Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ Question Answer can be of great value to excel in the examination.
Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক বুনিয়াদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
অসমৰ অৰ্থনৈতিক বুনিয়াদ
Chapter – 4
অনুশীলনী প্রশ্নোত্তৰ
১। (ক) খাৰিফ শস্য কাক বোলে?
উত্তৰঃ এপ্ৰিল মে মাহত বৰষুণ আৰম্ভ হয় সেই সময়ত কৰা কৃষিৰ খাৰিফ শস্য বোলে। উদাহৰণ স্বৰূপে– ধান, মৰাপাট, কুঁহিয়াৰ ইত্যাদি।
(খ) ৰবি শস্য কাক বোলে?
উত্তৰঃ শীতকালৰ আৰম্ভনি অৰ্থাৎ অক্টোবৰ আৰু মাৰ্চ মাহত যি কৃষি কৰা হয় সেই শস্যক ৰবি শস্য বোলে।
(গ) ঔষধি উদ্ভিদ কি?
উত্তৰঃ যিবোৰ উদ্ভিদৰ পৰা ঔষধ তৈয়াৰ কৰিব পৰা যায় অৰ্থাৎ ঔষধি গুণ আছে তাক ঔষধি উদ্ভিদ বোলে।
(ঘ) অসমৰ কিমান শতাংশ লোক কৃষিৰওপৰত নিৰ্ভৰশীল?
উত্তৰঃ ৮০ শতাংশ লোক।
২। (ক) অসমত ঝুম খেতি ক’ত আৰু কেনেকৈ কৰা হয়?
উত্তৰঃ অসমত ঝুম খেতি তিনিখন জিলাত কৰা হয় সেইকেইখন হ’ল পূব আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমাছাও জিলা। এই খেতি পাহাৰৰ এডলীয়া মাটিত গছ-গছনি কাটি জুই লগাই খেতিৰ বাবে মুকলি কৰি লয়। এনেকৈ কৰা কৃষিক ঝুম খেতি বোলে।
(খ) শস্যবৰ্ত্তন বুলিলে কি বুজা?
উত্তৰঃ শস্যবৰ্ত্তন বুলিলে কৃষি পদ্ধতিত একবছৰ একেডৰা মাটিতে কেইবাবিধো শস্য উৎপাদন কৰা হয় আৰু পিছৰ বছৰতো আন কেইবিধমান শস্য উৎপাদন কৰা হয়।
(গ) হস্যকর্ষণ তীব্ৰতা বুলিলে কি বুজা?
উত্তৰঃ হস্যকর্ষণ তীব্ৰতা হল–
নিৰ্ধাৰণ পদ্ধতি: মুঠ কৃষি উৎপাদন ভূমি/প্ৰকৃত কৃষি উৎপাদন ভূমি × ১০০
একেডৰে মাটিত বিজ্ঞানসন্মত ভাৱে একাধিক তথা, গ্ৰহন কৃষি পদ্ধতিৰে শস্য উৎপাদন বঢ়াব পাৰি। ইয়াকে হস্যকর্ষণ তীব্ৰতা বোলা হয়।
(ঘ) অসমত কৰা মচলাজাতীয় খেতিসমূহ কি কি?
উত্তৰঃ আদা, হালধি, ভোট জলকীয়া, জলকীয়া, জালুক আদি।
৩। (ক) অসমৰ কৃষি বিষয়ে বিশ্লেষণ কৰিলে কৃষি ব্যৱস্থাত থকা কিছুমান আসোঁৱাহ স্পষ্ট হৈ পৰে। ইয়াৰে ভিতৰত প্ৰধান আসোঁৱাহ সমূহ হ’ল—
(১) কৃষিক্ষেত্ৰ সমূহৰ আকাৰ সৰু, যাৰ বাবে টেক্টৰ আদিৰে মাটি চহোৱা সুবিধাজনক নহয়।
(২) পৌৰাণিক কৃষি পদ্ধতিকে খামুচি থকাৰ বাবে হেক্টৰে প্ৰতি যিমান উৎপাদন হ’ব লাগিছিল তাতকৈ বহু কম উৎপাদন হয়।
(৩) সীমিত এলেকাতহে (১৫%) জলসিঞ্চনৰ ব্যৱস্থা থকাৰ বাবে পানীৰ অভাৱত বহুতো অঞ্চলত খেতিৰ বিস্তৰ ক্ষতি হয়।
(৪) প্ৰতিবছৰে বানপানীৰ কবলত পৰি কৃষি শস্যৰ ব্যাপক ৰূপে ক্ষতি হয়।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
(খ) অসমত ধানখেতি কোন ঋতুত কেনেদৰে কৰা হয় ব্যাখা কৰা।
উত্তৰঃ অসমৰ ধান মুখ্য খাদ্যশস্য হ’ল ধান মুঠ কৃষি ভূমিৰ শতকৰা ৬৪.৫২ ভাগ অঞ্চলত আৰু ৰাজ্যখনৰ খাদ্য-শস্য উৎপাদন কৰা মুঠ অঞ্চলৰ শতকৰা ৯৯.৪৩ ভাগ অঞ্চলত কেৱল ধান খেতি কৰা হয়। অসমত প্ৰধানকৈ চাৰিবিধ ধান খেতি কৰা হয়– হালি, আহু, বড়ো আৰু বাও ধান। এপ্ৰিল-মে মাহত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে অসমত শালি আৰু বাও ধান সিঁচা হয় আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত চপোৱা হয়। আকৌ শীতকালৰ আৰম্ভণি অৰ্থাৎ অক্টোবৰ আৰু মাৰ্চ মাহত আহু আৰু বড়ো ধান সিঁচা হয় আৰু বসন্ত কালৰ শেষত অৰ্থাৎ এপ্ৰিল জুন মাহত শস্য চপোৱা হয়।
(গ) চাহ খেতিৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ বিষয়ে লিখা।
উত্তৰঃ চাহ খেতিৰ বাবে বৰষুণৰ পৰিমাণ ১৫০-২০০ চেণ্টিমিটাৰ হ’ব লাগে উষ্ণতা ৩০° ছেলছিয়াতকৈ অধিক হ’ব নালাগে। তদপুৰি আম্লিয় এডলীয়া মাটিত চাহখেতিৰ বাবে উপযোগী পৰিৱেশ তথা বতৰৰ ভাৰতম্য হওয়াৰ বাবে ভাৰতবৰ্ষৰ পাহাৰীয়া তথা উচ্চ অঞ্চল যেনে– নির্জলিং, নিলগিৰী আদি অঞ্চলৰ পৰ্বতৰ ঢালত হোৱা চাহ আৰু তুলনামূলক ভাৱে অসমৰ অঢলীয়া নিম্ন আৰু সমতল ভূমিত উৎপাদিত হোৱা চাহৰ মাজত যথেষ্ট গুণগত পাৰ্থক্য দেখা যায়।
(ঘ) অসমৰ অৰ্থনৈতিক অৱস্থাৰ এটা চমু আভাস দিয়া?
উত্তৰঃ অসমৰ সামগ্ৰিক অৰ্থনীতি প্ৰধানকৈ নিৰ্ভৰ কৰিছে ৰাজ্যয়খনৰ মানৱ সম্পদৰ ওপৰত। ২০১১-১২ চনক ভিত্তিবছৰ হিচাপে লৈ অসমৰ সামগ্ৰিক ঘৰুৱা উৎপাদনৰ মূল ২০১৪-১৫ চনত ১৬৬৭০৮.৮৫ কোটিৰ বিপৰীতে ২০১৫-১৬ চনত ১৭৯৩৬.৭৩ কোটি টকা হৈছে বুলি এক সমীক্ষাত কোৱা হৈছে সেই হিচাপে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ সেই সময়চোৱাত হয়গৈ ৭.৭৩ শতাংশ অৱশ্যে ৰাজ্যখনৰ এই উন্নয়নৰ হাৰ ভাৰতবৰ্ষৰ সামগ্ৰিক উন্নয়নৰ হাৰৰ তুলনাত ০.১৫ শতাংশ কম। উক্ত সময়চুৱাত উল্লেখিত উন্নয়নৰ হাৰ সকলো খণ্ডত উন্নয়ন হাৰ ৩.৮৮ শতাংশৰ তুলনাত উদ্যোগ খণ্ডই এই হাৰ ৯.৪১ শতাংশ আৰু সেৱাখণ্ডত ৮.২১ শতাংশ বুলি কোৱা হৈছে।
৪। (ক) অসমত প্ৰথম খাৰুৱা তেল ক’ত খনন কৰা হৈছিল?
উত্তৰঃ অসমত প্ৰথম খাৰুৱা তেল দিগবৈত খনন কৰা হৈছিল।
(খ) ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ চাহ অসমত উৎপাদন হয়।
উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ ৪৫ শতাংশ চাহ অসমত উৎপাদন হয়।
(গ) অসমৰ উদ্যোগিক উন্নয়ন নিগম কোন চনত গঠন কৰা হয়?
উত্তৰঃ অসমৰ ঔদ্যোগিক উন্নয়ন নিগম ১৯৭১ চনত গঠন কৰা হয়।
(ঘ) অসমৰ প্ৰথমটো সাৰ কাৰখানা ক’ত স্থাপন কৰা হয়?
উত্তৰঃ অসমৰ প্ৰথমটো সাৰ কাৰখানা নামৰূপত স্থাপন কৰা হয়।
৫। (ক) কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্যোগসমূহ বিভক্ত কৰা হয়।
উত্তৰঃ কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্যোগসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে–
(১) কৃষিভিত্তিক উদ্যোগ, যেনে চাহ, কুঁহিয়াৰ, তৈইলজাত, মৰাপাট ইত্যাদি।
(২) খনিভিত্তিক উদ্যোগ, যেনে তেল শোধনাগাৰ, পেট্ৰ’কেমি কেল, চিমেণ্ট আদি উদ্যোগ।
(৩) বনজ সামগ্ৰী ভিত্তিক উদ্যোগ যেনে কাগজ, প্লাইড, ফাৰ্নিচাৰ নিৰ্মান উদ্যোগই প্ৰধান।
(খ) অসমৰ কৃষিভিত্তিক উদ্যোগৰ এটা চমুটোকা লিখা।
উত্তৰঃ অসম এখন কৃষিপ্ৰধান ৰাজ্য যত ৫৪.১১ শতাংশ মাটি কৃষিকাৰ্যত ব্যৱহুত হয় আৰু ৰাজ্যখনৰ ৮০ শতাংশ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশিল হোৱাৰ বাবে এই কৃষি উদ্যোগ বহুলোকক কৰ্মসংস্থাপন দিয়াৰ লগতে অসমৰ অৰ্হানীতি বিকাশত উল্লেখযোগ্য অৱদান দি আহিছে। অসমৰ কৃষিভিত্তিক উদ্যোগক দুটা ভাগত ভগাব পাৰি— (ক) চাহ, কুঁহিয়াৰ, মৰাপাট, তৈলজাত, দুগ্ধজাত, ধান, ঘেঁহু আদি সামগ্ৰীৰ ওপৰত গঢ়ি উঠা উদ্যোগ আৰু (খ) কপাহ, পাট-মুগা এৰি আদি আঁহজাতীয় কৃষিসামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগ তাৰোপৰি কৃষিভিত্তিক কুটিৰ উদ্যোগো বহুতো আছে। ধান বনা, তেলপাৰা, মচলা গুৰি কৰা কুঁহিয়াৰ পেৰে কলগছৰ আঁহ উলিওৱা, আচাৰা বনুৱা, আটা-ময়দা তৈয়াৰ কৰা আদি অন্যতম কৃষিভিত্তিক কুটীৰ শিল্প উদ্যোগ।
(গ) অসমক আগুৰি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা।
উত্তৰঃ অসমৰ চাৰিওফালে বা অসমৰ কেওফালে কেইখন মান বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। সেইকেইখন বিদেশী ৰাষ্ট্ৰৰ নামবোৰ হ’ল– চীন, ভূটান, বাংলাদেশ আৰু ম্যানমাৰ।
৬। (ক) অসম শিল্পদ্যোগত পিছপৰি ৰোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ উদ্যোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আন ভালেমান ৰাজ্যৰ তুলনাত অসম পিছপৰা। খাৰুৱা তেল উৎপাদনত প্ৰথম (১৯০১ চনত দিগবৈত), চাহ উদ্যোগত প্ৰথম (১৮৩৩ চনত) আৰু স্বাধীনতাৰ আগতে পুনপ্ৰথমবাৰৰ বাবে প্লাইউড উৎপাদন কৰি উদ্যোগ জগতৰ ভাৰতবৰ্ষৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল যদিও নানা কাৰণত পৰিৱৰ্তিত সময়ত ৰাজ্যখনে উদ্যোগিকৰণৰ ক্ষেত্ৰত আশানু ৰূপ অগ্ৰগতি লাভ কৰিব পৰা নাই। ইয়াৰ মুখ্য কাৰনবোৰ হ’ল–
(১) অসম তথা সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ দেশ খনৰ আন অঞ্চলৰ পৰা যথেষ্ট দূৰত অৱস্থিত। সেইবাবে কেঁচা মাল আৰু উৎপাদিত সামগ্ৰী অনা-নিয়া খৰচ বেছি হয়। ফলস্বৰূপে অসম উদ্যোগৰ ক্ষেত্ৰৰ পিছপৰি ৰৈছে।
(২) অসমক আগুৰি ৰখা চুবুৰীয়া ৰাষ্ট্রকেইখনৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্কে বৰ সুবিধাৰজনক বা মধুৰ নহয়। যাৰ বাবে দেশ-বিদেশৰ বৃহৎ উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন কৰিবলৈ সংকোচ কৰে।
(৩) উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতি বিশেষ কিছুমান কেঁচামাল আৰু নিয়মীয়া বিদ্যুত তথা আন শক্তিৰ উৎসৰ অভাৱৰ বাবে অসমত উদ্যোগ গঢ়ি উঠাত বাধা সৃষ্টি হৈছে।
(৪) অসমৰ লোকসকল প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। উদ্যোগৰ বাবে প্ৰয়োজনীয়তা অৰ্হতা আৰু উদ্যোগ গঢ়াৰ সাহস আৰু মানসিকতা অভাৱেও ৰাজ্যখনক শিল্পক পিছপৰাই ৰাখিছে।
(৫) চৰকাৰী নীতি আসোঁৱাহ আৰু উদ্যোগ গঢ়াৰ বাবে যুৱ প্ৰজন্মক পৰিয়াল তথা সমাজে যি উৎসাহ বা সামাজিক স্বীকৃতি দিব লাগে। তেনে উৎসাহৰ অভাৱতো উদ্যোগ গঢ়িবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যা এতিয়াও অতি সীমিত। অধিকাংশ যুৱক-যুৱতীয়ে চাকৰিমুখী হোৱা দেখা যায়।
৭। নিম্নলিখিত বিকল্পবোৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) অসমত ২০১১-১২ চনৰ তুলনাত ২০১৫-২০১৬ চনত কোনটো খণ্ডত আয় বৃদ্ধি পোৱা দেখা গৈছে?
(ক) কৃষিখণ্ড।
(খ) উদ্যোগখণ্ড।
(গ) খনিজাত উৎপাদন খণ্ড।
(ঘ) সেৱাখণ্ড।
উত্তৰঃ উদ্যোগখণ্ড।
(ii) খাৰিফ শস্য কোন মাহত কৰা হয়।
(ক) এপ্ৰিল-মে পৰা নৱেম্বৰ-ডিচেম্বৰ।
(খ) মাৰ্চ মাহৰ পৰা জুন মাইলৈ।
(গ) অক্টোবৰৰ পৰা এপ্ৰিললৈ।
(ঘ) জানুৱাৰীৰ পৰা মে’ মাহলৈ।
উত্তৰঃ (ক) এপ্ৰিল-মে পৰা নৱেম্বৰ-ডিচেম্বৰ।
(iii) তলৰ কোনবিধ জাইড কৃষিজাত শস্য?
(ক) সৰিয়হ।
(খ) ধান।
(গ) ৰঙালাও।
(ঘ) ঘেঁশু।
উত্তৰঃ (গ) ৰঙালাও।
(iv) অসমৰ কোনখন জিলাত আটাইতকৈ কমসংখ্যক পঞ্জীয়নভুক্ত উদ্যোগ আছে?
(ক) গোৱালপাৰা।
(খ) ওদালগুৰি।
(গ) মৰিগাঁও।
(ঘ) ধেমাজি।
উত্তৰঃ (ঘ) ধেমাজি।
(v) ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ শতকৰা কিমান ভাগ চাহ অসমত উৎপাদন হয়?
(ক) ৩০%
(খ) ৪৫%
(গ) ৫৪%
(ঘ) ৬৭%
উত্তৰঃ (গ) ৫৪%।
(vi) ভৰতৰ আটাইতকৈ পুৰণি দিগবৈত তেল শোধনাগাৰ কোন চনত স্থাপিত হয়?
(ক) ১৮৯৮ চনত।
(খ) ১৯০১ চনত।
(গ) ১৯৫১ চনত।
(ঘ) ১৯৭৪ চনত।
উত্তৰঃ (খ) ১৯০১ চনত।
(vii) নিম্নোক্ত কোনবিধ উদ্যোগ যিকোনো ঠাইত স্থাপন কৰিব পাৰি?
(ক) চাহ উদ্যোগ।
(খ) বনজ সমগ্ৰীভিত্তিক উদ্যোগ।
(গ) খনি ভিত্তিত উদ্যোগ।
(ঘ) চলন্ত উদ্যোগ।
উত্তৰঃ (ক) চাহ উদ্যোগ।
অতিৰিক্ত প্ৰশ্নওৰ
১। হস্যৱৰ্তন বা অৱৰ্তন কৃষি পদ্ধতিৰ দুটা সুফল উল্লেখ কৰা?
উত্তৰঃ হস্যৱৰ্তন বা অৱৰ্তন কৃষি পদ্ধতিৰ দুটা সুফল হল–
(ক) এনে কৃষিভূমিৰ উৎপাদন ক্ষমতা বহু বছৰলৈ তাপৰিৱৰ্তিত হৈ থাকে।
(খ) এবিধ খেতি কৰা অঞ্চলত কীট-পতংগই যেনেদৰে ক্ষতি সাধন কৰে অৱৰ্তন কৃষি অঞ্চলত তেনে সমস্যা কম হোৱা দেখা নাযায়।
২। অসমত গড়ি উঠা উদ্যোগ বিকাশ কেন্দ্ৰ তিনিটাৰ নাম লিখা।
উত্তৰঃ অসমত গড়ি উঠা উদ্যোগ বিকাশ কেন্দ্ৰ তিনিটাৰ নাম হল–
(ক) শোণিতপুৰ জিলাৰ বালিপৰা।
(খ) গোৱালপাৰা জিলাৰ মটিয়া।
(গ) কামৰূপ জিলাৰ ছয়গাওঁ, পাতগাওঁ, জামবাৰী।
৩। কোনখন সংস্কৃত গ্ৰন্থত কামৰূপ নামটোৰ প্ৰথম ব্যৱহাৰ হোৱা দেখা যায়?
উত্তৰঃ কালিদাসৰ ৰঘুবংশনামৰ গ্ৰন্থত কামৰূপ নামটোৰ প্ৰথম ব্যৱহাৰ হোৱা দেখা যায়।
৪। কোঁচ ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰঃ মল্লদেৱ ওৰফে নৰনাৰায়ণ কোঁচ ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল।
৫। ইয়াণ্ডাবু সন্ধি কেতিয়া সম্পন্ন হৈছিল?
উত্তৰঃ ইয়াণ্ডাবু সন্দি ১৮২৬ চনত সম্পন্ন হৈছিল।
6। বৰ্মন বংশৰ মুঠ কিমান জন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল?
উত্তৰঃ বৰ্মন বংশৰ মুঠ ১৩ জন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল।
৭। কাৰ পৃষ্ঠপোষকতা কালিতা পূৰাণ নামৰ উপপুৰানখনৰ ৰচনা কৰা হৈছিল?
উত্তৰঃ পাল ৰজাসকলৰ পৃষ্ঠপোষকতাত কালিকা পূৰাণ নামৰ উপপুৰণখনৰ ৰচনা কৰা হৈছিল।
৮। মহাৰাজ ধীৰাজ উপাধি কোনে গ্ৰহণ কৰিছিল?
উত্তৰঃ মহাৰাজ ধীৰাজ উপাধি বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্যবৰ্মনে গ্ৰহণ কৰিছিল।
৯। আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল?
উত্তৰঃ ১২২৮ খ্ৰীষ্টাব্দত।
১০। ঘিলাঝৰী সন্ধি কেতিয়া সম্পন্ন হৈছিল?
উত্তৰঃ ১৬৩৯ খ্ৰীষ্টাব্দত।
১১। ৰত্নপাল ক’ত নতুনকৈ ৰাজনী পাতিছিল?
উত্তৰঃ শ্ৰী দুৰ্জয়া নামৰ ঠাইত ৰত্নপালে ক’ত নতুনকৈ ৰাজধানী পাতিছিল?
১২। মৰঙিখোৱা গোহাঁই কোন আছিল?
উত্তৰঃ মৰঙিখোৱা গোহাঁই আছিল ডিমাপুৰ পৰ্যন্ত কছাৰী ৰাজ্যয়খনত শাসন চলাবলৈ নিযুক্তি দিয়া এজন প্ৰশাসনিক বিষয়া আছিল।
১৩। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ মাজত হৈছিল?
উত্তৰঃ মোগল আৰু আহোমৰ লগত ১৬৭১ খ্রীষ্টাব্দত যুদ্ধ হৈছিল।
১৪। তাৰাফাৎ-ই নাচিৰীৰ লেখক কোন?
উত্তৰঃ মিনহাজউদ্দিন চিৰাজ।
১৫। পাইক প্রথা কোনে প্রৱর্তন কৰিছিল?
উত্তৰঃ মোমাই তামুলী বৰবৰুৱাই পাইক প্রথা প্রৱর্তন কৰিছিল।
১৬। পাইক ব্যৱস্থা বুলিলে কি বুজা?
উত্তৰঃ ১৬০৯ খ্রীষ্টাব্দত পোনপ্রথমে স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত সোমাই তামুলী বৰবৰুৱাই সাংগঠানিক জগত পাইক প্ৰথাৰ প্রবর্তন কৰে। এই প্রথাত ১৬ বছৰৰ পৰা ৫০ বছৰৰ বয়সৰ ভিতৰত সকলো কৰ্মথা মুনি প্রজাকে পাইক বুলি কোৱা হৈছিল আৰু পাল পাতি পাতি প্রতিজন পাইকে বছৰত তিনিমাহকে ৰাজ্যৰ বাবে অর্থাৎ ৰজাৰ হৈ কাম কৰি দিব লাগিছিল। এই নিয়মকে পাইক প্রথা বুলি কোৱা হৈছিল।
১৭। ব্ৰহ্মদেশক বর্তমান কি নামে জনা যায়?
উত্তৰঃ ব্রহ্মদেশক বর্তমান ম্যানমাৰ নামেৰে জানা যায়।
১৮। নগাসকল কোন জনগোষ্ঠীৰ অন্তর্গত?
উত্তৰঃ নগাসকল নেগ্ৰিট জনগোষ্ঠীৰ অন্তর্গত।
১৯। বর্তমান অসমৰ কলিতাসকলে কোন গোষ্ঠীৰ লোক আছিল?
উত্তৰঃ বর্তমান অসমৰ কলিতাসকল আলপাইন গোষ্ঠীৰ লোক আছিল।
২০। প্রতি বিছ জন পাইকলৰ ওপৰত থকা নিম্নবর্গৰ বিষয়া জনক কি বুলি কোৱা হৈছিল?
উত্তৰঃ প্রতি বিছজন পাইকৰ ওপৰত থকা নিম্নবৰ্গৰ বিষয়া জনক বৰা বুলি কোৱা হৈছিল?
২১। বাধ্যতামূলক গা-খাটনিৰ পৰা সাধাৰণতে ৰেহাই নোপোৱা কৃষক প্রজাক কি বুলি কোৱা হৈছিল?
উত্তৰঃ বাধ্যতামূলক পা-খাটনিৰ পৰা সাধাৰণতে ৰেহাই নোপোৱা কৃষক প্রজাক কাড়ি পাইক বুলি কোৱা হৈছিল।
২২। মংগোলীয় সকলক কি দুটা বহল ভাগত ভগাব পাৰি?
উত্তৰঃ মংগোলীয় সকলক দুটা বহল ভাগত ভাগ কৰা হৈছে। সেইকেইটা হল– (ক) অসম উত্তৰ ভাগ আৰু (খ) অসম ব্ৰহ্মভাগ।
২৩। কোনে আৰু কেতিয়া পোনপ্ৰথমে সংগঠনিক ৰূপত পাইক প্ৰথাৰ প্রৱর্তন কৰে।
উত্তৰঃ ১৬০৯ খ্ৰীষ্টাব্দত পোন প্ৰথমে স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই সাংগঠনিক ৰূপত পাইক প্রথাৰ প্রৱর্তন কৰে।
২৪। চুমুৱা পাইক আৰু কাঁড়ি পাইকসকল কোন আছিল?
উত্তৰঃ যিসকল পাইকে বাধ্যতামূলক গা-খাটনিৰ পৰা অব্যাহত পাইছিল আৰু তাৰ পৰিৱর্তে তেওঁলোকে ৰজাৰ ঘৰত কিছু কৰ সোধাব লগা হৈছিল তেনে পাইকক চখোৱা পাইক বোলা হৈছিল। আনহাতে বাধ্যতামূলক গা-খাটনিৰ পৰা সাধাৰণতে ৰেহাই নোপোৱা কৃষক প্রজাক কাড়ি পাইক বোলা হৈছিল। আনহাতে বাধ্যতামূলক গা-খাটনিৰ পৰা সাধাৰণতে ৰেহাই নোপোৱা কৃষক প্ৰজাক কাড়ি পাইক বোলা হৈছিল।
২৫। নেগ্ৰিট গোষ্টীৰ লোকসকলৰ গঠনৰ শাৰীৰিক গঠনৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ নেগ্ৰিট গোষ্ঠীৰ লোকসকলৰ গঠন তলত দিয়া ধৰণৰ–
ক) এওঁলোক চুটি-চাপৰ।
খ) এওঁলোকৰ বৰণ ক’লা।
গ) এওঁলোকৰ চুলি কেঁকোৰা।
২৬। প্রতি এশজন, হাজাৰ জন, আৰু ছয়হাজাৰ জন পাইকৰ উপৰত থকা বিষয়া সকলক কি কি নামেৰে জনা যায়?
উত্তৰঃ প্রতি এশজন পাইকৰ ওপৰত এজন শাইকীয়া প্রতি হাজাৰ জন মাইকৰ ওপৰত অজন হাজৰিকা আৰু প্রতি ছয়হাজাৰজন পাইকৰ ওপৰত এজন ফুকন আছিল।
২৭। নেগ্ৰিট সকলৰ সাংস্কৃতিৰ চাৰিটা বিশেষত্ব উল্লেখ কৰা।
উত্তৰঃ নেগ্ৰিট সকলৰ সাংস্কৃতিৰ চাৰিটা বিশেষত্ব হল–
(ক) ঘৰৰ ভিতালৈ যোৱা দুৱাৰ মুখৰ ওপৰত মৌ বিচনী ওলমাই হোৱা।
(খ) আকস্মিক ভাৱে মৃত্যুমুখত পৰা লোকৰ সবদেশ গছত বান্ধি ওলমাই ৰখা।
(গ) বাঁহৰ পৰা বিভিন্ন মাছ ধৰা সঁজুলি তৈয়াৰ কৰা।
(ঘ) মৃত্যুৰ পিছত আত্মাক বিশ্বাস কৰা।