Class 11 Swadesh Adhyayan Chapter 5 ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 5 ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ Question Answer can be of great value to excel in the examination.
Class 11 Swadesh Adhyayan Chapter 5 ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 5 ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ
Chapter – 5
TEXTUAL QUESTION ANSWER |
অনুশীলনী
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ
১। (ক) বর্মন বংশৰ প্রতিষ্ঠাতা কোন?
উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্যবৰ্মন।
(খ) বর্মন বংশীয় কোনজন ৰজাৰ হৰ্ষবর্ধনৰ লগত মিত্রতা আছিল?
উত্তৰঃবৰ্মন বংশীয় ভাস্কৰবর্মন ৰজাৰ হৰ্ষবর্ধনৰ লগত মিত্রতা আছিল।
(গ) হিউৱেনচাং কাৰ দিনত কামৰূপলৈ আহিছিল?
উত্তৰঃ হিউৱেনচাং ভাস্কৰবর্মনৰ দিনত কামৰূপলৈ আহিছিল।
(ঘ) কোনজন ৰজাই কামৰূপৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল?
উত্তৰঃ সন্ধ্যা।
(ঙ) অসমীয়া ভাষালৈ পোন প্রথমে ৰামায়ণ কোনে অনুবাদ কৰিছিল?
উত্তৰঃ অসমীয়া ভাষালৈ পোন প্রথমে ৰামায়ণ মাধৱ কন্দলিয়ে অনুবাদ কৰিছিল।
(চ) আহোমসকল কোন জাতিৰ অন্তর্গত?
উত্তৰঃ আহোমসকল টাই জাতিৰ অন্তর্গত।
২৷ প্রাচীন অসমৰ ভৌগোলিক পৰিসীমা সম্পর্কে এটা টোকা যুগুতোৱা।
উত্তৰঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যই আগুৰি থকা অঞ্চলটোৰ কেন্দ্রবিন্দুত থকা ৰাজ্যখনেই হ’ল- অসম। প্রায় ৭৮,৪২৩ বর্গকিলোমিটাৰ আয়তনৰ এই অসম ৰাজ্যখন প্রধানভাৱে ব্রহ্মপুত্র উপত্যকা কেন্দ্রিক হ’লেও ইয়াৰ ভিতৰত বৰাক উপত্যকাৰো এক প্রধান অংশ সোমাই আছে। আনহাতে, ভৌগোলিকভাৱে বিচ্ছিন্ন আৰু ভাৰতৰ অন্যান্য ঠাইৰ পৰা দূৰত দূর্গম উত্তৰ-পূৱ প্ৰান্তত অৱস্থিত হ’লেও অসম অতি প্রাচীন কালৰেপৰাই এখন জনবসতিৰ ঠাই ৰূপে চিহ্নিত হৈ আহিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত ব্ৰহ্মপুত্র নদীৰ পলসুৱা দুয়োপাৰৰ সমতল ভূমিতেই গঢ়লৈ উঠিছিল ইয়াৰ প্ৰাচীন সভ্যতাই। এই সমতল ভূমিকে কেন্দ্ৰ কৰি গঢ়ি উঠিছিল প্রাচীন প্রাগজ্যোতিষ বা কামৰূপ ৰাজ্য।
বর্তমান অসমখন প্রাচীন কামৰূপ বা প্রাগজ্যোতিষ ৰাজ্যৰ প্ৰকৃত ভৌগোলিক প্রতিভূ নহয়। সেয়ে আজিৰ অসমৰ ভৌগোলিক পৰিসীমাৰ মাধ্যমেৰে কামৰূপ বা প্রাগজ্যোতিষৰ চাৰিসীমা অনুমান কৰি ল’ব নোৱাৰি। আনহাতে এই ৰাজ্যৰ প্রাচীন কালৰ ভৌগোলিক চাৰিসীমাও স্পষ্টভাৱে উল্লেখ পোৱা নাযায়, অন্ততঃ ৰজাঘৰীয়া তথ্যত। প্রাপ্ত সমলৰ ওপৰত ভিত্তি ক’ব পাৰি যে কামৰূপ-প্ৰাগজ্যোতিষৰ পৰিসীমা বিভিন্ন সময়ত অপৰিৱৰ্তিত নাছিল আৰু সেইবাবে এই ভৌগোলিক পৰিসীমাই বহু শতিকাজুৰি একেলেথাৰিয়ে বিশেষ স্থায়িত্বও লাভ কৰিব পৰা নাছিল। তথাপি, এটা কথা সুনিশ্চিত যে কামৰূপ ৰাজ্যখনৰ উত্থানৰ শীৰ্ষতম পৰ্যায়ত ইয়াৰ উত্তৰে পাহাৰীয়া অঞ্চলৰ নামনিভাগ আৰু ভূটানৰ কিছু অংশ কামৰূপ ৰাজ্যৰ সীমাৰ ভিতৰত সোমাইছিল আৰু দক্ষিণ-পশ্চিমফালে বর্তমান বাংলাদেশৰ কিছু অঞ্চল পর্যন্ত ইয়াৰ সম্প্ৰসাৰণ হৈছিল। খ্রীঃ ১ম-২য়শতিকা মানৰ পৰা ৰাজ্যখনৰ পশ্চিম সীমা কৰতোয়া নদীতেই অন্ত পৰিছিল যেন অনুমান হয়। সেই সময়ত উত্তৰ বংগ, বিহাৰ আৰু পশ্চিমলৈ সমগ্র ভাৰততে সাম্ৰাজ্যৰূপী ৰাজ্য একোখন বা সৰু প্রান্তীয় ৰাষ্ট্ৰবোৰ গঢ়ি উঠিছিল।
খ্রীঃ ৪র্থ শতিকামানৰ পৰা কামৰূপ ৰাজ্যখনৰ ভৌগোলিক বিস্তৃতিৰ বিষয়ে কিছু তথ্য পাব পাৰি। অন্ততঃ উত্তৰ ভাৰতৰ গুপ্তৰজাসকলৰ সময়ত গঙ্গা-ব্ৰহ্মপুত্ৰৰ সংগমৰ পূব পাৰলৈকে কামৰূপ ৰাজ্যৰ পশ্চিম সীমা বিস্তৃত আছিল। পূর্বে উল্লেখ কৰি অহা হৈছে যে ইতিমধ্যে উদ্ধাৰ কৰা প্রাচীন কালৰ ফলিসমূহৰ ভিতৰত সম্রাট সমুদ্রগুপ্তৰ এলাহাবাদ শিলালিপিত কামৰূপ ৰাজ্যৰ নামটো প্রথম ব্যৱহাৰ হোৱা দেখা যায় আৰু তাত ইয়াক এখন সীমান্তৱতী ৰাজ্য হিচাপে উল্লেখ কৰা হৈছে। কিন্তু সেই সময়তো কামৰূপ ৰাজ্যৰ পূব সীমাৰ বিশেষ বিস্তৃতি হৈছিল বুলি ক’ব নোৱাৰি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গঢ় লৈ উঠা শোণিতপুৰৰ বাণ অসুৰৰ ৰাজ্যখন কামৰূপ ৰাজ্যৰ হেঁচাত ভাগি-ছিগি গৈ ইয়াৰ লগত মিলি গৈছিল যদিও উত্তৰ-পূব সীমান্তত ঠন ধৰি উঠা কুণ্ডিল ৰাজ্য তেতিয়াও বৰ্তমানৰ লক্ষীমপুৰৰ পৰা ডিব্রুগড়- শদিয়ালৈ বিস্তৃত হৈ আছিল।।
৩। প্রাচীন কামৰূপৰ ৰাজনৈতিক উত্থান–পতনত ৰাজ ৰাজবংশসমূহৰ কার্যকাৰিতা বর্ণনা কৰা।
উত্তৰঃ অসম ৰাজ্যখন প্রধান ভাৱে ব্রহ্মপুত্র উপত্যকা কেন্দ্রিক হলেও ইয়াৰ ভিতৰত বৰাক উপত্যকাৰো এক অংশ সোমাই আছে। চতুর্থ শতিকাত মানৰ পৰা কামৰূপ ৰাজ্যখনৰ ভৌগোলিক বিস্তৃতিৰ বিষয়ে কিছু তথ্য পাৱ পাৰি কামৰূপ ৰাজ্যৰ সীমাৰ ভিতৰত ভূটানৰ কিছু অংশ আৰু উত্তৰে পাহাৰীয়া অঞ্চল আৰু দক্ষিণ-পশ্চিম ফালে বাংলাদেশৰ কিছু অঞ্চল পর্যন্ত ইয়াৰ সম্প্রসাৰণ হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গড় লৈ উঠা শোণিতপুৰৰ বান অসুৰ ৰাজ্যখন কামৰূপ ৰাজ্যৰ হেচাত ভাঙি-চিঙি গৈ ইয়াৰ লগত মিলি গৈছিল।
যদিও উত্তৰ সীমান্ত নৈ ধৰি উঠা কুণ্ডিল ৰাজ্য তেতিয়াও বর্তমানৰ লক্ষিপুৰৰ পৰা শদিয়ালৈ বিস্তৃত হৈ আছিল। কামৰূপ ৰাজ্যখন বিভিন্ন ৰাজবংশৰ অধীনত আছিল। তাৰে ভিতৰত হ’ল পালবংশ আহোম, বর্মন, আদি। এই শাসনকর্তা সকলৰ ভিতৰত আহোমসকলৰ শাসন কাল লেখত লব লগীয়া। দশম শতিকা মানত পাল ৰজা সকলৰ দিনত ৰচনা কৰা কালিকা পুৰাণত সেই সময়ত বর্মন, শালস্তম্ভ আৰু পাল বংশৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হৈছে।
এয়োদশ শতিকাত প্রথম জগত আহোম সকল আহি ব্রহ্মপুত্র উপত্যকাত দক্ষিণ-পূর্ব অঞ্চলত চুতীয়া ৰাজ্যৰ সীমান্তত আৰু মৰাণ আৰু বৰাহি সকলক অধ্যাসিত এলেকাত এখন এখন সৰু ৰাজ্য প্রতিষ্ঠা কৰে। আহোম ৰাজ্যৰ প্রতিষ্ঠাৰ পিছত ইয়াৰ আঞ্চলিক ৰাজনৈতিক আৰু ভৌগোলিক অৱস্থাৰো পৰিৱর্তন ঘটে। ইফালে ব্রহ্মপুত্র উপত্যকাৰ পশ্চিম অংশত নামে নতুন এমন ৰাজ্য গঠন হয়। বর্তমানৰ উত্তৰ বংগৰ, অন্তর্গত কমতাপুৰ বা কোচ বিহাৰক কেন্দ্র কৰি নতুন ৰাজ্য পঢ়ি উঠে। খ্ৰী: ১৪৯৮ পৰ্যন্ত ৰাজ্যখন বর্তি আছিল।
৪। মধ্যযুগীয় অসমৰ ৰাজনৈতিক পৰিস্থিতি কেনেধৰণৰ আছিল? ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা।
উত্তৰঃ মধ্যযুগীয় অসমৰ ৰাজনৈতিক পৰিস্থিতি কামৰূপ ৰাজ্যখনৰ পতনৰ সময়ত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা ৰাজনৈতিকভাৱে বিভাজিত হৈ পৰিছিল। প্ৰাচীন কামৰূপ ৰাজ্যখনৰ পৰাই উপজীৱ সংগ্ৰহ কৰি জমিদাৰ শ্ৰেণীৰ ভূঞাসকলে বেলেগ বেলেগ ঠাইত সিঁচৰিত হৈ স্বাধীনভাৱে নিজৰ এলেকাবোৰত শাসন কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ একেবাৰে উত্তৰ-পূৱ আৰু পূৱ অংশত ৰাজ্য পাতি লৈছিল চুতীয়াসকলে। সেই সময়তে এয়োদশ শতিকাৰ প্ৰথম ভাগত মৰাণ-বৰাহীসকলৰ দক্ষিণ-পূৱ অঞ্চলত আহোম ৰাজ্যখনৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। ১৭ শতিকাৰ ভিতৰত সৰ্বব্যাপী সাৰ্বভৌম ৰাষ্ট্ৰখনেই অসম নামেৰে জনাজাত।
আহোমসকল টাই জাতিৰ অন্তৰ্গত শাসকসকলৰ বংশধৰ আছিল। ১২১৫ খ্ৰীঃত সিংহাসন লাভৰ পৰা বঞ্চিত হৈ চুকাফাই মাওলুং ৰাজ্য এৰি পৰিয়াল আৰু কিছুমান অনুগামীক লৈ অসমলৈ আহিছিল আৰু অসম-ব্ৰহ্মৰ সীমাত থকা পাটকাই পাৰ হৈ ১২২৮ খ্ৰীঃত ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিছিল। চুকাফাৰ লগত অসমলৈ অহা লোকৰ সংখ্যা কম আছিল আৰু মহিলা প্ৰায় নাছিলে বুলি উল্লেখ কৰা হৈছে। চুকাফাৰ যাত্ৰা আছিল নিতান্তই বিপদসংকুল। তেওঁ পাৰ হৈ অহা সুদীৰ্ঘ পথবোৰ আছিল মৰাণ, নগা, বৰাহী । চুকাফাৰ মৰম আৰু ব্যৱহাৰ মাজেৰে মৰাণ-বৰাহী আদি লোকসকলক নিজৰ সমৰ্থক কৰি লবলৈ সক্ষম হৈছিল। চুকাফাই ১২৫৩ খ্ৰীঃত শিৱসাগৰ জিলাৰ দক্ষিণ-পূৱে চৰাইদেউ পাহাৰত ৰাজধানী পাতি আহোম ৰাজ্য ভেটি প্ৰতিষ্ঠা কৰিছিল। ৪০ জন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ শাসন প্ৰায় ছয়শ বছৰলৈ চলি আছিল।
আহোমসকলক অসমীয়া ভাষাত অসম বুলি কোৱা হয়। সেই নামটো মহাপুৰুষ শংকদেৱে দশম স্কন্ধ ভাগৱতৰ অসমীয়া অনুবাদত আহোম সকলক উল্লেখ কৰি থৈ গৈছে। সেই সময়ৰ পৰা তেওঁলোকৰ ৰাজ্যখনৰ নাম অসম হয়। ১৬ শতিকাৰ আৰম্ভণিৰে পৰা স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত ৰাজ্যখনৰ পশ্চিমমুখী সম্প্ৰসাৰণ আৰম্ভ হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে থকা ভূঞা সামন্তসকলক পৰাজিত কৰিছিল আৰু পশ্চিমে নাৰায়ণপুৰ পৰ্যন্ত স্বৰ্গদেউ চুহুংমুঙে সামৰি লৈছিল। বঙ্গৰ মুছলমান সেনাপতি তুৰ্বক খানে সেইজন ৰজাৰ সময়ত অসম আক্ৰমণ কৰিছিল। তেওঁ যুদ্ধত হাৰি উভতি যাবলৈ বাধ্য হৈছিল। তুৰ্বকৰ লগত যুদ্ধ কৰি ফ্ৰাচেংমুং বৰগোহাঁইৰ লগতে তেওঁ পত্নী বীৰঙ্গনা মূলাগাভৰুৱেও মৃত্যু বৰণ কৰিছিল।
অসমীয়া সেনাই মোগলক খেদি নি মানাহৰ সিপাৰ কৰি দি দক্ষিণে গোৱালপাৰা আৰু উত্তৰে মানাহত ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰিছিল। এই খন যুদ্ধৰে আছিল বিখ্যাত শৰাইঘাটৰ যুদ্ধ। ১৬৭১ চনৰ ৫ এপ্ৰিল তাৰিখটো ব্ৰহ্মপুত্ৰ বুকুত হোৱা যুদ্ধখনৰ চূড়ান্ত দিন আছিল। শৰাইঘাটৰ যুদ্ধৰ পিছতে লাচিত বৰফুকনৰ মৃত্যু হয়। আতন বঢ়াগোহাঁয়েও গুৱাহাটী এৰি গড়গাঁৱলৈ উভতি যায়।
This side is so good
I asked more questions and this website give solution
Tq dev laibrary