Class 12 Education Additional Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Class 12 Education Additional Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

Chapter – 3

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। পাৰিপাৰ্শ্বিকতা শব্দটোৰ অৰ্থ কি?

উত্তৰঃ পাৰিপাৰ্শ্বিকতা শব্দটোৰ অৰ্থ হ’ল পৰিবেষ্টন কৰি ৰখা।

২। ধৰিত্ৰী শীৰ্ষ সন্মিলন ব্ৰাজিলত কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ধৰিত্ৰী শীৰ্ষ সন্মিলন ব্ৰাজিলত ১৯৯২ অনুষ্ঠিত হৈছিল।

৩। কিমান তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়?

উত্তৰঃ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

৪। কেতিয়া বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়?

উত্তৰঃ ১১ জুলাই বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়।

৫। কোনখন দেশ বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল?

উত্তৰঃ চীন দেশ বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল।

৬। কোন চনত ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল?

উত্তৰঃ২০০১ চনত ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল।

৭। কিমান চনত ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা বিধেয়ক গৃহীত হৈছিল?

উত্তৰঃ ২০০৫ চনত ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা বিধেয়ক গৃহীত হৈছিল।

৮। কিমান চনত ষ্টক’হ’ম সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৭২ চনত ষ্টক’হ’ম সন্মিলন অনুষ্ঠিত হৈছিল।

৯। কোন চনৰ জানুৱাৰী মাহত নাৰীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হয়?

উত্তৰঃ ১৯৯২ চনৰ জানুৱাৰী মাহত নাৰীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হয়।

১০। পৰিৱেশ কি? 

উত্তৰঃ আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতিয়েই হৈছে পৰিৱেশ।

১১। মহিলা শিক্ষা সমিতি কিমান চনত গঠন হৈছিল?

উত্তৰঃ মহিলা শিক্ষা সমিতি ১৯৭৪ চনত গঠন হৈছিল।

১২। পৰিৱেশক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ পৰিৱেশক দুটা ভাগত ভাগ কৰিব পাৰি।

১৩। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৮ মাৰ্চ তাৰিখে পালন কৰা হয়।

১৪। এজন পুৰুষক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে গোটেই পৰিয়ালটোকে শিক্ষা দিয়া কথাষাৰ কোনে কৈছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল।

১৫। কিমান চনত কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫৩ চনত কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ গঠন কৰা হৈছিল।

১৬। মহিলা সবলীকৰণ কাক বোলে?

উত্তৰঃ যিবোৰ ধাৰণা, মনোভাৱ আৰু পৰম্পৰাৰ বাবে আৰ্থ-সামাজিক ক্ষেত্ৰত মহিলা পুৰুষৰ অধীন তথা বশৱৰ্তী হৈ থাকিবলগা হৈছে সেইবোৰক প্ৰত্যাহ্বান জনোৱা আৰু পৰিৱৰ্তন কৰাৰ বাবে মহিলাৰ সামৰ্থ্য বঢ়োৱাৰ প্ৰক্ৰিয়াকে মহিলা সবলীকৰণ বোলে।

১৭। মহিলাৰ মৰ্যাদা সম্পৰ্কীয় আয়োগ কিমান চনত নিযুক্ত হৈছিল?

উত্তৰঃ মহিলাৰ মৰ্যাদা সম্পৰ্কীয় আয়োগ ১৯৭৪ চনত নিযুক্ত হৈছিল।

১৮। কিমান চনৰ ভাৰত চৰকাৰৰ শ্ৰীপ্ৰকাশ কমিটিৰ প্ৰতিবেদনত শিক্ষা মন্ত্ৰ‍্যালয়ে নিয়োগ কৰিছিল?

উত্তৰঃ ১৯৫৯ চনৰ ভাৰত চৰকাৰৰ শ্ৰীপ্ৰকাশ কমিটিৰ প্ৰতিবেদনত শিক্ষা মন্ত্ৰ‍্যালয়ে নিয়োগ কৰিছিল।

১৯। সুস্থ মনৰ এটা প্ৰকপ্রয়োজনীয়তা কি?

উত্তৰঃ সুস্থ মনৰ এটা প্ৰকপ্রয়োজনীয়তা হ’ল শাৰীৰিক শিক্ষা।

২০। জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে উলিয়াইছিল?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ ধাৰণাটো এলভা মাৰডালে উলিয়াইছিল।

২১। কিমান চনত জাৰ্মান দাৰ্শনিক ফ্ৰেড্ৰিক নিয়েটমে পোন প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দৰ প্ৰয়োগ কৰিছিল?

উত্তৰঃ ১৮৬৯ চনত জাৰ্মান দাৰ্শনিক ফ্ৰেড্ৰিক নিয়েটমে পোন প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দৰ প্ৰয়োগ কৰিছিল।

২২। পৰিৱেশ কেইটা উপাদানেৰে গঠিত?

উত্তৰঃ পৰিৱেশ দুটা উপাদানেৰে গঠিত।

২৩। পাৰিপাৰ্শ্বিকতা শিক্ষা সম্পৰ্কীয় বিলছি আন্তঃচৰকাৰী সন্মিলন কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষা সম্পৰ্কীয় বিলছি আন্তঃচৰকাৰী সন্মিলন ১৯৭৭ চনত অনুষ্ঠিত হৈছিল।

২৪। আন্তঃৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিকতা শিক্ষা সন্মিলন কিমান চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিকতা শিক্ষা সন্মিলন ১৯৭৫ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল।

২৫। ভাৰতত পাৰিপাৰ্শ্বিকতা শিক্ষাৰ কেন্দ্ৰ কত স্থাপন কৰা হৈছিল?

উত্তৰঃ ভাৰতত পাৰিপাৰ্শ্বিকতা শিক্ষাৰ কেন্দ্ৰ আহমেদাবাদত স্থাপন কৰা হৈছিল।

২৬। মানৱীয় পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সন্মিলন ১৯৭২ চনত কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ মানৱীয় পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সন্মিলন ১৯৭২ চনত চুইডেনৰ ষ্টকহ’মত অনুষ্ঠিত হৈছিল।

২৭। সুস্থ জীৱন-যাপনৰ এক গুৰুত্বপূৰ্ণ উপাদান কি?

উত্তৰঃ সুস্থ জীৱন-যাপনৰ এক গুৰুত্বপূৰ্ণ উপাদান হ’ল শাৰীৰিক সুস্থতা।

২৮। মূল্যবোধ কি?

উত্তৰঃ মূল্যবোধ হ’ল সজ্ঞান আৰু অজ্ঞানভাৱে ব্যক্তিয়ে অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা আচৰণ বা গুণ– যিবিলাক সামাজিক স্বীকৃতি পাই সমাজৰদ্বাৰা নিয়ন্ত্ৰিত হয়।

২৯। সৌন্দৰ্যবোধক মূল্যবোধ কি?

উত্তৰঃ কোনো বস্তু বা বিষয়ৰ ক্ষেত্ৰত ব্যক্তিয়ে উপলব্ধি কৰা সৌন্দৰ্যই হ’ল সৌন্দৰ্যবোধৰ মূল্যবোধ।

৩০। সংসদ আৰু ৰাজ্যিক বিধায়িনী নিকায় সমূহত মহিলাৰ বাবে কিমান শতাংশ সংৰক্ষণ নিশ্চিত কৰে মহিলাৰ সংৰক্ষণ বিধেয়কে?

উত্তৰঃ সংসদ আৰু ৰাজ্যিক বিধায়িনী নিকায় সমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰে মহিলাৰ সংৰক্ষণ বিধেয়কে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top