Class 11 Swadesh Adhyayan Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য

Join Telegram channel

Class 11 Swadesh Adhyayan Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য Question Answer can be of great value to excel in the examination.

Class 11 Swadesh Adhyayan Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য

Chapter – 7

অনুশীলনী প্রশ্নোত্তৰ

১। অসমত কি কি ভাষাত সাহিত্য চর্চা হৈছিল? 

উত্তৰঃ অসমত অসমীয়া আৰু সংস্কৃত ভাষাত সাহিত্য চর্চা হৈছিল।

২। চর্যাপদসমূহ কেতিয়া লিখা হৈছিল? 

উত্তৰঃ খ্ৰীষ্টীয় ৭ম আৰু ৮ম শতিকাত চর্যাপদ সমূহ লিখা হৈছিল।

৩। কালিকা পুৰাণ’ কেতিয়া প্রণয়ন কৰা হৈছিল? 

উত্তৰঃ খ্ৰী: ১০ম শতিকাত “কালিকা পুৰান” প্রণয়ন কৰা হৈছিল।

৪। যোগিনীতন্ত্র কেতিয়া লিখা হৈছিল? 

উত্তৰঃ যোগিনীতন্ত্র ষোড়শ শতিকাত লিখা হৈছিল।

৫। অসমৰ কেইটামান বুৰঞ্জী সাহিত্যিক সমলৰ নাম লিখা? 

উত্তৰঃ অসমৰ কেইটামান বুৰঞ্জী সাহিত্যিক সমলত নাম হল– হৰগৌৰীবিলাস, কালিকাপুৰাণ, ভূঞাৰ পুথি বা আদি চৰিত আদি।

৬। আহোম যুগত সৃষ্টি হোৱা সাহিত্যসমূহৰ ভাগসমূহ কি কি?

উত্তৰঃ আহোম যুগত সৃষ্টি হোৱা সাহিত্যসমূহৰ ভাগসমূহ হল– বুৰঞ্জী সাহিত্য, ধর্মীয় সাহিত্য, অনুবাদ আৰু অন্যান্য সাহিত্য, ব্যাকৰণ, বিজ্ঞান আৰু চিকিৎসাবিজ্ঞাননে সাহিত্য।

৭। টাই, ভাষাত ‘বুৰঞ্জী মানে কি? 

উত্তৰঃ টাই ভাষাত বুৰঞ্জী’ মানে হ’ল মূর্খ বা নজানা মানুহৰ শিক্ষাৰ ভঁৰাল।

৮। তুং খুঙীয়া ফৈদৰ ৰজা ৰাজেশ্বৰ সিংহৰ দিনত কোনে নিজ অভিসন্ধি পূৰণৰ কাৰনে বহুত মূল্যৱান বুৰঞ্জী পুথি জুইত পুৰি ধ্বংস কৰে? 

উত্তৰঃ তুমুঙীয়া ফৈদৰ ৰাজা ৰাজেশ্বৰ সিংহৰ দিনত কীৰ্তিচন্দ্ৰ দৰবৰুৱাই নিজ অভিসন্ধি পূৰণৰ বাবে বহুত মূল্যৱান বুৰঞ্জী পুথি জুইত পুৰি ধংস কৰে।

৯। কেইখনমান বুৰঞ্জীৰ নাম লিখা?

উত্তৰঃ কেইখনমান বুৰঞ্জীৰ নাম হ’ল ৰায়চাহাব গোলাপচন্দ্র বৰবৰুৱাৰ দ্বাৰা অনুদিত আহোম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী সুকুমাৰ মহন্তৰ ঘৰৰ পৰা আনি প্রকাশ কৰা অসম বুৰঞ্জী, সাতশৰী অসম বুৰঞ্জী ইত্যাদি।

১০। আহোম ভাষাৰ পৰা অনুবাদ কৰা উল্লেখনীয় বুৰঞ্জীখনৰ নাম কি?

উত্তৰঃ আহোম ভাষাৰ পৰা অনুবাদ কৰা উল্লেখনীয় বুৰঞ্জীখনৰ নাম হ’ল ৱেইচালিচাও।

১১। কাৰ ইচ্ছানুযায়ী কবি সূর্যখড়ি দৈৱজ্ঞই দৰং ৰাজবংশাৱলী প্রণয়ন কৰে? 

উত্তৰঃ “কোঁচ ৰাজসকলৰ ধৰঙী ফৈদৰ ৰজা সমুদ্রনাৰায়ণৰ ইচ্ছানুযায়ী কবি সূৰ্যখাড়ি দৈৱজ্ঞই দৰং ৰাজবংশাৱলী প্রায়ন কৰে।

১২। সদ্যহতে প্রকাশিত চৰিত কেইজনমানৰ নাম লিখা?

উত্তৰঃ সদ্যহতে প্রকাশিত চৰিত কেখনমানৰ নাম হল– কথা গুৰু চৰিত, ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত, দৈত্যৰি ঠাকুৰৰ মহাপুৰুষ শ্রী শ্রী শংকৰদেৱ আৰু শ্রী শ্রী মাধৱদেৱ চৰিত, ৰামানন্দ দ্বিজৰ শুৰু চৰিত ভূষণ দ্বিজৰ মহাপুষ শংকৰদেৱ আদি।

১৩। কোনে’ ব্ৰহ্মবৈৱত পুৰান অসমীয়ালৈ অনুবাদ কৰিছিল? 

উত্তৰঃ কবিৰাজ চক্রৱর্তীয়ে ‘ব্রহ্ম বৈৱর্ত পুৰাণ’ অসমীয়ালৈ অনুবাদ কৰিছিল।

১৪। ‘সূর্যসিদ্ধান্ত’ নামৰ জ্যোতির্বিজ্ঞানৰ আন এটা নাম কি? 

উত্তৰঃ সূর্যসিদ্ধান্ত’ নামৰ জ্যোতির্বিজ্ঞানৰ আন এটা নাম হ’ল ‘ভাস্বতি’।

১৫। শাক্ত ধর্মীয় কেইমনমান সংস্কৃত গ্রন্থৰ নাম লিখা? 

উত্তৰঃ শাক্ত ধর্মীয় কেইখনমান সংস্কৃত গ্রন্থৰ নাম হল ‘যোগিনীতন্ত্র’ ‘কামৰূপতন্ত্র’ আদি।

১৬। হস্তীবিদ্যাৰ্ণৱ নামৰ গ্রন্থ খনৰ ৰচনা কোনে কৰিছিল? 

উত্তৰঃ হস্তীবিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখনৰ ৰচনা সুকুমাৰ বৰকাইয়থে কৰিছিল।

১৭। ‘সজেন্দ্রচিন্তামণি’ নামৰ গ্রন্থখনৰ ৰচনা কোনো কৰিছিল? 

উত্তৰঃ ‘গজেন্দ্রচিন্তামণি’ নামৰ গ্রন্থখনৰ ৰচনা শম্ভুনাথে কৰিছিল।

১৮। সুকুমাৰ কলাসমূহ কি কি? 

উত্তৰঃ সুকুমাৰ কলাসমূহ হল গীত, নৃত্য, চিত্র, বাদ্য আদি।

১৯। কিমান শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে কোন সজালৈ উপহাৰৰ লগত ছবি আকাঁ সঁজুলি, ৰঙ ভৰোৱা পাত্র, সাঁচিপতীয়া পুথি প্রেৰণ কৰিছিল?

উত্তৰঃ সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বর্মনে কনৌজাৰ ৰাজা হর্ষবর্ধনলৈ উপহাৰৰ লগত ছবি অকাঁ সঁজুলি, ৰঙ ভৰোৱা পাত্র সাঁচিপতীয়া পুথি প্রেৰণ কৰিছিল।

২০। ছবি আঁকিবৰ কাৰণে প্রয়োজন হোৱা আহিলাসমূহ স্থানীয় ভাৱে পোৱা সমলসমূহৰ নাম লিখা?

উত্তৰঃ ছবি আঁকিবৰ কাৰণে প্রয়োজন হোৱা আহিলাসমূহকে স্থানীয় ভাৱে পোৱা সমলসমূহৰ নাম হ’ল– চৰাইৰ পাখি, ঘোঁৰাৰ নেজৰ নাম, কপাহ প্রভৃতিৰে তালিকা সাজি লৈছিল।

২১। অসমৰ চিত্রশৈলী মূলতঃ কেই প্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ অসমৰ চিত্রশৈলী মূলতঃ তিনি প্রকাৰৰ আৰু সেইকেইটা হল– (ক) সক্রীয়া, (খ) ৰাজাঘৰীয়া (গ) সাধাৰণ অলংকাৰ।

২২। শংকৰদেৱে কি ভাওনাৰ মাধ্যমেদি সাতখন বৈকুণ্ঠক চিত্রপট আঁকি সকলোকে সন্মুখত প্রদর্শন কৰিছিল?

উত্তৰঃ চিহ্নযাত্রা ভাওনাৰ মাধ্যমেদি সাতখন বৈকুন্ঠৰ চিত্রপট আঁকি সকলোকে সম্মুখত প্রদর্শন কৰিছিল।

২৩। শংকৰদেৱে নাটক বুজাবলৈ কি শব্দ ব্যৱহাৰ  কৰিছিল? 

উত্তৰঃ শংকৰদেৱ নাটক বুজাবলৈ ‘যাত্রা’ শব্দ ব্যবহাৰ কৰছিল।

২৪। শংকৰদেৱে চিত্রৰ মোগেদি দেখুওৱা নাটক খনৰ নাম কি? 

উত্তৰঃ শংকৰদেৱে চিত্রৰ যোগেদি দেখুওৱা নাটকখনৰ নাম হল চিহ্নযাত্ৰা।

২৫। কাৰ কাৰ শাসন কালত চিত্রকলাই অনন্য মাত্রা লাভ কৰে? 

উত্তৰঃ স্বৰ্গদেউ ৰূদ্রসিংহ আৰু শিৱসিংহৰ শাসন কালত চিত্রকলাই অনন্য মাত্রা লাভ কৰে।

২৬। কাৰ দিনত কোনো ‘গীত গোবিন্দ’ অনুবাদ কৰিছে? 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কবিৰাজ চক্ৰৱৰ্তীয়ে গীত গোবিন্দ অনুবাদ কৰিছিল।

২৭। কাৰ দিনত ‘আনন্দ-লহৰী’ অনুদিত হৈছিল? 

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত ‘আনন্দ-লহৰী ‘অনুদিত হৈছিল।

২৮। হস্তীবিদ্যানৰ গ্রন্থখনৰ চিত্রকৰ দুজনৰ নাম কি? 

উত্তৰঃ দিলবৰ আৰু দোছাই।

২৯। চাৰিওফালে লতা কাটি আঁকা পুথিক কি হিচাপে ‘অভিহিত কৰা হয়?

উত্তৰঃ চাৰিওফালে লতা কাটি আঁকা পুথিক ‘লতাকাটা’ পুথি হিচাপে অভিহিত কৰা হয়।

৩০। ৰং তৈয়াৰ কৰিবলৈ ব্যবহাৰ কৰা প্রাকৃতিক উপাদানৰ নাম লিখা?

উত্তৰঃ ৰং তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা প্রাকৃতিক উপাদানৰ নাম হ’ল পোৰা মাটি, হাইতাল, ধতুৰা, মজঠা, হালধি, পলাশ ফুল, শিলিখা আদিৰ ৰাসেৰে ৰং প্রস্তুত কৰি লৈ চিত্ৰ অংকন কৰিছিল।

৩১। প্রাচীন কালৰে পৰা প্রচলিত হৈ অহা সংগীতৰ দুটা ধাৰা কি কি?

উত্তৰঃ প্রাচীন কালৰে পৰা প্রচলিত হৈ অহা সংগীতৰ দুটা ধাৰা হ’ল মাৰ্গী আৰু দেশী।

৩২। মাৰ্গী সংগীত কাক বোলে? 

উত্তৰঃ সংগীতত স্বৰ, পদ আৰু তালসম্পর্কীয় সকলো বিষয় কঠোৰ নিয়মৰ দ্বাৰা নিয়ন্ত্রিত সংগীতক মাৰ্গী সংগীত বোলে………।

৩৩। দেশী সংগীত কাকে বোলে?

উত্তৰঃ সর্বসাধাৰণনৰ মনোৰঞ্জনৰ অর্থে পৰিবৱেশন কৰা সংগীতেই হ’ল দেশী সংগীত। 

৩৪। মাৰ্গী আৰু দেশী সংগীত কেতিয়া চর্চা কৰা হয়?

উত্তৰঃ ৰজাসকলৰ যাগ-যজ্ঞৰ সময়ত মার্গী আৰু সচৰাচাৰ ৰাজ সভাত মনোৰঞ্জনৰ অর্থে দেশী সংগীত চর্চা কৰা হৈছিল।

৩৫। ‘জিকিৰ’ আৰু ‘জাৰি’ ৰ ৰচক কোন? 

উত্তৰঃ আজান ফকীৰ।

৩৬। কাৰ দিনত “পাখোৱাজ” নামৰ হিন্দুস্থানী বাদ্যযন্ত্র প্রচলন হৈছিল? 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত “পাখোৱাজ” নামৰ হিন্দুস্থানী বাদ্য যন্ত্ৰ প্ৰচলন হৈছিল।

৩৭। পান-বাদ্য পৰিচালনা কৰা বিষয়াজনক কি নামেৰে জনা যায়? 

উত্তৰঃ গান-বাদ্য পৰিচালনা কৰা বিষয়াজনক গায়ন বৰুৱা নামেৰে জনা যায়।

৩৮। বাদ্যসমূহৰ ভিন্নতা অনুযায়ী কেইটা ভাগত ভাগ কৰিব পাৰি? 

উত্তৰঃ বাদ্যসমূহৰ ভিন্নতা অনুযায়ী চাৰিটা ভাগত ভাগ কৰিব পাৰি– অৱনদ্ধ বাদ্য, সুষিৰ বাদ্য, ঘন বাদ্য, তত বাদ্য।

৩৯। বিভিন্ন প্রকাৰৰ ঢোলৰ নাম লিখা? 

উত্তৰঃ বিভিন্ন প্রকাৰৰ ঢোলৰ নাম হ’ল জয়ঢোল, চেপাঢোল, বৰঢোল, কামৰূপী ঢোল।

৪০। অৱনদ্ধ বাদ্যৰ কেইটামান উদাহৰন দিয়া? 

উত্তৰঃ অৱনদ্ধ বাদ্যৰ কেইটামান উদাহৰণ হল– ঢাক, দবা, ডগৰ, ঢোলক, নাগাৰা, মৃদংগ।

৪১। সুষিৰ বাদ্য কি? 

উত্তৰঃ কোনো বিশেষ মাধ্যমৰ মাজেদি বতাহ নির্গত কৰি শব্দ উৎপাদন আৰু সুৰ সন্ধাৰ কৰিব পৰা বাদ্যই সুষিৰ বাদ্য। উদাহৰণস্বকাপে আৰু শিঙা, পেঁপা, কালি, গগণা, সুতুলি, বাঁহী বা বংশী ইত্যাদি।

৪২। ততবাদ্যৰ কেইটামান উদাহৰণ দিয়া? 

উত্তৰঃ ততবাদ্যৰ কেইটামান উদাহৰণ হ’ল– লাও ঢোকাৰী, খমক বা আনন্দ লহৰী, দোতাৰা বা টোকাৰি উল্লেখযোগ্য।

৪৩। ঘনবাদ্য কাক বোলে? 

উত্তৰঃ ধাতু, কাঠ বা বাঁহ নির্দিষ্ট জোমাত কাটি পৰস্পৰে আঘাত কৰি শব্দ উৎপাদন কৰা বাদ্যসমূহকে ঘনবাদ্য বোলে। উদাহৰণস্বপে– বৰকাঁহ, গৰুকাঁহ, তাল, মঞ্জৰী, ঘন্টা, নূপুৰ, টকা, জুনুকা উল্লেখনীয়।

৪৪। আহোম ৰজাসকলে কিমান শতিকাৰ পৰা কিমান শতিকালৈ অসম শাসন কৰিছিল?

উত্তৰঃ খ্রীঃ ক্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকা পর্যন্ত আহোম ৰজাৰ কলে অসম শাসন কৰিছিল।

৪৫। প্ৰাচীন বা মধ্যযুগৰ কালছোৱাত ৰাজবংশই কি ধর্মৰপৰা তেওঁলোকৰ ন্যায্যতা আৰু একাধিপত্যৰ যৌক্তিকতা আসও কৰিছিল? 

উত্তৰঃ প্রাচীন বা মধ্যযুগেৰ কালছোৱাত ৰাজবংশই হিন্দু ব্রাহ্মণ্য ধর্মৰ পৰা তেওঁলোকৰ ন্যায্যতা আছে একাধিপত্যৰ যৌক্তিকতা আয়ও কৰিছিল।

৪৬। কামাখ্যা দেৱীৰ মন্দিৰটো কোনো পুনৰ নির্মাণ কৰাইছিল? 

উত্তৰঃ কোঁচ ৰাজ্যখনৰ প্রতিষ্ঠাৰ সময়ত বিশ্বসিংহই আৰু পিছত তেওঁৰ পুত্র নৰণাৰায়নে কামাখ্যা দেৱীৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল।

৪৭। কোন আহোম ৰজাৰ সময়ত কামাখ্যা মন্দিৰত বংগদেশৰ তান্ত্রিক পুৰোহিত কৃষ্ণৰাম ভট্টাচার্যকে প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্রসিংহৰ সময়ত কামাখ্যা মন্দি মন্দিৰত বংগদেশৰ তান্ত্রিক পুৰোহিত কৃষ্ণৰাম ভট্টাচার্যক প্রতিষ্ঠা কৰা হৈছিল।

৪৮। নামনি ব্ৰহ্মপুত্র উপত্যকাৰ কোঁচ, মেচ, বড়ো আদি জন-জাতীয় লোকসকলৰ মাজত কি কি পূজা চলিছিল?

উত্তৰঃ নামনি ব্রহ্মপুত্র উপত্যকাৰ কোঁচ, মেচ, বড়ো আদি জনজাতীয় লোকসকলকৰ মাজত বাথৌব্ৰাই যা শিৱৰাইৰ পূজা চলিছিল।

৪৯। ত্রিপুৰাত কি দেৱীৰ পূজা প্রচলন আছিল? 

উত্তৰঃ ত্রিপুৰাত ত্ৰিপুৰাসুন্দরী দেৱীৰ পূজা প্রচলন আছিল।

৫০। কোনে মায়াবলেৰে কদলী ৰাজ্যৰ ভিতৰ প্রৱেশ কৰি তেওঁৰ তাত বন্দী হৈ থকা গুৰু মৎসেন্দ্রনাথক উদ্ধাৰ কৰিছিল বুলি উল্লেখ পোৱা যায়?

উত্তৰঃ নাহাধর্মৰ প্ৰৱৰ্তক গুৰু গোৰক্ষনাথে মায়াবলেৰে কদলি ৰাজ্যৰ ভিতৰত প্রৱেশ কৰি তেওঁৰ তাত বন্দী হৈ থকা গুৰু মৎসেন্দ্রনাথমক উদ্ধাৰ কৰিছিল বুলি উল্লেখ পোৱা যায়।

৫১। কল্পতৰু শাস্ত্ৰৰ আন এটা নাম কি? 

উত্তৰঃ কল্পতৰু শাস্ত্ৰৰ “আন এটা নাম হল ‘ধাতু তাম্রাক্ষৰী শাস্ত্র’।

৫২। মায়ামৰা বৈষ্ণৱ পন্থৰ আদিগুৰু কোন? 

উত্তৰঃ মায়ামৰা বৈষ্ণৱ গ্ৰন্থৰ আদিগুৰু হল অনিৰুদ্ধদেৱ।

৫৩। ৰামসিংহই অসম আক্ৰমণ কৰিবলৈ আহোঁতে অসমৰ মানুহৰ তন্ত্র-মন্ত্র, যাদুবিদ্যাৰ প্রভাৱৰ পৰা ৰক্ষা কৰি থাকিবলৈ লগত কাক আনিছিল? 

উত্তৰঃ ৰামসিংহই অসম আক্রমণ কৰিবলৈ আহোঁতে অসমযৰ মানুহৰ তন্ত্র-মন্ত্র, যাদুবিদ্যাৰ প্রভাৱৰ পৰা ৰক্ষা পৰি থাকিবলৈ লগত পাঁচজন মুছলমান ‘পীৰ’ আৰু শিখগুৰু টেগবাহাদুৰক লৈ আহিছিল।

৫৪। বাহাৰিস্তান-ই-ঘাইবী নামৰ গ্রন্থখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ বাহাৰিস্তান-ই-ঘাইবী নামৰ গ্রন্থখন কোনে মিৰজা নাথানে ৰচনা কৰিছিল।

৫৫। কোন ৰজাই কোন দেৱীৰ আগত মোগল সেনাপতি সত্ৰাজিতৰ পুতেক ৰামচন্দ্ৰক বলি দিছিল?

উত্তৰঃ আহোম ৰজা প্রতাপ সিংহই গুয়াহাটীৰ নিলাচলত কামাখ্যা দেৱীৰ আগত মোগল সেনাপতি সত্ৰাজিতৰ পুতেক ৰামচন্দ্রক বলি দিছিল।

৫৬। শদিয়াৰ কোন মন্দিৰত নৰবলি দিয়া হৈছিল? 

উত্তৰঃ শদিয়াৰ, তাম্ৰেশ্বৰী মন্দিৰত নৰবলি দিয়া হৈছিল।

৫৭। কোন মন্দিৰত দেৱীৰ আগত আহোম স্বৰ্গদেউসকলৰ দিনত কমেও বাৰজনকৈ মানুহ বছৰেকত বলি দিয়া হৈছিল?

উত্তৰঃ গুৱাহাটীৰ কামাখ্যা মন্দিৰত দেৱীৰ আগত আহোম স্বৰ্গদেউ সকলৰ দিনত কমেও বাৰজনকৈ মানুহ বছৰেকত বলি দিয়া হৈছিল বুলি জনা যায়।

৫৮। কোনো কামাখ্যা মন্দিৰত নৰবলি প্রথা ৰদ কৰিবলৈ প্রথম প্রচেষ্টা চলায়?

উত্তৰঃ বৌদ্ধ তান্ত্রিকতাবাদ আৰু কৌল প্রথাৰ ব্রাহ্মণ্যকৰণ প্রক্রিয়াৰ প্রধান শুৰু আৰু সংস্কাৰক গোৰক্ষনাথেই কামাখ্যা মন্দিৰত নৰবলি প্রথা ৰদ কৰিবলৈ প্রথম প্রচেষ্টা চলায়।

৫৯। কিমান শতিকাৰ কোন আহোম ৰজাৰ দিনলৈ বলি প্রথা চলি থকাৰ কথা জনা যায়?

উত্তৰঃ অষ্টাদশ শতিকাৰ শেষলৈ স্বৰ্গদেউ গৌৰিনাথ সিংহৰ দিনলৈকে বলি প্রথা চলি থকাৰ কথা জনা যায়।

৬০। কোন ৰজাই কিমান শকত কামাখ্যা দেৱীৰ সন্তষ্টিৰ অর্থে একলক্ষ পশু-পক্ষীৰ বলি আগবঢ়াইছিল? 

উত্তৰঃ স্বৰ্গদেউ গৌৰীনাথ সিংহই ১৭০০ শকত কামাখ্যাদেৱীৰ সন্তষ্টিৰ অর্থে একলক্ষ পশু-পশীৰ বলি আগবঢ়াইছিল।

৬১। প্রাক মধ্যযুগৰ কালছোৱাত উত্তৰ ভাৰতত কি কি প্রধান ধর্ম বিশ্বাস আৰু দর্শনৰ ধাৰাৰ প্রচলন আছিল? 

উত্তৰঃ প্রাক মধ্যযুগৰ কালছোৱাত উত্তৰ ভাৰতত অদ্বৈত বেদান্ত তান্ত্রিকতাবাদ আৰু যোগ বা হঠযোগবাদ নামৰ প্রধান ধর্ম বিশ্বাস আৰু দর্শনৰ ধাৰাৰ প্রচলন আছিল।

৬২। শংকৰাচার্য অদ্বৈত বেদন্তৰ দর্শনে কি কি ধর্মক প্রভাৱান্বিত কৰিছিল? 

উত্তৰঃ শংকৰাচার্য অদ্বৈত বেদান্তৰ দর্শনে বৌদ্ধ আৰু জৈন ধর্মৰ প্রভাৱান্বিত কৰিছিল।

৬৩। শংকৰাচার্যৰ দর্শনৰ প্রধান তত্ত্বটো কি আছিল? 

উত্তৰঃ শংকৰাচাৰ্যৰ দর্শনৰ প্রধান তত্ত্বটো আছিল এই যে মানুহ আৰু পৰমব্রহ্ম ইশ্বৰৰ সুকীয়া অস্তিত্ব নাই। সকলো প্রাণীতে ইশ্বৰে বর্তমান। সেই পৰম ব্ৰহ্মই হ’ল সর্বময় কর্তা; সকলো দেৱ-দেবীয়েই তেওঁৰ অধীন।

৬৪। শংকৰাচার্য্যৰ মতে ব্রহ্মা বা ভাগৱত প্রাপ্তিৰ প্রধান উপায় কি? 

উত্তৰঃ শংকৰাচার্যৰ মতে ব্ৰহ্ম বা ভাগৱত প্রাপ্তিৰ প্রধান উপায় হল জ্ঞান’।

৬৫। ‘ভক্তি’ শব্দৰ অর্থ কি?

উত্তৰঃ ‘ভক্তি’ শব্দৰ অর্থ হল ভজনা বা প্রশংসা কৰা বা ভাল পোৱা। 

৬৬। কি ধর্মম আগমনে ভাৰতত ভক্তি ধর্মৰ ভেটি ৰচনা কৰিছিল? 

উত্তৰঃ ইছলাম ধৰ্মৰ আগমনে ভাৰতত ভক্তি ধর্মৰ ভেটি ৰচনা কৰিছিল।

৬৭। ইছলাম ধৰ্মৰ পধান বৈশিষ্ট্য কি? 

উত্তৰঃ ইছলাম ধর্মৰ প্রধান বৈশিষ্ট্য হল একেশ্বৰবাদ।

৬৮। সহস্র দেৱ-দেবীৰ ঠাইত কিহৰ উত্থানে বহুত্ববাদী ধর্মীয় ধাৰণাৰো সৱলীকৰণ কৰিলে?

উত্তৰঃ সহস্র দেৱ দেৱীৰ ঠাইত এক দেৱ এক সেৱ’ ৰ উত্থানে কাহত্ববাদী ধর্মীয় ধাৰণাৰো স‌ৱলীকৰণ কৰিলে।

৬৯। কি কি শক্তিয়ে, ভক্তি আন্দোলন গঢ়ি উঠাত সহায় কৰিছিল? 

উত্তৰঃ সমসাময়িক ধর্মপন্থাবোৰৰ মাজত সোমাই পৰা তন্ত্র-মন্ত্র আৰু যাদু-বিদ্যা, জটিল ব্রাহ্মণ্য ক্রিয়া-কাণ্ড জড়িত পুৰোহিতকেন্দ্ৰিক ধর্ম, বৰ্ণাশ্ৰম প্রধান সমাজ ব্যৱস্থাত ইছলামৰ প্রৱেশ ইত্যাদি নানান শক্তিয়ে ভক্তি আন্দোলন গঢ়ি উঠাত সহায় কৰিছিল। 

৭০। ভক্তি আন্দোলনৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ ভক্তি আন্দোলনৰ মূখ্য উদ্দেশ্য আছিল প্রচলিত হিন্দু ধর্মৰ জটিল ক্রিয়া-কাণ্ডৰ সৰলীকৰৰ কৰা, আৰু হিন্দু-মুছলমান আদি সকলো সম্প্রদায়ৰ লোকেই গ্রহণ কৰিব পৰাকৈ এটা সার্বজনীন হিন্দু উপাসনা পদ্ধতি আবিষ্কাৰ কৰা।

৭১। অসমত এই নতুন ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা সমূহৰ নাম কি?

উত্তৰঃ অসমত এই নতুন ভক্তি আন্দোলনৰ গুৰি ধৰোতাসমূহৰ নাম হল– মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱ।

৭২। শংকৰদেৱ প্রথমে তেওঁৰ ধর্ম সংস্থাৰ আন্দোলন কোন ৰজাৰ দিনত আৰম্ভ কৰে? 

উত্তৰঃ শংকৰদেৱে প্রথমে তেওঁৰ ধর্ম সংস্কাৰ আন্দোলন স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ দিনত আৰম্ভ কৰে। 

৭৩। শংকৰদেৱে কিহৰ ওপৰত ভিত্তি কৰি একেশ্বৰবাদী বৈষ্ণৱ। ধর্ম প্রচাৰ আৰম্ভ কৰে? 

উত্তৰঃ শংকৰদেৱে ভোগৱত পুৰান, ভাগৱত গীতা আৰু ভক্তিসূত্ৰৰ নাৰদ আৰু শাণ্ডিল্যৰ মূল দর্শনৰ ওপৰত ভিত্তি কৰি একেশ্বৰবাদী বৈষ্ণৱ ধর্ম প্রচাৰ আৰম্ভ কৰে।

৭৪। ‘একশৰনিয়া বৈষ্ণৱ ধর্ম। কাক বোলা হয়? 

উত্তৰঃ সহস্রাধিক দেৱ-দেৱীকে পূজা নকৰি একমাত্র এজন দেৱতাৰ (বিষ্ণু বা কৃষ্ণ) অকান্ত ভক্তি ভাবেৰে উপাসনা কৰিবলৈ শিক্ষা দিয়াৰ বাবেই তেওঁৰ এই সংস্কাৰমূলক ধর্ম বিশ্বাসক ‘একশৰণীয়া বৈষ্ণৱ ধর্ম” বোলা হয়।

৭৫। ভাগৱতী ধর্ম’ কাক বোলে? 

উত্তৰঃ ভাগৱতৰ পৰাই এই একশ্বেৰবাদী ধর্মৰ মূল কথাবোৰ লোৱা হৈছিল কাৰণে ইয়াক ‘ভাগৱতী ধর্ম’ বোলা হয়।

৭৬। একশ্বৰবাদী ধর্মৰ আন এটা নাম কি? 

উত্তৰঃ একশ্বৰবাদী ধর্মৰ আন এটা নাম হল ‘মহাপুৰুষীয়া ধর্ম’।

৭৭। মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ পধান বৈশিষ্ট) কি? 

উত্তৰঃ মহাপুৰুষীয়া বৈষ্ণৱ ধর্মৰ প্রধান বৈশিষ্ট্য হল একেশ্বৰবাদী দর্শন।

৭৮। মহাপুৰুষীয়া বৈষ্ণৱ ধর্মৰ তত্ত্বটো কি?

উত্তৰঃ মহাপুৰুষীয়া বৈষ্ণৱ ধর্মৰ তত্ত্বটো হল–

একনামে য’ত পাপ সংহৰিত পাৰে

ততেক পাতকী পাপ কৰিতে নপৰে।

৭৯। নৱবৈষ্ণৱ ধর্মৰ এটা অতি গুৰুত্বপূর্ণ বৈশিষ্ট্যটো কি? 

উত্তৰঃ নৱবৈষ্ণব ধর্মৰ এটা অতি গুৰুত্বপূর্ণ বৈশিষ্ট্য হল– ই ব্যক্তিগত প্ৰধানাতকৈ সামূহিক উপাসনা আৰু আচৰতহে অধিক গুৰুত্ব দিছিল।

৮০। নামধর্মৰ প্রসংগত ড° বাণীকান্ত কাকতিয়ে কি কৈছিল? 

উত্তৰঃ ড° বাণীকান্ত কাকতিৰ মতে, এই ধর্ম কাণে কাণে গোপনে কোৱা নীতি কিছুমানৰ সমষ্টি নাছিল। ৰাজহুৱা ধর্ম সভাত আৰু উৎসৱৰ ঠাইত ইয়াক ঘোষণা কৰি কোৱা হৈছিল, আৰু মানুহে যেতিয়া দৈনন্দিন কামৰ মাজত গীতক সাহায়েৰে অন্তৰক জুৰণি বিচাৰিছিল, তেতিয়া এই ধর্মৰ ধবনি-প্ৰতিধনি উঠছিল। এনে সামূহিক উপাসনাৰ বাবেই শংকৰদেৱে নামঘৰ ‘উলিয়াইছিলা।

৮১। গুৰুসকলৰ জীৱনী গ্রন্থ সমূহক কি বুলি কোৱা হয়? 

উত্তৰঃ গুৰুসকলৰ জীৱনীগ্রন্থ সমূহক ‘চৰিত পুথি’ বা ‘গুৰু চৰিত বুলি কোৱা হয়।

৮২। শংকৰদেৱৰ নাম ধর্ম প্রচাৰৰ মূল সংগঠন কি আছিল? 

উত্তৰঃ শংকৰদেৱৰ নাম ধর্ম প্রচাৰৰ মূল সংগঠন আছিল সত্ৰ আৰু নামঘৰ।

৮৩। অসমলৈ মুছলমানসকলৰ আগমন কেতিয়া হৈছিল? 

উত্তৰঃ অসমলৈ মুছলমানসকলৰ আগমন ১২০৫ খ্ৰী:ত: হৈছিল।

৮৪। মিনহাজ উদ্দিন চিৰাজৰ গ্রন্থখনৰ নাম কি? 

উত্তৰঃ মিনহাজ উদ্দিন চিৰাজৰ গ্রন্থখনৰ নাম ‘তাবাকাত-ই-নাছিৰি’।

৮৫। বংগৰ প্রাদেশিক শাসনকর্তা মহম্মদ বিন খামতিয়াৰৰ অসম ৰাজ্য আক্রমণ কৰাৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ কামৰূপৰ মাজেদি গৈ তিব্বত, চীন বা তুর্কীস্তান জয় কৰা।

৮৬। প্রাদেশিক শাসনকর্তা মহম্মদ বিন বসতিয়াৰে অসম আক্রমণ কৰোতে কামৰূপৰ ৰজা কোন আছিল? 

উত্তৰঃ প্রাদেশিক শাসনকর্তা মহম্মদ বিন বখতিয়াৰে অসম আক্ৰমণ কৰোতে কামৰূপৰ ৰজা আছিল পৃথু বা বার্তু।

৮৭। মহম্মদ বিন বখতিয়াৰৰ সৈন্যৰ এই যুদ্ধৰ কাহিনী ক’ত সংক্ষেপে লিপিবদ্ধ আছে? 

উত্তৰঃ মহম্মদ বিন বখতিয়াৰৰ সৈন্যৰ এই কাহিনী উত্তৰ-গুৱাহাটীৰ কানাই বৰশী শিলালিপিত অতি সংক্ষেপে লিপিবদ্ধ আছে।

৮৮। আহোম শাসন কালৰ এজন মুছলমান বিষয়ৰ নাম কি? 

উত্তৰঃ আহোম শাসন কালৰ এজন মুছলমান বিষয়াৰ নাম হল ইছমাইল চিদ্দিকী হাজৰিকা বা বাঘ হাজৰিকা।

৮৯। আজান ফকীৰ ক’ ৰ পৰা অসমলৈ আহিছিল? 

উত্তৰঃ আজান ফকীৰৰ বাগদাদৰ পৰা অসমলৈ আহিছিল।

৯০। মিছনেৰী সকলে পোনপ্রথমে ক’ত খোপনি পুতিছিল।

উত্তৰঃ মিছনেৰীসকলে পোনপ্রথমে জয়পুৰত খোপনি পতিছিল।

৯১। পোনপ্ৰথমে জয়পুৰত খোপনি পোতা মিছনেৰিসকলে বিভিন্ন কাৰণত কিমান খ্ৰী: ত: ক’ত নিজৰ মুখ্য কাৰ্যালয় সলনি কৰে?

উত্তৰঃ ১৮৪১ খ্ৰী: ত: শিৱসাগৰলৈ নিজৰ মুখ‍্য কাৰ্য্যলয় সলনি কৰে।

৯২। অসমত মিছনেৰীসকলক  নেতৃত্ব কোনে দিছিল? 

উত্তৰঃ অসমত মিছনেৰীসকলক  নেতৃত্ব নাথান ব্ৰাউন আৰু মাইলছ ব্ৰন্সনে দিছিল। 

৯৩। মিছনেৰীসকলে কাক নিধি লোভি ফাৰৱেল নাম দি প্ৰথম খ্ৰীষ্টান ধৰ্মত দীক্ষা দিয়াইছিল।

উত্তৰঃ মিছনেৰীসকলে নিধিৰাম কেওঁট নামৰ এজন অনায়ক নিধি লিভি ফাৰৱেল নাম দি প্ৰথম খ্ৰীষ্টান ধৰ্মত দীক্ষা দিয়াইছিল।

৯৪। কোনে বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰঃ আত্মৰাম শৰ্মাই বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল।

৯৫। খ্ৰীষ্টান মিছনেৰীসকলৰ অসমলৈ অহাৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ খ্ৰীষ্টান মিছনেৰীসকলৰ অসমলৈ অহাৰ মূল উদ্দেশ্য হ’ল ধৰ্মপ্ৰচাৰ।

৯৬। পোনপ্ৰথমে অসমলৈ কোনে ছপাযন্ত্ৰ আমদানি কৰিছিল?

উত্তৰঃ মিছনেৰীসকলে।

৯৭। কামৰূপৰ লগত মুছলমানসকলৰ সম্পর্ক কিহৰ যোগে দি ঘটিছিল?

উত্তৰঃ কামৰূপৰ লগত মুছলমানসকলৰ সম্পর্ক যুদ্ধৰ যোগেদি ঘটিছিল।

৯৮। সাধাৰণতে সমাজৰ কোন শ্রেণীটোক কেন্দ্র কৰি খ্ৰীষ্টান ধৰ্মই ঠন ধৰি উঠিছিল? 

উত্তৰঃ সাধাৰণতে সমাজৰ অৱহেলিত শ্রেণীটোক কেন্দ্র কৰি খ্ৰীষ্টান ধর্মই ঠন ধৰি উঠিছিল।

৯৯। জনজাতীয় লোকসকলে কিয় খ্রীষ্টান ধর্ম গ্রহণ কৰিছিল। 

উত্তৰঃ জনজাতীয় লোকসকলে সামাজিকভাৱে উচচ স্থিতি আহৰণৰ চেষ্টাত তেওঁলোকে এই ধর্ম গ্রহণ কৰিছিল।

১০০। শ্রীমন্ত শংকৰদেৱে প্রচাৰ কৰা নৱ বৈষ্ণৱ ধর্মৰ নীতিত প্রভাৱিত হৈ বৈষ্ণৱ ধর্ম গ্রহণ কৰি কোনো ধর্ম নিৰপেক্ষতাৰ উৎকৃষ্ট চানেকী দাঙি ধৰিছে?

উত্তৰঃ শ্রীমন্ত শংকৰদেৱে প্রচাৰ কৰা নৱ বৈষ্ণৱ ধর্মৰ নীতিত প্রভাৱিত হৈ বৈষ্ণৱ ধর্ম গ্রহণ কৰি চান্দ সাইয়ে ধর্ম নিৰপেক্ষতাৰ উৎকৃষ্ট চানেকী দাঙি ধৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top