Class 12 Education MCQ Chapter 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ Solutions, HS 2nd year Education MCQ Notes, Class 12 Education MCQ Chapter 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education MCQ Solutions and select needs one.
Class 12 Education MCQ Chapter 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Education Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Education MCQ Notes for All Subject, You can practice these here.
স্মৃতি, মনোযোগ আৰু আগ্ৰহ
Chapter – 5
EDUCATION
MULTIPLE CHOICE QUESTION ANSWER
১। ‘টেচিষ্টস্কপ’ নামৰ সঁজুলিৰ দ্বাৰা কি জোখা হয়।
(ক) শিশু মনোযোগৰ প্ৰসাৰ।
(খ) মনোযোগৰ স্থায়ীত্ব।
(গ) মনোযোগৰ প্ৰসাৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) মনোযোগৰ প্ৰসাৰ।
২। কোনে স্মৃতিক পূৰ্বৰ শিক্ষণ-অভিজ্ঞতাৰ হুবহু পুনৰ উদ্ৰেক কাৰ্য বুলি অভিহিত কৰিছে?
(ক) উদৱৰ্থে।
(খ) জেমচ. এছ. ৰ’চ।
(গ) উইলিয়াম মেকডুগেল।
(ঘ) মেটলীন।
উত্তৰঃ (ক) উদৱৰ্থে।
৩। স্মৃতি প্ৰক্ৰিয়াত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰ্যায়ক্ৰমে কেইটা ক্ৰিয়াত নিহিত হৈ থাকে?
(ক) দুটা।
(খ) তিনিটা।
(গ) পাঁচটা।
(ঘ) আঠটা।
উত্তৰঃ (খ) তিনিটা।
৪। কোনে প্ৰতিৰূপ স্মৃতিক প্ৰকৃত স্মৃতি বুলি অভিহিত কৰিছে?
(ক) জেমচ. এছ. ৰ’চ।
(খ) উইলিয়াম মেকডুগেল।
(গ) মেটলীন।
(ঘ) বাৰ্গচন।
উত্তৰঃ (ঘ) বাৰ্গচন।
৫। বিস্মৃতিৰ ওপৰত আনুষ্ঠানিক গৱেষণা কোনে আৰম্ভ কৰিছিল?
(ক) ইবিংহাচ্।
(খ) মান।
(গ) মেটলীন।
(ঘ) বাৰ্গচন।
উত্তৰঃ (ক) ইবিংহাচ্।
৬। “Memory: A contribution to Experimental Psychology” এই গ্ৰন্থ কিমান চনত প্ৰকাশিত কৰিছিল?
(ক) ১৮৮৫ চনত।
(খ) ১৮৮৬ চনত।
(গ) ১৮৫৮ চনত।
(ঘ) ১৮৮০ চনত।
উত্তৰঃ (ক) ১৮৮৫ চনত।
৭। কোন চনত বিস্মৃতিৰ ওপৰত আনুষ্ঠানিক গৱেষণা আৰম্ভ কৰিছিল?
(ক) ১৮৮৫ চনত।
(খ) ১৮৮৬ চনত।
(গ) ১৮৫৮ চনত।
(ঘ) ১৮৮০ চনত।
উত্তৰঃ (খ) ১৮৮৬ চনত।
৮। “প্ৰকৃত শিক্ষণ হৈছে যুক্তিসংগত বিস্মৃতি ।” এই মন্তব্য কাৰ।
(ক) ইবিংহাচ্।
(খ) মান।
(গ) চিগমণ্ড ফ্ৰয়েদ।
(ঘ) আদম্’চ।
উত্তৰঃ (ঘ) আদম্’চ।
৯। কোনে আগ্রহক মনৰ এক সুপ্ত অৱস্থা আৰু মনোযোগক আগ্ৰহৰে এক সক্ৰিয় অৱস্থা বুলি অভিহিত কৰিছে।
(ক) মেকডুগেল।
(খ) ৰ’চ।
(গ) বিংহামৰ।
(ঘ) আদম্’চ।
উত্তৰঃ (ক) মেকডুগেল।
১০। “আগ্ৰহ আৰু মনোযোগ একেটা মুদ্ৰাৰ দুটা ফাল।” এই মন্তব্যটো কাৰ?
(ক) মেকডুগেল।
(খ) ড্ৰাভাৰৰ।
(গ) বিংহামৰ।
(ঘ) জে. এছ. ৰ’ছৰ।
উত্তৰঃ (ঘ) জে. এছ. ৰ’ছৰ।
১১। আগ্ৰহ ঘাইকৈ কেইবিধ?
(ক) দুইবিধ।
(খ) চাৰিবিধ
(গ) তিনিবিধ।
(ঘ) পাঁচবিধ।
উত্তৰঃ (ক) দুইবিধ।
১২। ‘আগ্ৰহ হ’ল গুপ্ত মনোযোগ আৰু মনোযোগ হ’ল কাৰ্যৰত ৰাপ’― এই মন্তব্য কোনে কৰিছিল।
(ক) মেকডুগেল।
(খ) ড্ৰাভাৰৰ।
(গ) বিংহামৰ।
(ঘ) জে. এছ. ৰ’ছৰ।
উত্তৰঃ (ক) মেকডুগেল।
১৩। স্মৃতিৰ প্ৰথম চৰ্ত কি?
(ক) অভিজ্ঞতা সংৰক্ষণ।
(খ) অভিজ্ঞতা আহৰণ।
(গ) ওপৰৰ দুয়োটা নহয়।
(ঘ) ওপৰৰ দুয়োটা হয়।
উত্তৰঃ (খ) অভিজ্ঞতা আহৰণ।
১৪। অতীত অভিজ্ঞতাৰ স্মৃতি আমি কেইটা ভাগত ভাগ কৰিব পাৰি?
(ক) দুটা।
(খ) তিনিটা।
(গ) পাঁচটা।
(ঘ) আঠটা।
উত্তৰঃ (ক) দুটা।
১৫। অতীত অভিজ্ঞতাৰ স্মৃতি আমি কি কি ভাগত ভাগ কৰিব পাৰি?
(ক) পুনঃস্মৰণ আৰু শিক্ষণ।
(খ) প্ৰত্যভিজ্ঞা আৰু সংৰক্ষণ।
(গ) পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


Minimum 50 ta mcq dibo Lage sab subject t re