Class 12 Education Additional Chapter 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ

Class 12 Education Additional Chapter 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

স্মৃতি, মনোযোগ আৰু আগ্ৰহ

Chapter – 5

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। স্মৃতিৰ প্ৰথম চৰ্ত কি?

উত্তৰঃ স্মৃতিৰ প্ৰথম চৰ্ত হৈছে অভিজ্ঞতা আহৰণ।

২। স্মৃতি প্ৰক্ৰিয়াত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰ্যায়ক্ৰমে কেইটা নিয়া নিহিত হৈ থাকে?

উত্তৰঃ স্মৃতি প্ৰক্ৰিয়াত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰ্যায়ক্ৰমে তিনিটা ক্ৰিয়া নিহিত হৈ থাকে।

৩। সংৰক্ষণ কি?

উত্তৰঃ সংৰক্ষণ হৈছে ব্যক্তিয়ে জন্মগতভাৱে লাভ কৰা এক মানসিক ক্ষমতা।

৪। অভ্যাস স্মৃতি কাক বোলে?

উত্তৰঃ দৈহিক ক্ৰিয়া সঞ্চালনৰ যোগেদি আমি যি স্মৃতি লাভ কৰোঁ তাকেই অভ্যাস স্মৃতি বোলে।

৫। অভ্যাস স্মৃতিক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ অভ্যাস স্মৃতিক দুটা ভাগত ভাগ কৰা হৈছে।

৬। অভ্যাস স্মৃতিৰ ভাগ দুটা কি ক?

উত্তৰঃ অভ্যাস স্মৃতিৰ ভাগ দুটা হ’ল তৎকালীন স্মৃতি আৰু দীৰ্ঘকালীন স্মৃতি।

৭। তৎকালীন স্মৃতি কাক বোলে?

উত্তৰঃ অভিজ্ঞতা আহৰণ, সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান নাথাকিলে তেনে অভিজ্ঞতাক তৎকালীন স্মৃতি বোলে।

৮। দীৰ্ঘকালীন স্মৃতি কাক বোলে?

উত্তৰঃ শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণ আৰু পুনঃস্মৰণৰ ক্ষেত্ৰত অধিক সময়ৰ ব্যৱধান থাকিলে তাক দীৰ্ঘকালীন স্মৃতি বোলে।

৯। প্ৰতিৰূপ স্মৃতি কাক বোলে?

উত্তৰঃ পূৰ্বৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কাৰ্যকেই প্ৰতিৰূপ স্মৃতি বোলে।

১০। মুখস্থ স্মৃতি কাক বোলে?

উত্তৰঃ দৈহিক আৰু যান্ত্ৰিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত যি স্মৃতি লাভ হয় তাকে মুখস্থ স্মৃতি বোলে।

১১। আগ্ৰহ কি?

উত্তৰঃ আগ্ৰহ হৈছে ব্যক্তিৰ এক মানসিক অৱস্থা।

১২। যুক্তিসংগত স্মৃতি কাক বোলে?

উত্তৰঃ চিন্তা, যুক্তি, বিচাৰ-বুদ্ধি আদি মানসিক শক্তিসমূহৰ প্ৰযোগৰদ্বাৰা যি স্মৃতি লাভ কৰা হয় তাকে যুক্তিসংগত স্মৃতি বোলে।

১৩। সংবেদনাত্মক স্মৃতি কাক বোলে?

উত্তৰঃ আমাৰ গ্ৰহণেন্দ্ৰিয়সমূহৰ প্ৰত্যক্ষ সংবেদন অনুভূতিৰদ্বাৰা লাভ কৰা স্মৃতিক সংবেদনাত্মক স্মৃতি বোলে।

১৪। অখণ্ড পদ্ধতি কাক বোলে?

উত্তৰঃ শিক্ষণীয় বিষয়ৰ সামগ্ৰিকভাৱে শিক্ষা লাভ কৰাকে অখণ্ড পদ্ধতি বোলে।

১৫। খণ্ড পদ্ধতি মানে কি?

উত্তৰঃ খণ্ড পদ্ধতি মানে হৈছে বিষয়বস্তু ভাগ ভাগ কৰি শিক্ষালাভ কৰা।

১৬। অতীত অভিজ্ঞতা মনঃছবিৰ সহায়ত ঘটা মানসিক প্ৰক্ৰিয়াটো নাম কি?

উত্তৰঃ অতীত অভিজ্ঞতা মনঃছবিৰ সহায়ত ঘটা মানসিক প্ৰক্ৰিয়াটো নাম হ’ল স্মৃতি।

১৭। মুখস্থকৰণৰ প্ৰথমটো কাৰক কি?

উত্তৰঃ মুখস্থকৰণৰ প্ৰথমটো কাৰক হ’ল অভিজ্ঞতা বা শিক্ষা।

১৮। স্মৰণ অক্ষমতাক সাধাৰণভাৱে কি হিচাপে জনা যায়?

উত্তৰঃ স্মৰণ অক্ষমতাক সাধাৰণভাৱে বিস্মৃতি হিচাপে জনা যায়।

১৯। স্মৃতিৰ চিন-মোকামবোৰক কি হিচাপে জনা যায়?

উত্তৰঃ স্মৃতিৰ চিন-মোকামবোৰক এনগ্ৰাম হিচাপে জনা যায়।

২০। তাৎক্ষণিক স্মৃতিৰ এটা উদাহৰণ দিয়া?

উত্তৰঃ তাৎক্ষণিক স্মৃতিৰ এটা উদাহৰণ হ’ল শ্ৰুতলিপি লিখা।

২১। মনোযোগ কি?

উত্তৰঃ মনোযোগ হৈছে সচেতন মনক নিয়ন্ত্ৰিত কৰি পৰিবেশৰ কোনো এটা বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিভূত কৰি তোলা মানসিক ক্ৰিয়া প্ৰচেষ্টা। ই হৈছে কোনো বস্তুক নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনো কাম কৰিবৰ বাবে সাজু হোৱা কাৰ্য।

২২। ঐচ্ছিক মনোযোগ কাক বোলে?

উত্তৰঃ যেতিয়া মনোযোগ ব্যক্তিৰ নিজস্ব ইচ্ছাৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হয় তাকে ঐচ্ছিক মনোযোগ বোলে।

২৩। মনোযোগ হ’ল চিন্তাৰ উদ্দেশ্য এটাক স্পষ্টকৈ মনৰ সন্মুখত পোৱাৰ এটা প্ৰক্ৰিয়া—এই মন্তব্য কাৰ?

উত্তৰঃ মনোযোগ হ’ল চিন্তাৰ উদ্দেশ্য এটাক স্পষ্টকৈ মনৰ সন্মুখত পোৱাৰ এটা প্ৰক্ৰিয়া—এই মন্তব্য জেমছৰ।

২৪। মনোযোগ দিয়াটো হ’ল এটা নিৰ্দিষ্ট বস্তুৰ গম ল’বলৈ থিতাতে স্থিৰ কৰা আৰু সাজু হোৱা বা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰা— মনোযোগৰ এই সূত্ৰ কোনে দিছিল?

উত্তৰঃ মনোযোগ দিয়াটো হ’ল এটা নিৰ্দিষ্ট বস্তুৰ গম ল’বলৈ থিতাতে স্থিৰ কৰা আৰু সাজু হোৱা বা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰা— মনোযোগৰ এই সূত্ৰ উডৱৰ্থমে দিছিল।

২৫। আগ্ৰহ হ’ল গুপ্ত মনোযোগ আৰু মনোযোগ হ’ল সক্ৰিয় ৰাপ— এই মন্তব্য কোনে কৰিছিল?

উত্তৰঃ আগ্ৰহ হ’ল গুপ্ত মনোযোগ আৰু মনোযোগ হ’ল সক্ৰিয় ৰাপ— এই মন্তব্য মেকডুগোলে কৰিছিল।

২৬। মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি — এই মন্তব্য কোনে কৰিছিল?

উত্তৰঃ মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি — এই মন্তব্য ষ্টাউটে কৰিছিল।

২৭। আগ্ৰহৰ প্ৰকাৰ কি?

উত্তৰঃ আগ্ৰহৰ প্ৰকাৰ হ’ল-

(i) সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ।

(ii) স্থায়ী আগ্ৰহ আৰু অস্থায়ী আগ্ৰহ।

২৮। অস্থায়ী আগ্ৰহ কি?

উত্তৰঃ ব্যক্তিমনত সাময়িকভাৱে সৃষ্টি হোৱা অগ্ৰহক অস্থায়ী আগ্ৰহ বোলে।

২৯। স্থায়ী আগ্ৰহ কি?

উত্তৰঃ ব্যক্তিমনত দীর্ঘসময়ৰ বাবে বৰ্তী থকা আগ্ৰহক স্থায়ী আগ্ৰহ বোলে।

৩০। সুপ্ত আগ্ৰহ কি?

উত্তৰঃ ব্যক্তিৰ সহজাত জৈৱিক প্ৰৱণতাবোৰে পৰিবেশৰ সান্নিধ্যত আহি আগ্ৰহৰ সৃষ্টি কৰে। এনে জৈৱিক প্ৰৱণতাৰ দ্বাৰা সৃষ্ট আগ্ৰহক সুপ্ত আগ্ৰহ বোলে।

1 thought on “Class 12 Education Additional Chapter 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top