Class 12 Education Additional Chapter 2 অগতানুগতিক শিক্ষা

Class 12 Education Additional Chapter 2 অগতানুগতিক শিক্ষা Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 2 অগতানুগতিক শিক্ষা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 2 অগতানুগতিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

অগতানুগতিক শিক্ষা

Chapter – 2

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। শিক্ষা প্ৰসাৰৰ মাধ্যমসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ তিনিটা।

২। শিক্ষা প্ৰসাৰৰ মাধ্যমসমূহক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ ১। আনুষ্ঠানিক শিক্ষা।

২। অনানুষ্ঠানিক শিক্ষা।

৩। অগতানুগতিক শিক্ষা।

৩। অগতানুগতিক শিক্ষা মানে কি?

উত্তৰঃ স্কুলৰ বাহিৰৰ লৰা-ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয়।

৪। অগতানুগতিক শিক্ষাৰ এটা সংজ্ঞা লিখা।

উত্তৰঃ হিনদাৰচন (Henderson)-ৰ মতে, “অগতানুগতিক শিক্ষা যথেষ্ট বহল আৰু ই বিদ্যালয়ৰ বাহিৰত বহুল অভিজ্ঞতা প্ৰদান কৰে।”

৫। অগতানুগতিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

৬। কোনটো শিক্ষাই গুৰুত্ব দিয়ে ব্যক্তিগত প্ৰয়োজন ভিত্তিক বিষয় সমূহত?

উত্তৰঃ অনানুষ্ঠানিক শিক্ষা।

৭। অনানুষ্ঠানিক শিক্ষাৰ সময়সীমা নিৰ্ধাৰিত হয়নে?

উত্তৰঃ নহয়।

৮। ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা?

উত্তৰঃ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়।

৯। দূৰৱৰ্তী শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা?

উত্তৰঃ শিক্ষক আৰু শিকাৰুৰ মাজৰ দূৰত্ব।

১০। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

১১। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কত অৱস্থিত।

উত্তৰঃ নতুন দিল্লীত।

১২। অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ২০০৭ চনত।

১৩। ‘দূৰ শিক্ষা’ শব্দ প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ কিগান।

১৪। ভাৰতত প্ৰথমখন মুক্ত বিদ্যালয় কেতিয়া স্থাপন হয়?

উত্তৰঃ ১৯৮৯ চনত।

১৫। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

১৬। মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটো প্ৰথমে কত বিকশিত হয়।

উত্তৰঃ ইউৰোপত।

১৭। আনুষ্ঠানিক শিক্ষা হ’ল এক জীৱন জোৰা শিক্ষা হয়নে?

উত্তৰঃ হয়।

১৮। ভাৰতত যোগাযো মূলক শিক্ষা কোনে আৰম্ভ কৰে?

উত্তৰঃ দিল্লী বিশ্ববিদ্যালয়।

১৯। দুৰৱৰ্তী শিক্ষা শিকাৰু কেন্দ্ৰিক। শুদ্ধ/অশুদ্ধ

উত্তৰঃ শুদ্ধ।

২০। আনুষ্ঠানিক শিক্ষা প্ৰয়োজন ভিত্তিক নহয়। শুদ্ধ/অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

২১। কোনখন দেশে প্ৰথমে দুৰৱৰ্তী শিক্ষাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ইউৰোপ।

২২। IGNOU ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ Indira Gandhi National Open University.

২৩। দূৰৱৰ্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ কীগানৰ মতে “দূৰ শিক্ষাই দূৰ শিকন আৰু দূৰ শিক্ষণ এই দুয়োটাকে প্ৰতিনিধিত্ব কৰে।”

২৪। মুক্ত শিক্ষাৰ এটা গুণ উল্লেখ কৰা।

উত্তৰঃ মুক্ত শিক্ষাত খৰচ কম।

২৫। মুক্ত বিশ্ববিদ্যালয়ৰ এটা উদ্দেশ্য লিখা।

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভৰ্তিকৰণৰ ব্যৱস্থা মুক্ত ধাৰণাৰ মধ্যমেৰে সম্পন্ন কৰা।

২৬। যোগাযোগমূলক শিক্ষাৰ বৈশিষ্ট্য এটা লিখা।

উত্তৰঃ শ্ৰেণীত নিয়মীয়াকৈ উপস্থিত থাকিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিকল্প শিক্ষা হিচাপে উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰাটো যোগাযোগ শিক্ষাৰ এক বৈশিষ্ট্য।

২৭। মুক্ত শিক্ষাৰ এটা অসুবিধা লিখা।

উত্তৰঃ মুক্ত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ প্ৰকাৰ যথেষ্ঠ নহয়।

২৮। KKHSOU ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Krishna Manga Handique State Open University.

২৯। অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।

৩০। কোন বছৰত দিল্লী বিশ্ববিদ্যালয়ে যোগাযোগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৬২ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top