Class 12 Education Additional Chapter 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান

Class 12 Education Additional Chapter 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

শৈক্ষিক পৰিসংখ্যা বিজ্ঞান

Chapter – 7

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। আটাইতকৈ অস্থিৰ কেন্দ্ৰীয় প্ৰৱণতাটো কি?

উত্তৰঃ আটাইতকৈ অস্থিৰ কেন্দ্ৰীয় প্ৰৱণতাটো হ’ল বহুলক।

২। কেন্দ্ৰীয় প্ৰৱণতাৰ স্থিতিগত জোখটো কি?

উত্তৰঃ কেন্দ্ৰীয় প্ৰৱণতাৰ স্থিতিগত জোখটো হ’ল গড়।

৩। চূড়ান্ত পৰ্যবেক্ষণৰ দ্বাৰা কেন্দ্ৰীয় প্ৰৱণতা কোনটো জোখৰ আটাইতকৈ বেছি হেৰফেৰ হয়?

উত্তৰঃ চূড়ান্ত পৰ্যবেক্ষণৰ দ্বাৰা কেন্দ্ৰীয় প্ৰৱণতা বহুলক জোখৰ আটাইতকৈ বেছি হেৰফেৰ হয়।

৪। কেন্দ্ৰীয় জোখ হিচাপে বহুলকৰ দুটা অসুবিধা লিখা?

উত্তৰঃ কেন্দ্ৰীয় জোখ হিচাপে বহুলকৰ দুটা অসুবিধা হ’ল—

(i) ই এক অস্থিৰ কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ।

(ii) চূড়ান্ত পৰ্যবেক্ষণৰ ক্ষেত্ৰত বহুলকৰ দ্বাৰা আটাইতকৈ বেছি হেৰফেৰ হয়।

৫। বাৰংবাৰতা বিভাজন তালিকাৰ পৰা বহুলক নিৰ্ণয় কৰা সূত্ৰটো কি?

উত্তৰঃ বাৰংবাৰতা বিভাজন তালিকাৰ পৰা বহুলক নিৰ্ণয় কৰা সূত্ৰটো হ’ল— Mnd = 2Mnd – 2M

৬। বাৰংবাৰতা কি?

উত্তৰঃ সমূহ ৰাশিক যেতিয়া শ্ৰেণী বিভাজনৰ দ্বাৰা দেখুৱাই দিয়া হয়, তেতিয়া তাক সেই শ্ৰেণীৰ বাৰংবাৰতা বুলি কোৱা হয়।

৭। শ্ৰেণী অন্তৰাল বুলিলে কি বুজা?

উত্তৰঃ গোট খুৱাই ৰখা ৰাশিসমূহক সংখ্যা আৰু আকাৰৰ মাজেৰে ভাগ কৰা হয়। সাধাৰণতে 2, 3, 5, 10 ক একোটা জুমৰ দৈৰ্ঘ্য হিচাপে লোৱা হয়। পৰিসংখ্যা বিজ্ঞানত ইয়াক শ্ৰেণী অন্তৰাল বুলি কোৱা হয়।

৮। পাইচিত্ৰ কাক বোলে?

উত্তৰঃ কোনো এক ৰাশিশ্ৰেণীৰ প্ৰদত্ত ৰাশিবোৰক কোণৰ মানাংকলৈ পৰিৱৰ্তিত কৰি বৃত্ত আকাৰে উপস্থাপন কৰাকে পাইচিত্র বোলে।

৯। প্ৰতিনিধিত্বমূলক লেখচিত্ৰবোৰ কি কি?

উত্তৰঃ প্ৰতিনিধিত্বমূলক লেখচিত্ৰবোৰ হ’ল—

(i) বাৰংবাৰতা বহুভুজ।

(ii) আয়তচিত্ৰ।

(iii) দণ্ডচিত্ৰ।

(iv) বৃত্তচিত্ৰ।

১০। হিষ্টোগ্ৰামক কিয় ধাৰাবাহিক প্ৰতিবন্ধ লেখচিত্ৰ বুলি কোৱা হয়?

উত্তৰঃ কাৰণ হিষ্টোগ্ৰামত শ্ৰেণী অন্তৰালক ভূমি হিচাপে লৈ আয়তবোৰ একাদিক্ৰমে অংকন কৰা হয়।

১১। পৰিসংখ্যা বিজ্ঞান কাক বোলে?

উত্তৰঃ যি বিজ্ঞানৰ শাখাই সংখ্যামূলক তথ্য সংগ্ৰহ কৰি তাক সুসংবদ্ধ কৰে আৰু শৃংখলাবদ্ধভাৱে উপস্থাপন কৰি তাৰ তাৎপৰ্য দাঙি ধৰে তাকে পৰিসংখ্যা বোলে।

১২। প্ৰসাৰ কি?

উত্তৰঃ উচ্চতম ৰাশি আৰু নিম্নতম ৰাশিৰ পাৰ্থক্যই হৈছে প্ৰসাৰ।

১৩। চলক বুলি কাক কোৱা হয়?

উত্তৰঃ সংখ্যাৰে প্ৰকাশ কৰিব পৰা আৰু বিভিন্ন মান ধাৰণ কৰিব পৰা জোখক চলক বুলি কোৱা হয়।

১৪। বাৰংবাৰতা বিভাজন কাক বোলে?

উত্তৰঃ যেতিয়া প্ৰাপ্ত তথ্যসমূহৰ নিৰ্দিষ্ট বৈশিষ্ট্যসমূহ লক্ষ্য কৰি কেতবোৰ শ্ৰেণী বা সমূহত সজাই লোৱা হয় তাকে বাৰংবাৰতা বিভাজন বোলে।

১৫। লেখচিত্ৰ কি?

উত্তৰঃ কোনো এটা জটিল পৰিস্থিতিক সহজ-সৰলভাৱে বুজি পাব পৰাকৈ চিত্ৰৰ সহায়ত অংকন কৰা ব্যৱস্থাই হ’ল লেখচিত্ৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top