Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য and select needs one.

Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Solutions for All Subject, You can practice these here.

শিক্ষাৰ ধাৰণা আৰু  লক্ষ্য

পাঠ: ১

প্রশ্নাৱলী

১। ‘Education’ শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা।

উত্তৰঃ শিক্ষা’ শব্দটো লেটিন শব্দ ‘E’ আৰু ‘Duco’ ৰ পৰা উৎপত্তি হোৱা বুলি ক’ব পাৰি। ‘E’ ৰ অৰ্থ হৈছে ‘য’ৰ পৰা আৰু ‘Duco’ ব অর্থ হৈছে ‘মই আগবাঢ়ো।’

২। শিক্ষা কি? সংজ্ঞাসহকাৰে ইয়াৰ অর্থ ব্যাখ্যা কৰা।

উত্তৰঃ ‘শিক্ষা’ শব্দটোৰ তাৎপর্য্য বৰ বহল। প্রত্যেকেই শিক্ষাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰি পৃথক পৃথক ধাৰণাৰ সৃষ্টি কৰে। কাৰোবাৰ বাবে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ। অন্য এজনৰ মতে, শিক্ষা হৈছে পৰিবেশৰ লগত খাপ খাব পৰা ক্ষমতা। 

পার্চি নানৰ মতে, শিক্ষা হৈছে শিশুৰ ব্যক্তিত্বৰ পূৰ্ণবিকাশ যাৰ সহায়েৰে সি তাৰ সৰ্বোৎকৃষ্ট ক্ষমতা অনুযায়ী মানৱ জীৱনৰ প্ৰতি নিজৰ মৌলিক এৰঙণি আগবঢ়াব পাৰে।

৩। সংকীর্ণ আৰু ব্যাপক অর্থত শিক্ষা বুলিলে কি বুজা? 

উত্তৰঃ সংকীর্ণ অর্থত শিক্ষা হৈছে সুপৰিকল্পিত আৰু সুসংগঠিত প্রক্রিয়া। বিশ্বাস কৰা হয় যে এটা শিশুৱে বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰাৰ লগে লগে শিক্ষা আৰম্ভ হয়। শিক্ষকে বিদ্যালয়ত শিশুক বিভিন্ন শিক্ষা দি, সুঅভ্যাস গঠনত সহায় কৰাৰ উপৰি জীৱনৰ মূল্যবোধৰো শিক্ষা দিয়ে। বিদ্যালয়ত নির্দিষ্ট পাঠ্যক্রম, অনুশাসন, শিক্ষণ পদ্ধতি মানি চলা হয়। ছাত্র-ছাত্রীসকলক পৰীক্ষাৰ মাধ্যমেৰে নম্বৰ বা গ্রেড দিয়া হয়। প্রচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভৱিষ্যৎ সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীর্ণ অর্থত শিক্ষাৰ উদ্দেশ্য। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞানকেই শিক্ষা বুলি কোৱা হয়। প্রত্যেক ব্যক্তিয়ে নিজৰ জীৱনৰ পৰাই শিক্ষা আহৰণ কৰে। বহল অর্থত শিক্ষা হ’ল— এক সামাজিক প্রক্রিয়া। সমাজৰ সকলো ধৰণৰ অনুষ্ঠানৰ লগত মানুহ জড়িত হৈ থাকে, সেয়েহে সমাজৰ লগত থকা ওতঃপ্রোত সম্বন্ধই এজন ব্যক্তিক শিক্ষিত কৰি তোলে। ব্যাপক অর্থত শিক্ষাক এজন ব্যক্তিৰ বিকাশ বুলি জনা যায়। 

৪। শিক্ষাৰ দ্বিপক্ষীয় আৰু ত্রিপক্ষীয় প্রক্রিয়া বুলিলে কি বুজা?

উত্তৰঃ ছাৰ জন আদামছে তেখেতৰ ‘Evolution of Educational Theory’ নামৰ পুথিখনত শিক্ষাক এক দ্বিপক্ষীয় প্রক্রিয়া বুলি অভিহিত কৰিছে। ইয়াত শিক্ষক আৰু শিক্ষার্থীক দুটা পক্ষ হিচাপে চিহ্নিত কৰা হৈছে। তেখেতৰ মতে -শিক্ষকৰ ব্যক্তিত্বই শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলাব পাৰে। শিক্ষকে ছাত্ৰক জ্ঞান প্রদান কৰে। তেওঁৰ অবিহনে শিক্ষা উদ্দেশ্যহীন বুলি আখ্যা দিব পাৰি। ঠিক তেনেদৰে শিক্ষার্থী অবিহনে শিক্ষকৰ কৰ্তব্য মূল্যহীন। শিক্ষাৰ দ্বিপক্ষীয় প্রক্রিয়াত শিক্ষকে ছাত্রক জ্ঞান প্রদান কৰে। আলোচনাৰ মাধ্যমেৰে দুয়োৰে মাজত সংযোগ সাধন হয়। গোটেই শিক্ষা প্রক্রিয়াটো শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত চলি থাকে কাৰণে দ্বিপক্ষীয় প্ৰক্ৰিয়া বোলা হয়।

জন ডিউইৱে শিক্ষাক ‘ত্রিপক্ষীয় পদ্ধতি’ হিচাপে অভিহিত কৰিছে।

শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিৱেশে শিক্ষা ফলপ্রসূ কৰি তোলে। শিশুৱে সামাজিক পৰিৱেশতেই ডাঙৰ-দীঘল হয়। শিক্ষকে শিক্ষাৰ্থীৰ আগ্রহ অভিৰুচি অনুযায়ী শিক্ষাৰ আঁচনি প্রস্তুত কৰিব লাগে, শিক্ষা প্রদান কৰিব লাগে, উচিত মূল্যায়ন কৰিব লাগে।

সামাজিক পৰিৱেশত যাতে শিক্ষার্থীসকলে ভালদৰে খাপ খাব পাৰে তাৰ বাবে চেষ্টা কৰিব লাগে। একোখন সমাজে শিক্ষাৰ উদ্দেশ্য, শিক্ষণ পদ্ধতি নিৰূপণ কৰে। শিক্ষকে সমাজৰ প্ৰয়োজন অনুযায়ী শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন কৰিবলৈ বিচাৰে। শিক্ষা সদায় সামাজিক প্রয়োজন পূৰাব পৰাকৈ প্ৰস্তুত কৰিব লাগে। শিক্ষাৰ ত্ৰিপাক্ষিক প্রক্রিয়াত প্রতিটো পক্ষই নিজস্ব ভূমিকা গ্রহণ কৰে। এই ক্ষেত্ৰত, ছাত্র হ’ল ক্ৰিয়াৰ ভূমিকা গ্রহণকাৰী, শিক্ষক হ’ল ক্রিয়া পৰিচালনাকাৰী, আৰু সামাজিক পৰিৱেশ হ’ল শিক্ষা বিষয় আৰু তাৰ গতি নির্ধাৰণকাৰী। 

৫। শিক্ষাৰ পৰিসৰ মানে কি?

উত্তৰঃ শিক্ষাৰ পৰিসৰ বুলিলে সাধাৰণতে আমি পৰিসীমা বুলিয়ে বুজো। পদার্থবিদ্যা, ৰসায়নবিদ্যা আদি বিষয়সমূহক নিৰ্দিষ্ট পৰিসৰ বা পৰিধিৰ মাজত আৱদ্ধ কৰিব পাৰি। শিক্ষা বিষয়টোক নির্দিষ্ট পৰিধিৰ মাজত আৱদ্ধ কৰিব নোৱাৰি।

শিক্ষাই ব্যক্তিৰ সামুহিক বিকাশ যেনে শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ কথা সূচায়। এটা শিশুৰ জন্ম মুহূৰ্তৰ পৰাই শিক্ষাৰ আৰম্ভণি হয় আৰু মৃত্যু পর্যন্ত চলি থাকে। গতিকে গোটেই জীৱনটোৱেই শিক্ষাৰ পৰিসৰৰ ভিতৰত পৰে। সামাজিক নীতি, ভাষা আদিও শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

৬। আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজায়?

উত্তৰঃ আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ জৰিয়তে দিয়া হয়। এই শিক্ষা ব্যৱস্থা সুপৰিকল্পিত আৰু উদ্দেশ্য-প্রণোদিত। আনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী, পাঠ্যক্রম, পৰীক্ষা ব্যৱস্থা, নীতি-নিয়ম, অনুশাসন আদিৰ দ্বাৰা নিয়ন্ত্রিত। ইয়াত ছাত্ৰৰ মূল্যায়ন পৰীক্ষাৰ ওপৰত ভিত্তি কৰি কৰা হয়। কটকটীয়া নিয়ম প্রণালী মানিবলৈ অপাৰগ হোৱা বহুতো পৰিয়ালৰ অনেক ল’ৰা-ছোৱালী আনুষ্ঠানিক শিক্ষাৰ চাৰিবেৰৰ মাজত সোমোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয়। আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে ডিগ্রী, ডিপ্ল’মা, প্রমাণপত্র আদি লাভ কৰিব পাৰে।

৭। অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজায়? 

উত্তৰঃ অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ বহল পৰিসৰৰ। এই শিক্ষা পূর্বপৰিকল্পিত নহয়। বিদ্যালয় মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষাত শিক্ষার্থীৰ ওপৰত কোনো ধৰাবন্ধা নিয়ম নাথাকে। অনানুষ্ঠানিক শিক্ষা মুক্তভাৱে ব্যক্তিয়ে নিজ নিজ পৰিৱেশত প্রয়োজন অনুসৰি লাভ কৰিব পাৰে। ইয়াত কোনো ধৰণৰ প্রশিক্ষণপ্রাপ্ত শিক্ষকক নিযুক্তি দিয়া নহয়। এইবিধ শিক্ষা ব্যয়বহুল নহয় আৰু সেইবাবে সকলো শ্ৰেণীৰ আৰু বয়সৰ মানুহৰ বাবে উপযোগী। এই শিক্ষাৰ শেষত কোনো ধৰণৰ ডিগ্রী, ডিপ্ল’মা বা চার্টিফিকেট দিয়া নহয়। 

৮। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পার্থক্য তিনিটা উল্লেখ কৰা।

উত্তৰঃ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা তিনিটা পাৰ্থক্য হল―

১। আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত আনহাতে অনানুষ্ঠানিক শিক্ষা স্বতঃ স্ফূৰ্ত।

২। আনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা হয় আনহাতে অনানুষ্ঠানিক শিক্ষা অভিজ্ঞতাৰ দ্বাৰা এই শিক্ষা লাভ কৰিব পাৰি।

৩। আনুষ্ঠানিক শিক্ষাত ডিগ্রী, ডিপ্ল’মা, চার্টিফিকেট প্রদান কৰা হয় আনহাতে অনানুষ্ঠানিক শিক্ষাত কোনো ডিগ্রী, ডিপ্ল’মা, চার্টিফিকেট প্ৰদান কৰা নহয়।

৯। অচৌপচাৰিক শিক্ষা কাক বোলে? আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ পার্থক্য ক’ত?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় আয়োগে সর্বপ্রথমে অনৌপচাৰিক শিক্ষাৰ বিষয়ে উল্লেখ কৰে। আয়োগে ‘Learn- (ing to be’ নামৰ প্ৰতিবেদনত উল্লেখ কৰে যে যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিব নোৱাৰে তেওঁলোকৰ বাবে সুকীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। যদিও শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অর্থ প্রয়োগ কৰা হৈছে, এক বুজন অংশ ল’ৰা- ছোৱালীয়ে শিক্ষা সমাপ্ত নকৰাকৈয়ে শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হৈছে। এনেবোৰ ছাত্র- ছাত্ৰীৰ বাবে চৰকাৰে একপ্ৰকাৰ শিক্ষাৰ ব্যৱস্থা কৰিছে। এই শিক্ষাৰ ব্যৱস্থাটোকে অনৌপচাৰিক শিক্ষা ব্যৱস্থা বুলি কোৱা হয়।

আনুষ্ঠানিক শিক্ষাৰ লগত অনৌপচাৰিক পার্থক্য হল―

১। আনুষ্ঠানিক শিক্ষাৰ নির্দিষ্ট ধাৰণা আৰু পাঠ্যক্রম থাকে আনহাতে অনৌপচাৰিক শিক্ষাত শিক্ষার্থীৰ প্রয়োজন অনুযায়ী বিভিন্ন ধৰণৰ পাঠ্যক্রম থকা দেখা যায়।

২। আনুষ্ঠানিক শিক্ষাত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ দ্বাৰা শিক্ষা প্রদান কৰা হয় আনহাতে অনৌপচাৰিক শিক্ষাত মুক্ত বিশ্ববিদ্যালয়, যোগাযোগ পাঠ্যক্রম অংশকালীন শিক্ষা ব্যৱস্থা আদিৰ দ্বাৰা শিক্ষা প্রদান কৰা হয়।

৩। আনুষ্ঠানিক শিক্ষাত শিক্ষকে শিক্ষার্থীক শিক্ষা প্রদান কৰে আনহাতে অনৌপচাৰিক শিক্ষাত আত্ম শিক্ষানীতি মানি লোৱা হয়।

৪। আনুষ্ঠানিক শিক্ষাত পৰীক্ষাৰ ভিত্তিত ডিগ্রী, ডিপ্ল’মা, চার্টিফিকেট আদি প্রদান কৰা হয়। আনহাতে অনৌপচাৰিক শিক্ষাত মূল্যায়নৰ ভিত্তিত ডিগ্রী, চার্টিফিকেট আদি প্রদান কৰা হয়।

১০। ব্যক্তিকেন্দ্রিক লক্ষ্যৰ গুৰি ধৰোতা কোন?

উত্তৰঃ  ৰুচো।

১১। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে লিখা।

উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য: এটা শিশুৱে জন্মগতভাৱে কিছুমান গুণ আয়ত্ব কৰে। শিক্ষাই এই গুণসমূহৰ সুস্থ বিকাশ সাধনত সহায় কৰিব লাগে। প্রত্যেক শিশুৱেই আনজনতকৈ পৃথক। শিক্ষাৰ দ্বাৰা শিশুৰ সংগতিপূর্ণ আৰু প্রগতিশীল বিকাশ সাধন হোৱা প্রয়োজন। শিক্ষাই ব্যক্তিসত্বাক সম্মান জনোৱাৰ ক্ষেত্রত গুৰুত্ব দিয়া প্রয়োজন। শিশুৱে শিক্ষা আহৰণ কৰি যাতে জনসাধাৰণৰ উন্নতিৰ অর্থে বৰঙণি আগবঢ়াব পাৰে, তাৰ ওপৰত গুৰুত্ব দিব লাগে। মানবীয় গুণসমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত। 

ব্যক্তিকেন্দ্রিক লক্ষ্যৰ সবলতা:

১। ব্যক্তিৰ বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ নহয়। সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নির্ভৰশীল।

২। ব্যক্তিসম্বন্ধে বিবেচনা সমাজ সম্বন্ধীয় বিবেচনাতকৈ অধিক গুৰুত্বপূর্ণ। সেয়েহে, সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হোৱা প্রয়োজন।

৩। ডাৰউইনৰ ক্রমবিবর্তনবাদ তত্ব অনুসৰি আমাৰ জীৱনৰ প্রতি মূহূর্ততে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সংগ্ৰাম আৰু প্রতিদ্বন্দ্বিতাৰে আগুৱাব লাগে। এনে সংগ্রামত কেৱল যোগ্যজনেই নিজ অধিকাৰ লাভ কৰিব পাৰে। সেইবাবে ব্যক্তিক নিজ যোগ্যতা লাভৰ শিক্ষা দিয়াটো আমাৰ কর্তব্য।

৪। প্রত্যেক ব্যক্তিয়ে নিজস্ব শক্তি ক্ষমতাৰে জন্ম গ্রহণ কৰে। সেয়েহে ব্যক্তি ভিন্নতাৰ ওপৰত লক্ষ্য কৰিহে ব্যক্তিক শিক্ষা দিয়া উচিত।

৫। ব্যক্তিৰ আৱেগিক আৰু আনুভূতিক জীৱনৰ ফালৰ পৰাও এক সুকীয়া বৈশিষ্ট্য আছে। ব্যক্তিমনৰ আনুভূতিক জীৱনৰ এনেবোৰ নিজস্ব প্রয়োজন শিক্ষাৰ যোগেদি পূৰণ কৰা উচিত।

ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দূর্বলতা:

১। এই লক্ষ্যই ব্যক্তিৰ জৈৱিক বংশগতিৰ ওপৰত গুৰুত্ব দি সামাজিক বংশগতিক অবহেলা কৰিছে। কিন্তু, শিক্ষাৰ ফালৰ পৰা শিক্ষকে সামাজিক বংশগতিৰ প্রভাৱৰ প্ৰতিহে অধিক মনোযোগ দিয়া উচিত।

২। মানুহৰ শিক্ষা অভিজ্ঞতা, প্রয়োজন আদি কেৱল জৈৱিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা অনুচিত। জৈৱিক উপাদান আৰু বৈশিষ্ট্যৰ দ্বাৰা মানুহে জন্মলাভ কৰিলেও সামাজিক পৰিৱেশত বিবেকশীল আৰু বৌদ্ধিক ক্রিয়া আচৰণ গ্রহণ কৰিবলৈ শিকাটোহে শিক্ষাৰ লক্ষ্য হোৱা উচিত।

৩। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যই আত্মকেন্দ্রিক, স্বাৰ্থপৰ আৰু অসামাজিক লোকৰ সৃষ্টি কৰিব পাৰে। প্ৰতিজন লোকেই নিজ দেহ মানসিক ক্ষমতাৰে পূর্ণ বিকাশ লাভ কৰিলেও সি যদি সমাজমুখী হৈ নুঠে তেন্তে, তাৰ পৰা সৃষ্টিশীল আৰু গঠনাত্মক ক্রিয়া আশা কৰিব নোৱাৰি।

৪। এই লক্ষ্যই শিক্ষিত শ্রেণী লোকক সমাজত সুস্থ সমাযোজন স্থাপনতো সহায় কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা সমাজত শিক্ষিত আৰু অশিক্ষিত, যোগ্য আৰু অযোগ্য দুই শ্রেণীৰ লোকৰ সৃষ্টি হ’ব পাৰে।

শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য: এই লক্ষ্যৰ প্রধান পৃষ্ঠপোষক হ’ল জন ডিউই। তেওঁৰ মতে, শিক্ষাৰ লক্ষ্যই শিশুসকলক সমাজৰ যোগ্যতাসম্পন্ন ব্যক্তি হিচাপে গঢ় দিব লাগে। সমাজকেন্দ্রিক শিক্ষাৰ লক্ষ্যই দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে। এই লক্ষ্যৰ মতে, এজন ব্যক্তি এখন সমাজ বা দেশৰ তুলনাত সদায় তুচ্ছ। দলীয় জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান- প্রদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেদি জীৱন নির্বাহ কৰিবলৈ শিক্ষার্থীক প্রণালীবদ্ধভাৱে শিক্ষা দিয়াটোও সমাজকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য। এই লক্ষ্যই ব্যক্তিক সুনাগৰিক হিচাপে গঢ়ি উঠাত সহায় কৰে। সমাজৰ উন্নতি হ’লেই স্বতঃস্ফূর্তভাবে সমাজত বাস কৰা ব্যক্তিৰো উন্নতি হ’ব।

সমাজকেন্দ্রিক লক্ষ্যৰ সবলতা:

১। সমাজপ্রিয়তা হৈছে, মানুহৰ এক সহজাত প্রবৃত্তি। সমাজ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। সেয়েহে শিক্ষাৰ লক্ষ্যই মানুহৰ এই সমাজমুখী স্বভাৱ বা প্রবৃত্তি অৱহেলা কৰিব নোৱাৰে।

২। সামাজিক পৰিৱেশ অবিহনে ব্যক্তিৰ ক্ষমতা বা বিকাশ যোগ্যতা আৱিস্কাৰ কৰিব নোৱাৰি। সেয়েহে ব্যক্তিৰ যোগ্যতা উদ্ভাৱন কৰিবৰ বাবে এক বিশেষ সামাজিক পৰিৱেশৰ প্ৰয়োজন।

৩। ব্যক্তিৰ নিজস্ব প্রয়োজন সমাজৰ প্রয়োজনৰ যোগেদি প্রতিবিম্বিত হয়। সেইবাবে ব্যক্তিৰ প্রয়োজন সমাজৰ প্রয়োজনতকৈ পৃথক হ’ব নোৱৰে।

৪। বর্তমান যুগত এজন মানুহে কেতিয়াও স্বয়ং সম্পূর্ণ জীৱন নির্বাহ কৰিব নোৱাৰে। ব্যক্তিৰ সুখ-আনন্দ, আমোদ-প্রমোদ, শান্তি-প্ৰগতি আদিৰ বাবে মানুহে একান্তই সমাজৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

৫। সমাজ হৈছে দেহৰ সকলো অংশৰ পূর্ণতাৰে গঢ়া এজন মানুহৰ দৰে আৰু ব্যক্তি হৈছে সেই দেহৰ একো একোটা ক্ষুদ্ৰ জীৱকোষৰ দৰে। দেহৰ বিকাশ সাধনৰ বাবে কোষে নিজ ভূমিকা গ্রহণ কৰাৰ দৰে সমাজৰ বিকাশৰ বাবেও ব্যক্তিয়ে নিজৰ অৰিহণা আগবঢ়াব লাগে।

সমাজকেন্দ্ৰিক লক্ষ্যৰ দূৰ্বলতা:

১। ইয়াত ব্যক্তিৰ অস্তিত্ব স্বীকাৰ কৰা নহয়। সেইবাবে ব্যক্তি বিশেষৰ সম্ভাৱনীয়তা সমূহ সম্পূর্ণকৈ বিকাশ হোৱাত প্রয়োজনীয় সুবিধা দিয়াৰ অৱকাশ নাথাকে।

২। নিজৰ দেশৰ প্রতি অত্যাধিক প্ৰেম জগাই তুলিলে চুবুৰীয়া দেশৰ প্রতি হিংসা আৰু বিদ্বেষৰ ভাৱ সৃষ্টি হোৱাৰ আশংকা থাকে।

৩। দেশৰ বিকাশত অনবৰতে গুৰুত্ব দিয়া শিক্ষা ব্যৱস্থাত ব্যক্তিয়ে নিজৰ বিকাশৰ বাবে উচিত পৰিমাণৰ প্ৰেৰণা লাভ নকৰে।

৪। সামাজিক লক্ষ্যই যোগ্যতাৰ ক্ষেত্ৰত থকা ব্যক্তি পার্থক্যৰ প্রশ্নও অৱহেলা কৰা দেখা যায়। সকলো লোকেই সামাজিক পৰিৱেশত শিক্ষা লাভ কৰিলেও সকলোৰে পৰা শিক্ষাৰ পৰিণতি একে হোৱাটো আশা কৰিব নোৱাৰি।

৫। সমাজক সর্বশক্তিমান বুলি বিবেচনা কৰিবলৈ যাওঁতে ব্যক্তিৰ নিজস্ব ক্ষমতা, প্রয়োজন আৰু ভূমিকা আদিৰ যথাযোগ্য বিবেচনা নকৰাটো ব্যক্তি আৰু সমাজ উভয়ৰ বাবেই ক্ষতিকাৰক।

১২।  শিক্ষাৰ সমাজকেন্দ্রিক আৰু ব্যক্তিকেন্দ্রিক লক্ষ্য এটা আনটোৰ পৰস্পৰ বিৰোধী নহয় বৰং পৰিপূৰকহে’ কথাফাঁকিৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ ব্যক্তি আৰু সমাজৰ মাজত এক ওতঃপ্রোতঃ সম্বন্ধ আছে, এটা আনটোৰ পৰা কেতিয়াও পৃথক হ’ব নোৱাৰে। কাৰণ ব্যক্তি আৰু সমাজ দুয়োটাই দুয়োটাৰে ওপৰত নিৰ্ভৰশীল। ব্যক্তিয়ে সমাজত প্রভাৱ পেলায় আৰু আনহাতে সমাজে ব্যক্তিৰ ওপৰত নিজস্ব প্রভাব বিস্তাৰ কৰে। এহাতে ব্যক্তিৰ উন্নতিৰ দ্বাৰা সমাজৰ উন্নতি সম্ভব হৈ উঠে আৰু আনহাতে বিকশিত সমাজে ব্যক্তিৰ ওপৰত অধিক সন্তোষজনক ধনাত্মক প্রভাব পেলাই ব্যক্তিৰ সামূহিক বিকাশ সম্ভব কৰি তোলে। সেয়েহে শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্রিক লক্ষ্য এটা আনটোৰ পৰস্পৰ বিৰোধী নহয় আৰু শিক্ষাৰ লক্ষ্য স্থিৰ কৰোতে দুয়োটা লক্ষ্যকে সমান অগ্রাধিকাৰ দিয়া আৱশ্যক।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থকসকলৰ মতে সমাজৰ প্ৰত্যেকজন ব্যক্তিকে একো একোজন স্বয়ং সম্পূর্ণ সত্তা বুলি ধৰি লোৱা হয়। ব্যক্তিৰ সর্বাংগীন উন্নতিৰ ওপৰত ইয়াত গুৰুত্ব আৰোপ কৰা হয়। প্লেটোৰ মতে ব্যক্তিক তেওঁলোকৰ সম্ভাৱনীয়তাসমূহৰ পূৰ্ণ বিকাশৰ সুবিধা দিব লাগে। পূর্ণ বিকশিত ব্যক্তিসত্বাৰ জৰিয়তে সমাজে উপকৃত হ’ব পাৰে।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থক পার্চিনানেও ব্যক্তি আৰু সমাজ দুয়োটা দিশৰে সমানে উন্নতিৰ পোষকতা কৰিছিল। ব্যক্তিৰ উন্নতিৰ অবিহনে এখন উন্নত সমাজ আশা কৰিব নোৱাৰি আনহাতে এখন উন্নত সমাজৰ অবিহনে ব্যক্তিৰ সামগ্রিক উন্নতিৰ পথ বাধাগ্রস্থ হৈ পৰে। সেয়েহে ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰে যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্রিক লক্ষ্য প্রকৃততে পৰস্পৰ বিৰোধী নহয়, বৰঞ্চ পৰিপূৰকহে।’

১৩। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি? সমাজত এই লক্ষ্যক কিয় অগ্রাধিকাৰ দিয়া হয়?

উত্তৰঃ  মানসিক, দৈহিক আৰু সামাজিক গুণৰাশিৰ উৎকৰ্ষ সাধনেই শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয়। এই গুণসমূহৰ উৎকৰ্ষ সাধন হোৱাৰ লগে লগে ব্যক্তিয়ে জীৱন নির্বাহৰ বাবে উপযুক্ত শিক্ষা অৰ্জন কৰাটোও এক প্রয়োজনীয় কাম।

মানুহক উৎপাদনমুখী আৰু স্বাবলম্বী কৰি তোলাটো শিক্ষাৰ অন্যতম উদ্দেশ্য হোৱা উচিত। জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দর্য্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় স্বৰূপেহে বিবেচনা কৰিব লাগে। শিক্ষাৰ আত্মিক প্রয়োজনতকৈ আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অর্থনৈতিক প্রয়োজন বেছি। বৰ্তমানৰ এনেবিধ প্রয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তীয় শিক্ষা।

সমাজত এই লক্ষ্যক অগ্রাধিকাৰ দিয়া কাৰণ হৈছে―

১। বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে।

২। নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী।

৩। দেশৰ উন্নতিৰ বাবে মানৱসম্পদ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী।

৪। বৃত্তিমুখী লক্ষ্যই সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহায় কৰে।

৫। এই লক্ষ্যই অর্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে।

১৪। এখন গণতান্ত্রিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত?

উত্তৰঃ শিক্ষাৰ গণতান্ত্রিক লক্ষ্যই জনসাধাৰণৰ বিকাশ আৰু জনকল্যাণৰ ওপৰত গুৰুত্ব দিয়ে। গণতন্ত্ৰৰ মূল বৈশিষ্ট্য বা প্রমূল্যসমূহ হৈছে, সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, বিশ্বাস, চিন্তা তথা প্রকাশৰ ক্ষেত্ৰত স্বাধীনতা, সুযোগৰ ক্ষেত্ৰত সমতা, ভাতৃত্ব ভাৱ, সহযোগিতামূলক বসবাস, সহনশীলতা ইত্যাদি। গতিকে গণতন্ত্রত বিশ্বাসী দেশ এখনৰ শিক্ষাৰ লক্ষ্য স্থিৰ কৰোতেও ওপৰত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ প্ৰতি দৃষ্টি ৰাখি লক্ষ্য স্থিৰ কৰা হয়।

গণতান্ত্রিক শিক্ষাৰ লক্ষ্যৰ মূল বৈশিষ্ট্য সমূহ হ’ল-

(ক) ব্যক্তিত্বৰ বিকাশ: শিক্ষাৰ গণতান্ত্রিক লক্ষ্যৰ এক প্রধান উদ্দেশ্য বা লক্ষ্য হৈছে, দেশখনৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ পূৰ্ণবিকাশ ঘটোৱা। পাঠ্যক্রমত সু-চিন্তিতভাৱে এনে ধৰণৰ বিষয় অন্তর্ভুক্ত কৰা উচিত যাৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হ’ব পাৰে।

(খ) নেতৃত্বৰ বিকাশ: এখন গণতান্ত্রিক দেশৰ সফলতা নিৰ্ভৰ কৰে ঘাইকৈ নেতাসকলৰ বলিষ্ঠ নেতৃত্বৰ ওপৰত। দেশৰ সুযোগ্য নেতাৰ অভাৱ হ’লে দেশ কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে। সেয়েহে গণতান্ত্রিক লক্ষ্যত শিক্ষার্থীসকলক এনে ধৰণৰ শিক্ষা প্রদান কৰিব লাগে যাতে উপযুক্ত বয়সত তেওঁলোকে দেশখনৰ জনগণক নেতৃত্ব প্রদান কৰিব পাৰে। গতিকে শিক্ষার্থীসকলক সৰুৰে পৰাই সামাজিক সেৱা, খেলা-ধূলা, এন,চি,চি, আলোচনা সভাৰ মাধ্যমেৰে নোত্যত প্রদান কৰিব লাগে।

(গ) নাগৰিকত্বৰ বিকাশঃ গণতান্ত্রিক লক্ষ্যত সদায়েই শিক্ষার্থীসকলক ভৱিষ্যতে এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়। দায়িত্বশীল নাগৰিকৰ গুণসমূহ, যেনে- সহযোগিতা, সহিষ্ণুতা, দেশৰ আইন কানুন, ৰীতি-নীতিৰ ওপৰত বিশ্বাস আৰু আনুগত্য, অনুশাসন মানি চলাৰ মানসিকতা আদি আয়ত্ব কৰাৰ ওপৰত প্রাধান্য দিয়া হয়।

১৫। শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা।

(ক ) শিক্ষা আৰু জীৱবিদ্যা।

উত্তৰঃ শিক্ষাৰ লগত জীৱবিদ্যাৰ সম্পৰ্ক নিবিড়। জীৱবিদ্যা আৰু শিক্ষা দুয়োটা বিষয়েই ব্যক্তি আৰু পৰিৱেশৰ অধ্যয়ন কৰে। জীৱবিজ্ঞানে প্ৰাণীৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতিৰ প্রভাৱ সম্পর্কে আলোচনা কৰে। মানুহৰ শিক্ষা আহৰণৰ ক্ষেত্ৰতো বংশ আৰু পৰিৱেশৰ প্ৰভাৱ সম্পর্কে বর্তমান বিস্তৃতভাবে অধ্যয়ন কৰা হয়। জীৱবিদ্যাই ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পর্কে অধ্যয়ন কৰে। শিক্ষাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সম্পর্কে অধ্যয়ন কৰে।

পৰিৱেশৰ ক্ষেত্ৰত জীৱবিদ্যাই প্রাকৃতিক পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ কথা সূচায় আৰু শিক্ষাই প্রাকৃতিক আৰু সামাজিক পৰিৱেশৰ ব্যক্তিৰ ওপৰত পৰা প্রভাৱৰ কথা সূচায়। জীৱবিদ্যাই জীৱৰ ক্রমবিকাশ, ইন্দ্রিয়সমূহ, জিন, হৰম’ন আদি সম্বন্ধে অধ্যয়ন কৰে। শিক্ষাই উপৰোক্ত দিশসমূহত আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে।

(খ) শিক্ষা আৰু সমাজবিজ্ঞান।

উত্তৰঃ শিক্ষা হৈছে এক বহল পৰিসৰৰ। শিক্ষাৰ দ্বাৰা শিক্ষার্থীয়ে বিভিন্ন অভিজ্ঞতা আহৰণ কৰি জ্ঞান অর্জন কৰে। ই ব্যক্তিৰ আচৰণ মার্জিত ৰূপত গঢ় দি তোলাত সহায় কৰে। ব্যক্তিগত আচৰণ প্ৰক্ৰিয়াৰ ৰূপান্তৰ কৰি শিক্ষাই সামাজিক জীৱন প্ৰক্ৰিয়াৰো ৰূপান্তৰ প্ৰক্ৰিয়াক অতি গতিশীল কৰি তোলে। কাৰিকৰী দিশত শিক্ষা হৈছে, এনে এটা প্রক্রিয়া যাৰ দ্বাৰা সমাজে স্কুল কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ, দক্ষতা পৰম্পৰাগতভাৱে প্ৰদান কৰে। সাধাৰণ অর্থত শিক্ষানুষ্ঠানত শিক্ষকে ছাত্ৰক প্ৰদান কৰা জ্ঞানকে শিক্ষাকার্যত অন্তর্ভুক্ত কৰা হয়।

‘সমাজশাস্ত্র বিজ্ঞানৰ’ ইংৰাজী প্রতিশব্দ হৈছে ‘Sociology’. এই ‘Sociology’ শব্দটো মূলতঃ লেটিন শব্দ ‘Socius’ অর্থাৎ একেলগে থকা (Companion) বা সমাজ আৰু গ্রীক শব্দ ‘Logos’ অর্থাৎ জ্ঞান বা ‘Scientific Study’ অর্থাৎ বিজ্ঞান সম্মত অধ্যয়নৰ পৰা উৎপত্তি হৈছে যি বিজ্ঞানে সমাজৰ বিষয়ে প্রণালীৱদ্ধ অধ্যয়ন চলায় তেনে বিজ্ঞানক সৰল অৰ্থত সমাজ শাস্ত্র বিজ্ঞান বুলি কোৱা হয়।

শিক্ষা আৰু সমাজশাস্ত্র বিজ্ঞানৰ মাজত ওতঃপ্রোত সম্বন্ধ থকা দেখা যায়। বিশেষজ্ঞ সকলৰ দৃষ্টিভংগীত সমাজৰ সহায় নোহোৱাকৈ ব্যক্তিৰ কোনো ভৱিষ্যত থাকিব নোৱাৰে। সমাজক অৱজ্ঞা কৰি একমাত্র ব্যক্তি স্বাৰ্থৰ ওপৰত প্রাধান্যতা প্রদান কৰি শিক্ষাৰ কথা ভৱাটো পক্ষপাতিত্বৰ পৰিচায়ক হ’ব। গতিকে, ব্যক্তি আৰু সমাজ উভয়ৰে কথা চিন্তা কৰিহে শিক্ষাৰ বিষয়ে চিন্তা কৰা উচিত। শিক্ষা আৰু সমাজশাস্ত্র বিজ্ঞানক এটা মূদ্রাৰ দুটা পিঠি স্বৰূপে অভিহিত কৰিব পাৰি।

(গ) শিক্ষা আৰু দর্শন।

উত্তৰঃ শিক্ষাৰ লগত দৰ্শনৰ ওতঃপ্রোত সম্বন্ধ আছে। সাধাৰণতে ‘দর্শন’ মানে চকুৰে দেখা বুজায়। কিন্তু, ভাৰতীয় সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত দর্শনশাস্ত্ৰৰ ‘দর্শন’ শব্দটোৱে কেৱল চকুৰে দেখাকে বুজোৱা নাই, ই তত্ত্ব দর্শন অর্থাৎ জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখাৰ কথাকে সুচাইছে। ‘দৰ্শন’ মানে হৈছে, ‘সত্যৰ উপলব্ধি’।

বর্তমান শিক্ষাৰ প্রতিটো দিশতে দৰ্শনৰ প্রভাৱ সুস্পষ্টভাৱে পৰা দেখিবলৈ পোৱা যায়। পৃথিৱীৰ প্রত্যেকজন দার্শনিকৰেই জীৱন দৰ্শন বেলেগ বেলেগ। তেওঁলোকে জীৱনটোক প্রত্যেকেই পৃথক পৃথক দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰে। সেয়ে তেওঁলোকৰ দৰ্শন। সেইবাবেই আমি বিভিন্ন দার্শনিকৰ মাজত বিভিন্ন মতবাদ থকা দেখা পাঁও। উদাহৰণস্বৰূপে, প্লেটোৰ ‘আদর্শবাদ’, এৰিষ্ট’টোল, স্পেনচাৰ, ৰুচো আদিৰ ‘প্রকৃতিবাদ’, ছক্রেটিছ, কান্ট, হেগেল আদি দার্শনিকৰ ‘ভাৱবাদ’ আদি উল্লেখ কৰিব পাৰি। এই আটাইবোৰ দার্শনিক মতবাদৰেই শিক্ষাৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আছে। 

ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দর্শনে নীতি নির্দেশনা নির্ধাৰণ কৰে। শিক্ষাৰ লক্ষ্যইও ব্যক্তিৰ আচৰণৰ সংশোধন কৰি আদর্শ ব্যক্তি গঢ়ি উঠাৰ ওপৰত গুৰুত্ব দিয়ে। দর্শনে জীৱনৰ মূল্যবোধ সম্পর্কে অৱগত কৰোৱায়। শিক্ষাই সেইবোৰৰ কাৰ্যকৰীকৰণত সহায় কৰে।

(ঘ) শিক্ষা আৰু অর্থনীতি।

উত্তৰঃ শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জড়িত। অর্থনীতি মানে হ’ল সম্পদৰ অধ্যয়ন। চিন্তাবিদ সকলে কয় যে, শিক্ষাৰ অন্যতম লক্ষ্য হৈছে, আর্থিকভাৱে স্বাৱলম্বী হোৱা। এই ক্ষেত্রত শিক্ষাৰ লগত অর্থনীতিৰ সম্বন্ধৰ কথা আহি পৰে। এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশখনৰ শিক্ষা ব্যৱস্থাৰ পাৰস্পৰিক সম্বন্ধ আছে। যিখন দেশ অর্থনৈতিকভাৱে শক্তিশালী, সেইখন দেশৰ শিক্ষাৰ মানদণ্ডও উচ্চ। অর্থনৈতিকভাৱে পিছপৰা দেশ এখনে ছাত্র- ছাত্রীক উচিত সা-সুবিধা প্রদান কৰিব নোৱাৰে। ফলত সেই দেশৰ শিক্ষাব্যৱস্থা নিম্নগামী হয়।

অর্থবিজ্ঞানে অধ্যয়ন কৰা শিক্ষাৰ প্রধান দিশসমূহ হ’ল-

শিক্ষা আৰু আর্থিক বিকাশ, শৈক্ষিক মূলধনৰ ধাৰণা আৰু জোখ, অর্থনৈতিক উপকাৰৰ কাৰণে শিক্ষা পৰিকল্পনা- ব্যক্তিগত আৰু সমষ্টিগত, শিক্ষাৰ অৰ্থ যোগান আৰু ব্যয়।

(ঙ) শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান।

উত্তৰঃ শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে। ছাত্র-ছাত্রীসকলৰ মূল্যায়ন ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপণ, পৰীক্ষাৰ ফলাফল নির্ণয়, গৱেষণা আদিৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ সফল প্রয়োগ হৈছে বুলিব পাৰি।

পৰিসংখ্যা বিজ্ঞানৰ সহায়ত কোনো তথ্যৰ গড়, মধ্যমা, ভেদ্যতা, গ্রাফ, সহসম্বন্ধ নিৰ্ভৰযোগ্যতা আদি পৰিমাপ কৰি উলিওৱা হয়। শিক্ষাৰ ক্ষেত্ৰত হোৱা বিভিন্ন গৱেষণা, অধ্যয়ন আদিত পৰিসংখ্যা বিজ্ঞানৰ বিভিন্ন সূত্ৰৰ ব্যৱহাৰ বর্তমান হ’ব ধৰিছে।

19 thoughts on “Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top