Class 12 Assamese Important Chapter 12 জনতাৰ আহ্বান Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.
Class 12 Assamese Important Chapter 12 জনতাৰ আহ্বান
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.
জনতাৰ আহ্বান
Chapter: 12
| গোট – ২: পদ্য |
| IMPORTANT QUESTION AND ANSWER |
১। বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে?
উত্তৰঃ বোকাত জন্মা মানুহে বেলিৰ ফালে মুখ কৰি হাঁহে।
২। ‘অভ্যুত্থান’ শব্দটোৰ অৰ্থ লিখা।
উত্তৰঃ ‘অভ্যুত্থান’ শব্দটোৰ অৰ্থ হ’ল- জাগৰণ।
৩। ‘প্রবুদ্ধ’ শব্দটোৰ অৰ্থ লিখা।
উত্তৰঃ ‘প্রবুদ্ধ’ শব্দটোৰ অৰ্থ হ’ল- জ্ঞান লাভ কৰা, জাগৰিত।
৪। ‘সংহতি’ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ ‘সংহতি’ শব্দটোৰ অৰ্থ হ’ল- মিলন, একীভূত।
৫। মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ’ল- ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।
৬। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰে?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিতকুঁৱৰী’ নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰে।
৭। ‘প্রবুদ্ধ জনতা’ শব্দটোৱে কি বুজাইছে?
উত্তৰঃ ‘প্রবুদ্ধ জনতা’ শব্দটোৱে জ্ঞান লাভ কৰা জনতাৰ জয়ৰ কথা বুজাইছে।
৮। জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন কিমান চনত নিৰ্মাণ কৰিছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নিৰ্মাণ কৰিছিল।
৯। ‘জনতাৰ আহ্বান’ কবিতাটিত ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়?
উত্তৰঃ কবিতাটিত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।
১০। অসমীয়া দ্বিতীয়খন কথাছবি কি?
উত্তৰঃ অসমীয়া দ্বিতীয়খন কথাছবিখন হ’ল- ‘ইন্দ্ৰমালতী’।
১১। ‘ৰূপান্তৰৰ বিপ্লৱ’ত কোনে বিশ্বাস কৰিছিল?
উত্তৰঃ ‘ৰূপান্তৰৰ বিপ্লৱ’ত জ্যোতিপ্ৰসাদ আগৰৱালাই বিশ্বাস কৰিছিল।
১২। ‘জনতাৰ আহ্বান ‘কবিতাটোৰ কবি কোন?
উত্তৰঃ ‘জনতাৰ আহ্বান ‘কবিতাটোৰ কবি জ্যোতিপ্ৰসাদ আগৰৱালা।
১৩। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক’ত কেতিয়া জন্ম হৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত ১৯০৩ চনত জন্ম হৈছিল।
১৪। জ্যোতিপ্ৰসাদ আগৰৱালাই ক’ত কথাছবি পৰিচালনা আৰু প্রযোজনাৰ প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ কথাছবি পৰিচালনা আৰু প্রযোজনাৰ প্ৰশিক্ষণ লৈছিল।
১৫। জ্যোতিপ্ৰসাদ আগৰৱালাক কি কবি বুলি জনা যায়?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ কবি বুলি জনা যায়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


