Class 12 Education Additional Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Class 12 Education Additional Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Chapter – 3

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। পাৰিপাৰ্শ্বিকতা শব্দটোৰ অৰ্থ কি?

উত্তৰঃ পাৰিপাৰ্শ্বিকতা শব্দটোৰ অৰ্থ হ’ল পৰিবেষ্টন কৰি ৰখা।

২। ধৰিত্ৰী শীৰ্ষ সন্মিলন ব্ৰাজিলত কেতিয়া অনুষ্ঠিত হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ধৰিত্ৰী শীৰ্ষ সন্মিলন ব্ৰাজিলত ১৯৯২ অনুষ্ঠিত হৈছিল।

৩। কিমান তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়?

উত্তৰঃ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

৪। কেতিয়া বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়?

উত্তৰঃ ১১ জুলাই বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়।

৫। কোনখন দেশ বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল?

উত্তৰঃ চীন দেশ বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল।

৬। কোন চনত ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল?

উত্তৰঃ২০০১ চনত ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল।

৭। কিমান চনত ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা বিধেয়ক গৃহীত হৈছিল?

উত্তৰঃ ২০০৫ চনত ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা বিধেয়ক গৃহীত হৈছিল।

৮। কিমান চনত ষ্টক’হ’ম সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৭২ চনত ষ্টক’হ’ম সন্মিলন অনুষ্ঠিত হৈছিল।

৯। কোন চনৰ জানুৱাৰী মাহত নাৰীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হয়?

উত্তৰঃ ১৯৯২ চনৰ জানুৱাৰী মাহত নাৰীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হয়।

১০। পৰিৱেশ কি? 

উত্তৰঃ আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতিয়েই হৈছে পৰিৱেশ।

১১। মহিলা শিক্ষা সমিতি কিমান চনত গঠন হৈছিল?

উত্তৰঃ মহিলা শিক্ষা সমিতি ১৯৭৪ চনত গঠন হৈছিল।

১২। পৰিৱেশক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ পৰিৱেশক দুটা ভাগত ভাগ কৰিব পাৰি।

১৩। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৮ মাৰ্চ তাৰিখে পালন কৰা হয়।

১৪। এজন পুৰুষক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে গোটেই পৰিয়ালটোকে শিক্ষা দিয়া কথাষাৰ কোনে কৈছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল।

১৫। কিমান চনত কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫৩ চনত কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ গঠন কৰা হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top