Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য

Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য and select needs one.

Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য Solutions for All Subject, You can practice these here.

পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য 

Chapter : 1

প্ৰথম খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ ) 

১ । পৰিচালনাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ এজন ব্যক্তিৰ প্ৰচেষ্টাৰ দ্বাৰা উদ্দেশ্যত উপনীত হ’ব নােৱাৰা কোনাে ব্যক্তি বা ব্যক্তি সমষ্টিয়েই আনলােকৰ হতুৱাই সম্পাদন কৰিবলৈ লােৱা কাম কাজ সমন্বিত কৰাৰ সামগ্রিক পদ্ধতিক পৰিচালনা বােলে । হেনৰি ফেয়লৰ মতে পৰিচালনা মানে পূর্বানুমান আৰু পৰিকল্পনা কৰা , সংগঠিত কৰা , নির্দেশ দিয়া , সমন্বয় সাধন কৰা আৰু নিয়ন্ত্রণ সাধন কৰা’ । 

২। পৰিচালনা সমূলি বিপথগামী মন্তব্য দিয়া । 

উত্তৰঃ পৰিচালনাৰ উপস্থিতি সর্বত্র।পৰিচালনা অবিহনে ব্যৱসায়িক , সামাজিক অথবা শিক্ষাগত কাৰ্যকলাপবােৰ নিয়াৰিকৈ চলােৱা সম্ভৱপৰ নহয় । দৈনন্দিন জীৱনৰ সকলাে কাম–কাজতেই পৰিচালনা এক অপৰিহাৰ্য্য অংগ । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। পৰিচালনা এটা লক্ষ্য সম্বন্ধীয় প্রণালী নেকি ? 

উত্তৰঃ হয় পৰিচালনা এটা লক্ষ্য সম্বন্ধীয় প্রণালী ।

8। পৰিচালনা কলা অথবা বিজ্ঞান অথবা উভয় কলা আৰু বিজ্ঞান মন্তব্য কৰা ৷

উত্তৰঃ কলা হৈছে বিজ্ঞানসন্মত জ্ঞানৰ দক্ষতাপূর্ণ প্রয়ােগ ব্যৱস্থা । ইয়াত কলাকাৰৰ ব্যক্তিগত দক্ষতা , ব্যৱহাৰিক জ্ঞান আৰু এইবােৰৰ প্ৰয়ােগেৰে বাস্তৱিক অৱস্থাৰ পৰা সর্বাধিক ফল লাভ কৰা যায় । পৰিচালনা ব্যৱস্থাত পৰিচালকে অৱস্থাসাপেক্ষে ব্যক্তিগত দক্ষতাৰ লগতে আনবােৰ উপাদানৰ প্ৰয়ােগ ঘটায় । এই দৃষ্টিকোণৰ পৰা সাধাৰণ ধাৰণা বা জ্ঞানৰ দক্ষতাপূর্ণ প্রয়ােগেৰে পৰিচালনা কাৰ্য্য সম্পাদনা কৰাত পৰিচালনাক কলা হিচাপে আখ্যা দিয়া হয় । ইয়াৰােপৰি পৰিচালনা অনুশীলনকাৰীসকলৰ সৃষ্টিশীল প্রতিভাৰে মানৱ সম্পদৰ আচৰণ অধ্যয়ন কৰা তাৰ দ্বাৰা মানুহক উদ্দেশ্যৰ উপলদ্ধিতাৰে আকাংখিত কার্যত নিয়ােগ কৰােৱতো পৰিচালনাৰ কলাত্মক গুণৰ প্রয়োগ ঘটায় । এই বিবেচনাৰেও পৰিচালনাক এক কলা বুলি কোৱা হয় ।

আনহাতে বিজ্ঞান হৈছে পর্যৱেক্ষণ আৰু পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা আহৰণ কৰা প্রণালীৱদ্ধ জ্ঞানৰ ভাণ্ডাৰ । বিজ্ঞান পুণৰীক্ষণ যােগ্য হােৱাৰ লগতে ই কাৰণ আৰু ফলাফলৰ মাজত সম্পর্ক স্থাপন কৰে । পৰিচালনাৰ নীতি আৰু জ্ঞানাে অবিৰত পর্যৱেক্ষণৰ পৰা উদ্ভৱ হােৱা , সেইবােৰ সকলােতে প্রযােজ্য হােৱা , পৰিচালনাৰ নীতিয়ে কাৰণ আৰু ফলাফলৰ মাজত সম্পর্ক স্থাপন কৰা পুণৰীক্ষণৰ যােগেদি ভৱিষ্যতৰ ঘটনা জনাৰ আধাৰ হােৱা , ইত্যাদি বিজ্ঞানৰ বিশেষ বৈশিষ্ট ধাৰণ কৰাত পৰিচালনাক এক বিজ্ঞান হিচাপে গণ্য কৰা হয় । 

৫। পৰিচালনা বহুমুখী পৰিচালনাৰ যিকোনাে এটা দিশৰ বিষয়ে লিখা । 

উত্তৰঃ ব্যৱস্থাপনাৰ জটিল কার্যাৱলীত তলত উল্লেখ কৰা তিনিটা মূল দিশ থকা হেতুকে ইয়াক বহুমুখী দিক বিশিষ্টৰ ধাৰণা বুলি বিবেচনা কৰা হয় । 

( ক ) কর্মক্ষেত্ৰত ব্যৱস্থাপনা । 

( খ ) ব্যক্তিসকলৰ ব্যৱস্থাপনা । আৰু 

( গ ) কার্যৰূপায়নৰ ব্যৱস্থাপনা । 

৬। পৰিচালনা এটা গতিশীল প্রক্রিয়া বুলি ভবা নেকি ? মন্তব্য কৰা  । 

উত্তৰঃ হয় । পৰিচালনা এটা গতিশীল আৰু ধাৰাবাহিক প্রক্রিয়া । ব্যৱসায় সংগঠন এটা প্ৰতিটো স্তৰতে আৰু আৰম্ভণিৰ পৰা শেষলৈকে পৰিচালনা দৰকাৰী । 

৭। লাভ অর্জনেই পৰিচালনাৰ মূল লক্ষ্য হয় নে নহয় কোৱা । 

উত্তৰঃ নহয় । পৰিচালনাৰ বিভিন্ন দিশ আছে । লাভ অর্জন কেৱল এইবােৰৰ মাজৰ এটা । 

৮ । পৰিচালনা এটা বহুমুখী কাৰ্য্য নেকি ? 

উত্তৰঃ ব্যৱস্থাপনাৰ জটিল কার্যাৱলীত তলত উল্লেখ কৰা তিনিটা মূল দিশ থকা হেতুকে ইয়াক বহুমুখী দিক বিশিষ্টৰ ধাৰণা বুলি বিবেচনা কৰা হয় ।

( ক ) কর্মক্ষেত্ৰত ব্যৱস্থাপনা ।

( খ ) ব্যক্তিসকলৰ ব্যৱস্থাপনা । আৰু 

( গ ) কার্যৰূপায়নৰ ব্যৱস্থাপনা । 

৯। পৰিচালনাৰ নীতিবােৰ বিশুদ্ধ বিজ্ঞান নহয় মন্তব্য কৰা । 

উত্তৰঃ পৰিচালনাৰ নীতিবােৰ বিশুদ্ধ বিজ্ঞান নহয় কিয়নাে এইবােৰ আপেক্ষিক । 

১০। পৰিচালনাৰ নীতিবােৰ সার্বজনীন বুলি কোৱা হয় কিয় ? 

উত্তৰঃ পৰিচালনাৰ নীতিবোৰ সার্বজনীন কিয়নাে সকলাে ধৰণৰ সংগঠন আৰু পৰিস্থিতিত ইয়াৰ ব্যৱহাৰ বিদ্যমান । 

১১। পৰিকল্পনাই ভৱিষ্যতৰ সাল – সলনি আৰু অনিশ্বয়তা দূৰ কৰে তুমি সম্মত হয়নে ? মতামত দিয়া । 

উত্তৰঃ হয় । পৰিকল্পনাই ভৱিষ্যতৰ অনিশ্চয়তা বহু পৰিমাণে দূৰ কৰে । 

১২। কোনটো স্তৰত ব্যৱসায়ৰ নীতি নির্ধাৰণ কৰা হয় ? 

উত্তৰঃ ব্যৱসায়ৰ নীতি নির্ধাৰণ শীর্ষ স্তৰত কৰা হয় । 

১৩। সমন্বয় সাধন পৰিচালনাৰ এটা কাৰ্য্য নহয় বুলি ভবা নেকি ? 

উত্তৰঃ নাভাবাে । সমন্বয় সাধন পৰিচালনাৰ ভিতৰৰে এক অংগ । 

১৪। ‘দক্ষতা’ বুলিলে কি বুজা ? 

উত্তৰঃ দক্ষতা বুলিলে কোনাে এক কার্য সঠিক সময়ত সূচাৰুৰূপে পালন কৰাকে বুজায় । 

১৫। মধ্যস্তৰীয় পৰিচালনাত কোন কোন থাকে ? 

উত্তৰঃ মধ্যস্তৰীয় পৰিচালনাৰ অন্তর্ভূক্ত বিভাগীয় পৰিচালকসকল হ’ল-দন পৰিচালক , বিত্ত পৰিচালক ইত্যাদি । 

১৬৷ পৰিচালনাৰ দুটা সামাজিক দিশ উল্লেখ কৰা । 

উত্তৰঃ পৰিচালনাৰ দুটা সামাজিক দিশ হ’ল— 

( ক ) উন্নত মানৰ সামগ্রী উৎপাদন কৰা । আৰু 

( খ ) গ্রাহকৰ চাহিদা অনুযায়ী কম মূল্যত পণ্য যােগান ধৰা ।

চমু উত্তৰ দিয়া -( মূল্যাংক : ১/৩ ) 

১৭। পৰিচালনা এটা লক্ষ্যমুখী প্রক্রিয়া ব্যাখ্যা কৰা । 

উত্তৰঃ ( ক ) পৰিচালনা এক লক্ষ্যমুখী প্রক্রিয়া :-  যিকোনাে সংগঠনৰে কিছুমান লক্ষ্য থাকে আৰু এই লক্ষ্যৰ ওপৰতেই সংগঠনটো বৰ্ত্তি থাকে । লক্ষ্যসমূহ সহজ সৰল হােৱাৰ উপৰিও স্পষ্ট হ’ব লাগে । পৰিচালনা হৈছে সংগঠনত বিভিন্ন ব্যক্তিৰ চেষ্টাক একগােট কৰি লক্ষ্যত উপনীত হােৱা কার্য । 

( খ )পৰিচালনা সর্বব্যাপক :- ব্যৱসায় সংগঠনৰ সকলােবিলাক কাৰ্যতে ব্যৱস্থাপনা বিদ্যমান । ইয়াৰ উপৰিও অনা বিত্তীয় প্রতিষ্ঠান , সামাজিক ও ৰাজনৈতিক সংগঠন ইত্যাদি সকলাে প্রতিষ্ঠানতেই ব্যৱস্থাপনা সাঙোৰ খাই থাকে । 

( গ ) পৰিচালনাৰ আয়তনৰ পৰিমাণ বহুমুখী :- ব্যৱস্থাপনাৰ জটিল কার্যাৱলীত মূল দিশ তিনিটা হল – 

( i ) কর্মক্ষেত্ৰত ব্যৱস্থাপনা :- সংগঠন এটা বর্তি থাকে কিছুমান কার্য সমাধানৰ দ্বাৰা । ব্যৱস্থাপনাই লক্ষ্যত উপনীত হ’বৰ বাবে কৰ্মৰ আঁচনি তৈয়াৰ কৰি ব্যক্তিসকলক কর্ম আৰোপ কৰে । ব্যৱসায়ৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যৰে সিদ্ধান্ত গ্রহণ , বাজেট প্রস্তুত কৰা , দায়িত্ব আৰােপ কৰা আৰু কর্তৃত্ব প্রদান কৰা হয় । 

( ii ) ব্যক্তিসকলৰ পৰিচালনা :- যিকোনাে সংগঠনত ব্যক্তিসকল হৈছে ডাঙৰ সম্পদ । প্রযুক্তিবিদ্যাৰ বিকাশ হােৱা স্বত্বেও পৰিচালক সকলৰ মুখ্য কাম হৈছে আনৰ হতুৱাই কার্য সম্পাদন কৰােৱা । 

( iii ) কার্যৰূপায়নৰ ব্যৱস্থাপনা :- যিকোনাে ধৰণৰ ব্যৱসায় সংগটন তিষ্টি থাকিবলৈ হ’লে মূল উৎপাদিত সামগ্ৰী আৰু সেৱা গ্ৰাহকসকললৈ আগবঢ়াব লাগিব । উৎপাদন প্রক্রিয়া আৰু সেৱাৰ বাবে কৰ্ম আৰু ব্যক্তিসকলৰ আন্তঃসম্পর্ক জৰিত হৈ থাকে । 

১৮। পেশা হিচাপে পৰিচালনাৰ মুখ্য চৰিত্ৰসমূহ আলােচনা কৰা । 

উত্তৰঃ পৰিচালনাক পেশা হিচাপে গ্ৰহণ কৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হলঃ 

( ক ) আধুনিক সংগঠনবােৰত পৰিচালনাৰ নীতি নিয়মবােৰ আৰু কৌশলসমূহ অপৰিহাৰ্য্য । সেই গতিকেই পৰিচালনা সম্বন্ধীয় আনুষ্ঠানিক শিক্ষা আৰু প্রশিক্ষণ দৰকাৰী ।

( খ ) পৰিচালক হ’বলৈ হ’লে এজন পৰিচালকৰ সামাজিক দায়বদ্ধতা জ্ঞান থকাটো অতি প্রয়ােজনীয় । 

১৯। পৰিচালনা এটা হিচাপৰক্ষণ , চিকিৎসা সম্বন্ধীয় আৰু আইন সম্বন্ধীয় পেশাৰ দৰে মতাতম দিয়া । 

উত্তৰঃ পৰিচালনা এটা হিচাপৰক্ষণ , চিকিৎসা সম্বন্ধীয় আৰু আইন সম্বন্ধীয় পেশাৰ দৰে । কাৰণ — 

(ক ) পৰিচালকসকলে তলতীয়া কৰ্মচাৰীসকলক উৎসাহ উদ্দীপনা যােগায় । 

( খ ) পৰিচালকসকলে দৰকাৰী দ্রব্য বজাৰত ভােত্তালৈ আগবঢ়াই সমাজৰ সেৱা কৰে । 

২০। পৰিচালক এক কার্য হিচাপে সংক্ষেপে আলােচনা কৰা । 

উত্তৰঃ ব্যৱসায়ৰ উদ্দেশ্য পূৰণৰ বাবে প্রশাসনে লােৱা নীতি আৰু সিদ্ধান্তসমূহক পৰিচালনাই কার্যকৰী কৰে । প্ৰতিটো ব্যৱসায় সংগঠনৰ লক্ষ্য হৈছে কম ব্যয়ৰ যােগেদি অধিক উৎপাদন কৰা ।

২১। শীর্ষ পৰিচালনাৰ তিনিটা কার্য লিখা । 

উত্তৰঃ শীর্ষ পৰিচালনাৰ তিনিটা কার্যহল— 

( ক ) প্রতিষ্ঠানৰ মৌলিক উদ্দেশ্য স্থাপন কৰা ।

( খ ) মৌলিক উদ্দেশ্যত উপনীত হ’বলৈ কৌশল উন্নীত কৰা । 

( গ ) পৰিচালনাত মধ্যম আৰু নিম্ন স্তৰৰ ব্যক্তি নিয়ােগ কৰা । 

২২। নিম্ন পৰিচালনাৰ তিনিটা কার্য উল্লেখ কৰা । 

উত্তৰঃ নিম্ন পৰিচালনাৰ তিনিটা কার্য হল— 

( ক ) মধ্যম পৰিচালনাৰ পৰামর্শমতে কাম কৰা । 

( খ ) কার্য কর্তাসকলৰ দ্বাৰা সর্বোত্তম কার্য সমাধানকৰণত আৱশ্যকীয় পৰামর্শ দিয়া । আৰু

( গ ) সুস্থ কর্ম পৰিৱেশ গঢ়ি তােলা । 

২৩। সমন্বয় সাধক আৰু সহযােগী পৰিচালনাৰ মাজত পার্থক্য দেখুওৱা । 

২৪ । পেশাৰ প্ৰকৃতিবােৰ কি কি ? 

উত্তৰঃ পেশাৰ প্ৰকৃতিবােৰ হ’ল–

( ক ) আধুনিক সংগঠনবােৰত পৰিচালনাৰ নীতি নিয়মবােৰ আৰু কৌশলসমূহ অপৰিহাৰ্য্য । সেই গতিকেই পৰিচালনা সম্বন্ধীয় আনুষ্ঠানিক শিক্ষা আৰু প্রশিক্ষণ দৰকাৰী ।

( খ ) পৰিচালক হ’বলৈ হ’লে এজন পৰিচালকৰ সামাজিক দায়বদ্ধতা জ্ঞান থকাটো অতি প্রয়ােজনীয় । 

২৫। উদ্দেশ্য সমন্বিত পৰিচালনা কি ? ব্যাখ্যা কৰা । 

উত্তৰঃ উদ্দেশ্য সমন্বিত পৰিচালনা আধুনিক পৰিচালনাৰ এক নতুন কৌশল । ই এনে এটা পৰিচালনা য’ত উচ্চস্তৰৰ বিষয়া আৰু নিম্নস্তৰৰ 

বিষয়াসকলে সমূহীয়াভাৱে সংগঠনৰ উদ্দেশ্য আৰু লক্ষ্য নির্ধাৰণ কৰা হয় । ইয়াত সংগঠনটোৰ সমূহীয়া লক্ষ্যত উপনীত হ’বলৈ ব্যক্তিগত দায়িত্ববােৰ নিৰ্দ্ধাৰণ কৰা হয় আৰু আপেক্ষিকভাৱে সামূহিক ফলাফল নির্ণয় কৰা হয় । 

২৬। ৰমেন এটি বৃহৎ বাণিজ্যিক প্রতিষ্ঠানৰ উত্তৰ – পূব শাখাৰ পৰিচালক । তেওঁ সংগঠনৰ কোনটো স্তৰৰ পৰিচালক ? তেওঁৰ মুখ্য কামকাজবােৰ কি কি ?

উত্তৰঃ ৰমেন সংগঠনটোৰ মধ্যম পৰ্য্যায়ৰ পৰিচালক ।

তেওঁৰ মূখ্য কাম – কাজবােৰ হ’ল– 

( ক ) উচ্চস্তৰৰ নীতি – নিয়মবােৰ কাৰ্যকৰীকৰণ । 

( খ ) তেওঁৰ তলতীয়া বিভাগবােৰৰ বাবে পৰিকল্পনা আৰু বাজেট প্রস্তুতকৰণ । 

( গ ) তেওঁ তলতীয়া কৰ্মচাৰী নিয়োগ আৰু প্রশিক্ষণত সহায় কৰে ।

( গ ) চমু উত্তৰ দিয়া – ( মূল্যাংক : ২/৪ ) 

২৭। পৰিচালনাক কিয় বহুমুখী ধাৰণা বুলি গণ্য কৰা হয় ? 

উত্তৰঃ পৰিচালনা এটা বহুমুখী ধাৰণা কাৰণ ই এটা বহুমুখী বিষয় আৰু ইয়াক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি । যেনে –

( ক ) কাৰ্যৰ পৰিচালনা ।

( খ ) মানুহৰ পৰিচালনা । আৰু 

( গ ) সংগঠনৰ পৰিচালনা । 

সাধাৰণতে পৰিচালনাই মানৱ সম্পদৰ সহায়ত বিভিন্ন দ্রব্য সামগ্ৰীৰ উৎপাদন কাৰ্য্যত জড়িত হৈ থাকে । ইয়াৰ উপৰিও পৰিচালনাই , নির্দেশকৰণ নিয়ন্ত্রণ সাধন , স্থায়ী কর্মচাৰী নিয়োগ ইত্যাদি বিভিন্ন কার্য সম্পাদন কৰিবলগীয়া হয় । 

পৰিচালনাই বিভিন্ন ধৰণৰ উপভোক্তাৰ ৰুচি – অভিৰুচি ইত্যাদিৰ কথাও চিন্তা কৰিবলগীয়া হয় । আৰু সেই অনুসৰি বজাৰত বিভিন্ন দ্রব্য সামগ্ৰীৰ যােগান ধৰিব লগা হয় । ইয়াৰ উপৰিও পৰিচালনাই সামাজিক দায়বদ্ধতাৰ প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয় । 

২৮। পৰিচালনাৰ চৰিত্ৰসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ পৰিচালনাৰ চৰিত্ৰসমূহ তলত উল্লেখ কৰা হ’ল— 

( ক ) পৰিচালনা এক বিজ্ঞান :- পৰিচালনাক পূর্ণ বিজ্ঞান বুলি কব নােৱাৰি কাৰণ ইয়াৰ নীতি নিয়মবােৰ পৰিস্থিতিৰ ওপৰত অধিষ্ঠিত । আৰু ই সকলাে সময়তে একে ফলাফল নিদিয়ে । সেইবাবে পৰিচালনাক সমাজ বিজ্ঞান হিচাপে গণ্য কৰা হয় । 

( খ ) পৰিচালনা এক কলা :- কলা হৈছে বিজ্ঞানসন্মত জ্ঞানৰ দক্ষতাপূর্ণ প্রয়ােগ ব্যবস্থা , কাৰণ কলাত ফলাফল ব্যক্তিগত দক্ষতা ব্যৱহাৰিক জ্ঞান আৰু এইবােৰৰ প্ৰয়ােগেৰে সর্বাধিক ফল লাভ কৰিব পাৰি । ঠিক তেনেদৰে পৰিচালাতত এজন পৰিচালকৰ ব্যক্তিগত দক্ষতা , ব্যৱহাৰিক জ্ঞানৰ ওপৰত সংগঠন এটাৰ সফলতা নির্ভৰ কৰে ।

( গ ) পৰিচালনা এক বৃত্তি :- পৰিচালনা এক বৃত্তি কাৰণ বৃত্তিৰ দৰে পৰিচালনাতো প্রণালীবদ্ধ আৰু শৃংখলাবদ্ধ জ্ঞানৰ উন্নয়ন ঘটে । পৰ্যবেক্ষণ , পৰীক্ষা – নিৰীক্ষাৰ জৰিয়তে পৰিচালকসকলে নীতি , তত্ত্ব , কৌশল আদিৰ দীর্ঘকালজোৰা উন্নয়ন সাধনেৰে পৰিচালনাক বৃত্তিত পৰিণত কৰিছে । 

২৯৷ পৰিচালনাৰ আৱশ্যকতাসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ পৰিচালনাৰ গুৰুত্ব আৰু তাৎপর্যসমূহ হ’ল— 

( ক ) দলীয় উদ্দেশ্য সম্পাদন কৰা পৰিচালনাই মানৱ সম্পদ আৰু অন্যান্য সম্পদ একেলগ কৰে আৰু এটা সংগঠন গঢ়ি তুলি ইয়াৰ বিভিন্ন বিভাগ আৰু স্তৰৰ কৰ্মচাৰীৰ মাজত উদ্দেশ্য দাঙি ধৰে ।সংগঠনৰ কৰ্মচাৰীক কামলৈ সাজু কৰি এইদৰে উদ্দেশ্যত উপনীত হােৱাত পৰিচালনাই নেতৃত্ব দিয়ে । 

( খ ) সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰা :-  উৎপাদনৰ উল্লেখযােগ্য উপাদানবােৰ হৈছে- ভূমি , শ্রম , মূলধন , সংগঠন আৰু পৰিচালনা। ইয়াৰে পৰিচালনা অবিহনে অন্য উপাদানসমূহ নিষ্ক্রিয় আৰু নিষ্প্রভ হৈ পৰে , কিয়নাে পৰিচালনাইহে মাথােন অন্যান্য সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰে । 

( গ ) ব্যয় সর্বনিম্ন কৰা :- বৰ্দ্ধিত প্রতিযােগিতা প্রতিৰোধ কৰিবলৈ আৰু ব্যৱসায় জগতত তিষ্ঠি থাকিবলৈ হ’লে ব্যৱসায়ে সর্বনিম্ন উন্নত মানৰ পণ্য সামগ্রী প্রস্তুত কৰিব লাগিব । এই ক্ষেত্ৰত পৰিচালনাইহে ইয়াৰ উন্নত পৰিকল্পনা , সুস্থ সংগঠন , আৱশ্যকীয় সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধনৰ জৰিয়তে উৎপাদন ব্যয় হ্রাস কৰিব পাৰে । 

( ঘ ) নতুনত্বৰ প্ৰয়ােগ ঘটোৱা :- পৰিচালনাই পৰিবৰ্তিত ৰুচি , চাহিদা আদিৰ ভিত্তিত নতুন নতুন উৎপাদন আৰু সেৱা আগবঢ়াই ভােক্তা সমাজক সন্তুষ্ট কৰিব পাৰে । 

( ঙ ) লাভ বৃদ্ধি কৰণ :- পৰিচালনাই লাভৰ মাত্রা বৃদ্ধিৰ সুযােগ আনে আৰু প্ৰকাৰন্তৰে ব্যবসায় প্রতিষ্ঠানক বিকাশমুখী আৰু উন্নত কৰি তােলাত সহায় কৰে । 

( চ ) সুস্থ ভাবে ব্যৱসায় চলাই নিয়া :- পৰিচালনাই ইয়াৰ উন্নত পৰিকল্পনা সুস্থ সংগঠন আৰু ফলপ্রসূ পৰিকল্পনাৰে পাৰদৰ্শী আৰু সুস্থ ব্যৱসায় বা ব্যৱসায়িক কাম কাজ চলাই নিয়াতাে নিশ্চিত কৰে । 

( ছ ) সামাজিক উপকাৰ :- জনজীৱনৰ জীৱিকা নির্বাহৰ মানদণ্ড উন্নতীকৰণ , সম্পদৰ প্রকাম্য ব্যৱহাৰ আৰু ভােগ , নিয়ােগ আদিৰে শান্তি প্রতিষ্ঠা কৰাত বৰঙণি যােগাই পৰিচালনাই সামাজিক উপকাৰ সাধন কৰে । 

( জ ) বিকাশ আৰু পৰিৱৰ্তন নিশ্চিত কৰা :-  পৰিচালনাই ব্যৱসায় প্রতিষ্ঠানক পৰিৱর্তিত পৰিস্থিতিত কাম – কাজ চলাই নিয়া আৰু ইয়াক বিকাশমুখী কৰি তােলাত সহায় কৰে । 

( ঝ ) জাতিৰ অর্থনৈতিক উন্নয়নত গুৰুত্ব :- অনুন্নত আৰু উন্নয়নশীল দেশ অর্থনৈতিক উন্নয়নত পৰিচালনাৰ গুৰুত্ব যথেষ্ট । উদাহৰণস্বৰূপে — ভাৰতৰ দৰে জনবহুল দেশত , য’ত উৎপাদনশীলতা নিম্ন হােৱাৰ লগতে সম্পদ সীমিত তেনে দেশত পৰিচালনাই মানৱ সম্পদ আৰু অন্যান্য সম্পদৰ উপযুক্ত পৰিচালনাৰে উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে । 

( ঞ ) জটিলতাৰ সৰলীকৰণ :- মানৱ সম্পদৰ গুৰুত্ব আৰু ইয়াৰ পৰিচালনা সম্পর্কত সতর্কতা বৃদ্ধি পােৱাৰ লগে লগে পৰিচালনাৰ কাম কাজো জটিল হৈ পৰিছে । এই জটিলতাৰে সৰল কৰি তুলিবলৈ পৰিচালনাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে । 

৩০৷ পৰিচালনা এটা পেশা বুলি ভবা নেকি ? বহলাই লিখা । 

উত্তৰঃ পৰিচালনাক পেশা হিচাপে ভাবো । পৰিচালনাক পেশা হিচাপে ভবাৰ কাৰণসমূহ তলত উল্লেখ কৰা হলঃ 

( ক ) আধুনিক সংগঠনবােৰত পৰিচালনাৰ নীতি নিয়মবােৰ আৰু কৌশলসমূহ অপৰিহাৰ্য্য । সেই গতিকেই পৰিচালনা সম্বন্ধীয় আনুষ্ঠানিক শিক্ষা আৰু প্রশিক্ষণ দৰকাৰী ।

( খ ) পৰিচালক হ’বলৈ হ’লে এজন পৰিচালকৰ সামাজিক দায়বদ্ধতা জ্ঞান থকাটো অতি প্রয়ােজনীয় । 

৩১। সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধনৰ মাজত পার্থক্য দেখুওৱা । 

৩২। ব্যৱসায়ত পৰিচালনাই কেনে ধৰণৰ উল্লেখনীয় অৱদান আগবঢ়াইছে ? 

উত্তৰঃ ব্যৱসায়ত পৰিচালনাই কেনে ধৰণৰ উল্লেখনীয় অৱদান আগবঢ়াইছে তলত উল্লেখ কৰা হ’ল–

( ক ) দলীয় উদ্দেশ্য সম্পাদন কৰা পৰিচালনাই মানৱ সম্পদ আৰু অন্যান্য সম্পদ একেলগ কৰে আৰু এটা সংগঠন গঢ়ি তুলি ইয়াৰ বিভিন্ন বিভাগ আৰু স্তৰৰ কৰ্মচাৰীৰ মাজত উদ্দেশ্য দাঙি ধৰে ।সংগঠনৰ কৰ্মচাৰীক কামলৈ সাজু কৰি এইদৰে উদ্দেশ্যত উপনীত হােৱাত পৰিচালনাই নেতৃত্ব দিয়ে । 

( খ ) সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰা :-  উৎপাদনৰ উল্লেখযােগ্য উপাদানবােৰ হৈছে- ভূমি , শ্রম , মূলধন , সংগঠন আৰু পৰিচালনা । ইয়াৰে পৰিচালনা অবিহনে অন্য উপাদানসমূহ নিষ্ক্রিয় আৰু নিষ্প্রভ হৈ পৰে , কিয়নাে পৰিচালনাইহে মাথােন অন্যান্য সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰে । 

( গ ) ব্যয় সর্বনিম্ন কৰা :- বৰ্দ্ধিত প্রতিযােগিতা প্রতিৰোধ কৰিবলৈ আৰু ব্যৱসায় জগতত তিষ্ঠি থাকিবলৈ হ’লে ব্যৱসায়ে সর্বনিম্ন উন্নত মানৰ পণ্য সামগ্রী প্রস্তুত কৰিব লাগিব । এই ক্ষেত্ৰত পৰিচালনাইহে ইয়াৰ উন্নত পৰিকল্পনা , সুস্থ সংগঠন , আৱশ্যকীয় সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধনৰ জৰিয়তে উৎপাদন ব্যয় হ্রাস কৰিব পাৰে । 

( ঘ ) নতুনত্বৰ প্ৰয়ােগ ঘটোৱা :- পৰিচালনাই পৰিবৰ্তিত ৰুচি , চাহিদা আদিৰ ভিত্তিত নতুন নতুন উৎপাদন আৰু সেৱা আগবঢ়াই ভােক্তা সমাজক সন্তুষ্ট কৰিব পাৰে । 

( ঙ ) লাভ বৃদ্ধি কৰণ :- পৰিচালনাই লাভৰ মাত্রা বৃদ্ধিৰ সুযােগ আনে আৰু প্ৰকাৰন্তৰে ব্যবসায় প্রতিষ্ঠানক বিকাশমুখী আৰু উন্নত কৰি তােলাত সহায় কৰে । 

( চ ) সুস্থ ভাবে ব্যৱসায় চলাই নিয়া :- পৰিচালনাই ইয়াৰ উন্নত পৰিকল্পনা সুস্থ সংগঠন আৰু ফলপ্রসূ পৰিকল্পনাৰে পাৰদৰ্শী আৰু সুস্থ ব্যৱসায় বা ব্যৱসায়িক কাম কাজ চলাই নিয়াতাে নিশ্চিত কৰে । 

( ছ ) সামাজিক উপকাৰ :- জনজীৱনৰ জীৱিকা নির্বাহৰ মানদণ্ড উন্নতীকৰণ , সম্পদৰ প্রকাম্য ব্যৱহাৰ আৰু ভােগ , নিয়ােগ আদিৰে শান্তি প্রতিষ্ঠা কৰাত বৰঙণি যােগাই পৰিচালনাই সামাজিক উপকাৰ সাধন কৰে । 

( জ ) বিকাশ আৰু পৰিৱৰ্তন নিশ্চিত কৰা :-  পৰিচালনাই ব্যৱসায় প্রতিষ্ঠানক পৰিৱর্তিত পৰিস্থিতিত কাম – কাজ চলাই নিয়া আৰু ইয়াক বিকাশমুখী কৰি তােলাত সহায় কৰে । 

( ঝ ) জাতিৰ অর্থনৈতিক উন্নয়নত গুৰুত্ব :- অনুন্নত আৰু উন্নয়নশীল দেশ অর্থনৈতিক উন্নয়নত পৰিচালনাৰ গুৰুত্ব যথেষ্ট । উদাহৰণস্বৰূপে — ভাৰতৰ দৰে জনবহুল দেশত , য’ত উৎপাদনশীলতা নিম্ন হােৱাৰ লগতে সম্পদ সীমিত তেনে দেশত পৰিচালনাই মানৱ সম্পদ আৰু অন্যান্য সম্পদৰ উপযুক্ত পৰিচালনাৰে উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে । 

( ঞ ) জটিলতাৰ সৰলীকৰণ :- মানৱ সম্পদৰ গুৰুত্ব আৰু ইয়াৰ পৰিচালনা সম্পর্কত সতর্কতা বৃদ্ধি পােৱাৰ লগে লগে পৰিচালনাৰ কাম কাজো জটিল হৈ পৰিছে । এই জটিলতাৰে সৰল কৰি তুলিবলৈ পৰিচালনাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে । 

৩৩। সমন্বয় সাধনৰ চৰিত্ৰসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ সমন্বয় সাধনৰ চৰিত্ৰসমূহ হ’লঃ 

( ক ) সমন্বয় সাধন হৈছে এটা প্রতিষ্ঠানৰ সুস্থ কাম– কাজ নিশ্চিত কৰিবলৈ কাম–কাজৰ মাজত ঐক্য সাধন বা মিলকৰণ কৰাৰ এক প্রক্রিয়া ।

( খ ) ই ব্যৱস্থাৰ বিভিন্ন বিভাগৰ মাজত সর্বনিম্ন সংঘর্ষ আৰু সৰ্বাধিক সংহতিৰে উদ্দেশ্যত সাফল্য লাভ নিশ্চিত কৰা এক প্রচেষ্টা । 

( গ ) সমন্বয় সাধন হৈছে পৰিকল্পনাকৰণ , সংগঠনকৰণ , কামলৈ উদ্গতি যােগােৱা বা অনুপ্রাণিত কৰা আৰু নিয়ন্ত্রণ সাধন কৰাৰ জৰিয়তে ব্যৱসায়ৰ লক্ষ্যত উপনীত হােৱাৰ প্রচেষ্টা । 

( ঘ ) সমন্বয় সাধন হৈছে পৰিচালনাৰ অন্যান্য কার্যৰ এটা গুৰুত্বপূর্ণ কার্য । 

( ঙ ) প্ৰতিটো পৰিচালনীয় কার্যই সমন্বয় সাধনৰ লগত জড়িত হয় ।

দীঘল প্রশ্ন উত্তৰ – ( মূল্যাংক : ১/৫ ) 

৩৪। তুমি পৰিচালনাক এটা পূর্ণাঙ্গ পেশা হিচাপে ল’ব পৰাকৈ ইয়াৰ চৰিত্ৰসমূহ আছে বুলি ভবা নেকি ? 

উত্তৰঃ হয় । পৰিচালনাক পূর্ণাংগ পেশা হিচাপে ল’ব পাৰি । কাৰণ —

( ক ) বিশেষ জ্ঞানৰ সমষ্টি :- ডাক্তৰ , অধিবক্তা আদি পেশাৰ দৰে পৰিচালনাৰ বাবেও আনুষ্ঠানিক শিক্ষা তথা প্রশিক্ষণৰ প্রয়ােজন । বৃত্তিধাৰী ব্যক্তিসকল নিজৰ বিষয়ত যথেষ্ট পাৰ্গত আৰু দক্ষতা থকাৰ দৰে প্রশিক্ষণপ্রাপ্ত পৰিচালকসকলাে ব্যৱসায়ৰ পৰিচালনাত দক্ষ । 

( খ ) আনুষ্ঠানিক প্রশিক্ষণ :- এজন দক্ষ পৰিচালক হ’বৰ কাৰণে আনুষ্ঠানিক শিক্ষাৰ অতি প্রয়ােজন । এনে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়ােজনীয়তা পূৰণৰ বাবে দেশত বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণৰ ব্যৱস্থা আছে । 

( গ ) সামাজিক দায়বদ্ধতা :- যােগ্য পৰিচালক এজনে তেওঁৰ প্রতিষ্ঠানলৈ তথা সমাজলৈ নিঃস্বার্থ সেৱা আগবঢ়ায় । ইয়াৰ বাবে পৰিচালকজনে তেওঁৰ অধীনস্থ কর্মচাৰী আৰু প্রতিষ্ঠানক সকলাে কাৰ্য্যত প্রাধান্য দিয়ে । 

( ঘ ) আচৰণ বিধি :- আচৰণ বিধিয়ে পৰিচালক সকলৰ নৈতিকতা , চৰিত্ৰ আৰু নিজ বৃত্তিৰ প্রতি অনুগত্য আদিৰ ওপৰত গুৰুত্ব দিছে আৰু পৰিচালকসকলক উক্ত বিধিক সন্মান জনাবৰ বাবে আহ্বান জনাইছে । ওপৰৰ আলােচনাৰ পৰা আমি ক’ব পাৰাে যে পৰিচালনাক এক পূর্ণাংগ পেশা হিচাপে ল’ব পাৰি ।

৩৫। পৰিচালনাৰ স্তৰসমূহ বিস্তৃতকৈ আলােচনা কৰা । 

উত্তৰঃ পৰিচালনাৰ স্তৰক তিনিটা ভাগত ভগােৱা হৈছে । যেনে– 

( ক ) শীর্ষ পৰিচালনা ।

( খ ) মধ্যম স্তৰৰ পৰিচালনা । আৰু 

( গ ) নিম্ন পৰিচালনা । 

( ক ) শীর্ষ পৰিচালনাঃ ব্যৱসায় প্রতিষ্ঠানৰ শীর্ষ পৰিচালনা হৈছে পৰিচালক মণ্ডলী । শীর্ষ পৰিচালনা , পৰিচালক মণ্ডলী আৰু মুখ্য কাৰ্যবাহী অথবা কাৰ্যবাহী কমিটিৰে গঠিত হয় আৰু ইয়ে প্রতিষ্ঠানৰ গৰাকীসকলৰ পৰা প্রত্যক্ষ ক্ষমতা লাভ কৰে । 

শীর্ষপৰিচালনাৰ গুৰুত্বপূৰ্ণ কার্যাৱলীসমূহ হ’ল— 

( i ) প্রতিষ্ঠানৰ মৌলিক উদ্দেশ্য স্থাপন কৰা । 

( ii ) মৌলিক উদ্দেশ্যত উপনীত হবলৈ কৌশল উন্নীত কৰা । 

( iii ) কার্য সম্পাদনৰ আহিলা হিচাপে ব্যাপক পর্যায় সাংগঠনিক ভেটি গঢ়া । 

( iv ) পৰিচালনাৰ মধ্যম আৰু নিম্ন স্তৰৰ পৰিচালনা ব্যক্তি নিয়ােগ কৰা ।

( v ) সমগ্র প্রতিষ্ঠানৰ সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধনৰ উদ্দেশ্য অসাধাৰণ নেতৃত্ব বহন কৰা ইত্যাদি । 

( খ ) মধ্যম পৰিচালনা :- মধ্য পৰিচালনা প্রতিষ্ঠানৰ কাৰ্যকৰণৰ বিভাগীয় পৰিচালক সকলৰ দ্বাৰা গঠিত । এই পৰিচালকসকল হৈছে উৎপাদন পৰিচালক , বিত্তপৰিচালক , ব্যক্তি পৰিচালক , বজাৰ পৰিচালক , হিচাপ পৰিচালক ইত্যাদি । 

মধ্যম পৰিচালনাৰ প্রধান কার্যাৱলীসমূহ হল–

( i ) শীর্ষ পৰিচালনাৰ আকাংখা আৰু নির্দেশনাৰ ভিত্তিত বিভাগীয় পৰিকল্পনা প্রস্তুত কৰা । 

( ii ) বিভিন্ন বিভাগৰ সাংগঠনিক প্রতিস্থাপনৰ আৰ্হি স্থাপন কৰা । 

( iii ) আন্তঃ বিভাগীয় সমন্বয় আৰু সহযােগিতাৰ যত্ন গ্ৰহণ কৰাত মধ্যম পৰিচালনাই ভূমিকা পালন কৰা । 

( iv ) নিম্ন পৰিচালনাৰ কার্য পালনত সহায় কৰাৰ অৰ্থে ভেটি তৈয়াৰ কৰা । 

( v ) বিভাগীয় কার্য সমাধা সম্পর্কে শীর্ষ পৰিচালনাৰ ওচৰত প্রতিবেদন দাখিল কৰা  ইত্যাদি । 

( গ ) নিম্ন পৰিচালনা :- ব্যৱসায় প্রতিষ্ঠানৰ নিম্ন পৰিচালনা হৈছে কার্য কৰাৰ সর্বশেষ স্তৰৰ পৰিচালনা , কাৰণ এই স্তৰৰ পৰিচালনাত প্রতিষ্ঠানৰ উৎপাদন , বিত্ত বজাৰ ইত্যাদিৰ লগত 

জড়িত বাস্তৱিক কার্য সম্পাদিত হয় । নিম্ন পৰিচালনাই পৰিদৰ্শক , অন্যান্য প্রধান কার্য কাৰক , বিক্রয় বিষয়া , হিচাপ বিষয়া , শাখা পৰিচালক আদিক অন্তর্ভূক্ত কৰে । 

নিম্ন পৰিচালনাৰ কার্যাবলীসমূহ হৈছে –

( i ) মধ্যম পৰিচালনাৰ পৰামর্শমতে দৈনন্দিন কার্যকৰণৰ পৰিকল্পনা কৰা । 

( ii ) কার্যকর্তা সকলৰ দ্বাৰা সর্বোত্তম কার্য সমাধাৰণত আৱশ্যকীয় পৰামর্শ দিয়া । 

( iii ) সুস্থ কর্ম পৰিৱেশ গঢ়ি তােলাৰ অৰ্থে আৱশ্যকীয় সকলাে প্ৰকাৰৰ সা – সুবিধা বন্দোবস্ত কৰা । 

( iv ) কর্মকর্তাসকলক নেতৃত্ব প্রদানেৰে কৰ্মৰ ইচ্ছাশক্তি জাগ্রত কৰা । 

( V ) দলীয় ভাবে কার্য সম্পাদন কৰাত কার্যকর্তাসকলৰ মাজত আৰু তেওঁলােকৰ কামৰ সমন্বয় সাধন ইত্যাদি । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৩৬। ফলপ্রসূতা আৰু দক্ষতাৰ মাজত পার্থক্য কি ? 

৩৭। ‘পৰিচালনা কলা অথবা বিজ্ঞান অথবা দুয়ােটাই ।’ বাক্য শাৰীৰ ভাবার্থ লিখা । 

উত্তৰঃ কলা হৈছে বিজ্ঞানসন্মত জ্ঞানৰ দক্ষতাপূর্ণ প্রয়ােগ ব্যৱস্থা । ইয়াত কলাকাৰৰ ব্যক্তিগত দক্ষতা , ব্যৱহাৰিক জ্ঞান আৰু এইবােৰৰ প্ৰয়ােগেৰে বাস্তৱিক অৱস্থাৰ পৰা সর্বাধিক ফল লাভ কৰা যায় । পৰিচালনা ব্যৱস্থাত পৰিচালকে অৱস্থাসাপেক্ষে ব্যক্তিগত দক্ষতাৰ লগতে আনবােৰ উপাদানৰ প্ৰয়ােগ ঘটায় । এই দৃষ্টিকোণৰ পৰা সাধাৰণ ধাৰণা বা জ্ঞানৰ দক্ষতাপূর্ণ প্রয়ােগেৰে পৰিচালনা কাৰ্য্য সম্পাদনা কৰাত পৰিচালনাক কলা হিচাপে আখ্যা দিয়া হয় । ইয়াৰােপৰি পৰিচালনা অনুশীলনকাৰীসকলৰ সৃষ্টিশীল প্রতিভাৰে মানৱ সম্পদৰ আচৰণ অধ্যয়ন কৰা তাৰ দ্বাৰা মানুহক উদ্দেশ্যৰ উপলদ্ধিতাৰে আকাংখিত কার্যত নিয়ােগ কৰােৱাতো পৰিচালনাৰ কলাত্মক গুণৰ প্রয়ােগ ঘটায় । এই বিবেচনাৰেও পৰিচালনাক এক কলা বুলি কোৱা হয় । 

আনহাতে বিজ্ঞান হৈছে পর্যৱেক্ষণ আৰু পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা আহৰণ কৰা প্ৰণালীৱদ্ধ জ্ঞানৰ ভাণ্ডাৰ । বিজ্ঞান পুণৰীক্ষণ যােগ্য হােৱাৰ লগতে ই কাৰণ আৰু ফলাফলৰ মাজত সম্পর্ক স্থাপন কৰে । পৰিচালনাৰ নীতি আৰু জ্ঞানাে অবিৰত পর্যৱেক্ষণৰ পৰা উদ্ভৱ হােৱা , সেইবােৰ সকলােতে প্রযােজ্য হােৱা , পৰিচালনাৰ নীতিয়ে কাৰণ আৰু ফলাফলৰ মাজত সম্পর্ক স্থাপন কৰা পুণৰীক্ষণৰ যােগেদি ভৱিষ্যতৰ ঘটনা জনাৰ আধাৰ হােৱা , ইত্যাদি বিজ্ঞানৰ বিশেষ বৈশিষ্ট ধাৰণ কৰাত পৰিচালনাক এক বিজ্ঞান হিচাপে গণ্য কৰা হয় । 

৩৮। ‘পৰিচালনা এটা বহুত পৰম্পৰ সংযােগী কাৰ্য্যৰ সমষ্টি’ । বহলাই লিখা । 

উত্তৰঃ পৰিচালনাৰ কার্যাৱলীসমূহ হ’ল— 

( ক ) পৰিকল্পনা :- পৰিচালনাৰ প্ৰথম আৰু মৌলিক কার্য হৈছে পৰিকল্পনা । ইয়াৰ দ্বাৰা ব্যৱসায়ৰ নিৰ্ধাৰিত উদ্দেশ্যত উপনীত হওঁতে অৱলম্বন কৰিব লগা কার্যপন্থা আগতীয়াকৈ নিৰ্দ্ধাৰণ কৰা হয় । এই পৰিকল্পনাক ব্যৱসায়ৰ কি কি কার্য , কেতিয়া , কাৰ হতুৱাই আৰু কেনেকৈ কৰােৱা হ’ব সেইবােৰৰ আগতীয়াকৈ সিদ্ধান্ত গ্রহণ কৰা কাৰ্য বুলি ক’ব পাৰি । অর্থাৎ কোনাে কার্য সম্পাদনৰ আগতে চিন্তা কৰা কাৰ্য আৰু ইয়াৰ পৰিচালনাৰ চিন্তা ভাৱনাৰ প্রয়ােজন হয় । 

( খ ) সংগঠন :- প্রত্যেক ব্যৱসায় প্রতিষ্ঠানৰ বিভিন্ন কার্য সম্পাদন কৰােতে বহুসংখ্যক ব্যক্তিৰ সেৱাৰ আৱশ্যক হয় । পৰিচালনাই ইয়াৰ উদ্দেশ্য নিৰূপণ কৰি সেইবােৰত উপনীত হ’বলৈ বিশেষীকৰণৰ ভিত্তিত ভাগ ভাগ কৰে আৰু বিভাগীয় কার্য সম্পাদনৰ অৰ্থে বিভিন্ন লােক নিয়ােগ কৰে । অর্থাৎ সংগঠনৰ কাৰ্যই উৎপাদনৰ আন উপাদান যেনে — শ্রমিক , কেচাসামগ্ৰী আৰু অন্যান্য সামগ্রী , বিত্ত আৰু যন্ত্রপাতিৰ যােগানৰ ব্যৱস্থা কৰা , বিভিন্ন ব্যক্তিৰ কার্যাৰম্ভনৰ নির্দেশ দিয়া সেইবােৰৰ মাজত সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধন কার্যই প্রধান । 

( গ ) কর্মচাৰী নিয়ােগ :- পৰিচালনাৰ কৰ্মচাৰী নিয়ােগ কার্যই সংগঠন পদ্ধতিৰ নির্দিষ্ট স্থান পূৰণ কৰিবলৈ উপযুক্ত লােকক নিয়ােগ কৰাক বুজায় । অর্থাৎ কর্মচাৰী নিয়ােগ ব্যৱসায় সংগঠনৰ মানৱ সম্পদ পৰিচালনাৰ এটা দিশ । কৰ্মচাৰী নিয়ােগৰ অন্তভূক্ত বিষয়সমূহ হৈছে মানৱ সম্পদৰ পৰিকল্পনা কৰা , নতুন কর্মচাৰী গােটোৱা , তেওঁলােকৰ মাজৰ পৰা বাছনি কৰা আৰু প্রশিক্ষণ দিওৱা , মানৱ সম্পদক উপযুক্ত স্থানত ৰখা বা বহুওৱাৰ ব্যৱস্থা কৰা , তেওঁলােকক উন্নীত কৰা , পদোন্নতি দিয়া , বদলি কৰা আৰু পাৰদৰ্শিতা মূল্যাংকণ কৰা , পাৰিশ্ৰমিক আৰু অন্যান্য সা – সুবিধা নিৰ্দ্ধাৰণ কৰা ইত্যাদি । 

( ঘ ) নির্দেশ দিয়া :- পৰিচালনাৰ নির্দেশ দিয়া কার্য হৈছে ইয়াৰ আকাংখিত পৰিকল্পনা কার্যত পৰিণত কৰাৰ লগত জড়িত কার্য । ই পৰিচালনাৰ ব্যৱহাৰিক কার্য । ই সংগঠনৰ সমূহীয়া উদ্দেশ্য সর্বোত্তম সফলতাৰ বাবে পৰিচালক সকলৰ অধীনস্থ কৰ্মাৰীলৈ প্রকৃত উপদেশ জাৰি কৰা কাৰ্য । নির্দেশকৰণ কার্য সম্পাদন কৰােতে পৰিচালনাৰ কিছুমান আনুষাংগিক কার্য সম্পর্কিত হৈ পৰে । যেনে— নেতৃত্ব বহন , জ্ঞাতকৰন , অনুপ্রাণিত কৰণ আৰু পৰিদর্শন । 

( ঙ ) সমন্বয় সাধন :- পৰিচালনাৰ গুৰুত্বপূর্ণ কার্যাৱলীৰ ভিতৰত সমন্বয় হৈছে এটা অন্যতম । সমন্বয়ে সমূহীয়া উদ্দেশ্যৰ কোনাে দলীয় কাম – কাজ একীভূত কৰে । ব্যৱসায় পৰিচালনাই ইয়াৰ সংগঠন পদ্ধতিত কাম-কাজ ঐক্যতাৰে আৰু ফলপ্রসুভাৱে সম্পাদন কৰিবলৈ হ’লে সকলাে বিভাগ আৰু স্তৰৰ মাজত সমন্বয় সাধনৰ লক্ষ্য স্থিৰ কৰিব লাগে । পৰিচালনাৰ মৌলিক কার্য হিচাপে সমন্বয় সাধনত শীর্ষকাৰ্যবাহীৰ কাৰ্যৰ পৰা নিম্ন স্তৰৰ কৰ্মচাৰীলৈকে সকলােৰে কাম কাজৰ মাজত সংযােগ স্থাপন হয় । ইয়াৰােপৰি পৰিচালকে অন্যান্য কার্য যেনে — পৰিকল্পনা , সংগঠন , কর্মচাৰী নিয়ােগ , নিয়ন্ত্রণ সাধন আদি সম্পাদন কৰােতে প্রতিটো স্তৰতে সমন্বয় সাধনৰ আৱশ্যক হয় । 

( চ ) নিয়ন্ত্রণ সাধন :- পৰিচালনাৰ নিয়ন্ত্রণ সাধন কার্য হৈছে কার্য সম্পাদনৰ গতিবিধি তদাৰকৰণ আৰু সেইবােৰত আৱশ্যকীয় সংশােধন কৰা । পৰিচালনা কার্যত থকা বিভিন্ন ভূল ভ্রান্তিবিচাৰি উলিওৱা আৰু পুনৰাই তেনেবােৰ ভূল উত্থাপিত হােৱাত বাধা প্রদান কৰাই নিয়ন্ত্রণ কার্যৰ প্রধান উদ্দেশ্য । নিয়ন্ত্রণ সাধন পদ্ধতিৰ বিভিন্ন পর্যায়সমূহ হ’ল কার্য সম্পাদনৰ নিৰ্ধাৰিত বিধি প্রতিষ্ঠাপন কৰা , প্রকৃত কার্য সম্পাদনৰ মাপকাঠি নিৰূপণ কৰা , নিৰ্ধাৰিত বিধিৰ বিপৰীতে প্রকৃত কার্য সম্পাদনৰ তুলনা কৰা , প্রকৃত কার্য সম্পাদন আৰু আকাংখিত কাৰ্যৰ মাজত ব্যৱধান বাছি উলিওৱা , কোনাে ভূল ভ্রান্তি হলে শুধৰণি বা সংশােধনৰ ব্যৱস্থা লােৱা ইত্যাদি । 

৩৯। ‘এটি সংগঠন কৃতকার্য হ’বলৈ ই বয় – বস্তুবােৰ দক্ষতা আৰু ফলপ্রসূতাৰে আহৰণ কৰিব লাগিব ।’— কথাষাৰ বহলাই লিখা । 

উত্তৰঃ গুণদায়ক আৰু দক্ষতাৰ ফলদায়ক এই দুয়ােটা শব্দই পৰস্পৰে , পৰম্পৰৰ ওপৰত নিৰ্ভৰশীল । পৰিচালনাত ফলদায়ক আৰু উপযুক্তভাৱে এই শব্দবােৰৰ গুৰুত্ব যথেষ্ট বেছি । পৰিচালনাত গুণদায়ক আৰু দক্ষতাৰ ফলদায়ক এই দুযোৰে সকলাে সময়তে সমতা থাকিব লাগিব । তদুপৰি পৰিচালনাত ইহঁতক সকলাে সময়তে সন্মানভাৱে গুৰুত্ব দিয়া উচিত । দক্ষতাৰ ফলদায়ক দিশটো বাদ দি গুণদায়ক দিশটোক গুৰুত্ব দি কাম এটা সম্পূর্ণ কৰাতাে সহজ । কিন্তু  এনে কামৰ “ ব্যয়ৰ পৰিমাণ অধিক হ’ব । ইয়াক এটা উদাহৰণেৰে ব্যাখ্যা কৰা হ’ল । যেন — অসম কোম্পানীৰ বার্ষিক দ্রব্য উৎপাদন লক্ষ্যটো আছিল ৩০০০ গােট । এনে লক্ষ্যত উপনীত হ’বৰ বাবে দৈনিক কামৰ সময় আঠ ঘণ্টাৰ পৰিৱর্তে দহ ঘণ্টালৈ বৃদ্ধি কৰিব লগা হ’ল । অতিৰিক্ত কৰ্মৰ বাবে কৰ্মচাৰীক অতিৰিক্তভাৱে ভাট্টা পৰিশােধ কৰিলে । কিন্তু সর্বশেষত দেখা গ’ল যে লক্ষ্য অনুসৰি ৩০০০ গােট দ্রব্য উৎপাদন হ’ল কিন্তু প্রতি গােট দ্ৰব্যৰ উৎপাদনৰ মূল্য অধিক হ’ল আৰু ইয়াৰ লগে লগে বজাৰ কৰণৰ সমস্যাৰ উদ্ভৱ হ’ল । 

গতিকে এনে ক্ষেত্ৰত আমি ক’ব পাৰাে যে পৰিচালকে “ গুণদায়ক ” দিশৰ ওপৰত গুৰুত্ব দিছে কিন্তু “ ফলদায়ক ” দিশৰ ওপৰত গুৰুত্ব নিদিলে । কাৰণ নির্দিষ্ট সংখ্যক দ্রব্য উৎপাদনৰ  বাবে অধিকভাৱে শ্রম, বিদ্যুৎ আদি ব্যয় কৰা হ’ল ৷ ইয়াৰ পৰা আমি ক’ব পাৰাে যে সংগঠন এটা কৃতকাৰ্য্য হ’বলৈ হ’লে বয় – বস্তুবােৰৰ দক্ষতা আৰু ফলপ্রসূতাৰ আহৰণ কৰিব লাগে । 

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক :- ৬ ) 

৪০। পৰিচালনাৰ কাৰ্যবিলাক কি কি ? বহলাই আলােচনা কৰা । 

উত্তৰ পৰিচালনাৰ কার্যাৱলীসমূহ হ’ল –

( ক ) পৰিকল্পনা :- পৰিচালনাৰ প্ৰথম আৰু মৌলিক কার্য হৈছে পৰিকল্পনা । ইয়াৰ দ্বাৰা ব্যৱসায়ৰ নিৰ্ধাৰিত উদ্দেশ্যত উপনীত হওঁতে অৱলম্বন কৰিব লগা কার্যপন্থা আগতীয়াকৈ নিৰ্দ্ধাৰণ কৰা হয় । এই পৰিকল্পনাক ব্যৱসায়ৰ কি কি কাৰ্য , কেতিয়া , কাৰ হতুৱাই আৰু কেনেকৈ কৰােৱা হ’ব সেইবােৰৰ আগতীয়াকৈ সিদ্ধান্ত গ্রহণ কৰা কাৰ্য বুলি ক’ব পাৰি । অর্থাৎ কোনাে কার্য সম্পাদনৰ আগতে চিন্তা কৰা কাৰ্য আৰু ইয়াৰ পৰিচালনাৰ চিন্তা ভাৱনাৰ প্রয়ােজন হয় । 

( খ ) সংগঠন :- প্রত্যেক ব্যৱসায় প্রতিষ্ঠানৰ বিভিন্ন কার্য সম্পাদন কৰােতে বহুসংখ্যক ব্যক্তিৰ সেৱাৰ আৱশ্যক হয় । পৰিচালনাই ইয়াৰ উদ্দেশ্য নিৰূপণ কৰি সেইবােৰত উপনীত হ’বলৈ বিশেৰীকৰণৰ ভিত্তিত ভাগ ভাগ কৰে আৰু বিভাগীয় কার্য সম্পাদনৰ অৰ্থে বিভিন্ন লােক নিয়ােগ কৰে । অর্থাৎ সংগঠনৰ কাৰ্যই উৎপাদনৰ আন উপাদান যেনে — শ্রমিক কোসামগ্ৰী আৰু অন্যান্য সামগ্রী , বিত্ত আৰু যন্ত্রপাতিৰ যােগানৰ ব্যৱস্থা কৰা , বিভিন্ন ব্যক্তি কার্যাৰম্ভনৰ নির্দেশ দিয়া সেইবােৰৰ মাজত সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধন কার্যই প্রধান । 

( গ ) কর্মচাৰী নিয়ােগ :- পৰিচালনাৰ কৰ্মচাৰী নিয়ােগ কার্যই সংগঠন পদ্ধতি নির্দিষ্ট স্থান পূৰণ কৰিবলৈ উপযুক্ত লােকক নিয়ােগ কৰাক বুজায় । অর্থাৎ কর্মচাৰী নিয়ােগ ব্যৱসায় সংগঠনৰ মানৱ সম্পদ পৰিচালনাৰ এটা দিশ । কৰ্মচাৰী নিয়ােগৰ অন্তভূক্ত বিষয়সমূহ হৈছে মানৱ সম্পদৰ পৰিকল্পনা কৰা , নতুন কর্মচাৰী গােটোৱা , তেওঁলােকৰ মাজৰ পৰা বাছনি কৰা আৰু প্রশিক্ষণ দিওৱা , মানৱ সম্পদক উপযুক্ত স্থানত ৰখা বা বহুওৱাৰ ব্যৱস্থা কৰা , তেওঁলােকক উন্নীত কৰা , পদোন্নতি দিয়া , বদলি কৰা আৰু পাৰদৰ্শিতা মূল্যাংকণ কৰা , পাৰিশ্ৰমিক আৰু অন্যান্য সা – সুবিধা নিৰ্ধাৰণ কৰা ইত্যাদি । 

( ঘ ) নির্দেশ দিয়া :- পৰিচালনাৰ নির্দেশ দিয়া কার্য হৈছে ইয়াৰ আকাংখিত পৰিকল্পনা । কার্যত পৰিণত কৰাৰ লগত জড়িত কার্য । ই পৰিচালনাৰ ব্যৱহাৰিক কার্য । ই সংগঠনৰ সমূহীয়া উদ্দেশ্যৰ সর্বোত্তম সফলতাৰ বাবে পৰিচালক সকলৰ অধীনস্থ কৰ্মাৰীলৈ প্রকৃত উপদেশ জাৰি কাৰ্য । নির্দেশকৰণ কার্য সম্পাদন কৰােতে পৰিচালনাৰ কিছুমান আনখংগিক কার্য সম্পর্কিত হৈ পৰে । যেনে— নেতৃত্ব বহন , জ্ঞাতকৰন, অনুপ্রাণিত কৰণ আৰু পৰিদর্শন । 

( ঙ ) সমন্বয় সাধন :- পৰিচালনাৰ গুৰুত্বপূর্ণ কার্যাৱলীৰ ভিতৰত সমন্বয় হৈছে এটা অন্যতম । সমন্বয়ে সমূহীয়া উদ্দেশ্যৰ কোনাে দলীয় কাম – কাজ একীভূত কৰে । ব্যৱসায় পৰিচালনাই ইয়াৰ সংগঠন পদ্ধতিত কাম – কাজ ঐক্যতাৰে আৰু ফলপ্রসুভাৱে সম্পাদন কৰিবলৈ হ’লে সকলাে বিভাগ আৰু স্তৰৰ মাজত সমন্বয় সাধনৰ লক্ষ্য স্থিৰ কৰিব লাগে । পৰিচালনাৰ মৌলিক কার্য হিচাপে সমন্বয় সাধনত শীর্ষ কাৰ্যবাহীৰ কাৰ্যৰ পৰা নিম্ন স্তৰৰ কৰ্মচাৰীলৈকে সকলােৰে কাম – কাজৰ মাজত সংযােগ স্থাপন কৰা হয় । ইয়াৰােপৰি পৰিচালকে অন্যান্য কার্য যেনে — পৰিকল্পনা , সংগঠন , কর্মচাৰী নিয়ােগ , নিয়ন্ত্রণ সাধন আদি সম্পাদন কৰােতে প্রতিটো স্তৰতে সমন্বয় সাধনৰ আৱশ্যক হয় । 

( চ ) নিয়ন্ত্রণ সাধন :- পৰিচালনাৰ নিয়ন্ত্রণ সাধন কার্য হৈছে কার্য সম্পাদনৰ গতিবিধি তদাৰক কৰণ আৰু সেইবােৰত আৱশ্যকীয় সংশােধন কৰা । পৰিচালনা কার্যত থকা বিভিন্ন ভুল ভ্রান্তিবিচাৰি উলিও আৰু পুনৰাই তেনেবােৰ ভূল উত্থাপিত হােৱাত বাধা প্রদান বা ই নিয়ন্ত্রণ কার্যৰ প্রধান উদ্দেশ্য । নিয়ন্ত্রণ সাধন পদ্ধতিৰ বিভিন্ন পর্যায়সমূহ হ’ল কার্যসম্পাদনৰ নিৰ্ধাৰিত বিধি প্রতিষ্ঠাপন কৰা , প্রকৃত কার্য সম্পাদনৰ মাপকাঠি নিৰূপণ কৰা , নিৰ্ধাৰিত বিধিৰ বিপৰীতে প্রকৃত কার্য সম্পাদনৰ তুলনা , প্রকৃত কার্য সম্পাদন আৰু আকাংখিত কার্যৰ মাজত ব্যৱধান বাছি উলিওৱা , কোনাে ভূল ভ্রান্তি হ’লে শুধৰণি বা সংশােধনৰ ব্যৱস্থা লােৱা ইত্যাদি ।

৪১। “ সমম্বয় সাধনেই হ’ল পৰিচালনাৰ আচল গুণ” – তুমি সন্মত হয়নে ? কাৰণ দৰ্শোৱা । 

উত্তৰঃ ব্যৱসায় সংগঠনত বিভিন্ন ব্যক্তিৰ কাম – কাজৰ সমকালীন আৰু সফল সম্পাদনেৰে  উদ্দেশ্যত উপনীত হােৱাৰ পদ্ধতিক সমন্বয় সাধন বােলা হয় । সংগঠনৰ পৰিচালনাৰ শীর্ষ মধ্য নিম্ন স্তৰ নির্বিশেষে প্রত্যেক স্তৰতে সমন্বয় সাধন কৰিবলৈ লােৱা হয় । 

পৰিচালনাৰ শীৰ্ষস্তৰত মুখ্য কাৰ্যবাহীয়ে বিভাগীয় পৰিচালনক সকলৰ কাম – কাজৰ সমন্বয় অর্থ্যাৎ সমকালীন সম্পাদনৰ তদাৰক কৰে । মুখ্য কাৰ্যবাহীয়ে উৎপাদন , বিক্রী , বিত্ত , ব্যক্তি আদি বিভাগৰ সহযােগিতাৰ সমন্বয় সাধন কৰে । মধ্যম পৰিচালনাত সহকাৰী পৰিচালনাক , পৰিদৰ্শক আদিয়ে তেওঁলােকৰ অধীনস্থ কর্মচাৰীৰ কামকাজ সমন্বিত কৰে । পৰিচালনাৰ প্রত্যেক স্তৰৰ অধীনস্থ কর্মচাৰীৰ কাম – কাজ সমন্বয় সাধনৰ জৰিয়তে এইদৰে কামৰ দলীয় সাহ সৃষ্টি কৰিবলৈ বিচৰা হয় । সাংগঠনিক লক্ষ্যত সাফল্য লাভ কৰাত মানৱীয় প্রচেষ্টা একত্রিত কৰাত সমন্বয়ৰ গুৰুত্বপূর্ণ ভূমিকা পৰিলক্ষিত হয় । হেনৰি ফেয়লৰ মতে সমন্বয় সাধন কৰা মানে এজন ব্যক্তিক কাম – কাজৰ সুবিধা প্রদান কৰিবলৈ আৰু তাত কৃতকার্য হ’বলৈ তেওঁৰ সকলাে কাম – কাজ মিল কৰা বা ঐক্য কৰা ।’

৪২। পৰিচালনাৰ লক্ষ্যসমূহ কি কি ? বহলাই আলােচনা কৰা ৷ 

উত্তৰঃ পৰিচালনাৰ উদ্দেশ্য দুটা পর্যায়ত বিশ্লেষণ কৰিব পাৰি । 

( ক ) সুক্ষ্ম বা ব্যক্তিবাদ । আৰু 

( খ ) স্থূল বা সমষ্টিবাদ স্তৰ । 

( ক ) সুক্ষ্মস্তৰৰ উদ্দেশ্যঃ

( i ) সর্বনিম্ন প্রচেষ্টাৰে সৰ্বোচ্চ লাভ :- প্রত্যেক ব্যৱসায় প্রতিষ্ঠানৰে মৌলিক উদ্দেশ্য হৈছে সর্বাধিক ফল লাভ কৰা । সেয়ে উৎপাদনৰ উপাদানসমূহৰ সর্বনিম্ন প্রচেষ্টা প্রয়ােগৰ জৰিয়তে সর্বাধিক ফল লাভ কৰিবলৈ উদ্দেশ্য নিৰ্দ্ধাৰণ কৰা হয় । 

( ii ) নিয়ােগকর্তা আৰু নিয়ােজিত উভয়ৰ সৰ্বোচ্চ উন্নতি নিশ্চিত কৰা :- পৰিচালনাৰ অন্য এক উদ্দেশ্য হৈছে নিয়ােগকর্তা আৰু নিয়ােজিত উভয়ৰ মাজত সর্বোচ্চ উন্নতি নিশ্চিত কৰা । এই উদ্দেশ্যত সফল হ’বলৈ প্ৰতিষ্ঠানৰ গৰাকীলৈ বিনিয়ােগৰ ওপৰত নিয়মিত প্রত্যর্পন নিশ্চিত কৰণেৰে এই উদ্দেশ্যত সফল হােৱা যায় । আনহাতে নিয়ােজিত , অর্থাৎ শ্রমিক কর্মচাৰীৰ সৰ্বোচ্চ উন্নতি নিশ্চিত কৰিবলৈ তেওঁলােকৰ নিয়ােগ সুস্থিৰ কৰা , কর্মস্থানৰ অৱস্থা সন্তোষজনক কৰা , উচিত পাৰিশ্ৰমিক প্রদান কৰা , কর্ম সন্তুষ্টি প্রদান কৰা ইত্যাদিৰ বাবে উদ্দেশ্য নিৰূপণ কৰা যায় ।

( iii ) প্রতিষ্ঠানৰ অস্তিত্ব , বিকাশ আৰু মর্যাদা নিশ্চিত কৰণ :- প্ৰতিষ্ঠানৰ অদূৰ ভৱিষ্যতৰ অস্তিত্বৰ বাবে উদ্দেশ্য নিৰূপণ কৰা হয় । সেইদৰে ব্যৱসায়ৰ বিকাশ আৰু মর্যাদা নিশ্চিত কৰণৰ বাবে পৰিকল্পনা যুগুত কৰি তাক প্ৰণালীৱদ্ধভাবে কার্যকৰী কৰােতে গুৰুত্ব প্রদান কৰি উদ্দেশ্য নিৰ্দ্ধাৰণ কৰিব লাগে । 

( খ ) স্থূলস্তৰৰ উদ্দেশ্যঃ

( i ) অর্থনৈতিক বিকাশ বৰ্দ্ধন :- পৰিচালনাই দুর্লভ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰি অর্থনৈতিক বিকাশ বৃদ্ধিত সহায় কৰে । সেয়ে অব্যৱহৃত সম্পদৰ পূর্ণ ব্যৱহাৰৰ কাৰণে উদ্দেশ্য নিৰূপণ কৰিব লাগে । 

( ii ) সামাজিক কল্যাণ নিশ্চিতকৰণ :- পৰিচালনাই সামাজিক কল্যাণ নিশ্চিত কৰণৰ কাৰণে সর্বসাধাৰণৰ প্ৰয়ােজনীয় দ্ৰৱ আৰু সেৱাৰ অভাৱ পূৰণ কৰিবলৈ উদ্দেশ্য গ্রহন কৰে । এই উদ্দেশ্যই উপযুক্ত দৰত উচিত মানদণ্ডত দ্ৰৱ আৰু সেৱাৰ সৰবৰাহ ঘটাই জনগণৰ জীৱিকা নির্বাহৰ মানদণ্ড উন্নত কৰে । 

( iii ) নিয়োগ সুবিধা সৃষ্টি :- পৰিচালনাই ব্যৱসায় প্রতিষ্ঠান এটাত উৎপাদন কেন্দ্ৰৰ বিভিন্ন স্তৰত নিয়ােগৰ সুবিধা প্রদান কৰি সমাজৰ উন্নতিলৈ বৰঙণি যােগায় । 

( iv ) সুস্থ উদ্যোগিক স্থাপন :- সুস্থ উদ্যোগিক সম্পর্কই নিয়ােগকর্তা আৰু নিয়ােজিত মাজত সন্তোষজনক অৱস্থা সৃষ্টি কৰাক বুজায় । এনে ধৰণৰ সম্পর্কই বহল অর্থত সমাজৰ সৰ্বাংগীন উন্নতিলৈকো বৰঙণি যােগায় । 

৪৩। পৰিচালনাৰ চৰিত্ৰসমূহ কি কি ? আললাচনা কৰা । 

উত্তৰঃ পৰিচালনাৰ চৰিত্ৰসমূহ তলত বহলাই আলােচনা কৰা হ’ল — 

( ক ) পৰিচালনা এক উদ্দেশ্যধর্মী কাৰ্য্য :- ব্যৱসায়ৰ উদ্দেশ্য পূৰণৰ বাবে প্রশাসনে লােৱা নীতি আৰু সিদ্ধান্তসমূহক পৰিচালনাই কাৰ্য্যকৰী কৰে । প্ৰতিটো ব্যৱসায় সংগঠনৰ লক্ষ্য হৈছে কম ব্যয়ৰ যােগেদি অধিক উৎপাদন কৰা । 

( খ ) পৰিচালনা এক দলীয় কাৰ্য্য :- ব্যৱসায়ৰ সফলতা সদায়েই নিৰ্ভৰ কৰে ব্যৱসায়ত নিয়ােজিত কর্মচাৰীসকলৰ সহযােগীতা আৰু সম্বন্ধৰ ওপৰত । প্রতিষ্ঠানৰ স্বাৰ্থত প্রতিজন কর্মচাৰীয়ে ব্যক্তিগত , স্বার্থক বাদ দি সামূহিক স্বার্থক প্রাধান্য দিব লাগে । 

( গ ) পৰিচালনা হৈছে সার্বজনীন পদ্ধতি :- পৰিচালনাৰ কাৰ্যকলাপ কেৱল ব্যৱসায়তে আৱদ্ধ হৈ থকা নাই । বৰং ইয়াক ব্যৱসায়ৰ বাহিৰেও অন্যান্য সংগঠন যেনে সামাজিক , ৰাজনৈতিক , ধর্মীয় , সাংস্কৃতিক আদিত পৰিচালনাৰ কাৰ্য কৰা হয় ।

( ঘ ) পৰিচালনা এটা বহুমুখী বিষয় :- আধুনিক পৰিচালনা বিষয়টো বাণিজ্য , অর্থনীতি , সমাজবিজ্ঞান ইত্যাদি বিষয়বিলাকৰ তত্ত্ব আৰু ধাৰণাৰ সংমিশ্রণেৰে গঠিত । গতিকে বর্তমান সময়ত পৰিচালনা বিষয়ক এটা বহুমুখী বিষয় হিচাপে গণ্য কৰা হয় । 

( ঙ ) পৰিচালনা এটা সামাজিক পদ্ধতি :- পৰিচালনাই মুখ্যতঃ মানৱ সম্পদৰ লগত কার্য কৰে । উৎপাদনৰ উপাদান হিচাপে মানৱ ’ ( শ্রম ) হৈছে এক আত্যাৱশ্যকীয় কার্যক্ষম আৰু অনুভৱ শক্তি থকা উপাদান । গতিকে পৰিচালনাই কৰ্মচাৰীৰ দিশটোৰ ওপৰত মনােনিবেশ কৰিব লাগে । পৰিচালনা এটা বৃত্তিঃবর্তমান কালত পৰিচালনাক এটা বৃত্তি বা পেছা হিচাপে গণ্য কৰা হয় । কাৰণ পৰিচালনাৰ গুণ আৰু দক্ষতা আহৰণ কৰিবৰ বাবে বিভিন্ন দিশত প্রণালীবদ্ধ জ্ঞানৰ প্রয়ােজন হয় ।

1 thought on “Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top