Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Join Telegram channel

Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন and select needs one.

Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন Solutions for All Subject, You can practice these here.

বিদ্যালয় আৰু ইয়াৰ সংগঠন

পাঠ: ৩

অতি চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: বিদ্যালয় প্ৰতিষ্ঠানৰ অৰ্থ কি ?

উত্তৰ: স্কুলঘৰ,মাটি,স্কুলৰ আচবাব,অন্য সা-সঁজুলি, মানৱ সম্পদ যেনে-ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু আন কৰ্মকৰ্তাসকলক অন্তৰ্ভুক্ত কৰা এটা বহল শব্দ হৈছে স্কুল প্ৰতিষ্ঠান ।

প্ৰশ্ন ২: “শ্ৰেণীকক্ষতে এখন দেশত ভৱিষ্যত গঢ়ি তোলা হয়”- এই কথাষাৰ কোনে কৈছিল ?

উত্তৰ: কোঠাৰী আয়োগ এই কথাষাৰ কৈছিল ।

প্ৰশ্ন ৩: ইংৰাজী “Curriculum” শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে ।

উত্তৰ: “Curriculum”শব্দটো লেটিন ভাষাৰ “currere”ৰ পৰা উদ্ভৱ হৈছে ।

প্ৰশ্ন ৪: “Currere”শব্দৰ অৰ্থ কি ?

উত্তৰ: “Currere”শব্দৰ অৰ্থ হ’ল অৰ্থাৎ “run” দৌৰ ।

প্ৰশ্ন ৫: প্ৰমূল্যৰ শিক্ষা বুলিলে কি বুজা ?

উত্তৰ: মানুহৰ সামাজিক জীৱন কিছুমান নীতি নিয়মৰ দ্বাৰা পৰিচালিত আৰু অনুপ্ৰাণিত হয় । সমাজত প্ৰচলিত এই নীতি নিয়মসমূহৰ সমষ্টিকে মূল্যবোধ বা প্ৰমূল্য বুলি জনা যায় । প্ৰমূল্য বা মূল্য বোধৰ শিক্ষাই মানুহৰ সামাজিক জীৱনৰ লগত সাঙোৰ খাই থকা মৌলিক নীতি নিয়মসমূহৰ জ্ঞান লাভ কৰাকে বুজায় । সংক্ষেপে প্ৰমূল্য বা মূল্যবোধৰ শিক্ষা মানে মানুহৰ জীৱন প্ৰক্ৰিয়াত প্ৰমূল্যৰ গুৰুত্ব সম্পৰ্কে উপলব্ধি কৰাৰ শিক্ষা ।

প্ৰশ্ন ৬: প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

উত্তৰ: ১৪০ ৰ ওপৰত ।

প্ৰশ্ন ৭: অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

উত্তৰ: ১২০-১৪০

প্ৰশ্ন ৮: উচ্চ বুদ্ধিসম্পন্ন ছাত্র-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

উত্তৰ: ১১০-১২০

প্ৰশ্ন ৯: সাধাৰণ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

উত্তৰ: ৯০-১১০

প্ৰশ্ন ১০: শ্ৰেণীকক্ষৰ আকাৰ কি হোৱা উচিত ?

উত্তৰ: শ্ৰেণীকক্ষৰ আকাৰ আয়তাক্ষেত্ৰৰ দৰে হ’ব লাগে ।

প্ৰশ্ন ১১: ৯০-১১০ ৰ বুদ্ধাংকৰ ভিতৰত কি ধৰণৰ শিক্ষাৰ্থী অন্তৰ্ভুক্ত হয় ?

উত্তৰ: সাধাৰণ বুদ্ধিসম্পন্ন ।

প্ৰশ্ন ১২: বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুটা আচবাবৰ নাম লিখা ?

উত্তৰ: বিজ্ঞানৰ বিভিন্ন আহিলা-পাতি আৰু ৰাসায়নিক পদাৰ্থ ভালদৰে ৰাখিবৰ বাবে আলমাৰি,চেলফ, ৰেক আদি প্ৰয়োজনমতে ৰাখিব লাগে । পৰীক্ষাগাৰৰ ভিতৰতে ক্ৰীণ স্থাপন কৰি শ্লাইড প্ৰদৰ্শণীৰ ব্যৱস্থা লাগে ।

প্ৰশ্ন ১৩: পুথিভঁৰালত দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয় ?

উত্তৰ: পুথিভঁৰালী ।

প্রশ্ন ১৪: শ্ৰেণীকক্ষত প্ৰয়োজন দুবিধ আহিলাৰ নাম লিখা ।

উত্তৰ: শিক্ষাৰ্থীৰ বাবে ডেস্ক-বেঞ্চ আৰু শিক্ষকৰ বাবে চকী-মেজ ।

প্ৰশ্ন ১৫: শ্ৰেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ দৰ্শন সঁজুলিৰ নাম লিখা ।

উত্তৰ: ৰেদিঅ,টেপ-ৰেকৰ্ডাৰ,দূৰদৰ্শন আদি ।

প্ৰশ্ন ১৬: বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা ।

উত্তৰ: বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম হ’ল :

(ক) মাটি বা ভূখণ্ড ।

(খ)বিদ্যালয় গৃহ আৰু খেলপথাৰ ।

(গ)শ্ৰেণীকোঠা ।

প্ৰশ্ন ১৭: বিদ্যালয় প্ৰতিষ্ঠানৰ মানৱ তিনিটাৰ নাম উল্লেখ কৰা ।

উত্তৰ: বিদ্যালয় এখনৰ মানৱ সম্পদ তিনিটা হ’ল ছাত্র, শিক্ষক আৰু স্কুলৰ শিক্ষাৰ লগত জড়িত কৰ্মচাৰী সকল ।

প্ৰশ্ন ১৮: বিদ্যালয়ৰ প্ৰকল্প স্থাপন কৰাৰ সময়ত মাটি নিৰ্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চৰ্ত উল্লেখ কৰা ।

উত্তৰ: বিদ্যালয়ৰ প্রকল্প স্থাপন কৰাৰ সময়ত মাটি নিৰ্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চৰ্ত তলত দিয়া হ’ল :

(ক) স্কুলৰ মাটিখিনি মূল পথৰ একেবাৰে ওচৰত বা দূৰত হ’ব নালাগে ।

(খ)মাটিৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হ’ব লাগে ।

(গ) স্কুলৰ মাটিডোখৰলৈ এটা ভাল পৰিবহণৰ ব্যৱস্থা থাকিব লাগে ।

প্ৰশ্ন ১৯: যিকোনো তিনিপ্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম উল্লেখ কৰা ।

উত্তৰ: যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম হ’ল :

(১) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম ।

(২) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম ।

(৩) অভিজ্ঞতাভিত্তিক পাঠ্যক্ৰম ।

প্ৰশ্ন ২০: স্কুলপ্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা যিকোনো তিনিটা সঁজুলিৰ নাম লিখা ।

উত্তৰ: ব্লেক ব’ৰ্ড,চক পেঞ্চিল,ডেস্ক-বেঞ্চ ।

প্ৰশ্ন ২১: স্কুলগৃহ নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগা তিনিটা কথাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: স্কুলগৃহ নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগা তিনিটা কথা হ’ল :

(১)স্কুলঘৰটোত উপযুক্ত শীত-তাপ,পোহৰ আৰু বায়ু চলাচলৰ ব্যৱস্থা থাকিব লাগে ।

(২) স্কুলৰ নিজা খেলপথাৰ থাকিব   লাগে ।

(৩)স্কুল ঘৰৰ পৰিবেশ স্বাস্থ্যসন্মত হ’ব লাগে আৰু ইয়াত পানীৰ সুব্যৱস্থা থাকিব লাগে ।

প্ৰশ্ন ২২: পাঠ্যক্ৰম পাঁচটা প্ৰকাৰৰ নাম লিখা ।

উত্তৰ: পাঠ্যক্ৰমৰ পাঁচটা প্ৰকাৰৰ হ’ল :

(১)বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম ।

(২) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম ।

(৩)অপৃথকীকৰণ পাঠ্যক্ৰম ।

(৪) বুনিয়াদী শিক্ষা পাঠ্যক্ৰম ।

প্ৰশ্ন ২৩: সহ-পাঠ্যক্ৰমিক কাৰ্যৱলীৰ চাৰিটা প্ৰকাৰ উল্লেখ কৰা ।

উত্তৰ:সহ-পাঠ্যক্ৰমিক কাৰ্যৱলীৰ চাৰিটা প্ৰকাৰ হ’ল :

(১) শাৰীৰিক কাৰ্যৱলী ।

(২) শৈক্ষিক কাৰ্যৱলী ।

(৩) সামাজিক কাৰ্যৱলী ।

(৪) আৱেগিক কাৰ্যৱলী ।

প্ৰশ্ন ২৪: যিকোনো চাৰিটা শাৰীৰিক সহ পথ্যসূচীৰ নাম উল্লেখ কৰা ।

উত্তৰ: শিক্ষাৰ্থীৰ শাৰীৰিক বিকাশ সাধনৰ বাবে খেলা-ধূলা,জাতীয় শিক্ষাৰ্থী বাহিনী,ব্যায়াম আৰু যোগাসন আদি  কৰাৰ সুবিধা প্ৰদান কৰিব লাগে । এইবিলাক শাৰীৰিক সহ পথ্যসূচীৰ অন্তৰ্গত ।

প্ৰশ্ন ২৫: যিবিলাক পাঁচটা শৈক্ষিক সহ-পথ্যসূচী উল্লেখ কৰা ।

উত্তৰ: আবৃত্তি,ৰচনা লিখা,তৰ্ক প্ৰতিযোগিতা,আকস্মিক বক্তৃতা,আৰু কুইজৰ প্ৰতিযোগিতা আদি শৈক্ষিক সহ পথ্যসূচীৰ অন্তৰ্গত ।

প্ৰশ্ন ২৬: যিকোনো পাঁচটা সামাজিক সহ-পথ্যসূচীৰ নাম উল্লেখ কৰা ।

উত্তৰ: এন চি চি (NCC),ৰেড্ ক্ৰছ (Red cross),স্কুলৰ চাফাই কাম,মহামাৰী আৰু বানপানীৰ সময়ত প্ৰাথমিক সাহাৰ্য আৰু সেৱা প্ৰদান কৰে আৰু গ্ৰামোন্নয়নৰ কাৰ্য সম্পাদন কৰা সামাজিক সহ পথ্যসূচীৰ অন্তৰ্গত ।

প্ৰশ্ন ২৭: পাঁচটা আবেগিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা ।

উত্তৰ: গান গোৱা আৰু নৃত্য কৰা,বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা,ছবি অঁকা আৰু হাতেৰে বিভিন্ন বস্তু তৈয়াৰ কৰা আদি আৱেগিক সহ পথ্যসূচীৰ অন্তৰ্গত ।

প্ৰশ্ন ২৮: স্কুল প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা পাঁচ প্ৰকাৰৰ কৰ্মচাৰীৰ নাম উল্লেখ কৰা ।

উত্তৰ: পুথিভঁৰালী,বিজ্ঞান পৰীক্ষাগাৰত এজন কৰ্মচাৰী, এজন চকীদাৰ,কেণ্টিনৰ কৰ্মচাৰী আৰু হোষ্টেলৰ অভিকৰনসমূহ ।

প্ৰশ্ন ২৯: UGC ৰ সম্পূৰ্ণ অৰ্থ কি ?

উত্তৰ: বিশ্ববিদ্যালয় অনুদান আয়োগ ( university Grants Commission)

প্ৰশ্ন ৩০: UGC ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত ?

উত্তৰ: নতুন দিল্লীত ।

প্ৰশ্ন ৩১: কম্পিউটাৰৰ অর্থ লিখা ।

উত্তৰ: কম্পিউটাৰৰ শব্দটো ‘কম্পিউট’ অভিধাটোৰ লগত ঘনিষ্ঠভাৱে জড়িত যাৰ অৰ্থ হ’ল গণনাৰ মাধ্যমেৰে সিদ্ধান্তত উপনীত হোৱা ।

প্ৰশ্ন ৩২: কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰ: চাৰ্লছ বেবেজ নামৰ লোকজনে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল ।

প্ৰশ্ন ৩৩: Website ৰ প্ৰথম পেজটোক কি বুলি জনা যায় ?

উত্তৰ: হোম পেজ ।

প্ৰশ্ন ৩৪: UGC ৰ গঠনটো কি ?

উত্তৰ: এগৰাকী সভাপতি আৰু ৮ গৰাকী সদস্যই বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) পৰিচালনা কৰে ।

প্ৰশ্ন ৩৫: ৱেব চাইট কি ?

উত্তৰ: ৱেব চাইট হ’ল ৱেব পেজৰ সমষ্টি যিবিলাক কোনো সামাজিক সংগঠন, অনুষ্ঠান যেনে বিশ্ববিদ্যালয়,ব্যৱসায়িক কেন্দ্ৰ,লাইব্ৰেৰী, সমাজ কল্যাণমূলক সংস্থাক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়ে আৰু শেহতীয়া তথ্যপাতি অন্তৰ্ভুক্ত কৰি থয় ।

প্ৰশ্ন ৩৬: ৱেব পেজ কি ?

উত্তৰ : ৱেব ছাইট হ’ল ৱেব পেজৰ সমষ্টি । প্ৰত্যেক ৱেব পেজৰ নিজৰ নিজৰ ৱেব পৰিচয় আছে ।

প্ৰশ্ন ৩৭: UGC কিমান চনত স্থাপিত হয় ?

উত্তৰ: ১৯৫৩ চনৰ নৱেম্বৰ মাহত UGC স্থাপিত হৈছিল ।

প্ৰশ্ন ৩৮: NCERT কিমান চনত স্থাপিত কৰা হৈছিল ?

উত্তৰ: ১৯৬১ চনৰ ১ ছেপ্টেম্বৰত NCERT গঠন কৰা হৈছিল ।

প্ৰশ্ন ৩৯: NCERT ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ।

উত্তৰ: নতুন দিল্লীত ।

প্ৰশ্ন ৪০: অসমত NCERT কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ : ১৯৮৫ চনৰ ২৯ মাৰ্চত অসমত NCRT গঠন কৰা হৈছিল ।

প্ৰশ্ন ৪১: তলত উল্লেখ কৰা সমূহৰ সম্পূৰ্ণ গঢ় কেইটা লিখা ।

(ক) NCERT

উত্তৰ: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ ।

(খ) UGC

উত্তৰ: বিশ্ববিদ্যালয় অনুদান আয়োগ ।

(গ) SCERT

উত্তৰ: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ ।

(ঘ) DIET

উত্তৰ: জিলা শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ।

প্ৰশ্ন ৪২: কম্পিউটাৰৰ যিকোনো তিনিটা প্ৰধান অংশৰ নাম লিখা ।

উত্তৰ: কম্পিউটাৰৰ তিনিটা প্ৰধান অংশৰ নাম হ’ল :

(ক) ইনপুট আহিলা ।

(খ) আউটপুট আহিলা ।

(গ)স্মৃতি গেট ।

প্ৰশ্ন ৪৩: কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ: কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য হ’ল :

(ক) কম্পিউটাৰ অতি দ্রুত গতিৰ যন্ত্ৰ ।

(খ) কম্পিউটাৰে একেটা গতিতে অনবৰতে কাম কৰি থাকে ।

(গ) কম্পিউটাৰত অসংখ্য তথ্য সংৰক্ষণ কৰি থব পাৰি ।

প্ৰশ্ন ৪৪: কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা উল্লেখ কৰা ।

উত্তৰ: কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা হ’ল :

(ক) কম্পিউটাৰে নিয়ন্ত্ৰিত পৰিস্থিতিত আৰু বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত শিক্ষণৰ ওপৰত গৱেষণা চলোৱাত  সক্ষম ।

(খ) ই শিক্ষকক নিৰ্দেশনৰ সামগ্ৰীৰ উন্নীত কৰণত সহায় কৰে ।

(গ) ই নিৰ্দেশনাৰ উপায় আৰু লক্ষ্যক ব্যক্তিগতকৰণ কৰে ।

প্ৰশ্ন ৪৫:  E-mail ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ: E-mail ৰ তিনিটা বৈশিষ্ট্য হ’ল :

(১) E-mail ইণ্টাৰনেটৰ দ্বাৰা নিয়ন্ত্ৰিত এক ডাক সেৱা ।

(২) E-mail ৰ জড়িয়তে এটা কম্পিউটাৰৰ পৰা আন এটা বা বহুতো কম্পিউটাৰ লৈ বিভিন্ন সংবাদ প্ৰেৰণ কৰা হয় ।

(৩) E-mail ত কোনো ধৰণৰ ডাক টিকটৰ প্ৰয়োজন নহয় ।

প্ৰশ্ন ৫৬: CD -FROM ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ: CD -FROM তিনিটা বৈশিষ্ট্য হ’ল:

(1) CD-FROM ৰ তথ্য সংৰক্ষণ ক্ষমতা বেছি ।

(2) ইয়াত সংৰক্ষিত কৰি থোৱা তথ্য সমূহ বেয়া হোৱাৰ সম্ভাৱনা কম থাকে ।

(3) ইয়াৰ স্মৃতি সংৰক্ষিত কোনো নিৰ্দেশ মচি পেলাব নোৱাৰি ।

প্রশ্ন ৪৭: Webside ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ: webside ৰ তিনিটা বৈশিষ্ট্য হ’ল:

(১)যিকোনো অনুষ্ঠানে নিজৰ সকলো তথ্য-পাতি আৰু সা-সুবিধাৰ বিষয়ে ৱেবচাইটত উল্লেখ কৰিব পাৰি ।

(২) প্ৰতিটো ৱেবচাইট www ৰে আৰম্ভ হয় ।

(৩)ৱেবচাইটসমূহ ৱেব পেজৰ সমষ্টি,প্ৰতিটো ৱেবচাইটতে একোটা হোম পেজ থাকে ।

প্রশ্ন ৪৮: দুৰালাপ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম লিখা ।

উত্তৰ: দুৰালাপ সন্মিলন ৰ প্ৰকাৰ তিনিটাৰ নাম হ’ল ।

(১)শ্ৰব্য দুৰালাপ সন্মিলন ।

(২) দৃশ্য দুৰালাপ সন্মিলন ।

(৩) কম্পিউটাৰ দুৰালাপ সন্মিলন ।

প্ৰশ্ন ৪৯: শিক্ষা প্ৰযুক্তিৰ তিনিটাব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: শিক্ষণ অভিজ্ঞতাক বাস্তৱত ৰূপ দিবলৈ শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ অতি আৱশ্যক  ।

(১)শিক্ষণৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত কৰি তোলা ।

(২)শিক্ষাৰ্থীৰ মতামত সমূহক শক্তিশালী কৰি তোলা ।

(৩)শিক্ষাৰ্থীৰ অভিজ্ঞতাসমূহ পাঠ্যক্ৰমৰ লগত সম্পৰ্কীত কৰা ।

প্ৰশ্ন ৫০: কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ কি ?

উত্তৰ: কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ হ’ল :

(ক) ইনপুট আহিলা ।

(খ) আউটপুট আহিলা ।

(গ) স্মৃতি গোট ।

প্ৰশ্ন ৫১: NCERT ৰ কামসমূহক তিনিটা বহল ভাগত ভাগ কৰা হৈছে । ভাগকেইটা কি কি ?

উত্তৰ: শিক্ষা পৰামৰ্শদানকাৰী সংস্থা হিচাপে NCERT য়ে তিনিটা প্ৰদান দায়িত্ব পালন কৰিব লাগে । এইকেইটা হৈছে মাধ্যমিক শিক্ষাৰ গৱেষণা, প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ সেৱা ।

প্ৰশ্ন ৫২: NCERT গঠন কৰাৰ তিনিটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰ: NCERT গঠন কৰাৰ তিনিটা প্ৰধান উদ্দেশ্য হ’ল :

(ক) ৰাজ্যৰ শিক্ষাক্ষেত্ৰত থকা সমস্যাবোৰ সমাধান কৰা ।

(খ) শিক্ষাৰ বিভিন্ন বিভাগ সমূহৰ কাম-কাজ এঠাইৰ পৰা পৰিচালনা কৰা ।

(গ) শৈক্ষিক উন্নয়নৰ লগত জড়িত কাম-কাজ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ ব্যৱস্থা কৰা ।

প্ৰশ্ন ৫৩: SCERT ৰ তিনিটা শৈক্ষিক বিভাগৰ নাম উল্লেখ কৰা ।

উত্তৰ: SCERT ৰ তিনিটা শৈক্ষিক বিভাগৰ নাম হ’ল :

(ক) পাঠ্যক্ৰম উন্নয়ন বিভাগ ।

(খ) শিক্ষক প্ৰশিক্ষণ বিভাগ আৰু 

(গ) শিক্ষা গৱেষণা আৰু পৰীক্ষা সংস্কৰণ  বিভাগ ।

প্ৰশ্ন ৫৪: SCERT ৰ প্ৰধান কাম তিনিটাৰ নাম উল্লেখ কৰা ।

উত্তৰ: SCERT ৰ প্ৰধান কাম তিনিটা নাম হ’ল :

(ক) শৈক্ষিক সমস্যা সমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু গৱেষণাত সহায় কৰে ।

(খ) মূল্যায়ন আৰু পৰীক্ষা সংস্কাৰ সাধন কৰা ।

(গ) শিক্ষণ পদ্ধতিৰ উন্নীতকৰণ বিষয়ক আলোচনা চক্ৰ,কৰ্মশালা আদি অনুষ্ঠিত কৰা ।

See Next Page…

1 thought on “Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top