Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য Question Answer can be of great value to excel in the examination.
Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
সমাজ আৰু সামাজিক বৈশিষ্ট্য
Chapter – 6
অনুশীলনী প্রশ্নোত্তৰ
১। (ক) তাবাকাৎ – ই – নাচিৰীৰ লেখক কোন?
উত্তৰঃ তাবাকাৎ – ই- নাচিৰীৰ লেখক হ’ল মিনহাজউদ্দিন চিৰাজ।
(খ) কোনবোৰ পথেৰে মংগোলীয় সকলে কামৰূত প্রৱেশ কৰিছিল?
উত্তৰঃ পটকাই পৰ্বতৰত গিৰিপাথবোৰেৰে মংগোলীয় সকলে কামৰূপত প্রৱেশ কাৰিছিল।
(গ) পাইক প্রথা কোনে প্রৱর্তন কৰিছিল?
উত্তৰঃ মোমাই তামুলী বৰবৰুৱাত স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত পাইক প্রথা প্রৱর্তন কৰিছিল।
(ঘ) পাইকৰ ভাগ দুটা কি কি?
উত্তৰঃ পাইকৰ ভাগ দুটা হল– ‘কাঁড়ী আৰু চমুৱা।
২৷ উত্তৰ-পূর্বাঞ্চলত সংঘটিত হোৱা জন প্ৰবজনৰ এক সম্যক ‘ধাৰণা দিয়া?
উত্তৰঃ সমগ্র উত্তৰ-পূর্বাঞ্চলত অতি আধুনিক সংস্কৃতিৰ সমাজৰ পৰা আৰম্ভ কৰি প্রাচীন জনজাতীয় সংস্কৃতিৰ সমাজলৈকে সকলো শ্রেণীৰ লোক বসবাস কৰি আছে। সেয়েহে এই গোটেই উত্তৰ-পূর্বাঞ্চলটোকে এটা ‘নৃ-তাত্ত্বিক যাদুঘৰ বুলি কোৱা হয়। বিভিন্ন জনগোষ্ঠীসমূহৰ ইতিহাস অধ্যয়ন কৰাটো বিশেষ কিছুমান কাৰণবশতঃ সহজ কাম নহয়। প্রত্নপ্রস্তুৰ যুগ বা তাৰ পিছৰ যুগৰ পতিত হৈ থকা কোনো জীৱাশ্মা বা নৰকংকাল এতিয়াও ইয়াত আবিষ্কৃত হোৱা নাই। ফলস্বৰূপে, কোন জনগোষ্ঠীৰ বা কোন শ্রেণীৰ লোক পোন প্রথমে এই অঞ্চললৈ আহিছিল তাক সঠিককৈ ক’ব নোয়াৰি। তথাপি বর্তমান অসমৰ তথা উত্তৰ-পূর্বাঞ্চল সকলো মানুহেই যে অন্য ঠাইৰ ভাষা আহি ইয়াত বসবাস কৰিছেহি সিও সঠিক ধাৰণা নহয়।
ইয়াত জনগোষ্ঠীসমূহৰ ভিতৰত আদিম হালুৱা প্রজাতিও আছে। জনগোষ্ঠীয় আৰু ভাষিক-সাংস্কৃতিক পাৰি পার্শ্বিকতালৈ চালে দেখা যায় যে তেওঁলোক চুবুৰীয়া তিববত চীন বা ব্রহ্মদেশৰ ফালৰ পৰা অহা মংগোলীয় গোষ্ঠীৰ লোকৰ অংশবিশেষহে। এই লোকসকলে বিভিন্ন গিৰিপথ তথা সাগৰীয় পথেৰে উত্তৰ-পূর্বাঞ্চলত প্ৰৱেশ কৰিছিল। উত্তৰ-পূর্বাঞ্চলৰ অধিবাসীসকল বিভিন্ন গোষ্ঠী প্রসূত লোক। তাৰ ভিতৰত মংগোলীয় গোষ্ঠীৰ ইন্দু-চীन শাখাৰ তিব্বত-বৰ্মীসকলে দ্রাবিড়, নেগ্ৰিট’, অষ্ট্র-এছিয়াটিক আৰু আর্যভাষীসকল প্রধান। এইসকল প্ৰব্ৰজনকাৰীৰ ভিতৰত অষ্ট্রিক ভাষী খাচি চিন্তেংসকলেই প্রথম ফৈদৰ প্রৱেশকাৰী বুলি পণ্ডিতসকলে ধাৰণা কৰে।
৩। জাতি গঠন প্রক্রিয়াত মংগোলীয়সকলৰ অৱদান সম্পর্কে এক টোকা প্রস্তুত কৰা।
উত্তৰঃ উত্তৰ-পূর্বাঞ্চলৰ পাহাৰ ভৈয়ামৰ অধিক সংখ্যক লোকেই মংগোলীয় গোষ্ঠীৰ ইন্দো-চীন ফৈদৰ তিববত বৰ্মী শাখাৰ লোক। বহুতৰ মতে খ্রী: পূ: ২০০০ বছৰৰ আগৰপৰাই বিভিন্ন সময়ত দল বান্ধি এওঁলোক এই অঞ্চলত প্রৱেশ কৰে। এওঁলোকৰ কোনো কোনো প্রথমেই আদি বাসস্থানৰ পৰা আহি ব্রহ্মপুত্র উপত্যকা আৰু ইয়াৰ কাষৰ পাহাৰীয়া অঞ্চলত সোমায়, আৰু আন কোনো কোনোৱে পোনতে ব্রহ্মদেশলৈ গৈ তাৰপৰা অসমৰ পূব আৰু পূর্ব-দক্ষিণৰ পার্বত্য পথেদি অসামৰ পাহাৰীয়া অঞ্চলত প্রৱেশ কৰে। উত্তৰ-পশ্চিমৰ গোৱালপাৰা, উত্তৰবংগ আদি ঠাইলৈ তিস্তা আৰু ধৰলা নদীৰ উপত্যকাইদি এওঁলোকৰ এটা অংশই প্রৱেশ কৰে। তাৰপৰা ক্রমান্বয়ে তেওঁলোক উত্তৰ-পশ্চিমৰ পাহাৰ ভৈয়ামত বিয়পি পৰে।
খাচিয়া-জয়ন্তীয়াসকলৰ পাহাৰীয়া বাসস্থান অঞ্চলক বাদ দি অসমৰ বর্তমান কাষৰীয়া পার্বত্য এলেকা আৰু ব্রহ্মপুত্র উপত্যকাৰ অধিকাংশ ঠাই এই মংগোলীয় গোষ্ঠীৰ লোকসকলেৰে এসময়ত ভাষা পৰিছিল। বড়ো, কোচ, কছাৰী, মৰাণ, চুতীয়া, বৰাহী, ৰাভা, মেচ, টিৱা, হাজং, মিচিং, আদি, আপাতানি আদি এই গোষ্ঠীৰ লোক। মংগোলীয় সকলক দুটা বহল ভাগত ভগায় পাৰি: (ক) উত্তৰ অসমৰ ভাগ আৰু (খ) অসম ব্রহ্ম ভাগ। বর্তমান অৰুণাচল প্রদেশৰ, আপাতানি, নিচি, মিচিং, মিচিমি আদি জনজাতিযৰ লোকসকলক উত্তৰ অসম ভাগত ধৰিব পাৰি। দ্বিতীয় ভাগত নগাসকলৰ আও, অংগামি, চেমা, ৰেংখা, লোথা আদিৰ উপৰি বড়োসকলক ধৰিব পাৰি। প্রাচীন আৰু মধ্যযুগত এওঁলোকৰ বহুতেই ৰাজ্য একোখন পাতি ৰাজনৈতিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল।
৪। কামৰূপলৈ ভাৰতীয় সংস্কৃতিৰ আগমনে কেনেধৰণৰ পৰিবর্তন আনিছিল আলোচনা কৰা।
উত্তৰঃ আর্যভাষী ব্ৰাহ্মণ সকলৰ আগমনৰ লগে লগে সীমিত ভাৱে হ’লেও অসমৰ থলুৱা সংস্কৃতিৰ এক ধাৰাবাহিক পৰিৱর্তন প্রক্রিয়া আৰম্ভ হৈছিল। জনজাতীয় গোষ্ঠীসমূহ নিজ নিজ এলেকাত নিজস্ব আচাৰ অনুষ্ঠানৰ মাজেৰে শক্তিশালী হৈ উঠাৰ লগে লগে আৰ্য গোষ্টী-প্ৰসূত ব্ৰহ্মণসকলে অনাৰ্য মুখিয়াল সকলক হিন্দু ধর্মত দীক্ষিত কৰি বহু ক্ষেত্রত সংস্কৃত কৰে। ইয়াৰ ফলস্বৰূপে ব্রাহ্মণ পুৰোহিত শ্রেণী আৰু এইসকল জন জাতীয় লোকৰ মাজত একপ্রকাৰৰ অবিচ্ছেদ্য সম্পর্ক এটাও স্থাপন হৈছিল। নিজৰ অর্থনৈতিক শক্তি আৰু এই বুদ্ধিমান পুৰোহিত শ্রেণীটোৰ সহায়ত এইদৰেই ব্ৰহ্মপুত্র উপত্যকাত প্রথম ৰাজ্য প্রতিষ্ঠা হয় আৰু আর্য ৰাজতন্ত্রৰ নীতি অনুশৰী অনাৰ্য ৰজাক আর্যকৃত ক্ষত্রিয় কাৰি একা দৈৱীক সূত্ৰৰ লগত তেওঁলোকক সংযুক্ত কৰা হয়।
নতুন ৰাজতন্ত্র প্রতিষ্ঠাৰ লগে লগে সমাজত দুটা প্রবল শক্তিৰ উদয় হৈছিল–
(ক) বর্ণাশ্রম প্রথা। আৰু
(খ) মানুহৰ মাজৰ শ্রেণীবিভাজন।
শাসক জনজাতি সকলক হিন্দু ধর্মত দীক্ষিত কৰাৰ লগে লগে এই ধর্মৰ নীতি অনুশৰী তেওঁলোকযৰ। একো একোটা জাতিত পৰিণত হৈছিল। লগে লগে সংস্কৃত কৰনৰ জৰিয়তে এই জাতি বিলাকৰ” ভিতৰত উচ্চ-নিচচৰ স্থান সৃষ্টি হৈছল। সংস্কৃত কাৰণৰ শীৰ্ষত উঠা সকল উচ্চ আৰু প্রাথমিক স্তৰত থকা সকল নিম্ন স্তৰত থাকিব লগা হৈছিল। নদ-নদী, ঠাই আদি সকলো বোৰৰে জনজাতীয় নামৰ পৰিবর্তন ঘটাই সংস্কৃত নাম দিয়া হৈছিল।
৫। পাইক ব্যৱস্থা ব্যৱস্থা কি? মধ্যযুগৰ কৃষিভিত্তিক সমাজ ব্যৱস্থাত এই সংগঠনৰ আৱশ্যকীয়তা কেনে আছিল লিখা।
উত্তৰঃ ১৬ বছৰৰ পৰা ৫০ বছৰ বায়সৰ ভিতৰত সকলো কর্মঠ মুনিহ প্রজাকে পাইক বুলি কোৱা হৈছিল আৰুপাল পাতি পাতি প্রতিজন পাইকে বছৰত তিনি মাহকৈ ৰাজ্যৰ বাবে অর্থাৎ ৰজাৰ হৈ কাম কাজ দিব লাগিছিল। এই নিয়মকেই পাইক প্রথা বুলি কোৱা হৈছিল।
৬। উত্তৰ-পূব পৰিষদত অন্তর্ভুক্ত নতুন ৰাজ্য খনৰ নাম কি?
উত্তৰঃ ছিকিম।
৭। ভাৰতৰ অন্তিম ৰেল ষ্টেচনটোৰ নাম কি?
উত্তৰঃ অতাৰী জংচন (পাকিস্তান)।
৮। হিউমাছ কি?
উত্তৰঃ মৃত উদ্ভিদ আৰু জীৱ-জন্তুৰ অৱশিষ্ট অংশ মাটিৰ লগত মিহলী হৈ যি জৈৱ পদার্থ তৈয়াৰ হয় তাকে হিউমাছ বোলে।
৯। জলবায়ু সম্পৰ্কীয় বিজ্ঞানী জনৰ নাম কি?
উত্তৰঃ ব্লাজিমিৰ কোপন।
১০। অসমৰ স্থায়ী জনপ্ৰজনৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ অসমূল স্থায়ী জনপ্ৰব্ৰজনৰ এটা উদাহৰণ হল– নৈৰ পাৰৰ সাৰুৱা কৃষিভূমি খেতি-বাতী ভাল হয় বাবে বিভিন্ন ঠাইৰ পৰা সময়ে সময়ে মানুহ আহি তাত স্থায়ীভাৱে থাকিবলৈ লয়। যেনে: ব্রহ্মপুত্ৰৰ চৰ অঞ্চলত থাকা লোকসকল।
Very good