Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ

Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ অৰ্থনৈতিক বুনিয়াদ

Chapter – 4

TEXTUAL QUESTION ANSWER

অনুশীলনী

১। (ক) খাৰিফ শস্য কাক বোলে?

উত্তৰঃ এপ্ৰিল-মে মাহত বৰষুণ আৰম্ভ হয় সেই সময়ত কৰা কৃষিৰ খাৰিফ শস্য বোলে। উদাহৰণ স্বৰূপে–  শালি আৰু বাওঁধান, মৰাপাট, কুঁহিয়াৰ ইত্যাদি।

(খ) ৰবি শস্য কাক বোলে?

উত্তৰঃ শীতকালৰ আৰম্ভনি অৰ্থাৎ অক্টোবৰ আৰু মাৰ্চ মাহত যি কৃষি কৰা হয় সেই শস্যক ৰবি শস্য বোলে।

(গ) ঔষধি উদ্ভিদ কি?

উত্তৰঃ যিবোৰ উদ্ভিদৰ পৰা ঔষধ তৈয়াৰ কৰিব পৰা যায় অৰ্থাৎ ঔষধি গুণ আছে তাক ঔষধি উদ্ভিদ বোলে।

(ঘ) অসমৰ কিমান শতাংশ লোক কৃষিৰওপৰত নিৰ্ভৰশীল?

উত্তৰঃ ৮০ শতাংশ লোক।

২। (ক) অসমত ঝুম খেতি ক’ত আৰু কেনেকৈ কৰা হয়?

উত্তৰঃ অসমত ঝুম খেতি তিনিখন জিলাত কৰা হয় সেইকেইখন হ’ল পূব আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমাছাও জিলা। এই খেতি পাহাৰৰ এডলীয়া মাটিত গছ-গছনি কাটি জুই লগাই খেতিৰ বাবে মুকলি কৰি লয়। এনেকৈ কৰা কৃষিক ঝুম খেতি বোলে।

(খ) শস্যবৰ্ত্তন বুলিলে কি বুজা?

উত্তৰঃ শস্যবৰ্ত্তন বুলিলে কৃষি পদ্ধতিত একবছৰ একেডৰা মাটিতে কেইবাবিধো শস্য উৎপাদন কৰা হয় আৰু পিছৰ বছৰতো আন কেইবিধমান শস্য উৎপাদন কৰা হয়।

(গ) শস্যকর্ষণ তীব্ৰতা বুলিলে কি বুজা?

উত্তৰঃ শস্যকর্ষণ তীব্ৰতা হল– 

নিৰ্ধাৰণ পদ্ধতি: মুঠ কৃষি উৎপাদন ভূমি/প্ৰকৃত কৃষি উৎপাদন ভূমি × ১০০

একেদৰে মাটিত বিজ্ঞানসন্মত ভাৱে একাধিক তথা, গ্ৰহন কৃষি পদ্ধতিৰে শস্য উৎপাদন বঢ়াব পাৰি। ইয়াকে শস্যকর্ষণ তীব্ৰতা বোলা হয়।

(ঘ) অসমত কৰা মচলাজাতীয় খেতিসমূহ কি কি?

উত্তৰঃ আদা, হালধি, ভোট জলকীয়া, জলকীয়া, জালুক আদি।

৩। (ক) অসমৰ কৃষি ব্যৱস্থাৰ আসোঁৱাহসমূহৰ বিষয়ে লিখা।

উত্তৰঃ অসমৰ কৃষি উন্নয়নৰ ধাৰা, উৎপাদনৰ তথ্য আদি বিশ্লেষণ কৰিলে ৰাজ্যখনৰ কৃষি ব্যৱস্থাত থকা কিছুমান আসোঁৱাহ স্পষ্ট হৈ পৰে। 

ইয়াৰ ভিতৰত প্রধান আসোঁৱাহসমূহ হ’ল—

(i) কৃষিক্ষেত্ৰসমূহৰ আকাৰ সৰু, যাৰ বাবে ট্ৰেক্টৰ আদিৰে মাটি চহোৱা অসুবিধাজনক।

(ii) জনমূৰি কৃষিমাটিৰ পৰিমাণ অতি কম, যাৰ ফলত বহুতো কৃষকে নিজৰ প্ৰয়োজনখিনিকে পূৰাব নোৱৰা অৱস্থা হয়।

(iii) পুৰণি কৃষি পদ্ধতিকে খামুচি থকাৰ বাবে হেক্টৰে প্রতি যিমান উৎপাদন হ’ব লাগিছিল তাতকৈ বহুত কম উৎপাদন হয়।

(iv) সীমিত এলেকাতহে (১৫ শতাংশ কৃষিভূমিত) জলসিঞ্চনৰ ব্যৱস্থা থকাৰ বাবে পানীৰ অভাৱত বহুতো অঞ্চলত খেতিৰ বিস্তৰ ক্ষতি হয়।

(v) প্ৰতি বছৰে বানপানীৰ কবলত পৰি কৃষি শস্যৰ ব্যাপকভাৱে ক্ষতি হয়।

(খ) অসমত ধানখেতি কোন ঋতুত কেনেদৰে কৰা হয় ব্যাখা কৰা।

উত্তৰঃ অসমৰ ধান মুখ্য খাদ্যশস্য হ’ল ধান মুঠ কৃষি ভূমিৰ শতকৰা ৬৪.৫২ ভাগ অঞ্চলত আৰু ৰাজ্যখনৰ খাদ্য-শস্য উৎপাদন কৰা মুঠ অঞ্চলৰ শতকৰা ৯৯.৪৩ ভাগ অঞ্চলত কেৱল ধান খেতি কৰা হয়। অসমত প্ৰধানকৈ চাৰিবিধ ধান খেতি কৰা হয়– শালি, আহু, বড়ো আৰু বাওঁ ধান। এপ্ৰিল-মে মাহত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে অসমত শালি আৰু বাও ধান সিঁচা হয় আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত চপোৱা হয়। আকৌ শীতকালৰ আৰম্ভণি অৰ্থাৎ অক্টোবৰ আৰু মাৰ্চ মাহত আহু আৰু বড়ো ধান সিঁচা হয় আৰু বসন্ত কালৰ শেষত অৰ্থাৎ এপ্ৰিল জুন মাহত শস্য চপোৱা হয়।

(গ) চাহ খেতিৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ বিষয়ে লিখা।

উত্তৰঃ চাহ খেতিৰ বাবে বৰষুণৰ পৰিমাণ ১৫০-২০০ চেণ্টিমিটাৰ হ’ব লাগে উষ্ণতা ৩০° ছেলছিয়াতকৈ অধিক হ’ব নালাগে। তদপুৰি আম্লিয় এঢলীয়া মাটিত চাহখেতিৰ বাবে উপযোগী পৰিৱেশ তথা বতৰৰ ভাৰতম্য হওয়াৰ বাবে ভাৰতবৰ্ষৰ পাহাৰীয়া তথা উচ্চ অঞ্চল যেনে– দাৰ্জিলিং, নীলগিৰী আদি অঞ্চলৰ পৰ্বতৰ ঢালত হোৱা চাহ আৰু তুলনামূলকভাৱে অসমৰ এঢলীয়া নিম্ন আৰু সমতল ভূমিত উৎপাদিত হোৱা চাহৰ মাজত যথেষ্ট গুণগত পাৰ্থক্য দেখা যায়।

(ঘ) অসমৰ অৰ্থনৈতিক অৱস্থাৰ এটা চমু আভাস দিয়া?

উত্তৰঃ অসমৰ সামগ্ৰিক অৰ্থনীতি প্ৰধানকৈ নিৰ্ভৰ কৰিছে ৰাজ‍্যখনৰ মানৱ সম্পদৰ ওপৰত। ২০১১-১২ চনক ভিত্তিবছৰ হিচাপে লৈ অসমৰ সামগ্ৰিক ঘৰুৱা উৎপাদনৰ মূল ২০১৪-১৫ চনত ১৬৬৭০৮.৮৫ কোটিৰ বিপৰীতে ২০১৫-১৬ চনত ১৭৯৩৬.৭৩ কোটি টকা হৈছে বুলি এক সমীক্ষাত কোৱা হৈছে সেই হিচাপে ৰাজ‍্যখনৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ সেই সময়চোৱাত হয়গৈ ৭.৭৩ শতাংশ অৱশ্যে ৰাজ্যখনৰ এই উন্নয়নৰ হাৰ ভাৰতবৰ্ষৰ সামগ্ৰিক উন্নয়নৰ হাৰৰ তুলনাত ০.১৫ শতাংশ কম। উক্ত সময়চুৱাত উল্লেখিত উন্নয়নৰ হাৰ সকলো খণ্ডত উন্নয়ন হাৰ ৩.৮৮ শতাংশৰ তুলনাত উদ্যোগ খণ্ডই এই হাৰ ৯.৪১ শতাংশ আৰু সেৱাখণ্ডত ৮.২১ শতাংশ বুলি কোৱা হৈছে।

৪। (ক) অসমত প্ৰথম খাৰুৱা তেল ক’ত খনন কৰা হৈছিল?

উত্তৰঃ অসমত প্ৰথম খাৰুৱা তেল ডিগবৈত খনন কৰা হৈছিল।

(খ) ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ চাহ অসমত উৎপাদন হয়?

উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ ৫৪ শতাংশ চাহ অসমত উৎপাদন হয়।

(গ) অসমৰ উদ্যোগিক উন্নয়ন নিগম কোন চনত গঠন কৰা হয়?

উত্তৰঃ অসমৰ ঔদ্যোগিক উন্নয়ন নিগম ১৯৭১ চনত গঠন কৰা হয়।

(ঘ) অসমৰ প্ৰথমটো সাৰ কাৰখানা ক’ত স্থাপন কৰা হয়? 

উত্তৰঃ অসমৰ প্ৰথমটো সাৰ কাৰখানা নামৰূপত স্থাপন কৰা হয়।

৫। (ক) কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্যোগসমূহ বিভক্ত কৰা হয়?

উত্তৰঃ কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্যোগসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে– 

(i) কৃষিভিত্তিক উদ্যোগ।

(ii) খনিভিত্তিক উদ্যোগ।

(iii) বনজ সামগ্ৰীভিত্তিক উদ্যোগ।

(খ) অসমৰ কৃষিভিত্তিক উদ্যোগৰ এটা চমুটোকা লিখা।

উত্তৰঃ অসম এখন কৃষিপ্ৰধান ৰাজ্য যত ৫৪.১১ শতাংশ মাটি কৃষিকাৰ্যত ব্যৱহৃত হয় আৰু ৰাজ‍্যখনৰ ৮০ শতাংশ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ হোৱাৰ বাবে এই কৃষি উদ্যোগ বহুলোকক কৰ্মসংস্থাপন দিয়াৰ লগতে অসমৰ অৰ্হানীতি বিকাশত উল্লেখযোগ্য অৱদান দি আহিছে।

 অসমৰ কৃষিভিত্তিক উদ্যোগক দুটা ভাগত ভগাব পাৰি— 

(i) চাহ, কুঁহিয়াৰ, মৰাপাট, তৈলজাত, দুগ্ধজাত, ধান, ঘেঁহু আদি সামগ্ৰীৰ ওপৰত গঢ়ি উঠা উদ্যোগ। আৰু

(ii) কপাহ, পাট-মুগা এৰি আদি আঁহজাতীয় কৃষিসামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগ তাৰোপৰি কৃষিভিত্তিক কুটিৰ উদ্যোগো বহুতো আছে। ধান বনা, তেলপাৰা, মচলা গুৰি কৰা কুঁহিয়াৰ পেৰে কলগছৰ আঁহ উলিওৱা, আচাৰা বনুৱা, আটা-ময়দা তৈয়াৰ কৰা আদি অন্যতম কৃষিভিত্তিক কুটীৰ শিল্প উদ্যোগ।

(গ) অসমৰ চাহ উদ্যোগৰ বিশেষত্ব অতি চমুকৈ লিখা।

উত্তৰঃ চাহ অসমৰ প্ৰধান অর্থ উপার্জক কৃষি। অসমত চাহখেতিৰ বাবে উপযুক্ত পৰিৱেশ পোৱা যায়। বার্ষিক বৰষুণৰ পৰিমাণ ১৫০-২০০ চেন্টিমিটাৰ, উষ্ণতা ৩০° ছেলছিয়াছতকৈ অধিক আৰু অম্লীয় এঢলীয়া মাটি প্ৰায়বোৰ জিলাত পোৱা যায় বাবে অসম ৰাজ্য পৃথিৱীৰ ভিতৰতে চাহ উৎপাদনৰ বাবে এক উল্লেখযোগ্য অঞ্চলৰূপে পৰিগণিত হৈছে। ৰাজ্যখনত ৮৫০ খনতকৈ অধিক ডাঙৰ চাহ বাগিচা আৰু কেইবাহাজাৰো ক্ষুদ্র চাহ বাগিচা আছে।

অসমত চাহ খেতি কৰা মুঠ এলেকাৰ পৰিমাণ হ’ল ৩০৪,১৩৩ হেক্টৰ। ৰাজ্যখনে বছৰি প্রায় ৬৪২ নিযুত কিলোগ্রাম চাহ উৎপাদন কৰে। দক্ষিণ চীনৰ চাহ উৎপাদন ক্ষেত্ৰৰ পিছতে অসম পৃথিৱীৰ দ্বিতীয় বৃহৎ চাহ উৎপাদন ক্ষেত্ৰ। ভাৰতবৰ্ষৰ উচ্চ অঞ্চল যেনে— দার্জিলিং, নীলগিৰি আদি অঞ্চলৰ পৰ্বতৰ ঢালত হোৱা চাহ আৰু তুলনামূলকভাৱে অসমৰ এঢলীয়া নিম্ন অঞ্চলত উৎপাদিত চাহৰ মাজত যথেষ্ট গুণগত পার্থক্য দেখা যায়।

বছৰটোত অসমৰ চাহপাত দুবাৰকৈ তোলা হয়। প্রথমবাৰ মার্চ আৰু এপ্রিল মাহত আৰু দ্বিতীয়বাৰ জুন-জুলাই মাহত তোলা হয়। দ্বিতীয়বাৰ তোলা চাহৰ ৰঙ কাঢ়া আৰু অধিক সোৱাদযুক্ত হয়। আন্তর্জাতিক বজাৰতো এইবিধ চাহ অধিক জনপ্রিয়।

(ঘ) অসমক আগুৰি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা।

উত্তৰঃ অসমৰ চাৰিওফালে বা অসমৰ কেওফালে কেইখন মান বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। সেইকেইখন বিদেশী ৰাষ্ট্ৰৰ নামবোৰ হ’ল– চীন, ভূটান, বাংলাদেশ আৰু ম্যানমাৰ।

৬। (ক) অসম শিল্পদ‍্যোগত পিছপৰি ৰোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ উদ্যোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আন ভালেমান ৰাজ্যৰ তুলনাত অসম পিছপৰা। খাৰুৱা তেল উৎপাদনত প্ৰথম (১৯০১ চনত দিগবৈত), চাহ উদ্যোগত প্ৰথম (১৮৩৩ চনত) আৰু স্বাধীনতাৰ আগতে পুনপ্ৰথমবাৰৰ বাবে প্লাইউড উৎপাদন কৰি উদ্যোগ জগতত ভাৰতবৰ্ষৰ ভিতৰতে অসমে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে যদিও নানা কাৰণত পৰৱৰ্তী সময়ত ৰাজ‍্যখনে উদ্যোগিকৰণৰ ক্ষেত্ৰত আশানু ৰূপ অগ্ৰগতি লাভ কৰিব পৰা নাই।

 ইয়াৰ মুখ্য কাৰণবোৰ হ’ল—

(i) অসম তথা সমগ্ৰ উত্তৰ-পূৱ ভাৰত দেশখনৰ আন অঞ্চলৰ পৰা যথেষ্ট দূৰত অৱস্থিত। সেইবাবে কেঁচা মাল আৰু উৎপাদিত সামগ্ৰী অনা-নিয়া খৰচ বেছি হয়। ফলস্বৰূপে অসম উদ্যোগৰ ক্ষেত্ৰৰ পিছপৰি ৰৈছে। 

(ii) অসমক আগুৰি ৰখা চুবুৰীয়া ৰাষ্ট্রকেইখনৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্কে বৰ সুবিধাৰজনক বা মধুৰ নহয়। যাৰ বাবে দেশ-বিদেশৰ বৃহৎ উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন কৰিবলৈ সংকোচ কৰে।

(iii) উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতি বিশেষ কিছুমান কেঁচামাল আৰু নিয়মীয়া বিদ্যুত তথা আন শক্তিৰ উৎসৰ অভাৱৰ বাবে অসমত উদ্যোগ গঢ়ি উঠাত বাধা সৃষ্টি হৈছে।

(iv) অসমৰ লোকসকল প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। উদ্যোগৰ বাবে প্ৰয়োজনীয়তা অৰ্হতা আৰু উদ্যোগ গঢ়াৰ সাহস আৰু মানসিকতা অভাৱেও ৰাজ‍্যখনক শিল্পক পিছপৰাই ৰাখিছে।

(v) চৰকাৰী নীতি আসোঁৱাহ আৰু উদ্যোগ গঢ়াৰ বাবে যুৱ প্ৰজন্মক পৰিয়াল তথা সমাজে যি উৎসাহ বা সামাজিক স্বীকৃতি দিব লাগে। তেনে উৎসাহৰ অভাৱতো উদ্যোগ গঢ়িবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যা এতিয়াও অতি সীমিত। অধিকাংশ যুৱক-যুৱতীয়ে চাকৰিমুখী হোৱা দেখা যায়।

(খ) অসমত গঢ়ি উঠা প্ৰধান উদ্যোগসমূহৰ বিষয়ে লিখা।

উত্তৰঃ অসমত গঢ়ি উঠা প্ৰধান উদ্যোগসমূহ হ’ল—

(i) কৃষিভিত্তিক উদ্যোগ।

(ii) খনিভিত্তিক উদ্যোগ।

(iii) বনজ সামগ্ৰীভিত্তিক উদ্যোগ।

কৃষিভিত্তিক উদ্যোগঃ কৃষিভিত্তিক উদ্যোগক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি।

(i) চাহ, কুঁহিয়াৰ, তৈলজাত, দুগ্ধজাত, ধান আৰু ঘেঁহু আৰু ফল-মূল আদি খাদ্য-সামগ্ৰীৰ ওপৰত গঢ়ি উঠা সৰু-ডাঙৰ উদ্যোগ, আৰু

(ii) মৰাপাট, কঁপাহ, পাট-মুগা-এৰী আদি আঁহজাতীয় কৃষি সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগ।

খনিভিত্তিক উদ্যোগঃ খনিভিত্তিক উদ্যোগৰ ভিতৰত তেল শোধনাগাৰ আৰু পেট্ৰ’কেমিকেল উদ্যোগেই প্ৰধান। পেট্ৰ’কেমিকেল উদ্যোগৰ খাৰুৱা তেল শোধন কৰাৰ লগতে খাৰুৱা তেলৰ পৰা পোৱা আন অপজাত সামগ্ৰীভিত্তিক উদ্যোগো স্থাপিত হৈছে। 

তেল শোধনাগাৰ ১৯০১ চনত স্থাপন হয় যিটো ভাৰতবৰ্ষত আটাইতকৈ পুৰণি শোধনাগাৰ।

বনজ সামগ্ৰীভিত্তিক উদ্যোগঃ বনজ সামগ্ৰীৰ ওপৰত গঢ়ি উঠা উদ্যোগৰ ভিতৰত কাগজ, কাগজৰ মণ্ড, প্লাইউড, ফার্ণিচাৰ আদি আচবাব নির্মাণ উদ্যোগেই প্রধান।

(গ) অসমৰ খনিভিত্তিক উদ্যোগসমূহৰ বিষয়ে লিখা।

উত্তৰঃ অসমৰ খনিভিত্তিক উদ্যোগসমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে—

খনিভিত্তিক উদ্যোগৰ ভিতৰত তেল শোধনাগাৰ আৰু পেট্র’কেমিকেল উদ্যোগেই প্রধান। পেট্র’কেমিকেল উদ্যোগৰ খাৰুৱা তেল শোধন কৰাৰ লগতে খাৰুৱা তেলৰ পৰা পোৱা আন আন অপজাত সামগ্রীভিত্তিক উদ্যোগো স্থাপিত হৈছে যাৰ ভিতৰত প্লাষ্টিক (পলিমাৰ) উদ্যোগেই প্রধান। ‘অসম পেট্র’কেমিকেল লিমিটেড-এ উজনি অসমৰ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ কাৰখানা আৰু বিদ্যুৎ শক্তি উৎপাদন কৰা উদ্যোগ গঠন কৰিবলৈ সক্ষম হয়। প্রাকৃতিক গেছৰ অপচয় ৰোধ কৰা বাবে ১৯৭১ চনত চৰকাৰী খণ্ডৰ অসম ঔদ্যোগিক উন্নয়ন নিগম গঠন কৰা হয় যাৰ জৰিয়তে দেশৰ ভিতৰত পোনপ্ৰথমে গেছভিত্তিক পেট্র’কেমিকেল্ উৎপাদন কাৰখানাও স্থাপন কৰা হয়।

গুৱাহাটী পেট্র’কেমিকেল্ প্রতিষ্ঠান চৰকাৰী খণ্ডৰ প্ৰথম খাৰুৱা তেলভিত্তিক উদ্যোগ। এই উদ্যোগৰ মূল উদ্যোগ তেল শোধনাগাৰ। তদুপৰি খাৰুৱা তেল শোধন কৰোঁতে পোৱা ভালেমান উপজাত সামগ্ৰী ব্যৱহাৰ কৰি কিছুমান ক্ষুদ্র উদ্যোগ ৰাজ্যখনত স্থাপন কৰা হৈছে। গুৱাহাটী পেট্র’কেমিকেল্ উদ্যোগৰ প্রধান উৎপাদিত সামগ্রীসমূহ হ’ল- নেফথা, ৰন্ধন গেছ, মটৰ স্পিৰিট, পেট্র’লিয়াম ক’ক, কেৰাচিন  আৰু হাই স্পিড্ ডিজেল।

বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’কেমিকেল্ লিমিটেড ১৯৭৪ চনৰ ২০ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে স্থাপন কৰে। অৱশ্যে ২০০১ চনত এই উদ্যোগ ভাৰতীয় তেল নিগমৰ অধীনলৈ নিয়া হয়। ডিগবৈৰ তেল শোধনাগাৰ ১৯০১ চনত স্থাপন হয় যিটো ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি শোধনাগাৰ।

খনিভিত্তিক আন উদ্যোগৰ ভিতৰত নামৰূপত অৱস্থিত তিনিটা ডাঙৰ উদ্যোগ হ’ল— ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম, অসম পেট্ৰ’কেমিকেলচ্ নিগম আৰু নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ। অসমৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ বাবে মুঠ ৬৪ টা উদ্যোগিক অঞ্চল আৰু ৫০ খন উদ্যোগ পাম গঢ়ি তোলা হয়।

৭। নিম্নলিখিত বিকল্পবোৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i) অসমত ২০১১-১২ চনৰ তুলনাত ২০১৫-২০১৬ চনত কোনটো খণ্ডত আয় বৃদ্ধি পোৱা দেখা গৈছে?

(ক) কৃষিখণ্ড।

(খ) উদ্যোগখণ্ড।

(গ) খনিজাত উৎপাদন খণ্ড।

(ঘ) সেৱাখণ্ড।

উত্তৰঃ (ঘ) সেৱাখণ্ড।

(ii) খাৰিফ শস্য কোন মাহত কৰা হয়?

(ক) এপ্ৰিল-মে পৰা নৱেম্বৰ-ডিচেম্বৰ।

(খ) মাৰ্চ মাহৰ পৰা জুন মাইলৈ।

(গ) অক্টোবৰৰ পৰা এপ্ৰিললৈ।

(ঘ) জানুৱাৰীৰ পৰা মে’ মাহলৈ।

উত্তৰঃ (ক) এপ্ৰিল-মে পৰা নৱেম্বৰ-ডিচেম্বৰ।

(iii) তলৰ কোনবিধ জাইড কৃষিজাত শস্য?

(ক) সৰিয়হ।

(খ) ধান।

(গ) ৰঙালাও।

(ঘ) ঘেঁহু।

উত্তৰঃ (গ) ৰঙালাও।

(iv) অসমৰ কোনখন জিলাত আটাইতকৈ কমসংখ্যক পঞ্জীয়নভুক্ত উদ্যোগ আছে?

(ক) গোৱালপাৰা।

(খ) ওদালগুৰি।

(গ) মৰিগাঁও।

(ঘ) ধেমাজি।

উত্তৰঃ (ঘ) ধেমাজি।

(v) ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ শতকৰা কিমান ভাগ চাহ অসমত উৎপাদন হয়?

(ক) ৩০% 

(খ) ৪৫%

(গ) ৫৪%

(ঘ) ৬৭%

উত্তৰঃ (গ) ৫৪%।

(vi) ভৰতৰ আটাইতকৈ পুৰণি দিগবৈত তেল শোধনাগাৰ কোন চনত স্থাপিত হয়?

(ক) ১৮৯৮ চনত।

(খ) ১৯০১ চনত।

(গ) ১৯৫১ চনত।

(ঘ) ১৯৭৪ চনত।

উত্তৰঃ (খ) ১৯০১ চনত।

(vii) নিম্নোক্ত কোনবিধ উদ্যোগ যিকোনো ঠাইত স্থাপন কৰিব পাৰি?

(ক) চাহ উদ্যোগ।

(খ) বনজ সমগ্ৰীভিত্তিক উদ্যোগ।

(গ) খনি ভিত্তিত উদ্যোগ।

(ঘ) চলন্ত উদ্যোগ।

উত্তৰঃ (ক) চাহ উদ্যোগ।

1 thought on “Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top