Class 11 Swadesh Adhyayan Chapter 8 বস্তুগত ঐতিহ‍্য

Class 11 Swadesh Adhyayan Chapter 8 বস্তুগত ঐতিহ‍্য, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 8 বস্তুগত ঐতিহ‍্য Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 11 Swadesh Adhyayan Chapter 8 বস্তুগত ঐতিহ‍্য Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 8 বস্তুগত ঐতিহ‍্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বস্তুগত ঐতিহ‍্য

Chapter – 8

TEXTUAL QUESTION ANSWER

অনুশীলনী

১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত?

উত্তৰঃ কামাখ্যা মন্দিৰ গুৱাহাটীৰ পশ্চিমে থকা নীলাচৰ পাহাৰত অৱস্থিত।

(খ) ব্ৰিটিছসকলে অসমৰ কোনটো দ্বীপক ‘ময়ূৰ দ্বীপ’ বুলিছিল?

উত্তৰঃ ব্ৰিটিছসকলে অসমৰ উমানন্দ দ্বীপক ‘ময়ূৰ দ্বীপ’ বুলিছিল।

(গ) বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰোৱা আহোম স্বৰ্গদেউজনৰ নাম কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰোৱা আহোম স্বৰ্গদেউজনৰ নাম  হ’ল ৰাজেশ্বৰ সিংহ।

(ঘ) দ-পৰ্বতীয়া মন্দিৰৰ সবাতোকৈ বিখ্যাত শিল্পকর্ম কোনটো?

উত্তৰঃ দ-পৰ্বতীয়া মন্দিৰৰ সবাতোকৈ বিখ্যাত শিল্পকর্ম স্থাপত্য-ভাস্কৰ্য।

(ঙ) সন্ধ্যা ললিতা, কান্তা নামৰ তিনি জলধাৰাৰ সংগম অসমৰ ক’ত দেখা যায়?

উত্তৰঃ সন্ধ্যা ললিতা, কান্তা নামৰ তিনি জলধাৰাৰ সংগম অসমৰ গুৱাহাটী মহানগৰৰ সন্ধ‍্যাচল পৰ্বতত দেখা যায়।

(চ) হয়গ্ৰীৱ-মাধৱ মন্দিৰ থকা পাহাৰটোৰ নাম কি?

উত্তৰঃ হয়গ্ৰীৱ-মাধৱ মন্দিৰ থকা পাহাৰটোৰ নাম হ’ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাজোৰ মনিপৰ্বত বা মণিকূট পাহাৰ।

(ছ) হাজোৰ কোনটো পাহাৰত পোৱামক্কা অৱস্থিত?

উত্তৰঃ হাজোৰ সৰ্ব্বোচ্চ গৰুড়াচল পাহাৰৰ শিখৰত পোৱামক্কা অৱস্থিত।

(জ) অসমৰ সৰ্ববৃহৎ মানৱসৃষ্ট পুখুৰী কোনটো?

উত্তৰঃ অসমৰ সৰ্ববৃহৎ মানৱসৃষ্ট পুখুৰী হ’ল জয়সাগৰ পুখুৰী।

(ঝ) কোনজন আহোম স্বৰ্গদেৱে ‘ধোদৰ আলি’ নির্মাণ কৰাইছিল?

উত্তৰঃ স্বৰ্গদেউ গজাধৰ সিংহৰ ‘ধোদৰ আলি’ নির্মাণ কৰাইছিল।

২। চমুটোকা লিখা

(ক) অম্বুবাচী উৎসৱ

উত্তৰঃ কামাখ্যা মন্দিৰত প্ৰতিবছৰে মহাসমাৰোহেৰে উদযাপিত হোৱা পূজা আৰু মেলাসমূহৰ ভিতৰত অম্বুবাচী মেলায়েই সবাতোকৈ বিখ্যাত। আহাৰ মাহৰ সাত তাৰিখৰ পৰা দহ তাৰিখলৈ আই বসুমতী শস্য-সম্ভৱা হ’বৰ বাবে ঋতুমতী হয় বুলি এক প্রাচীন লোকবিশ্বাস আছে। এই সময়তে প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ আধাৰস্বৰূপা কামাখ্যা দেৱীও ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। এই উপলক্ষে কামাখ্যাধামত মহাসমাৰোহেৰে অম্বুবাচী উৎসৱ পালন কৰা হয়। অম্বুবাচী কেইদিন কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে। অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হয়। এই সময়তে কামাখ্যাত এক বিশাল মেলাও অনুষ্ঠিত হয়; সেয়াই অম্বুবাচী মেলা। মেলাৰ কেইদিন অগণন লোকৰ সমাৱেশ ঘটে। প্রতিদিনে দেশ-বিদেশৰ হেজাৰ-বিজাৰ লোকে কামাখ্যা মন্দিৰ দর্শন কৰে।

(খ) শ্রীসূর্য পাহাৰ

উত্তৰঃ প্রাক্-আহোম যুগৰ ভাস্কৰ্যৰ উল্লেখযোগ্য নিদর্শন হ’ল গোৱালপাৰা নগৰৰ ওচৰতে অৱস্থিত শ্রীসূর্য পাহাৰৰ শৈল ভাস্কর্য।

এই পাহাৰৰ দক্ষিণ দিশলৈ এটা শিলৰ চক্রাকৃতি ভাস্কর্য আছে আৰু এই ভাস্কর্যটোকেই সূৰ্যৰ প্রতীক বুলি ধৰা হয় বাবেই পাহাৰটোৰ নাম শ্রীসূর্য পাহাৰ। ইয়াত সৰু-বৰ সাতটা পাহাৰ থকা বাবে ‘সাতালি পাহাৰ’ নামেও জনা যায়।

পাহাৰটোত অনেক শিলত কটা মূর্ত্তি, স্তূপ, শিৱলিংগ আদি পোৱা গৈছে। ইটাৰে নির্মিত বেৰৰ এক বহুকোঠালীয়া গৃহৰ ধ্বংসাৱশেষো আৱিষ্কাৰ হৈছে। তদুপৰি হিন্দু দেৱ-দেৱীৰ লগতে বৌদ্ধ আৰু জৈন মূর্ত্তিও পোৱা গৈছে। পাহাৰটোৰ নিচেই কাষৰ নিজৰা এটাৰ পাৰত বিষ্ণু আৰু শিৱ মূৰ্ত্তিৰ লগতে আন কেইবাটাও মূর্ত্তি আৱিষ্কাৰ হৈছে। পাহাৰটোত থকা সবাতোকৈ ধুনীয়া মূর্ত্তিটো হ’ল এটা শিলত এপাহ পদুম ফুলৰ ওপৰত দুফালে দুডাল ত্রিশূলৰ সৈতে বাৰখন হাতৰ মূৰ্ত্তিটো। শ্রীসূৰ্য পাহাৰৰ ভাস্কৰ্য অষ্টম শতিকা মানৰ বুলি পণ্ডিতসকলে অনুমান কৰিছে। ইয়াৰে কিছুমান বৌদ্ধ স্মৃতিচিহ্ন ততোধিক আগৰ বুলিও অনুমান কৰা হৈছে।

শ্রীসূর্য পাহাৰৰ প্রধান আকর্ষণ হৈছে শিলত কটা গুহাসমূহৰ শৈল ভাস্কর্য; এই গুহা-ভাস্কর্যৰ বাবেই এই পাহাৰ জনাজাত।

পাহাৰটোৰ চেপাশিল নামৰ গুহাটোত পোৱা মূৰ্ত্তিবোৰৰ ভিতৰত এটা গণেশৰ আৰু আনটোক চন্দ্ৰৰ মূর্ত্তি বুলি চিনাক্ত কৰা হৈছে। এই পাহাৰত থকা ‘ন’ ফুট দৈর্ঘ্যৰ শিৱলিংগটোৱেই হৈছে সর্ববৃহৎ। সেইদৰে বিভিন্ন কাৰুকার্যখচিত এখন শিলৰ বেদী মনোমোহা ভাস্কৰ্যৰ স্বাক্ষৰ। শ্রীসূর্য পাহাৰত প্ৰতিদিনে অনেক দৰ্শনাৰ্থীৰ সমাগম হয়।

(গ) পোৱামক্কা

উত্তৰঃ হাজোৰ সৰ্ব্বোচ্চ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত পোৱা মক্কা মুছলমানসকলৰ পৱিত্ৰ তীর্থস্থান। গৰুড়াচল পাহাৰ আৰু পোৱামক্কা সম্পর্কে অনেক জনশ্রুতি আছে। পাহাৰটোত ভগৱান বিষ্ণুৰ বাহন গৰুড় পক্ষীয়ে খাদ্য গ্রহণ কৰিছিল বুলি এক জনশ্রুতি আছে। অন্য এক জনশ্রুতিমতে জেঠ মাহৰ পূর্ণিমা তিথিত গৰুড়পক্ষী অচল হৈ এই পাহাৰত জিৰণি লৈছিল বাবেই পাহাৰটোৰ নাম গৰুড়াচল হয়। পোৱামক্কা প্রতিষ্ঠা কৰিছিল সিদ্ধপুৰুষ গিয়াছউদ্দিন আউলিয়াই। অৱশ্যে এই সন্ত গৰাকীৰ পৰিচয় সম্পর্কেও বিভিন্ন মত পোৱা যায়।

সেইদৰে পোৱামক্কা নামটোৰ উৎপত্তিৰ আঁৰতো কেইবাটাও জনশ্রুতি আছে। এটাৰ মতে, প্রতিষ্ঠাপক সন্ত গিয়াছউদ্দিন আউলিয়াই পোৱামক্কা স্থাপন কৰোতে অতি পৱিত্ৰ তীৰ্থভূমি মক্কাৰ পৰা এপোৱা পৰিত্ৰ মাটি আনি ইয়াৰ মাটিৰ সৈতে মিহলি কৰি দিছিল বাবেই এই পোৱামক্কা নামটো হৈছিল। আন এটা জনশ্রুতি মতে, পোৱামক্কা দর্শন কৰিলে মুছলমানসকলৰ অতি পৱিত্র তীর্থস্থান মক্কা দৰ্শনৰ এক-চতুর্থাংশ পুণ্য অর্জন হয় বুলি বিশ্বাস কৰা হয় বাবেই এই স্থানক পোৱামক্কা বোলা হয়। পোৱামক্কাত সন্ত গিয়াছউদ্দিন আউলিয়াৰ সমাধিৰ লগতে এটা মছজিদ আছে। তেৱেঁই পোৱামক্কাত প্রথম মছজিদ সজাইছিল বুলি বিশ্বাস কৰা হয়। পোৱামক্কালৈ জাতি- ধর্ম নির্বিশেষে অগণন তীর্থযাত্ৰীৰ আগমন হয় আৰু পোৱামক্কাক কবি তোলে এক মহামিলনৰ তীর্থভূমি।

(ঘ) আজানপীৰ দৰগাহ

উত্তৰঃ আজানপীৰ দৰগাহ মুছলমানসকলৰ এক পৱিত্ৰ ধৰ্মস্থান। সুদূৰ মধ্যপ্রাচ্যৰ বাগদাদৰ চাহ মিৰাণে ডেকা বয়সতে ভ্রাতৃ নবীসহ কেইগৰাকীমান ধর্মপ্রাণক লগত লৈ অসমলৈ আহিছিল ইছলাম ধৰ্মৰ পৱিত্ৰ বাণী প্ৰচাৰ কৰিবলৈ। তেওঁ লগৰীয়াসকলৰ সৈতে খাইবাৰ গিৰিপথেদি ভাৰতত প্ৰৱেশ কৰি প্রথমে আজমীৰত কিছুদিন থাকি গৌড় দেশেদি অসমলৈ আহি হাজোত থাকেহি। তাৰ পিছত তেওঁ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ সমীপৱৰ্তি চূণপোৰাত থাকিবলৈ লৈ তাতে এটা মছজিদ সাজি ইছলাম ধৰ্মৰ ৰীতি মতে ‘আজান’ দি থলুৱা মুছলমানসকলক নামাজৰ বাবে আহ্বান জনায় আৰু লগতে গাঁৱে-ভূঞে গীত-মাতেৰে মানুহৰ মন আল্লাৰ প্ৰতি আৰু আধ্যাত্মিকতাৰ প্রতি আকর্ষণ কৰিবলৈ প্রচেষ্টা চলায়। এই দুই মহৎ কার্যৰ বাবে তেওঁক স্থানীয় জনসাধাৰণে ‘আজান ফকীৰ’ নাম দিয়ে।

আজান ফকীৰে কম সময়ৰ ভিতৰতে অসমীয়া ভাষা আয়ত্ত কৰি সমকালীন অসমৰ বৈষ্ণৱ ধৰ্মৰ ৰীতি-নীতি, গীত-মাত আদিও আয়ত্ব কৰি সেইবিলাকৰ ছন্দ আৰু লয়ত পৱিত্ৰ কোৰানৰ বাণীসমূহ গীত হিচাপে ৰচনা কৰি অনাখৰী লোকসকলৰ মাজত প্ৰচাৰ কৰিবলৈ ধৰে। এই ধর্মীয় স্তুতিগীতসমূহেই হ’ল ‘জিকিৰ’। অচিৰেই এই গীতসমূহ হিন্দু-মুছলমান উভয়ৰে মাজত জনপ্ৰিয় হৈ উঠে।

(ঙ) মালিনী থান

উত্তৰঃ মালিনী থান অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাত অৱস্থিত এক প্রাচীন শক্তিপীঠ। এই থান অসমৰ ধেমাজী জিলাৰ পৰা উত্তৰলৈ অৱস্থিত। আখ্যান মতে বিদৰ্ভৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিনীক শ্রীকৃষ্ণই হৰণ কৰি লৈ যাওঁতে এই ঠাইতেই জিৰণি লৈছিল আৰু ইয়াতেই তেওঁলোকক শিৱ-পাৰ্বতীয়ে ফুলৰ মালাৰে আদৰণি জনোৱাত শ্রীকৃষ্ণই পার্বতীক ‘মালিনী’ নাম দিছিল বাবেই এই থানৰ নাম ‘মালিনী থান’ হয়। অন্য এক কিংবদন্তিৰ মতে মহাদেৱ শিৱৰ প্রেম ভিক্ষা কৰা এগৰাকী মালিনীয়ে শিৱ-পত্নী পাৰ্বতীৰ ৰোষত পৰি মস্তক হেৰুৱাব লগা হৈছিল বাবেই ঠাইডোখৰৰ নাম ‘মালিনী থান’ হয়। ঠাইডোখৰত এটা প্রাচীন শিৱলিংগ আৰু কাষতে এটি মস্তকহীন নাৰীমূৰ্ত্তি থকাৰ বাবেই বোধহয় এই কিংবদন্তিৰ সৃষ্টি।

মালিনী থানৰ অঞ্চলটো অতীতৰ চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল বুলি আৰু ইয়াৰ স্থাপত্য-ভাস্কর্য সমূহ প্রাক্-আহোম যুগৰ বুলি অনুমান কৰা হৈছে। খনন কাৰ্যৰ জৰিয়তে এই স্থানত আৱিষ্কৃত হৈছে শৈল-মন্দিৰৰ ভগ্নাৱশেষৰ লগতে শিৱলিংগ, সিংহৰ মূৰ্ত্তি, দতাল হাতীৰ সৈতে ইন্দ্ৰমূৰ্ত্তি, নিগনিৰ সৈতে গণেশ আৰু ময়ূৰ বাহনৰ সৈতে কাৰ্ত্তিকৰ মূৰ্ত্তি, ৰথৰ সৈতে সূৰ্যমূৰ্ত্তি, ঘণ্টামালা পৰিহিত নন্দীমূৰ্ত্তি, ত্রিশূল আৰু কমণ্ডলুসহ যোগী মূর্ত্তি, দুর্গাদেৱীৰ মূৰ্ত্তি ইত্যাদি। এই শৈলমূর্ত্তিসমূহত শিল্পীৰ নিপুণ হাতৰ পৰশ বিদ্যমান।

প্রাচীন শক্তিপীঠ মালিনী থানলৈ প্রতিদিনে শশ লোকৰ আগমন হয়।

(চ) মৈদাম

উত্তৰঃ আহোম ভাষাৰ মৈদানৰ অৰ্থ হ’ল ‘মৃতকৰ ভেঁটি’। আহোম লোকসকলৰ মৃতকৰ দেহটো ‘ৰুঙ্গ-ডাঙ’ নামৰ উৰিয়াম গছৰ কাঠেৰে নিৰ্মিত পেৰা এটা ভিতৰত থৈ পেৰাটো নীতি-নিয়মৰ মাজেৰে সেই পেৰাটো মাটিত গাঁত খান্দি পুতি তাৰ ওপৰত মাটিৰে ওখকৈ অৰ্দ্ধ-গোলাকাৰ ভেঁটি তৈয়াৰ কৰা হৈছিল। সেই গোটেই পদ্ধতিটোৱেই হৈছে মৈদান। আহোমসকলৰ এক স্থাপত্য শিল্পৰে হৈছে মৈদান। 

ৰজাৰ শৱদেহটো ৰুঙ্গ-ডাঙৰ ভিতৰত ভৰাই যি ঠাইত ৰুঙ্গ-ডাঙ পোতা হ’ব সেই ঠাইত অনা হয়। সেই ঠাইত শাল কাঠৰ তক্তাৰে এটা ঘৰ সজা হয় আৰু সেই ঘৰটোকে ‘কাৰেং ৰুঙ্গ-ডাঙ’ বোলা হয়। পিছত সেই ঘৰটোৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল। আহোম স্বৰ্গদেউসকলে হিন্দুধৰ্ম গ্ৰহণ কৰা পাছত স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰে পৰা মৃত ৰজা শৱ দাহ কৰি সেই ছাইখিনি চৰাইদেউ পৰ্বতত পোতি থৈ মৈদান দিছিল। চৰাইদেউত বহুকেইগৰাকী ৰজা-ৰাণী মৈদান দিয়া হৈছিল।

চৰাইদেৱেই আছিল আহোমৰ ৰজা-ৰাণীসকলৰ প্ৰধান মৈদাম থলী। ইয়াতেই আছিল আহোমৰ পূজা-পাতলৰ প্ৰধান দেওশাল। উজনি অসমৰ বিভিন্ন ঠাইত এতিয়াও প্ৰায় অক্ষত অৱস্থাত অনেক মৈদাম দেখিবলৈ পোৱা যায়। মৈদাম দিয়াৰ পৰম্পৰা আহোমসকলৰ বহুতে আজিও জীয়াই ৰাখিছে।

৩। বস্তুগত ঐতিহ্য বুলিলে কি বুজা? প্রাচীন অসমৰ স্থাপত্য-ভাস্কৰ্যসমূহৰ বিষয়ে এটি চমু লিখা।

উত্তৰঃ আমাৰ পূৰ্বপুৰুষসকলে আমালৈ এৰি থৈ যোৱা  মঠ-মন্দিৰ, দৌল-দেৱালয়, মছজিদ, ঘৰ-দুৱাৰ, পুখুৰী, মৈদান, গড়, শিলা-সাঁকো, আৰু আলি-পদূলিকে বস্তুগত ঐতিহ্য বোলে।

প্ৰাচীন অসমৰ স্থাপত‍্য-ভাস্কৰ্যসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

প্ৰাচীন অসমৰ মঠ-মন্দিৰ, দেৱালয় এইবোৰ ভগ্নাৱশেষ স্থাপত‍্য-ভাস্কৰ্যৰ নিদৰ্শনৰূপে গুৱাহাটীৰ,দেওপানী, গোৱালপাৰা, নগাঁও, তেজপুৰ, কাছমাৰী, মালিনীথান আৰু নুমলীগড় আদি এইসমূহ ঠাই সিঁচৰিত হৈ আছে। সেই বোৰ নিৰ্মাণ কৰোতে মাটি, বালি, শিল আৰু ইটাৰ ব‍্যৱহাৰ কৰিছিল। শিলৰ টুকুৰা বোৰত দেৱ-দেৱীৰ মূৰ্ত্তি, পশু-পক্ষী আৰু গছ-লতা আদি ছবি খোদিত কৰা হৈছিল। ইয়াৰ উপৰিও ৰূপ, সোণ, পিতল আৰু তামেৰে দেৱ-দেৱীৰ মূৰ্ত্তি তৈয়াৰ কৰা হৈছিল। 

মধ‍্যযুগৰ অসমৰ মঠ-মন্দিৰ ইটাৰে ব্য়ৱহাৰ কৰা হয়। তাক অতি কম পৰিমাণে শিল আৰু পোৰামাটিৰ ব‍্যৱহাৰ কৰা হয়। আহোম ৰাজত্বকালত থলুৱা কৌশলেৰে ‘কৰাল্’ নামৰ এবিধ ইটা গঁথা, চিমেন্ট শিল কামত ব‍্যৱহাৰ কৰে।

৪। আহোম যুগৰ স্থাপত্য-ভাস্কৰ্যৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ আহোম যুগত সাধাৰণ প্ৰজাই দুচলীয়া বাঁহ-কাঠৰ ঘৰত বাস কৰিছিল। তেওঁলোকে প্রথমতে চাংঘৰত বাস কৰিছিল বুলি কোৱা হয়, যিটো অভ্যাস পাছলৈ তেওঁলোকে এৰিছিল। কিন্তু ৰজাৰ কাৰেংঘৰ, পাটঘৰ, শিঙৰিঘৰ, হোলোংঘৰ আদি কাঠ-বাঁহৰ দুমহলীয়া চাংঘৰ আছিল। সেইবোৰৰ কাঠৰ চ’তি, খুঁটা আদিত ফুল-লতা, জীৱ-জন্তু আদিৰ মূৰ্ত্তি খোদিত কৰি তাত হেঙুল-হাইতালৰ ৰং সানি শুৱনি কৰিছিল। আহোম ৰজাই বৰাহীসকলৰ আৰ্হিৰে ৰাজকাৰেঙটো দুটুপীয়াকৈ সাজিছিল বুলি বুৰঞ্জীত আছে।

গড়গাঁৱৰ কাৰেংঘৰঃ বর্তমান শিৱসাগৰ নগৰৰ পৰা পূবলৈ গড়গাঁও অৱস্থিত। গড়গাঁৱৰ কাৰেংঘৰটোৱেই আহোম যুগৰ এতিয়ালৈকে প্রায় অক্ষত অৱস্থাত থকা ৰাজপ্রাসাদ। আহোম স্বৰ্গদেউ চুক্লেংমুঙে চাৰিওফালে গড় মাৰি এই ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল; যাৰবাৰে তেওঁ ‘গড়গঞা ৰজা’ নামেৰে জনাজাত হৈছিল। অতীতৰ কাৰেংঘৰটো বাঁহ- কাঠেৰে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক ‘হোলোংঘৰ’ কাৰেংঘৰ

বোলা হৈছিল। মিৰজুমলাৰ অসম অভিযানৰ লগত অহা ঐতিহাসিক চিহাবুদ্দিন তালিছে দিয়া বর্ণনা মতে এই হোলোংঘৰটো দীঘলে ১২০ হাত আৰু পথালিয়ে ৩০ হাত আছিল। ইয়াত প্ৰতিটোৰে চাৰিহাত পৰিধিৰ ৬৬ টা খুঁটা আছিল।

ৰংপুৰৰ তলাতল ঘৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই সিংহাসনত উঠাৰ পাছতে মেটেকালৈ ৰাজধানী স্থানান্তৰ কৰি নতুন ৰাজধানীৰ নাম ‘ৰংপুৰ’ ৰাখে। ৰাজধানী ৰংপুৰৰ সকলোতকৈ বিখ্যাত ভৱন দুটা হৈছে ‘তলাতল ঘৰ’ আৰু ‘ৰংঘৰ’।

তলাতল ঘৰটো আছিল আহোম ৰজাৰ ৰাজপ্রাসাদ। ইয়াৰে একাংশ স্বৰ্গদেউ ৰুদ্ৰসিংহই সজাইছিল আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতহে তলাতলঘৰটোৰ নিৰ্মাণ সম্পূর্ণ হৈছিল বুলি কোৱা হয়। এই ৰাজকাৰেংটোত ইটাৰে নির্মিত সাতটা তলা বা মহলা আছিল বাবে ইয়াক তলাতল ঘৰ বুলি কোৱা হয়।

মৈদামঃ আহোম ভাষাত মৈদামৰ অৰ্থ হ’ল ‘মৃতকৰ ভোঁট’। আহোমসকলৰ মৃতকৰ শৱদেহটো ‘বঙ্গ-ডাঙ’ নামৰ উৰিয়াম গছৰ কাঠেৰে নিৰ্মিত পেৰা বা কফিন এটাৰ ভিতৰত থৈ পেৰাটো অনেক নীতি-নিয়মৰ মাজেৰে মাটিত গাঁত খান্দি পুতি ওপৰত মাটিৰে ওখকৈ অর্দ্ধ-গোলাকাৰ ভেটি বা ঢিপ তৈয়াৰ কৰা হৈছিল। এই গোটেই পদ্ধতিটোৱেই হ’ল ‘মৈদাম দিয়া’। গতিকে মৈদাম হ’ল আহোমসকলৰ এক বিশেষ স্থাপত্য শিল্প। অৱশ্যে আহোমৰ ৰজা-ৰাণী আৰু ৰাজপৰিয়ালৰ লোক, ডা-ডাঙৰীয়া, বৰুৱা-ফুকন আদিৰ লগতে সাধাৰণ লোকৰ মৈদাম দিয়া পদ্ধতি বেলেগ বেলেগ আছিল।

৫। আহোম যুগৰ পুখুৰী শিল্পৰ বিষয়ে কি জনা লিখা।

উত্তৰঃ পুখুৰী বোলোতে প্ৰধানকৈ আহোম ৰাজত্বকালৰ জয়সাগৰ, গৌৰীসাগৰ, অঠাইসাগৰ আৰু ৰুদ্ৰসাগৰ। অসমৰ আহোমসকলৰ পুখুৰী শিল্পৰ এক সুকীয়া বৈশিষ্ট্য আছে। উদাহৰণস্বৰূপে জয়সাগৰ, গৌৰীসাগৰ, শিৱসাগৰৰ দৰে কেইবাটাও বিশাল পুখুৰী আজিৰ পৰা আঢ়ৈশ-তিনিশ বছৰমান আগতেই খন্দোৱা হৈছিল যদিও পুখুৰীকেইটাৰ পানী কোনো কালেই কমি যোৱা বা শুকাই যোৱাটো পৰিলক্ষিত হোৱা নাই। তদুপৰি এই পুখুৰীকেইটাৰ পানীও বাকীবোৰৰ তুলনাত অধিক পৰিষ্কাৰ আৰু ফটফটীয়া। 

আহোম যুগৰ কেইটামান বিশাল পুখুৰী হ’ল—

জয়সাগৰ পুখুৰীঃ বৰ্ত্তমান শিৱসাগৰ নগৰৰ দক্ষিণে জয়সাগৰত এই পুখুৰী অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই (খ্রীঃ ১৬৯৬- ১৭১৪) ৰাজধানী ৰংপুৰৰ দক্ষিণে জেৰেঙা পথাৰত মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত ১৬১৯ শকৰ (১৬৯৭ খ্রীঃ) ৩ আঘোণ তাৰিখে এই পুখুৰী খন্দায়। ই আহোম যুগৰ সৰ্ববৃহৎ পুখুৰী। পুখুৰীটোৰ পাৰে সৈতে মাটিকালি ২১০ পুৰা ১বিঘা ২ কঠা ১০ লোচা।

গৌৰীসাগৰ পুখুৰীঃ বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণে বৰ্ত্তমানৰ গৌৰীসাগৰ নামৰ ঠাইত এই পুখুৰীটো অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ পত্নী ‘বৰৰজা’ ফুলেশ্বৰী কুঁৱৰীয়ে নামদাং শিলৰ সাঁকোৰ ওচৰত অতীতৰ বৰ আলিৰ দক্ষিণে এই পুখুৰীটো খন্দাইছিল। পুখুৰীটোৰ মাটিকালি ১১৩ পুৰা ১ বিঘা ২ কঠা ১৫ লোচা।

শিৱসাগৰ পুখুৰীঃ বর্তমান শিৱসাগৰ নগৰৰ প্ৰায় মাজ-মজিয়াত এই পুখুৰী অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকা বা মদাম্বিকা কুঁৱৰীয়ে ১৭৩৩ খ্রীঃত এই পুখুৰীটো খন্দাইছিল। পুখুৰীটোৰ মুঠ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লোচা।

ইয়াৰ ওপৰিও ৰুদ্ৰসাগৰ পুখুৰী, লক্ষ্মীসাগৰ পুখুৰী, বিষ্ণুসাগৰ পুখুৰী, মেছাগড় পুখুৰী, ৰাজমাও পুখুৰী, ৰহদৈ পুখুৰী, মিঠা পুখুৰী, টেঙা পুখুৰী, শ ধোৱা পুখুৰী, পেটু-ধোৱা পুখুৰী, নিতাই পুখুৰী, ধিতাই পুখুৰী আদি আহোম যুগৰ ২১২ টা পুখুৰীৰ নাম দিলীপকুমাৰ বুঢ়াগোহাঞিৰ ‘বুৰঞ্জীৰ পৰশ’ গ্রন্থত পোৱা যায়।

৬। মধ্যযুগৰ অসমৰ আলি-পদূলিসমূহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ মধ্যযুগৰ অসমৰ ঐতিহাসিক আলি-পদুলিসমূহ অদ্যপৰিমিত সম্পূৰ্ণকৈ আৱিষ্কৃত আৰু চিনাক্ত কৰা হোৱা নাই। এইবোৰ যুগত আলি-পদুলিৰ সংখ্যা যথেষ্ট পৰিমাণে নাছিল; প্রধান ঠাইসমূহক সংযোগ কৰি সীমিত সংখ্যকহে আছিল। যাতায়তৰ আৰু যোগাযোগৰ বাবে প্রধানকৈ নদীপথসমূহহে ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান হয়। প্রাচীন কামৰূপ ৰাজ্যৰ পৰা আহোম যুগলৈকে ৰজাসকলৰ শক্তিশালী নৌ-সেনাবাহিনী থকা কথাটোৱে আৰু বৰ নাও, মাৰ নাও, চ’ৰা নাও, পানচৈ নাও, গোটীয়া নাও, হিলৈ চ’ৰা নাও, খেল নাও, পাৰ নাও, চেঙেলী নাও, লাই নাও, মগৰি নাও, বাচৰু নাও, জাপ নাও, চিলাপতীয়া নাও আদি ২৫ বিধমান নাও থকাটোৱে এই নদীপথ আৰু অন্যান্য জলপথসমূহৰ বিপুল পৰিমানে ব্যৱহাৰ হয়।

ৰাজআলিৰ ভিতৰত দৈয়াং-ধনশিৰি উপত্যকাত কছাৰীসকলৰ শাসনকালৰ টেঙানি বনাঞ্চলৰ পৰা চিচু পানী, ধনশিৰি-দৈয়াং সংগমস্থল আৰু ডিমাপুৰ সংযোগী তিনিটা ইটাৰ ৰাজআলিৰ অৱশেষৰ আৱিষ্কাৰে কছাৰী ৰাজ্যত উন্নতমানৰ আলি-পদূলি থকাটো প্ৰমাণ কৰে। সেইদৰে কোচ ৰজা নৰনাৰায়ণে ভ্রাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত নাৰায়ণপুৰৰ পৰা কোচবেহাৰলৈ নিৰ্মাণ কৰোৱা বিখ্যাত ‘গোহাঁই কমল আলি’টোৱে কোচ ৰাজ্যৰ উন্নত আলি-পদূলিৰ নিদৰ্শন দাঙি ধৰে। 

আহোম ৰাজ্যত বিশেষকৈ অবিভক্ত শিৱসাগৰ জিলাকে মুখ্য কৰি উজনি অসমত আৰু নামনি অসমতো বহুতো আলি-পদূলি নিৰ্মাণ কৰা হৈছিল।

 তলত আহোম স্বৰ্গদেউসকলে নির্মাণ কৰোৱা দুটামান আলি-পদুলিৰ উল্লেখ কৰা হ’ল—

বৰআলিঃ স্বৰ্গদেউ প্রতাপসিংহৰ ৰাজত্বকালত এই আলি ৰাজধানী গড়গাঁৱৰ পৰা দিখৌ নৈ পাৰ হৈ ব্ৰহ্মপুত্ৰৰ কাষে কাষে দক্ষিণ পাৰেদি নেঘেৰীটিং দেৰগাঁৱলৈকে আছিল। এই বৰ আলিয়েদি স্বৰ্গদেউ প্রতাপসিংহই তীব্রবেগী ঘোঁৰাৰ সহায়ত নেঘেৰীঢিঙৰ শিৱদ’লৰ নিৰ্মালি প্রতিদিনে পুৱা ৰাজধানীত গ্রহণ কৰাৰ কথা জনা যায়। 

ধোদৰ আলিঃ স্বৰ্গদেউ গদাধৰ সিংহই নাহৰকটীয়াৰ ওচৰৰ জয়পুৰৰ পৰা গোলাঘাটৰ কমাৰগাঁৱলৈকে এই আলিটো নির্মাণ কৰাইছিল। এই আলিটো সেইসময়ত শাৰীৰিক শ্ৰমৰ পৰা আঁতৰি থাকিব খোজা এলেহুৱা (অর্থাৎ ধোদ) প্ৰজাৰ শ্ৰমেৰে গড়া হৈছিল বাবেই আলিটোৰ নাম ‘ধোদৰ আলি’ হয়।

চেউনি আলিঃ স্বর্গদেউ জয়ধ্বজ সিংহই এই আলি নির্মাণ কৰাইছিল বুলি জনা যায়। এই আলি নিৰ্মাণৰ দায়িত্ব স্বর্গদেৱে বাদুলী ফুকনক দিছিল আৰু বাদুলী ফুকনে পথৰ কাষত চাউনি পাতি বনুৱা ৰাখি এই পথ নিৰ্মাণ কৰোৱাৰ বাবেই পথটোৱে ‘চেউনি আলি’ নাম পায় বুলি জনশ্রুতি আছে। 

৭। আহোম যুগৰ গড় আৰু শিলা-সাঁকোসমূহৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ আহোম যুগৰ গড় আৰু শিলা-সাঁকোসকলৰ বিষয়ে আলোচনা কৰা হ’ল—

গড়ঃ প্ৰাচীন কালৰে পৰা গড় নিৰ্মাণ কৌশলতোয়ে অসম আগবঢ়াই আছিল। শত্ৰুক ভেঁটিবৰ বাবে বিভিন্ন সামৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলত মাটিৰে এই গড়বোৰ নিৰ্মাণ কৰিছিল। আহোমসকলৰ গড় নিৰ্মাণ কৌশল আছিল অতি উচ্চ মানৰ। আহোমসকলে গড় আৰু কোঁঠ মাৰি যুদ্ধ কৰিছিল। তেওঁলোকে নগৰৰ চাৰিওফালে খাৱৈ খান্দি গড় মাৰিছিল। গড়ৰ বোৰৰ ওপৰত চাৰিওফালে ডাঠকৈ কোটোহা বাঁহ ৰুই দিছিল, কাৰণ শত্ৰুৱে গড় বগাই উঠিলেও কোটোহা বাঁহ অতিক্ৰম কৰিব নোৱাৰে।

বৰকলা ৰংপুৰ আৰু গড়গাঁও আদি এই নগৰৰ চাৰিওফালে গড় আছে। প্ৰায়বোৰ গড় মাটিৰে মাৰিছিল। কিছুমান গড় মাটি লগতে ইটাও দিছিল। গড়বোৰ যথেষ্ট ওখ, বহল আৰু সেইবোৰৰ ওপৰখন আলি দৰে সমান আছিল। আহোম যুগত বহুতো গড় নাম পোৱা যায় আৰু সেইবোৰ হ’ল  ৰাঙলী গড়, মোমাই কটা গড়, মাছখোৱা গড়, কোটোহা গড়, শিমলুগড়, চামধৰা গড়, চোৱাতল গড়, চিন্তামণি গড়, আৰু হাতী গড় এনেদৰে বহুতো গড় পোৱা যায়।

শিলা-সাঁকোঃ নৈ, জান-জুৰি আদিত নিৰ্মাণ কৰা শিলা- সাঁকোসমূহ আহোম যুগৰ উন্নত স্থাপত্য কলাৰ নিদর্শন। প্রায় ষোড়শ শতিকা মানৰ পৰা আহোম ৰজাসকলে শিলা-সাঁকো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল বুলি কোৱা হয়। যাতায়াতৰ পথত পৰা নৈ বা জান-জুৰিৰ ওপৰত ইটা, লঠিয়া শিল, চটীয়া শিল, গোটা শিল আদিক ‘কৰাল্’ ব্যৱহাৰ কৰি ইটা-শিল আদি গাঁথি এই শিলা-সাঁকোবোেৰ নিৰ্মাণ কৰা হৈছিল।

নামদাং নৈখনৰ ওপৰত স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০৩ খ্রীঃত শিলৰ সাঁকো নিৰ্মাণ কৰোৱায়। এই বিখ্যাত শিলৰ সাঁকোখন এতিয়ালৈকে অক্ষত আৰু কাৰ্য্যক্ষম হৈ আছে। এটা বৃহৎ শিলৰ মাজেৰে সুৰংগ উলিয়াই এই সাঁকো নির্মাণ কৰা হৈছিল বুলি কোৱা হয়। এই সাঁকো দীঘে ২০২ ফুট, বহলে ২১.৫ ফুট আৰু ৫.৫ ফুট ভাঠ।

দৰিকা শিলা-সাঁকোঃ বর্তমান গড়গাঁৱৰ পৰা পূবলৈ দৰিকা নৈৰ ওপৰত স্বৰ্গদেউ প্রতাপ সিংহই নির্মাণ কৰোৱা শিলা-সাঁকোখনেই হ’ল দৰিকা শিলা- সাঁকো। এই সাঁকোৰ গাত এসময়ত বিভিন্ন কাৰুকাৰ্য্য খোদিত আছিল বুলি জনা যায়।

দিজৈখনা শিলা-সাঁকোঃ দৰিকা শিলা সাঁকোৰ কিছু পূবলৈ ৰহদৈ আলিত দিজৈখনা নৈৰ ওপৰত স্বৰ্গদেউ গদাধৰ সিংহই (খ্রীঃ ১৬৮১-১৬৯৬) এই শিলা-সাঁকো নিৰ্মাণ কৰাইছিল। নৈখনৰ নাম অনুসৰি এই শিলা- সাঁকোৰ নাম দিজৈখনা শিলা-সাঁকো।

নাফুকৰ শিলা-সাঁকোঃ স্বৰ্গদেউ শিৱসিংহৰ ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে ১৭২৩ খ্রীঃত নাফুকৰ শিলৰ সাঁকো নির্মাণ কৰাইছিল।

এইবোৰৰ উপৰিও ৰহদৈ শিলা-সাঁকো, হাঁহচৰাত হাঁহচৰা শিলা-সাঁকো, ডিমৌৰ শিলা-সাঁকো আদি অনেক শিলা-সাঁকো আহোম যুগত নির্মিত হৈছিল ইয়াৰে বহুসংখ্যক কালৰ সোঁতত হেৰাই গ’ল।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। কামাখ্যা মন্দিৰৰ শিলৰ খটখটি কোনে নিৰ্মাণ কৰাইছিল?

উওৰঃ নৰকাসুৰ।

২। উমানন্দৰ আন এটা নাম কি?

উওৰঃ ভষ্মশৈল।

৩। নৱগ্ৰহ মন্দিৰটো কত অৱস্তিত?

উওৰঃ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত।

৪। নৱগ্রহ মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰাইছিল? 

উত্তৰঃ নৱগ্রহ মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ নির্মাণ কৰাইছিল।

৫। মালিনীথান ক’ত অৱস্থিত? 

উত্তৰঃ মালিনীথান অৰুণাচল প্রদেশৰ পশ্চিম চিয়াং জিলাত অৱস্থিত।

৬। পোৱামক্কা কোনে প্রতিষ্ঠা কৰাইছিল? 

উত্তৰঃ পোৱামক্কা গিয়াছউদ্দিন আউলিয়াই প্রতিষ্ঠা কৰিছিল?

৭। আজানপীৰ দৰগাহ ক’ত অৱস্থিত? 

উত্তৰঃ আজানপীৰ দৰগাহ শিৱসাগৰ জিলাৰ অন্তর্গত শাৰাগুলি চাপৰিত অৱস্থিত।

৮। সূর্যপাহাৰ ক’ত অৱস্থিত? 

উত্তৰঃ সূর্যপাহাৰ অসমৰ গোৱাল পাৰা জিলাত অৱস্থিত।

৯। বামুনিপাহাৰ ক’ত অৱস্থিত? 

উত্তৰঃ বামুনিপাহাৰ তেজপুৰত অৱস্থিত।

১০। অসমৰ উচ্চতম দলটোৰ নাম কি? 

উত্তৰঃ শিৱসাগৰ পুমুখীৰীৰ পাৰৰ শিৱদলটো অসমৰ উচ্চতম দল।

১১। ৰংঘৰ কোনে নির্মাণ কৰাইছিল? 

উত্তৰঃ ৰংঘৰ স্বৰ্গদেউ প্রমত্ত সিংহই নির্মাণ কৰাইছিল।

১২। আহোম ভাষাত মৈদামৰ অর্থ কি? 

উত্তৰঃ আহোম ভাষাত মৈদামৰ অর্থ হ’ল মৃতকৰ ভেঁটি।

১৩। আহোমৰ প্রথম স্থায়ী ৰাজধানী ক’ত আছিল? 

উত্তৰঃ আহোমৰ প্রথম স্থায়ী ৰাজধানী চৰাইদেউত আছিল।

১৪। শিৱদলটো কোনে কেতিয়া নির্মাণ কৰাইছিল? 

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকাই ১৭৩৪ খ্রীষ্টাব্দত শিৱদলটোৰ নির্মাণ কৰাইছিল।

১৫। নামদাংৰ শিলযৰ সাঁকো কোনে কেতিয়া নিৰ্মাণ কৰাইছিল? 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্রসিংহই ১৭০৩ খ্ৰীষ্টাব্দত নামদাংৰ শিলৰ সাঁকো নির্মাণ কৰাইছিল।

১৬। কোনজন আহোম স্বৰ্গদেৱে ‘ধোদৰ আলি’ নির্মাণ কৰাইছিল? আলিটোৰ নাম কিয় দোধৰ আলি হল?

উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহই ‘ধোদৰ আলি’ নির্মাণ কৰাইছিল। শাৰীৰিক শ্রমৰ পৰা আঁতৰি থাকিব মোজা এলেহুৱা (অর্থাৎ ধোদ) প্রজাৰ শ্রমেৰে গড়া হৈছিল বাবেই আলিটোৰ নাম ‘ধোদৰ আলি’ হয়।

১৭। অসমত আহোম সকলক পুখুৰী শিল্পৰ তিনিটা বৈশিষ্ট লিখা?

উত্তৰঃ অসমত আহোম সকলৰ পুখুৰী শিল্পৰ তিনিটা বৈশিষ্ট হল–

(ক)  পুখুৰী কেইটাৰ পানী কেতিয়াও শুকায় যোৱা বা কমি যোৱা পৰিলক্ষিত হোৱা নাই।

(খ) এই পুখুৰী সমূহ প্রায় আঢৈশ-তিনিশ বছৰৰ আগতে খন্দা হৈছিল।

(গ)  এই পুখুৰীবোৰৰ পানী অন্য পুখুৰীৰ তুলনাত পৰিষ্কাৰ আৰু কটকটীয়া।

১৮। আমাৰ পূর্বপুৰুষ সকলে এৰি থৈ যোৱা বস্তুগত ঐতিহ্য কিছুমানৰ নাম উল্লেখ কৰা।

উত্তৰঃ আমাৰ পূর্বপুৰুষ সকলে এৰি থৈ যোৱা বস্তুগত ঐতিহ‍্য কিছুমানৰ নাম হ’ল–

 (ক) মঠ-মন্দিৰ দল-দেৱালয় মছজিদ, গুৰুদ্ধাৰ।

 (খ) ৰাজপ্ৰসাদ, ঘৰ-দুৱাৰ।

 (গ) মৈদাম।

 (ঘ) পুখুৰী।

১৯। দৰং ৰাজবংশাৱলীৰ প্রণেতা কোন?

উত্তৰঃ দৰং ৰাজবংশাৱলীৰ প্রণেতা হ’ল সূর্যখড়ি দৈৱজ্ঞ।

২০। হস্তীবিদ্যাৰ্ণৱ পুথিৰ চিত্রকৰ দুজনৰ নাম কি? 

উত্তৰঃ হস্তীবিদ্যাৰ্ণৱ পুথিৰ চিত্রকৰ দুজনৰ নাম দিলৰ আৰু দোছাই।

২১। প্রথম কোঁচ, ৰজাজনৰ নাম কি আছিল? 

উত্তৰঃ প্রথম কোঁচ ৰাজাজনৰ নাম হ’ল বিশ্বসিংহ।

২২। ঘোঁৰাৰ চিকিৎসা বিষয়ক এখন গ্রন্থৰ নাম লিখা।

উত্তৰঃ ঘোঁৰাৰ চিকিৎসা বিষয়ক এখন গ্রন্থৰ নাম হ’ল ঘোঁৰা নিগন।

২৩। চিহ্ন যাত্রা মানে কি?

উত্তৰঃ চিহ্ন যাত্রা মানে হল চিত্রৰ যোগেদি দেখুওৱা নাটক।

২৪। প্রথম অৱস্থাত লিখা বুৰঞ্জী বিলাক কি ভাষাত লিখা আছিল?

উত্তৰঃ প্রথম অৱস্থাত লিখা বুৰঞ্জী বিলাক টাই ভাষাত লিখা।

২৫। বাইবেলখন কোনে প্রথমে অসমীয়ালৈ অনুবাদ কৰিছিল? 

উত্তৰঃ বাইবেল খন আত্মাৰাম শৰ্মাই অসমীয়ালৈ অনুবাদ কৰিছিল।

২৬। অস্তাধায়ী প্রন্থৰ ৰচক কোন?

উত্তৰঃ অস্তাধায়ী গ্রন্থৰ ৰচক হল পানিনী।

২৭। সূর্য সিদ্ধান্ত নামৰ জ্যোতিবিজ্ঞান গ্ৰন্থখন কোনে কি নামত অসমীয়ালৈ অনুবাদ কৰিছল?

উত্তৰঃ সৰ্বসিদ্ধান্ত নামৰ জ্যোতিবিজ্ঞান গ্রন্থখন কবিৰাজ চক্রৱৰ্তীয়ে “ভাস্বতি নাম দি অসমীয়ালৈ অনুবাদ কৰিছিল।

২৮। আহোম যুগত প্রণয়ন কৰা দুখন শাক্তধর্মীয় সংস্কৃত গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ আহোম যুগত প্রণয়ন কৰা দুখন শাক্তধর্মীয় সংস্কৃত গ্রন্থৰ নাম হ’ল যোগিনীতন্ত্র আৰু কামৰূ তন্ত্র।

২৯। কোন গ্রন্থৰ ভিত্তিত কোনে হস্তীবিদ্যাৰ্ণৱ গ্রন্থখনৰ ৰচনা কৰিছিল?

উত্তৰঃ শম্ভুনাথৰ গজেন্দ্রচিন্তামণি নামৰ গ্ৰন্থখনৰ আধাৰত ৰচনা কৰিছিল।

৩০। কামাস্যা মন্দিৰ নৰবলি প্রথা ৰদ কৰিবলৈ কোনে প্রথমে প্রচেষ্টা চলাইছিল? 

উত্তৰঃ বৌদ্ধ তান্তিকবাদ আৰু কৌল প্রথাৰ ব্রাহ্মণ্যকৰণ প্ৰতিক্ৰিয়া প্রধান গুৰু আৰু সংস্কাৰক গোৰক্ষনাথে কামাখ্যা মন্দিৰত নৰবলি প্রথা ৰদ কৰিবলৈ প্রথমে প্রচেষ্টা চলাইছিল। স্বৰ্গদেও গৌৰীনাথ সিংহৰ দিনত কামাখ্যাত নৰবলি প্রথাৰ অন্ত পৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top