Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ

Join Telegram channel

Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ and select needs one.

Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ Solutions for All Subject, You can practice these here.

মানুহৰ বিকাশৰ স্তৰ

পাঠ: ২

অতি চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য কি ?

উত্তৰ: বৃদ্ধি হ’ল মানুহৰ জীৱনৰ এক সমাসাময়িক প্ৰক্ৰিয়া কিন্তু বিকাশ হ’ল জীৱনব্যাপী চলা এক অবিৰত প্ৰক্ৰিয়া ।দেহৰ আকৃতি,ওজন,উচ্চতা আদি বাঢ়ি যোৱাকেই বৃদ্ধি বোলা হয় । আনহাতে সেই আকৃতি,ওজন,উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মদক্ষতাক বিকাশ বোলা হয় । দৈহিক বৃদ্ধিৰ ফলত বিকাশ সম্ভৱ হৈ উঠে ।

প্ৰশ্ন ২: মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?

উত্তৰ: চাৰিটা ।

প্রশ্ন ৩: জন্মৰ পৰা পাঁচ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?

উত্তৰ: শৈশৱকাল ।

প্ৰশ্ন ৪: ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?

উত্তৰ: কৈশোৰ কাল ।

প্রশ্ন ৫: বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা 

উত্তৰ: বিকাশৰ তিনিটা বৈশিষ্ট্য : 

(ক) বংশগতি আৰু পৰিবেশৰ প্ৰভাৱৰ ওপৰত বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ নিৰ্ভৰ কৰে ।

(খ) বিকাশৰ গতি সকলো সময়তে একে নাথাকে ।

(গ)বিকাশ হ’ল জীৱনব্যাপী চলা এক অবিৰত প্ৰক্ৰিয়া ।

প্ৰশ্ন ৬:  বাল্যকালক বিদ্যালয় শিক্ষাৰ  বয়স কিয় বোলে ?

উত্তৰ: ৬বছৰ বয়সৰ পৰা ১২বছৰ বয়সৰ এই সময়চোৱাক বাল্যকাল বোলে । শিশুৱে এই সময়খিনিত পঢ়িবলৈ আৰু লিখিবলৈ সক্ষম হয় ।সেইবাবে বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স বুলি কোৱা হয় ।

প্ৰশ্ন ৭: শিশুৱে কিয় সঘনে প্ৰশ্ন সুধে ?

উত্তৰ: শিশুৱে সিহঁতৰ চাৰিওফালৰ পৰিৱেশ সম্বন্ধে জানিবলৈ আগ্ৰহী হৈ উঠে আৰু সেইবাবে শিশুৱে বহুতো প্ৰশ্ন সুধে ।

প্ৰশ্ন ৮: শৈশৱকাল কাক বোলে ?

উত্তৰ: সাধাৰণতে জন্মৰপৰা ৫ বছৰ বয়সৰ এই সময়ছোৱাক শৈশৱকাল বোলে।মানৱ জীৱনৰ বিকাশৰ ই হ’ল প্ৰথম স্তৰ ।

প্ৰশ্ন ৯: দলীয় আনুগত্য কি ?

উত্তৰ: দলীয় আনুগত্য বাল্যকালৰ এটি প্ৰধান বৈশিষ্ট্য।এই দলীয় আনুগত্যৰ পৰাই সামাজিক অনুশাসনৰ প্ৰতি আনুগত্যৰ বিকাশ হয়। এই স্তৰত ল’ৰা -ছোৱালীয়ে অকল নেখেলি সমনীয়াৰ লগত খেলিবৰ বাবে দল গঠন কৰে । তেওঁলোকে তেওঁলোকৰ মাজৰপৰা দলপতি নিৰ্বাচন কৰে । দলীয় নীতি- নিয়ম সকলোৱে মানি চলিব লাগে আৰু নামানিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে । এই দলীয় আনুগত্যৰ পৰাই  শিশু চৰিত্ৰৰ নৈতিক দিশৰো বিকাশ হয় কিয়নো সি দলৰ ভিতৰত সামাজিকভাৱে আচৰণ কৰি কোনটো কৰণীয় কোনটো বৰ্জনীয় আদি বহুতো কথাৰ জ্ঞান লাভ কৰে ।

প্ৰশ্ন ১০: বিপৰীত লিঙ্গকামিতা কাক বোলে।

উত্তৰ: কৈশোৰকালৰ যৌন জীৱনক বিপৰীত লিঙ্গকামিতা বোলে । কিয়নো এই সময়ত দেহৰ যৌনগ্ৰন্থি সক্ৰিয় হৈ উঠাৰ কাৰণে বিপৰীত লিঙ্গৰ প্ৰতি আসক্তি আৰু প্ৰেমৰ সঞ্চাৰ হোৱা দেখা যায়। অৰ্থাৎ ল’ৰাই ছোৱালীক আৰু ছোৱালীয়ে ল’ৰাক ভাল পায় ।

প্ৰশ্ন ১১: সৰ্বপ্ৰাণবাদিতা কাক বোলে ?

উত্তৰ: সৰ্ব প্ৰাণবাদিতা হ’ল শৈশৱ  কালৰ  এটি বৈশিষ্ট্য।শিশুৱে এই সময়ত সকলো নিৰ্জীৱ বস্তুতে সজীৱ প্ৰাণীৰ দৰে প্ৰাণ থকা বুলি ভাবে।সিহঁতে  সজীৱতা আৰু নিৰ্জীৱতাৰ মাজত থকা পাৰ্থক্য ধৰিব নোৱাৰে ।  সকলো বস্তু আৰু বিষয়কেই সি নিজৰ দৰে প্ৰাণবান বুলি ভাবে আৰু  সেইমতে প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰি উঠে । এনে সৰ্বপ্ৰাণবাদী শিশু-মানসিকতাৰ বাবেই সি চকীৰপৰা পৰি দুখ পালে কোনোবাই সি পৰা ঠাইডোখৰত প্ৰহাৰ কৰিলে প্ৰতিশোধ লোৱাৰ মনোভাৱেৰে সি সন্তুষ্টি প্ৰকাশ কৰে ।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ 

প্ৰশ্ন ১: শৈশৱকালৰ পাঁচটা বৈশিষ্ট্য লিখা ।

উত্তৰ: শৈশৱকালৰ পাঁচটা বৈশিষ্ট্য :

(ক) দৈহিক বিকাশ : শৈশৱ স্তৰৰ এটি বিশেষ লক্ষ্য কৰিবলগীয়া বৈশিষ্ট্য হ’ল শিশুৰ দ্ৰুত দৈহিক বৃদ্ধি । শিশুৰ ওজন আৰু উচ্চতা বাঢ়ে আৰু অংগ সঞ্চালন ক্ষমতা বৃদ্ধি হ’বলৈ ধৰে ।

(খ) পৰনিৰ্ভৰশীলতা : শিশুৱে এই  কালছোৱাত সম্পূৰ্ণভাৱে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয় ।

(গ) কৌতুহল পৰায়ণতা : শৈশৱ অৱস্থাৰ আন এটি বিশেষত্ব হ’ল শিশুৰ কৌতুহলী মনোভাৱ । সমগ্ৰ জগতখনতেই তাৰ আগত অনন্ত বিস্ময় হৈ থিয় দিয়ে আৰু তাৰ চাৰিওফালৰ পৃথিৱীখনৰ লগত চিনাকী হবলৈ উদ্গতি জগায় ।

(ঘ) অনুকৰণ প্ৰিয়তা : শৈশৱ অৱস্থাত শিশু অনুকৰনপ্ৰিয় । এই অনুকৰণ প্ৰিয়তাৰ বাবেই সিহঁতে পৰিয়াল, বাই-ভনী, পিতৃ-মাতৃৰ পৰা ভাষাকে আদি কৰি বহু বিষয়ত দক্ষতা লাভ কৰে ।

(ঙ) কল্পনাপ্ৰৱণতা : অত্যাধিক ভাব প্ৰৱণতা শৈশৱকালৰ আন এটি বৈশিষ্ট্য । কল্পনাৰ ৰাজ্যত উটি-বুৰি ফুৰি  সিহঁতে বৰ আনন্দ পায় । অতি কল্পনপ্ৰবন হোৱা কাৰণেও সিহঁতে কেতিয়াবা মিছা কথাও কোৱা দেখা যায় ।

প্রশ্ন ২: বিলোকাল কাক বোলে । বাল্যকালৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰ: বাল্যকাল হৈছে ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলে ।

বাল্যকালৰ তিনিটা বৈশিষ্ট্য হ’ল :

(ক) বহিৰ্মুখিতা : বাল্যকালত শিশু  বহিৰ্মুখী হয় অৰ্থাৎ বাহিৰত খেলা-ধূলা,ফুৰা-চকা কৰি ভাল পায় ।

(খ) ক্রীড়া- প্ৰৱণতা : বাল্যকালত সৃষ্টি হোৱা ক্ৰীড়া প্ৰৱণতাৰ বৈশিষ্ট্য এয়ে যে শিশুৱে ব্যক্তিগতভাৱে খেলাৰ পৰিবৰ্তে দলগতভাৱে খেলিব বিচাৰে ।

(গ) সমকামিতা : বাল্যকালত ল’ৰাই ল’ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা-ধূলাৰ মাজেৰে বন্ধুত্ব গঢ়ি তোলে । ইয়াকে সমাকামিতা বোলে ।

প্ৰশ্ন ৩: কৈশোৰকাল কাক বোলে ? কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয় ?

উত্তৰ: সাধাৰণতে ১২ বছৰৰ পৰা ১৮ বছৰলৈকে এই সময়চোৱাক কৈশোৰকাল বোলে । ছোৱালীৰ ক্ষেত্ৰত ঋতুস্ৰাৱ,ল’ৰাৰ ক্ষেত্রত স্বৰভংগ আৰু স্বপ্নদোষৰ  সূত্ৰপাত ইত্যাদি লক্ষণৰদাৰা যৌৱনকাল উপস্থিত হোৱা বুলি থিৰাং কৰিব পাৰি । ল’ৰা-ছোৱালী উভয়ৰে পক্ষে এই কালছোৱা এটি বিশেষ গুৰুত্বপূৰ্ণ কাল ।

কৈশোৰ কালছোৱা জীৱনৰ জটিল তথা সংকটপূৰ্ণ কাল । আমেৰিকাৰ চিন্তাবিদ,ষ্টেনলি হ’লে কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কৈছে । কৈশোৰ অৱস্থা ল’ৰা-ছোৱালীৰ দৈহিক,মানসিক,আৱেগিক জীৱনৰ অভিজ্ঞতা আদিয়ে এনে ধুমুহা আৰু পীড়াৰ সৃষ্টি কৰে ।

প্ৰশ্ন ৪: কৈশোৰকালৰ পাঁচটা দেহ-মানসিক প্ৰয়োজন উল্লেখ কৰা ।

উত্তৰ: কৈশোৰকালৰ পাঁচটা দেহ-মানসিক প্ৰয়োজন তলত দিয়া হ’ল :

(ক) দৈহিক আদৰ-যত্নৰ প্ৰয়োজন : মানৱ শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল হোৱা বাবে দৈহিক আদৰ-যত্নৰ প্ৰয়োজন । শিশুৰ খোৱা-পিন্ধা,স্বাস্থ্য ৰক্ষা আদি সকলো ক্ষেত্ৰতে মাক-দেউতাক বা পৰিয়ালৰ অন্যান্য লোকসকলে যত্ন কৰিব লাগে ।

(খ) খেলা-ধূলাৰ প্ৰয়োজন : খেলাই হৈছে শিশুৰ জীৱন; শিশুৱে বেছিভাগ সময় খেলা-ধূলা কৰিয়েই কটায় । খেলাৰ জৰিয়তে শিশুৰ শাৰীৰিক,মানসিক,বৌদ্ধিক,আৱেগিক আদি দিশৰ উৎকৰ্ষ সাধন হয় ।

(গ) মৰমৰ প্ৰয়োজন : সকলোৰে পৰা পোৱা মৰম ভালপোৱাই শিশুৰ মানসিক আৰু আবেগিক বিকাশত সহায় কৰে । মৰমে সিহঁতক উৎসাহিত আৰু সাহসী কৰি তোলে । মৰমৰ অভাৱত শিশু অপৰাধী ব্যক্তি বা মানসিক ৰোগীত পৰিণত হ’ব পাৰে ।

(ঘ) কৌতুহল পূৰণৰ প্ৰয়োজন : শিশুৱে তাৰ চাৰিওফালৰ পৰিৱেশৰ বিষয়ে জানিবলৈ কৌতুহলী হৈ পৰে আৰু ডাঙৰক বিভিন্ন প্ৰশ্ন সোধে । ডাঙৰে শিশুৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰ দি শিশুৰ কৌতুহল পূৰণ কৰিব লাগে । কাৰণ ই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত সহায় কৰে ।

(ঙ) স্বাধীনতাৰ প্ৰয়োজন : শিশুৱে বেলেগেৰ শাসন আৰু নীতি নিয়মৰ মাজত থাকি ভাল নাপায় । শিশুক  স্বাধীনতা দিব লাগে । মুক্ত পৰিৱেশত শিশুৱে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে ।

প্ৰশ্ন ৫: কৈশোৰকালৰ পাঁচটা দেহ  মানসিক প্ৰয়োজন উল্লেখ কৰা ।

উত্তৰ: কৈশোৰকালৰ পাঁচটা দেহ মানসিক প্ৰয়োজন তলত উল্লেখ কৰা  হ’ল :

(ক) দৈহিক প্ৰয়োজন :  কৈশোৰকালত দৈহিক বিকাশ ক্ষীপ্ৰ হয় । এই সময়ত তেওঁলোকক সুষম আৰু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় । তেওঁলোকৰ নিৰোগী  আৰু সুন্দৰ সুঠাম শৰীৰৰ বাবে শৰীৰ চৰ্চা কৰাৰ প্ৰয়োজন ।

(খ) যৌন প্ৰয়োজন : কৈশোৰকালত  যৌনভাব প্ৰবলভাৱে জাগ্ৰত হয় । সেয়েহে এই প্ৰবৃত্তি সুপথে পৰিচালিত কৰিবলৈ তেওঁলোকক যৌন শিক্ষা দিব লাগে ।

(গ) সামাজিক স্বীকৃতি: কিশোৰ কিশোৰীয়ে প্ৰশংসা, পুৰষ্কাৰ আদিৰ জৰিয়তে সামাজিক স্বীকৃতি বিচাৰে ।                   

(ঘ) স্থাধীনতাৰ প্ৰয়োজন : কিশোৰ কিশোৰীয়ে স্থাধীনতা বিচাৰে ।      সেয়েহে তেওঁলোকক কঠোৰ অনুশাসনৰ মাজত ৰাখিব নালাগে নহ’লে তেওঁলোকে অবাধ্য হ’ব পাৰে ।

(ঙ) সামাজিক নিৰাপত্তাৰ প্ৰয়োজন : তেওঁলোকক সামাজিক নিৰাপত্তাৰ প্ৰয়োজন । তেওঁলোকে সমাজৰ আন  লোকৰ পৰা মৰম- চেনেহ, মনোযোগ আদি বিচাৰে ।

Sl. No.Contents
Chapter 1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Chapter 2মানুহৰ বিকাশৰ স্তৰ
Chapter 3বিদ্যালয় আৰু ইয়াৰ সংগঠন
Chapter 4 (ক)শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ
অধ্যয়নৰ গুৰুত্ব
Chapter 4 (খ)মনোবিজ্ঞান আৰু শিক্ষা
Chapter 5মানসিক জীৱনৰ শাৰীৰিক ভেটি
Chapter 6মানৱ আচৰণৰ ভিত্তি সমূহ আৰু
দিকদৰ্শক
Chapter 7স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু
অসমৰ প্ৰাথমিক শিক্ষা

প্ৰশ্ন ৬: কৈশোৰকালৰ পাঁচটা সমস্যাৰ বিষয়ে লিখা ।

উত্তৰ: কৈশোৰকালৰ সমস্যাবোৰ সমাজৰ বাবেও সমস্যা হৈ দেখা দিয়ে । এই সমস্যাবোৰ হ’ল :

(ক) যৌন সমস্যা : কৈশোৰকালত আচহুৱা যৌন তাড়না জাগ্ৰত হয় আৰু  ভয়, লজ্জা, উদ্বেগ,গোপনীয়তা আদি অসুস্থ মানসিকতা গঢ়ি উঠে । কেতিয়াবা তেওঁলোকে যৌন জীৱনৰ লগত সমাযোজন কৰিব নোৱাৰাৰ ফলত সমস্যাৰ সৃষ্টি হয় ।

(খ) আৱেগিক সমস্যা : কৈশোৰকালত আৱেগ প্ৰৱণ হয় যদিও এইবোৰৰ নিয়ন্ত্ৰণ ক্ষমতা নাথাকে । তেওঁলোকে খুব সহজেই আবেগিক নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰোধান্বিত হৈ পৰে আৰু বিদ্রোহী ভাবো তেওঁলোকৰ মনত সহজেই জাগ্ৰত  হয় ।

(গ) অৱসৰ সময়ৰ সমস্যা : তেওঁলোকৰ অৱসৰ সময় সঠিক ভাবে কটাবৰ বাবে উপযুক্ত শিক্ষা ব্যৱস্থা নোহোৱাৰ  ফলত তেওঁলোকৰ শক্তি সামৰ্থবোৰ অথলে যায় । তেওঁলোকে কেতিয়াবা ইয়াৰ ফলত অসমাজিক কাম-কাজত জড়িত হ’ব পাৰে ।

(ঘ) অপৰাধ প্ৰৱণতাৰ সমস্যা : কৈশোৰকালৰ এটা প্ৰধান সমস্যা হৈছে অপৰাধপ্ৰবনতা । এই সময়ত বিভিন্ন কাৰণত কিছুমানে স্বাভাৱিক পথেদি নগৈ নানা ধৰণৰ অবাঞ্চিত আৰু অসমাজিক কাম কৰি সমাজত সমস্যাৰ সৃষ্টি কৰে ।

(ঙ) শিক্ষা সমস্যা  কৈশোৰকালত  প্ৰদান কৰা মাধ্যমিক স্কুলৰ বৈচিত্ৰ্যহীন পাঠ্যক্ৰমে ল’ৰা- ছোৱালীৰ সৃজনী প্ৰতিভাৰ  স্ফূৰণ হ’বলৈ খুব কমেইহে সুবিধা প্ৰদান কৰে । তেওঁলোকৰ বাবে বৃত্তিমুখী আৰু আজৰি সময়ৰ উপযুক্ত শিক্ষাৰ অভাৱ পৰিলক্ষিত হয় । গতানুগতিক তত্বপ্ৰধান শিক্ষাই তেওঁলোকৰ চাহিদা পূৰণ কৰাত ব্যৰ্থ হয় । এইবাবে স্কুলত কিছুমানে  অমনোযোগিতা আৰু বিৰক্তিৰ ভাব প্ৰকাশ কৰে । ইয়াৰ ফলত শিক্ষা এটা সমস্যা হৈ দেখা দিয়ে ।

প্ৰশ্ন ১০: শৈশৱৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা

উত্তৰ: শৈশৱকালত শিশুৰ  সৰ্বাঙ্গীন  বিকাশ সাধন হয় । শিশুৰ বিকাশ আৰু দেহ মানসিক প্ৰয়োজনবোৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ব্যৱস্থা কৰিব লাগে ।

(ক) শৈশৱকালৰ শিক্ষা ব্যৱস্থা  এনে হ’ব লাগে যাতে ই শিশুৰ সুপ্ত প্ৰতিভা বিকাশ কৰে ।

(খ) খেলা-ধূলা,নাচ-গানে শিশুৰ  শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰে । সেয়েহে এইবোৰৰ প্ৰতিও গুৰুত্ব দিব লাগে ।

(গ) শিশুৰ আশা-আকাংক্ষা, ৰুচি -অভিৰুচি আদি পূৰণ কৰাৰ লগতে এইবোৰ যাতে সুপথি পৰিচালিত হয় তাৰ বাবে যত্ন কৰিব লাগে ।

(ঘ) শিশুক প্ৰথমে মাতৃভাষাত শিক্ষা দিব লাগে ।

(ঙ)শিশুৰ চিন্তা-ভাৱনা,কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে ।

(চ) শিশুৱে এই সময়ত চাৰিওফালৰ পৰিবেশৰ বহুত কথা জানিবলৈ ইচ্ছুক হৈ পৰে । সেয়েহে সিহঁতৰ প্ৰশ্নৰ সঠিক 

উত্তৰ দি সিহঁতৰ কৌতুহল নিবাৰণ কৰিব লাগে । এই প্ৰশ্নবিলাকৰসঠিক উত্তৰৰ মাজেৰে সিহঁতে বহুতো শিক্ষা লাভ কৰে ।

(ছ) শিশুৰ শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে ।

(জ) শিশুক পৰিষ্কাৰ- পৰিচন্নতাৰ  বিষয়ে শিক্ষা দিব লাগে ।

(ঝ) শিক্ষক আৰু অভিভাৱসকলে শিশুৰ যত্ন ভালকৈ ল’ব লাগে যাতে শিশুৰ শাৰীৰিক আৰু মানসিক দিশত উৎকৰ্ষ সাধন হয় ।

প্ৰশ্ন ১১: বাল্যকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ: বাল্যকালৰ বৈশিষ্ট্যবোৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ব্যৱস্থা কৰিব লাগে । বাল্যকাল হৈছে শিক্ষা আহৰণৰ সময়,বাল্যকালত শিক্ষা প্ৰদান কৰোঁতে  নিম্নোক্ত কথাবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে :

(ক) বাল্যকালত কামৰ মাজেদি দিয়া শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে । শিশুক শিক্ষাৰ মাজেদি বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগে ।

(খ) এই সময়ত শিশুৰ সৃজনী প্ৰতিভা  বিকাশৰ বাবে ঘৰ আৰু বিদ্যালয়ে সুযোগ দিব লাগে । শিশুৱে নিজৰ বিচাৰ-বুদ্ধি প্ৰয়োগ কৰি যাতে বিষয়বস্তু আয়ত্ব কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ।

(গ) বাল্যকালত যিবিলাক প্ৰবৃত্তি শক্তিশালী হৈ উঠে তাৰ উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(ঘ) শিশুক এই সময়ত দলগতভাৱে খেলা-ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুযোগ দিব লাগে । ইয়ে তেওঁলোকৰ দৈহিক আৰু সামাজিক বিকাশত সহায় কৰে ।

(ঙ) এই সময়ত  শিশুক স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান দিব লাগে ।

(চ) এইসময়ছোৱাত শিশুৰ বাবে ভ্ৰমণৰ আয়োজন কৰি পাৰিপাৰ্শ্বিক জগতৰ বহু বস্তু বা বিষয়ৰ জ্ঞান দিব লাগে । তেওঁলোকৰ কৌতুহল পূৰণ কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰিব লাগে ।

(ছ) বাল্যকালত সহ শিক্ষাৰ ব্যৱস্থা কৰিলে কোনো সমস্যাৰ সৃষ্টি নহয় কিয়নো বাল্যকালত সমকামিতাৰ ভাব দেখা যায় ।

(জ) ল’ৰা-ছোৱালীক নিজৰ আগ্ৰহ অভিৰুচিমতে শিক্ষা দিব লাগে । শিক্ষকসকলে মৰমেৰে শিক্ষা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিব লাগে ।

প্ৰশ্ন ১২: কৈশোৰকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ: কৈশোৰকালৰ সমস্যা আৰু  প্ৰয়োজনবোৰৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা কৰিব লাগে । কৈশোৰকালৰ শিক্ষা ব্যৱস্থা নিম্নোক্ত ধৰণৰ হ’ব লাগে-

(ক) কৈশোৰ অৱস্থাত শাৰীৰিক শক্তি বৃদ্ধি হয় । সেয়েহে স্কুলত খেলা-ধূলা, ব্যায়াম আদিৰ ব্যৱস্থা থাকিব লাগে আৰু তেওঁলোকৰ শাৰীৰিক স্বাস্থ্য ভালে ৰাখিবলৈ শাৰীৰিক শিক্ষা প্ৰদান কৰিব লাগে ।

(খ) সকলোৰে আগ্রহ,অভিৰুচি,ক্ষমতা আদি ভিন্ন প্ৰকাৰৰ হয় । সেয়েহে তেওঁলোকৰ বাবে নামনীয় আৰু বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে ।

(গ) কৈশোৰকালত প্ৰদান কৰা মাধ্যমিক শিক্ষাত বৃত্তিমূলক বিষয়ৰো সন্নিৱিষ্ট কৰিব লাগে ।

(ঘ) মাধ্যমিক স্কুলত সহ-পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে । অৱসৰৰ সময়ৰ কিদৰে সৎ ব্যৱহাৰ কৰিব পাৰি তাৰ শিক্ষা দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক মন-পচন্দৰ বিষয়ত ব্যস্ত ৰাখিব লাগে ।

(ঙ) মাধ্যমিক বিদ্যালয়ত শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰিব লাগে । ইয়াৰ জৰিয়তে কিশোৰ-কিশোৰীৰ জ্ঞান বৃদ্ধি হোৱাৰ লগতে তেওঁলোকৰ ভ্ৰমণ তৃষ্ণা নিবাৰণ হয় ।

(চ) কৈশোৰকালত মাধ্যমিক বিদ্যালয়ত যৌন শিক্ষাৰ ব্যৱস্থা কৰিব লাগে । ইয়াৰ ফলত যৌন সম্বন্ধীয় সমস্যাবোৰৰ আৰু ভুল ধাৰণাবোৰ আঁতৰ হ’ব ।

(ছ) মাধ্যমিক বিদ্যালয়ত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক,বৃত্তীয় আৰু  ব্যক্তিগত নিৰ্দেশনা দিব লাগে যাতে তেওঁলোকে বিপথে পৰিচালিত নহয় ।

(জ) কিশোৰ-কিশোৰীৰ মনত স্কউট,গাউড,এন.চি.চি. আদিৰ সহায়ত সমাজৰ প্ৰতি নেতৃত্ব,আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব লাগে । তেওঁলোকক নেতৃত্বৰ শিক্ষা দিব লাগে ।

(ঝ)ছাত্ৰ-ছাত্ৰীক ন্যায়,সমতা,বন্ধুত্ব, হ সহযোগিতা আদি গণতান্ত্ৰিক মূলবোধৰ শিক্ষা দিব লাগে । তেওঁলোকক কিছুমান সামাজিক ক্ৰিয়া কলাপত জড়িত কৰি তেওঁলোকৰ মনত সমাজ সচেতনতাৰ মনোভাৱ গঢ়ি তুলিব লাগে ।

(ঙ) কিশোৰ কিশোৰীৰ মাজত বুজাপৰা আৰু সংহতিৰ সৃষ্টি কৰিবৰ কাৰণে জাতীয় সংহতি শিবিৰ,গ্ৰীষ্মকালীন শিবিৰ আদি স্থাপন কৰিব লাগে ।

প্ৰশ্ন ১৩: শিশুৰ বিকাশত গৃহ পৰিবেশৰ প্ৰভাৱৰ বিষয়ে লিখা ।

উত্তৰ: শিশুৰ প্ৰথম পঢ়াশালী হ’ল ঘৰখন । গৃহ পৰিবেশনৰ সুস্থ শিশুৰ সৰ্বাঙ্গীন বিকাশত সহায় কৰে ।

(ক) দৈহিক প্ৰভাৱ : জন্মৰ পিছতে শিশুক সুস্বাস্থ্যৰ বাবে মাতৃ দুগ্ধ পান কৰাব লাগে । তাৰোপৰি শিশুটিৰ দৈহিক আদৰ-যত্ন পৰিয়ালৰ সকলোৱে কৰিব লাগে ।

(খ) আৱেগিক প্ৰভাৱ : গৃহ পৰিবেশত শিশুৰ আবেগিক জীৱন গঢ় লৈ উঠে । পৰিয়ালৰ লোকসকলৰ পৰা পোৱা মৰম আৰু আন্তৰিকতাই শিশুক আৱেগিক নিৰাপত্তা দিয়ে । মৰম-চেনেহ শিশুক আত্মবিশ্বাসী আৰু সাহসী কৰি গঢ়ি তোলে ।

(গ) সাংস্কৃতিক প্ৰভাৱ : সমাজৰ ৰীতি-নীতি,বিশ্বাস,পৰম্পৰা আদি এচাম পুৰুষৰপৰা উত্তৰ পুৰুষলৈ গতি কৰে । সেইদৰে পৰিয়ালৰ ভাষা,ধর্ম, সংস্কৃতি আদি শিশুৱে পিতৃ-মাতৃৰপৰা আয়ত্ব  কৰে ।

(ঘ) বৈষয়িক প্ৰভাৱ : শিশুৰ দেহ-মনৰ উৎকৰ্ষ সাধন কৰিবলৈ হ’লে কিছুমান যাৱতীয় বয়-বস্তু যেনে খোৱা-পিন্ধা,খেলা এইবোৰে সহায় কৰাৰ  উপৰিও বৌদ্ধিক আৰু আৱেগিক বিকাশতো সহায় কৰে ।

(চ) নৈতিক প্ৰভাৱ : শিশুৱে ডাঙৰক দেখি-শুনিয়েই ন্যায়-অন্যায়,উচিত-অনুচিত, পাপ-পূণ্য আদিৰ বিচাৰ কৰে । পৰিয়ালৰ লোকক অনুকৰণ কৰিয়েই শিশুৰ নৈতিক চৰিত্ৰ গঢ় লৈ উঠে । শিশুসকলৰ নৈতিক চেতনা নাথাকে বাবে শিশু বাঢ়ি অহাৰ লগে লগে পিতৃ-মাতৃয়ে শিশুৰ নৈতিক চেতনা জাগ্ৰত কৰিবলৈ শিক্ষা প্ৰদান কৰা উচিত ।

(ছ) অনুশাসনৰ প্ৰভাৱ : মানৱ জীৱনত উন্নতি লাভ কৰিবলৈ হ’লে অনুশাসন ব্যৱস্থা সৰুকালৰে পৰা গঢ়ি তুলিব লাগিব । পৰিয়ালত মানি চলা সময়ানুৱৰ্তীতা,নিয়মানুৱৰ্তিতা,।শৃংখলাৱৰ্তিতা আদিৰ অৱস্থাই শিশুৰ মনত আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তোলে । দৈনন্দিন সকলো কাম সময়মতে কৰা,আচাৰ-ব্যৱহাৰ সুন্দৰ ৰূপত গঢ় দি তোলা আদি স্বভাৱে শিশুক অনুশাসন ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰে । অনুশাসনৰ অবিহনে শিশুৰ আচৰণৰ বিশৃংখলতাই দেখা দিয়ে ।

1 thought on “Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top