Class 12 Education Additional Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Class 12 Education Additional Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Chapter – 6

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। মানসিক স্বাস্থ্য কেই প্ৰকাৰৰ?

উত্তৰঃ মানসিক স্বাস্থ্য দুই প্ৰকাৰৰ।

২। মানসিক স্বাস্থ্যৰ প্ৰকাৰ কি ?

উত্তৰঃ মানসিক স্বাস্থ্যৰ প্ৰকাৰ হ’ল—

(i) সুস্থ মানসিক স্বাস্থ্য।

(ii) অসুস্থ মানসিক স্বাস্থ্য বা মানসিক ৰোগ।

৩। মানসিক স্বাস্থ্যবিধি হ’ল এবিধ বিজ্ঞান, যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানৱীয় সম্পৰ্কৰ সকলো ক্ষেত্ৰতে পৰিব্যাপ্ত— এই কথা কোনে কৈছিল?

উত্তৰঃ মানসিক স্বাস্থ্যবিধি হ’ল এবিধ বিজ্ঞান, যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানৱীয় সম্পৰ্কৰ সকলো ক্ষেত্ৰতে পৰিব্যাপ্ত— এই কথা ক্ৰো আৰু ক্ৰোৰ কৈছিল।

৪। মানসিক স্বাস্থ্যবিধি মানসিক স্বাস্থ্য অটুট ৰখা আৰু মানসিক বিসংগতিৰ সৈতে সংযুক্ত— এই উক্তি কাৰ?

উত্তৰঃ মানসিক স্বাস্থ্যবিধি মানসিক স্বাস্থ্য অটুট ৰখা আৰু মানসিক বিসংগতিৰ সৈতে সংযুক্ত— এই উক্তি হেডফিল্ড।

৫। শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্য এটা মাত্ৰাৰ বিষয়— কোনে কৈছিল?

উত্তৰঃ শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্য এটা মাত্ৰাৰ বিষয়— প্ৰফেছাৰ হোমলে কৈছিল।

৬। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান কেইটা উদ্দেশ্য আছে?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান তিনিটা উদ্দেশ্য আছে।

৭। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য কেইটা কি কি?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হ’ল—

(i) মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা।

(ii) মানসিক স্বাস্থ্য ৰক্ষা কৰা।

(iii) মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা।

৮। ক্লিফোৰ্ড বিয়াৰচে লিখা কিতাপখনৰ নাম কি আছিল?

উত্তৰঃ ক্লিফোৰ্ড বিয়াৰচে লিখা কিতাপখনৰ নাম আছিল ‘A mind that found itself’.

৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা উদ্দেশ্য লিখা?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা উদ্দেশ্য হ’ল মানসিক ৰোগৰ চিকিৎসা আৰু নিৰাময় কৰা।

১০। মানসিক বিজ্ঞান কি?

উত্তৰঃ মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনৰ শাস্ত্ৰয়েই হৈছে মানসিক বিজ্ঞান।

১১। সুস্থ দেহতহে এটা সুস্থ মন থাকে বুলি কোনে কৈছিল?

উত্তৰঃ সুস্থ দেহতহে এটা সুস্থ মন থাকে বুলি এৰিষ্ট’টলে  কৈছিল।

১২। মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কি?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হৈছে ব্যক্তিক উপযুক্তভাৱে গঢ়ি বিভিন্ন পৰিৱেশত সমাযোজন কৰি সেই অনুসাৰে আচৰণ নিয়ন্ত্ৰিত কৰাত সহায় কৰা।

১৩। মানসিক স্বাস্থ্যৰ প্ৰতিৰোধমূলক কাৰ্যটো কি?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্যটো হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহ নিবাৰণ কৰা। এই বিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবোৰ ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজন সমস্যাসমূহ বিষয়ে বুলি পোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

১৪। মানসিক স্বাস্থ্য কি?

উত্তৰঃ মানসিক স্বাস্থ্য হৈছে বেমাৰ-আজাৰ বা আঘাতৰ পৰা মুক্ত হৈ থকা এটা বিশেষ অৱস্থা।

১৫। পৰামৰ্শ দান মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাৰ্য কি?

উত্তৰঃ পৰামৰ্শ দান মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাৰ্য হ’ল প্ৰতিৰোধ।

১৬। স্কীনাৰৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য দুটা কি?

উত্তৰঃ স্কীনাৰৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য দুটা হ’ল ধনাত্মক আৰু ঋণাত্মক।

১৭। ৰোচান’ফৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য তিনিটা কি?

উত্তৰঃ ৰোচান’ফৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য তিনিটা হ’ল- 

(i) ব্যক্তিৰ জন্মগত গুণসমূহ সম্পৰ্কে তথ্য আহৰণ কৰা।

(ii) জন্মগত গুণসমূহৰ দ্বাৰা ব্যক্তিক সামাজিক, শাৰীৰিক, শৈক্ষিক, বৃত্তীয়মূলক সমাযোজনত সহায় কৰা।

(iii) মানসিক ৰোগৰ প্ৰতিৰোধ কৰা।

১৮। মানসিক অসুস্থতা আৰু অস্বাভাৱিক কাৰকসমূহ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ মানসিক অসুস্থতা আৰু অস্বাভাৱিক কাৰকসমূহ প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি।

১৯। মানসিক অসুস্থতা আৰু অস্বাভাৱিক কাৰকসমূহৰ ভাগ তিনিটা কি?

উত্তৰঃ মানসিক অসুস্থতা আৰু অস্বাভাৱিক কাৰকসমূহৰ ভাগ তিনিটা হ’ল—

(i) বংশগত কাৰক।

(ii) শাৰীৰিক কাৰক।

(iii) পৰিৱেশীয় বা সামাজিক কাৰক।

২০। মানসিক সুস্থ ব্যক্তি বুলি কাক কোৱা হয়?

উত্তৰঃ সমাজৰ বিভিন্ন পৰিৱেশৰ সৈতে খাপ খুৱাই চলিবলৈ, ব্যক্তিয়ে যেতিয়া কোনো অস্বস্তি, অসুবিধা বা বিপদৰ সন্মুখীন নোহোৱাকৈ পৰিৱেশৰ শক্তিসমূহৰ সৈতে সুস্থভাৱে সমাযোজন কৰিব পাৰি তাকে মানসিক সুস্থ ব্যক্তি বুলি কোৱা হয়।

২১। হাইজিন শব্দটো কোন ভাষাৰ শব্দৰ পৰা আহিছে?

উত্তৰঃ হাইজিন শব্দটো গ্ৰীক ভাষাৰ Hygiene শব্দৰ পৰা আহিছে।

২২। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান তিনিটা কাৰ্য্যৱালী কি কি ?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান তিনিটা কাৰ্য হ’ল—

(i) প্ৰতিকাৰমূলক।

(ii) প্ৰতিৰোধমূলক।

(iii) সংৰক্ষণমূলক।

২৩। এটা অপৰাধপ্ৰৱণ ছাত্ৰ মানসিকভাৱে স্বাস্থ্যৱান হ’ব পাৰেনে?

উত্তৰঃ এটা অপৰাধপ্ৰৱণ ছাত্ৰ মানসিকভাৱে স্বাস্থ্যৱান হ’ব নোৱাৰে।

২৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা বৈশিষ্ট্য হ’ল ব্যক্তিগত আৰু সামাজিক অপসংগতিৰ বিভিন্ন কাৰণ সমূহৰ তালিকা প্ৰস্তুত কৰা।

২৫। মানসিকভাৱে সুস্থ ব্যক্তিৰ লক্ষণ এটা উল্লেখ কৰা?

উত্তৰঃ মানসিকভাৱে সুস্থ ব্যক্তিৰ লক্ষণ হ’ল এজন সুস্থ ব্যক্তিয়ে নিজৰ বিষয়ে, নিজৰ সবলতা আৰু দুৰ্বলতা আদিৰ বিষয়ে ভালদৰে জানে।

২৬। মানসিক স্বাস্থ্যবিজ্ঞানে প্ৰথমে কোনটো সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিল?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানে প্ৰথমে মানসিক বিকাৰগ্রস্ত সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিল।

২৭। শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ এটা ব্যৱস্থা লিখা?

উত্তৰঃ শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ এটা ব্যৱস্থা হ’ল শিশুৰ সুস্থ ব্যক্তিত্বৰ বিকাশৰ বাবে শিশুৰ মনত আত্মবিশ্বাসৰ ভাৱ গঢ়ি তুলিব লাগিব।

২৮। বিদ্যালয়ত মানসিক স্বাস্থ্য ৰক্ষাৰ এটা ব্যৱস্থা লিখা?

উত্তৰঃ বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰধান কৰিব লাগে।

২৯। সন্তোষজনক ব্যক্তিত্বৰ সমাযোজন আৰু আপেক্ষিকভাৱে মানসিক বিকাৰগ্রস্ততাৰ অনুপস্থিতিৰ ৰক্ষণাবেক্ষণ দিয়াই হৈছে মানসিক স্বাস্থ্যবিজ্ঞান—উক্ত কথাষাৰ কোনে কৈছিল।

উত্তৰঃ সন্তোষজনক ব্যক্তিত্বৰ সমাযোজন আৰু আপেক্ষিকভাৱে মানসিক বিকাৰগ্রস্ততাৰ অনুপস্থিতিৰ ৰক্ষণাবেক্ষণ দিয়াই হৈছে মানসিক স্বাস্থ্যবিজ্ঞান—উক্ত কথাষাৰ আৰ. পি. টানেজায়ে কৈছিল।

৩০। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰকৃতি এটা উল্লেখ কৰা?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰকৃতি হ’ল মানসিক স্বাস্থ্যবিজ্ঞান এক গতিশীল ধাৰণা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top