Class 12 Education Additional Chapter 4 শিক্ষণ

Class 12 Education Additional Chapter 4 শিক্ষণ Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 4 শিক্ষণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 4 শিক্ষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

শিক্ষণ

Chapter – 4

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। কোনটো নীতিয়ে পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে?

উত্তৰঃ অনুশীলনৰ নীতিয়ে পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

২। অন্তৰ্দৃষ্টিময় শিক্ষণৰ সৈতে জড়িত সূত্ৰটো কি?

উত্তৰঃ অন্তৰ্দৃষ্টিময় শিক্ষণৰ সৈতে জড়িত সূত্ৰটো হ’ল সামগ্রিকতাবাদ।

৩। আচৰণৰ পৰা উৎপত্তি হোৱা যিকোনো আচৰণৰ সলনিয়েই হ’ল শিক্ষণ—উক্ত কথাষাৰ কোনে কৈছিল?

উত্তৰঃ আচৰণৰ পৰা উৎপত্তি হোৱা যিকোনো আচৰণৰ সলনিয়েই হ’ল শিক্ষণ—উক্ত কথাষাৰ গিলফোৰ্ডৰে কৈছিল।

৪। শিক্ষণৰ মৌলিক অনুবদ্ধনবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিল?

উত্তৰঃ শিক্ষণৰ মৌলিক অনুবদ্ধনবাদ তত্ত্বৰ স্ৰষ্টা পেভলভ আছিল।

৫। শিক্ষণৰ প্ৰধান নীতিবোৰ কি কি?

উত্তৰঃ শিক্ষণৰ প্ৰধান নীতিবোৰ হৈছে— প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি আৰু ফলাফলৰ নীতি।

৬। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপোষক কোন?

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপোষক হ’ল এডৱাৰ্ড লী থৰ্ণডাইক।

৭। শিক্ষণ কি?

উত্তৰঃ শিক্ষণ হৈছে সমগ্ৰ জীৱনব্যাপী থকা এক প্ৰক্ৰিয়া।

৮। শিক্ষণৰ উপাদান হিচাপে মূলতঃ কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ শিক্ষণৰ উপাদান হিচাপে মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি।

৯। শিক্ষণৰ উপাদানৰ ভাগ তিনিটা কি কি?

উত্তৰঃ শিক্ষণৰ উপাদানৰ ভাগ তিনিটা হৈছে মনোবৈজ্ঞানীক, শাৰীৰিক আৰু পৰিৱেশীয়।

১০। ক’হলাৰে কিমান চনৰ পৰা কিমান চনলৈ সামগ্রিকতাবাদ ধাৰণা সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা চলাইছিল?

উত্তৰঃ ক’হলাৰে ১৯১৩ চনৰ পৰা ১৯১৭ চনলৈ সামগ্রিকতাবাদ ধাৰণা সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা চলাইছিল।

১১। থৰ্ণডাইকৰ অনুশীলনৰ নীতিক কেইটা ভাগ ভাগত কৰিব পাৰি?

উত্তৰঃ থৰ্ণডাইকৰ অনুশীলনৰ নীতিক দুটা ভাগ ভাগত কৰিব পাৰি।

১২। থৰ্ণডাইকৰ অনুশীলনৰ নীতি দুটা কি কি?

উত্তৰঃ থৰ্ণডাইকৰ অনুশীলনৰ নীতি দুটা হ’ল ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি।

১৩। এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবৈজ্ঞানী পেভলভে শিক্ষণৰ অনুবন্ধনবাদ পদ্ধতি কিমান চনত আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবৈজ্ঞানী পেভলভে শিক্ষণৰ অনুবন্ধনবাদ পদ্ধতি ১৯০৪ চনত আৱিষ্কাৰ কৰিছিল।

১৪। এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবৈজ্ঞানী পেভলভে কিহৰ ওপৰত কৰা গৱেষণাৰ বাবে ন’বেল বঁটা লাভ কৰিছিল?

উত্তৰঃ এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবৈজ্ঞানী পেভলভে কুকুৰৰ পাচন তন্ত্ৰৰ ওপৰত কৰা গৱেষণাৰ বাবে ন’বেল বঁটা লাভ কৰিছিল।

১৫। গেষ্টাল্ট শব্দটোৰ অৰ্থ কি?

উত্তৰঃ গেষ্টাল্ট শব্দটোৰ অৰ্থ হৈছে একেলগে কৰা।

১৬। পৰিপক্কতা অর্থ কি?

উত্তৰঃ পৰিপক্কতা অৰ্থ হৈছে বৃদ্ধি।

১৭। শিক্ষণ হ’ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ আচৰণ সলনিকৰণ— উক্ত কথাষাৰ কোনে কৈছিল?

উত্তৰঃ শিক্ষণ হ’ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ আচৰণ সলনিকৰণ— উক্ত কথাষাৰ আই. এ. গেটছে কৈছিল।

১৮। সমগ্ৰ নিৰীক্ষণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল— এই উক্তিটোৰ লগত শিক্ষণৰ কোনটো পদ্ধতি জড়িত?

উত্তৰঃ সমগ্ৰ নিৰীক্ষণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল— এই উক্তিটোৰ লগত শিক্ষণৰ অন্তদর্শন পদ্ধতি জড়িত।

১৯। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে আমি শিকা আচৰণৰ এটা উদাহৰণ দিয়া?

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে আমি শিকা আচৰণৰ এটা উদাহৰণ হ’ল চাইকেল চলাব শিকা।

২০। শিক্ষণ এটা ধৰণ অন্তদৃষ্টি’ৰ কথাটো উদ্ভাৱন কৰা মনস্তত্ববিদগৰাকী কোন আছিল?

উত্তৰঃ শিক্ষণ এটা ধৰণ অন্তদৃষ্টি’ৰ কথাটো উদ্ভাৱন কৰা মনস্তত্ববিদগৰাকী কহলাৰ আছিল।

২১। গেষ্টাল্ট শব্দটো কি শব্দ?

উত্তৰঃ গেষ্টাল্ট শব্দটো হ’ল জাৰ্মান শব্দ।

২২। শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিটোৰ ভিত্তি কি?

উত্তৰঃ শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিটোৰ ভিত্তি হ’ল ফলাফল।

২৩। অভিজ্ঞতাৰ ফলত নতুন আহৰণৰ শক্তি বৃদ্ধি বা পুৰণি আচৰণৰ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষণ আখ্যা দিব পাৰি এই উক্তিষাৰ কোনে কৈছিল?

উত্তৰঃ অভিজ্ঞতাৰ ফলত নতুন আহৰণৰ শক্তি বৃদ্ধি বা পুৰণি আচৰণৰ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষণ আখ্যা দিব পাৰি এই উক্তিষাৰ এইছ. পি. স্মিথয়ে কৈছিল।

২৪। শিক্ষণৰ গেষ্টেল্ট সূত্ৰৰ দুজন সমৰ্থনৰ নাম কি?

উত্তৰঃ শিক্ষণৰ গেষ্টেল্ট সূত্ৰৰ দুজন সমৰ্থনৰ নাম হ’ল ক’হ্লাৰ আৰু ক’ফকা।

২৫। অনুবন্ধিত প্ৰতিক্ৰিয়া কাক বোলে?

উত্তৰঃ এটা স্বাভাৱিক প্ৰতিক্ৰিয়া আন এটা পৃথক উদ্দীপকৰ লগত সংযোগ কৰি তাৰ বাৰে বাৰে কৰা পুনৰাবৃত্তি ফলত যি অস্বাভাৱিক ৰূপত এক নতুন প্ৰতিক্ৰিয়া প্ৰকাশ হয় তাকে অনুবন্ধিত প্ৰতিক্ৰিয়া বোলে।

২৬। শিক্ষণৰ অনুবন্ধন সূত্ৰৰ তাৎপৰ্যপূৰ্ণ কথাটো কি?

উত্তৰঃ শিক্ষণৰ অনুবন্ধন সূত্ৰৰ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল প্ৰবৃত্তি সলনিকৰণ।

২৭। গেষ্টেল্ট স্কুল অৱ চাইক’লজীৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ গেষ্টেল্ট স্কুল অৱ চাইক’লজীৰ প্ৰতিষ্ঠাপক ক’হলাৰ আছিল।

২৮। চৰ্তকৰণেৰে শিক্ষণ উদ্ভাৱন কৰা ৰাছিয়ান চিকিৎসকগৰাকী কোন আছিল?

উত্তৰঃ চৰ্তকৰণেৰে শিক্ষণ উদ্ভাৱন কৰা ৰাছিয়ান চিকিৎসকগৰাকী পেভলভ আছিল।

২৯। অন্তদৃষ্টিৰ অৰ্থ কি?

উত্তৰঃ জ্ঞানৰ সমগ্ৰতাৰ দৃষ্টি পৰিহাৰ কৰি অংশৰ স্বৰূপৰ ওপৰত দিয়া দৃষ্টি আৰু চিন্তা।

৩০। আচৰণৰ পৰিণতিস্বৰূপে পৰিৱৰ্তী আচৰণৰ যিকোনো পৰিৱৰ্তনেই হৈছে শিক্ষণ উক্ত কথাষাৰ কোনে কৈছিল?

উত্তৰঃ আচৰণৰ পৰিণতিস্বৰূপে পৰিৱৰ্তী আচৰণৰ যিকোনো পৰিৱৰ্তনেই হৈছে শিক্ষণ উক্ত কথাষাৰ জে. পি. গিলফোৰ্ডয়ে কৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top