Class 12 Assamese Important Chapter 11 মিলন

Class 12 Assamese Important Chapter 11 মিলন Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.

Class 12 Assamese Important Chapter 11 মিলন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.

Chapter: 11

গোট – ২: পদ্য
IMPORTANT QUESTION AND ANSWER

১। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ’ল- ‘এৰি অহা দিনবোৰ’।

২। কিমান চনত নলিনীবালা দেৱীয়ে ‘পদ্মশ্রী’ উপাধি লাভ কৰিছিল?

উত্তৰঃ ১৯৫৮ চনত নলিনীবালা দেৱীয়ে ‘পদ্মশ্রী’ উপাধি লাভ কৰিছিল।

৩। নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি?

উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ ‘সন্দিয়াৰ সুৰ’।

৪। ‘জাগৃতি’ কাব্যগ্ৰন্থৰ ৰচয়িতা কোন?

উত্তৰঃ ‘জাগৃতি’ কাব্যগ্ৰন্থৰ ৰচয়িতা নলিনীবালা দেৱী।

৫। নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?

উত্তৰঃ নলিনীবালা দেৱীক অতীদ্ৰিয়বাদী কবিৰূপে জনা যায়।

৬। নলিনীবালা দেৱীৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ নলিনীবালা দেৱীৰ জন্ম গুৱাহাটীত হৈছিল।

৭। ‘মিলন’ কবিতাটো কবিৰ কোনখন কবিতাপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ মিলন কবিতাটি কবিৰ ‘সন্ধিয়াৰ সুৰ’ কাব্যগ্ৰন্থখনৰ পৰা তুলি দিয়া হৈছে।

৮। অসমীয়া কাব্য-সাহিত্যত নলিনীবালা দেৱী কি নামেৰে জনাজাত?

উত্তৰঃ অসমীয়া কাব্য-সাহিত্যত নলিনীবালা দেৱী অতীদ্ৰিয়বাদী কবি নামেৰে জনাজাত।

৯। সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱা প্ৰথম অসমীয়া মহিলা কবিগৰাকী কোন?

উত্তৰঃ সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱা প্ৰথম অসমীয়া মহিলা কবিগৰাকী নলিনীবালা দেৱী।

১০। নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰা কাব্যগ্ৰন্থখনৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰা কাব্যগ্ৰন্থখনৰ নাম হ’ল- ‘অলকনন্দা’।

১১। ‘দৰশন’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘দৰশন’ শব্দৰ অৰ্থ দৰ্শন, সাক্ষাৎ।

১২। ‘জাগৃতি’ কাব্য গ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্রকাশ পাইছে?

উত্তৰঃ ‘জাগৃতি’ কাব্য গ্ৰন্থখনৰ মাজেৰে কবিৰ স্বদেশ প্রেমৰ মনোভাৱ প্রকাশ পাইছে।

১৩। নলিনীবালা দেৱী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ ১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্রয়োবিংশ অধিৱেশনৰ নলিনীবালা দেৱী সভাপতি আছিল।

১৪। নলিনীবালা দেৱীৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ নলিনীবালা দেৱীৰ জন্ম ১৮৯৮ চনত হৈছিল।

১৫। নলিনীবালা দেৱীৰ পিতৃৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীৰ পিতৃৰ নাম নবীনচন্দ্ৰ বৰদলৈ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top