Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব and select needs one.
Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব Solutions for All Subject, You can practice these here…
AHSEC Class 11 Education Solutions – শিক্ষা
11th Class SCERT Solutions for Education gives you an in-depth understanding of all the concepts. Go through the SCERT Solutions for Class IX Education Solutions to be familiar with different kinds of questions. Boost your exam preparation with the study materials provided here.
Sl. No. | Contents | Link |
Chapter 1 | শিক্ষাৰ ধাৰণা আৰু লক্ষ্য | Open |
Chapter 2 | মানুহৰ বিকাশৰ স্তৰ | Open |
Chapter 3 | বিদ্যালয় আৰু ইয়াৰ সংগঠন | Open |
Chapter 4 (ক) | শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব | Open |
Chapter 4 (খ) | মনোবিজ্ঞান আৰু শিক্ষা | Open |
Chapter 5 | মানসিক জীৱনৰ শাৰীৰিক ভেটি | Open |
Chapter 6 | মানৱ আচৰণৰ ভিত্তি সমূহ আৰু দিকদৰ্শক | Open |
Chapter 7 | স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা | Open |
(ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব
পাঠ: ৪ (ক)
অতি চমু প্ৰশ্নোত্তৰ
প্ৰশ্ন ১: শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা ?
উত্তৰ: শিক্ষা মনোবিজ্ঞান হ’ল প্ৰয়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ শিক্ষামনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলি কোৱা হয় ।
প্ৰশ্ন ২: শিক্ষা মনোবিজ্ঞানৰ এটি সংজ্ঞা আগবঢ়োৱা ।
উত্তৰ: পিটাৰ চেণ্ডিফোৰ্চৰ মতে শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা প্ৰক্ৰিয়া গ্ৰহণ কৰি থকা মানৱৰ আচৰণসমূহ, ই বিদ্যালয়ৰ শিক্ষণ পৰিস্থিতি আৰু শিশু সম্বন্ধেহে আলোচনা কৰে ।
প্ৰশ্ন ৩: অন্তদর্শন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ: অন্তদর্শন হ’ল নিজৰ অভিজ্ঞতাৰ প্ৰতি মনোযোগী হোৱা । এই পদ্ধতি মতে আনৰ মন অৱস্থা বিষয়ে অনুসন্ধান কৰিব লাগে । বৰ্তমান মনোবৈজ্ঞানিসকলে এই পদ্ধতি অত্যন্ত ক্ৰুটিপূৰ্ণ আৰু অসম্পূৰ্ণ বুলি মত প্ৰকাশ কৰিছে । কিয়নো অন্তনিৰীক্ষণৰ দ্বাৰা আমি যি মানসিক প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰোঁ সেইবোৰ অতি অস্পষ্ট আৰু অনিদিৰ্ষ্ট ।
প্ৰশ্ন ৪: পেষ্টালজীক কিয় শিক্ষা- মনোবিজ্ঞানৰ পিতৃ বুলি বিবেচনা কৰা হয় ?
উত্তৰ: পেষ্টালজীয়ে শিক্ষাত মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাক দৃঢ়তাৰে প্ৰতিপন্ন কৰি তোলে । তেওঁ শিক্ষকে শিশু মনৰ বিষয়ে জনাৰ ওপৰত গুৰুত্ব দিয়ে । শিশু মনৰ অধ্যয়ন কৰিবৰ বাবে তেওঁ এক বিজ্ঞানভিত্তিক পদ্ধতি আৰু প্ৰৱণতাক গঢ় দি তোলে,যাক শিশু অধ্যাপনা বিদ্যাৰ পদ্ধতি বুলি জনা যায় । ইয়াৰ বাবে পেষ্টালজীক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি বিবেচনা কৰা হয় ।
প্ৰশ্ন ৫: প্ৰক্ষিপ্ত পদ্ধতিৰ সুবিধা আৰু অসুবিধা সম্পৰ্কে লিখা ।
উত্তৰ: প্ৰক্ষিপ্ত পদ্ধতিৰ সুবিধা :
(ক) প্ৰক্ষিপ্ত পদ্ধতিৰ সহায়ত মানসিক ৰোগ চিনাক্ত কৰি তাক নিৰাময় ব্যৱস্থা কৰিব পাৰি ।
(খ) এই পদ্ধতিয়ে ব্যক্তিৰ মনৰ অবদমিত বিষয়বোৰ পোহৰলৈ আনি মনৰ জটিলতা দূৰ কৰাত সহায় কৰে ।
(গ) এই পদ্ধতিৰ সহায়ত এজন লোকৰ ব্যক্তিত্বৰ বিষয়ে সম্পূৰ্ণৰূপে জানিব পাৰি ।
প্ৰক্ষিপ্ত পদ্ধতিৰ অসুবিধা
(ক) এই পদ্ধতি ব্যক্তিধৰ্মী বাবে স্কুলৰ পৰামৰ্শদাতা সকলৰ বাবে ই উপযোগী নহয় ।
(খ) এই পদ্ধতি প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক এজনেহে প্ৰয়োগ কৰিব পাৰে ।
(গ) এই পদ্ধতি সময়-সাপেক্ষে; ইয়াৰ পৰা লাভ কৰা তথ্যসমূহৰ বিশ্লেষণো সহজ নহয় ।
প্ৰশ্ন ৬: এজন শিক্ষকে কিয় শিক্ষাৰ্থী আৰু পাঠ দুয়োৰে বিষয়ে জনা উচিত চমুকৈ লিখা ।
উত্তৰ: প্ৰতিজন শিক্ষকৰ পথনীয় বিষয়বস্তুৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধেও জ্ঞান থকাৰ প্ৰয়োজন কিয়নো তেতিয়াহে এজন শিক্ষকে ফলপ্ৰসুভাৱে শিক্ষাপ্ৰদান কৰিব পাৰে । শিক্ষাৰ্থীজনৰ মানসিকতা সম্বন্ধে জানিলে তেওঁ শিক্ষাৰ্থীজনৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰি শুদ্ধ পথেৰে পৰিচালনা কৰিব পাৰে । শিক্ষকে জন নামৰ ল’ৰাজনক লেটিন ভাষা শিকালে,শিক্ষকে লেটিন জনাৰ লগতে জনকো জনা উচিত ।
প্ৰশ্ন ৭: তলত দিয়া উক্তিকেইটাৰ শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা :
(ক) প্ৰক্ষিপ্ত পদ্ধতিৰ সহায়েৰে ব্যক্তিৰ বাহ্যিক আচৰণ অধ্যয়ন কৰা হয় ।
উত্তৰ: অশুদ্ধ ।
(খ) শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে মনোবিজ্ঞানে,দৰ্শনে নহয় ।
উত্তৰ: শুদ্ধ ।
(গ) শিক্ষামনোবিজ্ঞানে ঘাইকৈ শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন কৰে ।
উত্তৰ: অশুদ্ধ ।
(ঘ) পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সামাজিক যোগ্যতা বিচাৰ কৰিব পাৰি ।
উত্তৰ: অশুদ্ধ ।
(ঙ)শিক্ষা মনোবিজ্ঞান আৰু মনোবিজ্ঞান এবিধ আনবিধৰ পৰিপূৰক ।
উত্তৰ: শুদ্ধ ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
প্ৰশ্ন ১: শিক্ষামনোবিজ্ঞান বুলিলে কি বুজা ? সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ প্ৰভেদ বিচাৰ কৰা ।
উত্তৰ: শিক্ষা মনোবিজ্ঞান হ’ল প্ৰয়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ ।শিক্ষামনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলিও কোৱা হয় । শিক্ষামনোবিজ্ঞানে শিক্ষণ আৰু শিক্ষাদান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো কথায়ে অধ্যয়ন কৰে । এই বিজ্ঞানে শিক্ষাৰ লগত জড়িত সকলোধৰণৰ আচৰণ আৰু ব্যক্তিত্ব সম্পৰ্কে অধ্যয়ন কৰে । শিক্ষামনোবিজ্ঞানৰ লক্ষ্য হ’ল সাধাৰণ মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰি শিক্ষাদান কাৰ্যত শিক্ষকক কৃতকাৰ্য কৰি তোলা । শিক্ষা মনোবিজ্ঞানে শিক্ষা ক্ষেত্ৰত মনোবিজ্ঞানৰ নীতিবোৰৰ কাৰ্যকৰিতা চোৱাৰ, সেইবোৰলৈ পৰীক্ষা কৰাৰ একচেতীয়া অধিকাৰ লাভ কৰিলে ।
সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ পাৰ্থক্য : মনোবিজ্ঞানত ব্যৱহাৰিক, বাস্তৱ আৰু কাৰ্যকৰী দৃষ্টিভঙ্গীযেহে প্ৰধান্য লাভ কৰে । এই ক্ষেত্ৰত ইয়াৰ ক্ৰিয়া-আঁচনিও বিজ্ঞানসন্মত,তথ্যভিত্তিক আৰু প্রত্যক্ষাত্মক হোৱাটো স্বাভাৱিক । ইয়াত অবাস্তব আৰু অবৈজ্ঞানীক পদ্ধতি সমূহ অৱলম্বন কৰা নহয় । সেই হেতুকে মনোবিজ্ঞানক বস্তুনিষ্ঠ মনোবিজ্ঞান বুলি কোৱা হয় । মানুহ আৰু আৱশ্যেক অনুযায়ী জন্তুৰ আচৰণৰো পুঙ্খনাপুঙ্খভাৱে বিশ্লেষণ আৰু অধ্যয়ন কৰি ইয়াত বাস্তৱ অভিজ্ঞতা লাভ কৰিবলৈ চেষ্টা কৰা হয় । মানুহৰ বিভিন্ন দৈহিক আৰু মানসিক অৱস্থা যেনে ক্ষমতা,স্মৃতি শক্তি,যুক্তি, ক্ষমতা, বৃদ্ধি-বৃত্তি,মনোযোগ, চিন্তা,কল্পনা, ব্যক্তিগত পাৰ্থক্য, ব্যক্তিৰ গঠন,বিকাশৰ স্তৰ,পৰিৱেশৰ প্ৰভাৱ,সমষ্টিৰ প্ৰভাৱ আদি নানা বিষয়ৰ বাস্তৱ আৰু প্ৰত্যক্ষ অধ্যয়ন মনোবিজ্ঞানৰ জৰিয়তে কৰা হয় । শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হ’ল শিক্ষা পদ্ধতিত দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ ব্যৱহাৰিক সমাধান সূত্ৰ বাহিৰ কৰি
উপযুক্তভাৱে প্ৰয়োগ কৰা । শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষা ক্ষেত্ৰত ইয়াৰ কাৰ্যকৰী উন্নতি সাধন কৰাত ব্যৱহাৰিক দিশত সহায় কৰে । সেয়েহে ইয়াক ব্যৱহাৰিক বিজ্ঞান বুলিও কোৱা হয় । শিক্ষা মনোবিজ্ঞানে শিক্ষকক
শিক্ষাৰ্থীৰ আচৰণসমূহ বুজি পাঠদান কাৰ্যৰ সংশোধন কৰাত সহায় কৰে । ইয়াৰ পৰিধি হ’ল শিক্ষাৰ্থী,শিক্ষা পদ্ধতি আৰু শিক্ষা-পৰিৱেশ ।
প্ৰশ্ন ২: শিক্ষা মনোবিজ্ঞানৰ এটি সংজ্ঞা আগবঢ়োৱা,শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ: পিটাৰ চেণ্ডিফোৰ্চৰ মতে শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা প্ৰক্ৰিয়া গ্ৰহণ কৰি থকা মানৱৰ আচনৰণসমূহ,ই বিদ্যালয়ৰ শিক্ষণ পৰিস্থিতি আৰু শিশু সম্বন্ধেহে আলোচনা কৰে ।
শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ যথেষ্ঠ গুৰুত্ব আছে । ক্লাচৰুমত শিক্ষকে ছাত্ৰজনক জানি লোৱা শিক্ষকৰ প্ৰথম আৰু প্ৰধান কাম । শিক্ষাবিদ ছাৰ জন আদামচে কৈছে যে শিক্ষক এজনে জন নামৰ ছাত্ৰজনক লেটিন ভাষাৰ পঢ়াবলৈ হ’লে শিক্ষকজনে লেটিন ভাষা জানিলেই নহ’ব । তেওঁ লেটিন ভাষাৰ লগতে ‘জন’ নামৰ ল’ৰাজনকো ভালকৈ জানিব লাগিব । ব্যক্তিগতভাৱে প্ৰত্যেক ছাত্ৰক শিক্ষকে জানিলে তেওঁৰ শিক্ষাদান অধিক কাৰ্যকৰী হয় । মনোবিজ্ঞান অধ্যয়নৰ যোগেদি শিক্ষকে শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰভেদৰ বিষয় আৰু বংশগত স্বভাৱৰ বিষয়ে জানিব পাৰে । পৰিৱেশে শিক্ষাৰ্থীৰ শিক্ষা আৰু স্বভাৱৰ ওপৰত যিদৰে প্ৰভাৱ পেলাব পাৰে সেই বিষয়েও শিক্ষকে শিক্ষা মনোবিজ্ঞানৰ পৰা জানিব পাৰে । বিকাশৰ স্তৰবিলাক আৰু প্ৰত্যেক স্তৰৰ লক্ষণসমূহৰ বিশদ বিৱৰণ পোৱা যায় মনোবিজ্ঞানৰ পৰা । অভিৰুচি,আগ্ৰহ,আবেগিক বিকাশ,বুদ্ধি পৰীক্ষা, অৱচেতন মনৰ জটিলতা, ব্যক্তি আৰু সমষ্টিৰ প্ৰভাৱ,উচ্চ শিক্ষা পদ্ধতি, শিশু অধ্যয়ন আদি বিষয়বিলাকৰ বিষয়ে জানিবলৈ হ’লে প্রত্যেক শিক্ষকে মনোবিজ্ঞান জানিবলৈ লাগিব । এইবিলাকেই হ’ল মনোবিজ্ঞানৰ বিষয়বস্তু । এইবিলাক অধ্যয়নৰ যোগেদি শিক্ষকে ছাত্ৰক ভালদৰে জানিব পাৰে আৰু তাৰ ফলত ব্যক্তিৰ বুদ্ধি,অভিৰুচি আদিৰ ওপৰত ভিত্তি কৰি শিক্ষাদান দিব লাগে । এই শিক্ষা বৈজ্ঞানিক পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত ।
প্ৰশ্ন ৩: শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে লিখা ।
উত্তৰ: প্ৰত্যেক বিষয় বা বিজ্ঞানে একোটা বিশেষ বিভাগ লৈ আলোচনা কৰে । এই বিশেষ বিভাগেই হ’ল তাৰ কাৰ্যক্ষেত্ৰ বা পৰিসৰ । বৰ্তমান শিক্ষা ক্ষেত্ৰত মনোবিজ্ঞানৰ প্ৰয়োগলৈ চাই ইয়াৰ পৰিসৰৰ ব্যাপকতাৰ ধাৰণা কৰিব পাৰি । ছাত্ৰ শিক্ষক আৰু শিক্ষা প্ৰশাসক,শিক্ষা উপদেষ্টা,অভিভাৱক আদি সকলো এই শিক্ষা- মনোবিজ্ঞানৰ লগত জড়িত । থোৰতে কবলৈ হ’লে মানৱ আচৰণৰ শিক্ষা সম্বন্ধীয় সকলো বিষয় আৰু ব্যক্তিয়েই ইয়াৰ কাৰ্যক্ষেত্ৰ আগুৰি আছে । শিক্ষা মনোবিজ্ঞানৰ কাৰ্যক্ষেত্ৰ সম্বন্ধে নিম্ন লিখিত কথা কেইটাৰ বিষয়ে মন কৰিবলগীয়া ।
(ক) ব্যক্তিগত বৈষম্য : শিক্ষাৰ্থীসকলৰ মাজত চৰিত্ৰ আৰু ব্যক্তিত্বৰ ক্ষেত্ৰত নানান প্ৰভেদ আৰু বৈচিত্ৰ্য দেখিবলৈ পোৱা যায় । বুদ্ধিবৃত্তি,অভিৰুচি, ব্যক্তিত্ব ইত্যাদিৰ ক্ষেত্ৰত ব্যক্তিগত পাৰ্থক্যৰ কথা মনোবিজ্ঞানে আঙুলিয়াই দিয়াত বৰ্তমানে শিক্ষাৰ ক্ষেত্ৰত বিষয়বস্তু আৰু শিক্ষা পদ্ধতিৰ বহুতো পৰিৱৰ্তন ঘটিছে ।
(খ) ব্যক্তিত্ব বিকাশৰ বিভিন্ন গতি : মনোবিজ্ঞানৰ নানান গৱেষণা, পৰীক্ষা-নিৰীক্ষাৰ ফলত দেখা গৈছে যে বিভিন্ন ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ গতি বা নিয়ম একে নহয়, বেলেগ বেলেগ । এই সত্যৰ দ্বাৰা শিক্ষণ প্ৰণালী নিয়ন্ত্ৰিত হ’লে ই ব্যক্তিত্বৰ বৈচিত্ৰ্য ৰক্ষা কৰে ।
(গ) গণ-মনোবিজ্ঞান : গণ-মনোবিজ্ঞানৰ বহু নীতি বৰ্তমানে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা গৈছে । কিয়নো শিক্ষাকাৰ্যটি দলীয়ভাৱেহে চলে,ব্যক্তিগত ভাৱে নহয় । এটা শ্ৰেণী শাসন কৰোঁতে শিক্ষকে ঘনাই গণ মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰিবলগীয়া হয় ।
(ঘ) বুদ্ধিৰ প্ৰকৃতি আৰু পৰিমাণ : মানুহৰ বুদ্ধিনো কি সেই বিষয়ে আমাৰ ধাৰণা মনোবিজ্ঞানিক গৱেষণাইহে দৃঢ় কৰিছে । সেই জ্ঞানৰ দ্বাৰা আমি বিভিন্ন বুদ্ধিৰ শিশুক বুজাত আৰু শিক্ষা দিয়াত বৰ্তমানে বহুখিনি সহজ হৈ পৰিছে ।
(ঙ) শিক্ষাকাৰ্যৰ নীতি : শিশুৱে কিছুমান নিয়মৰ দ্বাৰা কোনো কাম শিকে । গতিকে এই নিয়মৰ লগত পৰিচয় ঘটাত বৰ্তমান শিক্ষকশ্ৰেণী বিশেষভাৱে উপকৃত হৈছে ।
(চ) মনোযোগ,মনত ৰখা, পাহৰা : বৰ্তমান শিক্ষাক বিজ্ঞানসন্মত কৰি তোলাত মনোবিজ্ঞানৰ আবিষ্কৃত তথ্যসমূহ যেনে – মনোযোগ দিয়া, মনত ৰখা,পাহৰা ইত্যাদি বিষয়ৰ বিভিন্ন তথ্যই বহুপৰিমানে সহায় কৰিছে ।
(ছ) সহজাত প্ৰবৃত্তি আৰু আৱেগ : শিশুৰ শিক্ষাত সহজাত প্ৰবৃত্তি আৰু আৱেগৰো যে গুৰুত্বপূৰ্ণ ভূমিকা আছে তাত কোনো সন্দেহ নাই । গতিকে শিক্ষকে মনোবিজ্ঞানৰ জ্ঞান আহৰণ কৰি সাৰ্থক শিক্ষাদান কৰিব পাৰে ।
(জ) মনোবিজ্ঞানীভিত্তিক পৰিমাণ :বহু মনোবৈজ্ঞানীক পৰীক্ষাৰ ফলত আমি যি মনোবিজ্ঞানভিত্তিক পৰিমাণ লাভ কৰিছো সেয়ে শিক্ষাৰ দ্ৰুত গতিত আগবঢ়াত বিশেষভাৱে সহায় কৰিছে ।
(ঝ) উন্নত শিক্ষাৰ পদ্ধতি : মনোবিজ্ঞানৰ গভীৰ জ্ঞানে শিক্ষকসকলক নতুন আৰু শিশুৰ উপযোগী শিক্ষাপদ্ধতি উদ্ভাৱন কৰাত পুৰণি ক্ৰটিপূৰ্ণ শিক্ষাপদ্ধতি কাৰ্যকৰী কৰাত বিশেষভাবে সহায় কৰে ।
(ঞ) বংশগতি আৰু পৰিৱেশ : বংশগতি আৰু পৰিৱেশৰ সন্মিলিত প্ৰভাৱে শিশুৰ শিক্ষা আৰু বিকাশ সম্ভৱপৰ কৰি তোলে,এই সম্পৰ্কীয় জ্ঞান আৰু নিৰ্দেশনাও শিক্ষকে মনোবিজ্ঞানৰ পৰাই লাভ কৰে ।
Sl. No. | Contents |
Chapter 1 | শিক্ষাৰ ধাৰণা আৰু লক্ষ্য |
Chapter 2 | মানুহৰ বিকাশৰ স্তৰ |
Chapter 3 | বিদ্যালয় আৰু ইয়াৰ সংগঠন |
Chapter 4 (ক) | শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব |
Chapter 4 (খ) | মনোবিজ্ঞান আৰু শিক্ষা |
Chapter 5 | মানসিক জীৱনৰ শাৰীৰিক ভেটি |
Chapter 6 | মানৱ আচৰণৰ ভিত্তি সমূহ আৰু দিকদৰ্শক |
Chapter 7 | স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা |
প্ৰশ্ন ৪: এজন কৃতী শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয় উক্তিটোৰ বিশেষত্ব ব্যাখ্যা কৰা ।
বা
এজন শিক্ষকৰ বাবে মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন কিয় ? বহলাই লিখা ।
উত্তৰ: এজন শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয় । প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয়ৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধেও জ্ঞানৰ প্ৰয়োজন ।
(ক) শিশু সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে : শিশুৰ অন্তৰ্নিহিত সুপ্ত প্ৰতিভাবোৰৰ বিকাশ সাধনৰ অৰ্থে শিক্ষকৰ শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান থকা প্ৰয়োজন । আৰু ইয়াৰ বাবে শিক্ষকৰ মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন ।
(খ) ব্যক্তিৰ ভিন্নতা : শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ মাজত থকা পাৰ্থক্যৰ কথা পৰিস্ফুট কৰে । শিক্ষাৰ্থীসকলৰ মাজত শাৰীৰিক, মানসিক,আবেগিক বৈশিষ্ট্যৰ ক্ষেত্ৰত পাৰ্থক্য থকাৰ উপৰিও শিক্ষণ ক্ষমতাৰ ওপৰতো পাৰ্থক্য থাকে । ব্যক্তি পাৰ্থক্যৰ দিশতো বিবেচনা কৰি শিক্ষাৰ্থীসকলক উপযুক্ত শিক্ষা প্ৰদান কৰিবলৈ শিক্ষকৰ মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন ।
(গ) বিকাশৰ বৈশিষ্ট্যৰ বিষয়ে জ্ঞাত হ’বলৈ : শিক্ষাৰ্থীৰ বিভিন্ন স্তৰৰ বিকাশৰ শাৰীৰিক,মানসিক আবেগিক বৈশিষ্ট্যসমূহৰ শিক্ষণৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় সেই বিষয়ে শিক্ষক এজনে জনা উচিত । আৰু এই ক্ষেত্ৰত মনোবিজ্ঞানৰ জ্ঞান তেওঁক সহায় কৰে ।
(ঘ) মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে : মানসিক স্বাস্থ্যই শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় । মনোবিজ্ঞানৰ অধ্যয়ন শিক্ষক এজনক মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞান দিব পাৰে ।
(ঙ) শিক্ষণ প্ৰক্ৰিয়াৰ জ্ঞান : শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত শিক্ষা-ব্যৱস্থাৰ সফলতা নিৰ্ভৰ কৰে । মনোবিজ্ঞানে শিক্ষণৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে । শিক্ষক এজনৰ মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন যাতে তেওঁ শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধান কৰিব পাৰে ।
(চ) শ্ৰেণী পৰিৱেশ সম্বন্ধে সজাগতা : সুস্থ শ্ৰেণী পৰিৱেশ শিক্ষাদান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয় । মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক এই বিষয়ে সজাগ কৰে ।
(ছ) উপযুক্ত শিক্ষণ পদ্ধতি প্ৰস্তুতকৰণ : শিক্ষক এজনে বিভিন্ন বয়সৰ ছাত্ৰ- ছাত্ৰীৰ উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰিব লাগে । মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক এজনক উপযুক্ত শিক্ষণ পদ্ধতি সম্বন্ধে জানিবলৈ সক্ষম কৰি তোলে ।
(জ) পৰিমাপকৰণৰ আৰু মূল্যায়ন সাম্যক জ্ঞান : পৰিমাপনৰ দ্বাৰাহে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা চিনাক্তকৰণ কৰি উপযুক্ত শিক্ষা প্ৰদান কৰিব পৰা যায় । শিক্ষক এজনক পৰিমাপন সম্বন্ধে সম্যক জ্ঞান লাভ কৰাত মনোবিজ্ঞানৰ জ্ঞানে সহায় কৰিব । মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক এজনক মূল্যায়ন বিজ্ঞানসন্মত পদ্ধতি প্ৰস্তুত কৰিবলৈ সমৰ্থ কৰি তুলিব ।
প্ৰশ্ন ৫: শিক্ষা- মনোবিজ্ঞান অধ্যয়নৰ কেইটামান পদ্ধতি বিষয়ে লিখা ।
উত্তৰ: শিক্ষা-মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতিৰ বিষয়ে তলত দিয়া হ’ল :
(ক) অন্তৰ্দশন পদ্ধতি : অন্তদর্শন হ’ল নিজৰ অভিজ্ঞতাৰ প্ৰতি মনোযোগী হোৱা । এই পদ্ধতি মতে আনৰ মন আৰু মানসিক ক্ৰিয়াসমূহৰ বাবে জ্ঞান লাভৰ বাবে ব্যক্তিয়ে নিজৰ মন আৰু মানসিক অৱস্থাৰ বিষয়ে অনুসন্ধান কৰিব
লাগে । বৰ্তমান মনোবৈজ্ঞানিকসকলে এই পদ্ধতি অত্যন্ত ক্ৰটিপূৰ্ণ আৰু অসম্পূৰ্ণ বুলি মত প্ৰকাশ কৰিছে । কিয়নো অন্তনিৰীক্ষণৰ দ্বাৰা আমি যি মানসিক প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰোঁ সেইবোৰ অতি অস্পষ্ট আৰু অনিদিৰ্ষ্ট ।
(খ) নিৰীক্ষণ পদ্ধতি : এই পদ্ধতিৰদ্বাৰা শিশু বা ব্যক্তিৰ ভাব-গতি, আচৰণ আৰু কথা-বৰ্তৰা পুঙ্খানুপুঙ্খ ভাৱে নিৰীক্ষণ কৰা হয় । অৱশ্যে নিৰীক্ষণকাৰী অভিজ্ঞ আৰু লগতে সেই সমস্যাসমূহৰ নিৰাময়ৰ ব্যবস্থা কৰিব পাৰি ।
(গ) নৈদানিক পদ্ধতি : ব্যক্তি সমাযোজনৰ আচৰণজনিত সমস্যা অধ্যয়ন কৰাৰ ক্ষেত্ৰত সমাধানতে নৈদানিক পদ্ধতি প্ৰয়োগ কৰা হয় । এই পদ্ধতিৰ প্ৰধান উদ্দেশ্য হৈছে এজন ব্যক্তিৰ এক সমস্যা বিষয়বস্তু হিচাপে লৈ অধ্যয়ন কৰা । এই পদ্ধতি বিজ্ঞানসন্মত বাবে ইয়াৰ পৰা লাভ কৰা তথ্য নিৰ্ভৰযোগ্য বুলি বিবেচনা কৰা হয় ।
(ঘ) পৰীক্ষণ পদ্ধতি : পদাৰ্থ বিদ্যা,ৰসায়নবিদ্যা আদিৰ দৰে বৰ্তমান শিক্ষাত পৰীক্ষণ পদ্ধতি বহুলভাৱে ব্যৱহাৰ হয় । কোনো নিয়ন্ত্ৰিত পৰিৱেশত নিৰ্ণয় কোনো কোনো বিশেষ চৰ্তৰ অধীনত মানসিক কাম বা প্ৰক্ৰিয়াৰ কাৰণ আৰু বিশেষত্ব নিৰ্ণয় কৰাৰ পদ্ধতিয়ে হ’ল পৰীক্ষণ পদ্ধতিৰ মূল কথা ।
(ঙ) ঘটনা বিৱৰণী পদ্ধতি : ঘটনা বিৱৰণী পদ্ধতিত সমস্যাযুক্ত শিশুক অধ্যয়নৰ বিষয়বস্তু হিচাপে লোৱা হয় । বিজ্ঞান সন্মতভাৱে শিশুটিৰ সম্বন্ধে বিভিন্ন তথ্য সংগ্ৰহ আৰু বিশ্লেষনে শিশুসকলৰ সমস্যাসমূহৰ প্ৰকৃত কাৰণ নিৰ্দ্ধাৰণ আৰু নিৰাময় ব্যৱস্থা গ্ৰহণ ক্ষেত্ৰত সহায়কাৰী হয় ।
(চ) সমাজমিতিক পদ্ধতি : এই পদ্ধতিটো ব্যক্তিৰ সামাজিক আচৰণসমূহ অধ্যয়ন ক্ষেত্ৰত প্ৰয়োগ কৰা হয় । এই পদ্ধতিৰ প্ৰয়োগেৰে এজন শিক্ষকে তেওঁৰ শিক্ষাৰ্থীসকলৰ মাজত থকা মনো-সামাজিক সম্বন্ধৰ বিষয়ে জ্ঞাত হ’ব পাৰে ।
(ছ) প্ৰক্ষিপ্ত পদ্ধতি : এই পদ্ধতিয়ে মানৱৰ অচেতন মনৰ বিষয়ে অধ্যয়ন কৰে । এই পদ্ধতিৰ সহায়ত এজন ব্যক্তিয়ে প্ৰদৰ্শন কৰি থকা অস্বাভাৱিক আচৰণৰ অন্তৰালত নিহিত হৈ থকা কাৰণসমূহৰ বহিঃপ্ৰকাশ কৰিবলৈ যত্ন কৰা হয় ।
(জ) পৰিসংখ্যাভিত্তিক পদ্ধতি : বিংশ শতাব্দীৰ শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ পদ্ধতিবোৰৰো অতি ব্যাপকভাৱে প্ৰয়োগ কৰা হয় । ইয়াৰ ফলত শিক্ষাশ্ৰয়ী নামৰ এটি বিজ্ঞান লাহে লাহে গঢ় লৈ উঠিছে ।
প্ৰশ্ন ৬: তলৰ বাক্যসমূহ ব্যাখ্যা কৰা :
(ক) শিক্ষা মনোবিজ্ঞান এবিধ বাস্তৱ ভিত্তিক বিজ্ঞান ।
উত্তৰ: শিক্ষা মনোবিজ্ঞানে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত দেখা দিয়া বিভিন্ন সমস্যা আৰু শিক্ষাৰ্থীৰ অসৰণসমূহ অধ্যয়ন কৰে । ই এবিধ বাস্তৱ ভিত্তিক বিজ্ঞান ।
(খ) শিক্ষা মনোবিজ্ঞান মনোবিজ্ঞানৰ এক প্ৰয়োগিক শাখা ।
উত্তৰ: শিক্ষা মনোবিজ্ঞান প্ৰয়োগিক মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা । এই শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ-শিক্ষাদান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে । ই শিক্ষাক্ষেত্ৰত মনোবৈজ্ঞানিক নীতিসমূহৰ প্ৰয়োগৰ ওপৰত বেছি গুৰুত্ব দিয়ে ।
(গ) শিক্ষা মনোবিজ্ঞানে প্ৰাপ্তবয়স্কসকলৰ আচৰণ নকৰে ।
উত্তৰ: শিক্ষা মনোবিজ্ঞানে প্ৰাপ্তবয়স্কসকলৰ আচৰণ সলনি শিশুসকলৰ আচৰণহে অধ্যয়ন কৰে । পিটাৰ চেণ্ডিফোৰ্ড নামৰ মনোবিদজনৰ মতে শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা প্ৰক্ৰিয়া গ্ৰহণ কৰি থকা মানৱৰ অসৰণসমূহ । সাধাৰণ কথাত ক’বলৈ হ’লে ই প্ৰাপ্তবয়স্কসকলতকৈ কমবয়সীয়ালসকলৰ আৰু বৃহৎ পৰিবেশতকৈ বিদ্যালয়ৰ শিক্ষণ পৰিৱেশৰ লগতহে সম্পর্ক ৰাখে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Nirikhon podhoti kak bule eyar khorbolota aru durbolota likha