Class 12 Education Additional Chapter 4 শিক্ষণ

Class 12 Education Additional Chapter 4 শিক্ষণ Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 4 শিক্ষণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 4 শিক্ষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

শিক্ষণ

Chapter – 4

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। কোনটো নীতিয়ে পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে?

উত্তৰঃ অনুশীলনৰ নীতিয়ে পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

২। অন্তৰ্দৃষ্টিময় শিক্ষণৰ সৈতে জড়িত সূত্ৰটো কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অন্তৰ্দৃষ্টিময় শিক্ষণৰ সৈতে জড়িত সূত্ৰটো হ’ল সামগ্রিকতাবাদ।

৩। আচৰণৰ পৰা উৎপত্তি হোৱা যিকোনো আচৰণৰ সলনিয়েই হ’ল শিক্ষণ—উক্ত কথাষাৰ কোনে কৈছিল?

উত্তৰঃ আচৰণৰ পৰা উৎপত্তি হোৱা যিকোনো আচৰণৰ সলনিয়েই হ’ল শিক্ষণ—উক্ত কথাষাৰ গিলফোৰ্ডৰে কৈছিল।

৪। শিক্ষণৰ মৌলিক অনুবদ্ধনবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিল?

উত্তৰঃ শিক্ষণৰ মৌলিক অনুবদ্ধনবাদ তত্ত্বৰ স্ৰষ্টা পেভলভ আছিল।

৫। শিক্ষণৰ প্ৰধান নীতিবোৰ কি কি?

উত্তৰঃ শিক্ষণৰ প্ৰধান নীতিবোৰ হৈছে— প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি আৰু ফলাফলৰ নীতি।

৬। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপোষক কোন?

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপোষক হ’ল এডৱাৰ্ড লী থৰ্ণডাইক।

৭। শিক্ষণ কি?

উত্তৰঃ শিক্ষণ হৈছে সমগ্ৰ জীৱনব্যাপী থকা এক প্ৰক্ৰিয়া।

৮। শিক্ষণৰ উপাদান হিচাপে মূলতঃ কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ শিক্ষণৰ উপাদান হিচাপে মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি।

৯। শিক্ষণৰ উপাদানৰ ভাগ তিনিটা কি কি?

উত্তৰঃ শিক্ষণৰ উপাদানৰ ভাগ তিনিটা হৈছে মনোবৈজ্ঞানীক, শাৰীৰিক আৰু পৰিৱেশীয়।

১০। ক’হলাৰে কিমান চনৰ পৰা কিমান চনলৈ সামগ্রিকতাবাদ ধাৰণা সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা চলাইছিল?

উত্তৰঃ ক’হলাৰে ১৯১৩ চনৰ পৰা ১৯১৭ চনলৈ সামগ্রিকতাবাদ ধাৰণা সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা চলাইছিল।

১১। থৰ্ণডাইকৰ অনুশীলনৰ নীতিক কেইটা ভাগ ভাগত কৰিব পাৰি?

উত্তৰঃ থৰ্ণডাইকৰ অনুশীলনৰ নীতিক দুটা ভাগ ভাগত কৰিব পাৰি।

১২। থৰ্ণডাইকৰ অনুশীলনৰ নীতি দুটা কি কি?

উত্তৰঃ থৰ্ণডাইকৰ অনুশীলনৰ নীতি দুটা হ’ল ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি।

১৩। এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবৈজ্ঞানী পেভলভে শিক্ষণৰ অনুবন্ধনবাদ পদ্ধতি কিমান চনত আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবৈজ্ঞানী পেভলভে শিক্ষণৰ অনুবন্ধনবাদ পদ্ধতি ১৯০৪ চনত আৱিষ্কাৰ কৰিছিল।

১৪। এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবৈজ্ঞানী পেভলভে কিহৰ ওপৰত কৰা গৱেষণাৰ বাবে ন’বেল বঁটা লাভ কৰিছিল?

উত্তৰঃ এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবৈজ্ঞানী পেভলভে কুকুৰৰ পাচন তন্ত্ৰৰ ওপৰত কৰা গৱেষণাৰ বাবে ন’বেল বঁটা লাভ কৰিছিল।

১৫। গেষ্টাল্ট শব্দটোৰ অৰ্থ কি?

উত্তৰঃ গেষ্টাল্ট শব্দটোৰ অৰ্থ হৈছে একেলগে কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top