নীতিবােৰ কিয় ভালদৰে বুজি পােৱা উচিত তাৰ সপক্ষে ছটা কাৰণ দৰ্শোৱা । 

উত্তৰঃ ব্যৱস্থাপনাৰ নীতিসমূহৰ তাৎপর্য হ’ল— 

( ক ) ব্যবস্থাপক সকললৈ বাস্তবসম্মত অন্তদৃষ্টি প্রদান :- ব্যৱস্থাপনাৰ নীতিবােৰে পৰিচালকসকলক বাস্তৱ জগতৰ পৰিস্থিতিৰ অন্তদৃষ্টি প্রদান কৰে । এই নীতিবােৰ মানি চলিলে ব্যৱস্থাপনাৰ স্থিতি আৰু পৰিৱেশ সম্পর্কে জ্ঞান , সামর্থ্য আৰু বুজাবুজি বৃদ্ধি হয় । অর্থাৎ ব্যৱস্থাপনাৰ নীতিসমূহে পৰিচালনীয় দক্ষতা বৃদ্ধি কৰে । 

( খ ) সম্পদৰ প্ৰকাম্য প্রয়ােগ আৰু ফলদায়ক প্রশাসন :- ব্যৱসায়ৰ সম্পদসমূহ এনেদৰে ব্যৱহাৰ হ’ব লাগে য’ত ন্যূনতম ব্যয়ত সর্বাধিক উপকাৰ পােৱা যায় । নীতিসমূহে পৰিচালকসকলক তেওঁলােকৰ সিদ্ধান্ত আৰু কৰ্মৰ কাৰণে আৰু ফলাফল সম্পর্ক আগতীয়াকৈ জানিবলৈ সমর্থন কৰে । গতিকে অভ্যাস আৰু ভূলৰ লগত সম্পটিত অপচয় আঁতৰাব পাৰি । পৰিচালনাৰ নীতিবােৰে পৰিচালনীয় ক্ষমতাৰ সীমা সীমিত কৰে যাতে তেওঁলােকৰ সিদ্ধান্তসমূহ ব্যক্তিগত পক্ষপাতিত্ব আৰু পূর্বধাৰণাৰ পৰা মুক্ত হয় । 

( গ ) বিজ্ঞানসম্মত সিদ্ধান্ত :- বাঞ্চিত উদ্দেশ্য অনুসৰি সিদ্ধান্তসমূহ তথ্যভিত্তিক , চিন্তামূলক আৰু ন্যায় সংগত হ’ব লাগে 

সেইবােৰ সময় সাপেক্ষে , বাস্তৱসন্মত আৰু নিৰূপণ তথা মূল্যয়ন কৰিব পৰা হ’ব লাগে । ব্যৱস্থাপনাৰ নীতিবােৰ চিন্তামূলক সিদ্ধান্তগ্রহণৰ সহায়ক হয় । সেইবােৰে অন্ধবিশ্বাসৰ পৰিবর্তে যুক্তিৰ ওপৰত গুৰুত্ব প্রদান কৰে । 

( ঘ ) পৰিবৰ্তিত পৰিস্থিতিৰ প্ৰয়ােজনীয়তা :- যদিও নীতিসমূহ সাধাৰণ নির্দেশাৱলীৰ প্ৰকৃত্তি , সেইবােৰ সংশােধন কৰা হয় আৰু সেইবাবে ব্যৱস্থাপক সকলক পৰিবৰ্তিত পৰিস্থিতিৰ প্রয়ােজনীয়তা পূৰণত সহায় কৰে । 

( ঙ ) ব্যৱস্থাপনা প্রশিক্ষণ , শিক্ষা আৰু গৱেষণা :- পৰিচালনাৰ নীতিসমূহ ব্যৱস্থাপনাৰ সূত্ৰৰ মূল । গতিকে এইবােৰক ব্যৱস্থাপনাৰ প্রশিক্ষণ , শিক্ষা আৰু গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হয় । পৰিচালনাৰ নীতিবােৰে পৰিচালনাৰ নতুন কৌশল বিকাশৰ দ্বাৰা ব্যৱস্থাপনাৰ প্রয়ােগত সংসােধন অনাত সহায় কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top