Class 11 Education Chapter 4 (খ) মনোবিজ্ঞান আৰু শিক্ষা

Join Telegram channel

Class 11 Education Chapter 4 (খ) মনোবিজ্ঞান আৰু শিক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 4 (খ) মনোবিজ্ঞান আৰু শিক্ষা and select needs one.

Class 11 Education Chapter 4 (খ) মনোবিজ্ঞান আৰু শিক্ষা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 4 (খ) মনোবিজ্ঞান আৰু শিক্ষা Solutions for All Subject, You can practice these here.

(খ) মনোবিজ্ঞান আৰু শিক্ষা

পাঠ: ৪ (খ)

অতি চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: মনোবিজ্ঞান শব্দটোৰ উৎপত্তি সম্পৰ্কে লিখা ।

উত্তৰ: ৰুডলফ্ গোকেল নামৰ লোকজনে মনোবিজ্ঞানৰ প্ৰথমখন কিতাপ ‘চাইকলজীছয়ী’ নামৰ কিতাপখন প্ৰণয়ন কৰিছিল । ইংৰাজী ‘চাইক’লজী’ ( Psychology) বা চাইক’লজীয়া শব্দটো দুটা গ্ৰীক শব্দৰপৰা উৎপত্তি হৈছে । সেই শব্দ দুটা হৈছে ‘চাইকি’ (Psycho) আৰু ল’গজ (Logos) । Psycho ৰ অৰ্থ আত্মা আৰু Logos মানে অধ্যয়ন কৰা । গতিকে উৎপত্তিগত দিশৰ পৰা মনোবিজ্ঞানক আত্মা সম্পৰ্কে অধ্যয়ন কৰা বিষয় বুলি গণ্য কৰা হৈছিল । 

প্ৰশ্ন ২: মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয় ।

উত্তৰ: আমি বিভিন্ন পৰিস্থিতিত যিবিলাক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁ সেয়াই আচৰণ ।

মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয় । বিখ্যাত মনোবিদ মেকডুগেল আৰু বাটচলে মনোবিজ্ঞানক প্ৰধানকৈ আচৰণৰ বিজ্ঞান বুলি অভিহিত   কৰিছিল । মেকডুগেলৰ মতে মনোবিজ্ঞান হ’ল মানৱ আচৰণ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞান । 

প্ৰশ্ন ৩: মনোবিজ্ঞানৰ পৰিসৰ যতেষ্ট ব্যাপক – উক্তিটিৰ যথাৰ্থতা বিচাৰ কৰা ।

উত্তৰ: মনোবিজ্ঞানে মানৱ আচৰণ আৰু সেই আচৰণসমূহৰ উৎপত্তিৰ কাৰণসমূহ বিচাৰ কৰে । মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে সংবোধন লাভ,মনোযোগ,মনৰ ইচ্ছা,অনুভূতি,কল্পনা আদিৰ বিষয়ে আলোচনা কৰে বুলি ষ্টাউটে মনত প্ৰকাশ কৰে ।মনোবিদকলৰ মতে মানুহৰ সজ্ঞান মন তিনিটা উপাদানেৰে গঠিত । সেইকেইটা হৈছে জ্ঞান,অনুভূতি আৰু ইচ্ছা, এই কেইটাক যথাক্ৰমে সংজ্ঞান,ক্ৰিয়া বৃত্তি আৰু অনুভূতি বা আবেগিক দিশ বুলিও কোৱা হয় । মনোবিজ্ঞানৰ পৰিসৰ সজ্ঞান মনৰ দিশসমূহক অন্তৰ্ভুক্ত কৰা হয় ।

মানুহৰ সজ্ঞান মনৰ দৰেই নিৰ্জ্ঞান মনে মানৱ আচৰণৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় । সেয়েহে মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত সজ্ঞান মনৰ উপৰিও নিৰ্জ্ঞান মনৰ বিভিন্ন দিশো অধ্যয়ন কৰা হয় । মনোবিজ্ঞানৰ পৰিসৰ দিনে দিনে বাঢ়ি গৈ আছে ।

প্ৰশ্ন ৪: মনোবিজ্ঞানৰ দুটা শাখাৰ নাম লিখা আৰু সেই দুটা বৰ্ণনা কৰা ।

উত্তৰ: (ক) জৈৱিক বা শাৰীৰিক মনোবিজ্ঞান আৰু

(খ) শিশু    মনোবিজ্ঞান ।

(ক) জৈৱিক বা শাৰীৰিক মনোবিজ্ঞান : এইবিধ শাখাই মানুহৰ শাৰীৰৰ বিভিন্ন অঙ্গ প্ৰত্যঙ্গসমূহৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে । মনোবিজ্ঞানত মানৱ শৰীৰৰ লগতে শৰীৰিক ক্ৰিয়া আৰু মনৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা    প্ৰয়োজন ।

(খ) শিশু মনোবিজ্ঞান :শিশু মনোবিজ্ঞানে প্ৰধানকৈ শিশুৰ আচৰণজনিত বৈশিষ্ট্য আৰু  বিকাশৰ সম্বন্ধে আলোচনা কৰে । ই মনোবিজ্ঞানৰ এক বৃহৎ শাখাৰূপে পৰিগণিত হৈ শিশু শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

প্ৰশ্ন ৫: মনোবিজ্ঞানৰ বিভিন্ন ধাৰণাৰ ভিতৰত কোনটো তোমাৰ গ্রহণযোগ্য আৰু কিয় ?

উত্তৰ: মনোবিজ্ঞান হৈছে ঘাইকৈ আচৰণৰ বিজ্ঞান এই মতবাদটো মোৰ গ্ৰহণযোগ্য ।

প্ৰশ্ন ৬: বস্তুনিষ্ঠ প্ৰশ্ন :

তলত দিয়া বাক্যসমূহৰ বিপৰীতে ‘সত্য’ বা ‘অসত্য’ লিখি উত্তৰ দিয়া :

(ক) মনোবিজ্ঞান এবিধ ইতিবাচক  বিজ্ঞান ।

(খ) মনোবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ কৰে ।

উত্তৰ: অসত্য ।

(গ) মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বোলা হয় ।

উত্তৰ: সত্য

(ঘ) শিশু মনোবিজ্ঞানে কৈশোৰৰ আচৰণ অধ্যয়ন কৰে ।

উত্তৰ: অসত্য 

(ঙ)মনোবিজ্ঞানত গৱেষণাৰগাৰৰ পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন নাই ।

উত্তৰ: সত্য

(চ) শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একেধৰণৰ ।

উত্তৰ: অসত্য

প্ৰশ্ন ৭: তলত দিয়া উক্তিসমূহৰ শুদ্ধ আৰু অশুদ্ধতা বিচাৰ কৰা :

(ক) শিক্ষাৰ তত্বসমূহৰ নিৰ্ধাৰণত মনোবিজ্ঞানে সহায় কৰে ।

উত্তৰ: শুদ্ধ ।

(খ) শিক্ষা আৰু মনোবিজ্ঞান,ইটো-সিটোৰ পৰিপন্থী ।

উত্তৰ: অশুদ্ধ ।

(গ) মনোবিজ্ঞানে কেৱল মনৰ সচেতন দিশটো অধ্যয়ন কৰে ।

উত্তৰ: অশুদ্ধ ।

(ঘ) শ্ৰেণীকোঠাৰ পৰিৱেশৰ লগত মনোবিজ্ঞানৰ সম্বন্ধ নাই ।

উত্তৰ: অশুদ্ধ ।

(ঙ)মনোবিজ্ঞানে অস্বাভাৱিক আচৰণ সম্বন্ধে আলোচনা নকৰে ।

উত্তৰ: অশুদ্ধ ।

(চ) মনোবিজ্ঞানৰ পৰিসৰ সীমিত ।

উত্তৰ: অশুদ্ধ ।

প্ৰশ্ন ৮: প্ৰথম স্তৰ লগত দ্বিতীয় স্তম্ভৰ উক্তি ৰিজোৱা :

(ক) মনোবিজ্ঞানে শিক্ষকক

উত্তৰ: পৰামৰ্শদান কাৰ্যত সহায় কৰে ।

(খ) শিক্ষামনোবিজ্ঞান এটি

উত্তৰ: ব্যৱহাৰিক মনোবিজ্ঞানৰ এটি  শাখা ।

(গ) নৈদানিক মনোবিজ্ঞানে 

উত্তৰ: মানসিক বিকাশ সম্বন্ধে বুজাত সহায় কৰে ।

(ঘ) ১৮ শ শতিকাত মনোবিজ্ঞানক 

উত্তৰ: মনৰ বিজ্ঞান বোলা হৈছিল ।

(ঙ) মানৱ অভিজ্ঞতাসমূহ

উত্তৰ: স্বাভাৱতে ব্যক্তিকেন্দ্ৰিক ।

Sl. No.Contents
Chapter 1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Chapter 2মানুহৰ বিকাশৰ স্তৰ
Chapter 3বিদ্যালয় আৰু ইয়াৰ সংগঠন
Chapter 4 (ক)শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ
অধ্যয়নৰ গুৰুত্ব
Chapter 4 (খ)মনোবিজ্ঞান আৰু শিক্ষা
Chapter 5মানসিক জীৱনৰ শাৰীৰিক ভেটি
Chapter 6মানৱ আচৰণৰ ভিত্তি সমূহ আৰু
দিকদৰ্শক
Chapter 7স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু
অসমৰ প্ৰাথমিক শিক্ষা

 ৰচনাধৰ্মী প্ৰশ্নোত্তৰ 

প্ৰশ্ন ১: অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ ধাৰণাৰ পৰিৱৰ্তন এক চমু ইতিহাস দাঙি ধৰে ।

উত্তৰ: মনোবিজ্ঞান হ’ল মানুহৰ মনৰ আৰু আত্মাৰ বিজ্ঞান । মনোবিজ্ঞান নিতান্ত তৰুণ হ’লেও ইয়াৰ বিষয়ে আলোচনা পূৰ্বৰে পৰা চলি আহিছে । গ্ৰীক পণ্ডিত এৰিষ্ট’টলে প্ৰথম পাশ্চাত্য দেশত মনোবিদ্যা প্ৰৱৰ্তন  কৰে ।

 ইংৰাজী ‘Paychology’ শব্দটোৰ প্রতিশব্দ মনোবিদ্যা । Pcychlogy শব্দটো গ্ৰীক Psycho অৰ্থাৎ আত্মা আৰু  Logos অৰ্থাৎ বিজ্ঞান এই দুটা শব্দলৈ গঠিত হৈছে । গতিকে ইংৰাজী Pchchology শব্দৰ বুৎপত্তিগত অৰ্থ হ’ল আত্মাৰ শাস্ত্ৰ বা বিজ্ঞান । সেয়ে প্ৰথম অৱস্থাত আত্মা বিষয়ক আলোচনাক মনোবিজ্ঞান সংজ্ঞা দিয়া হৈছিল । পুৰণি গ্ৰীক পণ্ডিতসকলৰ এই মত মানি লোৱা নহ’ল কাৰণ আত্মাৰ কোনো স্থিতি নাই । ১৮ শ শতিকাৰ এচাম মনোবিদে,আন এটি ধাৰণা দাঙি ধৰিছিল ।তেওঁলোকৰ মতে মনোবিজ্ঞান হৈছে মনৰ বিজ্ঞান । কিন্তু এই মতবাদও সমৰ্থনযোগ্য নহয় বুলি বহু সমালোচকেও মত প্ৰকাশ কৰিলে । কিয়নো আত্মাৰ দৰেই মনৰ প্ৰকৃতি লৈ নানা সন্দেহ আৰু বাক বিতণ্ডাৰ সৃষ্টি হ’ল ।

মধ্যযুগৰ শেষত ডেকাটে (Descarte) নামৰ এগৰাকী মনীষীয়ে জড় আৰু চেতনা সম্পৰ্কে তেওঁৰ পৰীক্ষাৰদ্বাৰা দেখুৱালে যে মনৰ প্ৰধান ধৰ্ম হ’ল   চেতনা । গতিকে তেওঁৰ মত মনোবিজ্ঞান হ’ল চেতন মনৰ পৰ্যাবেক্ষণ । কালক্ৰমত এই মতবাদো সমালোচনাৰ সন্মূখীন হ’বলগীয়াত পৰিল । এই দল সমালোচকৰ মত মন গঠিত হৈছে চেতন,অৰ্দ্ধচেতন আৰু অচেতন এই তিনিটা স্তৰ লৈ । গতিকে অকল চেতন মনৰ প্ৰক্ৰিয়াই মনোবিজ্ঞানৰ বিষয়বস্তু হ’ব নোৱাৰে । গতিকে মনোবিজ্ঞান হ’ল মানুহৰ বৰ্হিব্যৱহাৰৰ পৰ্যাবেক্ষণ । কুৰি শতিকাৰ আগভাগৰ বিখ্যাত দাৰ্শনিক আৰু মনোবিদ ফ্ৰয়ডে অবচেতন মন আৰু ইয়াৰ দ্বাৰা পৰিচালিত ক্ৰিয়া আচৰণ আদি অধ্যয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল ।

আধুনিক যুগত মনোবিজ্ঞানক একবিজ্ঞান হিচাপে বিবেচনা কৰা হৈছে ভিন ভিন পৰিস্থিতিত মানসিক প্ৰক্ৰিয়া,অভিজ্ঞতা আৰু আচৰণ অধ্যয়ন কৰে । ১৯ শ শতিকাৰ পৰাহে মনোবিদসকলে মন সম্পৰ্কীয় বিষয়বিলাকৰ এক বিজ্ঞানসন্মত অধ্যয়ন আৰম্ভ কৰিছিল ।

মনোবিজ্ঞানৰ আধুনিক ধাৰণাত মনোবিদসকলে তিনিটা শব্দৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যেনে মানসিক প্ৰক্ৰিয়া,অভিজ্ঞতা আৰু আচৰণ । মনোবিজ্ঞান হ’ল এনে এবিধ বিজ্ঞান যি ভিন ভিন পৰিপ্ৰেক্ষিতত মানৱৰ মানসিক প্ৰক্ৰিয়া, অভিজ্ঞতা আৰু আচৰণ অধ্যয়ন কৰে । 

বিখ্যাত মনোবিদ মেকডুগেল আৰু ৱাটচনে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি ঘাইকৈ অভিহিত কৰিছিল । মেকডুগেলৰ মতে মনোবিজ্ঞান হ’ল মানৱ আচৰণ অধ্যয়ন প্ৰত্যক্ষ বিজ্ঞান ।

প্ৰশ্ন ২: মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা ।

উত্তৰ: মনোবিজ্ঞানে মানৱ আচৰণ আৰু সেই আচৰণসমূহৰ উৎপত্তিৰ কাৰণসমূহ বিচাৰ কৰে । মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে সংবোধন লাভ,মনোযোগ,মনৰ ইচ্ছা, অনুভূতি, কল্পনা আদিৰ বিষয়ে আলোচনা কৰে বুলি ষ্টাউটে মত প্ৰকাশ কৰে । মনোবিদকলৰ মতে মানুহৰ সজ্ঞান মন তিনিটা উপাদানেৰে গঠিত । সেইকেইটা হৈছে জ্ঞান,অনুভূতি আৰু ইচ্ছা,এই কেইটাক যথাক্ৰমে সংজ্ঞান,ক্ৰিয়া বৃত্তি আৰু অনুভূতি বা আবেগিক দিশ বুলিও কোৱা হয় । মনোবিজ্ঞানৰ পৰিসৰ সজ্ঞান মনৰ দিশসমূহক অন্তৰ্ভুক্ত কৰা হয় ।

মানুহৰ সজ্ঞান মনৰ দৰেই নিৰ্জ্ঞান মনে মানৱ আচৰণৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় । সেয়েহে মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত সজ্ঞান মনৰ উপৰিও নিৰ্জ্ঞান মনৰ বিভিন্ন দিশো অধ্যয়ন কৰা হয় । মনোবিজ্ঞানৰ পৰিসৰ দিনে দিনে বাঢ়ি গৈ আছে ।

প্ৰশ্ন ৩: ‘শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক বিৰোধী নহয়’- উক্তিটোৰ ব্যাখ্যা দাঙি ধৰা ।

উত্তৰ: শিক্ষাৰ প্ৰধানত তিনিটা ফাল আছে,সেইকেইটা হ’ল -(ক) শিক্ষাৰ লক্ষ্য, (খ) শিক্ষা পদ্ধতি, (গ) শিক্ষাৰ বিষয়বস্তু । এই প্ৰতিটো বিষয়ৰে সৈতে শিক্ষা আৰু মনোবিজ্ঞান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে । যেনে – (ক)দেহ আৰু মনৰ পৰিপূৰ্ণ বিকাশক যদি শিক্ষাৰ লক্ষ্য হিচাপে ধৰা হয়, তেন্তে সেই লক্ষ্যত উপনীত হ’বলৈ হ’লে মনোবিজ্ঞানৰ জ্ঞান অত্যন্ত প্ৰয়োজন । কিয়নো শিক্ষাদান আৰু গ্ৰহণকাৰ্য কোনো নিষ্ক্ৰিয় পদাৰ্থৰ ভিতৰত আবদ্ধ নহৈ জীৱন্ত মানৱৰ ভিতৰতহে হয় । গতিকে দেখা যায়, শিক্ষাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে মনোবিজ্ঞানৰ জ্ঞান অত্যন্ত প্ৰয়োজন ।

(খ) মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক নিজৰ মনৰ প্ৰক্ৰিয়া বুজাত সহায় কৰে । নিজৰ মনৰ লগত পৰিচয় নাথাকিলে আনৰ মন বুজাতো অসম্ভব । কিন্তু মনোবিজ্ঞানে শিক্ষকক নিজকে বুজাত আৰু শিক্ষাৰ্থীৰো মন বুজাত সহায় কৰে । শিক্ষাদান আৰু শিক্ষাগ্ৰহণ কাৰ্যত মনোবিজ্ঞানৰ জ্ঞান শিক্ষকৰ প্ৰধান   সম্বল ।

(গ) শিশুৰ মনৰ বিভিন্ন প্ৰক্ৰিয়া আৰু সেইবোৰৰ ক্ৰমবিকাশ,শিশু চৰিত্ৰ প্ৰধান বৈশিষ্ট্য ইত্যাদিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাত মনোবিজ্ঞানে শিক্ষকক সহায়  কৰে ।

(ঘ) শিক্ষাৰ্থীৰ ব্যক্তিগত পাৰ্থক্য,ৰুচি, অভিৰুচি, ব্যক্তিৰ ওপৰত অন্য ব্যক্তি আৰু সমাজৰ প্ৰভাৱ ইত্যাদি সম্পৰ্কে সুস্পষ্ট ধাৰণা দিয়াত মনোবিজ্ঞানৰ তথ্য আৰু সূত্ৰবোৰে বিশেষ সহায় আগবঢ়ায় ।

(ঙ) শিক্ষাৰ বিভিন্ন বৈজ্ঞানিক প্ৰণালী আৰু তথ্যৰ বিষয়ে নানা বহুমূলীয়া নিৰ্দেশ ফল প্ৰসুভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো মনোবিজ্ঞানে সহায় আগবঢ়ায় ।

(চ) শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিৰ ওপৰত সমষ্টিৰ আৰু সমষ্টিৰ ওপৰত ব্যক্তিৰ প্ৰভাৱে কেনেকৈ কাম কৰে, সেই সম্পৰ্কে প্ৰয়োজনীয় জ্ঞানো মনোবিজ্ঞানৰ সহায়ত পাব পাৰি ।

(ছ) শিক্ষাৰ্থীৰ আৱেগিক আচৰণে বহুত সময়ত শিক্ষানুষ্ঠানত সমস্যাৰ সৃষ্টি কৰে । এই ক্ষেত্ৰত মনোবিজ্ঞানৰ লগত পৰিচয় থাকিলে শিক্ষক বিশেষভাৱে উপকৃত হোৱা দেখা যায় ।

(জ) শিক্ষাপদ্ধতিৰ ক্ষেত্ৰতো মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগৰ প্ৰয়োজন আছে ।

(ঝ) শিক্ষাৰ্থীক শিক্ষণৰ বাবে প্ৰণোদিত কৰিব নোৱাৰিলে শিক্ষণ সফল হ’ব নোৱাৰে; আৰু শিক্ষাৰ্থীক প্ৰণোদিত কৰাৰ কৌশল মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক দিয়ে ।

(ঞ) শৈক্ষিক মূল্যায়নৰ মনোবৈজ্ঞানিক পদ্ধতি সম্পৰ্কে সম্যক জ্ঞান লাভ কৰাত আৰু এই জ্ঞান প্ৰয়োগৰ ক্ষেত্ৰত মনোবিজ্ঞানে শিক্ষক আৰু প্ৰশাসক তথা পৰীক্ষকক কাৰ্যকৰী কৰাত সহায় আগবঢ়ায় ।

গতিকে ওপৰৰ আলোচনাৰ পৰা আমি এইটো ক’ব পাৰো যে শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক,পৰস্পৰ বিৰোধী নহয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top